(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা ৰাজকুমাৰী
২০০৪ চনৰ চিনেমা সঞ্জীৱ
সভাপণ্ডিতৰ ‘জুয়ে পোৰা সোণ’৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত পাৰিপাৰ্শ্বিকতাৰ শিতানত
পুৰস্কাৰ লাভ কৰা চিনেমাখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য ৰচনা, সংলাপ, কাহিনী আৰু প্ৰযোজনাও
সঞ্জীৱ সভাপণ্ডিতৰ৷ চিত্ৰগ্ৰহণ মৃণালকান্তি দাসৰ৷ অভিনয় কৰিছিল যতীন বৰা, উপকুল বৰদলৈ,
আব্দুল মজিদ, বীণা পটংগীয়া আদিয়ে৷
অসমীয়া সঙ্গীতপ্ৰেমীৰ মনত বিশেষ স্থান লাভ কৰা এটি
গীত– ক’ৰ এজাক সপোন যেন বৰষুণ/ ধূলিৰ ওৰণি ঠেলি ভাহি আহে/ ভাহি আহে কোমল মাটিৰ গান
গুণ গুণ গুণ/ এজাক সপোন যেন বৰষুণ/ ক’ৰ এজাক সপোন যেন বৰষুণ/ শুই থকা বননিক দিলেহি
জগাই/ সাৰ পালে সেয়ে আজি সেউজী শোভাই/ কঁপি উঠে ক’ৰবাত অচিন নুপুৰ/ ৰুণজুন ৰুণজুন ৰুণজুন…/–গীতটি
মুনীন বৰুৱা পৰিচালিত ‘দীনবন্ধু’ৰ৷ দৃশ্যটোত গীতটি গোৱাৰ অভিনয় কৰিছিল অভিনেত্ৰী নিশিতা
গোস্বামীয়ে আৰু তবলা বজাইছিল জুবিন গাৰ্গে৷ ‘জুয়ে পোৰা সোণ’ৰ সৈতে একেটা বছৰৰে আৱাহন
থিয়েটাৰ নিৱেদিত, কৃষ্ণ ৰয় প্ৰযোজিত চিনেমা মুনীন বৰুৱাৰ ‘দীনবন্ধু’ই শ্ৰেষ্ঠ আঞ্চলিক
চিনেমাৰ ৰজত কমল লাভ কৰিছিল৷ ‘দীনবন্ধু’ৰ কাহিনী আৰু সংলাপ লিখিছিল ভবেন্দ্ৰনাথ শইকীয়াই,
চিত্ৰনাট্য মুনীন বৰুৱাৰ৷ অভিনয় কৰিছিল তপন দাস, জুবিন গাৰ্গ, নিশিতা গোস্বামী, প্ৰস্তুতি
পৰাশৰ, অৰুণ নাথ, গায়ত্ৰী মহন্ত, ভাস্কৰ বৰা আদিয়ে৷ কলা নিৰ্দেশনা মঞ্জুলা বৰুৱাৰ৷
চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ৷ সংগীত পৰিচালনা জুবিন গাৰ্গৰ আৰু নেপথ্য কণ্ঠশিল্পী জুবিন
গাৰ্গ আৰু অনিন্দিতা পাল৷ চিনেমাখনৰ আৰম্ভণিতেই ‘দীনবন্ধু’ৰ মুখত এটি সংলাপ দিয়া হৈছিল—কাহিনী
এটা আৰম্ভ কৰাটো সহজ, কিন্তু কোনো খুঁত নথকাকৈ শেষ কৰাটো বৰ টান৷ ‘দীনবন্ধু’ৰ সংসাৰখনৰো
এয়াই কাহিনী, মাতৃহীনা ৰাণী-বাণীৰ সৈতে দীনবন্ধুৰ জীৱন সংগ্ৰামৰ কাহিনী৷ চিনেমাখনৰ
আন এটি জনপ্ৰিয় গীত হ’ল —দিয়া মোক দিয়া আকাশৰ দৰে দিয়া/ সুবিশাল এটি মন মিলি যায় যাৰ
পাৰাপাৰহীন/ সুনীল সাগৰখন সামৰিম বেলি জোন/ আঁকোৱালি ল’ম অলেখ তৰাৰ মেলা/ দিয়া মোক
দিয়া আকাশৰ দৰে দিয়া/ মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধুলিৰ ৰং/ দিয়া মোক দিয়া দিয়া/
সুবিশাল এটি মন/ আঁকোৱালি ল’ম অৰণ্যৰ ভয়/ আঁকোৱালি ল’ম উত্তাল সাগৰ ধুমুহাৰ গৰ্জন…/
দীনবন্ধুৰ ঘৰখনৰ গতানুগতিক সময়, দুই গাভৰুৰ প্ৰেমিকৰ সৈতে ফুৰা-চকা, গানগোৱা, দেউতাকে
পঢ়ামেজত বহি থকা ছোৱালীহঁতক গাখীৰৰ গিলাছ যতনাই দিয়া আদি দৃশ্য থকা গীতটিৰ দৃশ্যায়ন
অপূৰ্ব৷
অৰুণ গোস্বামীৰ ‘মাছমৰীয়া ছোৱালীৰ লাজ’ নামৰ গল্পটোৰ
আধাৰত চিত্ৰনাট্য ৰচনা কৰি মঞ্জু বৰাই নিৰ্মাণ কৰিছিল ‘লাজ’ নামৰ এখন চিনেমা৷ মুক্তিৰ
চন ২০০৪৷ ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত ‘লাজ’ পৰিচালনাৰ লগতে প্ৰযোজনাও কৰিছিল মঞ্জু
বৰাই৷ ‘লাজ’-ৰ বাবে ৰাভা সঙ্গীত আজলী ছোৱালী/ নানা ফুলে তুলি/ আনিলো আঁচল ভৰাইগাইছিল
তৰালি শৰ্মাই৷ ইয়াৰ পাছৰ বছৰত আহিল কৃষ্ণ-প্ৰেম, বৈষ্ণৱ পৰম্পৰাক লৈ কৰা চিনেমা ‘কদমতলে
কৃষ্ণ নাচে’৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত আঞ্চলিক ছবিৰ ৰজত কমল লাভ কৰিছিল চিনেমাখনে৷
অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ এটি বিশেষ পৰিয়ালৰ পৰা অহা সুমন হৰিপ্ৰিয়াই ‘কদমতলে কৃষ্ণ
নাচে’ৰ পৰিচালনা কৰাৰ লগতে চিত্ৰনাট্যও ৰচনা কৰিছিল৷ কাহিনী আছিল বিজুপ্ৰভা আৰু ৰাণাজিত
চক্ৰৱৰ্তীৰ৷ নিপন গোস্বামী, মৃদুলা বৰুৱা, জয়ন্ত ভাগৱতী, তপন দাস, সৌৰভ হাজৰিকা, ৰূপশিখা
শালৈ, চেতনা দাস, হিৰণ্য দাস, হিৰণ্য দাস আদিয়ে অভিনয় কৰা চিনেমাখনৰ সঙ্গীত পৰিচালনা
কৰিছিল প্ৰভাত শৰ্মাই৷ বিশিষ্ট চিত্ৰ সাংবাদিক, চিনেমাৰ আলোচক অৰুণলোচন দাসে লিখিছিল–
‘কদমতলে কৃষ্ণ নাচে’ হ’ল মহাপুৰুষ দুজনাৰ সৰ্বাধিক বৰগীত ব্যৱহাৰ কৰা প্ৰথম অসমীয়া
চিনেমা৷ লগতে ৰখা হৈছে এটি হোলী গীতো৷
লণ্ডনৰ ৰণদীপ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈছিল শিৱপ্ৰসাদ
ঠাকুৰ পৰিচালিত চিনেমা ‘অহিৰ ভৈৰৱ’৷ ‘অহিৰ ভৈৰৱ’ মুক্তি পাইছিল ২০০৭ চনৰ ১৫ এপ্ৰিলত৷
চিনেমাখন নিৰ্মাণৰ খবৰে সেইসময়ত অসমৰ চলচ্চিত্ৰৰসিকৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছিল৷ কাৰণটো
আছিল বিদেশত কৰা দৃশ্যগ্ৰহণ আৰু ইয়াৰ নিৰ্মাণ ব্যয়৷ তেতিয়ালৈকে কোনো এখন অসমীয়া চিনেমাতে
প্ৰযোজকে ‘অহিৰ ভৈৰৱ’ৰ সমান ধন খৰছ কৰা নাছিল৷ ‘অহিৰ ভৈৰৱ’ আছিল লণ্ডনত দৃশ্যগ্ৰহণ
কৰা আৰু বিগ বাজেট অৰ্থাৎ এক কোটিতকৈ অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া
চিনেমা৷ প্ৰযোজনা আছিল প্ৰবাসী অসমীয়া ড০ ৰণেন শৰ্মাৰ৷ চিনেমাখনৰ বাবে কাহিনী
আৰু সংলাপ লিখিছিল পংকজ ঠাকুৰে৷ পংকজ ঠাকুৰৰ সৈতে যুটীয়াভাৱে চিত্ৰনাট্য ৰচনা কৰিছিল
বিদ্যুৎ চক্ৰৱৰ্তীয়ে৷ ‘ৰাগ-বিৰাগ’, ‘দুৱাৰ’ আদি পৰিচালনাৰে অসমৰ চিনেমাজগতত সবল খোজ
দিয়া প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তীয়ে ‘অহিৰ ভৈৰৱ’ত অভিনয় কৰাৰ লগতে সহযোগী পৰিচালক হিচাপেও
কাম কৰিছিল৷ চিনেমাখনত সঙ্গীত দিছিল হেমন্ত গোস্বামী আৰু ৰাজেশ্বৰ বৰদলৈয়ে৷ মনিষাৰূপী
পূৰৱী শৰ্মাৰ ওঁঠত দিয়া চিনেমাখনৰ প্ৰথম গীতটোত কণ্ঠদান কৰিছিল ইলোৰা বৰুৱাই—কোনে আহি
ফুলকলি দিলেহি ফুলাই/ কোনে আহি গানে গানে সঁহাৰি জনাই/ আজি অজানা পুলকে দিয়া উপচায়/ বাৰে বাৰে বিহগীৰ অলকা
গীত শুনো /প্ৰাণত গোপন যত কথা আছে গঁথা…
‘অহিৰ ভৈৰৱ’ত থকা গোটেইকেইটি গীতৰ কথা আছিল গীতিকাৰ
হেমন্ত গোস্বামীৰ৷ গীতসমূহত কণ্ঠদান কৰিছিল শান্তা উজীৰ, সমৰ হাজৰিকা, মালবিকা বৰা,
ইলোৰা বৰুৱা, অংকেশ, প্ৰিয়স্মা, নম্ৰতা আৰু ঋষিয়ে৷ আৱহ সঙ্গীত প্ৰখ্যাত সঙ্গীত পৰিচালক
শ্বেৰ চৌধুৰীৰ৷ শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা শ্বেৰ চৌধুৰী ‘অহিৰ
ভৈৰৱ’কে ধৰি প্ৰায় ডেৰকুৰি কাহিনীচিত্ৰ, তথ্যচিত্ৰ, দূৰদৰ্শনৰ অসমীয়া তথা হিন্দী ধাৰাবাহিক
আদিৰ সঙ্গীতৰ সৈতে জড়িত আছিল৷ ৰোমাণ্টিক যুটি কপিল-জেৰিফাৰ আবেগিক মুহূৰ্ত কিছুমানক
সজোৱা হৈছিল সমৰ হাজৰিকা আৰু শান্তা উজীৰৰ কণ্ঠৰ এই গীতটিৰে– জীৱনৰ আজি এটি সোণোৱালী
দিন/ আকুল আৱেশ ভৰা সপোন ৰঙীন/মোৰ মন উলাহত উৰিছে/ হৃদয় উপচি পৰিছে……//
(ক্ৰমশঃ)
