অন্যযুগ/


লী না-মি আৰু ফিনীৰ কথাৰে

নিজৰা ৰাজকুমাৰী



              

            এটা এৰিয়েল শ্বটত এজাক পথচাৰী। সকলোৰে হাতে-কাণে মবাইল ফোন। এৰিয়েল শ্বট বাবেই দৃশ্যটো আকৰ্ষণীয় হৈ উঠিছে। তদুপৰি বৰ্তমান সময়ত এয়াটো নিচেই স্বাভাৱিক দৃশ্য। কিন্তু সেয়া যে ভয়ংকৰ কিবা এটা সেয়া বুজিবলৈ দৰ্শকৰ মুঠেই সময় নালাগিল।

 

-হেল্ল’! মই দুঃখিত, তোমাৰ মবাইল ফোনটো মোৰ হাতৰ পৰা পৰি গল আৰু স্ক্ৰিনখন ভাগি থাকিল। ৰিপেয়াৰ কৰিবলৈ দোকানত দি থৈ আহিছোঁ। পইচাও দি থৈ আহিছোঁ, তুমি আহি লৈ যাবাহি। দোকানখনৰ ঠিকনাটো লিখি লোৱাঁচোন। 

 

লী না-মি নামৰ যুৱতীগৰাকীৰ ফোনটো হেৰাইছিল আৰু অচিনাকি কোনোবাই সেইটো পাই তাইলৈ ( তাইৰ দেউতাকৰ ৰেষ্টুৰেণ্টখনৰ ফোনটোলৈ) এনেকৈ ফোন কৰিছিল। হেৰোৱা বস্তু ঘূৰাই পালে কাৰনো আনন্দ নালাগিব নহয়নে! লী না-মিও গুচি গৈছিল ফোনত কোৱা ঠিকনাটোৰ শ্বপিং চেণ্টাৰটোলৈ। কিন্তু সেয়া আছিল এক গভীৰ ষড়যন্ত্ৰ। অথচ দোকানখনক বা তাত থকা লৰাটোক তাইৰ তিলমাত্ৰও সন্দেহ কৰিবলগা নাছিল। টেকনিকেল কাৰণত তাই পাছৱৰ্ড দি ফোনটো খুলিছিল। আৰু দৰ্শক হিচাপে আমি শিয়ৰি উঠিছিলোঁ। এজন অপৰাধী এনেকৈয়ে সেই সৰল, মৰম লগা, নিৰ্দোষী ছোৱালীজনীৰ জীৱনলৈ সোমাই আহিছিল। 

 

দৃশ্যটো ২০২৩-ৰ ফেব্ৰুৱাৰীত মুক্তি পোৱা দক্ষিণ কোৰিয়ান চাইকলজিকেল থ্ৰিলাৰ আনলকড্-ৰ। পৰিচালক কিম টেই-জুন। কোৰিয়ান ভাষাৰ চিনেমাখনে সমালোচকক বৰ বিশেষভাৱে আকৰ্ষণ কৰিব পৰা নাই যদিও সাধাৰণ দৰ্শক তথা যুৱচামৰ মাজত আনলকডৰ বিষয়বস্তুৱে চৰ্চা লাভ কৰিছে। অপৰাধীৰ বয়স নাথাকে, সেইদৰে নাথাকে সুযোগ-সুবিধাৰ অভাৱো। অপৰাধী মন এটাই কি পৰ্যায়লৈকে ব্যক্তি বা সমাজৰ ক্ষতি কৰি পেলাব পাৰে সেয়া সাধাৰণ মানুহৰ কল্পনাৰো অগোচৰ। অতি পৰিশ্ৰমী লী না-মি নামৰ যুৱতীগৰাকীয়েও ভবা নাছিল তাইৰ মবাইল ফোনটোৱেই তাইলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিব বুলি। দিনটোৰ কামৰ অন্তত ভাগৰত লবেজান হৈ ঘৰলৈ ওভতা লী না-মিয়ে তাইৰ স্মাৰ্টফোনটো গাড়ীতে পেলাই থৈ আহিছিল আৰু সেইটো তুলি লৈছিল জুন ইয়ং নামৰ লৰাজনে। স্মাৰ্ট ফোনেৰে মানুহৰ জীৱন শেষ কৰি পেলোৱা স্মাৰ্ট অপৰাধী এই জুন ইয়ং। 

 

ইতিমধ্যে ভিতৰুৱা অঞ্চলৰ পাহাৰৰ নামনিত উদ্ধাৰ হৈছে ইটোৰ পাছত সিটো মৃতদেহ। হেৰোৱা ফোনটো অতি কৌশলেৰে জুন ইয়ঙে লী না-মিক ওভতাই দিলে। ইয়াৰ পাছত লী না-মিৰ ব্যক্তিগত বুলি আৰু কোনো জীৱন নাথাকিল। তাইৰ প্ৰতিটো মূহূৰ্তৰ খবৰ, লাইভ ভিডিঅ’, মেছেজ অপৰাধী জুনৰ হাতলৈ গৈ থাকিল। ফলত না-মিৰ কৰ্মজীৱনো প্ৰভাৱিত হল। বিশ্বাসঘাতকতাৰ অভিযোগত লী না-মিৰ কেৰিয়াৰ ধ্বংস হল। তাইৰ দেউতাকৰ কেফেৰ গ্ৰাহক হৈ জুন ইয়ঙে তাইৰ লগত বন্ধুত্বও গঢ়ি তুলিলে। কৌশলেৰে সি সকলোৰে পৰা আঁতৰাই না-মিক অকলশৰীয়া কৰি পেলালে। জুন ইয়ঙৰ ষড়যন্ত্ৰৰ বলি হৈ অৱশেষত নিৰ্দোষ না-মি আৰু তাইৰ দেউতাক কথমপি মৃত্যুৰ মুখৰ পৰা উভতি আহিল যদিও স্মাৰ্টফোনৰ বাবে ইতিমধ্যে মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অপৰাধীৰ ষড়যন্ত্ৰৰ আধুনিক কৌশলে দৰ্শকৰ বাবে এৰি থৈ গল অনেক চিন্তা-দু:চিন্তাৰ সমল। 

 

চলচ্চিত্ৰীয় ভাষা বা আৱেদনৰ দিশৰ পৰা আনলকডে আমাক সন্তুষ্ট কৰিব নোৱাৰিলে। পিয়েটা (২০১২), পেৰাছাইট ( ২০১৯)-ৰ দৰে চিনেমা উপহাৰ দিয়া দক্ষিণ কোৰিয়াৰ চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰতি চলচ্চিত্ৰৰসিকৰ আকৰ্ষণ নিশ্চয় আছে। ওকজা (২০১৭), স্নোপিয়াৰ্ছাৰ (২০১৩), ট্ৰেইন টু বুছান (২০১৬) আদি চিনেমায়ো দৰ্শকৰ সঁহাৰি লাভ কৰি থৈছে। ইয়াত অনুষ্ঠিত বুছান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱটিও এছিয়াৰ এটি লেখত লবলগীয়া মহোৎসৱ। সেয়ে দক্ষিণ কোৰিয়াৰ চিনেমাৰ প্ৰতি আমি আশাবাদী। আনলকডৰ কাহানীয়ে আমাক স্মাৰ্টফোনৰ অপব্যৱহাৰজনিত বহু বিপদ সম্পৰ্কে অৱগত কৰাইছে। বৰ্তমান সময়ত স্মাৰ্ট ফোনবিহীন জীৱন এটা আমি কল্পনা কৰিব পাৰো জানো? স্মাৰ্ট ফোনে আমাৰ জীৱন সহজ কৰি তুলিছে। কিন্তু এই ফোনেই একো একোটা জীৱন ধ্বংস কৰি পেলাবও পাৰে। আনলকডে আমাক যেন বিপদৰ আগজাননীহে দিলে। মই আৰম্ভনিতে কোৱা মনোমোহা এৰিয়েল শ্বটটোৱে আমাক ভয়াৱহ ভৱিষ্যতৰ কথাও কৈ যায়। 

 

পিছে কিছুমান ফোনে মানুহৰ জীৱন ৰক্ষাহে কৰে। ফিনী নামৰ কিশোৰজনৰ জীৱনলৈ আকৌ টেলিফোনটো আশীৰ্বাদ হৈহে আহিছিল। এইখন চিনেমাৰ নাম দ্য ব্লেক ফোনআমেৰিকান চলচ্চিত্ৰকাৰ স্কট ডেৰিকচন পৰিচালিত এই ছুপাৰনেশ্যাৰেল হৰৰ চিনেমাখন মুক্তি পাইছিল ২০২২-ত।গল্পকাৰ-ঔপন্যাসিক জো হিলে লিখা দ্য ব্লেক ফোনক পৰিচালক আৰু চিত্ৰনাট্যকাৰে ব্যৱসায়িকভাৱে অতি সফল এখন চিনেমালৈ ৰূপান্তৰিত কৰিলে। এজন অপৰাধীয়ে কলা গাড়ী আৰু কলা বেলুন এথোপা লৈ সঘনাই শিশু অপহৰণ কৰে। তেনেকৈয়ে অপহৃত হৈছিল ফিনী নামৰ কিশোৰটিৰ বন্ধুও। ফিনীৰ ভনীয়েকৰ নাম গোৱেন। গোৱেন এজনী মৰমিয়াল আৰু মৰমলগা কণমানি। মাতৃহাৰা এই দুই শিশুৰ জীৱন অন্য শিশুৰ দৰে নহয়। কণমানি গোৱেনে আনকি বিনা দোষ বা সামান্য দোষতে ৰুক্ষ-হতাশাগ্ৰস্ত পিতাকৰ চাবুকৰ কোবো খাব লগা হয়। পিছে তাইৰ এটা বিশেষ শক্তি আছে--তাই দেখা সপোনবোৰ ফলিয়ায়। ফিনীৰ বন্ধুজন অপহৃত হোৱাৰ পাছত সপোনত তাই কিছুমান ইংগিত পাইছিল, যি কথা জানি পুলিচে তাইক বিচাৰি আহিছিল। দুৰ্ভাগ্যবশত: ফিনীৰ বন্ধুক পুলিচে উদ্ধাৰ কৰিব নোৱাৰিলে আৰু একে ধৰণেৰেই ফিনীকো অপহৰণ কৰা হল। 

 

বেছমেণ্টৰ যিটো কোঠাত ফিনীক বন্দী কৰি ৰখা হল সেইটো কোঠাত বহুবছৰ আগতেই বিকল হোৱা কলা ৰঙৰ এটা ফোন ওলোমাই থোৱা আছে। ইতিমধ্যে অপহৰণকাৰীজনে কেইবাজনো শিশু-কিশোৰক হত্যা কৰি নিজৰ ঘৰতে পুতি থৈছে। ফিনীৰো একে দশাই হলহেঁতেন যদিহে সেই বিকল ফোনটোলৈ মৃতকসকলৰ ফোন নাহিলহেঁতেন। এইখিনি দ্য ব্লেক ফোনৰ বিশেষ দৃশ্য। অদূৰত ভূতৰ শৰীৰ আৰু ফোনত কন্ঠস্বৰৰ চিনেমেটিক উপস্থাপন ভাললগা। অপৰাধীজনৰ হাতত মৃত্যুবৰণ কৰা প্ৰতিজনেই ফোনটোত দিয়া উপদেশ তথা ভনীয়েক গোৱেনৰ সপোনৰ সহায়ত ফিনীৰ প্ৰাণ বাচিল আৰু অপৰাধীজনৰ মৃত্যু হল। ফিনীহঁতৰ পিতাকেও সন্তানৰ মোল বুজি পালে। ছুপাৰনেশ্যাৰেল হলেও মাকৰ অবিহনে এহাল কণমানিৰ বিধস্ত জীৱন, কৈশোৰত ভৰি দিয়া ফিনীৰ সহপাঠীৰ লগত সংঘাত, ভাতৃ-ভগ্নীৰ মাজৰ মৰম-যতনৰ উপভোগ্য প্ৰকাশ দ্য ব্লেক ফোন

 

অৱশ্যে চিনেমাখনত মুকলিকৈ দেখুওৱা কিশোৰহঁতৰ কাজিয়া, ৰক্তপাত আমাৰ ভাৰতীয় চকুৰ বাবে বৰ সহজ নহয়। কিন্তু এটা কথা কবই লাগিব যে আমি বহুতেই ভয় খাই ভাল পাওঁ। সেয়ে ভূতৰ চিনেমাৰ  দৰ্শকৰ সংখ্যাও তাকৰ নহয়। বৰঞ্চ বহুত সময়ত ছুপাৰনেশ্যাৰেল হৰৰ চিনেমা এখনত দেখুওৱা সৃষ্টিশীলতাত আমি বেছিহে মুগ্ধ হওঁ। শ্ৰেষ্ঠ হৰৰ চিনেমা হিচাপে যোৱাবছৰ বিভিন্ন প্ৰতিযোগিতাত মনোনয়ন তথা জয়ৰ সোৱাদ পোৱা দ্য ব্লেক ফোনে এইবছৰ হলিউড ক্ৰিটিকছ্ এছচিয়েশ্যন ফিল্ম এৱাৰ্ডছ্তো শ্ৰেষ্ঠ হৰৰ চিনেমাৰ সন্মান লাভ কৰিছে। মোৰ বাবে আমোদজনক কথাটো হ দ্য ব্লেক ফোনৰ লেখক জো হিল সেইজন অতি জনপ্ৰিয় আৰু সফল লেখক ষ্টিফেন কিঙৰ পুত্ৰ- যিজনৰ গ্ৰন্থ দীঘলীয়াকৈ বেষ্টছেলাৰ হৈ থাকে, যাৰ কাহিনীক লৈ আশীৰ দশকৰ পৰা বৰ্তমানলৈকে নিৰ্মাণ হৈ আহিছে অনেক চিনেমা আৰু যি "কিং অৱ হৰৰ" হিচাপে জনাজাত। পিতৃৰ জনপ্ৰিয়তাৰ হেঁচাত হেৰাই যোৱাৰ ভয়ত ষ্টিফেন কিঙৰ পুত্ৰ যোচেফ কিঙে জো হিলৰ ছদ্মনামত লিখিবলৈ লৈছিল। 

 

 

 

 

ই-মেইল :       cinemakhokuwa83@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ