অন্যযুগ/


‘তৰা’ছ হাজবেণ্ড

 ৰিমলী বৰকটকী

 

চিনেমাখনৰ নামটি নিশ্চয়কৈ অসমীয়া ৰাইজৰ পৰিচিত৷ ভিলেজ ৰকষ্টাৰ, বুলবুল কেন ছিংখ্যাত প্ৰযোজক, পৰিচালক ৰীমা দাসৰ এই ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় যোৱা বৰ্ষৰ TIFF (Toronto International Film Festival)-অত৷ TIFF-অৰ লগতেই পৰৱৰ্তী পৰ্যায়ত বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদিৰ বাবে অফিচিয়েল ছিলেকশ্বনো লাভ কৰিবলৈ সক্ষম হয়৷ ৰীমা দাসৰ প্ৰযোজনা, পৰিচালনাৰ এই ছবিখনৰ ২১ ছেপ্টেম্বৰ তাৰিখে অসমৰ ছবিগৃহত মুক্তিৰ পূৰ্বে প্ৰিমিয়াৰ অনুষ্ঠিত হয়৷ বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত এই ছবিখন চলি আছে৷ 

ছবিৰ আৰম্ভণি হয় ক’ভিড অতিমাৰীৰ সময়ত এটি পৰিয়ালৰ দৈনন্দিন জীৱনচৰ্যাৰ মাজেৰে৷ মফচলীয়া চহৰখনৰ পৰিৱেশৰ মাজত ব্যৱসায়ী জান (অভিজিত দাস) আৰু তেওঁৰ পত্নী তৰা (তৰালী কলিতা দাস) সহ দুই সন্তানৰ জীৱনচৰ্যা৷ ৰীমা দাসৰ আন ছবিসমূহত দেখাৰ দৰেই প্ৰাকৃতিকভাৱে চৰিত্ৰ নিৰ্বাচন আৰু চিত্ৰগ্ৰহণৰ প্ৰক্ৰিয়া ‘তৰা’ছ হাজবেণ্ড’তো অব্যাহত আছে৷ সেইটো সমগ্ৰ ছবিখনৰেই এটি ভাল লগা দিশ৷ ছবিৰ আৰম্ভণিৰ কিছু অংশ সামান্য লেহেমীয়া গতিৰ৷ অৰ্থাৎ, চৰিত্ৰ আৰু পৰিস্থিতিক প্ৰতিষ্ঠা কৰাৰ প্ৰক্ৰিয়া আৰু কিছু ক্ষিপ্ৰ কৰিব পৰা গ’লহেঁতেন- যিদৰে পৰৱৰ্তী পৰ্যায়ত গতি লয় ছবিখনে৷ স্থানীয় ভাষাৰ প্ৰয়োগৰ লগতে গ্ৰাম্য পৰিৱেশৰ প্ৰতিফলন স্পষ্ট৷ এবাৰ লক্‌ডাউন হৈ যোৱাৰ পৰৱৰ্তী সময়ত কিছু পৰিমাণে বিপৰ্যস্ত হৈ পৰা জানৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি পৰিয়াললৈকে নিজৰ সমস্ত দ্বায়িত্ব সুকলমে পালনৰ প্ৰয়াসত লাগি থকা প্ৰচেষ্টাত কেনে কেনে জটিলতা আহে, তৰাৰ লগতে আন সকলোৰে প্ৰতিক্ৰিয়া কি হয় তাক লৈয়েই ছবিখন আগবাঢ়ে৷ 

‘তৰা’ছ হাজবেণ্ড’ত যে একমাত্ৰ জানৰেই লকডাউনৰ পিছৰ যুঁজখন প্ৰদৰ্শন কৰা হৈছে এনে নহয়, তেওঁৰ লগতে আনুষংগিকভাৱে ভিন্নজনৰ ভিন্ন সংগ্ৰামৰ ছবিখনকো তুলি ধৰিছে পৰিচালকে৷ তেনে এটি প্ৰশংসনীয় দৃশ্যাংশ হৈছে নিজৰ বেকাৰীখন আন মালিকৰ হাতত চমজাই দি অহাৰ পিছত দুজন টোকাৰি গীত গাই থকা দৃষ্টিশক্তিহীন লোকৰ মুখামুখি হোৱা জান৷ প্ৰতীকী ৰূপত ব্যৱহাৰ কৰা এনে বহু দৃশ্যই আছে চিনেমাখনত, সৰ্বসাধাৰণে অনুধাৱন কৰিব পৰাকৈ, জটিলতাবিহীন, নাটকীয়তাবিহীন৷ পৰিচালকক প্ৰশংসা কৰিবই লাগিব৷ মাজে মাজে মৃদু তথা স্বতঃস্ফূৰ্ত হাস্যৰসো দেখা গ’ল ছবিখনত৷ ক্ৰমশঃ কাহিনীৰ প্ৰগাঢ়তা বাঢ়ি আহে৷ সমান্তৰালকৈ বাঢ়ি আহে উৎকণ্ঠা, উদ্বিগ্নতা৷ এফালৰ পৰা চাবলৈ গ’লে কোনো সময়ত যদি তৰাৰ দৃষ্টিৰে আপুনি ছবিখন চাব পাৰিব, আন সময়ত পাৰিব জানৰ দৃষ্টিৰে৷ পিছে দুয়োৰে নিজ নিজ স্থিতিক, দৃষ্টিভংগীক সমানেই গ্ৰহণযোগ্যতাও প্ৰদান কৰিছে পৰিচালকে৷ 

ছবিখন চাই থাকোঁতে আমি সচৰাচৰ চকুৰ আগত দেখি থকা কিছু ঘটনাই দেখি আছোঁ যেন লাগিব৷ পিছে এইসমূহ ঘটনাকেই যে ইমান প্ৰাকৃতিক আৰু সহজভাৱে চিনেমাৰ মাধ্যমত তুলি ধৰিব পৰা যায় সেয়া উচ্চ প্ৰশংসনীয় এক কলা৷ কাহিনীক তুংগলৈকে লৈ যোৱাৰ প্ৰক্ৰিয়াতো কুশলতা আছে কাহিনীকাৰৰ৷ ছবিখনৰ আলোকশিল্পৰ কাম ভাল লগা, যিদৰে ভাল লগা কাম দৃশ্যগ্ৰহণৰ৷ আন এটি খুব ভাল লগা দৃশ্যৰ কথা এইখিনিতে উল্লেখ কৰিবই লাগিব৷ ছবিখনৰ শেষৰ ফালে জান আৰু কোনো এজন একেলগে বহি কথা পাতি থকাৰ শ্বটটি পিছফালৰ পৰা লোৱা হয়৷ দুয়োৰে মুখাৱয়ব এবাৰো নেদেখুওৱাকৈয়েই গ্ৰহণ কৰা সেই দৃশ্যাংশৰ বাবে বাৰ্তালাপখিনিয়েই যথেষ্ট৷ সম্পাদনাৰ দিশটোও আন এক ভাল লগা দিশ ছবিখনৰ৷ ছবিখনৰ  সামৰণিতহে সামান্য লৰালৰিকৈ কৰা যেন লাগিল৷

আৱহ-সংগীতৰ ব্যৱহাৰ বৰকৈ কৰা হোৱা নাই যদিও, যিখিনি কৰা হৈছে সেইখিনি পৰিস্থিতি সাপেক্ষ৷ অভিনয়ৰ ক্ষেত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰা আটাইৰে অভিনয় স্বাভাৱিক যদিও, ছবিখনৰ মধ্যমণি হৈ পৰে জানৰ চৰিত্ৰত অভিনয় কৰা অভিজিত দাস৷ তেওঁ‌ৰ আত্মস্থ অভিনয় ভূয়সী প্ৰসংশাৰ পাত্ৰ৷ এক কথাত ক’বলৈ গ’লে ‘তৰা’ছ হাজবেণ্ড’ এখন আত্মোপলব্ধিৰ ছবি বহুতৰে বাবে৷ কোনোবাখিনিত নিজকেই এভুমুকি দেখিব পাৰে আপুনিও৷





Mail-
 rimli.borkotoky1985@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ