ড° বুলজিৎ বুঢ়াগোহাঁই
ভাৰতত ক্ৰিকেট কেৱল এটা খেল নহয়, ই হৈছে এক
আৱেগ, যিয়ে সমগ্ৰ দেশৰ লাখ লাখ মানুহক একত্ৰিত কৰি ৰাখে৷ দেশৰ অসংখ্য যুৱক-যুৱতীয়ে
সফল ক্ৰিকেটাৰ হোৱাৰ সপোন দেখে৷ কিন্তু ক্ৰিকেটৰ জগতখন কেৱল খেলুৱৈক কেন্দ্ৰ কৰিয়েই
সীমাবদ্ধ নহয়৷ প্ৰতিখন সফল ক্ৰিকেট মেচৰ আঁৰত প্ৰশিক্ষক, স্ক’ৰাৰ, ভাষ্যকাৰ, ফিজিঅ’থেৰাপিষ্ট,
বিশ্লেষক, আম্পায়াৰকে ধৰি এক দক্ষ পেছাদাৰী দল থাকে৷ এইসকলৰ ভিতৰত ক্ৰিকেট আম্পায়াৰে
খেলখন যাতে ন্যায়সঙ্গতভাৱে আৰু ক্ৰিকেটৰ নিয়ম-কানুন অনুসৰি পৰিচালিত হোৱাটো নিশ্চিত
কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷
ক্ৰিকেট আম্পায়াৰ হৈছে খেলপথাৰত থকা কৰ্তৃপক্ষ,
যিয়ে খেলৰ সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ বেটছমেনক আউট ঘোষণা কৰাৰ
পৰা আৰম্ভ কৰি ন’বল, ৱাইড বল আৰু ফিল্ডিং সম্পৰ্কীয় উলংঘাৰ দৰে বিভিন্ন বিষয়ত সিদ্ধান্ত
লোৱালৈকে আম্পায়াৰসকলে খেলখন ন্যায়পৰায়ণতা, শৃংখলাবদ্ধ আৰু সুসংগঠিতভাৱে অনুষ্ঠিত
কৰাটো নিশ্চিত কৰে৷ ভাৰতত ঘৰুৱা ক্ৰিকেট, বিভিন্ন লীগ, প্ৰতিযোগিতা আদিৰ দ্ৰুত বৃদ্ধিৰ
লগে লগে প্ৰশিক্ষিত ক্ৰিকেট আম্পায়াৰৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পাইছে৷ বৰ্তমান ক্ৰিকেট
আম্পায়াৰিং ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক আকৰ্ষণীয় কেৰিয়াৰ বিকল্প হিচাপে আত্মপ্ৰকাশ
কৰিছে, যাৰ জৰিয়তে তেওঁলোকে পেছাগতভাৱে খেলৰ সৈতে জড়িত হৈ থাকিব পাৰে৷
ক্ৰিকেটৰ প্ৰতি গভীৰ আগ্ৰহ থকা কিন্তু পেছাদাৰী
খেলুৱৈ হিচাপে কেৰিয়াৰ গঢ়ি তুলিব নোৱাৰা ব্যক্তিসকলৰ বাবে ক্ৰিকেট আম্পায়াৰিং এক
উৎকৃষ্ট কেৰিয়াৰ বিকল্প৷ এই পেছাই খেলৰ সৈতে সক্ৰিয়ভাৱে জড়িত থকাৰ লগতে এক সন্মানজনক
আৰু লাভজনক পেছা গঢ়ি তোলাৰ অনন্য সুযোগ প্ৰদান কৰে৷ আম্পায়াৰসকলে ক্ৰিকেটমহলত বিশেষ
স্বীকৃতি লাভ কৰে, উচ্চ পৰ্যায়ত আকৰ্ষণীয় মেচ মাচুল লাভ কৰে আৰু ঘৰুৱা, ফ্ৰেঞ্চাইজি
তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত দায়িত্ব পালন কৰাৰ সুযোগ পায়৷ ইণ্ডিয়ান প্ৰিমিয়াৰ
লীগ (আই পি এল)ৰ দৰে প্ৰতিষ্ঠিত ইভেণ্টকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত ক্ৰিকেট প্ৰতিযোগিতাৰ
দ্ৰুত বৃদ্ধিৰ লগে লগে যোগ্য আৰু দক্ষ আম্পায়াৰৰ চাহিদা বৃদ্ধি পাইছে৷ এই পেছাই কেৱল
সন্মান আৰু আৰ্থিক লাভেই প্ৰদান নকৰে, বৰঞ্চ দেশ-বিদেশ ভ্ৰমণৰ সুযোগ, বহুমূলীয়া অভিজ্ঞতা
আহৰণ আৰু খেলবোৰ ন্যায়সঙ্গতভাৱে আৰু সুশৃংখলভাৱে পৰিচালিত কৰাত অৰিহণা যোগোৱাৰ আত্মসন্তুষ্টিও
প্ৰদান কৰে৷
ভাৰতত ক্ৰিকেট আম্পায়াৰ হ’বলৈ কোনো শিক্ষাগত
অৰ্হতা নিৰ্ধাৰণ কৰা নাই৷ তথাপি, অধিকাংশ ৰাজ্যিক ক্ৰিকেট সন্থাই কমেও উচ্চতৰ মাধ্যমিক
(দ্বাদশ শ্ৰেণী) উত্তীৰ্ণ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়ে৷ বিশেষকৈ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয়
পৰ্যায়ত আম্পায়াৰিং কৰাৰ আকাংক্ষা থকা ব্যক্তিসকলৰ বাবে ইংৰাজী ভাষাত ভাল যোগাযোগ
দক্ষতা এক অতিৰিক্ত সুবিধা হিচাপে গণ্য হয়৷
শিক্ষাগত অৰ্হতাতকৈ অধিক গুৰুত্বপূৰ্ণ হৈছে ক্ৰিকেটৰ নিয়ম-কানুন সম্পৰ্কে গভীৰ জ্ঞান
আৰু চাপপূৰ্ণ পৰিস্থিতিতো সঠিক আৰু নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা৷ এজন সফল
আম্পায়াৰৰ বাবে তীক্ষ্ণ পৰ্যৱেক্ষণ শক্তি, একাগ্ৰতা, আত্মবিশ্বাস আৰু ন্যায়পৰায়ণ
মানসিকতা অতি প্ৰয়োজনীয় গুণ৷
এজন সফল ক্ৰিকেট আম্পায়াৰৰ বাবে কাৰিকৰী
জ্ঞান, মানসিক তৎপৰতা, শাৰীৰিক সহনশীলতা, আৰু শক্তিশালী আন্তঃব্যক্তিগত দক্ষতাৰ সংমিশ্ৰণৰ
প্ৰয়োজন৷ ইয়াৰ মূল ভেটি হৈছে ক্ৰিকেটৰ নিয়ম-কানুনৰ ওপৰত গভীৰ জ্ঞান, যাৰ ভিতৰত লেগ
বেফ’ৰ উইকেট (এল বি ডব্লিউ) সিদ্ধান্ত, পাৱাৰপ্লে সম্পৰ্কীয় নিয়ম, ন’বলৰ ব্যাখ্যা,
ডিচিজন ৰিভিউ চিষ্টেম (ডি আৰ এছ) প্ৰক্ৰিয়া আৰু খেলুৱৈৰ আচৰণবিধি আদি অন্তৰ্ভুক্ত৷
আম্পায়াৰসকলৰ উৎকৃষ্ট পৰ্যবেক্ষণ ক্ষমতা আৰু একাগ্ৰতা দক্ষতাও থাকিব লাগিব, যাতে তেওঁ প্ৰতিটো বল নিবিড়ভাৱে লক্ষ্য
কৰিবলৈ আৰু সিদ্ধান্তত প্ৰভাৱ পেলাব পৰা সূক্ষ্ম বিষয়সমূহ চিনাক্ত কৰিব পাৰে৷ সমানেই
গুৰুত্বপূৰ্ণ হ’ল হেঁচাত সম্পূৰ্ণ নিৰপেক্ষ হৈ থকাৰ লগতে কোনো সংকোচ নকৰাকৈ দ্ৰুত,
ন্যায্য আৰু আত্মবিশ্বাসী সিদ্ধান্ত লোৱাৰ ক্ষমতা৷ যিহেতু আম্পায়াৰসকলে বিভিন্ন বতৰত
খেলপথাৰত বহু সময় কটায়, সেয়েহে ভাল শাৰীৰিক ফিটনেছ আৰু ষ্টেমিনা অতি প্ৰয়োজনীয়৷
ফলপ্ৰসূ যোগাযোগ দক্ষতাই এজন আম্পায়াৰক খেলুৱৈ, স্ক’ৰাৰ, মেচ ৰেফাৰী, আৰু অন্যান্য
বিষয়াৰ সৈতে স্পষ্টভাৱে মত বিনিময় কৰাত সহায় কৰে, যাৰ ফলত মেচখন মসৃণ আৰু পেছাদাৰীভাৱে
চলোৱাটো নিশ্চিত হয়৷
ভাৰতত ক্ৰিকেটৰ দ্ৰুত বৃদ্ধিয়ে যোগ্য আৰু
অভিজ্ঞ আম্পায়াৰৰ বাবে অসংখ্য কেৰিয়াৰৰ সুযোগৰ সৃষ্টি কৰিছে৷ স্কুল প্ৰতিযোগিতা,
বিশ্ববিদ্যালয় প্ৰতিযোগিতা, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট মেচ, বিচিচিআইৰ ঘৰুৱা
প্ৰতিযোগিতা, মহিলা ক্ৰিকেট ইভেণ্ট, ফ্ৰেঞ্চাইজি লীগ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাসমূহত
আম্পায়াৰ হিচাপে দায়িত্ব পালন কৰিব পাৰে৷ অভিজ্ঞতা আৰু দক্ষতা বৃদ্ধি পোৱাৰ লগে লগে
আম্পায়াৰসকলে অধিক উচ্চপৰ্যায়ৰ প্ৰতিযোগিতাত দায়িত্ব লাভ কৰাৰ লগতে ক্ৰিকেট জগতত
অধিক স্বীকৃতি আৰু সন্মান অৰ্জন কৰিব পাৰে৷ অন-ফিল্ড আম্পায়াৰিঙৰ উপৰিও অভিজ্ঞ আম্পায়াৰসকলে
মেচ ৰেফাৰী, আম্পায়াৰ প্ৰশিক্ষক, টুৰ্ণামেণ্ট মেনেজাৰ, ক্ৰিকেট বিশ্লেষক বা ক্ৰীড়া
প্ৰশাসক হিচাপেও কেৰিয়াৰ গঢ়ি তুলিব পাৰে৷
এই বহুমুখী সুযোগসমূহে ক্ৰিকেট আম্পায়াৰক খেলখনৰ প্ৰতি আগ্ৰহী আৰু ইয়াৰ বিকাশ
তথা ন্যায়সংগত পৰিচালনাত অৱদান আগবঢ়াব বিচৰা ব্যক্তিসকলৰ বাবে এক সন্মানজনক, আকর্ষণীয়
আৰু সন্তোষজনক পেছা হিচাপে প্ৰতিষ্ঠা কৰিছে৷
যদিও ক্ৰিকেট আম্পায়াৰিং এক সন্মানজনক আৰু
পুৰস্কাৰমূলক পেছা, তথাপিও এই ক্ষেত্ৰত বহুতো প্ৰত্যাহ্বান আছে, যিবোৰ সফলতাৰে মোকাবিলা
কৰিবলৈ দৃঢ় মানসিক শক্তি আৰু পেছাদাৰিত্বৰ প্ৰয়োজন হয়৷ আম্পায়াৰসকলে প্ৰায়ে তীব্ৰ
চাপৰ মাজত কাম কৰিবলগীয়া হয়, কিয়নো এটা ভুল সিদ্ধান্তই খেলুৱৈ, দলীয় কৰ্মকর্তা,
সংবাদ মাধ্যম আৰু দৰ্শকৰ সমালোচনাৰ সন্মুখীন হ’ব পাৰে৷ আম্পায়াৰসকলে দীৰ্ঘ সময়জুৰি
চলা খেলসমূহত, বহু ক্ষেত্ৰত প্ৰতিকূল বতৰ পৰিস্থিতিৰ মাজতো, সম্পূৰ্ণ সময় উচ্চ মাত্ৰাৰ
একাগ্ৰতা, সজাগতা আৰু মনোযোগ বজাই ৰাখিব লাগে৷ ইয়াৰ উপৰিও আম্পায়াৰসকলে খেলুৱৈৰ আৱেগ
পৰিচালনা কৰা, ভিৰৰ চাপ নিয়ন্ত্ৰণ কৰা, কেইছেকেণ্ডমানৰ ভিতৰতে সঠিক সিদ্ধান্ত লোৱা,
আৰু পৰিৱৰ্তিত খেল আৰু মেচৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱাটোও গুৰুত্বপূৰ্ণ দায়িত্ব৷ এই পেছাত সফল হ’বলৈ এজন আম্পায়াৰে সদায় শান্ত,
আত্মবিশ্বাসী, নিৰপেক্ষ আৰু একাগ্ৰচিত্ত হৈ থাকিব লাগিব, লগতে উৎকৃষ্ট বিচাৰশক্তি আৰু
চাপৰ মাজত দক্ষতাৰে কাম কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব লাগিব৷
মহিলাসকলে বৰ্তমান ক্ৰিকেট আম্পায়াৰিং ক্ষেত্ৰত
উল্লেখযোগ্য অৱদান আগবঢ়াইছে, যিয়ে এই খেলৰ ক্ৰমবৰ্ধমান অন্তৰ্ভুক্তিৰ প্ৰতিফলন ঘটাইছে৷
ভাৰত তথা বিশ্বজুৰি মহিলা ক্ৰিকেটৰ দ্ৰুত বিকাশে মহিলা আম্পায়াৰসকলৰ বাবে মেচ পৰিচালনাৰ
ক্ষেত্ৰত সফল কেৰিয়াৰ গঢ়ি তোলাৰ বহুতো নতুন সুযোগ সৃষ্টি কৰিছে৷ আজিৰ দিনত মহিলা
আম্পায়াৰসকলে মহিলা ঘৰুৱা প্ৰতিযোগিতা, আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট মেচ আৰু আইচিচিৰ
প্ৰতিযোগিতাসমূহত সক্ৰিয়ভাৱে জড়িত হৈ আছে, য’ত তেওঁলোকে পুৰুষ সমকক্ষসকলৰ দৰে একে
পেছাদাৰিত্ব, বিশেষজ্ঞতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰদৰ্শন কৰি আছে৷ ক্ৰিকেটৰ বিভিন্ন
স্তৰত মহিলা আম্পায়াৰসকলৰ ক্ৰমবৰ্ধমান উপস্থিতিয়ে এই ক্ষেত্ৰখনত উপলব্ধ বিস্তৃত সুযোগসমূহক
উজ্জ্বলভাৱে প্ৰতিফলিত কৰে আৰু এই কথাও স্পষ্ট কৰে যে ক্ৰিকেটৰ প্ৰতি আগ্ৰহ আৰু অনুৰাগ
থকা সকলো লিংগৰ ব্যক্তিৰ বাবে ক্ৰিকেট আম্পায়াৰিং এক সম্ভাৱনাময় আৰু পুৰস্কাৰমূলক সন্মানজনক পেছা৷
তলত ভাৰতত ক্ৰিকেট আম্পায়াৰ হোৱাৰ বাবে প্ৰয়োজনীয়
ধাপসমূহ আৰু সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে৷
১৷
ক্ৰিকেটৰ নিয়ম-কানুন শিকা : ক্ৰিকেট আম্পায়াৰ হোৱাৰ প্ৰথম পদক্ষেপ হৈছে ক্ৰিকেটৰ
নিয়ম-কানুন ভালদৰে অধ্যয়ন কৰা৷ এজন আম্পায়াৰে খেলখনৰ সকলো নিয়ম, যেনে-এল বি ডব্লিউ
, ন’বল, ৱাইড বল, ডেড বল, পাওৱাৰপ্লে নিয়ম, খেলুৱৈৰ আচৰণবিধি আদি সম্পৰ্কে সুস্পষ্ট
জ্ঞান থকাটো অতি প্ৰয়োজনীয়৷ নিয়মিতভাৱে ক্ৰিকেট মেচ চোৱা, অভিজ্ঞ আম্পায়াৰসকলৰ
সংকেত আৰু সিদ্ধান্ত গ্ৰহণৰ ধৰণ পৰ্যবেক্ষণ কৰা, আৰু মেচৰ বিভিন্ন পৰিস্থিতি বুজিবলৈ
চেষ্টা কৰাটোও উপকাৰী৷ ক্ৰিকেটৰ আনুষ্ঠানিক নিয়মসমূহ মেৰিলেবন ক্ৰিকেট ক্লাবে (এমচিচি)
প্ৰকাশ কৰে, সেয়েহে এই নিয়মসমূহ অধ্যয়ন কৰাটো এজন সফল আম্পায়াৰ হোৱাৰ মূল ভেটি৷
২৷ ৰাজ্যিক ক্ৰিকেট সন্থাত নামভৰ্তি কৰা
: ক্ৰিকেটৰ নিয়ম-কানুনৰ মৌলিক জ্ঞান আহৰণ কৰাৰ পিছত আগ্ৰহী প্ৰাৰ্থীসকলে নিজৰ ৰাজ্যৰ
ক্ৰিকেট সন্থাত নামভৰ্তি কৰিব লাগে৷ ভাৰতৰ প্ৰতিখন ৰাজ্যতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ
ব’ৰ্ড (বিচিচিআই )ৰ সৈতে সংযুক্ত ৰাজ্যিক ক্ৰিকেট সন্থা আছে (যেনে- অসমৰ ক্ষেত্ৰত অসম
ক্ৰিকেট সন্থা,এ চি এ), যিয়ে সময়ে সময়ে নতুন আম্পায়াৰৰ বাবে প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ
প্ৰদানৰ কাৰ্যসূচী আয়োজন কৰে৷ নামভৰ্তিৰ সময়ত শিক্ষাগত অৰ্হতা, বয়স আৰু অন্যান্য
প্ৰয়োজনীয় নথি-পত্ৰ জমা দিব লাগিব পাৰে৷ ৰাজ্যিক ক্ৰিকেট সন্থাত নামভৰ্তি কৰাটো ক্ৰিকেট
আম্পায়াৰ হিচাপে আনুষ্ঠানিকভাৱে কেৰিয়াৰ আৰম্ভ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷
৩৷ আম্পায়াৰ প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ কাৰ্যসূচীত
অংশগ্ৰহণ কৰা : ৰাজ্যিক ক্ৰিকেট সন্থাত নামভৰ্তি কৰাৰ পিছত প্ৰাৰ্থীসকলে আম্পায়াৰ
প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে৷ এই প্ৰশিক্ষণসমূহত ক্ৰিকেটৰ
নিয়ম-কানুন, মেচ পৰিচালনা, আম্পায়াৰৰ দায়িত্ব, সঠিক সংকেত প্ৰদানৰ পদ্ধতি, সিদ্ধান্ত
গ্ৰহণৰ কৌশল আৰু খেলৰ বিভিন্ন পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে বিস্তৃতভাৱে
শিক্ষা দিয়া হয়৷ ইয়াৰ উপৰিও ব্যৱহাৰিক অধিৱেশন আৰু মক-মেচৰ জৰিয়তে প্ৰাৰ্থীসকলে
বাস্তৱ অভিজ্ঞতা লাভ কৰে৷ এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে এজন আগ্ৰহী প্ৰাৰ্থীক দক্ষ আৰু
পেছাদাৰী ক্ৰিকেট আম্পায়াৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷
৪৷ ৰাজ্যিক আম্পায়াৰ প্ৰমাণপত্ৰ পৰীক্ষাত
উত্তীৰ্ণ হোৱা : আম্পায়াৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰাৰ্থীসকলে নিজ নিজ ৰাজ্যিক
ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা আম্পায়াৰ প্ৰমাণপত্ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব৷ এই
পৰীক্ষাত সাধাৰণতে লিখিত, ব্যৱহাৰিক আৰু মৌখিক
মূল্যায়ন অন্তৰ্ভুক্ত থাকে, য’ত মেৰিলেবন ক্ৰিকেট ক্লাবে (এমচিচি)ৰ ক্ৰিকেট
আইন আৰু বিভিন্ন মেচ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থীৰ জ্ঞান আৰু সিদ্ধান্ত গ্ৰহণৰ
দক্ষতা পৰীক্ষা কৰা হয়৷ পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক জিলা বা ৰাজ্যিক
পৰ্যায়ৰ আম্পায়াৰ পেনেলত অন্তৰ্ভুক্ত কৰা হয়, যাৰ ফলত তেওঁলোকে আনুষ্ঠানিকভাৱে ক্ৰিকেট
মেচ পৰিচালনা কৰাৰ সুযোগ লাভ কৰে৷
৫৷ মেচ পৰিচালনাৰ অভিজ্ঞতা লাভ কৰা :ৰাজ্যিক
আম্পায়াৰ প্ৰমাণপত্ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত প্ৰাৰ্থীসকলে বিভিন্ন স্থানীয়,
স্কুল, ক্লাব, জিলা আৰু বয়সভিত্তিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰ হিচাপে দায়িত্ব
পালন কৰি ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব লাগে৷ এই পৰ্যায়ত তেওঁলোকে খেলৰ বিভিন্ন পৰিস্থিতিত
সঠিক সিদ্ধান্ত গ্ৰহণ, খেলুৱৈ আৰু কৰ্মকর্তাসকলৰ সৈতে পেছাদাৰীভাৱে যোগাযোগ স্থাপন,
মেচ পৰিচালনা আৰু চাপৰ মাজত নিৰপেক্ষভাৱে কাম কৰাৰ দক্ষতা বিকশিত কৰে৷ অধিক মেচ পৰিচালনাৰ
অভিজ্ঞতাই এজন আম্পায়াৰৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে ভৱিষ্যতে উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত
দায়িত্ব লাভ কৰাৰ পথ সুগম কৰে৷
৬৷ বিচিচিআই লেভেল -১ পৰীক্ষাত উত্তীৰ্ণ হোৱা : ৰাজ্যিক পৰ্যায়ত
পৰ্যাপ্ত অভিজ্ঞতা আৰু সন্তোষজনক প্ৰদৰ্শন লাভ কৰাৰ পিছত আম্পায়াৰসকলে বিচিচিআই লেভেল -১ আম্পায়াৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ
লাভ কৰিব পাৰে৷ সাধাৰণতে ৰাজ্যিক ক্ৰিকেট সন্থাই দক্ষ আৰু সম্ভাৱনাময় আম্পায়াৰসকলক
এই পৰীক্ষাৰ বাবে মনোনীত কৰে৷ এই পৰীক্ষাত ক্ৰিকেটৰ আইন, মেচ পৰিচালনা, সিদ্ধান্ত গ্ৰহণৰ
ক্ষমতা আৰু আম্পায়াৰিংৰ ব্যৱহাৰিক জ্ঞান মূল্যায়ন কৰা হয়৷ বিচিচিআই লেভেল -১ পৰীক্ষাত সফলতা লাভ কৰাটো এজন আম্পায়াৰৰ
বাবে ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়ি যোৱাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ, কিয়নো ইয়াৰ জৰিয়তে
উচ্চস্তৰৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত দায়িত্ব পালন কৰাৰ পথ মুকলি হয়৷
৭৷বিচিচিআই - লেভেল ২ পৰীক্ষাত উত্তীৰ্ণ হোৱা
: বিচিচিআই লেভেল -১ পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ
হোৱাৰ পিছত আৰু অধিক মেচ পৰিচালনাৰ অভিজ্ঞতা সংগ্ৰহ কৰাৰ পাছত আম্পায়াৰসকলে বিচিচিআই লেভেল - ২
আম্পায়াৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰে৷ এই পৰীক্ষাত ক্ৰিকেটৰ আইনসমূহৰ
গভীৰ জ্ঞান, জটিল মেচ পৰিস্থিতিত সিদ্ধান্ত গ্ৰহণৰ দক্ষতা, খেল পৰিচালনাৰ ক্ষমতা আৰু
পেছাদাৰী মানদণ্ড মূল্যায়ন কৰা হয়৷ লেভেল - ২
পৰীক্ষাত উত্তীৰ্ণ হ’লে আম্পায়াৰসকলক বিচিচিআইৰ পেনেলত অন্তৰ্ভুক্ত কৰা হয়
আৰু তেওঁলোকে ৰঞ্জি ট্ৰফী দৰে দেশৰ শীৰ্ষ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাসমূহত আম্পায়াৰ
হিচাপে দায়িত্ব পালন কৰাৰ সুযোগ লাভ কৰে৷ এই স্তৰটোক এজন আম্পায়াৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ত
প্ৰতিষ্ঠা লাভৰ অন্যতম গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি গণ্য কৰা হয়৷
৮৷ উচ্চ পৰ্যায়ৰ ঘৰুৱা আৰু আইপিএল মেচলৈ
আগবাঢ়া : বিচিচিআইৰ বিভিন্ন ঘৰুৱা প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে উৎকৃষ্ট প্ৰদৰ্শন কৰা
আম্পায়াৰসকলে ক্ৰমে দেশৰ উচ্চ পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাসমূহত দায়িত্ব পালন কৰাৰ
সুযোগ লাভ কৰে৷ তেওঁলোকৰ নিয়মৰ জ্ঞান, সিদ্ধান্ত গ্ৰহণৰ নিপুণতা, মেচ পৰিচালনাৰ দক্ষতা
আৰু পেছাদাৰী মনোভাৱৰ ভিত্তিত বিচিচিআয়ে নিয়মিতভাৱে মূল্যায়ন কৰে৷ এই মূল্যায়নত
সফল হোৱা আম্পায়াৰসকলক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ৰ দৰে বিশ্বৰ অন্যতম জনপ্ৰিয়
আৰু প্ৰতিযোগিতামূলক টি-২০ প্ৰতিযোগিতাত আম্পায়াৰ হিচাপে নিযুক্তি দিয়া হয়৷ আইপিএলত
দায়িত্ব পালন কৰাটো এজন আম্পায়াৰৰ কেৰিয়াৰৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি, কিয়নো
ইয়াৰ জৰিয়তে তেওঁলোকে উচ্চমানৰ খেলুৱৈ, আধুনিক প্ৰযুক্তি আৰু অধিক চাপযুক্ত মেচ পৰিস্থিতিৰ
মাজত কাম কৰাৰ মূল্যৱান অভিজ্ঞতা লাভ কৰে৷
৯৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হোৱা
: ঘৰুৱা আৰু আইপিএল পৰ্যায়ত ধাৰাবাহিকভাৱে
উৎকৃষ্ট প্ৰদৰ্শন কৰা আম্পায়াৰসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হোৱাৰ সুযোগ
সৃষ্টি হয়৷ বিচিচিআয়ে তেওঁলোকৰ দক্ষতা, নিৰপেক্ষতা, নিয়মৰ গভীৰ জ্ঞান আৰু মেচ পৰিচালনাৰ
মানদণ্ডৰ ভিত্তিত মূল্যায়ন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি)ৰ বিভিন্ন
আম্পায়াৰ পেনেলৰ বাবে মনোনীত কৰিব পাৰে৷ আই চি চিৰ পেনেলত অন্তৰ্ভুক্ত হোৱাৰ পিছত
আম্পায়াৰসকলে আন্তঃৰাষ্ট্ৰীয় টেষ্ট, এদিনীয়া (ওডিআই ) আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয়
মেচত দায়িত্ব পালন কৰাৰ সুযোগ লাভ কৰে৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ পৰ্যায়ত আম্পায়াৰিং
কৰাটো এজন আম্পায়াৰৰ কেৰিয়াৰৰ সৰ্বোচ্চ সাফল্যসমূহৰ অন্যতম, যিয়ে তেওঁলোকক বিশ্বজুৰি
স্বীকৃতি আৰু সন্মান কঢ়িয়াই আনে৷
ক্ৰিকেট আম্পায়াৰিং হৈছে ক্ৰিকেটক ভালপোৱা
আৰু খেলুৱৈ হিচাপে নহয়, খেলখনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে অৱদান আগবঢ়াব বিচৰা ব্যক্তিসকলৰ
বাবে এক ৰোমাঞ্চকৰ আৰু সন্মানজনক পেছা৷ এই ক্ষেত্ৰত সফল হ’বলৈ ক্ৰিকেটৰ নিয়ম-কানুনৰ
গভীৰ জ্ঞান, তীক্ষ্ণ পৰ্যবেক্ষণ ক্ষমতা, আত্মবিশ্বাস আৰু নিৰন্তৰ শিকাৰ মানসিকতা অতি
প্ৰয়োজনীয়৷ স্থানীয় পৰ্যায়ৰ মেচৰ পৰা আৰম্ভ কৰি নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু অভিজ্ঞতাৰ
জৰিয়তে এজন আম্পায়াৰে ক্ৰমে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈও
আগবাঢ়িব পাৰে৷ ক্ৰিকেটপ্ৰেমী দেশ ভাৰতত প্ৰশিক্ষিত
আম্পায়াৰৰ চাহিদা আৰু সুযোগ দিনক দিনে বৃদ্ধি পাইছে৷ উপযুক্ত প্ৰশিক্ষণ, ধৈৰ্য, অধ্যৱসায়
আৰু পেছাদাৰী প্ৰতিশ্ৰুতিৰ জৰিয়তে আগ্ৰহী ব্যক্তিসকলে ক্ৰিকেট জগতৰ এক অবিচ্ছেদ্য
অংশ হৈ উঠিব পাৰে আৰু এই গতিশীল ক্ষেত্ৰখনত এক সফল আৰু সন্তোষজনক কেৰিয়াৰ গঢ়ি তুলিব
পাৰে৷
ড০ বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম
ডন বস্ক’ বিশ্ববিদ্যালয়
আজাৰা,গুৱাহাটী- ৭৮১০১৭ , অসম ৷
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র.: কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো
আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত
যোগাযোগ কৰিব পাৰে ৷
