অব্যক্ত নিৰ্বাণ ৰাজখোৱা
জাহাজৰ ডেকৰ পৰা
সূৰ্যাস্ত চোৱাৰ এটা অদ্ভুত আমেজ আছে৷ এই আবেলি পৰতে জলপৰীসদৃশ শিহুবোৰে জাহাজৰ
কাষে কাষে নাচিবলৈ আৰম্ভ কৰে৷ মাজে মাজে একোজাক পৰিভ্ৰমী চৰায়েও ভুমুকি মাৰে৷
সিহঁতৰ মধুৰ মাতে নিৰ্জনতা ভেদি ঘুমটিৰ জড়তা ভাঙে৷
নিয়মমতে মই আজি
ৰাতিপুৱাই লক্ষ্যস্থান পাবগৈ লাগিছিল৷ কিন্তু আফ্ৰিকাৰ কেম্পত নাৱিকবোৰে তাৰ
স্থানীয় মদিৰা খাই প্ৰায় এদিন শুয়েই কটালে৷ এতিয়া কেপ্টেইনে কোৱামতে, আমি
কালিলৈ ভাৰত পামগৈ৷ বহু বছৰ সেই মচলাৰে ভৰা ভাৰতীয় বজাৰত ঘূৰা নাই৷ যাৰ কাৰণে এটা
দিন অতিৰিক্তকৈ লৈ আনিছিলোঁ৷ কিন্তু নাৱিকবোৰৰ খঁকে সকলো পণ্ড কৰি দিলে৷ যাৰ কাৰণে
এইবাৰ চিধাই কামত ধৰিবগৈ লাগিব৷ আৰু কাম শেষ হোৱাৰ লগে লগে বাকিংহামত হাজিৰ হ’বগৈ লাগিব৷
কেতিয়াবা ভাবোঁ— এখন আত্মজীৱনী লিখোঁ৷ কিন্তু সেইখন প্ৰকাশ হোৱাৰ লগে লগেই
চাকৰি যাব, আৰু চাকৰি যোৱাৰ লগে লগেই ক্ৰিষ্টানাও যাব৷
কিন্তু এতিয়া আবেলিৰ বতাহ উপভোগ কৰি কৰি আত্মজীৱনীৰ কথা ভাবি লাভ নাই৷ ইতিমধ্যেই
মাতাল নাৱিকসকলে মোক তললৈ মাতিছে৷ এইখিনি সময়ত হেনো মৃত নাৱিকসকলৰ আত্মা ডেকত বহি
থকা যিকোনো মানুহৰ গাতে সোমাই পৰে৷ গতিকে মই গ’লোঁ৷ কাইলৈ একেবাৰে নৱাবৰ মহলতেই
আত্মজীৱনীৰ কথা ভাবিমগৈ৷
ৰাতিপুৱা ৬.৩০
বজাত আমি ভাৰতৰ কোনোবা এটা বন্দৰত জাহাজ ৰখালোঁ৷ এই বন্দৰলৈ মই আগতে কেতিয়াও অহা
নাই৷ কাৰণ মই সদায় আৰৱ সাগৰৰ বন্দৰবোৰতহে নামো৷ বংগৰ সাগৰত মই কেতিয়াও নমা নাই৷
সেই অজ্ঞাত ঠাইত এখন অজ্ঞাত বজাৰক পিঠিফলীয়া কৰি জাহাজৰ পৰা মোক আগবঢ়াই নিবলৈ ৰৈ
আছিল বিদ্যাৰাম চেটাৰ্জী৷ বাঙালী মানুহ, বেচ জ্ঞানী মানুহ আৰু কেম্ব্ৰিজত মোৰ ভাল বন্ধু
আছিল৷ ৰামৰ দেউতাকে লণ্ডনত ব্যৱসায় কৰে, কিন্তু তাৰ মাক
বঙ্গতে তাকে৷ গতিকে সি সেই অজান ঠাইৰ বিষয় ভালকৈ জানে৷ সি মোতকৈ প্ৰায় তিনি বছৰ
ডাঙৰ বুলি জানিও দুয়োখন হাতত চাৰিটা বেগ লৈ লৈ জাহাজৰ পৰা নামি আহোঁতে ‘হেই ৰাম’ বুলি তাক
সম্বোধন কৰিলোঁ৷ ইংলিছ স্বভাৱ৷ কিন্তু নিজতকৈ ডাঙৰ মানুহক নামেৰে সম্বোধন কৰাটো
মোৰ বাবে ভাৰতত এক ধৰণৰ বদ অভ্যাস৷ সকলো কথা বাদ দি আমি বজাৰখনত ঘূৰিবলৈ আৰম্ভ
কৰিলোঁ৷ বিভিন্ন মচলা, শাক-পাচলি, শুকান
মাছ-মাংসৰ গন্ধ লগ হৈ যি বীভৎস গোন্ধ প্ৰকট হয়, সেয়াই
ভাৰতীয় বজাৰৰ বৈশিষ্ট্য৷ সেই বজাৰৰ মাজে মাজে গৈ গৈ আমি এখন ঘোঁৰাগাড়ীত উঠি
বিভিন্ন কথা-বতৰাৰ পাতনি মেলিলোঁ৷ ৰাজনীতিৰ কথা, যুদ্ধৰ
কথা, নৱাবৰ কথা৷ এইবোৰ কথা পাতি পাতিয়েই আমি গৈ
পালোগৈ নৱাবৰ ৰাজমহল৷
এটা অপূৰ্ব বিশাল
মহল৷ কিন্তু যিমানবোৰ আশা কৰি আহিছিলোঁ, সিমান নেদেখিলোঁ৷
মোগলসকলৰ ৰাজপ্ৰসাদ, দৰবাৰ দেখাৰ পাছত, মোৰ
বাকিংহাম পেলেচো ভাল নলগা হৈ পৰিল৷ এই মহলটো সাজোঁতে বেচেৰা নৱাবৰ আৰ্থিক সমস্যা হ’ল চাগৈ৷ বাৰু, প্ৰথম
আমি পাব্লিক হলটোলৈ গ’লোঁ৷
মোগলসকলে ইয়াক দৰবাৰ বা দিৱান-ঈ-খাছ বুলি কয়৷ তাত সকলো মন্ত্ৰী-মহামন্ত্ৰীৰ লগতে
স্বয়ং নৱাব হাজিৰ৷ মোৰ নিজকে এম্বেছেদৰ যেন লাগিবলৈ আৰম্ভ কৰিলে৷ বুকু ফিন্দাই
নৱাবৰ ফালে এখোজ-দুখোজকৈ আগবাঢ়িলোঁ৷ অলপ আগলৈকে চিঞৰ-বাখৰ হৈ থকা দৰবাৰত মই ভৰি
দিয়াৰ লগে লগে নিৰ্জনতাই হেঁচা মাৰি ধৰিলে৷ সকলোৰে দৃষ্টি মোলৈ, অকল
মোলৈ৷ এইবোৰ কথা ভাবি থাকোঁতে কেতিয়া যে মই নৱাবৰ কাষ পালোঁগৈ, মই নিজেই
গম নাপালোঁ৷ তেওঁক সম্ভাষণ জনালোঁ৷ আৰু তেওঁৰ নিজৰ ভাষাত কিবাকিবি বকিবলৈ আৰম্ভ
কৰিলে৷ ৰামে মোক সকলো ইংৰাজীত বুজাই দিলে৷ ইংৰাজৰ দেশৰ পৰা নৱাবৰ ওচৰলৈকে ভ্ৰমণ
কৰাৰ কাৰণ কি? নৱাবৰ অদ্ভুতভাৱে গল্গলীয়া মাতত থত্মত্ খাই
মই ক’বলৈ
ধৰিলোঁ— ‘‘ইংলেণ্ডৰ ৰাণীৰ আদেশত মই মহলৰ দক্ষিণ-পূব ফালৰ অৰণ্যৰ এটা
ধাৰণা ল’বলৈ
আহিছোঁ৷ যাৰ কাৰণে মই আপোনাৰ অনুমতি ল’বলৈ আহিছো৷’’
সেই সকলো কথা ৰামে নৱাবক বুজাই দিলে৷ এক মুহূৰ্তৰ
কাৰণে নৱাবে চকুকেইটা ডাঙৰকৈ মেলি ৰৈ থাকিল৷ তাৰ পাছত তেওঁ নিজৰ ভাষাত কিবাকিবি ক’লে আৰু মন্ত্ৰীসকলৰ লগে লগে নৱাবেও এক ধৰণৰ আড্ডাৰ
হাঁহি মাৰিলে৷ তাৰ পাছত অকল হাত এখন জোকাৰিয়েই মোক বিদায় দিলে৷ ভাবিছিলোঁ আজি ৰাজ
অতিথি হৈ থাকিম৷ ময়োতো কম অহংকাৰী নহয়৷ নৱাবৰ ফালে এবাৰো নোচোৱাকৈয়ে দৰবাৰৰ পৰা
গুচি আহিলোঁ৷ লগত ৰাম, নিঃশব্দে, নীৰৱে৷ ভাবি ল’লোঁ অনুমতি পাই গ’লোঁ, ৰাজ
অতিথি হ’ব
নোৱাৰিলেও, ৰামৰ অতিথি হ’লোঁ৷ নিশাটো ৰামৰ লগত ৰাম খাই আড্ডা মাৰি
কটালোঁ৷ কাইলৈ ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিব লাগিব৷
বন্দুক মোহাৰি
মোহাৰি দিনটো আৰম্ভ কৰিলোঁ৷ সেই অটব্য অৰণ্যত দুটা বন্দুক অতি প্ৰয়োজনীয়৷ লৈছোঁ
এটা ৱিন্চেষ্টাৰ ৰাইফল আৰু এটা
ফ্লিণ্টল’ক
পিষ্টল৷ ৰামৰ ওচৰ-পাঁজৰৰ মানুহবোৰৰো বিশ্বাস, তাত হেনো
কেইবাটাও মানুহ খোৱা বাঘ আছে৷ মই হ’লে কোনো জীৱক মাৰিব নিবিচাৰোঁ৷ মোৰ ভয় তাত বাস কৰা আদিম
মানুহবোৰলৈহে৷ সেই জংঘলত হেনো কুকুৰনেচীয়া বাঘৰ লগত এটা সৰু ল’ৰা থাকে৷ এবাৰ সি
গাঁৱৰ ম’হ আৰু
কুকুৰনেচীয়া বাঘৰ সহায়ত গাঁৱৰ ওচৰতে এটা মানুহ খোৱা বাঘক মাৰিছিলে৷ এইবোৰ লোকৰ
কথা। কিন্তু তাত আদিম মানুহ আছে বুলি মই নিশ্চিত৷ গতিকে এই দুয়োটাৰ অতি প্ৰয়োজন৷
ৰাতিপুৱা ৫.৩০ বজাত মই যাত্ৰা আৰম্ভ কৰিলোঁ৷ এটা ঘোঁৰাকে সাৰথি হিচাপে বাছি ল’লোঁ৷ ঘোঁৰাটোৱে
অন্ততঃ ঢোলপেটীয়া ৰামতকৈ সোনকালে অহা-যোৱা কৰিব পাৰিব৷ মোৰ বোধেৰে অৰণ্যখন ইয়াৰ
পৰা অত্যন্ত দূৰৈত৷ গতিকে এইটোও খাটাং নহয় যে সেই ঠাই আচলতে নৱাবৰ ৰাজ্যৰ ভিতৰত
পৰিছে নে নাই৷
গোটেই দিন ঘোঁৰা
চেঁকুৰাই চেঁকুৰাই সেই শুকান মৰুভূমিৰ দৰে উপত্যকা পাৰ হোৱাৰ পাছত লাহে লাহে
পৰিৱেশ হালধীয়াৰ পৰা সেউজীয়া হ’বলৈ আৰম্ভ কৰিছে৷ গছ-গছনি বাঢ়িবলৈ আৰম্ভ কৰিছে৷ মোৰ
বুজিবলৈ বাকী নাই, অৰণ্যখন ওচৰ চাপি আহিছে৷ লাহে লাহে আন্ধাৰ হ’বলৈ ধৰিছে৷
ভাবিছিলোঁ কেইবা দিনো লাগিব অৰণ্যখন পাবলৈ৷ কিন্তু একেদিনাই ইয়াৰ ওচৰ পোৱাটো এক
ধৰণৰ চমৎকাৰ৷
সকলো চেতকৰ
কাৰণেই সম্ভৱ হৈ উঠিছে৷ চেতক! ৰামৰ ঘোঁৰাটো! তাৰ যিমান দূৰ মনত পৰে, প্ৰাচীন
ভাৰতৰ অশোক সম্ৰাটৰ ঘোঁৰাটোৰ নামো চেতক আছিল৷ কিন্তু ইয়াৰ লগত বুকেফালা নামটোহে
মিলে৷ বাৰু, এতিয়া আন্ধাৰ হৈছে আৰু মই এখন অৰণ্যৰ মাজত এখন
নদীৰ পাৰে পাৰে সভ্যতা বিচাৰি ফুৰিছোঁ৷ চাৰিওফালে যেতিয়া এটা মানুহৰো চিন-চাব দেখা
পোৱা নাযায় তেতিয়া আমি সদায় নদীৰ পাৰে পাৰে খোজ দিব লাগে৷ কাৰণ গাঁওবোৰ অৰ্থাৎ
মানৱ সভ্যতা সদায় এখন নদীৰ পাৰতেই আৰম্ভ হয়৷
নদীৰ পাৰে পাৰে
গৈ গৈ মই পালোঁগৈ এখন টিপিকেল
ভাৰতীয় গাঁও৷ মানুহবোৰে নিজৰ গাঁওখনকে পৃথিৱী বুলি ভাবি আছে৷ সৰু-ডাঙৰ ভালেমান
ঘৰেৰে সেইখন এখন মৰমলগা গাঁও৷ সকলো মানুহেই নিজৰ নিজৰ কামত ব্যস্ত৷ যেতিয়া
তেওঁলোকে মোক প্ৰথমবাৰৰ বাবে দেখিলে, তেতিয়া বৰ বেছি
ভ্ৰূক্ষেপ কৰা যেন নালাগিল৷ কিন্তু যেতিয়া তাৰে এগৰাকী বৃদ্ধাই মোক দেখিলে, তেওঁ
সকলোকে মাতি আনিলে আৰু গাঁৱত হৈ-হাল্লা আৰম্ভ হ’ল৷ সকলোৱে মোক মালাৰ ওপৰত মালা, মালাৰ
ওপৰত মালা পিন্ধাবলৈ আৰম্ভ কৰিলে৷ তেওঁলোকৰ ভাষা আছিল হিন্দী আৰু অলপ উড়িয়া ভাষাৰ
মিশ্ৰণ৷ গতিকে তেওঁলোকে কি কৈছিলে, মই অলপ অলপ
বুজিছিলোঁ৷
তাৰে এজনে কৈছিলে— ‘‘এঁৱেই আমাৰ ৰজা!
মহাৰাজে প্ৰথমবাৰ আমাৰ গাঁৱত ভৰি দিছে৷ এইটো আমাৰ বাবে গৰ্বৰ কথা! ব’লা তেওঁক দাঙি
মীৰাবাইৰ ঘৰলৈ লৈ যাওঁ৷’’ এই বাক্যষাৰ শুনাৰ লগে লগে ন’ বুলি
চিঞৰিলোঁ৷ কিন্তু সিহঁতে কি ইংৰাজী বুজিব! সকলোৱে মোক দাঙি মীৰাবাই নামৰ বৃদ্ধা
এগৰাকীৰ ঘৰলৈ লৈ গ’ল৷ তেৱেঁই
গাঁৱৰ আটাইতকৈ ধনী ব্যক্তি৷ এই বিধৱাৰ গিৰীয়েকে হেনো এসময়ত ৰজাৰ সৈন্য আছিল৷ তেওঁ
হেনো বগা মানুহৰ হাতত মৃত্যুবৰণ কৰিছিল৷ বগা মানুহ মানে পটুৰ্গীজবোৰেই হ’ব লাগিব৷ সেইবোৰে
কোনো ঠাইলৈয়ে যাবলৈ নেৰে৷ বা ফৰাচীও হ’ব পাৰে৷ সেই বিধৱা বৃদ্ধাই মোক অতি আদৰ-সাদৰ কৰি তেওঁলোকৰ
পৰম্পৰাগত খাদ্যৰে মোক এসাঁজ খুৱালে৷ আহাৰ খোৱাৰ সময় সৱৰে একেই৷ ৰাতিৰসাঁজ খোৱাৰ
পাছত গোটেই গাঁওখন নিটাল মাৰে৷ কিন্তু গাঁৱৰ পৰা অলপ দূৰৈত থকা বটগছ এজোপাত
বুদ্ধদেৱসদৃশ গাঁওবুঢ়াই সেই সময়ত আড্ডা আৰম্ভ কৰেহে৷
বিভিন্ন
বাৰে-বিংকৰা কথাৰ লগতে বলদেৱ চিকাৰীৰ মিছা কাহিনীৰে পৰিপূৰ্ণ সেই আড্ডাস্থলী৷
কেতিয়াবা সৰু সৰু ল’ৰা-ছোৱালীও
মৰসাহ কৰি, নিশা সেই আড্ডাস্থলীলৈ যায়৷ সিহঁতৰ মতে সিহঁত
যায় শিকিবলৈ৷ ময়ো অলপ শিকোঁগৈ বুলি
গ’লোঁ৷ গৈ সেই
অৰণ্যখনৰ বহুত কথা মই জানিব পাৰিলোঁ৷ চিকাৰী বলদেৱৰ মুখত শুনিলোঁ সেই কুকুৰনেচীয়া
মানুহৰ পোৱালিটোৰ কথা৷ কেনেকৈ সি এটা দুৰ্দান্ত মানুহ খোৱা বাঘক হত্যা কৰিছিল৷
বলদেৱ চিকাৰীৰ মতে সেই বাঘটো এটা ভূত বাঘ৷ আৰু সিহে, মানে বলদেৱেহে সেই বাঘটোক
মাৰিব পাৰিলে৷ কিন্তু বাঘৰ আত্মা গৈ হেনো সেই ল’ৰাটোৰ গাত সোমালগৈ৷ যাৰ কাৰণে ল’ৰাটোৱে
কুকুৰনেচীয়া এটাক কৈ বলদেৱক খেদি নিজেই বাঘৰ ছাল চেলাই অদৃশ্য হৈ গ’ল৷ সেই বাঘটোৰ
মূৰত নগদ টকাৰ পুৰস্কাৰ আছিল হেনো৷
কি যে অদ্ভুত
টিপিকেল ভাৰতৰ কাহিনীবোৰ! অৱশ্যে কাহিনীবোৰতেতো সোমাই থাকে বিভিন্ন ৰস, বিভিন্ন
তথ্য৷ মোৰ লক্ষ্য হ’ল, অৰণ্যখনৰ চাৰিওফালে
ঘূৰি-পকি আকৌ নৱাবৰ মহলতেই ওলোৱা৷ সেই অৰণ্যযাত্ৰা কেনেকুৱা হ’ব, সেই কথা
আড্ডাতেই জানিব পাৰিলোঁ৷ তেওঁলোকৰ মতে, ৱেইন গংগা নদীৰ
কোনোৱা এটা পাৰত কেইবা হাজাৰ বছৰ আগৰ পৰা বাস কৰা আদিবাসী মানুহ কিছুমান থাকে৷
সিহঁতৰ পৰা সাৱধানে থাকিব লাগিব হেনো৷ সিহঁতে বোলে মানুহক জীয়াই জীয়াই পুৰি পেলায়৷
বাৰু, সকলো দেখা যাব, এই ৱিনচেষ্টাৰটো
থাকিলে কি চিন্তা! নিশাটো বিভিন্ন কাহিনী ক’লোঁ৷ তেওঁলোকে নৰ্ছ মিথ’ল’জিৰ কাহিনীবোৰ শুনি বৰ ভাল পালে৷ কাৰণ নৰ্ছ মিথ’ল’জিৰ দেৱতাসকলৰ
ইণ্ডিয়ান মিথ’ল’জিৰ দেৱতাসকলৰ
লগত মিল আছে৷ যি নহওক, কেইটামান কাহিনী কৈয়ে মই সামৰিলোঁ৷ অ’ এটা কথা
থাকি গৈছে, সেই অৰণ্যক উত্তৰৰ শেষ অংশত ৰক্তাক্ত ডাকুবোৰ
থাকে হেনো৷ ডাকু অৰ্থাৎ ডকাইত৷ সেই ঠায়েদি যিয়ে যায়, সিয়েই
ডাকুৰ হাতত মৰে হেনো৷ সকলো দেখি অনুভৱ হৈছে, যেন মোৰ গুলী
কমহে হ’বগৈ৷
পুৱতি নিশাই মই
যাত্ৰা আৰম্ভ কৰিলোঁ৷ জানুৱাৰি মাহৰ কুঁৱলিয়ে গোটেই পৰিৱেশটো মায়াৱী কৰি তুলিছিল৷
চেতকৰ পিঠিত উঠি কুঁৱলি ফালি, লাহে লাহে
অৰণ্যখনৰ ভিতৰলৈ সোমাই গ’লোঁ৷
অৰণ্যৰ অলপ ভিতৰলৈ গ’লে এখন
প্ৰকাণ্ড বিল পোৱা যায়৷ মোৰ লগতেই কেইবাজনো মাছমৰীয়া বিললৈ যাবলৈ যো-জা কৰিছিল৷
ৰাতিপুৱা এই সময়তেই কেতিয়াবা হেনো বাঘে মাছমৰীয়া মানুহবোৰক টানি লৈ যায়৷ গতিকে ৱিনচেষ্টাৰটো
কান্ধত সাজু কৰি লৈছোঁ৷ চেতকে ঠাণ্ডা অনুভৱ কৰিছে বুলি তাৰ গাত কম্বল এখন মেৰিয়াই
দিলোঁ৷ তেতিয়া মোৰো অলপ গৰম লাগি থাকিব৷ হঠাৎ নিদ্ৰাত মগ্ন চৰাইবোৰ চিঞৰি চিঞৰি
উৰি যাবলৈ আৰম্ভ কৰিলে৷ সিহঁতৰ চিঞৰত কিবা এটা সংকটৰ ইঙ্গিত থকা যেন লাগিল৷ তেনেতে
চেতকো আগবাঢ়িবলৈ অমান্তি হ’বলৈ
আৰম্ভ কৰিলে৷ মোৰ বুজিবলৈ বাকী নাই যে এটা বাঘ মোৰ ওচৰে-পাঁজৰেই আছে৷ চেতকক আৰু
আগলৈ যোৱাত বাধা দিলোঁ৷ এঠাইত ৰৈ ৱিনচেষ্টাৰটো সম্পূৰ্ণকৈ ল’ড কৰি ল’লোঁ৷ সেই ভয়াৱহ
পৰিৱেশত, গাৰ কঁপনিত হাতৰ পৰা গুলী দুটামানো থল্থল্কৈ
সৰি পৰিল৷ গুলীকেইটা বুটলিবলৈ চেতকৰ পিঠিৰ পৰা নামোতেই শুনিলোঁ পানীত মাছমৰীয়াৰ
জালৰ চৰক্কৈ হোৱা শব্দ৷
কিন্তু কাণ থিয়
কৰি গুলীকেইটা বুটলি শেষ কৰাৰ পাছতেই শুনিলোঁ মাছমৰীয়া এজনৰ কাতৰ চিঞৰ৷ মনত অলপ
সকাহ পালোঁ৷ কাৰণ বাঘে এবাৰ চিকাৰ ধৰাৰ পাছত আকৌ বেলেগ এটা চিকাৰ নধৰে৷ তাক আক্ৰমণ
কৰিলেহে সি আকৌ হিংস্ৰ হ’ব৷
কিন্তু যেতিয়া সেই একে ফালৰ পৰাই ‘ঐ বাঘ ঐ বাঘ’ বুলি শুনিলোঁ, তেতিয়া
বুজিলোঁ যে মানুহজন কেনেবাকৈ ৰক্ষা পৰিল৷ আৰু তেতিয়াহে বুজিলোঁ যে সেই ঠাইত তেতিয়া
জীৱ বুলিবলৈ অকল মই আৰু চেতকহে আছোঁ৷
গোটেই পৰিৱেশটো
নিৰ্জন হৈ পৰিল৷ ইমানেই নিৰ্জন যে মই চেতকৰ কুকুৰ ধপ্ধপনি স্পষ্টকৈ শুনিবলৈ
পালোঁ৷ চাৰিওফালে চকু ফুৰাই এবাৰ চাই ল’লোঁ৷ তেনেতে মোৰ পিছফালৰ জোপোহাৰ আঁৰত দেখিলোঁ দুটা জিলিকি
থকা চকু৷ দুপাৰি চিক্চিকীয়া বগা দাঁত৷ মই এটা মূৰ্তিৰ দৰে স্থিৰ হৈ ৰৈ দিলোঁ৷
যিটো মোৰ বোধেৰে মোৰ ভুল আছিল৷ চকুৰ পলকতে বস্তুটোৱে মোৰ গাৰ ফালে এটা প্ৰকাণ্ড
জাঁপ মাৰি দিলে৷ তেতিয়াই মোৰ চকুত পৰিল, সেই বস্তুটোৰ আচল
ৰূপ৷ দীঘল দীঘল নোম থকা এখন কোমল ছাল৷ ছালত ঢেঁকীয়াৰ পাতৰ দৰে দীঘল ক’লা ক’লা চিন, যেন এখন
এবষ্ট্ৰেক্ট্ ছবি৷ তাৰ এটা আঙুলিৰ সমান দীঘল তীক্ষ্ণ নখ মোৰ চকুৰ পৰা অকল দুই
ইঞ্চিমানহে দূৰত আছিল৷ এটা বাঘ! সি জাঁপ মাৰোঁতেই মই তাৰ তলেদি সৰকি তাৰ ফালে
যিমান পাৰোঁ গুলীয়াবলৈ ধৰিলোঁ। কেইবাটাও গুলীৰ এটাও তাৰ গাত নালাগিল, কিন্তু
সি গুলী ফুটাৰ শব্দত ভয় খাই সেই ঠাইৰ পৰা পলাই গ’ল৷
বাঘৰ বিষয়ে অকল
পঢ়িছোঁ, কিন্তু কেতিয়াও চকুৰে দেখা নাই৷ আজি দেখিলোঁ, আৰু বাঘৰ
বিফল চিকাৰীও হ’লোঁ৷
বাঘটো আকৌ ঘূৰি অহাৰ আগতেই মই চেতকৰ পিঠিত উঠি সেই প্ৰকাণ্ড বিলৰ পাৰৰ পৰা আঁতৰিলোঁ৷
লাহে লাহে অৰণ্য ডাঠ হ’বলৈ
ধৰিলে৷ গছ-গছনি, লতা-কাঁইটে মোক চাৰিওফালৰ পৰা বেঢ়ি ধৰিলে৷
এনেকুৱা গভীৰ অৰণ্য মই জীৱনত এবাৰো দেখা নাই৷ সৰু জুৰি এটাৰ কাষত অলপ ৰ’লোঁ৷ সেইটো বৰ
ৰহস্যময় জুৰি৷ সেই জুৰিৰ কাষতে অসংখ্য প্ৰজাতিৰ ফুল লহ্পহ্কৈ ফুলি আছে৷ সেই
সময়তেই কেইবাজাকো হৰিণাই নিজৰ অকণমানি পোৱালিবোৰক লৈ পানী খাবলৈ আহিছিল৷ কি
স্বৰ্গতুল্য দৃশ্য! ওখ ওখ গছৰ মাজত বনৰীয়া ফুলৰ এখন ফুলনি৷ আৰু সেই ফুলনিৰ মাজেদি
বৈ গৈছে এটা জুৰি৷ সেই জুৰিতেই বনৰ সকলো পশু-পক্ষীয়ে পানী খাবলৈ আহে৷ চেতকক পানী
খাবলৈ এৰি দি মই ওখ গছ এজোপাৰ ওপৰত উঠিলোঁ যাতে মই হৰিণা জাকক ভয় খুৱাই নিদিওঁ৷
গছৰ ওপৰৰ ডাল এটাত বহি মোৰ বটলত থকা পানী খাই হৰিণাজাকৰ ফালে চাই চাই মনতে ছবি
আঁকিবলৈ ধৰিলোঁ৷ তেনেকুৱাতে এটা প্ৰকাণ্ড ভালুকৰ প্ৰৱেশ ঘটিল৷ সেই দীঘল নোম থকা
ভালুকটোৱে একো নকৰাকৈ জুৰিৰ পানীত গৈ পৰি দিলে৷ আৰু ডাঙৰকৈ এলাহৰ ভাব বুজোৱা চিঞৰ
এটা মাৰিলে৷ তাক দেখি হৰিণাকেইটাই কিন্তু ভয় নাখালে৷ কাৰণ সিহঁতে জানে যে ভালুকে
হৰিণা চিকাৰ নকৰে৷ অতি বেছি দৰকাৰ হ’লেহে কেতিয়াবা খায়৷ ভালুকক দেখি হৰিণা পোৱালিবোৰ পানীত নামি
ভালুকক আমনি কৰিবলৈ ধৰিলে৷ ভালুকে বিৰক্তিৰে গুঁজৰি-গুমৰি পোৱালিবোৰক খেদিবলৈ
ধৰিলে৷ কি মনোৰম দৃশ্য!
এই দৃশ্য উপভোগ
কৰি কৰি আৰু এঢোক পানী খাওঁ বুলি বেগৰ ফালে মূৰ কৰি চাওঁতে দেখিলোঁ এজাক বান্দৰে
মোৰ বেগ খুলি-মেলি তেনেই তহিলং কৰিলে৷ ভাগ্য ভাল, কাৰণ এই কান্ধত লোৱা বেগটোত মই
অকল পানীৰ বটল আৰু কলম হে ৰাখোঁ৷ সিহঁতে বেগৰ পৰা কলমবোৰ উলিয়াই নাকে-মুখে ভৰাবলৈ
আৰম্ভ কৰিলে৷ বান্দৰৰ থাপৰ খোৱাতকৈ পানীৰ বটলটো হাতত লৈ বেগটো তাতেই এৰি গুচি
আহিলোঁ৷ তাৰ পাছত জুৰিৰ পৰা বটলত পানী ভৰাই চেতকৰ পিঠিত উঠি পুনৰ যাত্ৰা
আৰম্ভ কৰিলোঁ৷ এটা সময়ত মোৰ চাৰিওফাল পাহাৰে আৱৰি ধৰিলে৷ মই সোনকালে জুই জ্বলাবলৈ
কাঠ খৰি গোটালোঁ৷ আৰু এঠাইত এটা সৰু টেণ্ট সাজিলোঁ৷ আজি খাবলৈ একো বিচাৰিবলগীয়া নহ’ল কাৰণ মীৰাবায়ে
মোৰ বাবে এসাঁজ দি পঠাইছিল৷
খাই-বৈ শুবলৈ
ধৰোঁতেই মই কুকুৰনেচীয়া বাঘৰ চিঞৰ শুনিলোঁ৷ তাৰ ঠিক পাছতেই শুনা গ’ল আৰু এটা চিঞৰ৷
সেই চিঞৰটো শুনিবলৈ প্ৰায় মানুহৰ মাতৰ দৰেই৷ তাৰ পাছতে বস্তুটোৱে আৰু কিবাকিবি
চিঞৰ-বাখৰ কৰিব ধৰিলে৷ সেই বস্তুটোৰ মাত শুনিবলৈ সাইলাখ মানুহৰ নিচিনাই৷ যেন এটা
মানুহে কুকুৰনেচীয়া বাঘৰ লগত কথা পাতি আছে৷ তেতিয়া মোৰ মনত পৰিল চিকাৰী বলদেৱে
কোৱা সেই বিশেষ ল’ৰাটোৰ
কথা৷ নিশ্চয় সেই কুকুৰনেচীয়া বাঘৰ লগত ডাঙৰ হোৱা ল’ৰাটোৱেই হ’ব লাগিব৷ এক মুহূৰ্তৰ কাৰণে মই ল’ৰাটোক বিচাৰি
পাহাৰৰ ওপৰলৈ উঠি যাওঁ বুলি ভাবিছিলোঁ কিন্তু পত্নী ক্ৰিষ্টিনাৰ কথা ভাবি মই এই
দুঃসাহস নকৰিলোঁ৷ গোটেই ৰাতিটো সেই চিঞৰ কেইবাবাৰো শুনিলোঁ৷ যেন ল’ৰাটোৱে মোক
ভাবুকিহে দি আছে৷ ৰাতি অলপ দেৰিলৈকে মই টৰ্চৰ
পোহৰত দিনটোত দেখা ঠাইবোৰৰ অলপ মেপ্ৱৰ্ক কৰিলোঁ, আৰু
ক্ৰিষ্টিনালৈ এখন চিঠিও লিখিলোঁ৷ তাইক জীৱনত আৰু নেদেখিবও পাৰোঁ৷ কাৰণ মই আছোঁ এটা
পাহাৰৰ দাঁতিত আৰু পাহাৰৰ ওপৰত এজাক কুকুৰনেচীয়া বাঘে মোক ভাবুকি দি আছে৷ কাইলৈ
সূৰ্যৰ পোহৰ দেখিবলৈ পামনে নাই তাৰো ঠিকনা নাই৷
সঁচাকৈয়ে আজি
পোহৰ দেখা নাপালোঁ৷ কুঁৱলীয়ে মোক চাৰিফালৰ পৰা আৱৰি ধৰিলে৷ সেমেকা পাত পৰি জুই
নুমাই যোৱাৰ বাবে ধোঁৱা সৃষ্টি হ’ল, আৰু সেই ধোঁৱাই কালি ৰাতি মোক অতি
আশ্বৰ্যজনকভাৱে পোক-পতংগৰ পৰা ৰক্ষা কৰিলে৷ ৰাতি ভালকৈ নোথোৱাৰ বাবে চিঠিখন সেমেকি
গ’ল, কিন্তু
কি চিন্তা! ভাগ্যৰ বলত মইতো জীয়াই আছোঁ! বটলৰ পানীৰে মুখ ধুই মই আকৌ যাত্ৰা আৰম্ভ
কৰিলোঁ৷ আজি খোজকাঢ়িয়ে যাত্ৰা আৰম্ভ কৰিলোঁ, এই পাহাৰীয়া
ৰাস্তাত চেতকক কষ্ট দিব নোৱাৰি৷ পাহাৰ দাঁতিয়ে দাঁতিয়ে বহু দূৰ পালোঁগৈ।
পালোঁগৈ এখন
বিশাল পথাৰ৷ পথাৰখনৰ চাৰিওফাল পাহাৰে ঘেৰি থৈছে৷ সেই পথাৰখন বহু বৰ্গ কিল’মিটাৰলৈকে
বিস্তৃত হৈ আছে৷ পথাৰখনতেই দুজাকমান বনৰীয়া ঘোঁৰা চেঁকুৰি আছিল৷ সেই বিশাল
মালভূমিৰ সেউজীয়া ঘাঁহৰ মাজে মাজে বিভিন্ন ফুল বতাহত নাচি আছিল৷ পথাৰখনৰ চাৰিওফালে
থকা পাহাৰবোৰৰ বিশাল গছবোৰে পথাৰখনত সূৰ্যৰ কিৰণ অলপ সময়লৈকেহে পৰিবলৈ দিয়ে৷ কোমল
ঘাঁহবোৰৰ ফালে চাই মই যেতিয়া মই চেতকৰ ফালে মূৰ ঘূৰালোঁ, দেখিলোঁ সি চিধাকৈ মোৰ
চকুৰ ফালে চাই আছিল। তাৰ চকুলৈ চায়েই
ক’ব পাৰি, বেচেৰাৰ
ঘাঁহ দেখি লোভ লাগিছে৷ তাক ঘাঁহ খাবলৈ পাহাৰৰ তললৈ নমাই পঠিয়াই মই আকৌ পাহাৰত উঠি
দূৰবীণ লৈ সেই ঠাইডোখৰ পৰ্যবেক্ষণ কৰি কৰি মেপ্ৱৰ্ক কৰিবলৈ ধৰিলোঁ৷ বহু সময়
দূৰবীণ ঘূৰাই ঘূৰাই দেখিলোঁ সেই দৃশ্য, হাতত ধনু-কাঁড়
লৈ কেইবাটাও জংঘলী মানুহ ঘোঁৰাজাকৰ ফালে গৈ আছে৷
তেতিয়াই মোৰ মনত
পৰিল বটগছৰ তলৰ আড্ডাৰ কথা৷ অলপ দূৰ দূৰবীণ ঘূৰাই দেখিলোঁ ৱেইন গংগা নদীখন আৰু
জংঘলী মানুহৰ বস্তিটো৷ যেতিয়া আকৌ সেই বনৰীয়া মানুহকেইটাৰ ফালে চালোঁ, তেতিয়া
দেখিলোঁ সিহঁতে এঠাইত জোপোহাৰ আঁৰত লুকাই বনৰীয়া ঘোঁৰাজাকৰ ফালে কাঁড় টোঁৱাই আছে৷
বুকুৰ ধপ্ধপনি আৰু অশান্ত বতাহৰ গতিৰ লগে লগে সিহঁতৰ আঙুলি ঢিলাই যোৱা দেখিলোঁ৷
শব্দ কৰি তিনিডাল কাঁড় একেলগে বতাহত বিলীন হৈ গ’ল৷ দূৰবীণ লৈ কাঁড়কেইডালক খেদিবলৈ ধৰিলোঁ৷
বুকুৰ ধপ্ধপনি, বতাহৰ হু-হুৱনিৰ মাজতে কাঁড় লগা ঘোঁৰাটোৰ কাতৰ
চিঞৰ শুনিবলৈ পালোঁ৷ দৰ্শকৰ হাতচাপৰিৰ দৰে ঘোঁৰাবোৰে দৌৰাৰ শব্দ শুনিলোঁ৷
কিন্তু সেই
ঘোঁৰাজাকৰ মাজত যেতিয়া চেতকক দেখিলোঁ, তেতিয়াই মোৰ
চেতনা ঘূৰি আহিল৷ সকলো বস্তু হুৰমূৰকৈ বেগত ভৰাই মই হাতত ৱিন্চেষ্টাৰটো লৈ চেতকৰ
ফালে দৌৰিবলৈ ধৰিলোঁ৷ মোক দেখি চেতকো মোৰ ফালে দৌৰিবলৈ ধৰিলে৷ সি মোৰ ওচৰ চপাৰ লগে
লগে জাঁপ মাৰি তাৰ লেকামডালত ধৰি তাৰ পিঠিত বহি ল’লোঁ আৰু সেই পথাৰখনৰ পৰা ওলাবলৈ চেষ্টা কৰিলোঁ৷
পথাৰখনক চাৰিওফালৰ পৰা আৱৰি ধৰা পাহাৰবোৰ এঠাইত লগ হৈছে, য’ৰ পৰা বৈ আহিছে
ৱেইন গংগা নদীখন৷ নদীখনে সেই ঠাইত পাহাৰখনক কেইক্ কটাৰ দৰে কাটি দিয়ে৷ চেতকে গাৰ
জোৰেৰে দৌৰিছে, কিন্তু জংঘলী মানুহবোৰে আমাৰ পিছ নেৰিলে৷
সিহঁতেও নিজৰ ঘোঁৰাৰ পিঠিত উঠি আমাক খেদিবলৈ ধৰিলে৷ সূৰ্য প্ৰায় অস্ত হওঁ
হওঁ৷ ৱেইন গংগা নদীৰ পাৰে পাৰে ঘোঁৰা চেকুৰাই আছোঁ, পিছে
পিছে এজাক জংঘলী মানুহ৷ কি শিহৰণ! কিন্তু সেই শিহৰণ ভেদি আহিল এডাল কাঁড়, যিয়ে মোৰ
কাণ এখন ফালি লৈ গুচি গ’ল৷ মোৰ
চেতনা হেৰাব ধৰিলে৷ মই যেনে-তেনে নিজক নিয়ন্ত্ৰণ কৰি সেই উপত্যকা পাৰ হৈ ঘন জংঘল
সোমালোঁগৈ৷ তেতিয়া ঘিট্মিটীয়া আন্ধাৰ৷ অলপ সময়ৰ পাছত মই চেতকৰ গাতেই চেতনা
হেৰুৱালোঁ৷ চেতক কিন্তু নৰ’ল, সি গৈয়ে
থাকিল৷ সেইদিনা মই একো খাবলৈ নাপালোঁ৷
অচেতন হৈ থকাতে
মই সপোনত দেখিলোঁ, ক্ৰিষ্টিনা আৰু মই ডাইনিং টেবুলত বহি এটা
ষ্টীক খাবলৈ মাংস ছিঙিব নোৱাৰি সেই মাংসৰ টুকুৰাটোত কুঠাৰ মাৰিছোঁ, কৰত
মাৰিছোঁ, গেতলিং গান চলাইছোঁ, এশ কেজিৰ
বৰতোপ চলাইছোঁ কিন্তু নাই৷ এই মঙহৰ টুকুৰাটো নিছিগেহে নিছিগে৷ সেই মঙহৰ টুকুৰাটো
ছিঙিবলৈ প্ৰচেষ্টা চলাই থাকোঁতে থাকোঁতে এসময়ত মোৰ চকু মেল খালে৷
চকু মেলি দেখিলোঁ
এটা মস্ত মানুহে মোচ কোঁচাই কোঁচাই মোৰ ফালে চাই আছে৷ মই উচাপ খাই উঠি চাৰিওফালে
এবাৰ চালোঁ, দেখিছোঁ দীঘল দীঘল বন্দুক লৈ এগাল মানুহে মোক
চাৰিওফাল পৰা আৱৰি ধৰিছে৷ এইবাৰ থিয় হ’লোঁ৷ দেখিলোঁ মই আছোঁ এখন প্ৰাচীন নগৰত৷ নগৰখনত বান্দৰ আৰু
এই দীঘল মোচ থকা মানুহবোৰৰ ৰাজত্ব৷ মই সেই মানুহজনক সুধিলোঁ, ‘‘মই ক’ত আছোঁ? তোমালোক
কোন?’’ তেতিয়া তেওঁ ক’লে, ‘‘মোৰ নাম ৰাজপাল, এই ঠাইৰ নাম মই
নাজানো, কিন্তু মই ইমানেই জানো যে তোমাক ৪০ জন বন্দুকধাৰী
ডাকুৱে আৱৰি আছে, তুমি পলাব নোৱাৰা।
ডাকু! মই মোৰ
কান্ধত চুই চালোঁ, ৱিন্চেষ্টাৰটো নাই৷ কঁকালত চুই চালোঁ
ফ্লিণ্টল’কটোও
নাই৷ মোৰ এই কাণ্ড দেখি ডাকুবোৰে হাঁহিবলৈ ধৰিলে৷ সেই মানুহটোৱে মোৰ ৱিন্চেষ্টাৰ
আৰু ফ্লিণ্টল’কটো হাতত
লৈ জোকাৰি জোকাৰি মোক দেখুৱালে৷ মই ঘামিবলৈ ধৰিলোঁ৷ পিছফালে মূৰ কৰি দেখিলোঁ চেতকক
দুটা মানুহে দুফালৰ পৰা দুডাল ৰছীৰে বান্ধি আনি আছে৷ মই মানুহজনক ক’লোঁ, ‘‘আমাক ইয়ালৈ কিয়
লৈ অনা হৈছে?’’ তেতিয়া মানুহজনে ক’লে, ‘‘কালি আমি গাঁও
এখনত ডকাইতি কৰি থাকোঁতে বগা মানুহ এজাকে গুলীয়াই গুলীয়াই খেদিলে, তেতিয়া
গংগা নদীৰ পাৰৰ জংঘলখনেৰে আহি থাকোঁতেই তোক দেখিলোঁ৷ তইতো সিহঁতৰেই এটা হ’বি?’’
মই যিটো প্ৰশ্ন
সুধিছিলোঁ, সেই প্ৰশ্নটোৰেই চিধা উত্তৰ দিয়া দেখি বুজিলোঁ
ই বপুৰা অলপ অঁকৰা ডকাইত৷ তাৰ প্ৰশ্নৰ মই উত্তৰ দিলোঁ, ‘‘নহয়, মই নৱাবৰ
দৰবাৰৰ পৰা আহিছোঁ৷’’
‘‘অ! তই মানে নৱাবৰ চামচা৷’’— এই বুলি
কৈ মানুহজাকে হাঁহিবলৈ ধৰিলে৷
তেনেতে এটা গুলী
আহি চিধা ডাকু এটাৰ মূৰত সোমাই লাওখোলা ছিৰাছিৰ কৰি পেলালে৷ সকলো উচাপ খাই উঠিল, তেতিয়াই
আগমন ঘটিল বগা মানুহৰ৷ সিহঁত ইংৰাজ, নে ফৰাচী, নে
পৰ্টুগীজ আছিল ধৰিব নোৱাৰিলোঁ, কাৰণ
সেইটো জাত বিচাৰ কৰিব পৰা পৰিস্থিতি নাছিল৷ তেনেতে মোক বিচাৰি বিচাৰি জাকে জাকে
বনৰীয়া মানুহ সেই ঠাইত উপস্থিত হ’বলৈ ধৰিলে৷ তিনি পক্ষৰ মাজত প্ৰচণ্ড যুদ্ধ আৰম্ভ হ’ল৷ তেনেতে মই
মুখ্য ডাকুজনক পিছফালৰ পৰা আঘাত কৰি
পেলাই দিলোঁ৷ তেওঁ টলকিব পৰাৰ আগতেই কাষতে থকা মোৰ বন্দুক দুটা থপিয়াই ল’লোঁ৷ লগে লগে মই
মোৰ ফ্লিণ্টল’কটো লৈ
তেওঁক একে গুলীৰে স্বৰ্গলৈ নে নৰকলৈ পঠাই চেতকৰ পিঠিত উঠি ঘন জংঘলৰ মাজলৈ সোমাই গ’লোঁ৷
বহু দূৰ ঘোঁৰা
চেঁকুৰাই চেঁকুৰাই এঠাইত ৰ’লোঁগৈ৷
জোনাক নিশা৷ আকাশত তৰা৷ চেতক বেচেৰাৰ বহুত ভাগৰ লাগিছিল। সি এতিয়ালৈকে সাত
ঘুমটিমান মাৰিলে৷ মই জংঘলখনৰ কোনটো এলেকাত আছোঁ মই নাজানো, কেতিয়া
ঘৰ পামগৈ সেইটোও নাজানো৷ ক্ৰিষ্টিনাক কেতিয়াবা লগ পাম নে নাপাম তাৰো ঠিকনা নাই৷
বাৰু দাৰ্শনিক চিন্তাবোৰ বাদ দি এতিয়া শুবলৈ ধৰোঁ৷ মোৰ শৰীৰটোৱেও সংকেত দি আছে৷
বহু দেৰিকৈ সাৰ
পালোঁ৷ আশ্বৰ্যজনকভাৱে আজি চেতকক জগাবলগীয়া হৈছে৷ হাত মুখ ধুই লক্ষ্যবিহীনভাৱে যাত্ৰা আৰম্ভ কৰিলোঁ৷ যিহেতু
আজি কোনফালে যাব লাগে সেইটোৱেই নাজানো, গতিকে চেতকক অলপ
লাহে লাহে খোজ কাঢ়িবলৈ দিছোঁ, বহু দূৰ গৈ
মানুহৰ হৈ-হাল্লা চিঞৰ-বাখৰ শুনিবলৈ পালোঁ৷ নিশ্চয় মানুহৰ বসতি হ’ব! অলপ সময়ৰ পাছত
সাগৰৰ শব্দও শুনিলোঁ, আৰু জংঘল
লাহে লাহে কমি আহিবলৈ ধৰিলে৷ এসময়ত মই সাগৰখন স্পষ্টকৈ দেখিলোঁ৷ য’ত ৰৈ আছিল আমাৰ
জাহাজখন আৰু সেই মচলাযুক্ত ভাৰতীয় বজাৰখন৷ মনত বৰ অদ্ভুত ধৰণৰ উলাহ হ’বলৈ ধৰিলে৷
মোৰ লক্ষ্য
ইতিমধ্যে পূৰ্ণ হৈছে৷ কিমান দিনৰ পাছত যে ক্ৰিষ্টিনাক
লগ পাম! গোটেই জংঘল ঘূৰিলোঁ৷ এতিয়া বাকিংহামলৈ যাবহে লাগে৷ কিন্তু তেতিয়া মোৰ
হঠাৎ মনত পৰিল, মই মোৰ বেগটো খুলি চালোঁ আৰু দেখিলোঁ ইতিমধ্যে
মোৰ মেপৱৰ্কবোৰ অন্তৰ্ধান হৈছে৷