অন্যযুগ/


কৰ’না, প্ৰবাসী শ্ৰমিক আৰু অসমৰ অৰ্থনীতিৰ কথা

দ্বিপেন কাকতি


   আমাৰ দেশত বছৰি পোন্ধৰ লাখ লোকে যক্ষ্মা ৰোগত মৃত্যু বৰণ কৰা, কুৰি লাখৰো অধিক লোকে মেলেৰীয়াত মৃত্যু বৰণ কৰা, প্ৰায় ন লাখ পাঁচ বছৰ অনূৰ্ধ্বৰ শিশুৱে পুষ্টিহীনতাত মৃত্যু বৰণ কৰা, প্ৰায় ডেৰ লাখ লোকে ইনফ্লুৱেঞ্জাসদৃশ ৰোগত বছৰি মৃত্যু বৰণ কৰা ইত্যাদিবিলাক কথা সদায় তল পৰিয়েই থাকে। এইবিলাক ৰোগত আক্ৰান্ত লোকৰ সংখ্যা কুৰি লাখৰ পৰা বহু কোটি পৰ্যন্ত হয়। বিদ্যায়তনিক আলোচনাত বাদে আন ক্ষেত্ৰত এইবিলাক অৱহেলিত বিষয়। কাৰণ এইবিলাক দৰিদ্ৰ লোকৰ বিষয়। কিন্তু সেইবিলাকৰ তুলনাত “ক’ভিড-১৯”-এ বহু বেছি গুৰুত্ব লাভ কৰিছে। যদিও উল্লিখিত অসুখেবাৰৰ তুলনাত এই ৰোগৰ মৃত্যুৰ হাৰ যথেষ্ট কম, তথাপি এই ৰোগে সবাতোকৈ বেছি গুৰুত্ব লাভ কৰা দেখা গৈছে। উল্লেখযোগ্য, এই অসুখবিধ ধন থকা লোকে বিদেশৰ পৰা আকাশীযানেৰে আমাৰ দেশলৈ কঢ়িয়াই আনিছিল। কিন্তু দুৰ্ভোভুগিছে কোনে?



   দৰিদ্ৰসকলে। সকলোৱে জনা কথা— এইখন দেশত দৰিদ্ৰসকলে অথবা দৰিদ্ৰসকলৰ লগত জড়িত বিষয়েবাৰে কেতিয়াও গুৰুত্ব লাভ কৰা নাই। “দেশ”, “সমাজ”ৰ আলোচনাত, আৰ্থ-সামাজিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোক সদায় অদৃশ্য হৈ থাকে। এতিয়াও, “কভিড-১৯”-এ যিমান গুৰুত্ব পাইছে, তাৰ দ্বাৰা পৰোক্ষভাৱে আক্ৰান্ত দৰিদ্ৰসকলে কিন্তু বিশেষ গুৰুত্বই পোৱা নাই। প্ৰধান মন্ত্ৰী মোডীয়ে দেশক উদ্দেশ্যি দিয়া তিনিওটা ভাষণৰ এটাতো তেওঁলোকৰ উল্লেখ নাছিল। বিমুদ্ৰাকৰণৰ ঘটনাটোত কৰাৰ দৰে এই ক্ষেত্ৰতো মাত্ৰ চাৰি ঘণ্টা সময় দি অবিৰত তলাবন্ধ ঘোষণা কৰা সময়তো প্ৰবাসী দৰিদ্ৰ অথবা নিম্ন মধ্যবিত্ত শ্ৰমিকসকলৰ কথা মুঠেও চিন্তা কৰা নহ’ল।



   এইখন দেশত প্ৰবাসী শ্ৰমিক কিমান আছে, তাৰ কোনো খতিয়ান কেন্দ্ৰ অথবা ৰাজ্য— কাৰো হাততে নাই। তথাপি বিভিন্ন এৰা-ধৰাৰ মাজেৰে কৰা অনুমানিক হিচাপ অনুযায়ী কমেও দহ কোটি এনে লোক আছে, যি প্ৰবাসত গৈ নিজৰ জীৱিকা উপাৰ্জন কৰি চলি আছে। এয়া অসংগঠিত খণ্ডৰ অসংগঠিত শ্ৰমিকৰহে কথা।



   উল্লেখযোগ্য যে ১৯৭৯ চনত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মহলৰ হেঁচাত পৰি আন্তঃৰাজ্যিক প্ৰবাসী শ্ৰমিক আইন’-খন প্ৰৱৰ্তন কৰিছিল যদিও, সি বৰ্তমান ধূলিৰে ধূসৰিত হৈ ক’ৰবাত পৰি আছে। আচলতে প্ৰবাসী শ্ৰমিকৰ পঞ্জীয়ন আৰু সুৰক্ষা ব্যৱস্থা নিয়মীয়া কৰাৰ উদ্দেশ্যেই সেই আইনখন প্ৰণয়ন কৰা হৈছিল। কিন্তু আমাৰ মূল চিন্তা-ধাৰাত তেওঁলোকৰ কোনো স্থান নথকা কাৰণেই সেই আইনখন অনাদৰ-অৱহেলাত পৰিত্যক্ত হৈ পৰি আছে।



   উক্ত আইনখন প্ৰণয়ন কৰা হৈছিল তেতিয়া, যেতিয়া আমাৰ দেশৰ চৰকাৰে সামান্য পৰিমাণে হ’লেও জনকল্যাণকামী চৰিত্ৰ ধাৰণ কৰি আছিল। কিন্তু যোৱাটো শতিকাৰ শেষৰ দশকৰ পৰা গোলকীয় পুঁজিবাদৰ সপক্ষে নব্য উদাৰ নীতি গ্ৰহণ কৰিবলৈ লোৱাৰ পৰা দৰিদ্ৰ-বঞ্চনাৰ মাত্ৰা চৰিল। তেতিয়াৰ পৰাই চৰকাৰী নীতিত দৰিদ্ৰৰ পৰিসৰ ক্ৰমাৎ আৰু টুটি আহিল। পুঁজিৰ স্বাৰ্থত আনকি সংগঠিত খণ্ডৰ শ্ৰমিকৰ ওপৰতো আক্ৰমণ ঘনীভূত হ’বলৈ ধৰিলে। সংগঠিত খণ্ডত পূৰ্বাপৰ চলি অহা উৎপাদনৰ বহুতো কাম-কাজ অসংগঠিত খণ্ডলৈ বিকেন্দ্ৰীকৰণ কৰা হ’ল। তাৰ লগে লগে সেই কাম-কাজেবাৰত জড়িত শ্ৰমিকসকলো অসংগঠিত খণ্ডলৈ বিতাড়িত হ’ল। কোৱা বাহুল্য যে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলো অসংগঠিত, অৰ্থাৎ তেওঁলোকৰ কোনো ইউনিয়ন নাই। চৰকাৰ অথবা কৰ্তৃপক্ষৰ ওচৰত ওজৰ-আপত্তি‍ধৰাৰ কোনো উপায় নাই। আচলতে সংগঠিত শ্ৰমিকক দুৰ্বল কৰাৰ ইয়ো এক প্ৰক্ৰিয়া। অথচ উদাৰ, সুস্থ চিন্তাবোধ থকা সকলোৱেই জানে— এখন দেশৰ আৰ্থ-সামাজিক উৎকৰ্ষৰ ক্ষেত্ৰত শ্ৰমিক-কৃষকৰ সংগঠনসমূহৰো যথেষ্ট অৱদান থাকে। আনকি আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়েও শ্ৰমিক সংগঠনৰ গুৰুত্ব বুজি পাইছিল। তেওঁ কৈছিল— “Our labour unions are not narrow, self-seeking groups. They have raised wages, shortened hours and provided benefits. Through collective bargaining and grievance procedures, unions have brought justice and democracy to the workplace.” কিন্তু নব্য উদাৰ অৰ্থনৈতিক নীতিয়ে একচেটিয়া পুঁজিৰ আজ্ঞা পালন কৰিবলৈ গৈ শ্ৰমিক সংগঠনসমূহক দুৰ্বল কৰি, তেওঁলোকক ন্যায্য প্ৰাপ্তিৰ আন্দোলনক নিশকতীয়া কৰি পেলাই সমগ্ৰ সমাজখনৰে ব্যাপক ক্ষতি সাধন কৰিছে। শ্ৰমিক সংগঠনক দুৰ্বল কৰি আৰু শ্ৰমৰ অনানুষ্ঠানিকীকৰণ (Informalisation of labour)-ৰ জৰিয়তে শ্ৰমিকৰ মজুৰি সংকুচিত কৰি আনিলে। ফলত মানুহৰ হাতত ক্ৰয় ক্ষমতা হ্ৰাস পাই আহিল আৰু বজাৰত সমগ্ৰ চাহিদা (Aggregate demand)-ৰ পতন ঘটিল। এই প্ৰক্ৰিয়া সমগ্ৰ বিশ্বতে চলিছে আৰু সেয়েহে বিশ্ব অৰ্থনীতি ‘কভিড-১৯’-ৰ বহু আগতেই গভীৰ সংকটত সোমাই পৰিছিল। এতিয়া ‘কভিড-১৯’-ৰ পৰৱৰ্তী কালত বিশ্ব অৰ্থনীতি বিংশ শতিকাৰ ত্ৰিশৰ দশকৰ সংকটতকৈও অধিক ভয়াৱহ দিনৰ সন্মুখীন হ’বলৈ গৈ আছে। এই কথা উপলব্ধি কৰিয়েই “দ্য ফাইনেঞ্চিয়েল টাইম্‌ছ’ৰ দৰে পুঁজিবাদৰ সমৰ্থনকাৰী কাকতেও যোৱা ৩ এপ্ৰিলৰ সম্পাদকীয়ত অকপটে উল্লেখ কৰিছে— “Radical reforms— reversing the prevailing policy direction of the last four decades-- will need to be put on the table. Goverments will have to accept a more active role in the economy. They must see public services as investments rather than liabilities, and look for ways to make labour markets less insecure. Redistribution will again be on the agenda ... Policies until recently considered accentric, such as basic income and wealth taxes, will have to be in the mix.” ইয়াত এটা কথা স্পষ্ট যে এতিয়াৰ পৰা জাতি ৰাষ্ট্ৰৰ চৰকাৰেবাৰে ব্যক্তিগত পঁুজিৰ ওপৰত নিয়ন্ত্ৰণ কায়েম কৰাৰ লগতে জনসাধাৰণৰ হাততো যথোচিত পৰিমাণৰ ক্ৰয় ক্ষমতা তুলি দিয়াৰ প্ৰয়োজন আছে। তেনে কৰিলেহে দেশত চাহিদা বৃদ্ধি পাব আৰু উদ্যোগসমূহ সিহঁতৰ নিজস্ব গতিত আগবাঢ়ি যাব পাৰিব। তাৰ জৰিয়তে নিয়োগ বৃদ্ধি পাব আৰু তাৰ লগে লগে দেশত পণ্য-দ্ৰব্যৰ চাহিদা আৰু অধিক বৃদ্ধি পাব। উল্লেখযোগ্য, বিশ্বায়নৰ কালছোৱাত চৰকাৰবোৰে ইয়াৰ সম্পূৰ্ণ বিপৰীত নীতি গ্ৰহণ কৰি আহিছে। এতিয়া ‘ক’ভিড-১৯’-ৰ মোকাবিলা কৰিবলৈ সম্প্ৰতি প্ৰয়োজন হোৱা ধন চৰকাৰৰ হাতত নথকাৰ গুৰিতে যে নব্য উদাৰ অৰ্থনৈতিক নীতি, সেই কথাও আমাৰ অনেকে বুজি উঠা নাই। যোৱা শতিকাৰ ত্ৰিশৰ দশকৰ ভয়ংকৰ মন্দাৱস্থাৰ পৰা উদ্ধাৰ পাবলৈ যিদৰে জন মেইনাৰ্ড কেইন্ছ নিৰ্দেশিত চাহিদা বৃদ্ধিৰ নীতি (Demand Management Policy) গ্ৰহণ কৰা হৈছিল, আজিও তাকেই কৰিব লাগিব।



   উল্লেখযোগ্য যে যোৱা চাৰিটা দশকৰ মূল ধাৰাৰ প্ৰচাৰ মাধ্যমে সমগ্ৰ বিশ্বতে শ্ৰমিকৰ বিষয়সমূহ এৰাই চলি আহিছে। আমাৰ দেশতো যোৱা তিনি চাৰিটা বছৰত সংঘটিত হৈ যোৱা ভালেকেইটা ঐতিহাসিক আন্দোলনে মূল ধাৰাৰ প্ৰচাৰ মাধ্যমত যৎকিঞ্চিত স্থান নোপোৱাটোৱেই প্ৰমাণ কৰে তেওঁলোকৰ শ্ৰমিক-কৃষকৰ প্ৰতি মনোভাৱ কেনে! তেওঁলোকে চৌবি ঘণ্টাই হিন্দু-মুছলমান কৰি সকলো গুৰুত্বপূৰ্ণ বিষয়ক তল পেলাই ৰাখিবলৈ চেষ্টা কৰে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এনে ভূমিকাই গণতন্ত্ৰক দুৰ্বল কৰাৰ লগতে সমাজখনৰো বিস্তৰ ক্ষতি কৰিছে। কেতিয়াবা যদি কোনোটো শ্ৰমিক আন্দোলনৰ ওপৰত আলোকপাত কৰা হৈছেও, তাক ধৰ্মঘটৰ জৰিয়তে হোৱা ক্ষতিৰ বাবে‍ জগৰীয়াৰ কাঠগড়াত তুলিবলৈহে টানি অনা হয়; বিষয়বস্তুৰ গুৰুত্ব সন্দৰ্ভত কোনো আলোকপাত কৰা নহয়। আমাৰ মতে, যোৱা চাৰিটা দশকত ক্ৰমাৎ অধঃপতিত দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে প্ৰচাৰ মাধ্যমো কম জগৰীয়া নহয়!



   উক্ত কথাখিনিৰ আলমতে আমি অসংগঠিত খণ্ডৰ প্ৰবাসী শ্ৰমিকসকলৰ কথা আলোচনা কৰিব লাগিব। ইতিপূৰ্বে আমি ‘আন্তঃৰাজ্যিক প্ৰবাসী শ্ৰমিক আইন’-ৰ কথা উল্লেখ কৰি আহিছো। সেই আইনখন যে ধোঁৱা চাঙত তুলি থোৱা হৈছে, সেই কথাও আমি উল্লেখ কৰিছো। স্বাভাৱিকতে আজি দেশৰ বিভিন্ন ৰাজ্যত থকা প্ৰবাসী শ্ৰমিকৰ সংখ্যা, তেওঁলোকে কৰা কাম-কাজৰ ধৰণ. তেওঁলোকৰ থকা-খোৱাৰ বন্দোৱস্ত, মজুৰিৰ পৰিমাণ— এইবিলাক জনাৰ কোনো উপায় নাই। বিভিন্ন অনুমানসিদ্ধ তথ্যৰ ভিত্তিত মোটামুটিভাৱে এই মতত উপনীত হোৱা গৈছে যে এনে ধৰণৰ প্ৰবাসী শ্ৰমিকৰ সংখ্যা প্ৰায় দহ কোটি। এই প্ৰবাসী শ্ৰমিকসকলৰ ভিতৰত সৰ্বাধিক আহিছে যথাক্ৰমে উMৰ প্ৰদেশ আৰু বিহাৰৰ পৰা। এই প্ৰবাসী মজদুৰসকল অসংগঠিত খণ্ডৰ বিভিন্ন উৎপাদন গোট আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ লগত জড়িত। এওঁলোকৰ বহুতো লোক এনে ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান! উৎপাদন গোটৰ লগতো জড়িত, যিবোৰে‍বুজন পৰিমাণৰ বৈদেশিক মুদ্ৰা উপাৰ্জন কৰিও  দেশৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াই আছে। উদাহৰণ স্বৰূপে, কৰ’নাত বেয়াকৈ আক্ৰান্ত, মুম্বাই মহানগৰীৰ ‘ধাৰাভি বস্তি’ৰ কথাকে উল্লেখ কৰিব পাৰি। ২.১ বৰ্গ কি:মি:লেকাৰ, প্ৰায় আঠ লাখ জন বসতিৰ এই অঞ্চলটোত ১৫,০০০ৰো অধিক একোঠলীয়া কাৰখানা আছে, য’ত ঘাইকৈ পোছাক প্ৰস্তুত, মাটিৰ বাচন-বৰ্তন নিৰ্মাণ আৰু পেলনীয়া দ্ৰব্যৰ পৰা পণ্য (recycled commodity) উৎপাদন কৰা হয়। ইয়াৰ পৰা বিদেশলৈ ৰপ্তানি হোৱা পণ্যৰ পৰা বছৰি ৬,৫০০ কোটিৰ পৰা ১০,০০০ কোটি পৰ্যন্ত আমে’ৰিকান ডলাৰ উপাৰ্জন হয়। ইয়াত কেৱল ৰিচাইক্লিং শিল্পতে প্ৰায় আঢ়ৈ লাখ লোক নিযুক্ত হৈ আছে। ঠিক একেদৰে, দেশৰ অন্যান্য চহৰ-মহানগৰবিলাকৰ কল চেণ্টাৰ, হোটেল, ৰেষঅ, ক্লাৱ, এপাৰ্টমেণ্ট, নিৰ্মাণ খণ্ড, বিভিন্ন সেৱা শিল্পত এই প্ৰবাসী শ্ৰমিকসকল নিযুক্ত হৈ আছিল। কিন্তু ‘ক’ভিড-১৯’ৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পাছত, বহু পলমকৈ আৰু আকস্মিকভাৱে ঘোষিত হঠকাৰী তলাবন্ধই এই লোকসকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে। তেওঁলোকৰ বিলৈ-বিপত্তি‍ আজি কাৰো অগোচৰ নহয়। প্ৰচাৰ মাধ্যমেও এতিয়াহে তেওঁলোকক লৈ ‘টি আৰ পি’ গোটোৱাত লাগিছে।


   এতিয়া, কিছু ‘ক’ভিড-১৯’ৰ কাৰণে আৰু কিছু চৰকাৰৰ অপৰিপক্ক সিদ্ধান্তৰ কাৰণে অৰ্থনীতি বিধবস্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত প্ৰবাসী শ্ৰমিকসকলেতো দুেৰ্ভাগ ভুগিব লাগিবই, অৰ্থনীতিয়েও সহজে গোটাব নোৱাৰিব। উল্লেখযোগ্য, চৰকাৰে শেহতীয়াকৈ ঢাক-ঢোল বজাই যি অৰ্থনৈতিক টোপালা আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে, সি আমাৰ মতে, গছৰো উপকাৰ নাসাধে, গুটিৰো উপকাৰ নাসাধে। টোপালাটোৰ আঠানবৈ‍ শতাংশ ধন ঋণ হিচােপ আগবঢ়োৱাৰ কথা কৈছে; প্ৰত্যক্ষ আৰু পৰোক্ষ মাধ্যমেৰে মানুহৰ হাতলৈ উপযুক্ত পৰিমাণৰ ধন হস্তান্তৰ নকৰিলে দেশত চাহিদা বৃদ্ধি নাপাব। চাহিদা বৃদ্ধি নাপালে উদ্যোগপতিয়ে উৎপাদন বৃদ্ধি কৰিবলৈ নিবিচাৰিব— কাজেই ঋণ ল’বলৈও নিবিচাৰিব। জে এম কেইন্‌ছেও আচলতে উদ্যোগপতি অথবা জনতাক ঋণ দিয়াৰ কথা কোৱা নাছিল; চৰকাৰকহে ঋণ লৈ আৱশ্যকীয় ক্ষেত্ৰত বিনিয়োগ কৰাৰ কথা কৈছিল। কিন্তু আমাৰ চৰকাৰে সম্ভৱ সেই কথা বুজি পোৱা নাই অথবা তেনে নীতি গ্ৰহণ কৰাৰ কথা ভবা নাই।

   অসমৰ প্ৰবাসী শ্ৰমিকৰ প্ৰসংগত আমি ইতিপূেৰ্ব উল্লেখ কৰিছোঁ যে ভাৰতবৰ্ষৰ ক’তোৱেই প্ৰবাসী শ্ৰমিকৰ কোনো তথ্য-পাতি নাই। স্বাভাৱিকতে অসমৰ শ্ৰমিকৰো তেনে তথ্য নাই। আমাৰ ৰাজ্য চৰকাৰে প্ৰবাসী শ্ৰমিকৰ সংখ্যা সম্পৰ্কে যিবোৰ তথ্য দি আছে, সেইবোৰ সমুলি বিশ্বাসযোগ্য নহয়। আমাৰ ধাৰণা, সেইবোৰ প্ৰচাৰৰ অন্তৰালত আন কিবা উদ্দেশ্য আছে। চৰকাৰে আচলতে ‘হেল্প্‌লাইন নম্বৰ’-ত মিছ্‌ড কল দিবলৈ কৈ প্ৰবাসী শ্ৰমিকৰ জৰীপ চলাই থকা যেনহে অনুমান হয়। তেনে কলৰ পৰা ইতিমধ্যে প্ৰায় চাৰি লাখ শ্ৰমিকৰ হিচাপ ওলাইছে বুলি জানিব পৰা গৈছে। এওঁলোকৰে প্ৰায় ৮৭,০০০ জনক দুহেজাৰ টকাৰ এককালীন সাহায্য দিয়া বুলিও জানিব পৰা গৈছে। কিন্তু মিছ্‌ড কল দিয়াসকলৰ ভিতৰত বহুতো অৱস্থাপন্ন আৰু প্ৰবাসত নিগাজীকৈ থকা লোকো আছে বুলি জনাৰ পাছত চৰকাৰ কিছু বিমোৰত পৰিছে। সি যি কি নহওক, প্ৰবাসৰ পৰা যিসকল লোক ইতিমধ্যে উভতি আহিছে, আৰু যিসকল আহিবলগীয়া আছে, সেইসকলৰ পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰে কোনো সুনিৰ্দিষ্ট আঁচনিৰ কথা ঘোষণা কৰা নাই। কেৱল ‘এম এনৰেগা’-ত নিয়োগ কৰাৰ কথা কৈছে। কিন্তু আমাৰ মতে, ইও এক ভুৱা প্ৰতিশ্ৰুতি। কাৰণ ইতিপূেৰ্ব জব কাৰ্ড থকা লোকসকলকে চৰকাৰে কামত খটুৱাব পৰা নাই। নতুন লোকক জব কাৰ্ড দি কামত লগোৱা কথাটো সহজ নহয়। উল্লেখযোগ্য যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োটাৰে হাতত সম্প্ৰতি পুঁজিৰ ভীষণ অভাৱ। বিধান সভাত এক লাখ কোটি টকাৰ বাজেট দাখিল কৰা এটা কথা আৰু বাজেটত উত্থাপিত আঁচনিসমূহ ৰূপায়ণ কৰাটো বে‍লেগ এটা কথা। তলাবন্ধৰ এমাহতে ৰাইজৰ সন্মুখত ভিক্ষা পাত্ৰ দাঙি‍ ধৰিাব লগা হোৱাটোৱেই প্ৰমাণ কৰে এক লাখ কোটি টকীয়া বাজেটৰ অন্তঃসাৰশূন্যতাৰ কথা। আকৌ, ‘এম এনৰেগা’-ত লোক নিযুক্ত কৰিবলৈ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ কামো আৰম্ভ কৰিব লাগিব। কিন্তু সেই আঁচনিসমূহ আৰম্ভ কৰিবলৈ চৰকাৰৰ হাতত ধন আছেনে? কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া 'জি এচ টি'-ৰ বকেয়া ধনখিনিও পোৱা নাই। কেন্দ্ৰীয় চৰকাৰ দেউলীয়া। ইতিমধ্যেই দিচপুৰ যথেষ্ট পৰিমাণে ঋণগ্ৰস্ত হৈ আছে বুলি জানিব পৰা গৈছে; অধিক ঋণ পোৱাৰ সম্ভাৱনা কম। এনে পৰিস্থিতিত, প্ৰবাসী শ্ৰমিকক চৰকাৰে কিদৰে সকাহ দিব?

   “চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি” (চি এম আই ই)-ৰ সমীক্ষা মতে যোৱা মাৰ্চ মাহৰ আৰম্ভণিত দেশত চহৰীয়া নিবনুৱাৰ হাৰ আছিল ৭ শতাংশ। তলাবন্ধৰ সময়ছোৱাত সি ২৬.৮ শতাংশলৈ বৃদ্ধি পাইছিল। তলাবন্ধ কিছু শিথিল কৰি দিয়াত দুই শতাংশ কমি প্ৰায় ২৫ শতাংশ হৈছেহি। কোৱা বাহুল্য যে তলাবন্ধৰ শিথিলতাই চহৰীয়া নিবনুৱাৰ হাৰ কিছু হ্ৰাস কৰিলেও অহা বছৰদিয়েকত ৭ শতাংশলৈ উভতি যোৱাৰ কোনো সম্ভাৱনা নাই। আনহাতে গ্ৰামাঞ্চলৰ নিবনুৱাৰ হাৰ দুই শতাংশ বৃদ্ধি পাই প্ৰায় ২৪ শতাংশ হৈছেগৈ বুলি একেটা সমীক্ষাত প্ৰকাশ। উল্লেখযোগ্য যে অসমত চহৰীয়া নিবনুৱাৰ তুলনাত গ্ৰাম্য নিবনুৱাৰ হাৰ বে‍ছি, কাৰণ অসমৰ প্ৰায় ৮৬ শতাংশ লোক গ্ৰাম্য অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল। ইয়াত নিৰ্মাণ খণ্ড, সেৱা খণ্ড, পণ্যোৎপাদন খণ্ডৰ অৱস্থা একেবাৰে অনগ্ৰসৰ। স্বাভাৱিকতে চহৰাঞ্চলত নিয়োগৰ সুযোগ-সুবিধাও কম। উভতি অহা শ্ৰমিকসকলে যিসকলৰ সৰহভাগেই অত্যন্ত তিক্ত অভিজ্ঞতাৰ জ্বালা-যন্ত্ৰণা সুঁৱৰি পূৰ্বৰ কামলৈ পুনৰ ঘূৰি নোযোৱাৰ কথা কৈছে—  ঘাইকৈ গ্ৰামাঞ্চলতে সংস্থান বিচাৰিব লাগিব। তাতো লেঠা অনেক। কাৰণ ইয়াত পৰ্যাপ্ত কামৰ অভাৱ। ইয়াত অৰ্থপূৰ্ণ সংস্থাপনৰ সম্ভাৱনা নথকা হেতু তেওঁলোক বাহিৰলৈ গৈছিল।


   অনেকে নিবনুৱাসকলক কৃষিকৰ্মত নিযুক্ত হ’বলৈ পৰামৰ্শ দিয়ে। সোণোৱাল ডাঙৰীয়াই কৃষকসকলক বছৰি তিনিটা খেতি কৰাৰ পৰামৰ্শ দিছে। কিন্তু ইয়াৰ কাৰ্যকৰী দিশটো তেখেতে ভাবি চাইছেনে?  বৰ্ধিত জনসংখ্যাৰ চাপত মানুহৰ হাতত কৃষি ভূমি কমি গৈছে। প্ৰায় পঁচাশী শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই। বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সকলো চৰকাৰ ব্যৰ্থ। কৃষি মূলধনৰ বাবে‍ সুলভ ঋণৰ কোনো ব্যৱস্থা নাই।  কৃষকৰ উৎপাদিত ফচলৰ ন্যূনতম মূল্য নিৰ্ধাৰণৰ প্ৰতি চৰকাৰৰ কোনো আগ্ৰহ নাই, যাৰ ফলত কৃষকে অনেক সময়ত উৎপাদন-ব্যয়তকৈ কম দামত ফচল বিক্ৰী কৰিবলগীয়া হয়। শীতল ভঁড়ালৰ ব্যৱস্থা একেবাৰেই নাই বুলি ক’ব পাৰি। ইমানখিনি অসুবিধাৰ মাজতো তেওঁলোক কৃষিকৰ্মত নিযুক্ত হ’ব হয়তো পাৰিব; কিন্তু আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ-সুবিধা নাপাব, যদিহে চৰকাৰে বিস্তৃত আঁচনিৰ জৰিয়তে আৱশ্যকীয় সহায়ৰ হাত আগ নবঢ়ায়। আমি স্থানান্তৰত একাধিক প্ৰৱন্ধৰ যোগেদি অসমৰ অৰ্থনৈতিক বিকাশৰ বাবে‍ অন্যান্য ক্ষেত্ৰৰ লগতে ঘাইকৈ কৃষি খণ্ড আৰু লগতে পৰ্যতনক ভিত্তি‍ কৰি কিদৰে আগুৱাই যাব পৰা যায়, তাৰ এক ৰূপৰেখা দাঙি‍ ধৰিছো। তাত আমি কৃষি, মৎস্য তথা পশু পালন আৰু তাৰ ভিত্তি‍ কেঁচা আৰু সংসাধিত (processed) পণ্যোৎপাদন শিল্প গঢ়ি‍ তোলাৰ কথা কৈছোঁ। এই আঁচনিসমূহত চৰকাৰ আৰু জনসাধাৰণ প্ৰত্যক্ষভাৱে কিদৰে যুক্ত হৈ আগবাঢ়ি‍ যাব পাৰে, তাৰো প্ৰস্তাৱ দাঙি‍ ধৰিছোঁ।



   এতিয়া, কৰ’না-উত্তৰ কালত আমি কথােবাৰ বে‍লেগকৈ চিন্তা কৰাৰ সময় উপস্থিত হৈছে। সম্প্ৰতি দেশৰ ভাগি পৰা অৰ্থনীতিয়ে পুনৰ গা কৰি উঠিবলৈ কিমান দিন লাগে, তাক আজিয়েই কৈ দিয়া টান। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতিয়ে আমাক কিন্তু আশাবাদী কৰি তুলিব পৰা নাই। এনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কেৱল ভোট সংগ্ৰহৰ বাবে‍ই টকা খটুৱাই যাব অথবা আঁচনি প্ৰস্তুত কৰিব, নে অসম তথা অসমবাসীৰ উন্নয়নৰ বােব সঠিক দিশত কাম কৰিব—  সেয়া তেখেতসকলৰ সদিচ্ছা আৰু আন্তৰিকতাৰ ওপৰতে নিৰ্ভৰ কৰিব।
ভ্ৰাম্যভাষ: ৯৪৩৫০৯০৮৯৯ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ