(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা ৰাজকুমাৰী
যোৱা সংখ্যাৰ লেখাটো শেষ কৰিছিলোঁ শ্বেৰ চৌধুৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত তথ্যচিত্ৰ ‘ছাউণ্ড অৱ দ্য ডায়িং কালাৰছ’ৰ কথাৰে৷ শ্ৰেষ্ঠ প্ৰম’শ্বনেল তথ্যচিত্ৰৰ বঁটা পোৱা এইখন তথ্যচিত্ৰৰ পৰিচালনা, চিত্ৰনাট্য ৰচনা আৰু সঙ্গীতৰ কামৰ লগতে শ্বেৰ চৌধুৰীয়ে আৰু বহুতো চিনেমা, তথ্যচিত্ৰৰ সঙ্গীত পৰিচালক হিচাপে কাম কৰিছিল৷ ধীৰু ভূঞাৰ চিনেমা ‘প্ৰথম ৰাগিনী’, গৌতম বৰাৰ তথ্যচিত্ৰ ‘উইভাৰ্ছ অৱ দ্য গ’ল্ডেন থ্ৰেড’, ‘ৱ’শ্ব’বিপ’, ‘ছনছ্ অৱ আবুটানি’, প্ৰদীপ গগৈৰ ‘আই কিল্ড হিম ছাৰ’, বিদ্যুৎ চক্ৰৱৰ্তীৰ চিনেমা ‘ৰাগ-বিৰাগ’, ‘নিষিদ্ধ নদী’, ‘দুৱাৰ’, প্ৰেৰণা বৰবৰুৱাৰ ‘স্পিৰিট অৱ দ্য গ্ৰেচফুল লিনিয়েজ’, মৌলি সেনাপতিৰ ‘চিলড্ৰেন অৱ দ্য ৰিভাৰ’, সান্ত্বনা বৰদলৈৰ ‘অদাহ্য’, প্ৰাঞ্জল শইকীয়াৰ ‘চক্ৰবেহু’ ইত্যাদিকে ধৰি বহুকেইখন চিনেমা, তথ্যচিত্ৰ, টেলিফিল্মৰ সঙ্গীত পৰিচালনা কৰিছিল শ্বেৰ চৌধুৰীয়ে৷
১৯৯৩-ত ‘প্ৰত্যাৱৰ্তন’, ‘ৰিক্সাৱালা’, ‘ৰেলৰ আলিৰ দুৱৰি বন’ আদিৰ লগতে মুক্তি পাইছিল গুণসিন্ধু হাজৰিকাৰ ‘অবুজ বেদনা’ আৰু ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘আৱৰ্তন’৷ ‘অবুজ বেদনা’খন মই আজিলৈকে চাবলৈ পোৱা নাই৷ চেন্সৰ ব’ৰ্ডৰ পৰা শিশু ছবিৰ চাৰ্টিফিকেট পোৱা ‘অবুজ বেদনা’ প্ৰথমখন অসমীয়া চিনেমা৷ ‘আৱৰ্তন’ অৱশ্যেই চাইছোঁ৷ আৱৰ্তনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা ভবেন্দ্ৰনাথ শইকীয়াৰ৷ এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰ বুলিলে বহু নাট্যৰসিকৰ গাত তত নোহোৱা হৈছিল৷ অসম জুৰি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰা ভ্ৰাম্যমাণ থিয়েটাৰ মানে আমাৰ শৈশৱ-কৈশোৰৰো যেন এক সৰু-সুৰা উৎসৱহে৷ পিছে এই থিয়েটাৰৰ পৰ্দাৰ সিপাৰৰ বা মঞ্চত থকাসকলৰ জীৱননো কেনেকুৱা! এয়া সঁচাকৈয়ে কৌতূহলৰ বিষয় আছিল৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ বিখ্যাত অভিনেত্ৰী জয়ন্তীৰ কাহিনী ‘আৱৰ্তন’৷ থিয়েটাৰৰ পৰা পোৱা পইচাৰে নিজৰ ঘৰ চলোৱা জয়ন্তীৰ জীৱনৰ অনেক উত্থান-পতন আৰু শেষলৈ নাটকীয় পৰিৱৰ্তনেৰে সমৃদ্ধ ‘আৱৰ্তন’৷ অভিনেতা তপন দাসৰ মুখত দিয়া জয়ন্তী অৰ্থাৎ থিয়েটাৰৰ অভিনেত্ৰী বিষয়ক এক সুন্দৰ সংলাপ— দিন যোৱাৰ লগে লগে এজনী মানুহৰ যশস্যাও বাঢ়ে আৰু বদনামো বাঢ়ে৷ মানুহজনীৰ যশস্যাখিনি সুন্দৰ হৈ আপোনালোকৰ সংসাৰত সোমায় আৰু বদনামখিনি তেওঁৰ জীৱনত দ’ম খায়৷ কি আচৰিত কথা! ৰজত কমল বঁটাৰে সন্মানিত ‘আৱৰ্তন’ত ড° শইকীয়াই পাঠশালাৰ আৱাহন থিয়েটাৰৰ আখৰা শিবিৰ, মঞ্চ, প্ৰেক্ষাগৃহ আদি ব্যৱহাৰ কৰিছিল৷ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল মৃদুলা বৰুৱা, তপন দাস, লক্ষী বৰঠাকুৰ, ডা: হেমেন বৰ্মন, মিণ্টু বৰুৱা, চম্পক শৰ্মা আদিয়ে৷
১৯৯৩ চনতে মুক্তি পায় বড়ো ভাষাৰ চিনেমা নিৰ্মাতা জাংদাও বডোছাৰ ‘হাগ্ৰামায়াও জিনাহাৰি৷ চিনেমাখনৰ চিত্ৰনাট্য ৰচনা, সম্পাদনাও জাংদাও বডোছাৰ৷ পৰিৱেশ সংৰক্ষণৰ শিতানত ‘হাগ্ৰামায়াও জিনাহাৰি’য়ে লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা৷
১৯৯৪-ত আহিল মণিতা কাকতি, প্ৰাঞ্জল শইকীয়া, মাধুৰীমা চৌধুৰী আদি অভিনীত ভাস্কৰ বৰাৰ ‘একত্ৰিশ জুন’৷ এইখনক প্ৰথম অসমীয়া ফেণ্টাছি চিনেমা হিচাপে জনা যায়৷ ‘একত্ৰিশ জুন’ৰ কাহানী, চিত্ৰনাট্য আৰু সংলাপ লিখিছিল ৰঞ্জিত শৰ্মাই৷ প্ৰশান্ত বৰদলৈয়ে সঙ্গীত দিয়া চিনেমাখনৰ গীতকেইটিত কন্ঠদান কৰিছিল– কুমাৰ চানু, সাধনা স্বৰগম, অভিজিতে৷
ড° ভূপেন হাজৰিকাই লিখা গীতসমূহৰ ভিতৰত মোৰ এটি প্ৰিয় গীত হ’ল—- স্নেহে আমাৰ শত শ্ৰাৱণৰ/ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে/ যৌৱন বাসনাৰ ৰিক্তোপকুল/ পূৰ্ণ কৰে উন্মত্ত বানে/ নিৰ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি/ উচ্ছ্বল জীৱনৰ জোৱাৰ আনে/ অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে/ নাচে নৱ সৃষ্টিৰ গানে/ বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ/ মৌন ভাষাৰ উন্মাদনা সানে… সমৰ হাজৰিকাৰ কণ্ঠত এই গীতটোক সঙ্গীত পৰিচালক ভূপেন হাজৰিকাই সন্নিৱিষ্ট কৰিছিল শিৱপ্ৰসাদ ঠাকুৰৰ ‘অশান্ত প্ৰহৰ’ নামৰ চিনেমাখনত৷ ‘অশান্ত প্ৰহৰ’ আহিছিল ১৯৯৪ চনত৷ আমি সৰুতে টেলিভিশ্বনত চাইছিলোঁ নিপন গোস্বামী, বিদ্যা ৰাও, মণিকংকনা দত্ত, মিৰেল কুদ্দুছ আদিয়ে অভিনয় কৰা ‘হৃদয়ৰ আঁৰে আঁৰে’ নামৰ এখন চিনেমা৷ পিতৃহীন বিকাশ আৰু চহকী পৰিয়ালৰ প্ৰিয়াৰ প্ৰেম-সংঘাত-পুনৰ মিলনৰ কাহিনী ‘হৃদয়ৰ আঁৰে আঁৰে৷’ এই সৃষ্টিসমূহৰ চলচ্চিত্ৰীয় ভাষাৰ আলোচনাৰ পৰা বিৰত থাকি কেৱল তথ্য হিচাপেহে উল্লেখ কৰিলোঁ৷ ‘হৃদয়ৰ আঁৰে আঁৰে’ পৰিচালনা কৰিছিল যাদৱ চন্দ্ৰ দাসে৷
ৰঞ্জিত দাসৰ ১৯৯৫ চনৰ তথ্যচিত্ৰ ‘অল এল’ন ইফ নীড
বী’য়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷ একেটা বছৰৰ এখন বিশেষ চিনেমা হ’ল জাহ্নু বৰুৱাৰ ‘সাগৰলৈ
বহু দূৰ’৷ শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱা প্ৰযোজিত ‘সাগৰলৈ বহু দূৰ’ সেই সময়ত দেশে-বিদেশে
বহুকেইটা উল্লেখযোগ্য বঁটা-সন্মানেৰে সন্মানিত হৈছিল৷ ৰজত কমল লাভ কৰা চিনেমাখনে জাহ্নু
বৰুৱালৈ আনি দিছিল শ্ৰেষ্ঠ পৰিচালকৰ স্বৰ্ণকমল৷ অসমৰ চিনেমাৰ বাবেই ই আছিল এক বিশেষ
সাফল্য৷ পৰিচালনাৰ লগতে জাহ্নু বৰুৱাৰ চিত্ৰনাট্যৰে নিৰ্মিত চিনেমাখনে ফ্ৰান্সৰ সন্মানীয়
চলচ্চিত্ৰ মহোৎসৱত লাভ কৰিছিল Prix du jury jeune public৷ চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ
মহোৎসৱতো সন্মানিত হৈছিল ‘সাগৰলৈ বহু দূৰ’৷ অভিনয় কৰিছিল বিষ্ণু খাৰঘৰীয়া, অৰুণ নাথ,
কাশ্মীৰী শইকীয়া বৰুৱা, সুশান্ত বৰুৱা, মিৰেল কুদ্দুছ, জয়ন্ত ভাগৱতী আদিয়ে৷ সংলাপ আৰু
সম্পাদনা হিউ-এন বৰুৱাৰ৷ চিনেমাখনত কৰা অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াই ছিংগাপুৰত লাভ
কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ সন্মান৷ একে সময়তে আহিছিল ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘ইতিহাস’৷ ‘ইতিহাস’ক ড° শইকীয়াৰ চলচ্চিত্ৰকাৰ জীৱনৰ
এখন উল্লেখযোগ্য চিনেমা বুলি ক’ব পাৰি৷ তেখেতৰ গল্প বৰ্ণনা-ক আধাৰ কৰি নিৰ্মিত চিনেমাখনেও কঢ়িয়াই আনিছিল শ্ৰেষ্ঠ অসমীয়া ভাষাৰ
চিনেমাৰ ৰজত কমল৷
(ক্ৰমশঃ)