অনুবাদ: ড০ পোনা মহন্ত
| গিৰি শিখৰত | উটি ভাঁহি থকা |
| শুকুলা মেঘৰ দৰে, | |
| ময়ো ভ্ৰমিছিলোঁ | অনাই বনাই |
| তেনেই অকলশৰে৷ | |
| হঠাতে দেখোন | চকুত পৰিল |
| সোণালী ফুলৰ শাৰী, | |
| সোণ বৰণীয়া | হাজাৰ কুসুম |
| ডেফ’ডিল নামধাৰী৷ | |
| নদীৰ পাৰত | গছৰ তলত |
| হালি-জালি আছে, | |
| ৰিব্ ৰিব্কৈ | বলিছে বতাহ |
| ডেফ’ডিলেও নাচে৷ | |
| আকাশত জিলিকে | শাৰী শাৰী তৰা |
| হাতীপটিয়েও ধৰিছে চেও, | |
| ঠিক সেইদৰে | ডেফ’ডিল ফুলেও |
| পুখুৰীপাৰত মাৰিছে ডেও | |
| সোণালী ৰঙৰ | অজস্ৰ কুসুম |
| পলকতে দেখিলোঁ মই, | |
| যেন অপ্সৰাহে | নাচিছে স্বৰ্গত |
| উলাহতে অধীৰ হৈ৷ | |
| নদীৰ বুকুত | ঢৌৱেও নাচিছে |
| যেন আনন্দৰ ফেৰ, | |
| ফুলৰ উলাহক | ঢৌৰ নাচোনে |
| নোৱাৰে পেলাব চেৰ৷ | |
| আনন্দপিয়াসী | কোনো কবিয়েই |
| পাই এনেকুৱা সঙ, | |
| নোৱাৰে থাকিব | মুহূৰ্তৰ বাবেও |
| নকৰি ৰহইচ ৰং | |
| চালোঁ বাৰে বাৰে | ৰ’ লাগি মই |
| কুসুমৰ সেই খেলা, | |
| যদিও তেতিয়া | ভবাই নাছিলোঁ |
| কিনো সেই মহামেলা৷ | |
| শেতেলিত পৰোঁ | যদি চিন্তাক্লিষ্ট হৈ |
| নতু এটি শূণ্য মন লৈ, | |
| মনৰ চকুত ভাঁহে | সেই অপৰূপ খেলা |
| নিৰ্জনতাৰ আশীৰ্বাদ হৈ৷ | |
| ৰঙত উথলি উঠে | তেতিয়া হৃদয় মোৰ |
| একো নাই হৈ উলাহত, | |
| সোণালী ফুলৰ স’তে | ময়ো যেন নাচি |
| যদিওবা আছোঁ নিৰ্জনত৷ | |
(অনুবাদকাল: ২০১১ চন)
