অন্যযুগ/


স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৫

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

নিজৰা ৰাজকুমাৰী



পৰিচালক প্ৰফুল্ল শইকীয়াৰ বাবে নিজে লিখা কাহিনীৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল নিৰোদ চৌধুৰীয়ে৷ চিনেমাখনৰ নাম আছিল ‘পানী’৷ মুক্তিৰ তাৰিখ ১৯৯৫ চনৰ ৬ জানুৱাৰি৷ ‘পানী’ত অভিনয় কৰা সুলেখিকা জীমনি চৌধুৰীৰ পৰা জানিছিলোঁ ‘পানী’ৰ দৃশ্যগ্ৰহণৰ কিছুকথা৷ সাধাৰণতে চিনেমা এখন নিৰ্মাণৰ কথা ওলালে প্ৰথমেই প্ৰস্তুত কৰি লোৱা হয় চিত্ৰনাট্য৷ আনকি কোনো কোনো চিত্ৰনাট্যকাৰে মাহ মাহ ধৰি বা বছৰ বছৰ ধৰি একো একোখন চিত্ৰনাট্য ৰচনাৰ কামত ব্যস্ত হয়৷ চিত্ৰনাট্যখন প্ৰস্তুত হৈ উঠিলেহে দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা হয়৷ পিছে জীমনি চৌধুৰী বাইদেৱে কৈছিল কেনেদৰে তেওঁলোকে দৃশ্যগ্ৰহণথলীত চিত্ৰনাট্যৰ বাবে অপেক্ষা কৰিব লগা হৈছিল৷ কাৰণ নিৰোদ চৌধুৰীৰ পৰা গোটেই চিত্ৰনাট্যখনৰ পৰিৱৰ্তে পৰিচালকে খণ্ড খণ্ডকৈহে চিত্ৰনাট্য লাভ কৰিছিল আৰু সেইমতে দৃশ্যগ্ৰহণ কৰিছিল৷ কথাখিনি শুনি সঁচাকৈয়ে আচৰিত হৈছিলোঁ৷ কিবা অসুবিধাৰ বাবে এগৰাকী অভিনয় শিল্পীয়ে ‘পানী’ত অভিনয় কৰিব নোৱাৰিলে৷ সেই চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ হঠাৎ জীমনি চৌধুৰীক বিচাৰি গৈছিল প্ৰখ্যাত অভিনেতা বিজয় শংকৰ আৰু ‘পানী’ৰ পৰিচালক প্ৰফুল্ল শইকীয়া৷ সেইসময়ত নিজৰ বয়সতকৈ বেছি বয়সৰ চৰিত্ৰটিত অভিনয় কৰিবলৈ জীমনি চৌধুৰীয়ে কিছু সংকোচ কৰাত শিল্পীয়ে সকলো ধৰণৰ চৰিত্ৰতেই অভিনয় কৰিব লাগে বুলি বিজয় শংকৰে তেওঁক অনুপ্ৰেৰণা দিছিল৷ তদুপৰি পৰিচালক প্ৰফুল্ল শইকীয়া আকাশবাণীৰ অসমীয়া বাতৰি পৰিৱেশক বুলি জানিও জীমনি চৌধুৰী আনন্দিত হৈছিল৷

         

‘পানী’ৰ সঙ্গীত দিছিল ড° ভূপেন হাজৰিকাই আৰু চিত্ৰগ্ৰহণ কৰিছিল ইন্দুকল্প হাজৰিকাই৷ অভিনয় কৰিছিল বিজয় শংকৰ, ববিতা শৰ্মা, ব্ৰজেন বৰা, শিৱপ্ৰসাদ ঠাকুৰ, গৌৰী বৰ্মন, ধীৰু ভূঞা, তুলসী গোবিন্দ বৰুৱা, ভূপালী চৌধুৰী আদিয়ে৷ ইতিপূৰ্বে পৰিচালক প্ৰফুল শইকীয়াই ‘জিৰচং’ নামৰ এখন কাৰ্বি ভাষাৰ চিনেমাও পৰিচালনা কৰিছিল৷ তথ্যমতে ‘জিৰচং’ কাৰ্বি ভাষাৰ প্ৰথম চিনেমা৷

 

১৯৯৬-ত মুক্তি পালে ডাঃ সান্ত্বনা বৰদলৈৰ ‘অদাহ্য’৷ মামনি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা-ৰ আধাৰত নিৰ্মিত ‘অদাহ্য’ই সেই সময়ত বিশেষ চৰ্চা লাভ কৰিছিল বুলি জানিব পাৰিছিলোঁ৷ চিনেমাখনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত মৃণালকান্তি দাসে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ বঁটা লাভ কৰিছিল৷ অপূৰ্ব শৰ্মাই অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ নামৰ গ্ৰন্থখনত লিখিছে—এই ছবিত মৃণালকান্তি দাসৰ আলোকচিত্ৰ গ্ৰহণ প্ৰশংসাযোগ্য৷ বিশেষকৈ নিসৰ্গ দৃশ্যসমূহত তেওঁৰ কেমেৰা প্ৰাণময়৷ শ্বটৰ কম্প’জিশ্যন, কেমেৰাৰ অৱস্থান সকলোতে তেওঁৰ চিন্তাৰ পৰিচয় আছে৷ একেখন গ্ৰন্থতে তেখেতে কৈছে—অদাহ্য নাৰীৰ অৱদমন আৰু পুৰুষৰ চিৰাচৰিত শোষণ আৰু ভণ্ডামিৰ প্ৰতি স্পষ্ট ইংগিত থাকিলেও সমাজত পুৰুষৰ অবিহনে অৰ্থহীন আৰু তাৎপৰ্যহীনৰূপে প্ৰতিষ্ঠিত বিধৱা নাৰীৰ নিষ্ঠুৰ বঞ্চনা আৰু শোষণৰ ব্যক্তিগত কাহিনীটোত নাৰীবাদৰ সামাজিক মাত্ৰা অস্বচ্ছ হৈ ৰ’ল৷ হয়তো প্ৰথম ছবিৰ বাবে সান্ত্বনা বৰদলৈয়ে কিছু সৰল, সীমিত আৰু অনুচ্ছ বক্তব্যৰ কাহিনী এটা তৈয়াৰ কৰি লোৱাৰ বাবেই গোস্বামীৰ উপন্যাসৰ গভীৰতা আৰু বিস্তৃতি আৰু তাত বৰ্ণিত জীৱনৰ বাস্তৱতা আৰু বিচিত্ৰতা আমি ছবিখনত উপভোগ কৰিবলৈ নাপালো৷ যিকোনো চিত্ৰনিৰ্মাতাৰ বাবে এই বাস্তৱতা আছিল এক প্ৰলোভন আৰু প্ৰত্যাহ্বান৷ ‘অদাহ্য’ৰ সঙ্গীত পৰিচালনা কৰিছিল শ্বেৰ চৌধুৰীয়ে৷ অভিনয় কৰিছিল তৃষা শইকীয়া, টম অল্টাৰ, ত্ৰিবেণী বৰা, বিষ্ণু খাৰঘৰীয়া, ভাগিৰথী আদিয়ে৷

 

১৯৯৬ চনত মুক্তি পোৱা আন এখন উল্লেখযোগ্য চিনেমা হ’ল বিদ্যুৎ চক্ৰৱৰ্তীৰ ‘ৰাগ-বিৰাগ’৷ এইখন চিনেমাৰো সঙ্গীত পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী আছিল ক্ৰমে শ্বেৰ চৌধুৰী আৰু মৃনালকান্তি দাস৷ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল ৰঞ্জিত শৰ্মাই৷ ‘ৰাগ-বিৰাগ’ৰ কাহিনীও ৰঞ্জিত শৰ্মাৰ৷ মুক্তিৰ বহুবছৰ পাছতহে মই ‘ৰাগ-বিৰাগ’ চোৱাৰ সুযোগ পাইছিলো৷ অভিনয় কৰিছিল প্ৰাঞ্জল শইকীয়া, জ্ঞানদা কাকতি, নীলু চক্ৰৱৰ্তী, সাগৰ সংগম চৰকাৰ আদিয়ে৷ ‘ৰাগ-বিৰাগ’ আছিল ভাৰতীয় পেনোৰামাৰ উদ্বোধনী চিনেমা হোৱা প্ৰথমখন অসমীয়া চিনেমা৷ মামনি ৰয়ছম গোস্বামীৰ উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা আধাৰিত ‘অদাহ্য’-ৰ মুক্তিৰ ঠিক পাছৰ বছৰতে তেখেতৰ গল্প সংস্কাৰৰ আধাৰত নিৰ্মিত হ’ল কবীন সাউদ প্ৰযোজিত সংস্কাৰ৷ এইখনৰো সঙ্গীত পৰিচালক শ্বেৰ চৌধুৰী৷ চিত্ৰগ্ৰহণ কৰিছিল বিবেক বেনাৰ্জীয়ে৷ চিত্ৰনাট্যকাৰ ৰঞ্জিত দাস হ’ল সংস্কাৰৰ পৰিচালক তথা সম্পাদক৷ অভিনয় শিল্পীসকল আছিল লক্ষী বৰঠাকুৰ, বিষ্ণু খাৰঘৰীয়া, পূৰৱী শৰ্মা আদি৷

 

১৯৯৮ চন৷ বংকিম শৰ্মাই লিখা শান্তা উজীৰৰ কণ্ঠৰ এটি গীত— উমলি থাকোতে কলিজা হেৰালে/ কোনোবা অজানে বিচাৰি দিবলে/ মায়াবী খোজেৰে গোপনে আহি/ মোক কোনে/ কাঢ়ি নিলে মনে মনে…/ ৷ উদিত নাৰায়ণ, মিতালী চৌধুৰীয়ে কণ্ঠদান কৰা— আগলি বাঁহৰে গগনা বজায়/ লাহিকৈ হাঁহিৰে মুখখনি সজায়/ চুপতি কৰি জোকালা আহি/ ঘূমতি হৰি মোৰ ওৰে ৰাতি/ নীলা বুকুৰে কলিজা কাঢ়ি/ তেনেকৈ নক’বা/ নল’বা জোকাই/ বিহুৰে বতৰত মোকে শুনোৱাই…/৷ খুবেই জনপ্ৰিয় হোৱা এই গীত ‘যৌৱনে আমনি কৰে’ নামৰ চিনেমাখনৰ৷ ব্যৱসায়িকভাৱে অতি সফল এই চিনেমাখন অসমীয়া চিনেমাজগতখনৰ বাবেই এক জোকাৰণি আৰু আশাৰ বতৰা আছিল৷ যেন ৰৈ থকা এক জলধাৰাই ফেনিল তটিনীৰ ৰূপ লৈছিল৷ আজিও বহু অসমীয়া চিনেমাপ্ৰেমীয়ে নিকুমণি বৰুৱা, বৰ্ণালী পূজাৰী, অংকুৰ বিষয়া আদি অভিনয় শিল্পীক ‘যৌৱনে আমনি কৰে’-ৰ অভিনেতা-অভিনেত্ৰী হিচাবে মনত ৰাখিছে৷ লক্ষ্মীনাৰায়ণ ফিল্মছৰ বেনাৰত অশোক কুমাৰ বিষয়াই যৌৱনে আমনি কৰে প্ৰযোজনা আৰু পৰিচালনা কৰিছিল৷

 (ক্ৰমশঃ)



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ