অন্যযুগ/


বুৰবুৰণি

 জোনমণি দাস

 

তোৰ বাবেনেগুৰীয়া শামুকৰ খোলাত

ঢৌবোৰ সামৰি সাগৰখন শুই থকা নাই।

লতা বগোৱাদি বগাই ফুৰা ৰাতিবোৰ ৰৈ থকা নাই

খালী গিলাচত বাকি লোৱা

বটলৰ ৰঙাখিনিত।

 

বুৰবুৰণিতোৰ বাবে মোক মাতষাৰ দি

এইমাত্ৰ গুচি গৈছে হেমন্ত ...

গোলাপ গছত এৰি গৈছে ৰঙা ৰুমাল এখন।

 

সাধুকথাৰ সপোন আৰু সাঁচিপাতৰ আখৰবোৰৰ কাৰণে

এইবেলি এই চহৰলৈ হেনো বসন্ত নাহে।

গছত গুগুনি তুলিবলৈ আঁচলৰ আখৈ সিঁচি

নিজৰাপাৰলৈ নামি নাহে আকাশ।

 

মোৰ ফুলনিৰ ফুল

মৃত্যুক মই কি সতে উপহাৰ দিম?

বৈ যোৱা নৈত ৰৈ যোৱা সৰু সৰু ঢৌবোৰৰ বাবে

তোৰ বুকুখন বহলাই থবিবুৰবুৰণি

 

তই লিখা সোণালী আখৰ মচি মচি মই ওলাই আহিম

চুৰটৰ ধোৱাঁবোৰ ঢৌ হৈ উৰিব

দূৰৈত,

নিজৰাটোত হেৰাই যাব

শিলবোৰৰ মাত।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ