(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা ৰাজকুমাৰী
কোঠাৰ ভিতৰৰ পৰিৱেশ৷ বিছনাত জৰ্জ বেকাৰ৷ পুতলা ঘৰ এটি হাতলৈ তুলি ডলী গুপ্তাই গাইছে—মন কুল-উপকুল/ বিশাল সাগৰত/ আশাৰে ঘাট হ’ম…আশাৰে/ আশাৰে সজালো ঘৰ/ দুয়োৰে সপোন সানি/ জীৱন সোণালী আমাৰ/ যদি ধুমুহা আহে…/৷ আচলতে ডলী গুপ্তাই অভিনয়হে কৰিছে৷ আমিনুল হকে লিখা গীতটি গাইছে মালবিকা বৰাই৷ প্ৰচণ্ড আশাবাদ আৰু প্ৰেমৰ গান৷ চিনেমাখনৰ নাম ‘দেৱী’৷ মুক্তিৰ চন ১৯৮৪৷ ‘দেৱী’ৰ পৰিচালনা দাৰা আহমেদ আৰু শম্ভূ গুপ্তাৰ৷ মই জনাত পিছে ‘দেৱী’ৰ আন এটি গীতহে বিশেষভাৱে জনপ্ৰিয় আছিল৷ মালবিকা বৰাৰ সৈতে সমৰ হাজৰিকাই গোৱা এইটি গীত— লিহিৰি বনতে/ উতলা লহৰে/ কিযে মন মধুৰ কৰে/ চুলিটাৰিতে ঢৌ খেলি খেলি/ কজলা মেঘালী/ আকাশ ভৰি চানি/ আনিলে শ্যামলী আশা/ বহাগৰ বাতৰি আনিছে আদৰি/ মনবোৰ কেনিবা উৰে…/৷ চিনেমাখনত এলি আহমেদে লিখা গীতো আছে৷ ‘দেৱী’ পৰিচালক শম্ভূ গুপ্তাৰ কাহিনীৰে নিৰ্মিত হৈছিল৷ ১৯৯৮ চনত মুক্তি পোৱা ব্যৱসায়িকভাৱে অতি সফল চিনেমা ‘যৌৱনে আমনি কৰে’ৰ কাহিনীও আছিল শম্ভূ গুপ্তাৰে৷ ২০০০ চনৰ চিনেমা ‘জোন জ্বলে কপালত’-ৰ কাহিনী তথা চিত্ৰনাট্যৰ ৰচকো শম্ভূ গুপ্তা৷ শম্ভূ গুপ্তাই ২০০২ চনত ‘প্ৰেম আৰু প্ৰেম’ নামৰ আন এখন চিনেমাও পৰিচালনা কৰিছিল৷
‘দেৱী’ৰ সঙ্গীত পৰিচালনা কৰিছিল বিশিষ্ট সঙ্গীত শিল্পী, বাদ্যযন্ত্ৰী ভূপেন উজীৰে৷ ‘জীৱন সুৰভি’, দাৰা আহমেদৰ ‘প্ৰতিদান’ আদি চিনেমাৰ সঙ্গীত পৰিচালনা কৰা ভূপেন উজীৰৰ সঙ্গীতে অসমৰ সঙ্গীত জগতখনকে সমৃদ্ধ কৰি থৈ গৈছে৷ বিশিষ্ট চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰীয়ে লিখিছিল— নিপ বৰুৱা, আব্দুল মজিদ, শিৱপ্ৰসাদ ঠাকুৰ, পুলক গগৈ, গৌৰী বৰ্মন, মুনীন বৰুৱা, দাৰা আহমেদ, দ্বিবন বৰুৱা আদিৰ লেখীয়া অভিজ্ঞ আৰু নবাগত পৰিচালকে আশীৰ দশকৰ পৰা নব্বৈৰ দশকৰ আৰম্ভনিলৈ একেই বৈচিত্ৰ্যহীন প্ৰেম-সংঘাতৰ পাৰিবাৰিক প্ৰমূল্যসিক্ত ছবিতে আত্মনিয়োগৰ ধাৰা বজাই ৰাখিলে৷ তেওঁলোকৰ একাংশ ছবিয়ে উল্লেখযোগ্য বাণিজ্যিক সাফল্যও লাভ কৰিছিল৷ ‘আজলী নবৌ’, ‘বোৱাৰী’, ‘ককাদেউতা নাতি আৰু হাতী’, ‘সেন্দুৰ’, ‘সোণমইনা’, ‘সূৰুয’, ‘পিতাপুত্ৰ’, ‘প্ৰভাতী পখীৰ গান’ আদি এইক্ষেত্ৰত উল্লেখনীয়৷ কিন্তু স্থানীয় চলচ্চিত্ৰ সংস্কৃতি উন্নততৰ কৰাত তেওঁলোকৰ সেই সৃষ্টিসমূহৰ বৰঙণি নাছিল৷
ৰমা দাশৰ ‘অচল টকা’ শীৰ্ষক গল্পটোক লৈ পৰিচালক ধীৰু
ভূঞাই নিৰ্মাণ কৰিছিল ১৯৮৭ চনত মুক্তি পোৱা চিনেমা ‘প্ৰথম ৰাগিনী’৷ অভিনয় কৰিছিল জীমনি
চৌধুৰী, প্ৰতীম গোস্বামী, পূৰৱী শৰ্মা, বন্দনা শৰ্মা, ধীৰু ভূঞা আদিয়ে৷ ৰজত কমল বঁটা
লাভ কৰা ‘প্ৰথম ৰাগিনী’ৰ চিত্ৰনাট্য লিখিছিল গৌতম বৰা আৰু মহম্মদ ছাদুল্লাই, সংলাপ
দিছিল পদ্ম বৰকটকীয়ে৷ ইঞ্জিনীয়াৰ মৃদুপৱনে শ্বিলঙলৈ গৈ সদ্য বিৱাহিতা পত্নী লতিকাক
পাহৰি প্ৰেমত পৰে শ্বিলঙৰ এগৰাকী যুৱতীৰ৷ সেয়ে কীৰ্তিকমল ভূঞাই লিখা প্ৰথম ৰাগিনীৰ
গীতটোত পাইনৰ বন, পাহাৰ, আকাশ আদি বিদ্যমান—- পাহাৰৰ ভাঁজে ভাঁজে/ ৰ’দে মেলি দিয়া/
কাৰ বাৰু ধৰাখনি সাতো বৰণীয়া/ পাইনৰ বন আজি ৰঙতে ধুনীয়া/ নীলা আকাশ আৰু পাহাৰ/ মিলে
মৰমতে……৷ আকলুৱা চেনেহৰে প্ৰথম ৰাগিনী/ হেৰায় যদি এটি মাথো কঁপনি তুলি/ ৰৈ যাব মিঠা
দুখ কোনেও নজনা/----গীতটিত কণ্ঠদান কৰিছিল মালবিকা বৰাই৷ চিনেমাখনত সঙ্গীত দিছিল শ্বেৰ
চৌধুৰীয়ে৷ শ্বেৰ চৌধুৰী বিষয়ক কিছুকথা পৰৱৰ্তী খণ্ডত লিখাৰ চেষ্টা কৰিম৷ কাৰণ অসমৰ
সাংস্কৃতিক জগতত শ্বেৰ চৌধুৰী এটি সদা স্মৰণীয় নাম৷ সদ্যহতে ‘প্ৰথম ৰাগিনী’ৰ পৰিচালক
ধীৰু ভূঞাৰ বিষয়ে সামান্য কৈ লওঁ৷ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ১৯৫৫ চনৰ চিনেমা
‘নিমিলা অংক’-ত ধীৰু ভূঞাই শিশু শিল্পী হিচাপে অভিনয় কৰিছিল৷ ‘নিমিলা অংক’ আছিল ধীৰু
ভূঞাৰ চলচ্চিত্ৰত অভিনয় জীৱনৰ প্ৰথম অভিজ্ঞতা৷ আনোৱাৰ হুছেইনৰ ‘সৰাপাত’তো (মুক্তি–১৯৫৬)
তেখেতে অভিনয় কৰিছিল৷ দ্বিবন বৰুৱাৰ ১৯৭১ চনৰ জনপ্ৰিয় চিনেমা ‘যোগ-বিয়োগ’, গৌৰী বৰ্মনৰ
‘হৃদয়ৰ প্ৰয়োজন’ (মুক্তি–১৯৭২), সুজিত সিংহৰ ‘অভিযান’ (মুক্তি–১৯৭৩),প্ৰফুল্ল শইকীয়া
পৰিচালিত ১৯৯৫ চনৰ চিনেমা ‘পানী’, ব্ৰজেন বৰুৱাৰ ‘ললিতা’, ‘শ্ৰীমতী মহিমাময়ী’, ‘কাজিৰঙাৰ
কাহিনী’, ‘ৰতনলাল’, ‘প্ৰভাতী পখীৰ গান’, ‘মহাৰথী’ আদি চিনেমাত ধীৰু ভূঞাই অভিনয় কৰিছিল৷
অনাতাঁৰ শিল্পী হিচাপেও আমি তেওঁক জানো৷ চলচ্চিত্ৰ পৰিচালক, অভিনেতা ধীৰু ভূঞাই এসময়ত
ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ
জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস মৃত্যুঞ্জয়ৰ অৰুণ শৰ্মাই দিয়া মঞ্চৰূপৰ পৰিচালনা কৰিছিল৷
তেওঁ প্ৰযোজনা আৰু পৰিচালনা কৰা ‘জন্ম’ নামৰ নাটকখনক ১৯৭২ চনত হিন্দুস্তান ষ্টেণ্ডাৰ্ড
কাকতখনে A landmark in the evolution of the modern assamese drama বুলি অভিহিত কৰিছিল৷
ধীৰু ভূঞাৰ জীৱনৰ প্ৰথম ৰেডিঅ’ ধাৰাবাহিক প্ৰফুল্ল বৰাৰ ‘বৰুৱাৰ সংসাৰ’ অতি জনপ্ৰিয়
হৈছিল৷ ‘ফুল আৰু কাঁইট’, ‘সপোন সন্ধ্যা’, ‘উৰ্মিমালা’, ‘মৰুতৃষ্ণা’ আদি ধীৰু ভূঞাই
প্ৰযোজনা তথা অভিনয় কৰা ধাৰাবাহিক৷ মহেন্দ্ৰ বৰঠাকুৰৰ ‘কাঠফুলা’, অৰুণ শৰ্মাৰ ‘পুৰুষ’,
‘চিঞৰ’, নৱ শৰ্মাৰ ‘বৃহন্নলাৰ মুক্তি’, ‘জন্মেজয়’, ‘শৃংগৰ ছাঁ’ আদি ধীৰু ভূঞা প্ৰযোজিত
সফল ৰেডিঅ’নাট৷ ঔপন্যাসিক পদ্ম বৰকটকীৰ কলমেৰেও ধীৰু ভূঞাই নাটক নিগৰাইছিল, উদাহৰণ
হিচাপে নাম ল’ব পাৰি সিঁচা পুখুৰীৰ মাছ নামৰ নাটকখনৰ৷ ধীৰু ভূঞা আছিল মঞ্চৰো দক্ষ পৰিচালক৷
‘পিতামহৰ শৰশয্যা’, ‘জন্ম’ আদি ইয়াৰ উদাহৰণ৷ চৈয়দ আব্দুল মালিকৰ গল্প ‘কাঠফুলা’ক চলচ্চিত্ৰৰ
ৰূপ দিয়াৰ ইচ্ছা অৱশ্যে তেওঁৰ ফলৱতী নহ’ল৷ ১৯৯৯ চনত এইজন নাট্যকৰ্মী তথা চলচ্চিত্ৰ
পৰিচালকে চিৰবিদায় ল’লে৷ ধীৰু ভূঞাই কুৰি শতিকাৰ ত্ৰিছৰ দশকৰ এজন গল্পকাৰৰ ৰচনাৰে জীৱনৰ
প্ৰথমখন চলচ্চিত্ৰ পৰিচালনাৰ কথা ভবাটোৱেও মোক আচৰিত কৰে৷ অনেক ৰেডিঅ’নাট, মঞ্চ নাটকৰ
মাজেৰে, চিনেমাত অভিনয়ৰ মাজেৰে জীৱন আৰু শিল্প-সংস্কৃতিক নিচেই ওচৰৰ পৰা অনুভৱ কৰা
অভিজ্ঞ মানুহজনৰ মনোজগতখন কিমান সমৃদ্ধ আছিল সেয়া তেওঁৰ কৰ্মতেই পৰিচয়৷ ‘প্ৰথম ৰাগিনী’ৰ
কথা লিখিবলৈ গৈ পৰিচালকজনৰ বিষয়ে ইমানখিনি কোৱাৰ অৰ্থ হ’ল এজন পৰিচালকৰ পৰিচালক হোৱাৰ
যাত্ৰাৰ ওপৰত সামান্য আলোকপাত কৰাহে৷
(ক্ৰমশঃ)