অন্যযুগ/


হীৰাগুড়ি পাহাৰৰ দেৱতা

বিদিশা দত্ত

 

(৭) 

চাৰিওফালৰ আন্ধাৰবোৰক আঁতৰাই আকাশখনত ৰঙচুৱা পোহৰে দেখা দিছে। এটা এটাকৈ প্ৰায়খিনিৰে টোপনি ভাগিছে। উঠি বহি সকলোৱে ভুচুক চাইছে। ভুচু ধুনীয়াকৈ শুই আছে। দেখি সকলোৰে মুখত হাঁহি বিৰিঙিছে। 

অলপ পাছতে এঙামুৰি এটা দি ভুচু সাৰ পাই উঠিল। সি দেখে- হাবিখনৰ সকলোৱে তালৈকে চাই বহি আছে। তাৰ অকণমান লাজ লাগিল। 

“ভুচু, টোপনি ভালকৈ আহিল নে? গাটো ভাল পাইছা এতিয়া?”- গুবুৱে আগবাঢ়ি আহি সুধিলে।

“ওঁ পাইছোঁ। পিঠিটোহে অকণমান বিষাই আছে।” 

সকলোৱে ভুচুৰ পিঠিটো চালেগৈ। পিঠিত ভগা-ছিগা দাগবোৰ আছে। সেইকাৰণেই চাগে বিষাইছে।

কোনোবাই লৰ মাৰি গৈ কিবা গছৰ আঠা ভুচুৰ পিঠিত সানি দিলেহি। কোনোবাই ৰঙামাটি অকণকে সানি দিলে। কোনোবাই কিবা পাতৰ ৰস লগাই দিলে। কোনোবাই পকা ফল পিটিকি লগালেহি। কিটু নামৰ শহাটোৱে আক কচুপাত এখিলাত নৈৰ পানী অকণ আনি ভুচুৰ মুখখন মচি দিলেহি।

যিয়ে যেনেকৈ পাৰে, ভুচুক সহায় কৰিবলৈ আগবাঢ়ি আহিল। কাকৈ আৰু গজঙে অলপ আঁতৰত বহি হাঁহিমুখে চাই থাকিল।

সকলোৰে আদৰত ভুচুৰ পিঠিৰ বিষটো বহুখিনি কমিল। সি নিজৰ গাঁতলৈ যাবলৈ মন কৰিলে।

চিম্পি আগবাঢ়ি আহিল। তাই নিজৰ পিঠিখন পাতি দিলে। কিটুৱে ভুচুক লাহেকৈ দাঙি চিম্পিৰ পিঠিত তুলি দিলে।

বান্দৰ এটাই জোকালে - “তোৰহে কপাল আৰু ভুচু! ৰংচঙীয়া মৰা পাখিত আমি যদি কেতিয়াবা এনেকৈ বহিবলৈ পালোহেঁতেন ঐ!”

সকলোবোৰে ঢেকঢেককৈ হাঁহিলে। আনকি ভুচুৰো হাঁহি হাঁহি চকুপানী ওলাই গল।

চিম্পিৰ পিঠিত উঠি ভুচু হাবিলৈ সোমাই গল। পিছে পিছে গল হাবিখনৰ সকলো জন্তু, চৰাই আৰু পতংগ।

 …..

বহু দিন পাৰ হৈ গল। দেৱতাৰ পাহাৰৰ জিলিকনি, হাবিৰ কাম-কাজ সকলো একে ধৰণেই চলি থাকিল। সলনি হল মাথোঁ ভুচুৰ পিঠিটো। আগৰদৰে মিহি, চিকচিকীয়া পিঠিৰ ঠাইত ভুচুৰ পিঠিটো খহতা হৈ পৰিল। কোনেও মুখ ফুটাই একো নকলে, কেৱল মনতে ভাবিলে - পিঠিটো বাৰু খহতাই হওক, সি যে পুনৰ জী উঠিল, সেয়াহে আচল কথা।

ভুচুৰ পিঠিটোৰ এই পৰিৱৰ্তন কিয় আৰু কেনেকৈ হ, সি বাৰু গম পালেনে? দেৱতাৰ সভাখনত হোৱা সেই অঘটনৰ কথা তাৰ বাৰু মনত আছেনে?

কোনেও নাজানে। কোনেও জানিবলৈ ইচ্ছাও নকৰে। হয়তো ভুচুৰ মনত আছে, কিন্তু সেই বিষয়ে সিও কাকো একো নকয়। 

অথবা ভুচুৰ একোৱেই মনত নাই। নতুন জীৱন লাভ কৰাৰ লগে লগে চাগে আগৰ জীৱনৰ কথাবোৰ সি পাহৰি গল।

কিন্তু হাবিখন আৰু জীৱ-জন্তুখিনিক সি পাহৰি নগল। সুখেৰে থাকিবলৈ সেয়াইতো যথেষ্ট। সেউজীয়াৰে চহকী হাবিখনত সুখ, হাঁহি আৰু আনন্দৰ অভাৱ কোনোকালে নহল।

(আচৰিত কথা যে, তেতিয়াৰে পৰাই সংসাৰৰ সকলো ভেকুলীৰে পিঠি খহতা হৈ পৰিল। খহতা, খহুলা বস্তুৰ কথা বুজাবলৈ সকলোৱে ভেকুলীৰ পিঠিৰ প্ৰসংগ ব্যৱহাৰ কৰা হল।)

 

(সমাপ্ত)

 

লেখিকাৰ ঠিকনা -

বিদিশা দত্ত

দুলীয়াজান

ভ্ৰাম্যভাষ - ৭৫৭৮৮১৯৭৫৭

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ