অন্যযুগ/


মিনিৰ গল্প

 স্মৃতিৰেখা দেৱী


মিনি হেৰাল৷’ ঘৰৰ দুৱাৰ মুখতে স্কুলৰ পৰা আহি পোৱা ককায়েক অনুক মনুুৱে দুখমনেৰে ক’লে৷

কথাষাৰ শুনি অনুুৱে মনুৰ মুখলৈ চালে যদিও একো নকৈ সি কাপোৰ সলাবলৈ বুলি নিজৰ কোঠাত সোমালগৈ৷ অনুৱে আচলতে কি ক’ব ভাবিয়েই নাপালে৷ ঘৰলৈ মিনি অহাৰ পৰা পঢ়া-শুনা, খেলা-ধূলা সকলো এৰি মনু কেৱল তাইৰ লগতে লাগি থাকে৷ ককায়েক বুলিও অনুক এৰি কেইবাদিনো মনুৱে কেৱল মিনিৰ লগতে খেলাৰ কথাও তাৰ মনত পৰিল৷ ‘ভালেই হৈছে কিজানি৷ এতিয়া অন্ততঃ মোৰ লগত সি খেলা-ধূলা কৰিব৷’ ভাবিলে যদিও মনুৰ মুখখন মনত পেলাই অনুৰ মনটো বেয়াও লাগিল৷

অনু, মুখ-হাত ধুলানে? খাবলৈ দিছোঁ আহাঁ৷ মনুকো মাতি দিয়াঁ৷’ পাকঘৰৰ পৰা মাকে ডাঙৰকৈ ক’লে৷

গৈছোঁ মা৷’ বুলি কৈ অনুৱে মনুক বিচাৰিলে৷ সৰু ল’ৰাটো ঘৰৰ মূল দুৱাৰখনৰ সম্মুখতে মন মাৰি বহি আছে৷

মনু, খাওঁগৈ ব’লা৷ মায়ে মাতিছে৷’

মই নাযাওঁ৷ মিনি আহিলেহে খাম৷’ মনুৱে মুখখন ওফণ্ডাই ক’লে৷ উপায় নাপাই  অনুৱে অকলেই খোৱাৰ টেবুলত বহিলহি৷

ৰাতিপুৱাৰে পৰা মিনিজনী ঘৰত নাই৷ স্কুলৰ পৰা আহিয়েই মনুৱে তাইক বিচাৰি উৎপাতখন লগাই দিছে৷ কেনি বা গ’ল! মইনো বাৰু ক’ৰ পৰা আনি দিওঁ তাইক? তাক মাতাঁচোন অনু৷’

মাতিলোঁ, মা৷ সি নাহে৷ মুখখন বেলুনটোৰ নিচিনাকে ফুলাই বহি আছে৷

অকণমানি ভায়েকটোৱে বেছিকৈ মন বেয়া কৰি নোখোৱা-নোবোৱাকৈ থকা বুলি জানি অনুৰো মনটো বেয়া লাগি গ’ল৷ 

সি আকৌ এবাৰ মাতিলেগৈ, ‘মনু, আহাঁ আক’৷ মিনি আহিব নহয়৷’

মই নাখাওঁ৷ তুমি খোৱাঁগৈ যোৱাঁ৷’ মনুৱে ভেকাহি মাৰি কোৱাৰ দৰে ক’লে৷

আহাঁচোন৷ খাই উঠি দুইটাই মিনিক বিচাৰিম৷ আহাঁ এতিয়া৷’

মৰমেৰে এইবাৰ অনুৱে ভায়েকৰ মন জয় কৰিলে৷ মনুও আহি তাৰ লগত খোৱাৰ টেবুলত বহিলহি৷

অনুৱে লক্ষ্য কৰিলে, মনুৱে যেন নোৱৰাতহে ভাতকেইটা খাইছে৷ ইমান হাঁহি-ফূৰ্তি কৰি থকা মনুটোক ইমান মন মাৰি থকা দেখা তাৰ মনতেই নপৰে৷

খাই-বৈ উঠি দুয়োটাই ঘৰৰ চুকে-কোণে মিনিক বিচাৰিবলৈ ধৰিলে৷

                                                        ***

অনু আৰু মনুৰ ভাল নাম ক্ৰমে অণুব্ৰত আৰু মনোব্ৰত৷ মনুৱে ঘৰৰ ওচৰৰে জাতীয় বিদ্যালয়খনৰ মুকুল শ্ৰেণীত পঢ়ে৷ অনু মনুতকৈ ছবছৰে ডাঙৰ৷ ঘৰৰ পৰা কিছু আঁতৰৰ হাইস্কুল এখনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অনু৷

দুমাহমানৰ আগতে হঠাতে মেকুৰী পোৱালি এটা আহি সিহঁতৰ ঘৰ ওলালহি৷ সৰু মাতটোৰে মিউ মিউকৈ ঘনাই চিঞৰি থকা অকণমানি পোৱালিটোক অনুহঁতৰ মাকে সৰু বাটি এটাত গাখীৰ অকণমান খাবলৈ দি ক’লে, ‘আই ঐ দেহি! সি চাগে মাকক বিচাৰি ফুৰিছে৷ মাকৰ পৰা কেনেবাকৈ আঁতৰ হৈ এতিয়া বেচেৰাটোৱে ভোকতে চিঞৰি আছে৷’

ওচৰতে থকা মনুৱেও ‘আই ঐ দেহি! ইমান ধুনীয়া এইটো!’ বুলি গাখীৰৰ বাটিটো চেলেকি থকা মেকুৰী পোৱালিটোৰ ওচৰতে লেপেটা কাঢ়ি বহি তাৰ ফালে চাই তধা লাগিল৷ পোৱালিটোৱেও গাখীৰ খাই উঠি মনুৰ মুখলৈ চাই তাৰ সম্মুখতে বহি পৰিল৷ মনুৱে চোওঁ-নোচোওঁকৈ মেকুৰী পোৱালিটোক চুই, মৰম কৰি কোলাত তুলি ল’লে৷

সেইটো মেকুৰী পোৱালিয়েই  ‘মিনি’৷ মিনিক এৰি মনু অকলে থাকিবই নোৱৰা হ’ল৷ স্কুলৰ সময়খিনি বাদ দি ঘৰত অনবৰতে মনু মিনিৰ লগতে– খাওঁতে মিনি, শোওঁতে মিনি৷ এদিন আনকি সি মিনিক স্কুললৈও লৈ যাবলৈ ওলাইছিল৷ মুঠতে যোৱা দুটা মাহত মনু আৰু মিনি ইটো সিটোৰ একেবাৰে বুকুৰ আপোন হৈ পৰিল৷ মনুৰ উপৰি মাকেও মিনিক মৰম কৰে৷ মনু স্কুলত থকা সময়খিনিত তেৱেঁই হয় মিনিৰ লগৰীয়া৷

অনুৱে অৱশ্যে মিনিক বিশেষ ভাল নাপায়৷ কাৰণ তাই অহাৰে পৰা মনু অকল তাইৰ লগতেই ব্যস্ত হৈ থাকিবলৈ লৈছে৷

ভালেই হ’ল, মিনি হেৰাল৷’ অনুৱে ভাবি থাকিল৷ অৱশ্যে মনটো মাৰি থকা মনুক দেখি তাৰ মনটো বেয়াও লাগিল৷ সেয়ে গধূলিলৈকে সি ভায়েকৰ লগত বাৰীৰ চুকে-কোণে মিনিকে বিচাৰি থাকিল৷

ৰাতি হ’ল দাদা৷ মিনি ক’লৈ গ’লগৈ? তাৰ বাৰু মাকে লৈ গ’লহি নেকি? মই দেখোন প্ৰথম দিনাই তাক কৈছিলোঁ যে আজিৰ পৰা ময়ে তোৰ মা, তথাপি সি গুচি গ’লনে? তাৰনো মোলৈ অকণো মনত নপৰিলনে?’ এইবুলি মনুৱে ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে৷ অনুৰ মনটো আকৌ বেয়া লাগিল৷ ৰাতি ভাত খোৱাৰ সময়লৈকে মিনিৰ খা-খবৰ নোলোৱা কাৰণে তাৰ মনটো আৰু বেয়া লাগিল৷

সি কিবা এটা খাওঁতে তাৰ মুখলৈ চাই থকা, ভৰিত নেজডাল ঘঁহাই তাৰ লগতো ধেমালি কৰিব খোজা, বহি থাকোঁতে তাৰ কোলাত উঠিব খোজা মিনিজনীলৈ এইবাৰ অনুৰো বৰকৈ মনত পৰিবলৈ ধৰিলে৷

মনুৱে ৰাতি একো নোখোৱাকৈয়ে কান্দি কান্দি টোপনি গ’ল৷ মাক বৰ চিন্তাত পৰিল৷ ৰাতিটো বাৰু কোনোমতে পাৰ হ’ব৷ কিন্তু ৰাতিপুৱা শোৱাৰ পৰা উঠি মিনিক নাপালে মনুৰ অৱস্থা কি হ’ব ভাবিবলৈ ধৰিলে তেওঁ৷

                                                        ***

ৰাতিপুৱা ইচ্ছা কৰিয়েই মনুক নজগালে মাকে৷ তেওঁ আশা কৰিলে,  যিমান দেৰিলৈকে শোৱে শুই থাকক সি৷

অনু স্কুললৈ যাবলৈ ওলাল৷ তাৰো একোকে খাবলৈ মন যোৱা নাছিল৷ ৰাতিপুৱা খোৱা টেবুলৰ তলত মিউ মিউ কৰি থকা মিনিজনীলৈ তাৰো খুব মনত পৰিছিল৷

অনু, আজি টিফিনত দিবলৈ একোকে ৰন্ধা নহ’ল৷ স্কুলৰ কেণ্টিনতে কিবা এটা খাই ল’বা দেই৷ আহাঁচোন, পইচা এটা লৈ যাবা৷’

এইবুলি অনুক মাতি মাক তেওঁৰ শোৱাকোঠালৈ গৈ লোহাৰ আলমাৰিটো খুলিলেগৈ৷

লগে লগে তেওঁৰ মুখখন আনন্দত উজলি উঠিল৷ হাঁহি হাঁহি তেওঁ অনুলৈ চালে৷ অনুৱে একো বুজি নাপালে৷ এইবাৰ মাকে চকুৰ ইঙ্গিতেৰে অনুক আলমাৰিটোৰ ভিতৰৰ ফালে চাবলৈ ক’লে৷

অনুৱে দেখিলে, মাকৰ ঊণৰ শ্বল এখনত মেৰ খাই মহা আৰামত মিনি শুই আছে৷

ৰাজকুমাৰীৰ দৰে এঙামুৰি এটা দি একেজাঁপে মজিয়ালৈ নামি আহিহে মিনিয়ে মাত দিলে, ‘মিউ!’

অনুৱে সাউৎকৈ মিনিক কোলাত তুলি লৈ মনু শুই থকা বিছনাখনৰ কাষ পালেগৈ৷

মনুৱে চকুহাল মেলিয়েই মিনিক দেখি আনন্দত উৰুলীকৃত হৈ বিছনাতে জঁপিয়াবলৈ ধৰিলে৷

মিনি চাগে কালি দুপৰীয়াৰ পৰাই আলমাৰিটোত সোমাই আছিল৷ কাৰণ কালি দুপৰীয়াহে মই আলমাৰিটো খুলিছিলোঁ৷ কোন তলকত যে তাই আলমাৰিটোত সোমাল...!

মাকে ভাবি থাকিল৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ