অন্যযুগ/


স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৩

 (পাৰ্বতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)


নিজৰা ৰাজকুমাৰী



অলপতে ‘ভাইমনদা’ নামৰ মুনীন বৰুৱাৰ জীৱনভিত্তিক চিনেমাখন চলি গ’ল৷ অসমীয়া চিনেমাৰসিকৰ মাজত ‘ভাইমনদা’ই যথেষ্ট চৰ্চা লাভ কৰিলে, দৰ্শকে গ্ৰহণো কৰিলে৷ পিছে বহুতৰ বাবে ‘ভাইমনদা’ কেৱল চিনেমাহলৰ পৰা ওলায়েই শেষ হৈ যোৱা এখন সাধাৰণ চিনেমা হৈ নাথাকিল৷ কাৰণ ‘ভাইমনদা’ চোৱাৰ লগে লগে বহু মানুহে মুনীন বৰুৱাৰ আন চিনেমাসমূহৰ বিষয়েও নতুনকৈ কথা পতা দেখিবলৈ পালোঁ৷ নহ’লে এই সময়ত সাধাৰণ দৰ্শকে কিয়নো ১৯৯২ চনত মুক্তি পোৱা মুনীন  বৰুৱাৰ ‘প্ৰভাতী পখীৰ গান’ৰ কথাও পাতিলেহেতেঁন! ‘ভাইমনদা’ৰ কেইবাজনো দৰ্শকৰ মুখত শুনিলোঁ ‘প্ৰভাতী পখীৰ গান’ৰ কথা, কোনো কোনোৱে ছ’চিয়েল মিডিয়াতো চিনেমাখন চোৱাৰ মধুৰ মুহূৰ্তৰ কথা সুঁৱৰিলে৷ ‘প্ৰভাতী পখীৰ গান’ৰ মুক্তিৰ সময়ত মই আছিলো চিনেমা বৰকৈ বুজি নোপোৱা এজনী সৰু ছোৱালী৷ সেয়ে চিনেমাখন নোচোৱাকৈ থাকি গৈছিল৷ পিছে ২০১৫ চন মানত কিৰণ শংকৰ ৰয়ৰ ব্যক্তিগত সংগ্ৰহৰ পৰা আনি চিনেমাখন মই চাইছিলোঁ৷ এটা সংঘ আৰু কেইবাজনো যুৱকৰ আশা-হতাশাৰ, জীৱনলৈ অহা অন্ধকাৰ আৰু পোহৰৰ সম্ভাৱনাৰ চিনেমা ‘প্ৰভাতী পখীৰ গান’৷ অন্যায়-অনীতিৰ বাটেৰে ধন ঘটা বা জীৱিকা উলিওৱা লগৰেই বহুতৰ বিপৰীতে কিছুমান ডেকাই বিচাৰে সৎ পথত থাকি একোটা সহজ-সুন্দৰ জীৱনৰ অধিকাৰী হ’বলৈ৷ কিন্তু পৰিস্থিতি যে নিষ্ঠুৰ, যি পৰিস্থিতিয়ে বহুতৰ হাঁহি কাঢ়ি পেলাইছে, জীৱনলৈ হতাশা আনি দিছে৷ প্ৰভাতী পখীৰ গানত অভিনেতা তপন দাসৰ মুখত সেয়ে এটি সংলাপ আছে এনেধৰণৰ— ৰ, ৰ! চাকৰিৰ এপ্লিকেশ্বনৰ কাৰণে ফ’ট’ তোলাতো সাধাৰণ কথা নহয়৷ সমস্যা আছে৷ ফ’ট’গ্ৰাফাৰে কয়– স্মাইল৷ কিন্তু হাঁহো কেনেকৈ ক? আৰু হাঁহি হাঁহি তুলিছোঁ বুলি ভবা ফ’ট’খন পাছত দেখিলে নিজৰে দুখ লাগে৷ অমূল্য কাকতিৰ কাহিনীৰে চিত্ৰনাট্য ৰচনা কৰিছিল মুনীন বৰুৱা আৰু অমূল্য কাকতিয়ে৷ চিত্ৰগ্ৰহণ অজান বৰুৱাৰ৷ ‘প্ৰভাতী পখীৰ গান’ত তপন দাস, মৃদুলা বৰুৱা, বিদ্যুৎ চক্ৰৱৰ্তী, কুলদা কুমাৰ ভট্টাচাৰ্য, প্ৰাঞ্জল শইকীয়া, ধীৰু ভূঞা, পূৰৱী শৰ্মা ভট্টাচাৰ্য আদিয়ে অভিনয় কৰিছিল৷ জে. পি. দাসে সঙ্গীত দিয়া চিনেমাখনত সন্ধ্যা মেননে গাইছিল— পদুলিৰে দুবৰি গছকি/ আহিব ওমলা লগৰীজন/ ওমলা হাতেৰে ন ঘৰ সাজিব/ চিনাকি দুটি মন/ অনুৰাগে ভৰিব/ হৈ দুয়ো সেন্দুৰ বৰণ/ মন হ’ব সেন্দুৰ বৰণ/…৷ চিনেমাখনত আছিল পাৰ্বতিপ্ৰসাদ বৰুৱাই লিখা এটি গীত, যিটো গীতত কণ্ঠদান কৰিছিল সমৰ হাজৰিকাই— ওৰে ৰাতি অন্ধকাৰত আছিলে মোৰ দুৱাৰ বন্ধ/ কোনে আহি দিলে মেলি/ সোণৰ পোহৰ দিলে ঢালি/ কি আনন্দ/ কি আনন্দ/ কি আনন্দ/ কি আনন্দ/ আন্ধাৰ নিশা বন্ধ ঘৰত আছিলো শুই/ দুখৰ ভৰত/…৷ ১৯৯২ চনত মুক্তি পাইছিল হেমেন দাসৰ ‘গৰখীয়া’৷ এইখন চিনেমা সম্পৰ্কত মনোজ বৰপূজাৰীয়ে লিখিছিল– হেমেন দাসৰ ছবি ‘গৰখীয়া’ অৱশ্যে সাৰ্থক চলচ্চিত্ৰ হৈ নুঠিল চিত্ৰনাট্যৰ গুৰুতৰ ত্ৰুটিৰ বাবে, হোমেন বৰগোহাঞিৰ একে নামৰ বহুপঠিত কাহিনীৰ ওপৰত ভিত্তি কৰি চলচ্চিত্ৰ ৰূপ দিওঁতে ৰৈ যোৱা দুৰ্বলতাৰ বাবে৷ ১৯৯২ চনটো অসমৰ বাবে এটা বিশেষ বছৰ, কাৰণ এইবছৰতে ড° ভূপেন হাজৰিকাই লাভ কৰিছিল ভাৰত চৰকাৰে প্ৰদান কৰা চিনেমাৰ ক্ষেত্ৰখনৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে’ বঁটা৷ 

১৯৯৩ চনত মুক্তি পাইছিল পুলক গগৈৰ চিনেমা ‘ৰেলৰ আলিৰ দুবৰি বন’৷ ‘ৰেলৰ আলিৰ দুবৰি বন’ৰ নাম নুশুনা অসমীয়া চিনেমাপ্ৰেমী হয়তো কমেই ওলাব৷ ৰঞ্জিত দাস পৰিচালিত, তপন দাস, অৰুণ নাথ, মৃদুলা বৰুৱা আদি অভিনীত প্ৰত্যাৱৰ্তনেও মুক্তি পাইছিল ১৯৯৩ চনত৷ অভিজিত শৰ্মা বৰুৱাৰ কাহিনীৰ আধাৰত প্ৰত্যাৱৰ্তনৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল ৰঞ্জিত দাস আৰু চন্দন শৰ্মাই৷ ৰঞ্জিত দাসে প্ৰত্যাৱৰ্তনৰ সঙ্গীতৰ কথা ক’বলৈ গৈ এঠাইত স্মৃতি ৰোমন্থন কৰি লিখিছিল— শ্বেৰদাৰ লগত আমি কথা পাতিলোঁ আৰু শ্বেৰদাই অতি আগ্ৰহেৰে প্ৰত্যাৱৰ্তনৰ সঙ্গীতৰ দায়িত্ব ল’লে৷ আৰু এদিন বম্বেৰ মহালক্ষ্মীত থকা ফেমাছ বিল্ডিঙৰ ৰেডিঅ’ জেমছ্ ষ্টুডিঅ’ত প্ৰত্যাৱৰ্তনৰ আৱহ সঙ্গীতৰ ৰেকৰ্ডিং আৰম্ভ হ’ল৷ এৰেঞ্জাৰ আছিল বিখ্যাত ৱাই এছ মুল্কী৷ বম্বেত কৰা প্ৰস্তুতিবোৰ দেখি শ্বেৰদা খুব উৎসাহিত হৈ মোক কৈছিল – মই সুখী হ’ম, যদিহে মোক ১২ খনমান বেহেলা যোগাৰ কৰি দিয়াঁ৷ মুল্কীদাৰ লগত আলোচনা কৰি শ্বেৰদাক ১২ খন গ্ৰেড-এ বেহেলা যোগাৰ কৰি দিয়া হৈছিল৷ দুদিনৰ ভিতৰত শ্বেৰদাৰ নিৰ্দেশত চিনেমাখনৰ আৱহ সঙ্গীতৰ কাম শেষ কৰা হৈছিল৷ 

একেটা বছৰতে আহিছিল দাৰা আহমেদৰ ‘ৰিক্সাৱালা’, য’ত আব্দুল মজিদ, নিপন গোস্বামী, ইন্দ্ৰ বনিয়া আদিয়ে অভিনয় কৰিছিল৷ এইখিনি সময়তে শ্বেৰ চৌধুৰীৰ তথ্যচিত্ৰ ‘চাউণ্ড অৱ দ্য ডায়িং কালাৰছ্’ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত হৈছিল৷ শ্ৰেষ্ঠ প্ৰম’শ্ব’নেল তথ্যচিত্ৰৰ বঁটা পোৱা এইখন তথ্যচিত্ৰৰ চিত্ৰনাট্য আৰু সঙ্গীতো আছিল পৰিচালক শ্বেৰ চৌধুৰীৰ৷ কৌশিক নাথে কৈছিল— শ্বেৰ চৌধুৰী পৰিচালিত ডকুমেণ্টৰী ‘চাউণ্ড অৱ দ্য ডায়িং কালাৰছ্’-ত মই আছিলোঁ সহকাৰী পৰিচালক৷ ফুৰ্তিমূলক কাম আছিল যদিও যথেষ্ট চিৰিয়াছ৷ কিন্তু এইখনৰ চেন্সৰৰ কামত কিছু বিমোৰত পৰিব লগা হৈছিল৷ ভাষা আছিল অনেক— জেমিনগা, ডিমাছা, কাৰ্বি, কুঁকি, মাৰ, অসমীয়াকে ধৰি বহুত৷ 

‘চাউণ্ড অৱ দ্য ডায়িং কালাৰছ্’ সম্পৰ্কত বিশিষ্ট চিত্ৰশিল্পী চম্পক বৰবৰাই লিখিছিল— ইয়াৰ কলাসুলভ দিশটো আৰু কিছুমান কম্প’জিশ্বনে মোক সন্মোহিত কৰিছিল৷ ল’ এংগোলত এহাল বৃদ্ধ ডিমাছা ৰজা-ৰাণী৷ সেই কম্প’জিশ্বনে মোক মনত পেলাই দিছিল হেনৰী মূৰৰ ‘কিং এণ্ড কুইন’ নামৰ এটি ভাস্কৰ্য শিল্পলৈ৷ ওপৰৰ নীলাৰ তলত (সম্ভৱতঃ) এখনি শিলৰ বেঞ্চত জনজাতীয় বেশভূষাৰে এঢলীয়া ঘাঁহনিৰে মোৰ মনৰ মাজত সেইহাল ৰজা-ৰাণী ভাস্কৰ্যলৈ ৰূপান্তৰিত হৈছিল৷ ভাবিছিলো শ্বেৰদা হেনৰী মূৰৰ সেই মূৰ্তিৰ দ্বাৰা প্ৰভাৱিত হৈছিল৷ যেতিয়া সুধিছিলোঁ তেতিয়া বুজিলোঁ সেয়া আছিল অজানিতে শিল্পী মনৰ এক স্বত:ফূৰ্ত প্ৰকাশহে৷

 

(ক্ৰমশঃ)




 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ