ড০ চন্দ্ৰধৰ চমুৱা
(যোৱা সংখ্যাৰ পিছৰ পৰা)
ঘৰবোৰ মৰ্যাদা অনুসাৰে সজা হৈছে।
তাই পৰম্পৰা মতে ৰাজ্যখনত ৰজাতকৈ উন্নত ঘৰত কোনো থাকিব নোৱাৰে। যদি কোনোবাই
ধনগৌৰৱত তেনে ঘৰ বান্ধেও তেন্তে তাক অচিৰেই ভাঙি দিয়া হয়। ৰজাৰ পিছতে দুজন মন্ত্ৰী
কুনহাই ডাঙৰীয়াৰ ঘৰৰ মান। তাৰ পিছৰ পৰ্যায়ত থাকিব সেনাপতি আৰু একোখন প্ৰদেশৰ
শাসনকৰ্তা ফু-কিন-মুংসকলৰ ঘৰ-দুৱাৰ৷ অন্য প্ৰজাৰ ঘৰ-দুৱাৰ তেওঁলোকতকৈ নিম্নস্তৰৰ হ’ব লাগিব। এনে
দৃষ্টিভঙ্গীৰে নিৰ্মাণ কৰি উলিওৱা হৈছে সকলোৰে ঘৰ, আৰু
নিৰ্মাণ কৰি উলিওৱা হৈছে এই ন পমুৱাসকলৰ ঠাইখনৰ মাজঠাইত আটাইতকৈ আটক-ধুনীয়া ঘৰটি- ৰজাৰ
বাবে, য’ত ৰাজ পৰিয়াল থাকিব, ডাঙৰীয়া-বিষয়াসকলৰ লগত মেল পাতিবৰ বাবে ডাঙৰ আছুতীয়া মেলচ’ৰা থাকিব। ৰাজ হাউলিৰ চাৰিওফালে ওখ ঢাপেৰে বাৰীখন ৷ বাৰীৰ কাষত এটা ডাঙৰ
মুকলি ঘৰ। প্ৰয়োজন বোধে প্রজাসাধাৰণৰ উপস্থিতিৰে বৰমেল পাতিবৰ বাবেই এই ঘৰ।
ৰাজ-বাৰীৰ পৰা দূৰত দীঘলীয়াকৈ আৰু
থেপাথেপিকৈ পাইক-প্রজাসকলে খেৰ-বাঁহৰ জুপুৰি বান্ধি লৈছে। মহুং, ম’ছাই আৰু চাংবুন পণ্ডিত পুৰোহিতসকলে সাধাৰণ পাইক
প্ৰজাৰ দৰেই একেলগে ঘৰ দুৱাৰ কৰি লৈছে। পণ্ডিত পুৰোহিতক ৰজাই ৰাজ সভাত আৰু সকলো
ক্ষেত্ৰতে যথেষ্ট মৰ্যাদা দিলেও তেওঁলোক সাধাৰণ প্ৰজাৰ শ্ৰেণীভুক্ত। গতিকে
তেওঁলোকৰ বাবে ঘৰ-দুৱাৰৰ বিশেষ ব্যৱস্থা নাই। অৱশ্যে তেওঁলোকৰ ঘৰ-বাৰী সমীপৰ
এলেকাতে আছে, যাতে ৰজাই যিকোনো মুহূৰ্ততে
বিচাৰিলে তেওঁলোকক পায়। পণ্ডিত-পুৰোহিতসকলে অন্যান্য পাইক-প্রজাৰ দৰেই খেতি-বাতি
কৰি খায়, আনৰ উপাৰ্জন সাধাৰণতে তেওঁলোকে নাখায়। ডাঙৰীয়া-বিষয়া
যি আয়মত থাকে সেয়া এওঁলোকে পচন্দও নকৰে; যিহেতু বহুকথা
জনাটো এওঁলোকৰ বাবে অতি দৰকাৰী সেইহেতু সাধাৰণ প্রজাৰ মাজত
থকাটোকে এওঁলোকে পচন্দ কৰে।
লগত গৰু-ম’হ নাই। পাইকসকলে কোৰ মাৰিয়েই সৰহখিনি মাটি উলিয়াইছে। তথাপি গৰু-ম’হ নহ’লে নহয়। খিলঞ্জীয়া মানুহৰ গাঁও-ভূঁইৰ পৰা কিছু সংগ্ৰহ কৰা হৈছে৷ হাবি কটাই হাবি কাটিলে, কোৰ মৰাই কোৰ মাৰিলে, নাঙল বনোৱাই নাঙল বনালে৷ ভলুকা বাঁহ ফালি চাঁচি-খুলি সেই বাঁহেৰে পাট খুৱাই গোটা বেতৰ জৰী আৰু ফলীয়া বেতৰ নাকীজৰীৰে মৈ বনালে; ভলুকা বাঁহ আৰু কাঠৰ যুঁৱলি, বেত পকাই বা লতাৰ ছাল গুণিয়াই বনোৱা জোঁটজৰী; গুটীয়া ম’হৰ হালৰ বাবে বেঁকা কাঠৰ যুঁৱলি; শকত ডিলাৰে লোহাৰ ফালৰ গোটা নাঙলকে ধৰি প্রয়োজনীয় সকলো সঁজুলি খেতিয়ক প্ৰজাই নিজে নিজেই প্রস্তুত কৰি ল’লে। গুটীয়া গোনা ম’হৰ হাল, যুৰীয়া গজলীয়া ম’হ আৰু গৰুৰ হাল চলিল। চাপৰিৰ টিঙনা বাম চানেকীয়া মাটি চাই কঠীয়াতলী চহোৱা হ’ল। কঠীয়াৰ টোমবোৰ খাল-ডোঙৰ পানীত তিনিদিন বুৰাই ৰখাৰ পাছত তুলি আনি ধানবোৰ পাচিত ভৰোৱা হ’ল। গাজ-ঠুঁটিয়াবলৈ ধৰাৰ লগে লগে মাটিত মেলি দিয়া হ’ল। এইদৰে দুই তিনিদিন ৰাখি, কঠীয়াতলিবোৰ বৰষুণত বাই, দৰকাৰ মতে চেৱা ঢকুৱাৰ লাঢ়নীৰে খালৰ পানী ছটিয়াই, মৈয়াই বোকা কৰি, আকৌ উলোটা মৈ দি গৰু-মানুহৰ খোজ মাৰি বোকাৰ ওপৰভাগ মিহি কৰি তাৰ ওপৰত কঠীয়াবোৰ বিধে বিধে প্ৰতি দুবিধৰ মাজত এভৰিমানকৈ খালী ঠাই ৰাখি ডাঠকৈ সিঁচি যোৱা হ’ল চপ্-চপ্কৈ। কঠীয়াৰ শিপাই এদিনতে বোকা খামুচি ধৰিলে, ৰ’দে-বৰষুণে কঠীয়া ডাঙৰ হ’বলৈ ধৰিলে। কুৰি-পঁচিছ দিনৰ ভিতৰত কঠীয়া এবেগেত ওখ হ’ল, এমাহত হয়তো ডেৰ বেগেত বা এমুঠন। এতিয়া সেইবোৰ তুলি আখি আঁখিকৈ বান্ধি আগপাতবোৰ কাটি হোলোঙাৰে ৰোৱতী মাটিলৈ কঢ়িয়াই নিয়া হ’ল। ৰোৱনীয়ে কঠীয়া তুলিছে, ৰোৱনীয়েই ৰুইছে। হালোৱাই কোৰৰ চাবেৰে বোকা আঠালতীয়া মাটি উঠাই ভৰিৰে টিপি টিপি দি থৈছে ওখ ওখ আলি। সমান মাটিত সেৰেঙা আলি, মাটিৰ ডৰাবোৰ ডাঙৰ; টিঙনা আৰু এঢলীয়া মাটিত ঘন ঘন আলি, ডৰাবোৰ সৰু। সেই মাটিত আৱদ্ধ হৈ আছে পানী, পানীৰ তলত বোকা। শালি খেতিৰ খেতিয়কে ৰজাই ৰাণীক ৰখাৰ দৰে ধানৰ ঠোক ওলোৱাৰ সময়লৈকে পথাৰত সযতনে আলিৰে পানী আৱদ্ধ কৰি ৰাখে। হাল বাই মৈ দিয়াৰ সময়ৰ পৰাই আলি দিয়াৰ কাম চলে। পানীৰ তলত মাটিবোৰ ভুৰ্ভুৰীয়া হয়৷ বোকা মাটি হাল বাই মৈয়াই এদিন বৰ’ খুৱাই ৰখা হয়। তাৰ পাছত পুনৰ বাই মৈয়াই ৰোৱাৰ উপযোগীকৈ বোকা দিয়া হয়। মুনিহ আৰু তিৰোতাৰ বিধে বিধে কাম। সকলো পথাৰত নামি পৰে, মূৰত জাপি ।
খিলঞ্জীয়া মানুহবোৰে দেখি আছে, তাই মানুহবোৰ বাৰিষা বতৰত বৰ
ব্যস্ত হৈ পৰিছে। যি সময়ত তেওঁলোকে মাছ-পহু বিচাৰি ফুৰিছে সেই সময়ত পূব দেশৰ পৰা
অহা এই মুনিহ-তিৰোতাবোৰে অশেষ যত্নেৰে ধান খেতি কৰিছে।
বতৰ-পানী ভাল। খেতি ভাল হ’ল।
দাৱনীয়ে ধান ডালে; ডেকা, আদহীয়া পুৰুষে
ডাঙৰি বান্ধি মুঠিবোৰ ভঁৰাললৈ আনিলে। ভঁৰাল ভৰিলে। সকলো সমূহীয়া ভঁৰাল। প্ৰজাই খাবলৈ পালেই ৰজাই পাব আৰু ৰজাই পালেই প্ৰজাই পাব।
দিনৰ ভাগত প্ৰজাসকলৰ খেতিৰ কাম, ৰাতি ৰাতি বাঁহ-বেতৰ কাম। প্রয়োজনীয় কটাৰ সঁজুলি, মাছধৰা
সঁজুলি, আৰু আসন-বৈশনৰ বাবে দৰকাৰী ঢৰা, বৰঢৰা, মেৰ ঢৰা, পাটি ঢৰা,
আঠকোণীয়া ঢৰা, মাদুৰী কঁঠ, ছাল কঁঠ ইত্যাদি । দিনৰ ভাগত আজৰি উলিয়াই বনাই লৈছে কাঠৰ বস্তুবোৰ : চালপীৰা, তামুলী পীৰা, বৰপীৰা,
ডুখৰি পীৰা, দিং গখেই ঠংগা, কমলি, ঢেঁকী, উৰাল, তাঁত শালৰ শিপিনীৰ টোলোঠা, দোৰ্পতি, যঁতৰ আদি সামগ্ৰী। অন্যান্য সঁজুলিৰ ভিতৰত আছে
জপা, পেৰা, বৰপেৰা, হাতনি পেৰা, চোৰপেৰা, পেটাৰি,
আদি। হাবিৰ দেৱতা ফী-থৌনক সামূহিক আৰু ব্যক্তিগতভাৱে কুকুৰা কাটি
পূজা দি মানুহ কাঠনিত সোমাইছে, প্রয়োজনীয় ডাঙৰ ডাঙৰ কাঠ
কাটি নাও বনাইছেঃ হোলোং নাও, বৰনাও, পানচৈ
নাও, ৰজা উঠা নাও, ম’হৰ শিঙীয়া নাও। কিছুমান হৈছে গুটীয়া নাও, কিছুমান
ব্যৱহাৰ কৰা হৈছে মাৰনাও হিচাপে। কুমাৰ মাটি বিচাৰি আনি বনোৱা হৈছে নানা আকাৰৰ মলা
চৰু, কলহ, টেকেলি। কমাৰ শাল পাতি
আৱশ্যকীয় বস্তু যেনে কটাৰী, কপি দা, মেচী
দা, নাকৈয়া দা, নৰা দা আৰু তৰোৱাল আদি
বনোৱা হৈছে।
আকৌ আৰম্ভ হৈছে খেতিৰ বতৰ।
এইদৰে একে প্ৰক্ৰিয়াৰে তিনি বছৰ তিনিটা খেতি। ওচৰত খিলঞ্জীয়া মানুহবোৰে এই আচহুৱা মাত-কথাৰ মানুহবোৰৰ কাম-কাজবোৰ চাই আছে। লাহে লাহে চিনা-পৰিচয় হৈছে, আহ-যাহো চলিছে, বয়-বস্তুৰ আদান-প্ৰদানো হৈছে। ইয়াৰ মানুহে আগতে মাও-ছান দেশৰ কোনাবা সেনাপতি এজনে পাতি থৈ যোৱা বিষয়াক কৰ সোধাইছিল। অৱশ্যে কৰ তুলিছিল তলতীয়া ৰজাই সেই দেশলৈ পঠোৱাৰ নামতে, আৰু কৰতোলা বিষয়াই সেইবোৰ পঠাইছিল। এতিয়া সেই কৰ তুলি পঠোৱা বিষয়াজনেও ভাবিছে এইবোৰো দেখোন মাও-ছান দেশৰে মানুহ, সেইখন দেশৰ তলতীয়া ৰজাজনো প্ৰজা সমন্বিতে ইয়াতে খেতি-বাতি কৰি আছেহি, এওঁলোককে কৰ-ভাৰখন দি দায়টো সাৰিলে কেনে হয়। ইফালে খিলঞ্জীয়া মানুহবোৰেও তাই মানুহবোৰৰ ব্যৱহাৰ-পাতি ভাল পাইছে, ৰজাৰ গুণৰ কথাও শুনিছে, বিৰোধৰ কোনো কাৰণেই দেখা নাই, ৰজা-প্রজা সকলোৰে লগত তেওঁলোকে মিলি যোৱাটোহে বিচাৰে।
চাম-লুঙ্- ফাই এইফালে জয় কৰি
যোৱা জাতিবোৰ হৈছেঃ টিউৰা (চুতীয়া), ফু-খাও
(মৰান), খান্-ৰাং-য়ু (বৰাহী), টিমাচা
(ডিমাচা কছাৰী) আৰু নগ৷ ৷ গোটেইখিনিৰ বাবে তিনিজন কৰতোলা বিষয়া নিয়োগ কৰি থৈ
গৈছিল। পিছে মাও-ছান দেশলৈ সেইবোৰ পঠোৱাটো কম জঞ্জালৰ কথা নহয়। তি-পামত চাও
ছ্যু-কা-ফাই ৰাজ্য পতা বুলি গম পাই টিমাচা আৰু নগাৰ কৰতোলা বিষয়াজন আহি ওলালহি
আৰু কৰৰ লেঠাটো ইয়াতে মাৰিব খুজিলে, আৰু এইদৰে চাও
ছ্যু-কা-ফাৰ অধীনতে নিজৰ পদবীটো ৰাখিবলৈ সুবিধা বিচাৰিলে। ছ্যুই সুবিধাটো দিলে। সি
তেওঁৰ লগত নগা আৰু টিমাচাসকলৰ শাসন প্রণালী, বিশ্বাস-পৰম্পৰা,
উৎসৱ-পাৰ্বন, ৰীতি-নীতি, খোৱা-থকা, পিন্ধা-উৰা আদিৰ বিষয়ে নানা কথা আলোচনা
কৰিলে। সি বুজি পালে যে এই অঞ্চলবোৰৰ জনবসতি তেনেই সেৰেঙা, কৰতোলাৰ
বাহিৰে মাও-লুঙৰ ৰজাৰ এইফালে কোনো মনোযোগ নাই। এই বিষয়াজনৰ যোগে দক্ষিণ আৰু দক্ষিণ-পূবৰ
মানুহবিলাকৰ লগত এটা সুসম্পৰ্ক গঢ়ি তোলাৰ সুযোগটো সি হেৰাবলৈ নিদিলে।
“তুমি হ’বা বিমুন পাতৰ।” ছ্যুই ক’লে
বিষয়াজনে বুজি পালে বিমুন মানে কি। বিমুন হৈছে পুৰণি কৰতোলা বিষয়া। হয়, তেওঁ চাম-লুঙ্-ফাৰ দিনৰ কৰতোলা বিষয়া। এতিয়া চাও-ছ্যু-কা-ফাই উপাধি দিছে বিমুন পাতৰ’। তেওঁ উৎসাহিত হ’ল।
এই বিমুন পাতৰকে দেখি টিউৰা, ফু-খাও আৰু খান-ৰাং-য়ুৰ কৰতোলা বিষয়া দুজনো কাষ চাপি আহিল। তেওঁলোকেও
নিজৰ ইচ্ছাৰ কথা ব্যক্ত কৰিলে। ছ্যু-কা-ফাই ভাল পালে আৰু ক’লে
যে এই ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি এখন ৰাজ্য পাতিব আৰু সেই ৰাজ্যত তেওঁলোকক ভাল
খেলত তুলিব।
তি-পামৰ গছি ধানৰ ভঁড়াল আৰু ওচৰৰ
ৰাজ্যবোৰৰ পৰা বিষয়াৰ যোগে অহা কৰ সমন্বিতে ছ্যুৰ আৰ্থিক ভিত্তি এতিয়া বহুত
টনকিয়াল হ’ল। এতিয়া সুকলমে ৰাজকাৰ্য চলাব লাগে। ক্ষমতা অনুযায়ী
ৰজাৰ পাছতে থাকিব দুজন কুন্হাই, থাও-মঙ্
মন্ত্ৰী ডাঙৰীয়া। তেওঁলোক দুজনৰ পাছত থাকিব প্ৰদেশবোৰৰ শাসনকৰ্তা সকল, ফু-কিন্-মুঙ্সকল ৷ তাই শাসন প্রণালীত বান্ধি থোৱা
নিয়ম আছে ফু-কিন্-মুঙ্সকলে দায়িত্ব পালন কৰিব, দোষীক তেওঁলোকে অংগক্ষত পৰ্য্যন্ত শাস্তি বিহিব পাৰিব। কিন্তু প্ৰাণদণ্ডৰ
অধিকাৰ ৰজাৰহে।
ৰজাৰ মেলত মন্ত্ৰী আৰু বিষয়াবৰ্গ
উপস্থিত থাকিব। পৰম্পৰাগতভাৱে ৰজাই মন্ত্ৰীদ্বয়ক সন্মুখত লৈ ওখ
আসনত বহিব। মন্তীদ্বয় আপেক্ষিক চাপৰ আসনত বহি তেওঁলোকৰ বাওঁফালে তিনি পুৰোহিত বহিব। পিছে এতিয়া ছ্যুৰ লগত চাৰিজন পণ্ডিত পুৰোহিতেই আছে - থাওমঙ-লুঙ্-কাঙ, থাও-খেন্-লুঙ, চাও-ফ্রাং আৰু থাও-মঙ-ম’-ছাই। আটাইকেইজনকে মৰ্যাদা দি ৰাখিব লাগিব। মেলচ’ৰাত মন্ত্ৰী বিষয়াই পাইকে কঢ়িওৱা দোলা আৰু আৰোৱান ছাতি ব্যৱহাৰ কৰিব পাৰিব, কিন্তু
বিষয়বাব গ’লে সেয়া কৰিব নোৱাৰিব। অৱশ্যে
ৰজা আৰু মন্ত্ৰী বিষয়াৰ আয়ম-নীতি এতিয়াই পূৰাকৈ নচলে; সময়
আছে, ৰাজ্য আৰু ৰাজধানীৰ পূৰা থান-থিত
লাগিব লাগিব; এতিয়া কঠোৰ শ্রমেৰে সেয়া গঢ়াৰহে সময়।
সকলো মানুহেই নিজ নিজ কাম কৰিব
লাগিব,
ধোদ হৈ কোনেও খাব নোৱাৰিব। মাটি-বাৰী কাৰো
পৈত্ৰিক সম্পত্তি নহ’ব। ঘৰ-বাৰী পাতি
থাকিবলৈ আৰু খেতি-বাতি কৰিবলৈহে মাটি। ই ৰজাৰহে সম্পত্তি। মন্ত্ৰী আৰু বিষয়াসকলে
খেতি-বাতিৰ বাবে মাটি আৰু পাইক-বনুৱা পাব, কিন্তু তেওঁলোকৰ
মৃত্যু হ’লে বা কিবা কাৰণত পদবী গ’লে
সকলো ৰজাৰ হাতলৈ আহিব। এইবোৰ তাই শাসন পদ্ধতিৰ পৰম্পৰাগত বিধান। ৰাজ্যৰ ঘাই শক্তি
হ’ব নাঙল আৰু হেংদান। ৰাজ্য মানেই শাসন, শাসন মানেই ৰাজ্য।
ৰজা হ’লে
ৰজাৰ সাজ পোচাক লাগে। আগৰবোৰ পুৰণি হৈছে। নতুন দেশত নতুন সাজ পাৰৰ প্ৰয়োজন ৷ ৰাণী
আৰু-কোঁৱৰসকলেও কৈ আছে, মন্ত্ৰী আৰু
পণ্ডিত পুৰোহিতসকলেও উনুকিয়াইছে। তি-পামতে আগৰে পৰা বসবাস কৰি থকা তাই লোক এজন
আছে। নামটো মাই-মাই খ্ৰু-ৰৎ৷ তেওঁ হোনো খুউব সুন্দৰকৈ ৰাজ-পোচাক সীব জানে। বিষয়া এজনে ছ্যুক কথাটো জনালে৷
মাই-মাই খ্ৰু-ৰতক হাউলিলৈ মাতি অনা হ’ল।
তেওঁ চাও ছ্যু-কা-ফাক এযোৰ পোচাক বনাই দিলে।
তি-পামতে ছ্যুই ৰাজকীয় নীতি-নিয়মেৰে নতুন ভূ-খণ্ডত ৰাজকাৰ্য আৰম্ভ কৰিছে। ৰজাই বৰমেল
পাতি সকলোকে শুনাই দিছেঃ এইখন ম্যুঙ্-দ্যুন্-ছুন-খাম্। কিন্তু সোণালী বাগিচা
আকাশৰ পৰা নাহে, আনেও পাতি নিদিয়ে। শইচ আৰু ফলমূলৰ ৰং দেখি
আবেগত কোৱা হৈছে ম্যুঙ্-দ্যুন্-ছুম্-খাম্। ইয়াত সুখৰ উৎস
যেনেকৈ আছে দুখৰ বৰশিলো আছে, সৌন্দৰ্য যেনেকৈ আছে কদৰ্যতাও
তেনেকৈ আছে, প্ৰকৃতিৰ মৰম যেনেকৈ আছে, নিষ্ঠুৰতাও
তেনেকৈ আছে। এই সকলোকে লৈ আমি ম্যুঙ্-দ্যুন্-ছুন-খাম্ নকৈ
গঢ়ি তুলিব লাগিব। কঠোৰ শ্রমেই হ’ব আমাৰ নতুন ৰাজ্যৰ
মূলমন্ত্ৰ। ৰজাৰ ৰাজকাৰ্যৰ পৰামৰ্শদাতা আৰু সোঁ-হাত স্বৰূপ হোৱাকৈ, ইমানদিনে যথাযোগ্য মান্যতা দি লগতে ৰখা থাও-মঙ্-বান্-ৰুই আৰু
থাও-মঙ্-কাঙ্-ঙানক মন্ত্ৰীৰূপে নতুনকৈ নিয়োগ কৰা হ’ল।
উপস্থিত সকলোৱে ৰজাৰ ইচ্ছাৰ প্রতি
আনন্দ-উল্লাসেৰে সমৰ্থন জনালে৷ আলোচনাৰ অন্তত ছ্যুই মন্তব্য কৰিলে?
“আমি কোৱা নাই যে তি-পামতে স্থায়ী ৰাজধানী পাতি সদায় থাকিম সেয়া উদ্দেশ্যও নহয়৷ বন্ধ পানীত ৰৈ থকাৰ দৰে ৰৈ নাথাকি ন-ন সোঁতেদি ন-ন সুযোগৰ সন্ধান কৰি যাম, আৰু তাৰ পাছত আমি এঠাইত নিশ্চয় ৰ’মগৈ ৷”