অন্যযুগ/


শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ মনোনয়ন–২০২৪

           

নিজৰা ৰাজকুমাৰী


                এনাটমী অৱ এ ফল, দ্য হ'ল্ডঅভাৰছ্, পুঅ'ৰ থিংছ, পাষ্ট লাইভছ্, আমেৰিকান ফিকশ্যন, দ্য জ'ন অৱ ইণ্টাৰেষ্ট, বাৰ্বী, অপেনহাইমাৰ, মাইষ্ট্ৰো, কিলাৰছ্ অৱ দ্য ফ্লাৱাৰমুন— ভাৰতীয় সময় অনুসৰি চলিত মাহত অৰ্থাৎ ১১ মাৰ্চ, ২০২৪-ৰ পুৱা চাৰে চাৰি বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৯৬ সংখ্যক একাডেমী বঁটা অৰ্থাৎ অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ শিতানত মনোনয়ন লাভ কৰিছে এই কেইখন চিনেমাই। ইয়াৰে মাইষ্ট্ৰো আৰু বাৰ্বীৰ বাদে বাকী কেইখন চিনেমাই ইতিপূৰ্বেই মোক আকৰ্ষণ কৰিছে। 

                I find the world a bitter and complicated place. And it seems to feel the same about me… - এই সংলাপ আমেৰিকান পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক আলেকজেণ্ডাৰ পেইনৰ চিনেমা দ্য হ'ল্ডঅভাৰ্ছৰ। বিভিন্ন বঁটা-সন্মানেৰে ইতিমধ্যেই সমৃদ্ধ হোৱা চিনেমাখনৰ সংলাপটিক এইবাবেই বিশেষভাৱে উল্লেখ কৰিলোঁ কাৰণ শ্ৰেষ্ঠ ছবিৰ মনোনয়ন পোৱা প্ৰতিখন ছবিয়েই আমাক কৈ আছে জটিল পৃথিৱী আৰু তাতোকৈও জটিল, সাঁথৰ সাঁথৰ লগা মানুহৰ মানসিক জগতখনৰ কথা। দ্য হ'ল্ডঅভাৰ্ছত আলেকজেণ্ডাৰ পেইনে যোৱা শতিকাৰ সত্তৰৰ দশকৰ বাৰ্টন একাডেমীৰ যিজন শিক্ষকৰ কথা কৈছে সেইজন শিক্ষকৰ স্বভাৱে আমাক বহু কথাই ভাবিবলৈ বাধ্য কৰাইছে। ৩৬ বছৰীয়া দক্ষিণ কোৰিয়ান-কানাডিয়ান নাট্যকাৰ-পৰিচালক তথা চিত্ৰনাট্যকাৰ চেলিন ছঙৰ প্ৰথম পৰিচালিত চিনেমা পাষ্ট লাইভছৰ কথা অন্যযুগৰ পাততেই লিখি থৈছোঁ। চিনেমাখনে শ্ৰেষ্ঠ চিনেমাৰ লগতে শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ মনোনয়নো লাভ কৰিছে। যদিও অস্কাৰে দিয়া স্বীকৃতি মানেই চিনেমা এখনৰ বাবে বা পৰিচালক এজনৰ বাবে সৰ্বশেষ কথা নহয় তথাপি চিনেমাপ্ৰেমীৰ বাবে অস্কাৰ এক সুতীব্ৰ আকৰ্ষণ, চৰম কৌতূহল। 

                মোক আটাইতকৈ বেছি আপ্লুত কৰিছে ফৰাচী পৰিচালক-চিত্ৰনাট্যকাৰ জাষ্টিন ট্ৰিয়েৰ এনাটমী অৱ এ ফলে এনাটমী অৱ এ ফল চলচ্চিত্ৰ ৰসিকৰ বাবে নি:সন্দেহে এক অনন্য অভিজ্ঞতা হৈ ৰ'ব। কাঁ চলচ্চিত্ৰ মহোৎসৱে শ্ৰেষ্ঠত্বৰ সন্মান দিয়া এনাটমী অৱ এ ফলৰ শ্ৰেষ্ঠত্বক অস্কাৰে মানি ল'বনে নাই সেয়া অস্কাৰ ঘোষণাৰ পাছতহে গম পোৱা যাব। চিনেমাজগতৰ বৰেণ্য চিত্ৰনাট্যকাৰ-পৰিচালক ক্ৰিষ্টোফাৰ ন'লানৰ অ'পেনহেইমাৰৰ কথা সৰ্বত্ৰ আলোচিত হৈ আছেই। পৰিচালকজনে আমাৰ সমূখত থিয় কৰাইছে "ফাদাৰ অৱ এটমিক ব'ম"জে ৰবাৰ্ট অ'পেনহেইমাৰক, তিনিঘণ্টীয়া বায়'গ্ৰাফিকেল থ্ৰীলাৰ অ'পেনহেইমাৰৰ জৰিয়তে। শৈশৱ-কৈশোৰৰপৰাই যিটো নামে আমাক উদ্বিগ্ন কৰি ৰাখিছিল সেই অ'পেনহেইমাৰক এতিয়া কেৱল চিনেমা হিচাপে চাম নে পৰমাণু বোমাৰ জনক হিচাপে চাম? মোৰ বাবে শ্ৰদ্ধা-ভালপোৱা, ঘৃণা-তিক্ততা, ভয়-আশ্চৰ্য-দু:চিন্তাৰ এক সানমিহলি অনুভৱ আছিল অ'পেনহেইমাৰ। লগতে এক সকাহো যে পৰমাণু বোমা হিটলাৰৰ বাবে হাইজেনবাৰ্গে নিৰ্মাণ কৰিব নোৱাৰিলে বা সেই সময়ত আমেৰিকাই জাপানৰ বাবে হাইড্ৰজেন বোমা নিৰ্মাণ নকৰিলে। ক্ৰিষ্টোফাৰ ন'লানৰ কাহিনী কথনৰ ষ্টাইলটোৰ লগত পৰিচিত বাবেই অ'পেনহেইমাৰৰ নিৰ্মাণৰ খবৰ প্ৰচাৰ হোৱাৰ পাছতেই বহু চলচ্চিত্ৰ ৰসিকৰ আগ্ৰহৰ সীমা নোহোৱা হৈছিল। বিজ্ঞান আৰু মানৱ ইতিহাসৰ ক'লা-বগা কিছু অধ্যায়ৰ লগতে ছবিখনত আমি অভিনয়, চিত্ৰনাট্য, পৰিচালনা, চিনেমাট'গ্ৰাফী আদিৰ যাদু দেখিলোঁ। ন'লানৰ নিচিনা পৰিচালকসকলে আচলতে কল্পনাৰ পাখিয়ে অঁটালৈকে সমস্ত পৰিকল্পনাক চিনেমাৰ ৰূপ দি দিব পাৰে। চিনেমাৰে দৰ্শকৰ মন-মগজুৰ লগত খেলা কৰাটোও ন'লানৰ চখ। ন'লানে আমাক আচৰিত কৰি অ'পেনহেইমাৰৰ কথা ক'লে এটা বিচাৰ প্ৰক্ৰিয়াৰ আঁত ধৰি তেওঁৰ অন্য চিনেমাতকৈ কিছু বেলেগ শৈলীৰে, অৱশ্যেই উচ্চ পৰ্যায়ৰ চিনেমেটিক ভাষা আৰু অপূৰ্ব অভিনয়েৰে। চিনেমাখনত আমি ছাত্ৰ-শিক্ষক-আৱিষ্কাৰক, ৰাজনীতিত চামিল হৈ নোযোৱা দৰদী অথচ সাহসী মানুহ অ'পেনহেইমাৰক চিনিলো, মেনহাট্টান প্ৰজেক্টটোক যেন স্বচক্ষে দেখিলো।

- আজি পাঁচ তাৰিখ

- হুম! জাপানত আজি ছয় তাৰিখ।

এটা দৃশ্যত আমেৰিকাত বহি পত্নীৰ কথাত চিন্তিতভাৱে জাপানৰ তাৰিখটোহে কৈছিল পৰমাণু বোমাৰ জনকজনে। কাৰণ সেয়া আছিল পৃথিৱীৰ আশ্চৰ্য আৰু সলনিৰ সময়। অ'পেনহেইমাৰৰ সৃষ্টিৰ ফলত সেই তাৰিখটোত জাপানত কি ঘটিল সেয়া গোটেই বিশ্বই দেখিলে। ৬ আগষ্ট আৰু ৯ আগষ্টত লিটল বয় আৰু ফেটমেন নামৰ পৰমাণু বোমা দুটাই চাৰখাৰ কৰিলে জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি, মুহূৰ্ততে হাড়লৈকে ছাই হৈ গ'ল অগণন নিৰপৰাধ সাধাৰণ জনতা। যুদ্ধ, ৰাজনীতি, ষড়যন্ত্ৰৰ কথা ক্ষন্তেকলৈ এৰি এতিয়ালৈকে মানৱসৃষ্ট সৰ্ববৃহৎ বিভীষিকাৰ এই ক'লা অধ্যায়ে চিৰদিনলৈ আমাৰ মনত গুজি দিলে এটা নাম জুলিয়াছ ৰবাৰ্ট অ'পেনহেইমাৰ। দ্বিতীয় বিশ্বযুদ্ধত জাপান আক্ৰমণৰ সময়ত আমেৰিকাৰ ঈশ্বৰ হৈ উঠা পৃথিৱী বিখ্যাত বিজ্ঞানীজনৰ প্ৰতিভা, পৰিশ্ৰম, মানসিক অৱস্থা, চৰকাৰে আৰোপ কৰা বেবুনিয়াদ দোষ, আমেৰিকাৰ অকৃতজ্ঞতা, সন্দেহৰ কথাৰে, ক'লা-বগা আৰু ৰঙীন দৃশ্যৰে ন'লানে এখন অতি উপভোগ্য চিনেমা দৰ্শকক উপহাৰ দিলে। কমিউনিষ্ট দলৰ প্ৰতি সহযোগিতাৰ সন্দেহত ছোভিয়েট ৰাছিয়াৰ এজেণ্ট বুলি অ'পেনেহেইমাৰৰ বিচাৰ চলিছিল। অথচ কমিউনিষ্ট দলৰ লগত তেওঁৰ কোনো যোগাযোগ নাই বুলি মেনহাট্টান প্ৰজেক্টৰ দায়িত্ব লোৱাৰ আগতেই অ'পেনহেইমাৰে ইউ এছ আৰ্মি জেনেৰেল লেছলি গ্ৰুভক পৰিস্কাৰ কৰি দিছিল। তেওঁৰ পূৰ্বৰ প্ৰেয়সী, পত্নী, ভাতৃ কমিউনিষ্ট দলৰ লগত জড়িত আছিল, কিন্তু বিজ্ঞানী অ'পেনহেইমাৰে কেৱল বিজ্ঞান আৰু মানৱতাৰ বাবেহে কাম কৰিব বিচাৰিছিল। অথচ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি তেওঁক মানসিক নিৰ্যাতন চলোৱা হৈছিল আৰু আমেৰিকাৰ এনে গোপন গৱেষণাৰ পৰা তেওঁক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হৈছিল। শক্তিশালী আমেৰিকান চৰকাৰৰ বিপক্ষত গৈ মানৱতাৰ সপক্ষত থিয় দিয়া বিজ্ঞানীজন সঁচাকৈয়ে প্ৰশংসনীয়। ন'লানে অতি দক্ষতাৰে চিনেমাখনত নিউ মেক্সিকোৰ লছ এলাম'ছত কৰা পৃথিৱীৰ প্ৰথমটো পৰমাণু বোমাৰ পৰীক্ষাৰ দৃশ্য সন্নিৱিষ্ট কৰিছে। লগতে আছে অ'পেহেইমাৰৰ মুখত ভগৱৎ গীতাৰ সেই শ্লোক- ময়েই কাল, এই সংসাৰৰ বিনাশকৰ্তা। অথচ সেই একেজন মানুহেই নিজৰ সৃষ্টিৰে কৰা হিৰোশ্বিমা-নাগাচাকিৰ ধ্বংস দেখি বিতত হৈছে। বিভিন্ন সময়ত নিজৰ ভিতৰত চলা সংঘাতৰ ৰূপক ন'লান আৰু অভিনেতা মাৰ্ফিয়ে যিধৰণে তুলি ধৰিছে সেয়া পাহৰিব নোৱাৰিম। মোৰ আটাইতকৈ ভাল লগা দুটা দৃশ্য---- ৰাষ্ট্ৰপতি ট্ৰুমেনৰ সম্মুখত অ'পেনহেইমাৰ বহি আছে। বিখ্যাত টাইম আলোচনীৰ বেটুপাত জুৰি অ'পেনহেইমাৰৰ ছবি। মিডিয়া আৰু আমেৰিকানৰ দৃষ্টিতো তেতিয়া তেওঁ নায়ক। অথচ তেওঁ অসুখী। ট্ৰুমেনক তেওঁ ক'লে "মোৰ দুহাতত মানুহৰ তেজ লাগিল"। ৰাজনীতিত ক্ষমতাৰ কথা থাকে, মানুহৰ কথা নাথাকে। সুখী প্ৰেছিডেণ্ট ট্ৰুমেনে কথা কৈ কৈ পকেটৰ পৰা ৰুমাল এখন উলিয়াই বিজ্ঞানীজনলৈ আগবঢ়াই দিলে। সেই দৃশ্যৰ মৰ্মান্তিকতাই চুই থাকিল মোক। সেই সময়ত অ'পেনহেইমাৰলৈ দুখ লাগিল- আত্মাত লগা দাগ তেওঁ ৰুমালেৰে মোহাৰে কিদৰে! আনটো দৃশ্য- ব্যৱহাৰিক ক্ষেত্ৰখনত পৰমাণু বোমাৰ দীৰ্ঘকালীন প্ৰভাৱৰ বিষয়ে একেবাৰে সঠিককৈ অনুমান কৰিব নোৱাৰা অসহায় জন্মদাতাজনে আমেৰিকাৰ হৰ্ষোল্লাস জনতাৰ মাজৰ পৰা ওলাই আহিছে যেন জাপানৰ নিৰপৰাধ লোকৰ শৱদেহৰ ওপৰেৰে, পাৰমাণৱিক আক্ৰমনত অসুস্থ মানুহৰ মাজেৰে। আন এটা দৃশ্যত এজন বিষয়াই জাপানৰ বাৰখন চহৰত পৰমাণুবোমা পেলোৱাৰ কথা কৈছিল আৰু তাৰে এখন চহৰ বাদ দিয়া হৈছিল কাৰণ জাপানৰ সেইখন চহৰ বিষয়াজনৰ হানিমুন চহৰ আছিল। এই কথোপকথনে অভ্যন্তৰলৈকে কঁপাই দিছিল- লাখ লাখ নিৰপৰাধ মানুহক হাড়লৈকে গলাই যুগ যুগান্তৰলৈ সেই ভূমিক অনুৰ্বৰ, বতাহক বিষাক্ত কৰি তোলাৰ কথা কি ইমান সহজে কৈ পেলাব পাৰি? এজন বিজ্ঞানীৰ কৰ্ম আৰু জীৱনৰ কথা কৈ কৈ ন'লানে চিনেমাখনত যুদ্ধৰ বা জাপানত বোমা পেলোৱাৰ শিহৰণকাৰী দৃশ্য নেদেখুৱাকৈয়ে আমাৰ চেতনাত ঘটনাসমূহৰ সমস্ত ভয়াবহতাক ঢালি থাকিল। এয়াই জানো এখন চিনেমাৰ সফলতা নহয়! দুই এবাৰতো ভাব হৈছিল অন্য নহ'লেও অন্তত: আক্ৰমণৰ পাছত হিৰোশ্বিমাৰ মাছৰুম ক্লাউডেই পৰ্দাত জিলিকি উঠিব। এই সমস্ত ভয়াৱহতাক প্ৰত্যক্ষভাৱে দেখুওৱাৰ পৰিৱৰ্তে ন'লানে আমাক অ'পেনহেইমাৰৰ চকু-মুখ দেখুৱালে য'ত লিখা আছিল মাছৰুম ক্লাউডতকৈও ভয়াৱহ নিৰৱ চিৎকাৰ। বহেমিয়ান ৰেপছ'ডিৰ ফ্ৰেডি মাৰ্কিউৰী ৰূপী ৰামি মালিকৰ অভিনয় যিদৰে পাহৰিব নোৱাৰিম (অ'পেনহেইমাৰতো অভিনয় কৰিছে ৰামীয়ে), সেইদৰে অ'পেনহেইমাৰ ৰূপী কিলিয়েন মাৰ্ফীৰ অভিনয়ো পাহৰিব নোৱাৰিম। ন'লানৰ ছবিৰ চিনাকি আইৰিছ অভিনেতা গায়ক, গীতিকাৰ, গীটাৰিষ্ট কীলিয়েন মাৰ্ফীয়ে এই চৰিত্ৰটোৰ বাবে ইমানেই হোমৱৰ্ক কৰিছিল যে অভিনয়, চেহেৰা, সাজসজ্জা বাদেই silhouette শ্বটতো তেওঁ নিজকে হুবহু অ'পেনহেইমাৰ দেখাব খুজি শৰীৰক তেনেদৰে গঢ় দিছিল। চিনেমাট'গ্ৰাফী ডাচ্ছ ছুইডিছ চিনেমাট'গ্ৰাফাৰ Hoyte van Hoytema-ৰ। 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ