অন্যযুগ/


ভাৰতীয় সেনা (Indian Army)-ত কেনেকৈ যোগদান কৰিব পাৰি?

 ° বুলজিৎ বুঢ়াগোহাঁই

ভাৰতীয় সেনা (Indian Army)-ত যোগদান কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা আছে। এটা  ব্যৱস্থা হ কেন্দ্রীয় লোকসেৱা আয়োগ (UPSC)-এ পৰিচালনা কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা’ (Combined Defence Services Examination) এই পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয়। অবিবাহিত প্রাৰ্থীহে পৰীক্ষাত অৱতীৰ্ণ ব পাৰে। Indian Military Academy (IMA)-ত ভৰ্তিৰ বাবে প্রাৰ্থীৰ বয়স ১৯ বছৰ পৰা ২৪ বছৰৰ ভিতৰত হব লাগে আৰু  Officers’ Training Academy-ত ভৰ্তিৰ বাবে প্রাৰ্থীৰ বয়স ১৯ বছৰ পৰা ২৫ বছৰৰ ভিতৰত হব লাগে। Indian Military Academy আৰু Officers’ Training Academy-ত ভৰ্তিৰ বাবে প্রাৰ্থীজন স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হব লাগে। স্নাতক চূড়ান্ত পৰীক্ষা দিয়াসকলেও আৱে‍দন কৰিব পাৰে। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে SSB (Service Selection Board) সাক্ষাৎকাৰ দিব লাগে। Medically fit আৰু CDS মেধাৰ তালিকাত নাম থকাসকলে Indian Military Academy-ত ১৮ মাহৰ প্রশিক্ষণ গ্রহণ কৰিব লাগে Permanent Commission Officer-ৰ বাবে আৰু Officers’ Training Academy-ত ১১ মাহৰ বাবে প্রশিক্ষণ গ্রহণ কৰিব লাগে Short Service Commission Officer-ৰ বাবে। অবিবাহিত মহিলা প্রাৰ্থীয়ে কেৱল Short Service Commission Officer ব পাৰে। ইয়াৰ সময় ১০বছৰ আৰু চৰ্তসাপেক্ষে ১৪ বছৰৰ বাবে হব পাৰে।

কেন্দ্রীয় লোকসেৱা আয়োগে পৰিচালনা কৰা আন এটা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা হ ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা (National Defence Academy & Naval Academy Examination) এই পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয়। অবিবাহিত  পুৰুষ প্রাৰ্থীহে পৰীক্ষাত অৱতীৰ্ণ ব পাৰে আৰু প্রাৰ্থীৰ বয়স ১৬ বছৰ ৬ মাহৰ পৰা ১৯ বছৰৰ ভিতৰত হব লাগে। পৰীক্ষাত অৱতীৰ্ণ বৰ বাবে শিক্ষাগত অৰ্হতা হল প্রাৰ্থী যিকোনো শাখাত দ্বাদশ শ্রেণীত উত্তীৰ্ণ হব লাগে বা দ্বাদশ শ্রেণীৰ পৰীক্ষা দিয়াসকলেও আৱেদন কৰিব পাৰে। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে ৫ দিনীয়া SSB (Service Selection Board) সাক্ষাৎকাৰ দিব লাগে। Medically fit আৰু NDA মেধা তালিকাত নাম থকাসকলক  প্রশিক্ষণৰ বাবে প্রেৰণ কৰে আৰু প্রশিক্ষণৰ পাছত চাকৰিত যোগদান কৰিব পাৰে।  National Defence Academy-ত ৩ বছৰৰ আৰু Indian Military Academy-ত ১ বছৰৰ বাবে প্রশিক্ষণ গ্রহণ কৰিব লাগে।

কেন্দ্রীয় লোকসেৱা আয়োগে পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাবোৰ অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ https://www.upsconline.nic.in

কেন্দ্রীয় লোকসেৱা আয়োগৰ যোগেদি যোগদান কৰাৰ বাহিৰেও সামৰিক বাহিনীত যোগদান কৰিব পৰা ব্যৱস্থাবোৰ হ

University Entry Scheme (UES): Engineering স্নাতকৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে কাৰিকৰী শাখাৰ বাবে আৱেদন কৰিব পাৰে। এই পৰীক্ষাত অবিবাহিত  পুৰুষ প্রাৰ্থীহে অৱতীৰ্ণ ব পাৰে আৰু প্রাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হব লাগে। যোগ্য প্রাৰ্থীক Campus Interview-ৰ যোগেদি বাছনি কৰে আৰু SSB  সাক্ষাৎকাৰ আৰু Medically fit লে এবছৰ আৰু Indian Military Academy-ত প্রশিক্ষণৰ অন্তত Permanent Commission Officer পদত নিযুক্তি দিয়ে।

Technical Graduate Course (TGC): Engineering-ৰ বিভিন্ন বিভাগৰ স্নাতক অবিবাহিত  পুৰুষ প্রাৰ্থীসকলে Permanent Commission-ৰ বাবে আৱেদন কৰিব পাৰে। SSB  সাক্ষাৎকাৰ আৰু Medical Test-ত উত্তীৰ্ণ হলে এবছৰ প্রশিক্ষণ গ্রহণ কৰিব লাগে  আৰু পাছত নিযুক্তি দিয়ে।

Short Service Commission (Technical) পুৰুষ: Short Service Commission-ৰ কাৰিকৰী শাখাৰ বাবে যোগ্য প্রাৰ্থীসকলে পাৰে। SSB সাক্ষাৎকাৰ আৰু Medical Test-ত উত্তীৰ্ণ হলে ৪৯ সপ্তাহ প্রশিক্ষণ গ্রহণ কৰিব লাগিব।

10+2 Technical Entry Scheme (TES) : দ্বাদশ শ্রেণীত ন্যূনন্তম ৭০ শতাংশ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতত গড় হিচাপত পাব লাগিব। SSB  সাক্ষাৎকাৰ আৰু Medical Test-ত উত্তীৰ্ণ হলে প্রশিক্ষণ গ্রহণ কৰিব লাগিব আৰু তাৰ পাছত ৩ বছৰীয়া Engineering-ৰ ডিপ্লমা পাঠ্যক্রম গ্রহণ কৰিব লাগিব। তাৰ পাছত এবছৰ প্রশিক্ষণ গ্রহণ কৰিব লাগিব আৰু শেষত বিভাগত যোগদান কৰিব পাৰিব।

Short Service Commission (Women): কাৰিকৰী (Technical) আৰু অ-কাৰিকৰী (Non-Technical)-ৰ পদত নিযুক্তিৰ বাবে SSB  সাক্ষাৎকাৰ আৰু Medical Test কৰা হয়।

NCC (Special Entry Scheme) : স্নাতক ডিগ্রীধাৰী আৰু NCC  C- Certificate থকাসকলে Short Service Commission-ৰ বাবে আৱেদন কৰিব পাৰে। প্রাৰ্থীৰ বয়স ১৯ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হব লাগে। SSB  সাক্ষাৎকাৰ আৰু Medical Test-ৰ যোগেদি বাছনি কৰে।

Judge Advocate General Entry:

আইনৰ স্নাতকত নিম্নতম ৫৫ শতাংশ নম্বৰ লাভ কৰাসকলে আৱেদন কৰিব পাৰে। প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ২৭ বছৰৰ ভিতৰত হব লাগে। যোগ্য প্রাৰ্থীয়ে SSB সাক্ষাৎকাৰ আৰু Medical Test-ত উত্তীৰ্ণ হব লাগিব তাৰ পাছত Short Service Commission-ত নিযুক্তি লাভ কৰিব। যোগ্য প্রাৰ্থীয়ে Permanent Commission-ৰ বাবে আৱে‍দন কৰিব পাৰে।

নিয়োগ মেলা (Recruitment Rally): Junior Commissioned Officers আৰু অন্য পদৱী  বাবে নিযুক্তিৰ বাবে নিয়োগ মেলা আয়োজন কৰে।

Soldier (General Duty): এই পদৰ বাবে শিক্ষাগত অৰ্হতা হল প্রাৰ্থীসকল দশম শ্রেণী উত্তীৰ্ণ হব লাগে আৰু প্রাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২১ বছৰৰ ভিতৰত হব লাগে।

Soldier (Technical): এই পদৰ বাবে শিক্ষাগত অৰ্হতা হল প্রাৰ্থীসকল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়সহ  দ্বাদশ শ্রেণী   উত্তীৰ্ণ হব লাগে  আৰু প্রাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২৩ বছৰৰ ভিতৰত হব লাগে।

Soldier (Clerk/Store Keeper): এই পদৰ বাবে শিক্ষাগত অৰ্হতা হল প্রাৰ্থীসকল প্রাৰ্থী যিকোনো শাখাত দ্বাদশ শ্রেণীত উত্তীৰ্ণ হব লাগে আৰু প্রাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২৩ বছৰৰ ভিতৰত হব লাগে।

Soldier Tradesman: এই পদৰ বাবে শিক্ষাগত অৰ্হতা হ দশম শ্রেণী উত্তীৰ্ণ আৰু ITI-ৰ বি‍ভিন্ন বিভিন্ন ট্রেডত উত্তীৰ্ণ ব লাগে আৰু অষ্টম শ্রেণী উত্তীৰ্ণ হব লাগে কিছুমান ট্রেডৰ বাবে। এই পদবোৰৰ বাবে প্রাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২৩ বছৰৰ ভিতৰত হব লাগে।

Soldier Nursing Assistant আৰু Soldier Nursing Assistant (Veterinary): এই পদবোৰৰ বাবে শিক্ষাগত অৰ্হতা হল প্রাৰ্থীসকল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু ইংৰাজী বিষয়সহ দ্বাদশ শ্রেণী উত্তীৰ্ণ হব লাগে আৰু প্রাৰ্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ২৩ বছৰৰ ভিতৰত হব লাগে।

Havilder Education: ইয়াত দুটা শাখা আছে। এটা শাখাৰ বাবে শিক্ষাগত অৰ্হতা হল প্রাৰ্থীসকল MA/MSc/MCA ডিগ্রীধাৰী বা BA/BSc/BCA/BSc(IT) ডিগ্রীধাৰী হব লাগে B.Ed ডিগ্রীসহ। আন এটাৰ শাখাৰ বাবে শিক্ষাগত অৰ্হতা হল প্রাৰ্থীসকল  বা BA/BSc/BCA/BSc(IT) ডিগ্রীধাৰী হব লাগে B.Ed ডিগ্রীসহ। প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হব লাগে।

Catering JCO (Junior Commissioned Officer): এই পদবোৰৰ বাবে শিক্ষাগত অৰ্হতা হল প্রাৰ্থীসকল যিকোনো শাখাত দ্বাদশ শ্রেণীত উত্তীৰ্ণ হব লাগে আৰু ‘Hotel Management and Catering Technology’-ত ডিপ্লমা থাকিব লাগে। প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ২৭ বছৰৰ ভিতৰত হব লাগে।

Junior Commissioned Officers আৰু অন্য পদৱী  বাবে নিয়োগ মেলাত ১.৬ কিল’মিটাৰ দৌৰিব লাগে। নথিপত্র পৰীক্ষা, শাৰীৰিক সক্ষমতা পৰীক্ষা, শৰীৰৰ জোখ-মাখ আৰু স্বাৰ্স্থ্য পৰীক্ষাকে‍ আদি কৰি‍ যোগ্য প্রাৰ্থীৰ বাবে এটা লিখিত পৰীক্ষা অনুষ্ঠিত হয়। শেষত বাছনি কৰা প্রাৰ্থীসকল প্রশিক্ষণৰ বাবে প্রেৰণ কৰে। এই পদসমূহত নিযুক্তিৰ বাবে অনলাইন যোগেদি আৱেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হhttps://joinindianarmy.nic.in/

ভাৰতীয় সেনা (Indian Army)-ৰ বিভিন্ন পদৱীত নিযুক্তি লাভ কৰিবৰ বাবে প্রাৰ্থীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰি পুৰণি প্রশ্নকাকতসমূহ কম আৰু ৰ্নিদ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হব। প্রাৰ্থীসকলে ইণ্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰি  বিভিন্ন পদৱীত নিযুক্তি লভাসকলৰ পৰা দিহা-পৰামৰ্শ গ্রহণ কৰিলেও উপকৃত হ

 ভাৰতীয় সেনা (Indian Army)-ৰ বিভিন্ন পদৱীত নিযুক্তিৰ বাবে আয়োজন কৰা লিখিত পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণতে সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয়। সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ (Current Affairs) সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয়, ইয়াৰ বাবে ছাত্র-ছাত্রীসকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্যপুথি আৰু এই সকলো বিষয়ৰ আনুষংগিক প্রসংগপুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে তদুপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability), বিচাৰ-বুদ্ধিৰ ক্ষমতা (Reasoning) আদি বিষয়সমূহৰ অনুশীলনো স্কুলীয়া দিনৰ পৰাই আৰম্ভ কৰাটো   দৰকাৰ।

প্রাৰ্থীসকলে দীঘলীয়া সময়ৰ প্রস্তুতিৰ লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি ভাৰতীয় সেনা (Indian Army)-ৰ বিভিন্ন পদৱীত নিযুক্তিৰ বাবে আয়োজন কৰা    পৰীক্ষাৰ বাবে প্রস্তুতি চলালে আমাৰ ৰাজ্যৰ পৰাও পৰীক্ষাত উত্তীৰ্ণ হোৱা প্রাৰ্থীৰ সংখ্যা বৃদ্ধি হব বুলি আশা কৰিব পাৰি। 

° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

সহকাৰী অধ্যাপক,যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ