অন্যযুগ/


কলন গণিতৰ ধাৰণা আৰু ভাৰতৰ অৱদান

 

ডঃ প্ৰিয় দেৱ গোস্বামী 


   মানৱ সভ্যতাৰ বিকাশত গণিতৰ ভূমিকা অতি উল্লেখযোগ্য। মানুহে কথা কবলৈ শিকাৰ পাছতেই সম্ভৱ গণিতৰ বিকাশ হৈছিল।গণিত জ্ঞানৰ প্ৰাচীনতম শাখা। প্ৰাক ঐতিহাসিক যুগৰ কিছু প্ৰমাণৰ আধাৰত কব পাৰি যে লিখিত ভাষাৰ আৰম্ভণিও গণিতৰ আৰম্ভণিৰ পাছৰহে। অনেক বিৱৰ্তনৰ মাজেৰে জ্ঞান চৰ্চাৰ এক অন্যতম শাখা গণিত বিষয়টো গঢ়ি উঠিছে। বৰ্তমান সময়ত জীৱন যাপনৰ বাবে গণিতৰ ন্যূনতম জ্ঞান সকলোৰে বাবে অপৰিহাৰ্য। এনে জ্ঞান লাগিবই, নহলে নহব। সেয়েহে বৰ্তমান সময়ত পৃথিৱীৰ প্ৰায়বোৰ দেশত বিদ্যালয় পৰ্যায়ৰ শিক্ষাত গণিতৰ অধ্যয়ন বাধ্যতামূলক। বস্তুৰ হিচাপ ৰাখিবলৈ বা গণনা কাৰ্য সম্পাদন কৰিবলৈ কৰা প্ৰয়াসৰ ফলত সংখ্যাৰ ধাৰণাৰ বিকাশ ঘটিছিল। সংখ্যাৰ দ্বাৰা যোগ-বিয়োগ, পূৰণ-হৰণ ক্ৰিয়াৰ সহায়ত গণিতৰ পাটীগণিতৰ আৰম্ভণি হল। মানুহে প্ৰকৃতি নিৰীক্ষণ কৰি খুব পুলকিত হৈছিল। আকাশত গ্ৰহ-নক্ষত্ৰ নিৰীক্ষণ কৰি ৰোমাঞ্চিত হৈছিল, আতংকৃতও হৈছিল লগতে সেইবোৰৰ গতি-বিধি লক্ষ্য কৰিছিল। দিন ৰাতিৰ হিচাপ, বছৰ গণনা আৰু বিভিন্ন ধৰ্মীয় ক্ৰিয়া-কলাপৰ দিন-বাৰৰ গণনা, জোন-বেলি-নক্ষত্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি কেনেদৰে হিচাপ কৰিব লাগে এনে কথাবোৰো মানুহে আয়ত্ত কৰিলে। ইয়াৰ ফলত জ্যোতিবিদ্যাৰ বিকাশ হল। মানুহে কৃষি কাৰ্য আৱিস্কাৰ কৰিলে। মাটিৰ কালিৰ জোখ-মাখৰ প্ৰয়োজনৰ ফলত গণিতৰ জ্যামিতি শাখাটো আৰম্ভ হল।এনেদৰে ব্যৱহাৰিক প্ৰয়োজনীয়তাৰ ফলত গণিতৰ অনেক শাখাৰ বিকাশ ঘটিল। সুগম সমুদ্ৰ যাত্ৰা পথ আবিস্কাৰ এটা সময়ত সকলো দেশৰ বাবে এক ডাঙৰ প্ৰত্যাহৱান আছিল। বাণিজ্যৰ বাবে সমুদ্ৰ পথ সকলোতকৈ সুগম। যিহেতু পৃখিৱীৰ আকাৰ প্ৰায় গোলাকাৰ, এতেকে এনে পথ এক বক্ৰ পথ। সেই বাবে এনে পথৰ দিশ সকলো মুহূৰ্ততে পতিৱৰ্তন হৈ থাকে। এনে পথ নিৰ্ণয় কৰিবৰ বাবে ত্ৰিকোণমিতিয় ফলনসমূহৰ বিভিন্ন মানবোৰ শুদ্ধভাৱে গণনা কৰিব পৰাৰ ওপৰত নিৰ্ভৰ কৰিছিল। এই মানবোৰ শুদ্ধভাৱে গণনা কৰাৰ ক্ষেত্ৰত ভাৰতৰ গণিতজ্ঞসকল আছিল সৰ্বপ্ৰথম আৰু বাটকটীয়া।কোনো বক্ৰৰ সকলো মুহূততে দিশ পৰিৱৰ্তন হৈ থকা কথাটোতে আচলতে কলন গণিতৰ মূল ধাৰণাটো অৰ্ন্তনিহিত হৈ আছে। সুকলমে কৃষি কাৰ্য কৰিবলৈ ঋতু আগমনৰ সঠিক সময় গণনা কৰা অতি প্ৰয়োজন আছিল। ইয়াৰ বাবেও সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৃথিৱীৰ গতিৰ পৰিৱৰ্তন গণনা কৰিব লগা হৈছিল। ইয়াৰ বাবেও সেই সময়ত কলন গণিতৰ ধাৰণাৰ সহায়ত ঋতু আগমনৰ দিন-বাৰ গণনা কৰা হৈছিল। এনে গণনাৰ বাবে বৰ্তমানৰ মধ্য প্ৰদেশৰ উজ্জয়িনীক কেন্দ্ৰ কৰি অক্ষাংশ-দ্ৰাঘিমাংশৰ হিচাপ কৰা হৈছিল।

   কলন গণিতৰ আৱিস্কাৰ গণিতৰ ক্ষেত্ৰখনত এক উল্লেখযোগ্য সংযোজন। বৰ্তমান বিজ্ঞানৰ প্ৰায়বোৰ শাখাতেই কলন গণিতৰ ব্যৱহাৰ হয়। গতি বিষয়ক সূত্ৰসমূহ আৱিস্কাৰৰ পাছত ঔদ্যোগিক বিপ্লৱৰ সময়ত কলন গণিতে এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ঔদ্যোগিক বিপ্লৱৰ সময়ত আৱিস্কাৰ হোৱা অনেক প্ৰযুক্তিৰ আঁৰৰ চালিকা শক্তি আছিল কলন গণিত। ইউৰোপীয় দৃষ্টিভঙ্গীৰ বিজ্ঞানৰ ইতিহাসবিদসকলে কিন্তু কলন গণিতৰ ধাৰণাৰ বিকাশৰ স্বীকৃতি ভাৰতীয় গণিতজ্ঞসকলক দিব নিবিচাৰে। ইংলেণ্ডৰ ছাৰ আইজাক নিউটন (১৬৪৩-১৭২৭) আৰু জাৰ্মানিৰ লিবনিজক (১৬৪৬-১৭১৬) এই কলন গণিতৰ আৱিস্কাৰক বুলি বৰ্তমানলৈকে সকলোৱে গণ্য কৰি আহিছে। কিন্তু নিউটনৰ জন্মৰ কেইবা শতিকাৰ পূৰ্বে কলন গণিতৰ মূল ধাৰণা ভাৰতত বিকাশ হৈছিল আৰু এই জ্ঞানৰ সম্ভাৰ অনেক ব্যক্তিৰ জৰিয়তে, বিভিন্ন উপায়েৰে ইউৰোপ মহাদেশলৈ সৰবৰাহ হৈছিল। ইয়াৰ অনেক প্ৰমাণ বৰ্তমান পোৱা গৈছে।

   ১৬শ শতিকাৰ পৰা ইউৰোপত নৱজাগৰণৰ সময়ত বিজ্ঞানৰ অনেক ক্ষেত্ৰত ন ন উদ্ভাৱন হবলৈ ধৰে। গণিতো ইয়াৰ ব্যতিক্ৰম নাছিল। গণিতৰ ন ন কথা তেওঁলোকে নথিভুক্ত কৰিছিল। এনে কথাবোৰ নথিভুক্ত কৰোঁতে তেওঁলোকে কিন্তু আন সভ্যতাৰ পৰা পোৱা পূৰ্বৰ জ্ঞাত তথ্যৰ উল্লেখ কৰা দেখা নাযায়। গতিকে বহু শতিকাৰ আগেয়ে আন দেশত আৱিস্কাৰ হোৱা অনেক অৱদানো তেওঁলোকৰ নামেৰেই বৰ্তমানে জনা যায়। কিন্ত ইউৰোপৰ নৱজাগৰণৰ বহু শতিকাৰ আগতেই গণিতৰ অনেক শাখাত ভাৰতীয় গণিতজ্ঞসকলে অলেখ অৱদান আগবঢ়াই গৈছে যিবোৰক এতিয়া ইউৰোপৰ অনেক গণিতজ্ঞৰ নামানুসাৰে জনা যায়। অৱশ্যে গ্ৰীচ আৰু ইজিপ্তৰো গণিত বিষয়ত অতি উল্লেখযোগ্য অৱদান আছে। বৰ্তমান সমগ্ৰ বিশ্বত বহুলভাৱে স্বীকাৰ কৰা হৈছে যে ভাৰতত কেৰেলা প্ৰদেশৰ আৰ্যভট্ট অধ্যয়ন খেলৰ গণিতজ্ঞ আৰু জ্যোতিৰ্দবি মাধৱ, নীলকণ্ঠ ((Tantrasangraha), জেষ্ঠদেৱ (Yuktibhasa)  আদিয়ে ১৪ আৰু ১৬ শতিকাৰ ভিতৰত কলন গণিতৰ বিকাশ ঘটাইছিল। ত্ৰিকোণমিতিৰ চাইন, কচাইন আৰু বিপৰিত টেন ফলনৰ অসীম শ্ৰেণীৰ বিস্তাৰ এই আবিস্কাৰসমূহৰ অংশবিশেষ আছিল। এনে শ্ৰেণীৰ অৱশেষ পদো তেওঁলোকে সম্পূৰ্ণ শুদ্ধভাৱে গণনা কৰিব পাৰিছিল। শ্ৰেণীবোৰৰ মান গণনাৰ বাবে কাৰ্যক্ষম কাৰ্যপ্ৰণালীও তেওঁলোকে আৱিস্কাৰ কৰিছিল যত দশমিক পদ্ধিতিত এনে মানবোৰ নৱম স্থানলৈকে তেওঁলোকে তালিকাভুক্ত কৰিছিল। কিন্তু এই শ্ৰেণী দুটাক বৰ্তমান গ্ৰেগৰী বা টেইলৰ শ্ৰেণী বুলিহে জনা যায়। সেই সময়ত ভাৰতত পাইৰ মান নৱম-দশম স্থানলৈকে শুদ্ধভাৱে গণনা কৰিব পাৰিছিল। এই আৱিস্কাৰবোৰক কিন্তু কলন গণিতৰ পূৰ্বসূৰী বুলি অগ্ৰাহ্য কৰিব নোৱাৰি, ঠিক যেনেকৈ Fermat, Pascal, Wallis, Torricelli, Roberval আদিৰ কৰ্মসমূহক কলন গণিতৰ পূৰ্বসূৰী হিচাপে গণ্য কৰা হয়। এই আৱিস্কাৰবোৰতেই কলন গণিতৰ মূল ধাৰণা অৰ্ন্তনিহিত হৈ আছে। বৰ্তমান ব্যৱহাৰ হোৱা দশমিক সংখ্যাৰ নিচিনাকৈ ভাৰতীয় পৰম্পৰাগত সংখ্যাপদ্ধতিৰ সহায়ত অৱশেষ পদৰ সঠিক গণনাৰ সৈতে অসীম শ্ৰেণী আৰু ক্ষুদ্ৰতমৰ কলনৰ পদ্ধতি ভাৰতীয় গণিতজ্ঞসকলে তেতিয়াই আৱিস্কাৰ কৰিছিল। এই অৱস্থাটো কিন্তু নিউটনৰ সময়ৰ অৱস্থাৰ পৰা সম্পৰ্ণ বেলেগ আছিল। এই ক্ষেত্ৰত নিউটনৰ বাস্তৱ সংখ্যাৰ সম্যক ধাৰণা কম আছিল যেন বোধ হয় আৰু তেওঁ  ফ্লাকচিয়ন শব্দটোহে ব্যৱহাৰ কৰিছিল। এই শব্দৰ অৰ্থ কিন্তু গাণিতিক বিশ্লেষণ শাখাটোৰ বিকাশ নোহোলৈকে অস্পষ্ট আছিল।ইয়াৰ বিপৰীতে ভাৰতীয় গণিতজ্ঞসকলৰ যুক্তিভাষা নামৰ পুথিখনত থকা বৰ্ণনা কলন গণিতৰ আৱিস্কাৰক বুলি কবৰ বাবে এক সবল অকাট্য যুক্তি বুলি কবৰ স্থল আছে। লগতে ভাৰতলৈ ভাস্ক’ ডা গামাৰ আগমনৰ আগতেও ভাৰতীয় গণিতৰ জ্ঞান ইউৰোপলৈ সৰবৰাহ হোৱাৰ প্ৰমাণ আছে। ভাৰতীয় পাটীগণিতীয় জ্ঞান আৰবসকলৰ দ্বাৰা ইউৰোপলৈ প্ৰসাৰ হৈছিল। কাৰণ ব্ৰহ্মগুপ্তৰ পাটীগণিতীয় আৰু জ্যোতিবিজ্ঞানৰ গ্ৰন্থ Al Khwarizmi (9th century CE) য়ে আৰবী ভাষালৈ অনুৱাদ কৰিছিল। Algorismus পুথিখন আছিল Al Khwarizmi ৰ লেটিন ভাষালৈ কৰা এই অনুবাদ। দশম শতিকাত কিতাপখনত বৰ্ণিত পদ্ধতি পোনতে Gerbert (Pope Sylvester III)-য়ে ইউৰোপত প্ৰৱৰ্তন কৰিছিল, কিন্তু ১৬ শতিকাতহে এই পদ্ধতিবোৰ ইউৰোপত ব্যৱহাৰ আৰম্ভ হৈছিল। ১৬ আৰু ১৭ শতিকাত অনেক ভাৰতীয় পুথি আৰু পাণ্ডুলিপি ইউৰোপলৈ নিয়া হৈছিলদহ হাজাৰৰো অধিক এনে টোকা এতিয়া ইউৰোপৰ বিভিন্ন পুথিভঁৰালত সঞ্চিত হৈ আছে। ভাৰতৰপৰা ইউৰোপলৈ হোৱা এই সৰবৰাহৰ প্ৰমাণবোৰ আচলতে গ্ৰহণযোগ্য। বিজ্ঞানৰ বহু ইতিহাসবিদে এই আদান প্ৰদানক গুৰুত্ব দিব নিবিচাৰে।এনে পৰিৱেশত সৰবৰাহৰ উচিত গ্ৰহণযোগ্য প্ৰমাণবোৰনো কি কি এই বিষয়ে কিছু আলোচনা কৰা দৰকাৰ। উল্লেখ কৰিব পাৰি যে Paramesvara, Madhava, Nilakantha, and Jyeshtadeva-ৰ কৰ্ম Fermat, Pascal, Gregory, Wallis, Newton, and Leibniz-ৰ একে ধৰণৰ কৰ্মৰ আগৰ আছিল আৰু সেই সময়ত ইউৰোপত ভাৰতৰ বিষয়ে খুব ভালদৰে জ্ঞাত আছিল। জ্ঞানৰ সৰবৰাহৰ ক্ষেত্ৰত অনেক ইতিহাসবিদে  পূবৰ পৰা পশ্চিমলৈ জ্ঞানৰ সৰবৰাহৰ প্ৰমাণ আৰু তাৰ বিপৰীত ক্ৰমটো একে বুলি নধৰে।

   এখন সমাজৰ বা দেশৰ প্ৰধান্য আৰু আন্তঃ যোগাযোগ জ্ঞান সৰবৰাহৰ এক বিশ্বাসযোগ্য প্ৰমাণ বুলি ধৰা হয়। গতিকে এই সৰবৰাহৰ প্ৰমাণ প্ৰতিষ্ঠা কৰিবলৈ এনে জ্ঞানৰ বাবে আগ্ৰহীলোকসকলৰ উদ্দেশ্যে, সুযোগ, অৱস্থাগত প্ৰমাণ আৰু তথ্যগত প্ৰমাণৰ প্ৰয়োজন। এনে জ্ঞানৰ সৰবৰাহৰ উদ্দেশ্যসমূহৰ ভিতৰত প্ৰধান আছিল সামূদ্ৰিক যাত্ৰাপথ নিৰ্ণয়, পঞ্জিকা প্ৰস্তুতি আৰু দৈনদিন ব্যৱসায়িক গণনাৰ বাবে ব্যৱহাৰিক গণিতৰ জ্ঞান। এই সৰবৰাহৰ সময়ছোৱাৰ ইউৰোপৰ এজন উল্লেখযোগ্য গণিতজ্ঞ Christoph Clavius-ৰ এই আটাইকেইটা বিষয়ত জ্ঞানৰ প্ৰয়োজন হৈছিল। কিয়নো ইয়াৰ কাৰণসমূহ ভিতৰত আছিল যে তেওঁ এখন ব্যৱহাৰিক গণিতৰ কিতাপ লিখিছিল, পঞ্জিকা সংস্কাৰ সমিতিৰ মূৰব্বী আছিল আৰু লগতে তেওঁ বিখ্যাত সামূদ্ৰিক যাত্ৰাপথ বিষয়ৰ তাত্ত্বিক গুৰু Pedro Nunes-ৰ ছাত্ৰ আছিল। কেইবাখনো দেশে শুদ্ধ সমূদ্ৰ যাত্ৰাপথ নিৰ্ণয় কৰিব পৰাজনলৈ পুৰষ্কাৰো আগবঢ়োবাৰ কথা ঘোষণা কৰিছিল। এই দেশসমূহৰ ভিতৰত আছিল স্পেইন (১৫৬৭, ১৫৯৮), হলেণ্ড (১৬৩২), ফ্ৰান্স (১৬৭০) আৰু ব্ৰিটেইন (১৭১১)। কাৰণ শুদ্ধ সমূদ্ৰ যাত্ৰাপথে বাণিজ্যৰ বিকাশ ঘটাব। এই পুৰস্কাৰসমূহৰ মূল্যৰ পৰাই এই বিষয়টোৰ বিষয়ে সেই সময়ৰ চৰকাৰসমূহে দিয়া গুৰুত্ব বিষয়ে উপলব্ধি কৰিব পাৰি। উদাহৰণ স্বৰুপে কব পাৰি যে ব্ৰিটিছ চৰকাৰে ১৭১১ চনত আগবঢ়োৱা পুৰস্কাৰৰ মূল্য আইজাক নিউটনৰ বছৰেকীয়া ফেলশ্বিপৰ মূল্যৰ ৩০০ গুণৰো অধিক আছিল। মুঠতে সেই সময়ৰ বিভিন্ন দেশৰ অকল ব্যৱসায়ী, ৰজা,সংসদেই নহয়, বিখ্যাত বিজ্ঞানীসকলো এই প্ৰচেষ্টাত ব্ৰতী হৈছিল। গেলিলিঅ কলবাৰ্ট, নিউটন আৰু অনেকই এই প্ৰচেষ্টাত জড়িত হৈ পৰিছিল। প্ৰকৃততে ১৬  আৰু ১৭ শতিকাত সমূদ্ৰ যাত্ৰাপথৰ ক্ষেত্ৰত নক্ষত্ৰ আৰু নভোগোলীয় পৰিঘটনাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। সেই সময়ত ইউৰোপত গণিত আৰু জ্যোতিৰ্বিদ্যা অধ্যয়নে গুৰুত্ব পোৱাৰ কাৰণ আছিল যে ইয়াৰ দ্বাৰা সমূদ্ৰ যাত্ৰা সুচল হোৱাৰ ক্ষেত্ৰত হ’ব পৰা ব্যৱহাৰিক লাভালাভ। লগতে অক্ষাংশ আৰু দ্ৰঘিমাংশ নিৰ্ণয় কৰা কাৰ্যও আছিল ইয়াৰ বাবে অপৰিহাৰ্য। কিন্তু দ্ৰঘিমাংশ নিৰ্ণয়ৰ বাবে শুদ্ধ সময় গণনা তথা শুদ্ধ পঞ্জিকা প্ৰস্তুত কৰিব পৰাটো অতি প্ৰয়োজন আছিল। এই সমস্যাবোৰ ইউৰোপিয়ানসকলে কেনেকৈ সমাধান কৰিছিল সেইবোৰৰ তথ্যপাতিৰ পৰাই ভাৰতৰ পৰা জ্ঞানৰ সৰবৰাহ হোৱাৰ কথা প্ৰমাণ হয়। তেওঁলোকে কি আৰৱ আৰু ভাৰতৰ পৰা জ্ঞান সংগ্ৰহ কৰা ৫০০ বছৰীয়া পৰম্পৰা একেবাৰে এৰি দিছিল নেকি যে তেওঁলোকে জ্ঞান আহৰণৰ কিবা নতুন পথৰ সন্ধান বিচাৰি পালে! বাস্তৱিকতে বাণিজ্যৰ বাবে নতুন পথ বিচাৰি ফুৰাসকলে সেই ঠাইবিলাকৰ জ্ঞানৰ উসবোৰক সম্পূণ আওকাণ কৰাটো আছিল অসম্ভৱ। আচলতে ইয়াৰ বিপৰীতটোহে সত্য আছিল। পৌৰাণিক জ্ঞানক তেওঁলোকে গুৰুত্ব দিছিল। এই ক্ষেত্ৰত Stevins, Mersenne আৰু Fermat-য়ে আন দেশৰ পৌৰাণিক পুথি-পাঁজিৰ মাজতেই জ্ঞানৰ সন্ধান কৰিছিল। সমুদ্ৰ যাত্ৰাপথৰ গণনাৰ বাবে তেওঁলোকে ভাৰতীয়সকলৰ জ্যোতিৰ্বিদ্যা আৰু সময় গণনাৰ পদ্ধতি ইয়াৰ বাবে উপযুক্ত বুলি বিৱেচনা কৰিছিল। প্ৰায়বোৰ ভাৰতীয় পুথিত এই দুই বিষয় অধিক চৰ্চা হৈছিল। বেদাঙ্গ জ্যোতিষত উল্লেখ থকা জ্যোতিষ মানেই হল সময় গণনা। জ্যোতিৰ্বিদ্যা আৰু গণিত এই সময় গণনা কৰা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। সমুদ্ৰযাত্ৰাৰ পথ আৰু সময় গণনাৰ যি ধাৰণা ইউৰোপীয় সকলে বিচাৰি আছিল এই সকলোবোৰ ভাৰতীয় গণিতৰ পুথিসমূহত উল্লেখ আছিল। বিশেষকৈ ভাস্কৰাৰ্চাযৰ লঘূ ভাস্কৰীয় আৰু মহা ভাস্কৰীয় পুথি দুখনত সূৰ্যৰ অৱস্থানৰ নতি বা নক্ষত্ৰৰ অৱস্থানৰ পৰা দ্ৰঘিমাংশ নিৰ্ণয়ৰ বিস্তৃত বৰ্ণনা আছিল। ইয়াৰ বাবে শুদ্ধ চাইনৰ তালিকাৰো প্ৰয়োজন হৈছিল। ১৬শ শতিকাত ইউৰোপত সমুদ্ৰযাত্ৰা পথৰ অধ্যয়নৰ কেন্দ্ৰ ফ্লৰেঞ্চৰ পৰা এসময়ৰ পৰ্টুগালৰ ৰাজধানী কইমবালৈ স্থানান্তৰিত হৈছিল। ইয়াতেই Pedro Nunes-য়ে গোলকৰ ওপৰত হব পৰা গতিপথৰ বিষয়ে অধ্যয়ন কৰিছিল, যত গতি পথে প্ৰত্যেক মুৰ্হূততে স্পৰ্শকৰ দিশে গতি কৰে। প্ৰকৃততে এনে গতি পথ নিৰ্ণয়েই কলন গণিতৰ পাৰম্ভিক উপপাদ্যৰ সমতুল্য। Pedro Nunes আৰু Simon Stevin-য়ে চাইন তালিকা ব্যৱহাৰ কৰি এনে গতি পথৰ বিষয়ে অধ্যয়ন কৰিছিল। Pedro Nunesৰ পদ্ধতি ১৫৪০ চনত ভাৰতৰ গোৱালৈ কৰা যাত্ৰাত পৰীক্ষা কৰা হৈছিল। কিন্তু অশুদ্ধ গণনাৰ বাবে সেই পৰীক্ষা সফল হোৱা নাছিল। যদিও ইউৰোপীয়ানসকলে সমুদ্ৰ পথ নিৰ্ণয় কৰাৰ উদেশ্য আগত ৰাখি জ্যোতিৰ্বিদ্যাৰ সহায়ত অক্ষাংশ আৰু দ্ৰাঘিমাংশ নিৰ্ণয় কৰা জ্ঞানৰ সন্ধান কৰিছিল, কিন্তু তেওঁলোকে লক্ষ্যত উপনীত হব পৰা নাছিল। কিন্তু সেই সময়ত এনে জ্ঞান ভাৰতীয় পুথিসমূহত উপলব্ধ আছিল। ইউৰোপীয়সকলে ঈস্পিত লক্ষ্যত উপনীত হব নোৱাৰাৰ কাৰণসমূহৰ ভিতৰত আছিল- ব্যৱহাৰিক গণনাৰ জ্ঞানৰ অভাৱ, শুদ্ধ পঞ্জিকাৰ অভাৱ আৰু পৃথিৱীৰ আকাৰৰ শুদ্ধ হিচাপ কৰিব নোৱাৰাটো। দ্ৰাঘিমাংশ নিৰ্ণয়ৰ বাবে পৃথিৱীৰ আকাৰ শুদ্ধ হোৱাটো প্ৰয়োজন। কিন্তু ভাৰতীয় জ্যোতিৰ্বিদ্যাৰ পুথিসমূহত ভাৰতীয় সকলে যে পৃথিবীৰ আকাৰ শুদ্ধভাৱে গণনা কৰিব পাৰিছিল, এই বিষয়ে নৱম শতিকাত আৰবৰ ভ্ৰমণকাৰী Caliph al Mamun আৰু Al Biruni-য়ে উল্লেখ কৰিছে। এই ক্ষেত্ৰত কিন্তু কলম্বাছে পৃথিৱীৰ আকাৰ ৪০ শতাংশ ভুলকৈ গণনা কৰিছিল। নিউটনৰো এনে গণনাত প্ৰায় ২৫ শতাংশ ভুল হৈছিল। ১৬৭১ চনত ফ্ৰাঞ্চ ৰয়েল ছচাইটিৰ অৰ্থ সাহায্যৰ সহায়ত Picard-য়ে পৃথিৱীৰ আকাৰ শুদ্ধভাৱে গণনা কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ কমল বা ৰাপালগাই যন্ত্ৰৰ সহায়ত ভাস্ক’ ডা গামাই ধ্ৰুৱ তৰাৰ উন্নতি নিৰীক্ষণ কৰি অক্ষাংশ নিৰ্ণয় কৰা প্ৰক্ৰিয়াৰ বিষয়ে অৱগত নাছিল। এই যন্ত্ৰ ব্যৱহাৰ কৰি ভাৰতীয় নাৱিকসকলে ভাস্ক’ ডা গামাক আৰব সাগৰ অতিক্ৰম কৰি আফ্ৰিকাৰ মিলিণ্ডৰ পৰা ভাৰতৰ কালিকতলৈ লৈ আনিছিল। আকৌ খ্ৰীষ্ট ধৰ্মৰ ইষ্টাৰৰ শুদ্ধ তাৰিখ নিৰ্ধাৰনৰ বাবে চাৰ্চে ১৫৪৫ চনত এখন সমিতি গঠন কৰি দিছিল। গতিকে এই ক্ষেত্ৰত তাৰিখ-বাৰ শুধৰণি কৰাৰ বাবে তেওঁলোকে এনে জ্ঞানৰ সম্ভাৰ গোটোৱাৰ ওপৰত গুৰুত্ব দিছিল।সেই সময়ত ভাৰতত গ্ৰহ-নক্ষত্ৰ লক্ষ্য কৰি পঞ্জিকা প্ৰস্তুত কৰা উন্নত পদ্ধতি আছিল। তেনেহলে এনেবোৰ তথ্য ইউৰোপীয়ানসকলে কেনেদৰে সংগ্ৰহ কৰিছিল ? পৰ্টুগালৰ Jesuits-সকল আছিল খ্ৰীষ্ট ধৰ্ম প্ৰচাৰক তথা চৰকাৰক বিভিন্ন তথ্য যোগানিয়াৰ হিচাপে কাম কৰিছিল। Jesuits-সকলে তেওঁলোকৰ উদ্দেশ্য আগত ৰাখি দক্ষিণ ভাৰতৰ মালায়ালম, তামিল,তেলেগু আদি ভাষা সহজে আয়ত্ত কৰি লৈছিল। ইয়াৰ সহায়ত তেওঁলোকে স্থানীয় পৰম্পৰাগত জ্ঞান সহজে আয়ত্ত কৰিব পাৰিছিল। কিন্ত তেওঁলোকৰ গণিতৰ জ্ঞান যথেষ্ট নাছিল। Pedro Nunes-ৰ ছাত্ৰ Christoph Clavius-য়ে এই কথাটো উপলদ্ধি কৰি ১৫৭০ চনত Collegio Romano শিক্ষা প্ৰতিষ্ঠানৰ গণিতৰ পাঠ্যক্ৰম সংস্কাৰ কৰিছিল। Christoph Clavius পোপৰ অনুমোদন সাপেক্ষে ১৫৮২ চনত গ্ৰেগৰীয়াণ পঞ্জিকা সংশোধনী সমিতিৰ অধ্যক্ষ নিযুক্ত হৈছিল। Clavius যে আঁসোৱাহবোৰ দূৰ কৰাৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰিছিল। Clavius য়ে প্ৰৱৰ্তন কৰা গণিতৰ নতুন পাঠ্যক্ৰম অধ্যয়ন কৰা প্ৰথম বৰ্ষৰ ছাত্ৰ Matteo Ricci-ক ১৫৭৮ চনত ভাৰতলৈ পঠোৱা হৈছিল। তেওঁ ১৫৭৮ চনৰ ১৩ ছেপ্তেম্বৰ তাৰিখে ভাৰতৰ গোৱাত উপস্থিত হৈছিলহি। Matteo Ricci-ৰ উপৰি আন বহুতকে ভাৰতলৈ পঠোৱা হৈছিল। তেওঁক বিশেষকৈ ভাৰতীয় বিজ্ঞানৰ বিষয়ে অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। তেওঁলোকে ভাৰতৰ ক্ষুদ্ৰতমৰ কলন গণিত চৰ্চাৰ উপকেন্দ্ৰ কচিনলৈও বিভিন্ন তথ্য সংগ্ৰহৰ উদ্দশ্যে গৈছিল। Ricci-য়ে বিশেষকৈ ভাৰতীয় পঞ্জিকা তৈয়াৰ কৰা পদ্ধতিৰ বিষয়ে জানিবলৈ বিচাৰিছিল, লগতে তেওঁ লক্ষ্য কৰিছিল যে তেওঁলোকৰ পঞ্জিকা আৰু স্থানীয় পঞ্জিকাৰ মাজত পাথক্য আছে।উদাহৰণ স্বৰূপে খ্ৰীষ্টমাছ এক নিৰ্দিষ্ট দিনত পৰে অথচ ভাৰতীয় উসৱসমূহ যেনে ফাকুৱা, দীপাৱলী বা দোমাহীবিলাক প্ৰতেক বছৰে বেলেগ বেলেগ দিনত পৰে। তেওঁলোকে নক্ষত্ৰ সাপেক্ষে পৃথিৱীৰ ঘূৰ্ণন (sidereal) আৰু বেলিৰ একে স্থান পাবলৈ লগা (tropical) বছৰৰ পাৰ্থক্য বুজি পোৱা নাছিল। কিন্তু তেওঁলোকে এই কথাখিনিৰ বিষয়ে টোকা লিখি নিজ দেশ পৰ্টুগাললৈ প্ৰেৰণ কৰিছিল। Matteo Ricci’s-ৰ শিক্ষাগুৰু Christoph Clavius-য়ে ১৫৮২ চনত গ্ৰেগৰিয়ান কেলেণ্ডাৰ সংশোধন কৰিছিল। গতিকে ক’ব পাৰি যে Matteo Ricci’s-ৰ ভাৰতীয় কেলেণ্ডাৰ তৈয়াৰ কৰা পদ্ধতিৰ প্ৰতি হোৱা আগ্ৰহ আকস্মিক নাছিল, বৰং পদ্ধতিগতভাৱে ইউৰোপীয়ানসকলে এনে তথ্যৰ সন্ধান কৰি আছিল। Ricci-য়ে আনকি মোগল সৈন্য-বাহিনীৰ বিষয়েও টোকা নিজ দেশলৈ পঠাইছিল। এনেবোৰ কাৰ্যই ইউৰোপীয়সকলে যে অতি গুৰুত্ব সহকাৰে ভাৰতীয় জ্ঞানসম্ভাৰ নিজ দেশলৈ প্ৰৰণ কৰিছিল তাকে প্ৰমাণ কৰে। 

    সেই সময়ত ইউৰোপত সকলোতকৈ শুদ্ধ সমূদ্ৰ যাত্ৰা পথ নিৰ্ণয় আৰু শুদ্ধ কেলেণ্ডাৰ প্ৰস্তুত কৰা বিষয় দুটাৰ সৰ্বাধিক প্ৰাথমিকতা আছিল। এই সুযোগ তেওঁলোকে ভাৰততেই বিচাৰি পাইছিল। বিশেষকৈ Jesuits-সকলে এই কথাখিনি আহৰণ কৰিবলৈ সকলোতকৈ সুবিধাজনক অৱস্থাত আছিল।উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে কলন গণিতৰ প্ৰাথমিক ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ নিউটনৰ জন্মৰ কেইবা শতিকাৰ আগতেই ভাৰতত উদ্ভাৱন হৈছিল। আৰবৰ ব্যৱসায়ী আৰু খ্ৰীষ্টধৰ্মৰ প্ৰচাৰকসকলৰ দ্বাৰা ভাৰতত বিকাশ হোৱা জ্ঞান ইউৰোপ তথা পৃথিৱীৰ আন দেশলৈ বিয়পি পৰিছিল। এই কথাটো এতিয়া প্ৰায় সকলোৱে মানি লৈছে।

প্ৰাসঙ্গিক উস :

1.      1. The Crest of the Peacock: Non-European Roots of Mathematics.  George Gheverghese Joseph : Princeton University Press | Princeton & Oxford: 2000

2.      2. TRANSMISSION OF THE CALCULUS FROM KERALA TO EUROPE, The Aryabhata Group, School of Education:Universities of Exeter and Manchester, UK

3.     3. The Golden Road, William Dalrymple: Bloomsbury Publishing: London, 2024



ঠিকনা  : 

অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ

ডিব্ৰুগড় হনুমানবস্ক সুৰজমল কানৈ কলেজ,

পোঃ অঃ চি আৰ বিল্ডিং, ডিব্ৰুগড়-৭৮৬০০৩

ফোন-৯৪৩৫৪৭৩৮৭২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ