অন্যযুগ/
দেহিনোহস্মিন্
পৰী পাৰবীন
এইমাত্ৰ মোৰ মৃত্যু হ’ল। পাল্ছ অ’ক্সিমিটাৰ যন্ত্ৰটোৱে মোৰ মৃত হৃদয়ক ধৰা পেলালে। মনিটৰৰ
সমান্তৰাল গ্ৰাফডালেমোৰ মৃত্যুৰ সংকেত দিলে। সংকেত শুনি মোৰ
তত্ত্বাৱধানত থকা ডাক্তৰ-নাৰ্ছসকল ব্যতিব্যস্ত হৈ পৰিল। অক্সিজেন পাম্প কৰি কৰিও তেওঁলোকে
মোৰ মৃত হৃদয় জীয়াই তুলিব নোৱাৰিলে। অৱশেষত মোৰ মেল খাই থকা চকু দুটা বন্ধ কৰি ডাক্তৰে
ঘোষণা কৰিলে— ‘‘হি ইজ ন’ ম’ৰ।’’
মোৰ পত্নীয়ে খবৰটো পোৱা মাত্ৰকে হয়তো মোৰ
গাৰ ওপৰত পৰি হিঁয়ালি-জিয়ালিকৈ কান্দি উঠিব। ঘৰৰ পৰা আঁতৰত পঢ়ি থকা পুত্ৰদ্বয়লৈ খবৰ
পঠিওৱাৰ লগে লগে বিমানৰ টিকট বুক কৰি পেলাব। কোনোবাই ততাতৈয়াকৈ মোৰ মৃতদেহটো কঢ়িয়াবলৈ
এম্বুলেঞ্চ্ এখন যোগাৰ কৰিব। ষ্ট্ৰেচাৰত মোৰ শৱদেহটো আনি এম্বুলেঞ্চৰ দীঘল আসনখনত তুলি দিয়া হ’ব।
এম্বুলেঞ্চে মোৰ শৱটো কঢ়িয়াই নি মোৰ ঘৰৰ সেই দীঘল পদূলিত
ৰাখিব, য’ত
অগণন মানুহে মোৰ শৰীৰটোৰ শেষ দৰ্শন পাবলৈ অপেক্ষা কৰি থাকিব। সাংবাদিক আৰু কেমেৰামেনে
বিভিন্ন কৌণিক অৱস্থানৰ পৰা মোৰ ফট’ ল’ব। হয়তো পাছদিনাৰ কাকতৰ
বাবে এটা খবৰৰ যোগাৰ তেওঁলোকৰ হৈ যাব।
ঠিক তেনেকুৱাই হৈছিল কথাবোৰ। চহৰৰ ব্যস্ত
পথেৰে আমাৰ এম্বুলেঞ্চখন আগবাঢ়িছিল। এইখন মোৰ জন্মচহৰ। কৰ্মৰ খাতিৰত
বহু চহৰ ভ্ৰমিবলগীয়া হ’লেও জীৱনৰ শেষ সময়খিনি মই নিজ চহৰখনত কটাবলৈ
ব্যাকুল হৈ পৰিছিলোঁ। মোৰ ইচ্ছাক সন্মতি জনাই পত্নীয়ে সৰু চহৰখনৰ আটাইতকৈ ভাল হস্পিটেলখনতে
মোক ভৰ্তি কৰাইছিল। মৃত্যুৰ বাবে যুঁজি থকা সেই সময়খিনিত মোৰ জন্মচহৰৰ আপোন মানুহখিনিৰ
মাত কথাই মোক সকাহ দিব পৰা নাছিল। যন্ত্ৰণাত কেঁকাই থকা সময়বোৰত কেঁচুৱাৰ কলকলনিও অশ্ৰাব্য
গালি হৈ মোৰ কৰ্ণকূহৰ আঘাত কৰিছিল। প্ৰায়েই চিঞৰি উঠিছিলোঁ মই— ‘‘চাইলেঞ্চ্, প্লিজ। মনে মনে থাকাঁ।’’
কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিলে মই পত্নীৰ
দুহাতত খামুচি ধৰিছিলোঁ— ‘‘মোৰ অলপ যন্ত্ৰণাৰ ভাগ ল’বানে তুমিও? মোৰ বাবে অলপ কেঁকাই উঠিব পাৰিবানে তুমি?’’
মোৰ যন্ত্ৰণা দেখি পত্নীৰ দুচকুৰে চকুলো
নিগৰিছিল। হাত যোৰ কৰি ভগৱানক কাতৰ কৰিছিল— ‘‘তেওঁক লৈ যোৱা প্ৰভু।’’
চিকিৎসাৰ দায়িত্বত থকা ডাক্তৰ-নাৰ্ছসকল
অসহায় হৈ ৰৈছিল। তেওঁলোকৰ হাতত এই যন্ত্ৰণাৰ ঔষধ নাছিল।
মৃত্যুৱে এই যন্ত্ৰণাৰ অন্ত পেলালে। মোৰ
কেঁকনিবোৰৰ অন্ত পৰিল। মোৰ পত্নীৰ প্ৰাৰ্থনা ভগৱানে শুনিলে। তথাপি তেওঁ মোৰ মৃত্যুত
কান্দিছে, কন্দাটো নিয়ম।
বহুতেই মোৰ মৃত্যুৰ কথা শুনি ইস্ আস্ কৰিছে, কৈছে, তেওঁৰ আত্মাই
সদ্গতি লাভ কৰক। বহুতেই কিন্তু সেই বাক্যশাৰী উচ্চাৰণ কৰা নাই। কাৰণ মোৰ অসুখৰ সময়ছোৱাতো তেওঁলোকক
উৎফুল্লিত দেখা গৈছিল। একালৰ মহা প্ৰভাৱশালী সঞ্চালকৰ অসহায় যন্ত্ৰণাক্লিষ্ট ৰূপ দেখি
তেওঁলোক উল্লসিত হৈ কৈছিল—
‘‘ভালেই হৈছে, কুকুৰৰ দৰে মৃত্যু হ’ব
লাগে এই জাবৰচৱৰ।’’
মোক সিহঁতে জাবৰ বুলি কৈছিল! মোৰ চাৰিমহলীয়া
অট্টালিকা, মোৰ বিদেশী মডেলৰ গাড়ী, ঘড়ী, সাজ-পাৰত সিহঁতে জাবৰৰ গোন্ধহে পাইছিল! নিঃকিনচৱ!
মোৰ সমানে সমানে থিয় হ’ব নোৱৰা মানুহবোৰৰ আকৌ মোৰ প্ৰতি কি বাক্যবাণ! কেতিয়াবা
সিহঁতক মধ্যযুগৰ পৃথিৱীখনলৈ লৈ যাবলৈ মন গৈছিল। পিঠিত চাবুকৰ ফলাকোব লৈ অন্ধকাৰ কূপত
জীৱন কটাবলগীয়া সেই ক্ৰীতদাসৰ মাজত সিহঁতৰ চেহেৰাবোৰ মিলাই চাই এক আসুৰিক তৃপ্তি অনুভৱ
কৰিছিলোঁ মই। মোলৈ উঠা আঙুলিবোৰ উতলা গৰম পানীত জুবুৰিয়াই দিবৰ মন গৈছিল মোৰ। সিহঁতৰ
চিৎকাৰ শুনি কল্পনাতে মই মধুৰ আনন্দ লাভ কৰিছিলোঁ। সেই আনন্দতে মই তলতীয়া কৰ্মচাৰীক
মানুহ বুলি ভাবিবলৈ এৰি দিছিলোঁ। তেওঁলোকৰ পদলেহনত এক অদ্ভুত তৃপ্তি আছিল। মোক জাবৰ
নাম দিয়াসকলৰ হাজাৰ কটূক্তিয়ে মোক সেই তৃপ্তিপানৰ পৰা বঞ্চিত কৰিব
নোৱাৰিছিল।
কিন্তু সেই তৃপ্তিপানৰ উপভোগ্য সময়বোৰ স্তব্ধ
হৈ পৰিছিল হঠাতে। দুৰাৰোগ্য বেমাৰ এটাই থিতাপি লৈছিল মোৰ শৰীৰত। ডাক্তৰে বায়’প্সিৰ ৰিপৰ্টটো হাতত তুলি কৈছিল— ‘‘পৃথিৱীৰ দহলাখৰ ভিতৰত এজনৰহে এই কেঞ্চাৰ হয়। মই কি ক’ব বিচাৰিছোঁ বুজিছে নে বাৰু? আমাৰ হাতত সময় তেনেই কম। আপুনি আপোনাৰ দৰকাৰী কামবোৰ
শেষ কৰি লওক।’’
‘‘দৰকাৰী কাম!’’ — চিৎকাৰ কৰি উঠিম যেন। জীয়াই থকাটোৱেই আটাইতকৈ দৰকাৰী কাম মোৰ বাবে। জীয়াই
থকাতকৈ দৰকাৰী কাম মোৰ আন একোৱেই নাই। মুম্বাইলৈ দৌৰিছিলোঁ, মুম্বাইৰ বিখ্যাত অংক’লজিষ্টে
মোৰ পিঠিত হাত ফুৰাইছিল— ‘‘সহজে লওক কথাবোৰ।’’
কথাবোৰ সহজে লোৱাৰ পাছতো অলেখ যন্ত্ৰণা।
কেতিয়াবা শৰীৰৰ, কেতিয়াবা মনৰ, কেতিয়াবা আকৌ জীৱনৰ মোহ ত্যাগ কৰাৰ যন্ত্ৰণা, পৃথিৱীৰ মায়াৰ পৰা মুক্ত হ’ব নোৱৰাৰ যন্ত্ৰণা।
এনেকুৱা অলেখ যন্ত্ৰণাত পিষ্ট হৈ আজি মই মৃত্যুক সাবটি ল’লোঁ।
মৃত্যুৰ পাছত শ্মশানলৈ যাত্ৰা কৰাৰ আগতে এয়া শেষবাৰলৈ মোৰ শৰীৰটো ঘৰমুৱা।
ট্ৰেফিক জামত বাৰে বাৰে গতিৰুদ্ধ হৈছিল এম্বুলেঞ্চখনৰ।
‘‘মানুহবোৰৰ অলপ চিভিক্ ছেঞ্চ্ নাইহে!’’ — ভোৰভোৰাই উঠিছিলোঁ মই। সৌ গাড়ীখন, কি মন্থৰ গতিত গোটেই ৰাস্তাটো আগুৰি গৈ আছে!
সৌ ল’ৰাজন, সৌ বাইকখন, কাৰো যেন সময় নাই। এম্বুলেঞ্চত মৃতদেহৰ সলনি সংকটজনক ৰোগী থাকিব পাৰে, সেই লৈ কাৰো যেন ভ্ৰূক্ষেপ নাই। বগা কাপোৰেৰে ঢাকি ৰখা
মৃতদেহৰ ওপৰে ওপৰে মোৰ আত্মাটো ঘূৰি ফুৰিছে। উশাহ বন্ধ চহৰত সি বাট হেৰুৱাইছে। কোন
পথেৰে শ্মশানঘাট, কোন পথেৰে মোৰ মুক্তিৰ বাট, একোৱেই চিনা নাই মই। মোৰ আত্মাটো হঠাতে যেন বিভ্ৰান্ত
হৈছে, দিশহাৰা হৈ পৰিছে।
মাত্ৰ মাহদিয়েক পূৰ্বে মোৰ জীৱনৰ নিমজ কক্ষপথৰ
বিচ্যুতি ঘটিছিল। সেইদিনা হঠাতে প্ৰচণ্ড পেটৰ বিষে মোক প্ৰায় জ্ঞানশূন্য কৰি পেলাইছিল।
ইমান সুঠাম-সবল দেহত কি বিহকণিকাই আশ্ৰয় লৈছিল! ছটফটাই উঠিছিলোঁ মই। ডাক্তৰে কৈছিল, মোৰ দেহত বৰ বিৰল কৰ্কট ৰোগৰ বিহকণিকাই থিতাপি লৈছিল।
ডাক্তৰৰ ভৰি দুখন খামুচি ধৰিছিলোঁ। জীৱনটো উপভোগ কৰিবলৈ হৈছিলহে এথোন। কিয় এনে হ’ল?
কিয়? মদ আৰু মাংসৰ নিচাত সদায়েই হুচ হেৰুৱাই ঢলং-পলংকৈ বিছনাত ঢলি পৰা মই সিদিনা প্ৰথমবাৰলৈ চকু মেলি
শুইছিলোঁ। সুখৰ সাগৰত কক্বকাই থাকোঁতে ক’ৰ
পৰা দৈত্যকায় যন্ত্ৰণা এখিনিয়ে মোৰ সুখৰ সাগৰ মন্থন কৰিবলৈ নামি আহিছিল সেয়া মই নুবুজিলোঁ।
ঘনে ঘনে মনত পৰিছিল পত্নী,
পু্ত্ৰসহিতে জন্মচহৰখনৰ মোৰ
আপোন ঘৰখনলৈ।
ডাক্তৰে মোক সান্ত্বনাবাণী প্ৰদান কৰা নাছিল, প্ৰদান কৰা নাছিল অভয়বাণীও। বৰঞ্চ পৰিস্থিতিৰ লগত খাপ
খাব পৰাকৈ অজস্ৰ দিহা পৰামৰ্শৰে মোৰ চিকিৎসাৰ দায়িত্ব লৈ পেলাইছিল তেওঁ। ছমাহযোৰা এক যন্ত্ৰণাময় চিকিৎসাৰ অন্তত ঔষধৰ পাৰ্শ্বক্ৰিয়া
হিচাপে বমি আৰু শৌচ কৰি কৰি মোৰ সুঠাম সবল দেহাটো তেনেই ঋজু আৰু শুষ্ক হৈ পৰিছিল। চুলিবিহীন
মূৰ আৰু ৰসবিহীন শৰীৰটোৱে মোক অসহযোগিতা কৰিলে। তেনেকৈয়ে যন্ত্ৰণাৰ লগত যুঁজি যুঁজি
মোৰ মৃত্যু ঘটিল।
মৃত্যুৰ পাছত হেনো সকলো শেষ। মোৰ সমাপ্তি চাবলৈ মানুহবোৰৰ ভিৰ লাগিছে। গোটেইবোৰেই
মোৰ চিনাকি মানুহ। নাম-ধাম মই বেছিভাগৰেই নাজানো। ইমান ভাল পাইছিল
নে মোক? ইমান ভাল পাবলৈ মই কি দিছিলোঁ তেওঁলোকক? দাম্ভিক, অসৎ, দুৰ্নীতিগ্ৰস্ত, স্বেচ্ছাচাৰী, অনিয়মৰ বাহিৰে কি নাম কঢ়িয়াইছিলোঁ মোৰ জীৱনকালত?
এম্বুলেঞ্চ্খনৰ পৰা নামি যাবলৈ মন নগ’ল মোৰ। ভিৰৰ মাজলৈ যাবলৈ মন নগ’ল। মানুহবোৰৰ পুতৌবোৰে মোক যেন হানি-খুঁচি আকৌ এবাৰ
মাৰিহে পেলাব। এম্বুলেঞ্চৰ
ড্ৰাইভাৰজনক মই গাড়ী ঘূৰাবলৈ
ক’লোঁ, কিন্তু মানুহবোৰে মোৰ কথা শুনিলেহে! কান্দোনেৰে অনাহকত পৰিবেশটো কোৰ্হাল
কৰি তুলিছে। মানুহবোৰে যেন মোক বিদায় দিবলৈ লৰা-ঢপৰা লগাইছে। এম্বুলেঞ্চৰ পৰা জোৰকৈয়ে
দাঙি নি তুলসী তলত বগা কাপোৰেৰে ঢাকি থৈছে মোৰ উত্তাপহীন শৰীৰ। কোমল বিছনা এৰি শীৰ্ণকায়
দেহাটো মাটিত থোৱাৰ কি যুক্তি আছে! মই সিহঁতক বাট এৰিবলৈ কৈছোঁ, সিহঁতে মোৰ কথা অমান্য কৰি ফুলৰ থোপা লৈ মোৰ গাৰ ওচৰত
উবুৰি খাই পৰিছে।
উশাহ বন্ধ হৈ পৰিছে মোৰ। এই সমাগম মোৰ সহ্য
নহয়। অত দিনৰ শাৰীৰিক যন্ত্ৰণা শাম কটাৰ পাছত এই সময়খিনি মোক নিজাকৈ লাগিছিল। অনন্তকালৰ
প্ৰতীক্ষাৰ অন্তত মই মোক নিজাকৈ পাইছোঁ। কিন্তু কোনেও মোক জিৰণি দিয়া নাই। চৌপাশে বেঢ়ি
ধৰি মোৰ মৃত্যুৰ সোৱাদ লৈছে সকলোৱে। মানুহবোৰলৈ চাই গ’লোঁ
এফালৰ পৰা।
সৌ যে ল’ৰাটো, কি আছিল নামটো তাৰ! অ’ মনত পৰিছে গুণীন হাজৰিকা আছিল তাৰ নাম। য়ুনিয়নৰ সভাপতি আছিল সি। মোৰ বিপক্ষে
কি উদাত্ত ভাষণ আছিল তাৰ! এদিন সামান্য গইনা লৈ তাক চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিয়া হ’ল। তাৰ পাছত মোৰ কাৰ্যালয়ৰ বাহিৰত ঘণ্টাৰ পাছত ঘণ্টা
ধৰি দীঘল অপেক্ষা তাৰ। যোৱা চাৰি বছৰে সি অফিচটোলৈ মাকো মাৰিয়েই থাকিল, কিন্তু তাৰ কাম সমাধা নহ’ল।
বুজাই দিলোঁ তাক, চাকৰি এটা ধৰি ৰখা ইমান সহজ নহয়।
অৱশেষত ন্যায়ালয়ৰ কাষ চাপিল সি। ন্যায়ালয়ৰ
শুনানিটোত মোৰ উপস্থিত থকা নহ’ল, হঠাতে ঘটি যোৱা অথন্তৰটোৱে মোক ন্যায়ালয়ৰ সলনি হস্পিটেলতহে উপস্থিত কৰালে।
তাৰ চাকৰিটোৰ কি হ’ব সেই উত্তৰ সি নাপালে। জীৱনকালত মোৰ বিপক্ষে
উদাত্ত ভাষণ দিয়া সি মোৰ মৃত্যুত কিয় বিচলিত হৈছে? কিয় গুণানুকীৰ্তন কৰিছে মোৰ? মোৰ গুণানুকীৰ্তন
কৰিলে তাৰ চাকৰিটো হৈ যাব নেকি?
এনে অজস্ৰ প্ৰশ্নৰে থকা-সৰকা হৈ থাকোঁতেই
চকুত পৰিল বগা সাজ পিন্ধা কৰবীজনীক। কৰবীৰ মৃত স্বামীয়ে আমাৰ বিভাগতে কাম কৰিছিল। ভৰযৌৱনতে
মানুহজন ঢুকাই থাকিল। কৰবীয়ে মানুহজনৰ ঠাইত নিজকে মকৰল কৰিবলৈ মোৰ বিভাগত বাৰে বাৰে
আৱেদন কৰিলে। দিনৰ পাছত দিন ধৰি তাই মোৰ কাৰ্যালয়ৰ বাহিৰত অপেক্ষা কৰিলে।
ইমান সহজ নে চাকৰি পোৱা! তাইৰ আৱেদনবোৰ ফাইলৰ হেঁচাত তললৈ গৈ থাকিল। তাই প্ৰায় সদায়েই
কাৰ্যালয়লৈ আহি থাকিল, এখনৰ পাছত এখন আৱেদন জমা কৰি থাকিল আৰু মোৰ অৱহেলামৰ্মে আৱেদনবোৰ জাপৰ তললৈ গৈ থাকিল।
ইমান সহজ নহয় চাকৰি পোৱা, এই কথা তাই ভালকৈয়ে বুজি পালে। পেটৰ ভোক গুচাবলৈ কেৱল
চাকৰিয়েই আছেনে, বেলেগ উপায় নাই? এনেকৈ এদিন ধমক মাৰিলোঁ মই। ঠিকাদাৰক দিয়া আবণ্টনটোৰ শতকৰা বিভাজনটো লৈ
মূৰ ঘমাই আছিলোঁ মই। মোৰ ‘ফিফ্টি ফিফ্টি পাৰ্চেণ্টেজ্টো ঠিকাদাৰে ‘ছিক্সটি ফ’ৰ্টি’ কৰিবলৈ হেঁচা
দি আছিল। লে’বাৰ পেমেণ্ট, কেঁচা সামগ্ৰীৰ বাবে প্ৰয়োজন হোৱা মূলধন ইত্যাদি বিভিন্ন অজুহাতেৰে ঠিকাদাৰে
কমিছনৰ অংকটো মিলাবলৈ চেষ্টা কৰি আছিল। তেনে জৰুৰী সময়ত এজনী বিধৱাৰ চাকৰিৰ বাবে চিন্তা
কৰিবলৈ মোৰ সময় আছে নে? বিধৱাজনীৰ প্ৰতি কি দায়িত্ব আছে মোৰ?
দায়িত্ব আছিল হেনো। কাৰ্যালয়ৰ এজনে এদিন
অনুৰোধ-মিহলি বুজনি দিলে মোক। ঠিক আছে দেখা যাব। অলপ মিলাব লাগিব। কিবা দিব লাগিব।
কিবা দিব পৰাকৈ আছে কি তাইৰ?
গধূলি আহিছিল তাই। দিব পৰাকৈ অৱশ্যেই বেচ কিছু আছিল, সেইদিনাহে অনুভৱ কৰিলোঁ। তাৰ পাছত তাই দিনে-পোহৰে কাৰ্যালয়ৰ বাহিৰত অপেক্ষা
কৰাতকৈ সন্ধ্যা বেলিকা মোৰ কোৱাৰ্টাৰৰ বাহিৰত অপেক্ষা কৰিবলৈ ধৰিলে। সেইখিনিতে
ভুল হৈছিল মোৰ। মই ভবাৰ দৰে ছোৱালীজনী ইমান নিবোকা চামোনো নাছিল। গৰ্ভত নতুনকৈ থিতাপি
লোৱা সন্তানটোৰ বিনিময়ত তাই তৃতীয় বৰ্গৰ চাকৰি এটা ভিক্ষা খুজিছিল।
তেতিয়াহে মোৰ সম্বিত আহিছিল। চেকা লাগি গৈছিল
মোৰ নামত। আনে নেদেখাকৈ আছিল নে সেই চেকা? চেকা কিদৰে আঁতৰোৱা যায় সেই চিন্তা কৰিবলৈ নৌপাওঁতেই এই অথন্তৰ ঘটিল। আধৰুৱা
কামবোৰ শেষ কৰিবলৈ নহ’ল। তাইৰ চাকৰিটো হ’লনে নাই খবৰ ল’বলৈ
নহ’ল।
কিন্তু তাইৰ গৰ্ভ আজি স্ফীত কিয়? চাকৰিৰ বিনিময়ত তাই গৰ্ভ নষ্ট কৰাৰ কথা আছিল। স্ফীত
গৰ্ভ লৈ তাই কি কৰিবলৈ আহিছে ইয়ালৈ? মই অত দিনে তিল তিলকৈ নিৰ্মাণ কৰা সম্পদৰ স্তূপটোৰ ওপৰত তাই অধিকাৰ
জন্মাবলৈ আহিছে নেকি? নাই নাই, তেনে কৰিব নোৱাৰে তাই।
মই অস্থিৰ হৈ উঠিলোঁ। ভেলটোৰ ভিতৰত সোমাই
মোৰ এবাৰ কাৰ্যালয়লৈ যাবলৈ মন গ’ল। ঠিক কৰি আহিবৰ মন গ’ল কৰবীৰ চাকৰিৰ ফাইলটো। তেনেই সৰু চাকৰি এটাৰহে প্ৰয়োজন
আছিল তাইৰ। তৃতীয় বৰ্গত কৰ্মৰত স্বামীৰ মৃত্যু সূত্ৰে পাবলগীয়া সহানুভূতিমূলক চাকৰিটোৰ
বাবে ইমান আনুষ্ঠনিকতাৰ আচলতে প্ৰয়োজনেই নাছিল। নিজৰ ওপৰতে খং উঠিল, কি হ’ব এতিয়া! অযথা
কথাবোৰ জটিল হৈ গ’ল।
এইবাৰ ভেলটোলৈ চালোঁ মই। মোৰ পত্নীয়ে শোকত
আতুৰ হৈ ভেলটোক সাবটি ধৰি আছে। ডাঙৰ নবৌৱে জোৰকৈয়ে পত্নীৰ শিৰৰ সেন্দূৰকণ মোৰ ভৰিৰ
বুঢ়া আঙুলিটোৰে মচি পেলাইছে। মুহূৰ্ততে তেওঁৰ ৰঙা কপালখন বিধৱাৰ সাজৰ দৰে শুভ্ৰ হৈ
পৰিল। মোৰ আঙুলিৰ চেঁচা পৰশ পাই তেওঁৰ কান্দোন দুগুণে চৰিল। পুত্ৰদ্বয়ে মাকক সাবটি
উচুপি উঠিছে। ধূপ-ধূনা, শুভ্ৰ পুষ্পবৃন্তৰে সজ্জিত ভেলটো চাঙিত উঠাই
মানুহবোৰ এইবাৰ শ্মশানৰ ফালে অগ্ৰসৰ হ’ল। ধূতি পৰিহিত
বৰপুত্ৰই মৃতকৰ মুখাগ্নি কৰিবলৈ হাতত অগ্নিশিখা লৈছে। অলপ পাছতে মোৰ দেহাটো জ্বলাই
দিয়া হ’ব। মোৰ ভেলটো ক্ষন্তেকতে জুইৰ শিখাই আৱৰি
ধৰি ছাই কৰিব পেলাব।
মই তেতিয়া ক’ত
থাকিম? ক’ত
ৰ’ব মোৰ অস্তিত্ব? অস্থিৰ হৈ মই আশ্ৰয় বিচাৰি ঘূৰ্মুটিয়াই ফুৰিব লাগিব নেকি? মানুহবোৰে নিজৰ হৃদয়ত আশ্ৰয় দিব নে মোক?
মোৰ পত্নীয়ে, কৰবীয়ে, গুণীনে, এই মানুহবোৰে মোক আশ্ৰয় দিবনে? কৰবীয়ে মোৰ নাম লৈয়ে হয়তো মোৰ পত্নীৰ পৰা সম্পত্তিৰ অংশ বিচাৰিব। মোৰ পত্নীৰ
চকুত তেতিয়া মোৰ প্ৰতি উথলি উঠিব প্ৰচণ্ড ঘৃণা। পত্নীৰ পৰা পুত্ৰ, পুত্ৰৰ পৰা হয়তো আত্মীয় স্বজন, তাৰ পাছত গোটেই চহৰখনলৈ এই ঘৃণামিহলি বতাহ বিয়পি যাব।
নাই নাই, জীৱনকালত তিল তিলকৈ গঢ়া সুখৰ সৌধটো মোৰ মৃত্যুৰ লগে লগে ধ্বংসস্তূপত পৰিণত
হ’বলৈ দিব নোৱাৰোঁ মই। মোক মোৰ ভেলটো লাগে।
এবাৰলৈ জীৱনটো লাগে। মই কৰবী,
গুণীনহঁতৰ দৰে অসংখ্যজনৰ ওচৰত কৰি অহা খেলিমেলিবোৰ চিজিল
কৰি থৈ আহিব লাগে। অথন্তৰ হ’ব অন্যথা। মোৰ ভুলৰ শাস্তি মোৰ পুত্ৰ-নাতিয়ে ভোগ কৰিব।
মই এইবাৰ দৌৰ দিলোঁ শ্মশানলৈ। জ্বলি থকা
মোৰ অতীতৰ ভেলটোৱে দেহহীন মইটোলৈ চাই দাঁত নিকটাই হাঁহিবলৈ ধৰিলে— ‘‘দেহিনোহস্মিন্। দেহিনোহস্মিন্।’’