ড° অমৃত গোস্বামী
আন্তৰ্জাতিক সহযোগিতাৰে পৰিৱেশ আৰু জীৱবৈচিত্ৰ্যতা ৰক্ষা আৰু বহনক্ষম উন্নয়নৰ
বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত পৰিৱেশ আৰু উন্নয়ন শীৰ্ষক প্ৰথম ধৰিত্ৰী সন্মিলন(Earth
Summit) ১৯৯২ চনৰ ৩-১৪ জুন তাৰিখে ব্ৰাজিলৰ
ৰিঅ’ দি জেনিৰ’(Rio de Janerio) চহৰত অনুষ্ঠিত হৈছিল৷ এই সন্মিলনক ৰিঅ’ সন্মিলন(Rio
Summit) বুলিয়েই জনা যায়৷ সন্মিলনৰ মূল উদ্দেশ্য আছিল আৰ্থ-সামাজিক ৰক্ষাৰে বহনক্ষম
উন্নয়ন কৰিবলৈ যাওঁতে হোৱা পৰিৱেশতন্ত্ৰৰ সলনি, বনধ্বংস আদি সমস্যাবোৰৰ ক্ষেত্ৰত ২১
শতিকাৰ বাবে আন্তৰ্জাতিক বুজাপৰাৰে এক গোলকীয় কৰ্ম আঁচনি-২১(Global Action
Plan-Agenda-21) প্ৰস্তুত কৰা৷ এই সন্মিলনতেই ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ ৰূপৰেখা সন্মিলন (United Nations
Framework Convention on Climate Change-UNFCCC) নামৰ এক সংস্থা গঠন কৰি এই সংস্থাৰ
দ্বাৰা প্ৰতি বছৰে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয়
সমস্যাবোৰ আৰু তাৰ সমাধানৰ বাবে বিশ্বৰ বিভিন্ন ঠাইত একোখন সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্বান্ত
লোৱা হয় যাক কোৱা হয় কনফাৰেন্স অৱ পাৰ্টিজ বা ক’প(Conference of parties-COP)৷ ৰিঅ’
সন্মিলনৰ পাছত ১৯৯৫ চনৰ এপ্ৰিলৰ ২৮ মাৰ্চৰ পৰা ৭ তাৰিখলৈ জাৰ্মানীৰ বাৰ্লিন চহৰত ১১দিন
ধৰি হোৱা প্ৰথম ক’প সন্মিলনৰ পাছৰ পৰা ধাৰাৱাহিকভাৱে প্ৰতিবছৰে বিশ্বৰ বিভিন্ন ঠাইত
এই ক’প অনুষ্ঠিত হৈ আহিছে আৰু যোৱা বছৰ আজাৰবাইজানৰ বাকুত হোৱা ক’প-২৯ ৰ পাছত ৩৩ বছৰৰ
মূৰত পুনৰ পৃথিৱীৰ হাওঁফাওঁ আমাজন বৰ্ষাৰণ্যৰ দেশ ব্ৰাজিললৈ ঘূৰি আহিল আৰু ইয়াৰ বেলেম(Belem)
চহৰত এইবছৰ ১০ নৱেম্বৰৰ পৰা পূৰ্বে নিৰ্দ্ধাৰিত ২১ নৱেম্বৰৰ পৰিৱৰ্তে ৫৭ ঘণ্টা অধিক
লৈ ২২ নৱেম্বৰলৈকে ২০০খন দেশৰ পৰা প্ৰায় ১,০০,০০০ লোকৰ সমাগমেৰে ক’প-৩০ অনুষ্ঠিত হৈ
যায়৷ বাৰ্লিন চহৰৰ ক’প-১পৰা বাকুৰ ক’প-২৯ লৈকে বিভিন্ন দেশৰ নেতা,
উচ্চ পৰ্য্যায়ৰ কুটনীতিবিদ, সাংবাদিক,চৰকাৰী আৰু বে-চৰকাৰী প্ৰতিনিধি, সক্ৰিয় পৰিৱেশ
কৰ্মী আদি অনেক লোকৰ সমাগমত জলবায়ু পৰিৱৰ্তন সম্পৰ্কত ইয়াৰ কাৰক, ব্যৱস্থাপনা, এই সম্পৰ্কত
নীতি নিৰ্দ্ধাৰণ, প্ৰতিশ্ৰুতি আদি বহুত আলোচনা হ’ল৷ প্ৰথমে জাপানৰ কিউটো (Kyoto) চহৰত
হোৱা কিউটো প্ৰটকল (Kyoto Protocol) নামেৰে জনা ক’প-৩-ত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয়
উষ্ণতা বৃদ্ধিৰ কাৰক সেউজগৃহ গেছৰ নিৰ্গমনক হ্ৰাস কৰি ১৯৯০ চনৰ আগৰ অৱস্থাতকৈ ৫% তললৈ
আনিবলৈ ব্যৱস্থা লোৱাৰ নিমিত্তে উন্নত দেশ সমূহক আহ্বান জনোৱা হৈছিল৷ কিন্তু কোনো উন্নত দেশৰেই ক’প-১৪ পৰ্য্যন্ত বিষয়টোত বিশেষ গা নলৰিল৷ লাহে লাহে অৱস্থা বেয়াৰ ফাললৈ যোৱা লক্ষ্য কৰি বহু পৰীক্ষা-নিৰীক্ষাৰ
অন্তত ফ্ৰান্সৰ পেৰিচ চহৰত ২০১৫ চনত অনুষ্ঠিত হোৱা ক’প-২১-ত কিছুমান সিদ্ধান্ত লোৱা হয়৷ এই সিদ্ধান্তসমূহৰ ভিতৰত আছিল
২১০০ চনলৈকে পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা প্ৰাক-ঔদ্যোগিক কালৰ অৰ্থাৎ ১৮৫০ চনৰ উষ্ণতাতকৈ
২° ছেলছিয়াছ আৰু পৰাপক্ষত
১.৫° ছেলছিয়াছতকৈ বেছি বৃদ্ধি
হ’বলৈ নিদিয়াৰ লক্ষ্য লৈ সেউজগৃহ গেছৰ কাৰক
জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমাই পৰিৱেশ বিনষ্ট নকৰা আৰু নৱীকৰণ শক্তিৰ উৎসৰ পৰা শক্তি
আহৰণ কৰা, জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই জীয়াই থাকিবলৈ শিকা আৰু তাৰ বাবে প্ৰযুক্তিৰে আগবঢ়া, প্ৰত্যেক দেশেই নিজৰ নিজৰ ব্যৱস্থাৰে
কেনেকৈ আৰু কিমানকৈ সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰিব পাৰে তাৰ বাবে ৰাষ্ট্ৰীয়ভাৱে নিৰ্দ্ধাৰিত
সংকল্প বা NDC(Nationally Determined Contribution) প্ৰতি পাঁছ বছৰৰ মূৰে মূৰে ইয়াক
নবীকৰণ কৰি জমা দিয়া, উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহক জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত
উদ্ভৱ হোৱা সমস্যাবোৰ মোকাবিলা কৰা, সমস্যাসমূহৰ সৈতে খাপ-খুৱাই লোৱাৰ ক্ষেত্ৰত আৰ্থিক
সাহাৰ্য্য প্ৰদান কৰা আৰু উন্নয়নশীল দেশসমূহক জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান
প্ৰতিষ্ঠান, কাৰিকৰী ব্যৱস্থা আহৰণৰ বাবে সমৰ্থন দিয়া আদি৷ এই প্ৰস্তাৱসমূহত বিশ্বৰ
প্ৰায় ১৯৫খন দেশে স্বাক্ষৰ কৰিছিল৷ কিন্তু পেৰিচ চুক্তিৰ আজি ১০ বছৰৰ পাছতো পৰিস্থিতি
ভালতকৈ যেন লাহে লাহে কিছু বেয়াৰ দিশলৈহে গতি কৰিছে৷ ইয়াৰ অৱশ্যে অনেক কাৰণ আছে৷ ক’প-৩০
আৰম্ভ হোৱাৰ ঠিক পূৰ্বে ৰাষ্ট্ৰসংঘই এক সংশ্লেষণ প্ৰতিবেদন (Synthesis Report)প্ৰকাশ
কৰি কয় যে বিশ্বৰ বিভিন্ন দেশসমূহে ২০১৯ চনৰ পৰা ২০৩৫ চনৰ ভিতৰত সেউজগৃহ গেছ নিৰ্গমনৰ
হ্ৰাসকৰণৰ মাত্ৰা ১৭% হে কৰিবলৈ সমৰ্থ হৈছে যিটো পেৰিচ চুক্তি অনুসৰি গোলকীয় উষ্ণতাৰ
বৃদ্ধি ১.৫°
বা খুউব বেছি ২°ছেলছিয়াছৰ
তলত ৰাখিবলৈ যথেষ্ট কম৷ কিয়নো নিৰ্গমনৰ হ্ৰাসকৰণ
কমপক্ষেও ২০১৯চনত ৩৭%ৰ পৰা ২০৩৫ চনৰ ভিতৰত ৫৭% শতাংশলৈ নিব লগাটো অতীব প্ৰয়োজন৷
দুখৰ বিষয় যে ২০২২ চনৰ পৰা ২০২৫চনৰ চেপ্টেম্বৰ মাহৰ ৩০ তাৰিখলৈকে ১৯০খন দেশৰ ভিতৰত
কেৱল ৬৫খন দেশেহে আপডেটেড এন.ডি.চি.জমা দিছে৷ আমাৰ দেশেও এই আপডেটেড এন.ডি.চি.ৰ লগতে ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনা
(National Adaptation Plan-NAP) ডিচেম্বৰ মাহতহে
জমা দিব বুলি পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ক’প -৩০-ত ঘোষণা কৰে৷
পেৰিছ চুক্তিৰ ১০ বছৰৰ পাছতো জলবায়ু সমস্যা বাঢ়ি যোৱা কথাটো সেয়ে
উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে৷ দক্ষিণ এছিয়াই ঠেকা খাইছে মৌচুমী বায়ুৰ অনিয়মীয়তা, অস্বাভাৱিক
তাপ, অকস্মিক বান, খৰাং পৰিস্থিতি, গড়াখহনীয়া, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ, হিমপ্ৰৱাহ
আদিৰ সমস্যা৷ এই জোকাৰণিবোৰৰ সমাধানৰ ক্ষেত্ৰত যেন ইতিমধ্যে লোৱা গোলকীয় সিদ্ধান্ত
সমূহত ফাট মেলিছে, বহুপক্ষিকতাত(Multilateralism) যেন এক বৃহৎ টনাটনি চলিছে, প্ৰতিশ্ৰুতি
সমূহ যেন দুৰ্বল হৈ পৰিছে আৰু কেৱল বেপাৰেহে যেন অগ্ৰাধিকাৰ পাইছে৷ জলবায়ু পৰিৱৰ্তন
সমস্যাৰ সমাধানৰ বাবে অৰ্থৰ যি ব্যৱস্থাপনাৰ প্ৰস্তাৱ লোৱা হৈছিল, সেই ক্ষেত্ৰত উন্নত
দেশসমূহে ক্ৰমান্বয়ে মূৰপোলোকা মৰাৰ দৰে অৱস্থা হৈছেগৈ৷ আজাৰবাইজানৰ বাকু চহৰত হোৱা
ক’প-২৯খন যেন এই টকা-পইচাৰ খেলতেই টনা আজোৰা লাগি সমগ্ৰ সন্মিলনখন শেষ হ’ল৷ জলবায়ু
পৰিৱৰ্তনৰ ক্ষেত্ৰত সেউজগৃহ গেছ নিৰ্গমনৰ হ্ৰাসকৰণৰ সীমাকে ধৰি সমস্যাবোৰ মোকাবিলা
কৰাৰ নিমিত্তে উন্নত দেশসমূহৰ মাজত উন্নয়নশীল দেশসমূহক দিব লগা ধনৰাশিৰ ক্ষেত্ৰত হোঁহকা-পিছলা
আৰম্ভ হয়৷ শেষত অৰ্থ আহৰণৰ এক নতুন সামূহিক নিৰিখৰ লক্ষ্য (New Collective
Quantified Goal,NCQG)স্থিৰ কৰি উন্নত দেশ
সমূহে প্ৰতিবছৰে ৩০০বিলিয়ন ডলাৰকৈ ২০৩৫লৈকে দিয়াৰ নিমিত্তে প্ৰস্তাৱ লোৱা হয়৷ এই ব্যৱস্থা
২০৩৫ লৈকে ১.৩ ট্ৰিলিয়ন ডলাৰ কৰাৰো ভৱিষ্যতৰ লক্ষ্য ৰখা হৈছিল৷ এইবোৰ প্ৰস্তাৱহে লোৱা
হ’ল; কোনে কেনেকৈ, কিমান পৰিমাণত কেতিয়াৰ ভিতৰত দিব তাৰ একো সুব্যৱস্থা কৰা নহ’ল৷ ২০২৪
চনৰ ১১ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈকে চলা এই সন্মিলন শেষ হোৱাৰ পাছত যেতিয়া আমেৰিকাৰ
ৰাষ্ট্ৰপতি হিচাপে পুনৰ ডোনাল্ড ট্ৰাম্প আহিল, কথাবোৰ যেন পুনৰ সলনি হৈ গ’ল৷ ক্ষমতালৈ
আহি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিলে যে তেওঁৰ নীতি হ’ল MAGA(Make America Great
Again) অৰ্থাৎ আমেৰিকা প্ৰথম আৰু কোনো পেৰিচ চুক্তি নামানে আৰু পূৰ্বে বাইডেন চৰকা্ৰে
দিয়া সকলো প্ৰতিশ্ৰুতি তেওঁ উঠাই ল’লে৷ কিয়নো তেওঁৰ ‘আমেৰিকা প্ৰথম’ নীতি জলবায়ু পৰিৱৰ্তনৰ
বাস্তৱ সমস্যাৰ লগত খাপ নাখায়৷ আনহাতে ইউৰোপীয়
সংঘই ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ দ্বাৰা যুটীয়াভাৱে বৰঙণি দিয়াৰহে পোষকতা কৰি আহিছে৷
বিপৰীতে অষ্ট্ৰেলিয়া আৰু চৌদি আৰবীয়াই পেৰিছ চুক্তিৰ স্বাক্ষৰকাৰী হ’লেও কোনো চৰ্তই
মানি চলা নাই৷ কাৰ্বন নেট-জিৰৰ(Net zero) ক্ষেত্ৰটো বিভিন্ন দেশৰ বিভিন্ন সময় সীমা৷
পশ্চিমীয়া দেশবোৰে ২০৫০ চনৰ ভিতৰত কাৰ্বন নেট-জিৰো লক্ষ্য হিচাপে ঘোষণা কৰাৰ বিপৰীতে
চীনে তেওঁলোকৰ ৰাষ্ট্ৰীয় নীতিৰ আধাৰত ২০৬০ আৰু ভাৰতে ২০৭০ চনৰ ভিতৰতহে কাৰ্বন নেট-জিৰো
কৰিবলৈ সমৰ্থ হোৱাৰ কথা গ্লাছগো ক’প-২৬-তে ঘোষণা কৰিছিল৷ আনহাতে ভাৰতে ইয়াৰ শক্তিৰ
আহৰণ ২০৩০ চনৰ ভিতৰত ৫০% জীৱাশ্ম ইন্ধনৰ ঠাইত
নবীকৰণ আৰু প্ৰদূষণমুক্ত উৎস সৌৰশক্তি, পৱন শক্তি আৰু জলশক্তি ব্যৱহাৰৰ দ্বাৰা কৰাৰ
কথা ঘোষণা কৰি আগবাঢ়িছে৷ জীৱাশ্ম ইন্ধন ব্যৱহাৰ আৰু অন্যান্য ঔদ্যোগিক প্ৰতিষ্ঠানৰ
পৰা নিৰ্গত কাৰ্বন শোষণৰ কাৰ্বনবৰ্জানাধাৰ(Carbon sink) হ’ল বনাঞ্চল সমূহ, নদ-নদী,
সাগৰ, জলাশয়, জান-জুৰি আদিবোৰ৷ কিন্তু উন্নয়নৰ নামত এই বনাঞ্চল আৰু জলাশয়, নদ-নদীৰ
যি ধ্বংস যজ্ঞ চলি ভয়ঙ্কৰ ৰূপ লৈছে সেয়া আমি চকুৰ আগতেই দেখি আহিছোঁ৷ উন্নয়নৰ নামত
বন ধ্বংস আৰু বনজুইৰ দ্বাৰা আমাজন বৰ্ষাৰণ্যও সাৰি যোৱা নাই আৰু অনুৰূপ অৱস্থাৰে আফ্ৰিকাৰ
শুকান তৃণভূমি চাভান্নাৰ সদৃশ হ’বলৈ গৈ আছে৷ আনহাতে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ
বৃদ্ধিয়ে উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কেনেধৰণৰ প্ৰভাৱ পেলাইছে সেই সম্পৰ্কে প্ৰকাশ
পোৱা এক গৱেষণাৰ প্ৰতিবেদন সকলোৰে বাবে এক
উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে৷ ২০২৫ চনতে আই আই টি, খড়গপুৰৰ(IIT,Kharagpur) সৈতে
আই আই টি বম্বে(IIT,Bombay)আৰু বিট্চ পিলানী(BITS Pilani)য়ে যুটীয়াভাৱে কৰা এক গৱেষণাৰ
পৰা জানিব পৰা গৈছে যে সমগ্ৰ দেশৰ গভীৰ অৰণ্য সমূহৰ উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন
ডাইঅক্সাইড শোষণ কৰি পানীৰ সৈতে সালোকসংশ্লেষণ (Photosynthesis) নামৰ যি জৈৱৰাসায়নিক
বিক্ৰিয়াৰে শ্বেতসাৰ বা কাৰ্বোহাইড্ৰেট প্ৰস্তুত কৰে তাৰ পৰিমাণ ১২% কমি গৈছে আৰু ইয়াৰ
কাৰণ অধিক উষ্ণতা বৃদ্ধি আৰু মাটি শুকাই যোৱাৰ ফল৷ ইয়াৰ অৰ্থ এয়ে যে বনাঞ্চলৰ পৰিসৰ
বৃদ্ধিৰ অনুপাতে বায়ুমণ্ডলৰ পৰা কাৰ্বনডাইঅক্সাইডৰ শোষণৰ ক্ষমতা বৃদ্ধি নাপায় আৰু সেয়ে
বনানীকৰণৰ লগতে পাৰিপাৰ্শ্বিকতাতো অধিক গুৰুত্ব দিয়া প্ৰয়োজন৷ সি যিয়েই নহওক, কাৰ্বনবৰ্জানাধাৰ
হিচাপে বনাঞ্চল বৃদ্ধি আৰু সংৰক্ষণ কৰিবই লাগিব৷ ভাৰত চৰকাৰেও বহনক্ষম উন্নয়ন আৰু অৰ্থনৈতিক
বিকাশৰ বাবে সেউজ ভাৰত অভিযান (Green India Mission) আঁচনি ঘোষণা কৰি দেশৰ ২৫ মিলিয়ন
হেক্টৰ ধ্বংসপ্ৰাপ্ত বনভূমি আৰু অন্যান্য অনা-অৰণ্য ভূমি ২০৩০ চনৰ ভিতৰত পুনৰ বনানীকৰণ
কৰাৰ লক্ষ্য লৈছে. যাৰ দ্বাৰা এই দশকৰ শেষৰফাললৈকে প্ৰায় ৩.৩ বিলিয়ন টন কাৰ্বনডাইঅক্সাইডৰ
সমতুল্য কাৰ্বন শোষণৰ ভাণ্ডাৰ সৃষ্টি হ’ব৷ এইবোৰ প্ৰতিশ্ৰুতিহে মাত্ৰ৷ এতিয়ালৈকে ২৯খন ক’প সন্মিলনত বহুতো প্ৰতিশ্ৰুতি
পোৱা গ’ল৷ কিন্তু প্ৰতিশ্ৰুতিবিলাক যেন পালন
কৰাত দেশবিলাক অপাৰগ৷ কাৰ্বন অৰ্থনীতিৰ দ্বাৰা উন্নত দেশবোৰ বহু লাভান্বিত হ’ল৷ এই
দেশবিলাকেই সকলোতকৈ বেছি কাৰ্বন নিৰ্গমন কৰে আৰু ফল ভোগ কৰে উন্নয়নশীল দেশবোৰে বা দুখীয়া
দেশবোৰে যিবোৰৰ দ্বাৰা কাৰ্বন নিৰ্গমন খুবেই কম৷ অথচ ক’প অৰ্থনীতিৰে নিৰ্দ্ধাৰিত তেওঁলোকৰ
বাবে ভোগা উন্নয়নশীল দেশবোৰক জলবায়ু পৰিৱৰ্তন মোকাবিলা কৰিবলৈ দিব লগা ধনৰাশি দিবলৈ
তেওঁলোক পিছ হোঁহকে৷ ইমানবোৰ সন্মিলনত বহুত কথা পতা হ’ল আৰু বহু প্ৰতিশ্ৰুতি ৰখা হ’ল৷
এতিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্য্যকৰী কৰাৰ সময়৷ বাকুৰ পৰা বেলেমলৈ সেয়ে এক সুকীয়া যাত্ৰা
বুলি ধৰা হ’ল৷ যিহেতু আমেৰিকাই ইতিমধ্যে দায়িত্বৰ পৰা আঁতৰি গৈছে, ইউৰোপীয় দেশসমূহে
মুখেৰেহে কথাবোৰ সমৰ্থন কৰে, সেয়ে সমগ্ৰ বিষয়টো এতিয়া গোলকীয় দক্ষিণৰ দেশৰ বিশেষকৈ
ব্ৰিকচ্(BRICS-Brazil, Russia,China, Etheopia, India, Indonesia, Iran, South Africa, Egypt, UAE) দেশসমূহৰ দায়িত্বলৈ
আহি পৰে ৷ যোৱা জুলাই মাহত ৰিঅ’-ত হোৱা ব্ৰিক্চ সন্মিলনতেই ক’প-৩০-ৰ ৰূপ-ৰেখা প্ৰস্তুত
কৰা হৈ গৈছিল৷ সেই দিশৰ পৰা ব্ৰাজিলৰ এই ক’প-৩০ এক তাৎপৰ্য্যপূৰ্ণ সন্মিলন আছিল য’ত
পূৰ্বৰ সকলো প্ৰতিশ্ৰুতি কাৰ্য্যকৰীকৰণৰ প্ৰস্তুতিৰে আৰম্ভ কৰা হৈছিল৷
এই ক্ষেত্ৰত ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি লুইজ ইনাচিন লুলা দি চিলভাৰ(Luiz
Inacin de Silva) এই সন্মিলনক সেই আশাৰে ক’প-৩০-ৰ নাম ৰাখিছিল ‘সত্যৰ ক’প’ বা
Conference of truth’ য’ত পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ সঠিক ৰূপায়ণৰ ব্যৱস্থা লোৱা হ’ব৷ কিন্তু যি আশাৰে এই সন্মিলন আৰম্ভ হৈছিল সেই ধৰণেৰে যেন সফল নহ’ল৷ আৰম্ভণিৰে পৰা বহু বাক-বিতণ্ডাৰ মাজেৰে চলা সন্মিলনখনৰ শেষৰ ২৪ ঘণ্টাত এটা সময়ত জীৱাশ্ম ইন্ধন পৰ্য্যায়ক্ৰমে
অপসাৰিত কৰাৰ বিষয়টোক লৈ ইউৰোপীয় সংঘ আৰু ইউ কেই সন্মিলনৰ পৰা ওলাই যোৱাৰ ভাবুকি
দিয়ে, ৰাছিয়া আৰু চৌদি আৰবকে ধৰি জীৱাশ্ম ইন্ধন উৎপাদনকাৰী দেশসমূহে
প্ৰৱল প্ৰতিবাদ কৰে আৰু কলম্বিয়া আৰু লেটিন আমেৰিকাৰ দেশসমূহে এই বিষয়টোত এক
স্পষ্ট নীতি লোৱাৰ পোষকতা কৰে৷ শেষৰফালে প্ৰায় ৯০খন দেশে বিষয়টোত কৰা সমৰ্থনক
লৈ কলম্বিয়াই নেদাৰলেণ্ডৰ সহযোগিতাত এই ক্ষেত্ৰত এক পথনক্সা(Roadmap) তৈয়াৰ কৰিবলৈ ২০২৬ চনৰ এপ্ৰিল মাহতে এক সুকীয়া সন্মিলন আয়োজন কৰা কথাটোৱে দেশসমূহৰ
মাজত অহা বিভাজন স্পষ্ট কৰি দিয়ে৷ সি যিয়েই নহওক ব্ৰাজিলৰ ভাষাত ‘মুটিৰাও’(Mutirao)অৰ্থাৎ সকলো অংশদাৰীৰ সহযোগিতাৰে লোৱা সিদ্ধান্ত অনুসৰি উন্নয়নশীল দেশ সমূহে উন্নত
দেশসমূহৰ পৰা জলবায়ু অৰ্থনীতিৰ ক্ষেত্ৰত কিছু লাভৱান হ’বলৈ সমৰ্থ
হয়৷ সদৌ শেষত
ক’প-৩০-ত মূল ৫টা বিষয়ৰ সিদ্ধান্তৰে সন্মিলনৰ সামৰণি পৰে৷
১/জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খাব পৰাকৈ(Adaptation) উন্নয়নশীল
দেশসমূহে উন্নত দেশসমূহৰ পৰা পাব লগা অনুকুলন পুঁজি ২০৩৫ চনলৈকে তিনিগুণলৈ বৃদ্ধি কৰাৰ
প্ৰস্তাৱ লোৱা হয়৷
২/ প্ৰত্যেক দেশৰ সেউজগৃহ নিৰ্গমন হ্ৰাসকৰণৰ নিৰ্দ্ধাৰিত সংকল্প (NDC) আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সীমা ১.৫০ ছেলছিয়াছৰ তলত ৰখাৰ বাবে কৰিব
লগা ব্যৱস্থাৰ মাজত থকা অন্তৰ দূৰ কৰাৰ ক্ষেত্ৰত গোলকীয় ৰূপায়ন ত্বৰক
(Global Implementation Accelerator) নামৰ এক স্বেচ্ছাধীন মঞ্চ সৃষ্টি কৰাৰ প্ৰস্তাৱ লোৱা হয় যাৰ
সহায়ত প্ৰস্তাৱিত কাৰ্য্যব্যৱস্থা
বাস্তৱত ৰূপ দিয়াত সহায়ক হ’ব৷
৩/ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনিত হোৱাৰ
ক্ষেত্ৰত যাতে কোনো দেশ পিছপৰি নাথাকে, বিশেষকৈ যিসকলৰ জীৱিকা
জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল, তেনেক্ষেত্ৰত তেওঁলোকৰ স্বচ্ছ
আৰু নিকা ভাৱেৰে অৰ্থনৈতিক উন্নয়নত সমৰ্থন আৰু সহায় আগবঢ়োৱাৰ ব্যৱস্থা ৰখাৰ প্ৰস্তাৱ
লোৱা হয়৷
৪/ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ পৰ্য্যায়ক্ৰমে হ্ৰাসকৰণৰ ক্ষেত্ৰত কঠোৰ ভাষাৰ প্ৰয়োগেৰে
সময় সীমা নিৰ্দ্ধাৰণত বহুতো দেশে সমৰ্থন কৰিলেও এনে ইন্ধন উৎপাদনকাৰী দেশসমূহে এনে
সিদ্ধান্তত কৰা প্ৰতিৰোধৰ বাবে বিষয়টো জাৰ্মানীৰ বন চহৰত হ’ব
লগা ক’প-৩১-ত বিষদভাৱে আলোচনা কৰিবলৈ স্থগিত ৰখা হয়৷
৫/ উন্নয়নশীল দেশসমূহে জলবায়ু-পৰিৱৰ্তনৰ ক্ষেত্ৰত অনুকুলন(Adaptation)প্ৰাপ্তিৰ লক্ষ্যত কিমান উপনিত হ’ব পাৰিছে তাৰ জোখ
লোৱাৰ এক সমস্যা হ’ল স্থানভেদে পৰিৱেশ বেলেগ বেলেগ৷ সেয়ে এইক্ষেত্ৰত
সৰ্বসন্মতিক্ৰমে ‘গোলকীয় অনুকুলন প্ৰাপ্তিৰ
লক্ষ্য’(Global Goal on Adaptation) নামেৰে এক সূচক বা নিৰ্ণায়ক
নিৰ্দ্ধাৰণ কৰা হয়৷ এই ব্যৱস্থাৰ যোগেদি স্থান বিশেষত জল সুৰক্ষা, খাদ্য সুৰক্ষা, আন্তঃগাঁথনিৰ
স্থিতিস্থাপকতা ৰক্ষা আৰু যিকোনো বিপদৰ আগজাননী লাভ কৰাৰ লগতে অনুকুলন প্ৰাপ্তিৰ বাবে
লাভ কৰিব লগা বিত্তৰ ক্ষেত্ৰত সহায় পাব পৰা যাব৷
এইখিনি সিদ্ধান্তৰ উপৰিও ক’প-৩০-ৰ সভাপতিৰ অভিভাষণত বনধ্বংস ৰোধ কৰা, বন সংৰক্ষণৰ বাবে কেতবোৰ ব্যৱস্থাৰ কথাও
উল্লেখ কৰে৷ উল্লেখযোগ্য যে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দি চিলভাই আমাজনৰ ইতিমধ্যে বনধ্বংস আধালৈ কমাই
আনিবলৈ সক্ষম হয়৷ লুলা দি চিলভাৰ
জলবায়ু পৰিৱৰ্তন সম্পৰ্কত লোৱা কেতবোৰ পদক্ষেপ অতি প্ৰশংসনীয়৷ প্ৰথমে বাকুৰ পৰা বেলেমলৈ
জলবায়ু পৰিৱৰ্তনৰ পথ-নক্সা(Roadmap) হিচাপে বন সুৰক্ষাৰ বাবে ক’প-৩০ সন্মিলনত ক্ৰান্তীয়
বন সংৰক্ষণ সৰ্বকাল পুঁজি(Tropical Forests Forever Fund-TFFF) নামৰ এক অভিনৱ অভিযানৰ
সূচনা কৰে৷ এই ব্যৱস্থা এই কাৰণেই অভিনৱ যে দান-বৰঙণিৰ
বিপৰীতে ই এক বিনিয়োগ ব্যৱস্থাহে৷ আৰম্ভণিতে ১০ বিলিয়ন ডলাৰৰ পুঁজিৰ লক্ষ্যৰে আৰম্ভ
কৰা এই অভিযানত ব্ৰাজিল চৰকাৰে ইতিমধ্যে এক বিলিয়ন ডলাৰৰ আবণ্টন দি ৰাখিছে আৰু বিশ্বৰ
অন্যান্য দেশসমূহকো এনে অভিযান আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছে৷ দ্বিতীয়তে ব্ৰাজিল চৰকাৰে
বিশ্বৰ দ্বিতীয়খন দেশ হিচাপে কাৰ্বন নিৰ্গমনৰ হ্ৰাসকৰণৰ পৰিমাণ পূৰ্বৰ ৫৯%-ৰ পৰা ২০৩৫
চনৰ ভিতৰত ৬৭%লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱেৰে নবীকৃত এন.ডি.চি. ২০২৪ চনৰ নৱেম্বৰতে জমা দিয়ে৷ তৃতীয়তে ব্ৰাজিলৰ ৮৮% শতাংশ বিদ্যুত,
নবীকৰণ শক্তি উৎসৰ পৰা আহৰণ কৰা হয়৷জৈৱ ইন্ধনৰ ক্ষেত্ৰত ব্ৰাজিল পৃথিৱীৰ ভিতৰতে এক
নম্বৰত৷ যিহেতু দেশৰ বিকাশৰ আৰ্হি কেৱল জীৱাশ্ম ইন্ধন-ভিত্তিক হ’ব নোৱাৰে, সেয়ে ব্ৰাজিলৰ সকলো তেল কোম্পানী ক্ৰমান্বয়ে শক্তি কোম্পানী হিচাপে ৰূপান্তৰ কৰাৰ দিশে আগবাঢ়িছে৷
কিন্তু ইয়াৰ পাছতো ব্ৰাজিল চৰকাৰে লোৱা তেওঁলোকৰ কেতবোৰ সিদ্ধান্তৰ
বাবে বহু সমালোচনাৰো সন্মুখীন হৈছে৷ ক’প-৩০ সন্মিলনৰ আগে আগে বেলেম চহৰৰ ওচৰৰ আমাজন বৰ্ষাৰণ্যৰ মাজেৰেই ব্ৰাজিল চৰকাৰে চাৰিলেনযুক্ত
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি উলিয়ায়৷ এই বিষয়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে
উপহাস কৰি কয়, “তেওঁলোকে
ক’প-৩০ লৈ অহা পৰিৱেশকৰ্মীসকল অহা-যোৱা কৰিবলৈ আমাজন বৰ্ষাৰাণ্য ধ্বংস কৰি চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণ কৰিছে”৷ আনহাতে এই সন্মিলনৰ
আৰম্ভণিৰ আগে আগে ব্ৰাজিল চৰকাৰে পেত্ৰব্ৰাস(Petrbras) নামৰ এক কোম্পানীৰ বাবে আমাজন
নদীৰ মুখভাগতে দেশৰ আই.বি.এম.এ.(IBAMA) নামৰ এক পৰিৱেশ সংস্থাক
খাৰুৱা তেলৰ বাবে খনন কৰিবলৈ দিয়া অনুমোদন আন এক পৰিপন্থী পদক্ষেপ৷ ইয়াৰ মাজতে ক’প-৩০ চলি থকাৰ সময়তে ২০
নৱেম্বৰ তাৰিখে দিনৰ দুই বজাত বিভিন্ন মণ্ডলত বিভক্তিত সন্মিলনখনৰ মূল পেভিলিয়ন ‘নীল মণ্ডল’-ত সংঘটিত হোৱা অগ্নিকাণ্ড আন এক অনাকাংক্ষিত ঘটনা য’ত ৰাষ্ট্ৰসংঘৰ
সচিৱ প্ৰধানকে ধৰি বিভিন্ন কুটনীতিবিদ, সাংবাদিক, পৰিৱেশকৰ্মীকে ধৰি প্ৰায় ৫০০০০ প্ৰতিনিধি উপস্থিত আছিল৷ ঘটনাত প্ৰায় ২১জন লোক
আঘাতপ্ৰাপ্ত হয়৷ আমাজনৰ বুকুত অনুষ্ঠিত ক’প-৩০ এই গুৰুত্বপূৰ্ণ
সন্মিলনখন এনে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে ২০২৬ চনত তুৰস্কৰ অন্তল্য চহৰত হ’ব লগা ক’প-৩১-লৈ বুলি এবছৰৰ বাবে অন্ত পৰে৷
***
ড°
অমৃত গোস্বামী
অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী-(নেইষ্ট-যোৰহাট)
জয়ানগৰ, গুৱাহাটী-৭৮১০২২
ভ্ৰাম্যভাষ: ৯৪৩৫০৫২০৯৩
