অন্যযুগ/


নায়ক-চিন্তানায়কৰ লেখ-আলেখলেখ

সঞ্জীৱ সভাপণ্ডিত


‘জাংফাই জোনাক’ চিনেমাখনত মই প্ৰথমতেই এখন মঞ্চত উষা-চিত্ৰলেখাৰ এটা ৰূপকাত্মক মৌন দৃশ্যৰ অৱতাৰণা কৰিছিলোঁ৷ সংমিশ্ৰিত জাতি-জনজাতিৰ মানুহৰ এটা অঞ্চলত সন্ধিয়া সকলোবোৰ মানুহ মাটিত বহি এক আচৰিত ধৰণৰ অভিনয় উপভোগ কৰিছিল৷ গাঁৱৰ মানুহে নাটকত সংলাপ বিচাৰে বুলি থকা সাধাৰণ ধাৰণাটোৰ বিপৰীতে মোৰ পৰিকল্পনাই মৌনতাকহে স্থান দিছিল৷ চিত্ৰলেখাই কিবাকিবি আঁকিছিল, ঊষাই মূৰ জোকাৰিছিল, হাঁহিছিল, ইংগিতেৰে নাই হোৱা বুলি কৈছিল, ইংগিতেৰে হৈছে বুলি কৈছিল৷ দৰ্শকৰ কোনোবাই নিজকে ঊষা বুলি ভাবিছিল, কোনোবাই চিত্ৰলেখা বুলি ভাবিছিল, কোনোবাই কাৰোবাৰ মাজত ঊষাক দেখিছিল, কোনোবাই চিত্ৰলেখাক দেখিছিল– দৰ্শকে চৰিত্ৰৰ মাজত সোমাবলৈ চেষ্টা কৰিছিল৷ চিত্ৰলেখাই কি আঁকিছিল, কাক আঁকিছিল দৰ্শকে দেখা নাছিল৷ সকলোৱে কল্পনা কৰিবলৈ লৈছিল৷

চিনেমাখন চাই দৰ্শকে বা সমালোচকে কি বুজিলে-নুবুজিলে মই নাজানিলোঁ; কিন্তু মোৰ মনত স্কুলীয়া দিনৰে পৰা বাহ লৈ থকা ভাব এটা উপস্থাপন কৰিব পৰাৰ আনন্দত মই সন্তুষ্ট হৈছিলোঁ৷

আমি জনা কাহিনীমতে চিত্ৰলেখাই কল্পনাৰ চকুৰে ঊষা কুঁৱৰীৰ মানস কোঁৱৰক– অনিৰুদ্ধ কোঁৱৰক আঁকিবলৈ চেষ্টা কৰিছিল৷ কথাটো এনেকৈ ভাবিলে বৰ জটিল যেন লাগে৷ ঊষাই বা সপোনত কি দেখিছিল! কিমান কি মনত ৰাখিছিল! চিত্ৰলেখাক বা কি বুজাইছিল! প্ৰকাশ বা কিমান স্পষ্ট আৰু সুস্থিৰ আছিল! চিত্ৰলেখাই বা কি বুজিছিল! তেওঁ বা কিমান পাকৈত শিল্পী আছিল৷ তেওঁৰ ৰং-তুলিকাৰ যোগাৰ পৰ্যাপ্ত আছিলনে নাই! এজন যুৱকৰ প্ৰতিবিম্ব আঁকিছিল নে ভাবমূৰ্তি আঁকিছিল!

কি এক আচৰিত কাৰ্য! আজিকালি অপৰাধ অনুসন্ধান বিভাগৰ পুলিচৰ বিশেষ শাখাই আনৰ কথাৰ ওপৰত ভিত্তি কৰি সম্ভাৱ্য অপৰাধীৰ এক অৱয়ব- ছবি অঁকাবলৈ চেষ্টা কৰে৷ কিছুমান হয়; কিছুমান নহয়৷ এইটো এটা বিশেষ বিদ্যা৷

দৃশ্যটোৰ শ্বুটিঙৰ পাছত মই যেতিয়া সেই ৰাভা-বড়ো জনজাতীয় মানুহবিলাকক সুধিছিলোঁ– ‘কাৰ ছবি আঁকিলে বুজিলানে নাই’ বুলি– বহুতে উত্তৰ দিছিল, ‘কোনোবা ভাল মানুহৰ ছবি হ’ব আৰু’ বুলি৷ নাটক-চিনেমাৰ কথা, ধুনীয়া কাপোৰ-কানি পিন্ধি বহি থকা ৰাজকুৱঁৰীৰ কথা, ছবি অঁকা মানুহৰ কথা– গতিকে ভাল মানুহৰ কথাই হ’ব! এই বিশ্বাসতে এটা ভাবমূৰ্তিৰ জন্ম হ’ল৷

মোৰ ‘জীয়া জুৰিৰ সুৱাস’ নামৰ চিনেমাখনতো মুকুন্দৰাম বৰুৱা নামৰ এজন পাহৰণিৰ গৰ্ভত লীন যোৱা স্বাধীনতা সংগ্ৰামীৰ এটা প্ৰতিমূৰ্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ– এজন ডেকা ভাস্কৰ্য শিল্পীৰ হতুৱাই৷ মানুহজনৰ কোনো প্ৰতিচ্ছবি (ফটো) নাছিল৷ তেওঁক লগ পোৱা কোনো মানুহো গাঁওখনত বা ওচৰ-পাজৰৰ অঞ্চলত জীয়াই থকা নাছিল৷

গতিকে, কেনেকৈ মূৰ্তিটো সজা যায় এতিয়া? ইফালে তেখেতৰ জন্ম শতবাৰ্ষিকী পাতিবলৈ কিবা এটা লাগেই৷

শিল্পীজনে আৰ তাৰ পৰা শুনি মেলি বৃটিছে হাতত শিকলি বান্ধি জাহাজেৰে লৈ যাওঁতেই জাহাজৰ পৰা পানীত জঁপিয়াই পৰি নিৰুদ্দেশ হোৱা এজন মানুহৰ ভাবমূৰ্তিৰ পৰা এজন মানুহ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু তেওঁ বাৰে বাৰে বিফল হৈছিল৷ ইমান অন্তৰ্দৃষ্টি সম্ভৱ নে? মুকুন্দৰামৰ আজোনাতি-নাতি-নাতিনীহঁতো এনেয়ে বহি থকা নাছিল৷ সিহঁতে সদায় মাকহঁতৰ মুখত বা ওচৰ-চুবুৰীয়াৰ মুখত শুনিছিল কিছুমান কথা– ‘এইটো একেবাৰে বাপেকটোৱেই আৰু দেই’ বা এইজনীৰ চুলিখিনি মাকৰ নিচিনাই হৈছে’ বা ‘এইটোৰ খোজ একেবাৰে খুড়াকৰ নিচিনা পাই’ বা ‘এইজনীৰ খং একেবাৰে বাপেকৰ পৰা অহা!’

গতিকে সিহঁতে ভাবিছিল যে আমি যদি মা-দেউতাৰ নিচিনা হওঁ, তেনেহ’লে মা-দেউতাও আমাৰ নিচিনা হ’ব আৰু দেউতা খুড়াহঁতো ককা-আজোককাৰ নিচিনা হ’ব৷ সেয়ে সিহঁতে এটা ওলোটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল– দেউতাকক, খুড়াকক, সিহঁতে নিজক চাই চাই মুকুন্দৰামক ঢুকি পাবলৈ চেষ্টা কৰিছিল৷ এই সমগ্ৰ কথাটোৰ মাজেৰে মই আমি নিজৰ নিজৰ পৰিয়ালবিলাকক বুজাৰ এটা প্ৰয়াস– এটি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিচাৰিছিলোঁ৷ কেৱল দৈহিক অৱয়বতে সীমাৱদ্ধ নাৰাখি মই ৰুচি-অভিৰুচি-ঘৰুৱা সংস্কাৰ, মাত–কথা, চিন্তা-ভাবনা সকলোবিলাক কথা সামৰি লৈছিলোঁ৷

চিনেমাখন ভালেই হৈছিল৷ MAMI চলচ্চিত্ৰ মহোৎসৱত কাণে কাণ মাৰিহে চূড়ান্ত সফলতা লাভ কৰাত বিফল হ’লোঁ৷ আমাৰ ইয়াত এনেবোৰ বিষয়ৰ কথা পাতিবলৈকে কাৰো আগ্ৰহ নাই৷ মই অতীত ৰোমন্থন কৰা নাছিলোঁ; কৰিছিলোঁ এক অনুসন্ধানৰ যাত্ৰা৷ অভিনয় কৰিছিল বৰ্তমান অসমৰ দুই তীক্ষ্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু ভিক্টৰ বেনাৰ্জীয়ে৷

চিনেমাখন ইয়াত নচলিল৷ মানুহে চাব লাগিছিল৷ বুজিলেহেঁতেন অভিনয় কেনে পৰ্যায়লৈকে উঠিব পাৰে!

মোৰ অন্তৰ্জগতত এই ভাবমূৰ্তি অনুসন্ধানৰ যাত্ৰা চলিয়েই থাকিল৷ সেই অনুসন্ধিৎসাই মোক লেনিনৰ লগত ষ্টেলিনক, মাও চে টুঙৰ লগত ডেন জিয়াওপিঙক, হিটলাৰৰ লগত চাৰ্চিলক, নেহৰুৰ লগত বাজপেয়ীক, লক্ষ্মীনাথৰ লগত ৰাধাগোবিন্দক, জ্যোতিপ্ৰসাদৰ লগত  সত্যজিৎ ৰয়ক আৰু বহুতৰে লগত বহুতক ৰিজাই চাবলৈ অৱকাশ দিলে৷ 

কিছুমান ক্ষেত্ৰত তুলনা কৰিবলৈ মানুহো বিচাৰি পোৱা নাযায়৷ শংকৰদেৱৰ লগত মাধৱদেৱক তুলনা কৰা নাযায়৷ ভূপেন হাজাৰিকাৰ লগত বব ডিলানক তুলনা কৰা নাযায়৷ জুবিনৰ লগত পাপনক তুলনা কৰা নাযায়৷ বাট্ৰাণ্ড ৰাছেলৰ লগত ছক্ৰেটিছক তুলনা কৰা নাযায়৷ নোৱাম চমস্কিৰ লগত অমৰ্ত্য সেনক তুলনা কৰা নাযায়৷ জে. কে. কেলব্ৰেথৰ লগত মহম্মদ য়ুনিছক তুলনা কৰা নাযায়৷

মানৱ ইতিহাস এনে অনেক চৰিত্ৰৰ উপাদানেৰে এনেদৰে ভৰপূৰ হৈ আছে যে এই তুলনা কৰা বা নকৰা কথাবিলাক আচলতে একেবাৰেই অদৰকাৰী৷ সকলো স্বমহিমাৰে ভাস্ৱৰ-ঐশ্বৰ্যময়৷

কিন্তু এই তুলনা কৰিবলৈ আগবাঢ়োঁতে বা মানৱ ইতিহাসৰ গতি-প্ৰকৃতি অনুধাৱন কৰোঁতে মনোজগতক আলোড়িত কৰা ভাবৰ মাজত বুৰবুৰণি হৈ উঠে চিন্তানায়কৰ কথাটো৷ এই চিন্তানায়কেই দিয়ে গতি অথবা পৰিৱৰ্তন৷ নায়ক-চিন্তানায়ক সলনা-সলনিকৈ বা অগা-পিছাকৈ জন্ম বা উপস্থাপিত হ’ব পাৰে৷ পিকাছোৱে কিউবিজিমক নতুন মাত্ৰা দিলে, যদিও অন্য শিল্পীয়েও ইয়াক আগতেও চিত্ৰকৰ্মত ব্যৱহাৰ কৰিছিল৷ কিন্তু পিকাছোৰ চিত্ৰশিল্পই এই নতুন ধাৰাক নতুন গতি দিলে৷ এইবিলাক কথা এনে শক্তিশালী আৰু সুদূৰপ্ৰসাৰী যে আমাৰ বজালী-পাঠশালাৰ ভ্ৰাম্যমাণ নাটকৰ মঞ্চত নলবাৰীৰ গুৰুজী আদ্য শৰ্মাই টাইটানিক নাটকত সেই ধাৰাৰ ভিত্তিত স্নানাগাৰ এটাকে দেখুৱাই দিলে৷ আমাৰ দৰ্শকেও সুন্দৰকৈ সেই নাটক উপভোগ কৰি গ’ল৷

মানুহৰ চিন্তা পৰিৱৰ্তনকাৰী ধ্যান-ধাৰণাৰ জন্ম দিয়া মানুহজনক চিত্ৰশিল্পী হ’লেও আমি চিন্তানায়ক হিচাপে বিভূষিত কৰিবলৈ কিয় থেৰোঁ-গেৰোঁ কৰিম! তেনে অৰ্থত ছালভাদৰ ডালি বা ৰামকিংকৰ বেইজো চিন্তানায়ক৷

সেই অৰ্থতে It takes a village to make a man  বা ‘সাগৰ তীৰত  পৰি ৰ’লো আমি শামুকৰ খোলা হৈ – মাজত তৃষাৰ নৈ’ আদি গানৰ গীতিকাৰসকলো চিন্তানায়ক৷

চিন্তানায়ক কেৱল অৰ্থনীতিবিদ, দাৰ্শনিক বা ৰাজনীতিজ্ঞ হ’ব লাগে বুলি কোনো কথা নাই৷ গড্ডালিকা প্ৰৱাহৰ পৰা আঁতৰি উন্নত জীৱনৰ বাবে নতুন মানস সূঁতি সৃষ্টি কৰিব পৰা জনেই চিন্তানায়ক৷ অসীমৰ সীমা বুজি পোৱা– অনাগত দিনৰ অভিনৱ পুৱা চিনি পোৱা– লক্ষজনে লক্ষ্য পোৱাৰ কথা কোৱা- উদাৰ বিশাল হৃদয়ৰ বক্ষ উজাৰি দিব পৰাজনেই চিন্তানায়ক৷

এতিয়া মোৰ সমস্যাটো হৈছে যে অতবোৰ নায়ক-মহানায়ক-চিন্তানায়কে পৃথিৱীখন ইমান দূৰলৈকে লৈ অনাৰ পাছতো মোৰ গীতিকাৰে নতুন চিন্তানায়কৰ সন্ধান কৰিছে– ক’ৰবাত যেন সকলোৰে কিবাকিবি মাৰাত্মক ভুল হৈ গ’ল– মূক বা বধিৰ পৃথিৱীখনে একো প্ৰতিবাদ নকৰা দেখি যেন আমিবোৰে পৃথিৱীখনক একেবাৰে চাকৰৰ দৰে বা ক্ৰীতদাসৰ দৰে ব্যৱহাৰ কৰিবলৈ ল’লোঁ– As if we took our Nature for granted– আমি যেন মাতৃৰ প্ৰতি সন্তানে পালন কৰিবলগীয়া দায়িত্ব পালন নকৰিলোঁ– এতিয়া যেন আমি সকলোবোৰ বিলুপ্তিৰ সীমনাত৷

সেয়ে তেওঁক– আমাক পোনাই দিবলৈ চিন্তানায়কজনক লাগে– সোনকালেই লাগে৷ জনজীৱনো বিপৰ্যস্ত আৰু মনজীৱনো বিপৰ্যস্ত৷ কাৰণ ব্যক্তিঅস্তিত্বৰ কথাই প্ৰাধান্য পাই পাই এতিয়া সমষ্টিৰ অস্তিত্বৰ প্ৰতি ভীষণ ভাবুকিৰ সৃষ্টি হৈছে৷

চিত্ৰলেখাৰ প্ৰতি সেয়ে মোৰ গীতিকাৰৰ আকুল আহ্বান– সেই চিন্তানায়কৰ ৰূপদৰ্শন কৰাওক তেওঁ, জনজীৱনৰ শুকুলা ৰঙৰ লগত মনজীৱনৰ গভীৰ বিষাদৰ নীলা মিহলাই মায়াজালেৰে হ’লেও দুৰ্নিবাৰ– অনিৰুদ্ধ গতিৰ চিন্তানায়ক এজন-দুজন-বহুজনক ভূমিস্থ কৰি দিয়ক৷

পৃথিৱীৰ এতিয়া জ্বৰ৷ সকলোৰে কাৰণে পেয় পানী কমি আহিছে৷ প্ৰতিটো পেটৰ বাবে খাদ্য কমি আহিছে৷ প্ৰতিটো প্ৰাণীৰ বাবে উশাহ কমি আহিছে৷ প্ৰতিটো চৰাইৰ কাৰণে গছ কমি আহিছে৷ প্ৰতিটো মাছৰ কাৰণে সাগৰ কমি আহিছে৷

কি কৰা যায়? পৃথিৱীৰ মাথোঁ ১%-তকৈয়ো কম ঠাই অধিকাৰ কৰি থকা মানুহ নামৰ জীৱটোৱে বাকী ৯৯% পৃথিৱীক আতংকিত কৰি তুলিছে৷ প্ৰকৃতি নিজেই ভীত, সন্ত্ৰস্ত৷ কোনেও একো উৱাদিহ পোৱা নাই৷ মানুহসোপা মাৰিও পেলাব নোৱাৰি৷ সন্তান জন্ম দিয়াৰ প্ৰবৃত্তি তথা তাড়নাকো নিৰ্বাপিত কৰি দিব নোৱাৰি৷ আনহাতে প্ৰতি প্ৰজননশীল মানুহৰ বিপৰীতে ১.২৪ সন্তান জন্ম নহ’লে জনসংখ্যাৰ ভাৰসাম্যও ৰক্ষা নহয়৷ অথচ ২০১৫ চনৰ ৭৩০ কোটি মানুহ ২০৩০ চনত ৮৫০ কোটি হ’বগৈ, ২০৫০ চনত ৯০০ কোটি হ’বগৈ আৰু ২১০০ চনত ১১২০ কোটি হ’বগৈ৷

বাকীবোৰ জীৱ ক’ত থাকিব? কোনে কি খাব? পানী-বায়ু-মাটিৰ কি অৱস্থা হ’বগৈ? পৃথিৱীৰ কিমান সম্পদ আছে? – কাঠ, বাঁহ, লো, তেল, গেছ আদি? মাটি একা?

আনহাতে,  যুদ্ধবাজ দেশৰ মানুহৰ উৎপাতত কোঙা হৈ পৰিছে বিশ্বশান্তি ব্যৱস্থা!

আনহাতে, ধৰ্মীয় মতান্ধ মানুহৰ বৰ্বৰতা-নৃশংসতাত আতংকিত হৈ পৰিছে অন্য সমাজসমূহ!

অনহাতে, বণিক গোষ্ঠীৰ চৰকাৰ দখলৰ কাৰচাজিত দিক্‌-বিদিক হেৰুউৱা সৰ্বসাধাৰণ!

আনহাতে, এক ধ্বংসকামী শিক্ষাৰে শিক্ষিত মানুহৰ নিৰ্লিপ্ত সন্যাস !

আনহাতে, এই সমস্ত কথাটোক একেলগে চাব পৰা অৱস্থানলৈ আহিবলৈ আমাৰ নদাই-ভদাইৰ দৰে অজলা-নিচলাৰ স্বাভাৱিক অক্ষমতা!

ধৰ্ম তথা ধৰ্মগ্ৰন্থ বিফল৷

ৰাজনীতি তথা প্ৰশাসন বিফল৷

শিল্পী তথা শিল্প বিফল৷

শিক্ষা তথা অধ্যাপক বিফল৷

সকলো কেৱল ভঙা বস্তু মেৰামতি কৰা কামত ব্যস্ত৷ মানৱ সেৱাৰ কাৰণে জীৱন উছৰ্গা কৰিম বুলি পণ লোৱা ধন্বন্তৰীৰ বংশধৰসকল ছাল ছিগা ভিকহুৰ ওচৰত গোন্ধে আমোলমোল সুগন্ধি সুবাস বিয়পাই দেহত ২ লাখ টকীয়া বস্ত্ৰ-ম’বাইল-ঘড়ী-সোণৰ চেইন পৰিধান কৰিহে উপস্থিত! ন্যায়ৰ কাৰণে আমৃত্যু যুঁজ দিম বুলি শপত খোৱা বিচাৰপতিয়ে তেওঁৰ সন্তান জন্মৰ দিনাই হাতত লোৱা কে’ছৰ ফিজ সন্তানৰ বিয়াৰ দিনাৰ খৰচতো মিলায়!

এতিয়া ‘Me Too’ কথাটো কেৱল ‘মোকো যৌন নিৰ্যাতন চলাইছিল’ বোলাতে সীমাৱদ্ধ হৈ থকা নাই৷ কথাটো ‘সি গৈছে আমেৰিকালৈ, ময়ো যাম’- তাৰ দুটা ঘৰ, মোকো পাঁচটা লাগে’ আদি কথালৈ সম্প্ৰসাৰিত হৈছে৷ বিকৃত মানসিকতাই শব্দৰ অৰ্থকে বিকৃত কৰি পেলাইছে৷

সকলোৰে অসম্পূৰ্ণতা- কিবা নহয় কিবা কথাত৷ সকলো অতৃপ্ত৷ সকলোৰে দগ্ধ হৃদয়৷ বিকৃত মনৰ মানুহহে আজি স্বাভাৱিক মানুহ৷

আৱিৰ্ভাব হৈছে শান্তিদূত; ক’বলৈ লৈছে যোগ কৰা, এনেকুৱা খাদ্য খোৱা, তেনেকুৱা জীৱনচৰ্যা কৰা৷ ৰবিশংকৰ-সদ্‌গুৰু-ৰামদেৱ-সাইবাবা কত কিমানলৈ যে মানুহে ঢাপলি মেলিছে, সীমা-সংখ্যা নাই!

কিন্তু ক’তা, সদায় দেখোন একে ধৰণৰেই কথা– ‘আগতেহে ভাল আছিল!’

নে এনেকুৱা হৈ থকাটোৱেই এটা স্বাভাৱিক আৰু প্ৰাকৃতিক কথা? এইবিলাককেইতো জীৱন সংগ্ৰাম বুলি কয়! এইবোৰ কথাৰ আঁত মাৰি নাথাকিলে আৰু কি কৰিবা জীৱনত!

এৰাঃ! Cursed is the destiny of mankind!

কিন্তু মানুহৰ যি হয় হৈ থাকক; পৃথিৱীখনক লৈ চিন্তা কৰিবলগীয়া একো নাই নেকি? কোনে ক’ব, কোনে দিহা দিব, কাৰ কথা কোনে শুনিব, ক’ৰ মানুহে ক’ৰ মানুহৰ কথা ক’ব?

এতিয়া জানো এনে দিন আছে যে পৃথিৱীৰ সকলো মতবাদ-কাৰ্যক্ৰমণিকা একদিশে ধাবিত হ’ব পাৰিব? মহাকাশলৈ এনেয়ে ফুৰিবলৈ যোৱা মানুহে কাৰ কথা শুনিবলৈ আগ্ৰহ কৰিব? কেলেই শুনিব? যুদ্ধাস্ত্ৰ নিৰ্মাণ কৰা কোম্পানীৰ কাৰণে কথাটো হ’ল তেওঁৰ বন্দুক-বোমা-প্লেন-মিছাইল বিক্ৰী নকৰিলে তেওঁলোক কেনেকৈ চলিব? গতিকে নাৰীদেহ-যৌনতা-সুৰা-টকা বৈ যাব, চৰকাৰৰ মানুহ বিক্ৰী হ’ব, যুদ্ধ হ’ব, মানুহ মৰিব, ধ্বংস হ’ব, কাহিনীৰ সৃষ্টি হ’ব, সাহিত্য সৃষ্টি হ’ব- True story stranger than Fiction –যেনেকৈ লিখা হৈছে At night all blood is black– চেনেগালৰ মানুহ ডেভিড বিয়পে লিখিছে –ফ্ৰাঞ্চত থাকে– আফ্ৰিকাৰ গৃহযুদ্ধত সৈনিকৰ পেট ফালি নাড়ী-ভুৰু উলিয়াই দিয়াৰ নিষ্ঠুৰ-জঘন্য-ভয়লগা-শিহৰণকাৰী কাহিনী–পৃথিৱীৰ ১৩ টা ভাষালৈ অনুদিত– য়ুৰোপ মহাদেশৰ সকলোবোৰ সন্মানীয় সাহিত্য পুৰস্কাৰেৰে গৌৰৱান্বিত৷

কাৰ হৃদয় পৰিৱৰ্তন হ’ব? কাৰ মানসিকতাৰ পৰিৱৰ্তন হ’ব? কোনে কি শিক্ষা ল’ব?

ইমান মানুহ, কোনে কিমান মানুহৰ কথা ক’ব!

গতিকে মই এতিয়া সেই চিত্ৰলেখীজনীয়ে আঁকি দিয়া কল্পনাৰ চিন্তানায়কজনক বিচাৰি ফুৰিলে কি হ’ব? কোনোৱে কয় গুৰু দুজনাৰ মতাদৰ্শেৰে চলিলে অসমে পৰিত্ৰাণ পাব৷ কোনোৱে কয় BJP-RSS-ৰ হিন্দুত্বৰ মতাদৰ্শেৰে চলিলে ভাৰতখনে উদ্ধাৰ পাব৷ কোনোৱে কয় প্ৰতিৰক্ষা-বিত্ত-বৈদেশিক পৰিক্ৰমা, এইকেইটা বিষয় বাদ দি সমগ্ৰ চৰকাৰী ব্যৱস্থাটোকে বেচৰকাৰীকৰণ বা ব্যক্তিগতকৰণ কৰিব লাগে৷

এই সকলোবোৰ হ’ল একো একোটা উদ্ভট চিন্তা৷ এইবোৰ একো ভাল উপদেশো নহয়, বাস্তৱিকো নহয়, গ্ৰহণযোগ্যও নহয়৷ সমস্যাটো যিহেতু মানুহৰ পৰাই উদ্ভূত, গতিকে মানুহকে কিবা প্ৰকাৰে পৰিৱৰ্তন কৰিব পাৰিলেহে চাগে কিবা এটা হ’ব পাৰে!

তাৰে প্ৰথমটো হ’ল এটা বৈজ্ঞানিক পন্থা৷ Genetically modified man– যাৰ লোভ আৰু আধিপত্যৰ বাবে আক্ৰোশ নাথাকিব৷ সেই বুলি অকৌ কলপাতত পকা ৰবাব টেঙা বখলিয়াই ক’লা জলকীয়া– নিমখ সানি খোৱাৰ ‘লোভকণ’ নাইকিয়া হৈ গ’লেও বৰ বেয়া কথা হ’ব! টকা পইছালৈ লোভ একেবাৰে নাইকিয়া হৈ গ’লেও মানুহে ব্যৱসায়-বাণিজ্য-উদ্ভাৱনৰ প্ৰসাৰ কৰিব নোৱাৰিব; ফলত মানৱ সভ্যতাৰ প্ৰগতিও স্তব্ধ হৈ যাব পাৰে৷ ধন-সোণ, মণি-মুকুতাৰ প্ৰতি আগ্ৰহ-অক্ৰোশ নাথাকিলেও তাজমহল, ৰৌণকপুৰ, মধ্যপ্ৰাচ্য, য়ুৰোপৰ স্থাপত্য-ভাস্কৰ্যও সৃষ্টি নহ’ব৷ ধনী মানুহ নাথাকিলে একোখন ছবিৰ ১০০ কোটি টকা মূল্য কোনেনো দিব? মানুহে নিজৰ শক্তি-সামৰ্থ-মগজুৰ চৰম উৎকৰ্ষ সাধনৰ বাবে ধাৱমান হঁওতে আনক চেৰাই যোৱা কথাটো বা আধিপত্যবাদ থাকিবই৷

গতিকে বোধকৰোঁ মানুহক এনেকৈয়ে বৰ্তমানে চলি থাকিবলৈ দিয়া ভাল৷ কথাষাৰ ময়ে কৈ দিলোঁ৷ বেলেগ চিন্তানায়ক মোৰ চকুত নপৰিল৷ চিত্ৰলেখাই অঁকা চিন্তানায়ক বিচাৰি পোৱা নাযাব৷ পালেও তৎক্ষণাত কোনোবা শিবিৰত সোমাই পৰিব বা কিবা এটা বেচিবলৈ আৰম্ভ কৰি দিব বা টেলিভিশ্বনত ভাষণ দিয়া আৰম্ভ কৰি দিব বা মোটা ফিজ নহ’লে কথাই নক’ব!

আজিকালি প্ৰত্যেক নমস্য ব্যক্তিয়ে পইচা নাপালে এখোজো নিদিয়ে৷ হয়োতো, গায়কবিলাকে গীতিকাৰ-সুৰকাৰ কাকো একো স্বীকৃতি নিদিয়াকৈয়ে একেকেইটা গানকে গাই গাই যদি ইখনৰ পৰা সিখন ঠাইত লাখ লাখ টকা বছৰি বছৰি তুলি থাকিব পাৰে, তেন্তে বহুত ভবা-চিন্তা-পঢ়া-শুনা কৰি আটুট-মূল্যৱান কথা কোৱাজনে টকা দুটামান বিচৰাত বাধা কি! তেওঁলোকৰো যুক্তি আছে৷

কিন্তু টকা লোৱাজনে টকা দিয়াজনৰ কামত অহা কথাহে ক’ব৷ বাকীসকলৰ কি হ’ব?

সেয়ে মোৰ সৰ্বশেষ কথাটো হ’ল যে মানুহে এতিয়া আৰু কোনো চিন্তানায়ক বিচাৰিব নালাগে৷ সকলোৱে নিজকে একোজন তেনে ব্যক্তি বুলি ভাবিব লাগে৷ আমি জাপান-চীন-অমেৰিকা পাবগৈ নালাগে- ‘ধা’ বুলি মণিকূট পোৱাৰ নিচিনাকৈ৷ ভৰিৰ তলৰ মাটিকণলৈকে প্ৰথমে চাই পঠিয়াব লাগে– চাই থাকিব লাগে- চায়ে থাকিব লাগে৷ তাৰ পাছত মূৰৰ ওপৰৰ আকাশখনলৈ চাব লাগে– চাই থাকিব লাগে– চায়ে থাকিব লাগে৷ এঘণ্টা দুঘণ্টা, এদিন দুদিন নহয়– সদায়৷ মাটিলৈ চাই থাকিলে নিজকে ডাঙৰ যেন লাগিব; কিন্তু আকাশলৈ চাই থাকিলে নিজকে ক্ষুদ্ৰ যেন লাগিব৷ ঘৰত ভাতমুঠি খাওঁতে বাৰীৰ ওচৰৰ শালিকা-কাউৰী-কুকুৰলৈ মনত পেলাই অকণমান এৰিব লাগে৷ পৰিয়ালৰ মানুহৰ মুখলৈ চাব লাগে– চকুলৈ চাব লাগে চিনাকী-অচিনাকীজনৰ৷ আনৰ কথা বৰকৈ শুনিব নালাগে৷ নিজৰ কথা শুনিলেই হ’ল৷ নিজে নিজে চিন্তা-ভাবনা কৰি নিজে নিজৰ নায়ক-অধিনায়ক হ’ব পাৰিলেই সমাজে বহুত চিন্তানায়ক বিচাৰি পাব৷  


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ