(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা ৰাজকুমাৰী
বৰপেটাৰ নাওখেল। দৰ্শকৰ মাজতেই হওক বা প্ৰতিযোগীসকলৰ মাজতেই হওক —উছাহৰ শেষ নাই। এনে এখন খেলতেই হৰা-জিকাক লৈ অন্যায় হ’ল। ফলত প্ৰতিযোগীৰ মাজত খং-দুখ-জেদে ঠাই ল’লে। নতুন ধনীৰ ওচৰত পৰাজিতজনে পাছৰ বছৰ জিকিবলৈ পণ ল’লে। নাওখেলৰ উলাহ, অন্যায়ভাৱে জিকা প্ৰতিযোগিতাৰ লগতে আহিল পূব পাকিস্তানৰ পৰা অহা বীণাৰ জীৱন কাহিনী, বৰপেটাৰ হোলী, বদমাছ মদনৰ বীণাক ধৰ্ষণৰ চেষ্টা, বীণা-অভিমন্যুৰ কথা আদি। ফণী তালুকদাৰৰ কাহিনী আৰু অতুল বৰদলৈয়ে লিখা চিত্ৰনাট্যৰে নিৰ্মাণ হোৱা এই ক’লা-বগা চিনেমাখনৰ নাম ‘অপৰাজেয়’। মুক্তিৰ চন ১৯৭০। ‘অপৰাজেয়’ৰ কথা ওলালে আমি কৈ ভালপাওঁ বলিউডৰ অভিনেত্ৰী ৰাখীৰ কথা। সেই সময়ত ‘অপৰাজেয়’ত অভিনয় কৰিবলৈ তেওঁ বৰপেটালৈ আহি দৃশ্যগ্ৰহণত অংশ গ্ৰহণ কৰিছিলহি। অন্যান্য অভিনয় শিল্পীসকল আছিল লক্ষ্মীছায়া, প্ৰশান্ত হাজৰিকা, প্ৰসন্নলাল চৌধুৰী, পৰাগ চলিহা, অনুৰাধা দাস, বিৰজা দাস, ৰাজেন দাস, ভাৰতী দেৱী, গনেশ ৰায় আদি। সংগীত দিছিল সলিল চৌধুৰীয়ে। ফণী তালুকদাৰে লিখা গীত এটিত কণ্ঠদান কৰিছিল লতা মঙ্গেশকাৰে। গীতটি আছিল— আকাশ অ’ আকাশ / মোক জোনাক এমুঠি দিয়া/ আজি মৰম উতলা মোৰ হিয়া/ দিয়া জোনাক এমুঠি দিয়া/ ডাৱৰৰ সুৰুঙাৰে জোনাক নামিল/ জিলমিল, জিলমিল//। ‘অপৰাজেয়’ত মান্না দে’ই গাইছিল — জীৱনৰ চাকা/ কত ঘূৰালো/ নিজে ঘোৰ খাই/ কোনো দুখ নাই/। ফণী তালুকদাৰে লিখা গীতসমূহত লতা মঙ্গেশকাৰ আৰু মান্না দে’ৰ উপৰি সবিতা চৌধুৰী, প্ৰহ্লাদ দাস আদিয়ে কণ্ঠদান কৰিছিল। এতিয়ালৈকে ‘অপৰাজেয়’ সম্পৰ্কত কেইবাটাও কথা উল্লেখ কৰিলোঁ যদিও পৰিচালকৰ নামহে কোৱা নাই। ‘অপৰাজেয়’ পৰিচালনা কৰিছিল চতুৰঙ্গই। চতুৰঙ্গ কোন? স্বাভাৱিকভাৱেই এই প্ৰশ্ন মনলৈ আহিবই, কাৰণ চতুৰঙ্গ নামৰ অসমীয়া চিনেমাৰ কোনো বিশেষ এজন পৰিচালকক আমি নাজানো। আমোদজনক কথাটো হ’ল চতুৰঙ্গ চাৰিজনৰ সমষ্টি— ফণী তালুকদাৰ, গৌৰী বৰ্মন, অতুল বৰদলৈ আৰু মুনীন বায়ন। আৰু এখেতসকলেই হ’ল ‘অপৰাজেয়’ৰ পৰিচালক।
একেটা বছৰতে অৰ্থাৎ ১৯৭০ চনতে ‘অপৰাজেয়’ মুক্তিৰ পাঁচমাহ পাছত আহিল আন এখন উল্লেখযোগ্য চিনেমা ‘বৰুৱাৰ সংসাৰ’। দ্বীপেন বৰুৱাৰ কণ্ঠৰ (গীতটি লিখিছিল এলি আহমেদে) — গা গা আজি গাই যা এই গীতকে গা/ যা যা নাচি নাচি নিজক পাহৰি যা/ অজীৱন নামৰ এই জীৱন হাঁহিৰে ভৰা জীৱন/ কান্দিনো ভাগৰ কিয়/ আমাৰ জীৱন এই জীৱন প্ৰেমেৰে ভৰা জীৱন/ আমিনো নেহাঁহো কিয়//গীতটি আজি পৰ্যন্ত জনপ্ৰিয়। নিৰ্মলপ্ৰভা বৰদলৈ, কেশৱ মহন্ত, প্ৰফুল্ল বৰায়ো চিনেমাখনৰ বাবে গীত লিখিছিল। ৰাজজ্যোতি চিনে আৰ্টৰ বেনাৰত নিৰ্মিত ‘বৰুৱাৰ সংসাৰ’ নিপ বৰুৱাৰ চিনেমা। সঙ্গীত ৰমেন বৰুৱাৰ। নিপন গোস্বামী, তছদ্দুক ইউচুফ, বীণা বাৰুৱতী, বিজু ফুকন, বিৰিঞ্চি ভট্টাচাৰ্য, ব্ৰজেন বৰুৱা আদিৰ অভিনয়ে বৰুৱাৰ সংসাৰক প্ৰাণ দিছিল। চিত্ৰগ্ৰহণ কৰিছিল নলীন দুৱৰাই।
‘বৰুৱাৰ সংসাৰ’ৰ পাছত অসমীয়া দৰ্শকৰ মাজলৈ আহিল মঙ্গলদৈ ইউনাইটেড ক্লাবৰ বেনাৰত নিৰ্মিত ‘অৰণ্য’ (মুক্তি—১৯৭১)। ‘অৰণ্য’ত সন্নিৱিষ্ট হৈছিল — শিলে শিলে ঠেকা খালে / নিজৰাৰে পানী/ এচেৰেঙা ৰঙা ৰ’দে ৰং দিলে সানি/ বৰণীয়া বনৰীয়া আলসুৱা ফুলে/ হালিজালি মন ঢালি/ কিনো কথা ক’লে...। (কেশৱ মহন্তই লিখা গীতটোত কণ্ঠদান কৰিছিল আৰতি মুখাৰ্জীয়ে) । মনত আছেনে— এই পূৰ্ণিমা ৰাতি/ এই পাহাৰৰ দাঁতি/ আমি ডেকা-গাভৰু/ নাচো জুম পাতি/’ গীতটো, মনত আছেনে মান্না দে’ৰ সেই কণ্ঠ— দিনৰ পোহৰ ৰংচঙীয়া/ ভাল মানুহৰ সং/ ৰাতিৰ আন্ধাৰ গমগমীয়া/ চোৰ মাতালৰ ৰং/ ৰাতি ক’লা হাবি ক’লা / ক’লা গোম সাপ/ তাতকৈ ক’লা জাৰণিৰ / মাজ নিশাৰ পাপ...। এই গীতসমূহ আমাৰ মাজলৈ আহিছে সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ (পৰিচালনাৰ লগতে চিত্ৰনাট্যও তেওঁৰ) ‘অৰণ্য’ৰ জৰিয়তে। চিনেমাৰ কথা লিখিবলৈ বহি মই চিনেমাৰ গীতসমূহৰ কথাহে বেছিকৈ ক’বলৈ লৈছোঁ। কাৰণ সেই চিৰসেউজ গীতসমূহক উপেক্ষা কৰাটো অতি কঠিন। বৰঞ্চ চিনেমাখনৰ নামটো মনলৈ আহিলেই একে সময়তে গীতকেইটিৰ সুৰো ভাহি আহে। আনকি কিছুমান গীত এতিয়াও ইমানেই জনপ্ৰিয় যে চিনেমাখনৰ নাম নজনাকৈয়ে বহু সঙ্গীতপ্ৰেমীৰ বাবে এইবোৰ এক ধৰণৰ মানসিক আহাৰ। ‘অৰণ্য’ৰ সঙ্গীত দিছিল সুধীন দাশগুপ্তই। চিত্ৰগ্ৰহণ কৰিছিল ৰামানন্দ সেনগুপ্তই। বিদ্যা ৰাও, বিজু ফুকনে অভিনয় কৰিছিল। বন বিভাগৰ চাকৰিয়াল জয়ন্ত, কাঠৰ বেআইনী কাৰবাৰ কৰা অসৎ প্ৰতাপ দুৱৰা, বাহাদুৰ, গাঁৱলীয়া নেপালী ছোৱালী কৃষ্ণা আদিৰ জীৱনৰ একোছোৱা সময়ৰ কাহিনী অৰণ্য। চিনেমাখনত প্ৰতাপক কাঠৰ কাৰবাৰৰ লগতে গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ী হিচাপেও অংকন কৰা হৈছে। অৰণ্যই প্ৰথম অসমীয়া চিনেমা য’ত গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ৰ বিষয়টোক অনা হৈছে।
১৯৭১ চনৰ শেষৰ দিনটোত মুক্তি পাইছিল পৰিচালক দ্বিবন বৰুৱাৰ ‘যোগ-বিয়োগ’। চিনেমাখনত ইলা কাকতি, হাদি আলম বৰা, ভোলা কাকতি, বিদ্যুৎ চক্ৰৱৰ্তী আদিয়ে অভিনয় কৰিছিল। কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল পৰিচালক দ্বিবন বৰুৱাই। এইখন চিনেমাৰ কথা লিখিবলৈ লৈও মই ৰমেন বৰুৱাই দিয়া সঙ্গীতৰ কথা উল্লেখ কৰিবই লাগিব, কাৰণ ‘যোগ-বিয়োগ’ৰ গীতেও আমাৰ মন-প্ৰাণ ভৰাই ৰাখিছে। কেশৱ মহন্তই লিখিছিল— ইমান ধুনীয়াকৈ কোনে সৰজিলে/ কোনে নামে দিলে জয়া / তোকে আনিবলৈ মনে যে বলিয়া/ কৰিব নোৱাৰো বিয়া...। গীতটি গাইছিল দ্বীপেন বৰুৱা আৰু পাহাৰী শইকীয়াই। ‘যোগ-বিয়োগ’ বুলিলে মনত বাজি উঠে আন দুটি গীতো— ৰিঙা ৰিঙা অ’/ ৰিঙা ৰিঙা উদং পথাৰ/ একা বেঁকা আলি/ হালি জালি অ’/ কোন ৰূপহী কাষত কলহ/ যায় হালি জালি/ পথাৰ উদং আকাশ উদং/ উৰুঙা কাৰ মন…( কণ্ঠ দ্বীপেন বৰুৱা আৰু পাহাৰী শইকীয়া) আৰু পোহৰে কি জানে / ৰাতিৰ কি বেদনা/ মৰমে নাজানে/ কিনো কাৰ ছলনা/ আকাশে ইমান জোনাক/ কিয়নো মাটিলৈ নমায়…(কণ্ঠ পাহাৰী শইকীয়াৰ)। এই একেটা বছৰতে ইন্দুকল্প হাজৰিকাই নিজৰ চিত্ৰনাট্য-পৰিচালনাৰে দৰ্শকৰ মাজলৈ আনিলে ‘মানৱ আৰু দানৱ’ক।
(আগলৈ)