অন্যযুগ/


কৌতুকৰ ৰহঘৰাত এভুমুকি

 সঞ্জীৱ  সভাপণ্ডিত

        

হাইস্কুলত পঢ়ি থকা সময়ত কৃপাবৰ বৰবৰুৱাৰ উইলখন পঢ়িছিলোঁ৷ বৰ হাঁহি উঠিছিল৷ চেঙেলী মাছ-গৰৈ মাছ আদি যে আমালৈ থৈ গৈছে ভাবি কৃপাবৰৰূপী ৰসৰাজ বেজবৰুৱাৰ কথালৈ কটাক্ষ কৰিছিলোঁ- থৈ যাবলৈ আৰু বস্তু পোৱা নাই! ধন-সোণ-মণি-মুকুতা দি যাব নোৱাৰিলে; এইবোৰ খালে-ডোঙে, হাবিয়ে-জংঘলে পৰি থকা ফাল্টু বস্তুবিলাকহে দিবলৈ পালে!

ৰসৰাজক তেতিয়া এটা মক্কেল বুলি ভাবিছিলোঁ৷ এফালে বঙালী বিয়া কৰাইছে, বঙালৰ দেশত আছে আৰু আমাক ঘোকোট গাঁৱলীয়া হৈ থাকিবলৈকে এইবিলাক ফচহু কথা লিখিছে৷

তেতিয়া এঘণ্টা বৰশী বাই ২০ টা কাৱৈ মাছ পোৱাৰ দিন আছিল; এঘণ্টা জাল  মাৰি ৫ কিলো এলেং-ভাঙোন মাছ তোলাৰ দিন আছিল; এঘণ্টা জাকৈ মাৰি ১০০ টা মাগুৰ চেঙেলী-পুঠি-গৰৈ পোৱাৰ দিন আছিল; এঘণ্টা পল মাৰি ১০ টা বামি মাছ পোৱাৰ দিন আছিল৷ গতিকে কৃপাবৰক বহুৱা বুলি ভাবিবলৈহে মন গৈছিল৷

তেতিয়া এবাৰলৈকো ভবা নাছিলোঁ যে এনে এটা দিন আহিব যেতিয়া পুঠি-খলিহনা-চন্দা-এলেং-পাভ-শিঙৰা মাছ স্বাভাৱিক খাল-বিল-নৈ-পুখুৰীত নাইকিয়া হৈ যাব আৰু কৃত্ৰিমভাৱেহে সেইবিলাকৰ খেতি কৰিবগৈ লাগিব৷

সেই হাঁহি উঠা ৰসৰ ৰহঘৰাত বহি তাৰ মাজত লুকাই থকা গভীৰ সংবেদনশীল তথা মননশীল বাৰ্তা শুনিবলৈ আমিবোৰ সক্ষম নাছিলোঁ৷ বুদ্ধি-বৃত্তিত অঁপইতা পিতৃ-মাতৃ, ওচৰ-চুবুৰীয়া-পিতৃ শাখা-মাতৃ শাখাৰ কোনেও সেই শব্দৰ আঁৰত লুকাই থকা বাৰ্তা আমাক জনোৱা নাছিল৷ সকলোৱে সেইবোৰ হাঁহিবলৈ লিখা কথা বুলিয়েই ভাবিছিল আৰু আমাকো তেনেকৈ বুজাইছিল৷ আমিও ‘Joker’ লক্ষ্মীনাথক উদ্দেশ্যি টিটকাৰি মাৰি সেই কথাবোৰ পাহৰি গৈছিলোঁ৷

কিন্তু আজি যেতিয়া হাবি-বন-গছ-গছনি-জীৱ-জন্তু-মাছ-কাছ আদি গজন-ভ্ৰমণ-উৰণ-বুৰণ সকলো জীৱই মানুহ নামৰ এটা চূড়ান্ত অবিবেচক প্ৰাণীৰ হাতত ত্ৰাহি মধুসূদন দেখিছে, তেতিয়া সেই হাস্যৰসৰ গূঢ়াৰ্থ পোহৰলৈ আহিছে৷ আজি ১০০ বছৰতকৈও অধিক কালৰ  আগেয়ে লিখা সেই কথাৰ আঁৰত কি সাংঘাটিক ভৱিষ্যৎবাণী নিহিত হৈ আছিল, আজি ভাবিলেও অবাক হব লাগে৷

হাস্যৰস বা খুহুতীয়া কথাৰ মাজেৰেও যে সাংঘাতিক ছিৰিয়াছ কথা কব পাৰি অসমত তাৰ বাটকটীয়া আছিল ৰসৰাজ৷ এই অভিধা তেওঁক এনেয়ে দিয়া হোৱা নাছিল৷ তাৰ মৰ্মাৰ্থ আজিহে যেন আমাৰ বোধগম্য হল৷

কলেজীয়া জীৱনত P.G Woodhouse-অৰ কিতাপ পঢ়িছিলোঁ৷ বৃটিছে কি সুন্দৰকৈ না নোকোৱাকৈ না বুলি কয় বা বেয়াকৈ নোকোৱাকৈয়ে মানুহক বেয়া বুলি কয়, পঢ়ি বৰ ৰস পাইছিলোঁ; যেনে, মোক এখন সভালৈ মাতিলে, মোৰ যাবলৈ মন নাই - মই কলোঁ - I wish I could have gone ৷ মানুহ এজনক বুৰ্বক বুলি কবলৈ  মন গৈছে, মই ক – I thought you were intelligent.

কিন্তু এই ৰসাস্বাদনত ৰসৰাজৰ বক্ৰোক্তি প্ৰত্যক্ষ কৰা নাছিলোঁ৷

মেৰিঅ মিৰাণ্ডা নামৰ এজন কাটুনিষ্টে পেঞ্চিলৰ অদ্ভুত আঁক-বাঁক-খোঁচেৰে মানুহক বহুদিন বিন্ধিছিল৷ ধেমালিৰ অচিলাৰে তেৱোঁ বহুত কথা কৈছিল৷ গোৱাৰ বাসিন্দা এইজন ব্যংগকাৰৰ political satire-অক ৰজাঘৰীয়ায়ো অত্যন্ত সমীহ কৰিছিল৷

R. K. Laxman-ৰ কাৰ্টুন বহুত বছৰ পঢ়িলোঁ আৰু চালোঁ৷ তীব্ৰ শ্লেষাত্মক ব্যংগোক্তি কৰিছিল দেশৰ সমসাময়িক ৰাজনৈতিক চৰিত্ৰবিলাকৰ ওপৰত, চৰকাৰৰ উদ্ভত কথা-কাণ্ডবিলাকৰ ওপৰত, আনকি বিজ্ঞান প্ৰযুক্তিয়ে কৰা জীৱন অনৰ্থৰ ওপৰতো৷ সদায় দেশৰ সাধাৰণ নাগৰিকৰ স্বাৰ্থৰ পক্ষত থাকিয়েই তেওঁ আঁক-বাঁক কৰি গল৷ বছৰ বছৰ ধৰি, দশক দশক জুৰি তেওঁৰ কটাক্ষৰ শেলে এক মুহূৰ্তৰ বাবে হলেও মানুহৰ বক্ষ ভেদি গল৷ পাঠকৰ মুখত হাঁহি বিৰিঙিল আৰু হৃদয়ত তেজ বৈ গল৷ পাতলকৈ  বা লাহেকৈ মানুহক তেওঁ চিকুটি থৈ গল৷ ছবিৰ সাৰ্বজনীনতাৰ কাৰণেই হওক বা বহুল প্ৰচাৰৰ মাধ্যমৰ কাৰণেই হওক বা বিষয়বস্তুৰ আৱেদনৰ কাৰণেই হওক বা ভাষাৰ ব্যাপ্তিৰ কাৰণেই হওক তেওঁ কিম্বদন্তী হৈ পৰিল৷ কিন্তু আমাৰ জকাইচুকীয়া অসমত আৱদ্ধ ৰসৰাজক কোনেও গমেই নাপালে৷ অথচ R. K. Laxman -এও আমাৰ ৰসৰাজৰ গভীৰতা আৰু বিশালতাৰ ওচৰ চাপিব নোৱাৰিলে৷

প্ৰায় একেই আৰ্হিত আমাৰ ত্ৰৈলোক্য দত্তয়ো ধুতী পিন্ধা এজন মানুহক নীৰৱ দৰ্শক-মৌন শ্ৰোতা সজালে৷ প্ৰতি পুৱাই বাতৰি কাকতৰ পাতত ভুমুকি মৰা মানুহজনৰ যোগেদি আমাৰ মানুহেও ধেমালিৰ যোগেদি গধুৰ কথাৰ বতৰা পালে৷ বুজা মানুহেও নতুনকৈ উপলব্ধি কৰিলে– All is not well in the kingdom of Denmark - দেশৰ দেহা ভাল নহয়৷

হাঁহি-ধেমালিৰ অচিলাৰে বিষাদৰ বতৰা দিয়া আৰু এজন মানুহ আমাৰ মাজত আছিল৷ দুৰ্গেশ্বৰ বৰঠাকুৰ৷ এজন অত্যন্ত সংবেদনশীল মানুহ- মহেন্দ্ৰ বৰঠাকুৰৰ আখৰৰ কথাক মুখৰ ভাষালৈ আনি উপস্থাপনৰ এক অননুকৰণীয় শৈলীৰে আকাশবাণীৰ যোগেদি তেওঁ মানুহক মাতি আনিছিল – ‘শুনাহে শুনাহে সভাসদগণ, আমাৰ অসম মুলুকৰ বিষম কথা ! বুজি লোৱাঁহি, যুগ যুগে পুনৰাবৃত্তি হোৱা চলাহী কথাৰ - ভণ্ড তপস্বীৰ - প্ৰতাৰণাৰ মায়াজালৰ  সাধাৰণ মানুহকো তেওঁ এৰি দিয়া নাছিল৷ সদায় বুৰ্বক-ভোদা হোজা-সৰল হৈ থাকি থাকি আনৰ মৰম-সমবেদনা-পুতৌ পাবলৈ  বাট চাই থকা  মানুহক তেওঁ ভাকুট-কুটাই দিছিল৷ কোনো মানুহক মুখ নেদেখুৱাকৈয়ে, কোনো অংগী ভংগী বা দেহৰ সঞ্চালন নোহোৱাকৈয়ে বা নকৰাকৈয়ে, কেৱল মাতটো প্ৰক্ষেপণৰ জৰিয়তে - স্বৰৰ আৰোহণ-অৱৰোহণৰ জৰিয়তে অন্তৰৰ আলোকেৰে শ্ৰোতাৰ লগত অনুভৱৰ এখন সাঁকো সৃষ্টি কৰি তেওঁ বক্তব্যৰ সামগ্ৰী কঢ়িয়াই নিছিল৷ তেওঁ বিলাই দিয়া ৰসৰ ভোগজৰাত সদায় সোমাই আহিছিল একোপাট শক্তিশেল- প্ৰত্যেকলৈকে টোঁৱাই- আনকি নিজলৈকো বুলি৷ সকলোতে অন্তুঃসলিলা ফল্গুৰ দৰে বৈ আছিল সমাজৰ মংগল কামনাৰ তীব্ৰ বাসনা৷

নিজকে হানি-খুঁচি আনক হাঁহিবলৈ সুযোগ দিয়া আন এজন মানুহ আছিল খুশৱন্ত সিং৷ তেওঁ নিজকে এনেকৈ হাঁহিছিল যে আনৰো হাঁহি উঠি গৈছিল৷ তেওঁ শিখ অৰ্থাৎ পাঞ্জাৱীবিলাকৰ এইটো এক প্ৰকাৰ জাতীয় বৈশিষ্ট’-  কৰি পেলাইছিল৷ নিজকে হাঁহিব পৰাটো আচলতে এটা বৰ ডাঙৰ গুণ৷ তাৰ পৰা কোনো নিজে সৰু বা হেয় হৈ নাযায়৷ বৰং আন মানুহ ওচৰ চাপিবলৈ সহজহে পায়৷ ব্ৰিটিছবিলাকে কিন্তু নিজকে কেতিয়াও নাহাঁহে- কিজানি আনে তেওঁলোকক লঘু বুলি ভাবে! তেওঁলোকৰ তেজত এইটো সোমাই আছে আৰু তাত যুক্তিও আছে যে তেওঁলোক সকলোৰে ওপৰত; এই পৃথিৱীত সকলোকে শাসন কৰিবৰ অধিকাৰ তেওঁলোকৰহে আছে৷ সেই কাৰণেই ইংৰাজবিলাকক বহুত মানুহে ভাল  নাপায়৷ আমাৰ বাঙালীবিলাকৰো এইটো তেজ আছে৷

ভ্ৰমণবিলাসী হোৱাৰ কাৰণে-সংগপ্ৰিয় হোৱাৰ কাৰণেগ্ৰন্থ বান্ধৱ হোৱাৰ কাৰণেহাস্যৰসিক হোৱাৰ কাৰণেসুৰাপ্ৰিয় হোৱাৰ কাৰণেঅকুণ্ঠচিত্তে সুন্দৰী ৰমণীৰ প্ৰশংসাত পঞ্চমুখ হব পৰাৰ কাৰণে খুশৱন্ত সিঙৰ লেখাত বিচিত্ৰ আৱেদনৰ পয়োভৰ ঘটিছিল৷ কিছু পৰিমাণে পক্ষপাত দুষ্ট (Prejudiced) হোৱা সত্তেও গভীৰ মননশীল ব্যক্তি হোৱা বাবে আৰু দেশ বিভাজনৰ নিৰ্মম আঘাতে বেদনাহত কৰাৰ কাৰণে তেওঁ The End Of India,  Train to Pakistan,  The Lost Victory, A History of the Sikhs-অৰ নিচিনা কিতাপো লিখিব পৰিছিল৷ তেওঁ যেন এইটো প্ৰমাণ কৰিবলৈকে উঠি- পৰি লাগিছিল যে ব্যংগকাৰসকল প্ৰকৃততে গভীৰ চিন্তাশীল ব্যক্তিহে৷

ৰসৰাজ বেজবৰুৱাৰ ক্ষেত্ৰত যি কথা মই আজি পৰিৱেশ সংৰক্ষণগোলকীয় উত্তাপ বৃদ্ধিজৈৱ বৈচিত্ৰ্য হ্ৰাস বা কনা অতিমাৰীৰ পৰিপ্ৰেক্ষিততহে বুজিবলৈ লৈছোঁ, সেই  কথা  মই খুশৱন্ত সিঙৰ লেখাৰ পৰাও বুজিব পাৰিছোঁ যে হঁহাটো বা হঁহুৱাটো বৰ সহজ কথা নহয়৷ গভীৰ অন্তৰ্দৃষ্টি নাথাকিলে, মানৱ কল্যাণৰ ভাব অন্তৰত জাগৃত নহলে, প্ৰচুৰ অধ্যয়ন নাথাকিলে বা ভৱিষ্যৎ দ্ৰষ্টা হব নোৱাৰিলে মানুহ ব্যংগকাৰ হব নোৱাৰে৷ প্ৰকৃততে ই এটা শিল্প৷ ইয়াক নিৰ্মাণ কৰিব লাগে৷ সেয়ে ই বিভিন্ন নাম পাইছে– Joke, Humour, Satire, Cartoon আদি৷ মিকি মাউছ, টম্ এণ্ড জেৰী, নাল্ড ডাক, টিন্ টিন্, Hagar the Horrible আদিবোৰ আচলতে তীক্ষ্ণ বুদ্ধিমত্তা, প্ৰত্যুৎপন্নমতিতা, নিষ্পাপ আনন্দৰ সংমিশ্ৰণ৷ এইবিলাকত সূক্ষ্ম অনুভূতিৰ কথা নিশ্চিতভাৱে নিহিত হৈ থাকে৷

আমাৰ ইয়াত আকৌ কৌতুক বুলিলে লেতেৰা বাক্যস্থূলৰুচিৰ অংগী-ভংগীটেঁটুফলা চিঞৰকাৰোবাক দুখ পোৱাকৈ খোঁচ মৰা ধৰণৰ কথাকেহে যেন বুজায়! যিহে জমায় যে আচলতে একো নজমে; কুট্‌কুটাই নিদিলে হাঁহিয়েই নুঠে৷ কামৰূপী ভাষাত কথা কোৱাটোৱেই যেন ইয়াত জমোৱাৰ চূড়ান্ত সীমা৷ অসমীয়া গাঁৱলীয়া মানুহ এটাক  ভেঙুচালি কৰাটোৱেই ইয়াত হাঁহিৰ খোৰাক৷ কিম্ভূত কিমাকাৰ বেশ-ভূষাৰে বহুৱালি কৰাটোৱেই যেন  ব্যংগ উপস্থাপন৷

চাৰ্লি চেপলিনেও বহুৱাৰ পোছাক পৰিধান কৰি কিম্ভূত-কিমাকাৰ আচৰণ কৰি অভিনয় কৰিছিল৷ কিন্তু তেওঁৰ The Great Dictator বা Modern Times-অৰ লগতে অন্যান্য বহুত নিৰ্বাক ছবিয়েও মানুহক হঁহুৱাৰ লগতে হিটলাৰৰ দৰে একনায়কক সুতীক্ষ্ণ বজ্ৰশেল হানিছিল বা আধুনিক যান্ত্ৰিকতাই মানুহক কেনেকৈ  আৱেগ-দয়া-মায়া-মমতাহীন বস্তু কৰি তুলিছে তাৰ ওপৰতো প্ৰচণ্ড বক্ৰোক্তিৰে আঘাত হানিছিল৷  মানুহক সচেতন কৰি তুলিছিল৷ মানুহক জোকাৰি গৈছিল৷ অত্যন্ত প্ৰভাৱশালী আছিল সেই ব্যংগ৷

নিদাৰুণ বক্তব্য, বহুত ক্ষেত্ৰত গদ্যৰে দাঙি ধৰা সম্ভৱ নহয়৷ পাৰিলেও তাৰ চোক সিমান নহব পাৰে, যিমান পাৰে কবিতাৰ  দুটামান শব্দই৷ যেনে, বন্দুকৰ শব্দত ৰাতি পুৱায়নে - নে পক্ষীৰ কলৰৱত? এইকেইটা শব্দই মোক্ষম আঘাত দিব পাৰে সন্ত্ৰাসবাদৰ ওপৰত- দিস্তাই দিস্তাই লিখা গদ্যতকৈ বেছিকৈ৷

টুলুঙা বহুৱালিতো মানুহৰ হাঁহি উঠে৷ হয়তো সেইবিলাকৰো প্ৰয়োজন আছে সময় সাপেক্ষে৷ কেতিয়াবা কেতিয়াবা৷ যেনে পৰোচন নামৰ এখন চিনেমাত নায়িকা চায়েৰা বানুক নায়ক সুনীল দত্তই প্ৰেম নিৱেদন কৰিব পৰা নাই- গতিকে  পৰিচালকে আশ্ৰয় লৈছে এক চতুৰ নৰ কৰে শৃংগাৰ কথাৰ  এটা গীতৰ; কিশোৰ কুমাৰ-মান্না দেৰ বিচক্ষণ গায়কী; মেহমুদৰ চমকপ্ৰদ অভিনয় আৰু গীতৰ কথাৰ অপূৰ্ব সুন্দৰ দৃশ্যায়নে মনোৰঞ্জনৰ এক অনন্য মাত্ৰা দিছে৷ হাঁহি হাঁহি মানুহ চিনেমাহলত বাগৰি পৰিলসৰু পানী ওলাই গ- আনকি তেজপুৰৰ অনন্ত চিনেমাহলত এজন দৰ্শক হাঁহিৰ আতিশয্যত দম বন্ধ হৈ মৰিয়েই থাকিল৷

সেই মেহমুদেই আকৌ কুঁৱৰা বাপ নামৰ এখন চিনেমাত ৰাস্তাত কোনোবাই পেলাই থৈ যোৱা এক দেৱশিশুক তুলি লৈ আনি অকলেই পিতৃ-মাতৃ দুয়োটাৰে দায়িত্বকে পালন কৰিবলৈ গৈ সন্মুখীন হোৱা আহুকালৰ মাজত দৰ্শকে আনন্দও পালেমনাৱীয়তাৰো পৰিচয়ো পালেসমাজৰ নীচতাৰো উমান পালে আৰু মানৱ চৰিত্ৰৰ বৈচিত্ৰ্যৰো বুজ পালে৷ হাঁহি হাঁহি দুখ বুটলাৰ কাহিনী এয়া৷

মানুহৰ জীৱন  যাত্ৰাত এনে অভিজ্ঞতা নিতান্তই প্ৰয়োজনীয়৷

আজি কালি Stand up comedy বোলা এবিধ হাস্য-ব্যংগানুষ্ঠান হবলৈ  ধৰিছে কম সংখ্যক শ্ৰোতাৰ  সমুখতসৰু ঘৰ একোটাত৷ সাধাৰণতে কথাবিলাকত অলপ প্ৰাপ্তবয়স্ক মানুহৰ বাবে অসহজ নোহোৱা যৌনতাৰ কথাও যথেষ্ট থাকে৷ যৌনতা (Sexuality)-ৰ কথা মুকলিকৈ নাপাতি আৰু নাৰীক মানুহ কৰি নাৰাখি দেবী বা ফুল  বা গান কৰি ৰাখিয়েই আজি ইমান দিনে ভাৰতীয় ৰক্ষণশীল সমাজ চলি আহিছিল৷ টকা খোৱা-ঘোচখোৰ আৰু দুমুখীয়া মানুহক সমাজে বৰ বেছিকৈ আক্ৰমণ কৰা  নাছিল৷ এতিয়া এই মঞ্চবিলাকত কথাবোৰ খোলাকৈ মানুহে কোৱা হৈছে– ‘Internet’-ৰ যোগেদি চাৰিওফালে প্ৰচাৰ হৈছে৷ লগে লগে সমাজ পৰিৱৰ্তিত হোৱাৰ পথত আগ বাঢ়িছে৷ সঁচা কথা শুনিবলৈ পৃথিৱীৰ আজিৰ মানুহে ভয় নকৰা হৈছে৷

মানুহে জানে যে কেৱল প্ৰকৃত শিল্পী, কবি আৰু ব্যংগকাৰেহে নিশ্চিন্তে সঁচা কথা কব পাৰে৷ সঁচা কথা কোৱাটো সমাজৰ কাৰণে মংগলজনক৷ সেই কাৰণে সমাজত ব্যংগৰ স্থান সুকীয়া৷ সেয়ে ব্যংগকাৰক বহুত শাসকে ভয় কৰে৷ গোড়া ধৰ্মান্ধয়ো ভয় কৰে৷

আমাৰ অসমতো আজি ব্যংগৰ খুৱেই প্ৰয়োজন হৈছে৷  

মোৰ সদায় এনেকুৱা কথা কিছুমান শুনিবৰ  মন যায় 

আজি মই এজন দুখীয়া মানুহক ৫০০ টকা দি দিলোঁ৷ মোৰ মনটো কিমান ভাল লাগিছিল মই ভাষাৰে বুজাব নোৱাৰোঁ, যেতিয়া  মই দেখিলোঁ যে সেই মানুহজনে টকাকেইটা দিয়াৰ লগে লগে হাতৰ ডেগাৰখন জেপত ভৰাই থৈছে৷

বা যেতিয়া মই চিগাৰেট পেকেটটো দোকানীক ঘূৰাই দিলোঁ, দোকানীজন আচৰিত হ - আপুনিতো এইটো চিগাৰেটেই বিচাৰিছিল? মই কলো, Smoking causes inpotency নালাগে Smoking causes cancer লিখাটো দিয়াঁ৷

এনেকুৱা কথাবোৰত মগজুটোৱে অলপ ঘোঁৰা চেঁকুৰ দিব পাৰে৷

নতুন এচাম ওলাব লাগিব৷ বৰ্তমানৰ চামে অসমীয়া ভাষাটোকে ভালকৈ কব নোৱাৰে৷ সলসলীয়াকৈ সুন্দৰ শব্দসম্বলিত বিস্তৃত জ্ঞানৰ প্ৰতিফলন হোৱাকৈ ৰাজহুৱা স্থানত কথা কব পৰা মানুহ মোৰ পিছে বৰ্তমান অসমত এগৰাকীও চকুত পৰা নাই৷ ৰসৰাজহঁতক বিচাৰি সেয়ে মোৰ আজি অত হাহাকাৰ৷ এই মানুহ যেতিয়াই ওলাব, তেতিয়াই আমাৰ মানুহে মৌ পিয়াদি পিব৷ কাৰণ আমাৰ মানুহ সাংঘাতিক ধৰণে এই জীৱন সুধাৰ পৰা বঞ্চিত হৈ আছে৷ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ