গোৱিন কুমাৰ
খাউণ্ড
(৯)
দধি লেখাৰু আৰু
শৰৎ শৰ্মা বহি আছে সৰগীত। এইখিনি সময়ত গ্ৰাহক প্ৰায়েই নাহে। কেতিয়াবা
দূৰ-দূৰণিৰ যোৰ পতা ডেকা-গাভৰু কেইটামান ভুৰুংকৈ আহে যদিও সঘনাই নাহে। সেয়ে সৰগীত
কাম কৰা ল'ৰাকেইটাই সন্ধিয়াৰ বাবে ভিন্ন জুতিৰে খাদ্য ৰান্ধি আছে। শৰ্মাৰ মনটো
মৰা। যোৱা দুদিন ধৰি অম্লান ঘৰত নাই। ম'বাইলত যোগাযোগ কৰিছে যদিও ৰিচিভ কৰা নাই।
তাকে লৈ ভীষণ অশান্তি হৈছে ঘৰখনত। সেয়ে আবেলিতে ওলাই আহি লেখাৰুৰ মুখলৈ চাই বহি
আছে।
"নীলৰ
ল'ৰাটোৱে কি কয়?" লেখাৰুৱে সুধিলে
" কি ক'ব,
সি
কাম কৰিবলৈ অহাৰে পৰা মদ খোৱাটো বেছি হ'ল তাৰ। তাতে সেই ছোৱালীজনীৰ কথাটোক লৈ
ছিৰিয়াছ হৈ পৰিল।'
"বৰ
বেয়া সময় আহিছে বুজিছে। বহুত মানুহে কিন্তু সৰগীক লৈ একেবাৰে অসন্তুষ্ট হৈ আছে।
মানুহে কথাবোৰ নুবুজে। আমিতো মানুহক 'খা খা' কৰি থকা
নাই।" লেখাৰুৱে বুজাবলৈ ধৰিলে।
শৰ্মাই মুখেৰে একো মাতিব পৰা নাই। ৰাতি ৰাতি মদৰ
নিচাত ঘৰ সোমোৱা পুত্ৰৰ মুখখন বাৰে বাৰে মনলৈ আহিছে তেওঁৰ। মনলৈ আহিছে অম্লানৰ
মাকৰ ম্লান পৰি যোৱা মুখখন। লʼৰাই
মদ খায় বুলিয়েই সৰগী বন্ধ কৰি দিব নোৱাৰে শৰ্মাই। চৰকাৰে মদৰ দোকানৰ পৰা সংগ্ৰহ
কৰা কৰ-কাটলেৰে ৰাজ্যখন জোৰা-তাপলি মাৰি চলাই থকা সময়ত লʼৰা মৰি গ'লেও সন্মানৰ
খাতিৰতে সৰগীত তলা লগাব নোৱাৰে। মিলিটেৰীৰ দৰে মানুহবোৰে ছল পাব। চৰকাৰক সমালোচনা
কৰি থকা জৰিগুৰিৰ বিৰোধীমখাই হাঁহিব। মদেই সমাজখন খালে বুলি আটাহ পাৰি থকাবোৰে
সিঁয়াৰি থাকিব। সেয়ে বৰ বিপাঙত পৰিছে শৰৎ শৰ্মা। কোনো দিন ভবা নাছিল অম্লানে মদ
খাব, দোপত-দোপে বাঢ়ি অহা ঘৰখনলৈ আন্ধাৰ নমাই আনিব।
কথাবোৰ ভাবি লেখাৰুৱে থানাত খবৰ এটা দিয়া ভাল
হ'ব বুলি কোৱাত শৰ্মাই ক'লে, 'এতিয়াই দিব নোৱাৰি। সেই পৰ্টেল দুটামানে চব ওলট-পালট কৰি পেলাব।
সিহঁতে কিবা এটা পালে বেগতে নেৰে। বৰ পিছ লৈ ফুৰে।'
লেখাৰুৱে একো নকʼলে। থাকোঁতে গুৱাহাটীৰ মেডিয়া হাউছবোৰৰ সৈতে তেওঁৰ ভালেই চিনাকি আছে।
মুখ্যমন্ত্ৰীৰ মালিকানাধীন পেপাৰ, চেনেলৰ পৰা সকলোৰে সৈতে হাত থাকিলেও
কেতিয়াবা কিছুমানক নিজৰ আয়ত্তলৈ আনিব পৰাকৈ ঢুকি নাপায়। ঠিকা-ঠুকলিৰেও পোহ মনাব
নোৱৰা কেইটামান আছে একেটাকে চেপেটা কৰি বজাই বজাই কাণ ঘোলা কৰি দিয়ে। অধ্যাপক হ'লেও
নিজকে সংবাদ মাধ্যমৰ উচ্ছিষ্ট খোৱা বুলি ধৰি লৈ দৰদাম চলাই অহা লেখাৰু পণ্ডিতে
শৰ্মাক কিবা এটা ক'বলৈ মুখ মেলোঁতেই মৃগাংক সোমাই অহাত শৰ্মাই খঙেৰে ক'লে,
'ইমান
দেৰিকৈ আহিছা যে? '
'দেৰি হ'ল।
দেউতাৰ গাটো ভাল নহয়।' মৃগাংকই সৰুকৈ ক'লে।
' ই
নীলৰ পুতেকটো নহয় জানো?' লেখাৰুৱে সুধিলে।
' হয়।
ই এতিয়া একোৱেই নাজানে। গোটেইটো কাণুৱেই আৰু।'
দুদিন ধৰি ল'ৰাটোৰ
খবৰ নথকা কথাটোৱে উদ্বিগ্ন কৰি ৰখা শৰ্মাই আকৌ এবাৰ অ. চি-লৈ ফোন কৰিলে। নাই, কোনো
খবৰ নাই। আত্মীয় দুই-এজনে কথাটো সামাজিক মাধ্যমত দিয়াৰ কথা কৈ আছে যদিও শৰ্মাই
বিচৰা নাই। গোটেই জৰিগুৰিত তল-ওপৰ লাগিব।
' ইয়াক
দুইছাট লগাই দিলেই গোটেই কথা বকি দিব। ছোৱালীজনী ঘৰত আছেনে নাই।' লেখাৰুৱে
ম'বাইলটো পিটিকি পিটিকি সুধিলে।
' তাই
আছে। সেইখিনিতে অৰুণোদয় পোৱা মানুহ এজনী আছে। অৰুণোদয় বিচাৰি আহি আহি আমাৰ ঘৰুৱা
হৈ গ'ল। তাইহে কথাটো ক'লে সি বোলে তাত গৈ মদৰ আড্ডাত বহেগৈ।'
' সেইটোতো
ভয়ংকৰ কথা। এই বয়সত মদৰ আড্ডা।' লেখাৰু এক প্ৰকাৰ আচৰিতেই হ'ল।
অথচ চকুৰ সন্মুখতে কিমান ডেকা সৰগীৰ পৰা ঢলং-পলংকৈ ওলাই গৈছে সেই কথা কোনো দিনেই
চকুত পৰা নাই লেখাৰু ছাৰৰ। নিজৰ গাত কোব নপৰালৈকে যে মানুহৰ চেতনা নাহে সেই বন্ধুপুত্ৰৰ
মদপী আচৰণৰ পৰাহে লাহে লাহে বুজি উঠিছে
লেখাৰুৱে। সেয়ে সদায় সচেতন হৈ খোজ কাঢ়ে নিজৰ বাটত। বাটৰ জেং-জাবৰ ক্ষমতাৰ
জোৰেৰে আঁতৰাই সন্মুখ সদায় পৰিস্কাৰ কৰে ৰাখে কেৱল মুখৰ জোৰত। তথাপি ধৰিব নোৱাৰে
মানুহক। কিমানক সাংবাদিক হিচাপে সুমুৱাই দিলে, কিমানক সা-সুবিধা
দিয়াৰ নামত নাকী টানি আছে সেই হিচাপ লেখাৰুৰ বাহিৰে কোনেও নাজানে।
ইতিমধ্যে সৰগীৰ
ভিতৰভাগ সন্ধিয়াৰ বাবে প্ৰস্তুত হৈছে। গাঁৱলীয়া অঞ্চল যদিও আজিকালি কোনেও কালৈকো
ভয় নকৰে। দুই একে কয়হে, ' মুকলিকৈ বেচিব পাৰিলে খাবও পাৰি।'
শৰ্মাই
নিজেই দেখিছিল অসম আন্দোলনৰ পাছলৈকে যিবোৰ গাঁৱত কুকুৰা খালে অপৰাধ বুলি বিবেচনা
কৰিছিল, মদ খালে এঘৰীয়া কৰিছিল সেইবোৰ গাঁৱত এতিয়া সকলো মুক্ত। বৰ চকুত
লগাকৈয়ে সলনি হৈ গ'ল সমাজখন। সৰগী যেতিয়া আৰম্ভ হৈছিল ক'বলৈ গ'লে
ওচৰৰ গাঁওবোৰৰ ডেকাবোৰ আহিবলৈ লাজেই কৰিছিল। মদ কিনিবলৈ অচিনাকিটোক পঠিয়াই
চিনাকিটো গছৰ আঁৰ লৈ লুকাই থাকে। এতিয়া শৰ্মাৰ ভাগ্য ইমানেই ভাল যে মাজে মাজে
দুই-এজনী গাভৰুও আহিবলৈ লৈছে।
লাহে লাহে
এজন-দুজনকৈ গ্ৰাহক আহিবলৈ আৰম্ভ কৰিছে। চাৰিওফালৰ লাইটবোৰ জ্বলি উঠিছে।ভাগে ভাগে
কাম আৰম্ভ হৈছে। ব্যস্ত হৈ পৰিছে সৰগীৰ চৌপাশ।
শৰ্মাই বাৰে বাৰে
ফোনটোলৈ চাইছে, জানোচা গম নোপোৱাকৈ বাজিছিল। কোনোবাই মেছেজ দিছিল মৃগাংকৰ বিষয়ে।
দুচকু সেমেকি যোৱা দেখি লেখাৰুৱে কʼলে-
আপুনি এবাৰ এছ. পিলৈ ফোন কৰক।
'কি বুলি?'
' ল'ৰাটো
যে দুদিন ধৰি নাই।
' এছ.
পি-ক জনোৱা মানে সাংবাদিককে জনোৱা।'
মই সেইটো মেনেজ
কৰিম বাৰু। আপুনি কথাটো জনাই থওক মাত্ৰ।'
শৰ্মাই মʼবাইলত
এছ. পি-ৰ নম্বৰটো চাৰ্চ কৰিলে। সেই সময়তে ফোনটো বাজি উঠাত স্কীণত দেখিলে-wife.।
'কোৱাঁচোন।'
'সোনকালে
আহকচোন।" সিফালৰ পৰা শৰ্মানীয়ে কান্দোনৰ সুৰত ক'লে। শৰ্মা খৰধৰকৈ
বহাৰ পৰা উঠি ড্ৰাইভাৰজনক মাতি ঘৰলৈ বুলি ৰাওনা হ'ল। দধি লেখাৰুৱে
কথাৰ গতি একোৱেই ধৰিব নোৱাৰিলে। এখোজ-দুখোজকৈ গৈ তেওঁ গাড়ীখনৰ ওচৰ পালেগৈ।
***
বয়স সাবটি মানুহ
মৰাৰ দৰে অসম আন্দোলনৰ নেতা নীল মৰিবলৈ নাপালে। চোতালত গোট ৰাতিটো পৰি থকা নীলক
শেষ নিশাহে পুতেকে বিছনালৈ আনিছিল। মাত-কথা নাছিল। বান্দৰজাকে ওৰে নিশা কাপোৰ-কানি
ফালি মানুহটোক বখলা-বখল কৰি পেলালে। জপনাৰ মুখ পাওঁতেই বান্দৰ মখাই খকখকাই থকা
দেখি ওচৰ চাপিহে দেখিলে বাপেক
তলমূৰকৈ পৰি আছে।
দেখি তাৰ জীউ উৰি গৈছিল। দেউতা বুলি গগন ফলা চিঞৰ এটা মাৰি দেউতাকক সাবটি ধৰাৰ
পাছতহে কাষৰ মানুহে গম পাইছিল নীল ঢুকাল বুলি। সেই তেতিয়াৰ পৰা এতিয়ালৈকে নীলই
বিছনাত পৰি যিবোৰ ভাবিছিল সেইবোৰ একোৱেই হোৱা নাই। ঠেৰেঙা লগা জাৰত চুবুৰীয়া
মানুহৰবোৰো জুপুকা লাগি আছে। বিছনাত পৰি পৰি মনৰ সৈতে যুঁজি যুঁজি, বুকু
খান্দি খান্দি নীলই এটা কথাই ভাবি আছিল- মৰিলে কি হ'ব। কিমান মানুহ
আহিব। আছুৰ পতাকাৰে ঢাকিবনে। দলৰ পতাকাৰে ঢাকি ফুল ছটিয়াই ছটিয়াই ৰাজপথত মৃতদেহ লৈ
শোভাযাত্ৰা কৰিবনে? কোনে কি ক'ব! আদৰ্শৰ জটিল
বাটত খোজকাঢ়ি, এবাৰ পৰি এবাৰ উঠি বিদেশীমুক্ত অসমখন চাবলৈ
বিচৰা নীলই প্লেঞ্জাৰ চিটৰ অস্ত্ৰপাতৰ কথা আৰু বেছিকৈ ভাবিছিল। নীলৰ মতে সেইপাত
কেৱল অস্ত্ৰই নহয়, জীৱনৰ সমস্ত শক্তি। কেতিয়াবা কথাৰ লাচতে মৃগাংকক কয়, সেইপাত
মৰিশালিত দিবলৈ নাপাহৰিবি। বিদেশীমুক্ত অসমৰ ছবিখন সেইপাততহে আছেগৈ।"
মৃগাংকই মুখেৰে
একো নামাতে। এতিয়াও মতা নাই। প্ৰচণ্ড ক্ষোভ লৈ দেউতাকে কাকো নজনোৱাকৈ ইহ সংসাৰৰ
পৰা গুচি গʼল।
অসম আন্দোলনৰ আপোচবিহীন নেতা হিচাপে ওচৰৰ মানুহবোৰ শৱযাত্ৰাৰ বাবে সাজু হোৱাৰ কালত
ইটো-সিটো কৈ আছে। সেই সময়তে মিলিটেৰী আহি ওলালহি। চোতালত বগা কাপোৰেৰে ঢকা নীলৰ
মৃতদেহটো দেখি বহু কথাই মনত পৰি গৈছে তেওঁৰ। মানুহবোৰৰ মাজত মিলিটেৰী অহা দেখি
ভুণভুননি বেছি হৈ আহিল। ডাঠ কুঁৱলিয়ে আৱৰি থকা পৰিবেশটো ক্ষণিকতে যেন মুকলি হৈ
পৰিল।
মৃগাংকই পাহৰিলেও
মিলিটৈৰীয়ে অস্ত্ৰপাতৰ কথা নাই পাহৰা। নীলৰ চোতালত যিটো পৰিৱেশ সৃষ্টি হৈছে
সেইটোলৈ লক্ষ্য কৰিলে সকলোৱেই কথাবোৰ পাহৰা যেনেই লাগে। অসম আন্দোলনৰ নেতা নীল যে ঢুকাল
এই কথা বোধ হয় চুবুৰীয়াৰ বাহিৰে কোনেও গম পোৱা নাই। ইজন-সিজনকৈ কেইবাজনো মানুহ
গোট খালে। সকলোৰে সেই একেই দৃষ্টি। বিদেশী খেদাম বুলি মৰণপণ যুঁজ কৰা কিমান
অসমীয়া যে মাটিৰ লগত মিলি গ'ল। কিমানৰ ল'ৰা-ছোৱালী বিদেশী, বহিৰাগতক বৰপীৰা
পাৰি দিয়া চৰকাৰী দালালৰ পিছে পিছে আঁচনিৰ নামত দৌৰি ফুৰিছে সেই কথা কোনে হিচাপ
ৰাখিছে!
ইতিমধ্যে শ্মশানলৈ
যোৱাৰ বাবে শৱযাত্ৰীসকল সাজু হ'ল। মৃগাংক আৰু পৰিয়ালৰ এজনে নীলৰ
মৃতদেহটোৰ সাঙীখন কান্ধলৈ তুলি ল'লে। জুমুঠিটো লৈ এজন আগবাঢ়ি গ'ল।
বাকীসকলো পিছে পিছে খৰি-খেৰ, দা-কুঠাৰ লৈ শ্মশান থলীলৈ আগবাঢ়িল। কাৰো
হাতত নীলৰ অস্ত্ৰপাত নেদেখি মিলিটেৰী ভিতৰ সোমাই গ'ল। নীলৰ বিছনাৰ
শিতানৰ পৰা অস্ত্ৰপাত উলিয়াই লৈ এবাৰ চকুৰ সন্মুখতে দাঙি ধৰিলে। তাৰ পাছত
খৰখেদাকৈ শৱযাত্ৰীৰ সৈতে ওলাই গ'ল।
(আগলৈ)
