অন্যযুগ/


পণ্ডিতপ্ৰৱৰ ড° দিলীপ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

 ৰঞ্জন ভট্টাচাৰ্য্য


 দিলীপ বৰুৱা ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক পৰ্যায়ৰ বিদ্বানসকলৰ মাজত এটা চিনাকি নাম৷ যোৱা শতিকাৰ ষষ্ঠ দশকতে শ্যেফিল্ড্ বিশ্ববিদ্যালয়ৰ পৰা মানৱতাবাদী বিপ্লৱী লেখক, চিন্তাবিদ এড্ৱাৰ্ড কাৰ্পেণ্টাৰৰ সাহিত্যৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা  দিলীপ বৰুৱা আছিল বেনাৰস বিশ্বিদ্যালয় আৰু লীড্ছ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ শ্বিলঙৰ ছেইণ্ট্ এন্থনীজ্ কলেজ, কটন কলেজ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপনাৰ সেৱা আগবঢ়োৱা  বৰুৱাই দীৰ্ঘকাল বৰ্ধমান বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰে৷ ৰামধেনু আলোচনীৰ সময়ৰে পৰা তিনিটা দিশেৰে  বৰুৱাই মৃত্যু পৰ্যন্ত অসমীয়া সাহিত্যৰ চৰ্চা অব্যাহত ৰাখিছিল— এজন প্ৰতিভাশালী কবি (‘অবান্তৰ তেওঁৰ কাব্যপুথি), এজন দক্ষ অনুবাদক (‘ছন পৰা মাটি’) আৰু এজন সূক্ষ্মদৰ্শী সাহিত্য সমালোচকৰূপে (কবিতাৰ ভৱিষ্যত : পঞ্চদশকৰ সাহিত্যৰ পৰম্পৰা) তেওঁৰ সাধনা অব্যাহত আছিল৷ আৰম্ভণি‍ৰে পৰা ছপাৰূপত ওলোৱা অন্যয়ুগ আলোচনীখনৰ প্ৰতি  বৰুৱা ছাৰৰ সদ্ভাৱ আছিল৷ তেখেতৰ কেবাটাও প্ৰবন্ধ অন্যযুগত প্ৰকাশ পাইছিল৷ যোৰহাটত তেওঁৰ দৰে ব্যক্তিজনে অন্যযুগ প্ৰকাশ হোৱালৈ বাট চাই থকা কথাটো মোৰ বাবে তাৎপৰ্যপূৰ্ণ আছিল৷ অসমপ্ৰেম বুকুতে বান্ধি দেশে-বিদেশে কটাই পুনৰ অসমলৈ ঘূৰি আহি অসমৰ মাটিতে পঞ্চভূতত বিলীন হ  বৰুৱা৷ কিন্তু যিদৰে  বৰুৱাৰ সাহিত্যৰ বিষয়ে চৰ্চা হব লাগিছিল, যিদৰে অসমীয়া সাহিত্যজগতৰ পৰা স্বীকৃতি পাব লাগিছিল, সেয়া হৈ নুঠিল৷  দিলীপ বৰুৱা কোনোদিন কোনো ধৰণৰ স্বীকৃতি বঁটা-বাহনৰ প্ৰতি লালায়িত নাছিল৷ সাহিত্য তেওঁৰ বাবে বিলাস নাছিল, সাধনা আছিল৷

দেশ বিদেশত অসমীয়া ভাষা-সাহিত্য সম্পৰ্কে তেখেতে আগ বঢ়োৱা বক্তৃতাসমূহ আৰু অসমীয়া তথা ইংৰাজী ভাষাত লিখা লেখাসমূহৰ প্ৰসংগ এতিয়াও চৰ্চাৰ বিষয়৷

দীৰ্ঘদিন  দিলীপ বৰুৱাৰ অনুগামী পঢ়ুৱৈ‍ হিচাপে তেখেতৰ লগত আমাৰ ঘনিষ্ঠতা গঢ় লৈ উঠিছিল৷ এই ঋষিতুল্য ব্যক্তিত্ব, সদা ইতিবাচক দৃষ্টিভংগীৰ ব্যক্তিত্বৰ পৰশত সমৃদ্ধ হৈছিলোঁ৷ অকলশৰীয়া অৱস্থাত শেষ বয়সত আপোন এজনৰ দৰে তেখেতৰ সৈতে ঘণ্টাৰ পাছত ঘণ্টা ধৰি হোৱা বিভিন্ন কথা-বতৰাই আমাক সদায় তেখেতৰ অনুপস্থিতিৰ কথা সোঁৱৰাই থাকিব৷

 দিলীপ বৰুৱাৰ মৃত্যুৰ পাছত অসমৰ বাতৰিকাকত, আলোচনী, বৈদ্যুতিন মাধ্যম আদিত বৰুৱাৰ বিষয়ে বিভিন্ন চৰ্চা হোৱা দেখি সুখী হৈছোঁ৷ আশা কৰোঁ, এই চৰ্চা যাতে ক্ষন্তেকৰ আৱেগ হৈয়ে নৰয়৷  বৰুৱাৰ সাহিত্যকৃতিৰ বিষয়ে গৱেষণাপ্ৰসূত চিন্তা-চৰ্চা আগ বাঢ়ক৷ স্বৰাজোত্তৰ অসমীয়া সাহিত্যৰ ইতিহাস  দিলীপ বৰুৱাৰ সাহিত্যৰাজি আলোচনাৰ অবিহনে অসম্পূৰ্ণ বুলি ন দি কব পাৰি৷

ছাৰৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধাৰ অঞ্জলি জ্ঞাপন কৰিলোঁ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ