অন্যযুগ/


আৰ্কিটেকচাৰ ( Architecture)

° বুলজিৎ বুঢ়াগোহাঁই

আৰ্কিটেকশ্বাৰ বা স্থাপত্যবিদ্যা পাঠ্যক্রমত ভৱনৰ আৰ্হি প্ৰস্তুত, নিৰ্মাণ আৰু সুশোভিতকৰণৰ বিষয়ে অধ্যয়ন কৰা হয়।

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পাছত আৰ্কিটেকশ্বাৰ বা স্থাপত্যবিদ্যাৰ স্নাতক (বি.আৰ্ক.) পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ আৰ্কিটেকশ্বাৰ স্নাতক পাঠ্যক্রমত নামভৰ্তিৰ বাবে নেচলেন এপটিটিউড টেষ্ট ইন আৰ্কিটেকশ্বাৰ’ (National Aptitude Test in Architecture) চমুকৈ নাটা (NATA) নাম এটি প্রৱেশ পৰীক্ষা অনুষ্ঠিত    হয়৷ এই পৰীক্ষাৰ সবিশেষ জানিবৰ বাবে শিক্ষাৰ্থীসকলে নাটাৰ ৱেবছাইটত (http://www.nata.in)-ত চাব পাৰে। আৰ্কিটেকশ্বাৰ বা স্থাপত্যবিদ্যাৰ ডিপ্লমা, স্নাতকোত্তৰ আৰু পিএইছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। আৰ্কিটেকশ্বাৰৰ বিভিন্ন শাখা আছে, যেনেনৌ স্থাপত্যবিদ্যা (Naval Architecture), লেণ্ডস্কেপ স্থাপত্যবিদ্যা (LandscapArchitecture)  আদি।

এজন সফল স্থপতিবিদ হবলৈ হলে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনেসৃজনশীলতা গুণ, কল্পনাশক্তি, সূক্ষ্মদৰ্শিতা, সুন্দৰ নিৰীক্ষণ ক্ষমতা, দায়িত্ববোধ আদি।

আৰ্কিটেকশ্বাৰ বা স্থাপত্যবিদ্যাত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হআই. ই. এছ. কলেজ অৱ আৰ্কিটেকশ্বাৰ (http://www.ies.edu/architecture), আন্না বিশ্ববিদ্যালয় (https://www.annauniv.edu/Architecture), ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং ছায়েঞ্চ এণ্ড টেকনলজি (https://www.iiests.ac.in), এনঞ্চল বিশ্ববিদ্যালয় (http://www.ansaluniversity.edu.in), কলেজ অৱ আৰ্কিটেকশ্বাৰ (http://cat.edu.in), কলেজ অৱ ইঞ্জিনিয়াৰিং (http://www.cet.ac.in), চণ্ডীগড় কলেজ অৱ আৰ্কিটেকশ্বাৰ (http://cca.edu.in), চি.ই.পি.টি. য়ুনিভাৰ্ছিটি (http://www.cept.ac.in), জৱাহৰলাল নেহৰু আৰ্কিটেকশ্বাৰ এণ্ড ফাইন আৰ্টছ য়ুনিভাৰ্ছিটি (www.jnafau.ac.in), দিল্লী স্কুল অৱ আৰ্কিটেকশ্বাৰ এণ্ড ডিজাইন (http://delhischoolofdesign.com), বাস্তু কলা একাডেমি, কলেজ অৱ আৰ্কিটেকশ্বাৰ এণ্ড ইনটেৰিয়ৰ ডিজাইনিং (www.vakaarchitecture.com), বিৰলা ইনষ্টিটিউট অৱ টেকনজি (https://www.bitmesra.ac.in), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খড়গপুৰ (http://www.iitkgp.ac.in), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ৰুৰকি (http://www.iitr.ac.in), যাদবপুৰ বিশ্ববিদ্যালয় (http://www.jaduniv.edu.in), শ্রীজে. জে. কলেজ অৱ আৰ্কিটেকশ্বাৰ, য়ুনিভাৰ্ছিটি অৱ মুম্বাই (www.sirjjarchitecture.org), স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকশ্বাৰ, দিল্লী (www.spa.ac.in) আদি।

অসমৰ গুৱাহাটিৰ বামুণীমৈদানত অৱস্থিত মহিলা পলিটেকনিক প্রতিষ্ঠান (http://www.pcpsgirlspoly.org)-ত আৰ্কিটেকশ্বাৰ (Architectural Assistantship)-ৰ ডিপ্লমা পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে আৰু আসনৰ সংখ্যা ৪০খন। পলিটেকনিক এডমিশ্বন টেষ্ট (Polytechnic Admission Test (PAT) নামৰ এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা আছে। এই পৰীক্ষাত অৱতীৰ্ণ হবৰ বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত ন্যূনতম ৪০ শতাংশ, অনসূচিত জাতিৰ প্রাৰ্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রাৰ্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০ বছৰৰ ভিতৰত হব লাগে আৰু অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৩ বছৰৰ ভিতৰত হব লাগে। এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ—www.dteassam.inএই প্রৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ নম্বৰ ১০০ থাকে আৰু প্রশ্নসমূহ বস্তুনিষ্ঠ ধৰণৰ৷

গুৱাহাটী কলেজ অৱ আৰ্কিটেকশ্বাৰ (http://www.guwarchcollege.com)-ত পাঁচ বছৰীয়া স্নাতক (Architecture), তিনি বছৰীয়া (Interior Design) আৰু দুবছৰীয়া স্নাতকোত্তৰ [Planning (Urban & Regional Planning)] পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।

ৰয়েল গ্লবেল য়ুনিভাৰ্চিটি (http://rgu.ac)-ত পাঁচ বছৰীয়া স্নাতক (Architecture) পাঠ্যক্রম  অধ্যয়ন কৰাৰ সুবিধা আছে।

কোনো শিক্ষানুষ্ঠানৰ পৰা আৰ্কিটেকশ্বাৰৰ পাঠ্যক্রম সমাপ্ত কৰাৰ পাছত স্থপতিবিদজনে আৰ্কিটেকশ্বাৰ পৰিষদ’ (http://www.coa.gov.in)-ত নাম পঞ্জীয়ন কৰি চৰকাৰী (যেনেকেন্দ্রীয় আৰু ৰাজ্যিক গড়কাপ্টানী বিভাগ, অন্যান্য চৰকাৰী অনুমোদনপ্রাপ্ত হাউছিং আৰু কনষ্ট্রাকশ্বন সংস্থা আদি) তথা বেচৰকাৰী খণ্ডৰ আৰ্কিটেকশ্বাৰ সংস্থাত কামৰ সুবিধা লাভ কৰিব পাৰে। আৰ্কিটেকশ্বাৰ শিক্ষা প্রতিষ্ঠানত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰি স্বাধীন ব্যৱসায় আৰম্ভ কৰিব পাৰে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ