অন্যযুগ/


স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১২

 (পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)


নিজৰা ৰাজকুমাৰী


শ্বটটো আছিল–ছোৱালীজনী দৌৰ মাৰি ককাকৰ ওচৰলৈ যাব লাগে আৰু কিবা এটা ক’ব লাগে৷ কিন্তু কেমেৰা চলাৰ লগে লগে ছোৱালীজনী চক খাইহে উঠিল৷ কেমেৰাৰ সৈতে প্ৰথম মুখামুখি হোৱাৰ ভয়-দ্বিধাৰে ভৰা সময় আছিল সেইখিনি৷ পাছলৈ অৱশ্যে এইগৰাকী অভিনেত্ৰী অসমীয়া চিনেমাপ্ৰেমীৰ মাজত জনপ্ৰিয় হ’ল, সুন্দৰ অভিনয়েৰে তেওঁ আমাক আকৃষ্ট কৰি গ’ল৷ তেওঁৰ নাম নিকুমণি বৰুৱা৷ এইমাত্ৰ যিখন চিনেমাৰ কথা ক’লো সেইখনৰ নাম ‘সূত্ৰপাত’৷ মৃদুল গুপ্তাই পৰিচালনা কৰা ‘সূত্ৰপাত’ আছিল নিকুমণি বৰুৱাৰ অভিনয় জীৱনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা৷ নিকুমণি বৰুৱাৰ বহু সাক্ষাৎকাৰত সেয়ে ‘সূত্ৰপাত’ৰ নাম শুনিছো বা পঢ়িছো৷ ‘সূত্ৰপাতে’ মুক্তি লাভ কৰিছিল ১৯৮৭ চনত৷ অসম আন্দোলনে ৰচনা কৰা পৰিৱেশ-পৰিস্থিতিৰে নিৰ্মিত হৈছিল ‘সূত্ৰপাত’৷ মৃদুল গুপ্তা আৰু এহছান মজিদৰ কাহিনীৰ আধাৰত চিত্ৰনাট্য লিখিছিল দেৱীপ্ৰসাদ সিনহাই৷ সঙ্গীত দিছিল বিভূৰঞ্জন চৌধুৰীয়ে৷ ‘সূত্ৰপাত’ৰ গীতসমূহৰ লগত মই পৰিচিত নহওঁ, সেয়ে লেখাটোত গীতৰ কথা উল্লেখ কৰিব নোৱাৰিলোঁ৷ কেইবছৰমান আগেয়ে ‘সূত্ৰপাত’ৰ পৰিচালক মৃদুল গুপ্তাই পৰিচালনা কৰিলে ‘টি আৰ পি আৰু…’ শীৰ্ষক এখন চিনেমা৷      

‘তথাপিও নদী’– হেমন্ত বৰ্মনৰ চুটি গল্প সংকল্পৰ আধাৰত উত্তম দস্তিদাৰ আৰু হেমন্ত দাসে চিত্ৰনাট্য প্ৰস্তুত কৰা চিনেমাখন চাইছিলোঁ কিৰণ শংকৰ ৰায়ৰ ব্যক্তিগত সংগ্ৰহৰ পৰা আনি৷ হেমন্ত দাসে পৰিচালনা কৰা ‘তথাপিও নদী’ মুক্তি পাইছিল ১৯৯০ চনত৷ সংগীত আৰু চিত্ৰগ্ৰহণ ক্ৰমে তৰুণ দাস আৰু ইন্দুকল্প হাজৰিকাৰ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত লেখক-সমালোচক অপূৰ্ব শৰ্মাই ‘তথাপিও নদী’ সম্পৰ্কত লিখিছিল— “হেমন্ত দাসৰ ‘তথাপিও নদী’ এখন ব্যতিক্ৰমধৰ্মী অসমীয়া ছবিৰূপে চিহ্নিত হৈছে৷ কলা-কৌশলগত ত্ৰুটি আৰু চিত্ৰনাট্যৰ শিথিলতা সত্ত্বেও অনাটকীয় অকাহিনীধৰ্মী নতুন ধৰণৰ প্ৰয়াসৰূপে এই ছবিখনক সমালোচকসকলে আদৰণি জনোৱা দেখা গৈছে৷” 

এইখিনি সময়তে (১৯৯০) মুক্তি পাইছিল সীতাৰাণী হাজৰিকা, ডা হেমেন বৰ্মন, লক্ষ্মী বৰঠাকুৰ আদিয়ে অভিনয় কৰা হেমেন দাসৰ চিনেমা ‘যুঁজ’৷ ৰজত কমল বঁটাপ্ৰাপ্ত ‘যুঁজ’ৰ সঙ্গীত দিছিল খগেন মহন্ত আৰু ৰমেন চৌধুৰীয়ে৷ বিশিষ্ট চিনেমা সমালোচক অৰুণলোচন দাসে লিখিছিল —অসমৰ এটি থলুৱা সংস্কৃতি ম’হ যুঁজক এই ছবিৰে প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰলৈ অনা হয়৷ 

১৯৮৯ চনত আহিছিল পূৰ্বাঞ্চল ফিল্ম কো-অপাৰেটিভ ছ’চাইটিয়ে প্ৰযোজনা কৰা জাহ্নু বৰুৱাৰ ‘বনানী’৷ ‘বনানী’ বনাঞ্চল সংৰক্ষণ বিষয়ক ডকু-ফীছাৰধৰ্মী ছবি৷ গছ থাকিলেহে মানুহ থাকিব বুলি বিশ্বাস কৰাসকললৈ উৎসৰ্গা কৰা চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য সুশীল গোস্বামীৰ৷ সংলাপ লিখিছিল জাহ্নু বৰুৱা আৰু সুশীল গোস্বামীয়ে৷ সঙ্গীত দিছিল সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈয়ে৷ অভিনয় কৰিছিল মৃদুলা বৰুৱা, বিষ্ণু খাৰঘৰীয়া, সুশীল গোস্বামী, লক্ষী সিনহা, মুনীন শৰ্মা, বীৰেন দাস আদিয়ে৷ ‘বনানী’ৰ সম্পাদনা হিউ এন বৰুৱা৷ আমোদজনক কথাটো হ’ল বহু বছৰৰ পাছতহে মই জানিব পাৰিছিলোঁ যে ‘হিউ এন বৰুৱা’ আচলতে জাহ্নু বৰুৱাৰেই ছদ্মনাম৷ 

১৯৮৯ চনত ড° ভবেন্দ্ৰনাথ শইকীয়াই তেওঁৰ গল্প ‘এন্দুৰ’ৰ কাহিনীৰে নিৰ্মাণ কৰিছিল তেখেতৰ চতুৰ্থখন চিনেমা ‘কোলাহল’৷ ৰজত কমলেৰে সন্মানিত তথা ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত ‘কোলাহল’ত অভিনয় কৰিছিল ৰুণু দেৱী, প্লাৱন বৰদলৈ, অৰুণ নাথ, বকুল ঘোষ আদিয়ে৷ বিশিষ্ট চিনেমা সমালোচক মনোজ বৰপূজাৰীয়ে ‘কোলাহল’ সম্পৰ্কত কৈছিল— লক্ষ্যণীয়ভাৱে এইখন ছবিত পৰিচালকগৰাকী পটভূমিৰ পাৰ্ছপেক্টিভ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষভাৱে মনোযোগী, আনকি তেওঁৰ সচৰাচৰ চলচ্চিত্ৰ কাহিনীত মূলতঃ ব্যক্তিকেন্দ্ৰিক সুখ-দুখৰ ওপৰতে দৃষ্টি নিবদ্ধ কৰাৰ যিটো প্ৰৱণতা দেখা গৈছিল, সেইটো এই ছবিখনত তেওঁ সক্ৰিয়ভাৱে ত্যাগ কৰিছিল৷ সেইবাবে ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰটোৰ দুখ-দাৰিদ্ৰ্য বস্তি অঞ্চলটোৰ প্ৰাত্যহিকতাৰ অংশ হিচাপেই প্ৰতিষ্ঠিত হয় আৰু ক’বলৈ গ’লে অসমৰ পৰিপ্ৰেক্ষিতত তেনেকুৱা এটা ‘লোকেল’ৰ বিশ্বাসযোগ্য প্ৰতিৰূপ পূৰ্বেই অসমীয়া চলচ্চিত্ৰত পৰিলক্ষিত হোৱা নাছিল৷ 

ইমান ধুনীয়াকৈ কোনে সৰজিলে/ যেন সৰগৰে তৰা/ হয় নে নহয় আহচোন এইজনী/ চাওঁ মই কাষৰে পৰা/ তেনেকৈ নক’বা বেয়াকৈ নাচাবা/ নহওঁ সৰগৰে তৰা/ তোমাৰে মনৰে চিনাকি/ এইজনী ল’ৰালি কালৰে পৰা/ ইমান ধুনীয়াকৈ মুগা ৰিহাখনি/ দেহা কৰে শুৱনি ঐ… — মহানন্দ মজিন্দাৰ বৰুৱা আৰু অনিমা চৌধুৰীৰ দ্বৈত কণ্ঠৰ এইটি গীত সন্নিৱিষ্ট আছিল ১৯৯১ চনত মুক্তিপোৱা ‘প্ৰেম জনমে জনমে’ নামৰ চিনেমাখনত৷ যাদৱচন্দ্ৰ দাসে পৰিচালনা কৰা চিনেমাখনৰ সঙ্গীত দিছিল ৰিদীপ দত্তই৷ অভিনয় কৰিছিল বিদ্যা ৰাও, বিজয় শংকৰ আদিয়ে৷

 ১৯৯১ চনত আহিছিল জাহ্নু বৰুৱাৰ ‘ফিৰিঙতি’৷ স্বাধীনতাৰ চৈধ্য বছৰৰ পাছত কৰঙা নামৰ এখন অতি পিছপৰা, ৰাস্তা-ঘাট নথকা ঠাইত বিদ্যালয়ৰ পুনৰ প্ৰতিষ্ঠাৰে শিক্ষাৰ প্ৰসাৰৰ কাহিনী আছিল ‘ফিৰিঙতি’৷ এটা চৰিত্ৰৰ মুখৰ সংলাপ আছিল—দেশ স্বাধীনৰ ১৪ বছৰ হ’ল৷ কৰঙাৰ নিচিনা ঘোকোট গাঁৱতো স্কুল হৈছে যেতিয়া চৰকাৰে কিবা এটা কৰিছেই বুলিব লাগিব৷ পিছে আমোদজনক কথাটো হ’ল– শিক্ষয়িত্ৰী ৰিতু বৰুৱাই গাঁওখনত গৈ কোনো বিদ্যালয়-গৃহ নাপালেগৈ৷ বৰঞ্চ প্ৰথম অৱস্থাত তেওঁ ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালী গোটাই অনেক কষ্টৰে গছৰ তলতহে পাঠদান কৰিবলগীয়া হ’ল৷ সেউজীয়াৰ মাজেৰে ধোঁৱা উৰুৱাই গৈ থকা ৰেলৰ দৃশ্যৰে আৰম্ভ হোৱা চিনেমাখনে বহুবছৰ আগতেই মোক আকৰ্ষিত কৰিছিল৷ দৃশ্যটো চলি থাকোঁতে বাজি থকা গীতটো আছিল—-আজি পুৱা সুৰুযে ধৰণী পোহৰায়/ ন-দিনৰ বাতৰি জনায়/ গ্ৰীষ্মকালৰ ইতিহাস পুৰণি হয়/ ৰিমঝিম ৰিমঝিম বৰষাই/ গীত গায়/ দিন বাগৰি যায়/ আজি পুৱা…/ বৰষাই গীত জোৰে টোপাল সৰাই/ শৰতৰ আকাশত শুকুলা চৰাই/ দোকমোকালিতে আহি হৈমন্তী পখীয়ে……৷ ‘ফিৰিঙতি’ৰ সঙ্গীত সত্য বৰুৱাৰ৷ প্ৰযোজনা শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাৰ৷

 

(ক্ৰমশঃ)



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ