অন্যযুগ/


বচা বকুল

ৰমানন্দন বৰা


(ছয়)

 

মানুহ অভ্যাসৰ অধীন হৈ নাথাকিলে নচলিব৷ সলনি হ’ব লাগিব৷ মানুহৰ অভ্যাস কি? খোৱা-শোৱা আৰু তাৰ মাজত কাম কৰা৷ কিন্তু কি কাম কৰিব? অভ্যাসগত কাম নে নতুন কাম? অভ্যাসৰ পৰিৱৰ্তন মানেই ব্যক্তিৰ পৰিৱৰ্তন, তাৰ যোগেদি সমাজৰ পৰিৱৰ্তন৷ কিন্তু এই পৰিৱৰ্তন কেনেকৈ কৰিব পাৰি? মেকুৰীৰ ডিঙিত কোনে টিলিঙা আঁৰিব? এটা নতুন সপোন দেখুৱাই কাম নোহোৱা মানুহবোৰক পৰশুৱে এটা কামত লগাইছিল৷ মানুহৰ শৰীৰ আৰু মনৰ অসীম শক্তিক অযথা নষ্ট হ’বলৈ নিদি সৎ ব্যৱহাৰৰ বাবে উপায় এটা উলিয়াইছিল৷ কিন্তু চৰকাৰী ধনৰ মোহত মানুহবোৰৰ মনত আগৰ সোৰোপালি সাৰ উঠিল৷ সেউজীয়া কৃষি পাম জীয়াই ৰাখিবলৈ কষ্ট কৰিব লগীয়া হৈছে৷ কাম কোনেও নকৰে৷ অথচ হাতে হাতে নগদ টকা৷ গোটবোৰ এতিয়া একো একোটা সুৰু সৰু বেংক৷ সুদত টকা ধাৰে দি সেই সুদেৰে সিহঁত চলি আছে৷ বাৰ্ষিক এশ বিছ শতাংশ সুদৰ হাৰত ঋণ দিছে, লোৱায়ো লৈছে৷ সুদ আৰু মূলধন যথা সময়ত ঘূৰাই নিদিলে গোটৰ সদস্যকেইজন হৈ উঠে একো একোটা কাবুলী৷

এটা বৰ দুখৰ ঘটনা হেমন্তৰ মুখেৰে শুনি পৰশুৰ অন্তৰখন হাহাকাৰ কৰি উঠিল - ককিলাৰ খুৰশ্বিদ ছাৰ পাগল হ’ল৷ বৰ সহজ-সৰল, মানুহক ভালপোৱা, কোনো দিন কাৰো কথা বেয়াকৈ ভাবিব নোৱাৰা খুৰশ্বিদ ছাৰ৷ গাঁৱৰ কেৰামত আলিয়ে ছাৰক অনুনয় বিনয় কৰিলেহি তাৰ জীয়েকৰ নিকাহৰ কাৰণে আত্মসহায়ক গোটৰ পৰা পঞ্চাছ হাজাৰ টকা ধাৰলৈ ল’ব বিচাৰে৷ এজন মানুহে গা-খাই দিব লাগে৷ ছাৰে সেইকণ সহায় কৰিব লাগে৷ “তই সময় মতে টকা ঘূৰাব পাৰিবিতো? ”

“খোদাৰ কচম৷ ব্যৱসায়টো সৰু বাবেহে ইমান টকা এবাৰত গোটাবলৈ টান হৈছে৷ কিন্তু কিস্তিকৈ দিবলৈ একো দিগদাৰ নহ’ব৷ ”

কেৰামতৰ ঋণৰ গেৰাণ্টৰ খুৰশ্বিদ ছাৰ৷ তাতে শেষ নহ’ল - আমিনুৰ, বিপুল, মাইনা, বকুলকে আদি কৰি ছজনৰ ঋণৰ গেৰাণ্টৰ হ’ল ছাৰ৷ এটা শকত দৰমহা পায়ো সৰল জীৱন কটোৱা মানুহজনে নিজে মৰি হ’লেও আনক তাৰে৷ দুখীয়া মানুহৰ বাবে তেওঁৰ মেহেৰবানিৰ অন্ত নাই৷ সেইকাৰণে গোটেই ককিলা অঞ্চলত ছাৰৰ মান-আদৰ আনতকৈ বেলেগ৷ ছাৰে গাত লৈছে যেতিয়া খেলিমেলি নহয়৷ এইটো ধাৰণা সকলো ক্ষেত্ৰতে খাটে৷ সভাই-সমিতিয়ে হওক বা কাজিয়া পেছালৰ মীমাংসাই হওক বা ৰাজহুৱা কামৰ দায়িত্বই হওক৷ মানুহজন সকলোতে নিৰপেক্ষ আৰু নিৰহ-নিপানী৷ কিন্তু তেওঁৰ জীৱনৰ হিচাপত আউল লাগিল যেতিয়া ধৰুৱাহঁতে কিস্তি দিবলৈ পাহৰিবলৈ ধৰিলে৷ এমাহ, দুমাহকৈ ছমাহ কিস্তি নিদিয়া হ’লত গোটকেইটাই ছাৰক ধৰিলেহি বোলে আপুনি গাত লোৱাতহে আমি সিহঁতক ধাৰে দিছিলোঁ৷ এতিয়া সিহঁতৰ পৰা টকা আনি দিয়ক, নহ’লে আপুনি আমাৰ টকা দিয়ক৷ ”

ছাৰে এমাহ সময় ল’লে৷ এই এমাহত ছাৰে এই মানুহকেইটাৰ নোম-নেগুৰ একো বিচাৰি উলিয়াব নোৱাৰিলে৷ সময় পাৰ হোৱাৰ পাছ দিনাৰ পৰাই ৰাতিপুৱা-দুপৰীয়া-গধূলি গোটৰ মহিলাবোৰ আহি ছাৰৰ ঘৰত ৰৌজাল-বৌজাল কৰেহি৷ ছাৰৰ খোৱা-শোৱা, জিৰণি, কাম-কাজ চব বন্ধ হোৱাৰ দৰে হ’ল৷ শিক্ষকৰ চাকৰিৰ পেন্সন কেইটাৰে নিজে যেনেতেনে চলে৷ সৰু জীয়েক মফিদাক বিয়া দিবলৈ বাকী৷ এতিয়া কেনেকৈ তেওঁ আনৰ ধাৰ নিজৰ টকাৰে সূজে৷ মানুহজন কোঠাৰ পৰা নোলোৱা হ’ল৷ কথাৰ লাগ-বান্ধ নোহোৱা হ’ল৷ জলকা লগা দেহ-মন, ঘোলা চকুৰে মানুহজনক খুৰশ্বিদ আলম বুলি চিনিব নোৱাৰা হ’ল৷

গোটৰ মহিলাবিলাকে কয় এইটো তেওঁৰ ভেশচন৷ ধাৰৰ টকা সোনকালে ঘূৰাই নিদিলে পুলিচ লগাই জেললৈ নিয়াব বুলি মহিলাবিলাকে দৈনিক হুলস্থুল লগাবলৈ ধৰিলে৷ আগতে কোনো ৰাগ-জঞ্জাল নথকা পৰিয়ালটোত এতিয়া প্ৰতিটো মুহূৰ্ততে গোটৰ মহিলাৰ কথাৰ অত্যাচাৰ৷

অন্য কোনো উপায় নেদেখি দেউতাকৰ হৈ টকাখিনি ঘূৰাই দিবলৈ গাত লৈছে ডাঙৰ জীয়েক নাজমাই৷ তাই নাৰ্ছৰ চাকৰি কৰে৷

কথাবোৰ শুনি পৰশুৰ অন্তৰখন মোচৰ খাই পৰিল৷ আনক উপকাৰ কৰা, আনক বিশ্বাস কৰা খুৰশ্বিদ ছাৰৰ উদাৰ-বহল অন্তৰখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল, যাৰ ফলত হয়তো তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে৷ মানুহ কেনেকৈ ইমান নিৰ্দয় আৰু স্বাৰ্থপৰ হ’ব পাৰে৷ মানুহজনক ভাল কৰি তুলিব লাগিব৷ এনে এটা জীৱন অথলে যাবলৈ দিব নোৱাৰে৷

“হেমন্ত, নাজমাৰ ফোন নম্বৰটো মোক দিব পাৰিবিনে? ”

“ফেচবুকৰ পৰা উলিয়াই দিব লাগিব, ৰ’বি৷ ”

*      *      *

“আপোনালোকে গোটবিলাক বন্ধ কৰাওক দত্ত দা৷ পইচা দিয়া বন্ধ কৰিলে সেইবোৰ নিজে নিজে বন্ধ হ’ব৷ ”

“কিয়? কি হ’ল? আত্মসহায়ক গোটবোৰৰ যোগেদি গাঁৱৰ উপান্ত পুৰুষ-মহিলাই উপাৰ্জনৰ পথ বিচাৰি পাইছে৷ তোমালোকেইতো গঠন কৰি আছা৷ ”

“কাগজে-কলমে মানুহবোৰে কাম পাইছে৷ উপাৰ্জন কৰিছে৷ কিন্তু প্ৰকৃততে কোনেও একো কৰা নাই৷ যদি কৰিছে এশটাৰ ভিতৰত পাঁচটাই কৰিছে৷ বাকী পঞ্চানব্বৈটা গোটে এতিয়া মহাজনী ঢঙত ধন সুদ লৈ দি অজলা অভাৱী মানুহবোৰক ধাৰৰ ফান্দত পেলাইছে৷ ”

সত্যপ্ৰসাদ দত্তই পৰশুক বুজালে- আত্মসহায়ক গোট খোলাটো চৰকাৰৰ এটা পদক্ষেপ৷ বাংলাদেশৰ অৰ্থনীতিবিদ মহম্মদ ইউনুছে এনেকুৱা আত্মসহায়ক গোটৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ গোট খুলি মহিলাসকলক উৎপাদনক্ষম আৰু উপাৰ্জনক্ষম কৰি দেশখনৰ চেহেৰা সলনি কৰি দিছে৷ তাৰ বাবে তেওঁ নোবেল বঁটা পাইছে৷ আমাৰ চৰকাৰে তেওঁৰ আদৰ্শ গ্ৰহণ কৰিছে৷ বেংকবিলাকক এনে গোট খুলিবৰ বাবে একোটা টাৰ্গেট থিৰাং কৰি দিছে৷ গতিকে কোনো বেংকে এনে গোট নোখালাকৈ থাকিব নোৱাৰে৷ কোনোবা গোটে নিজে বেংকৰ ওচৰ চাপিলে, গোটটোক উপেক্ষা কৰিব নোৱাৰে৷ এনেকুৱা একাউণ্ট খুলিবলৈ দৰাচলতে বেংকবোৰো আগ্ৰহী নহয়৷ কিন্তু উপায় নাই৷

“গোটবিলাকে আঁচনি মতে কাম কৰিছেনে নাই, তাক পৰ্যবেক্ষণ কৰিহে বেংকে পৰৱৰ্তী ধন মুকলি কৰিব লাগে৷ সেইটো কৰা হয়নে? ”

“তেওঁলোকৰ কাৰ্যবিৱৰণী বহী, গোটৰ নিজা হিচাপ বহী চাই পৰৱৰ্তী পুঁজি দিয়া হয়৷ বেংকৰ লগত তেওঁলোকৰ লেনদেন ভাল৷ কিস্তি নিয়মীয়াকৈ দি আছে৷”

“বেমাৰ সেইখিনিতে৷ সকলো কাগজৰ যাদুত চলি আছে৷ কামত একো নাই৷ বেংকৰ কিস্তি কেনেকৈ আদায় দিছে জানেনে? বেংকৰ ধন গোটে আন কাৰোবাক ধাৰলৈ দিছে৷ শতকৰা মাহিলি সুদৰ হাৰ দহ৷ গতিকে সকলো ঠিকেই চলি আছে৷ বেংক চলিছে, চৰকাৰৰ আঁচনি চলিছে, আত্মসহায়ক গোট চলিছে৷ নাই মাথোঁন দেশৰ প্ৰগতি৷ হায় মহম্মদ ইউনুছ !!”

“একেবাৰে কাম কৰা নাই বুলিলে ভুল হ’ব৷ নগৰে-চহৰে হোৱা মেলাবোৰত আত্মসহায়ক গোটবিলাকে নিজৰ উৎপাদিত বস্তুৰে অংশ গ্ৰহণ কৰে৷ তেওঁলোকৰ আয় ভাল৷”

“ময়ো কোৱা নাই একো কাম নাই হোৱা বুলি৷ জিলাখনত কিমান হাজাৰ গোট আছে৷ বিছ হাজাৰ, বাইছ হাজাৰ? তাৰে কেইটা গোটে কাম কৰিছে, বিছটা বাইছটা৷ খুব বেছি ত্ৰিছটা৷ বিছ হাজাৰৰ দহ হাজাৰ গোটে আঁচনি মতে কাম কৰা হ’লেও আমাৰ গাঁওবিলাকৰ ছবিখন সলনি হ’লহেঁতেন৷ ”

পৰশুৰ কথা দত্তই অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু বেংকৰে বা ক্ষমতা কিমান৷ চৰকাৰী বিভাগৰ বিষয়াই যদি ভালদৰে পৰ্যবেক্ষণ নকৰে বেংকে কি কৰিব?

“চাওক দত্ত দা, গোটবোৰ খোলা হৈছে চৰকাৰী সাহায্য পাবৰ কাৰণে৷ চৰকাৰে দহজনীয়া গোটবোৰক ভোট বেংকৰ একক হিচাপে গণ্য কৰিছে৷ নিৰ্বাচনৰ আগে আগে লাখ লাখ গোটলৈ টকা আগবঢ়াই ভোট কিনিব বিচাৰে৷ গোটবোৰো চৰকাৰৰ হিতাধিকাৰীহে, উৎপাদনী একক নহয়৷”

পৰশুৱে জানে সত্য প্ৰসাদ দত্তৰ এনে কোনো ক্ষমতা নাই যে চৰকাৰ আৰু বেংকৰ ঊৰ্ধতন কতৃৰ্পক্ষৰ সিদ্ধান্তৰ বিপৰীতে কাম কৰিব পাৰিব বা এষাৰ মাত মাতিব পাৰিব৷ কিন্তু সি যিটো সিদ্ধান্ত লৈছে তাৰ দ্বাৰা দত্তৰ চাকৰিৰ কাম-কাজত আহুকাল হ’ব পাৰে৷ সেই কাৰণেই সি তেওঁৰ লগত এইখিনি কথা পাতিলে৷

“মই কিবা এটা কৰিম৷ আপুনি বেয়া নাপাব৷ ইয়াত আমাৰ ব্যক্তিগত আবেগ জড়িত নকৰিব, কথাবোৰ সামাজিক হিচাপে ল’ব৷ ”

পৰশু বেংকৰ পৰা ওলাই আহিছিল৷

*      *      *

 

(সাত) 

খুৰশ্বিদ ছাৰৰ জীয়েক নাজমাৰ সৈতে পৰশুৱে ফোনতে কথা পাতিলে৷ সি তাইক গোট কেইটাক টকা পৰিশোধ নকৰিবলৈ ক’লে৷ নাৰ্ছৰ দৰমহাৰ টকাৰে আনৰ ধাৰৰ টকা সূজিব? নিজৰ পৰিয়ালটো চলাই টান৷ তথাপি দেউতাকৰ বিপদটো নাজমাই নিজৰ গালৈ টনি লৈছে৷ এয়া তাইৰ দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধা আৰু দায়বদ্ধতা৷ কিন্তু এটা ভীষণ অন্যায়৷ সেই টকাবোৰ দেউতাকে নিজৰ বাবে লোৱা নাই৷ আনক লৈ দিছে, আনে উপভোগ কৰিছে৷ এতিয়া নিয়মৰ দোহাইত দেউতাকে টকাখিনি ভৰিব লাগে৷ তাকৰীয়া নহয়, ছয় লাখৰ বেছি টকা৷ তেওঁলোকৰ পৰিয়াল আত্মীয়-কুটুম্ব আটায়ে সাংঘাতিক আঘাত পাইছে৷ সৰলমনা মানুহজনৰ সৰলতাৰ সুযোগ লৈ তেওঁকে হত্যা কৰিবলৈ বিচৰা হৈছে৷ কিন্তু কোনে কি সহায় কৰিব পাৰে৷

“নাজমা, তুমি চিন্তা নকৰিবা৷ ছাৰৰ দৰে মানুহক এনে দশা কৰা মানুহখিনিৰ সৈতে কি কৰিব লাগে মই কৰিম৷ ”

পৰশুৰ বাবে এইটো এটা প্ৰত্যাহ্বান হৈ পৰিল৷ পামৰ কামৰ পৰাই তাৰ আহৰি নাই৷ তাৰ মাজতে সময় উলিয়াই সি ধাৰুৱা কেৰামত, আমিনুৰ, বিপুল, বকুল, মাইনা আৰু গণেশ্বৰক লগ কৰিলে৷ খুৰশ্বিদ ছাৰক এনেকৈ প্ৰতাৰণা কৰাৰ কাৰণে সি মানুহকেইটাক নথৈ ককৰ্থনা কৰিলে৷ ধৰুৱাৰ মাত যে সৰু হয় পৰশুৱে প্ৰত্যক্ষ প্ৰমাণ পালে৷ আটাইকেইটা মানুহক ঘৰ-ঘৰোৱাহৰ আগতে সি টান কথা কোৱা সত্তেও কাৰো মুখৰ পৰা সি টানকৈ এষাৰো নুশুনিলে৷ হয়তো এইটো ধৰুৱাবিলাকৰ এটা চাল৷ ধাৰ সুধিবলৈ অহা মালিকক ভালৰি লগাই, তেওঁ আঁতৰি যোৱাৰ লগে লগে ধাৰ নুসূজিবলৈ শপত লয়৷ নহ’লে এনেকুৱাও হ’ব পাৰে খুৰশ্বিদ ছাৰৰ দুৰ্দশা সিহঁতৰ বাবেই হ’ল বুলি অনুতপ্ত হৈছে৷ বুজিবলৈ উপায় নাই৷ পৰশুৱে একেবাৰে খাৰাংখাচ কৈ আহিছে -

“অহা এসপ্তাহৰ ভিতৰত গোটৰ ঋণ ঘূৰাই দিয়ক৷ নহ’লে কেনেকৈ টকা উলিয়াই নিব লাগে আমি জানো৷ ”

“আমি প্ৰথম দুই তিনিটা কিস্তিৰ ধন একে লগে দিওঁ৷ তাৰ পাছৰখিনি মাহে মাহে দি যাম৷ ”

“মই সেইবোৰ নাজানো৷ মই খুৰশ্বিদ ছাৰ নহয়৷ মই সময়ত খুৰ চলাব জানো৷ ”

পৰশুৰ ধমকিয়ে কামত দিলে৷ ধৰুৱাবৃন্দই দুমাহৰ ভিতৰত আধা ধন সূজিলে৷ তাৰ পাছতে আকৌ চুপ মাৰিলে৷ এইবাৰ সিহঁতক ধমক দি বৰ লাভ নহ’ব বুলি পৰশুৱে বুজিলে৷ শুকান জেওৰা চেপি থাকিলেও আৰু ৰস নোলায়৷ গতিকে সিহঁতক ঋণ দিয়া আত্মসহায়ক গোট কেইটাৰ সভাপতি-সম্পাদকক গাঁৱৰ যুৱ সংঘৰ ঘৰটোলৈ মাতিলে আলোচনাৰ কাৰণে৷ তেওঁলোকক এনেকৈ মাতি আনি আলোচনা কৰাৰ কতৃৰ্ত্ব পৰশুৰ আছে৷ কিয়নো বেংক আৰু আত্মসহায়ক গোটৰ সংযোগকাৰী সংস্থা সেউজীয়া পামৰ সম্পাদক হিচাপে সি গোটবোৰৰ হিচাপ পত্ৰ-পৰীক্ষণ কৰা দৰে কামো কৰিব পাৰে৷

মিলিজুলি, জিলিমিলি, সহযাত্ৰী - তিনিটা আত্মসহায়ক গোটৰ আটাইকেইগৰাকী মহিলাই খুৰশ্বিদ ছাৰৰ পৰা হোৱা বিপদৰ কথা বহলাই ক’লে৷ পৰশুৱে শুনিলে৷

“আপোনালোকে প্ৰায় আধা টকা ঘূৰাই পাইছে? ”

“কিন্তু বাকীখিনিৰ কি হ’ব? আমি কিস্তি দিব নোৱাৰিলে বেংকে আমাক আৰু ঋণ নিদিব৷ ”

“কিয়? আপোনালোকৰ গো-পালন আঁচনি, হাঁহ-কুকুৰা পালন আঁচনি, বয়ন শিল্প আঁচনিৰ পৰা পোৱা লাভৰ টকাৰে কিস্তি পৰিশোধ কৰিব৷ ”

কথাষাৰ কৈ সি মানুহকেইগৰাকীৰ মুখলৈ চালে৷ তাৰ কথাৰ সুৰ ভালেকইজনীয়ে বুজি নাপালে৷ যি কেইগৰাকীয়ে পালে, সিহঁতে কথাটো পছন্দ নকৰিলে৷ সম্পাদিকা এজনী টিমক৷ তাই উত্তৰ দিলে৷

“ছাৰ, সেইবোৰ লাভ-লোকচান আমাৰ কথা৷ আমি দিয়া টকা সম্পূৰ্ণ ঘূৰাই পাব লাগে৷”

“বাৰু বেংকৰ টকাবোৰ আপোনালোকক কিয় দিছিল? এনেয়ে নে কিবা কাম কৰিবলৈ? ”

তিৰোতাখিনি এইবাৰ মনে মনে ৰ’ল৷ পৰশুৱে সুযোগটো ল’লে৷ “সেইখিনি কাৰ টকা? বেংকৰ মেনেজাৰৰ বাপেকৰনে? নে মুখ্যমন্ত্ৰীৰ নিজৰ চন্দুকৰ? সেইবোৰ আমাৰ টকা, ৰাইজৰ টকা৷ ৰাইজৰ পৰা নিয়া টকা৷ অবাবত খৰচ কৰিব নোৱাৰিব৷”

“আমি অবাবত খৰচ কৰা নাই৷ বেংকত হিচাপ-পত্ৰ ঠিকেই দি আছোঁ৷ বেংকৰ দত্ত ছাৰে আমাক বিশ্বাস কৰে৷”

“সমস্যাটো তাতেই৷ কাগজৰ যাদু৷ কাগজত সকলো থাকে, বাস্তৱত একো নাই৷ আপোনালোকে কওক - এটা আঁচনিৰ অধীনত অনুমোদিত টকা কোনোবা বাহিৰা মানুহে ধাৰে দিব পাৰেনে? সুদৰ লোভত৷ আপোনালোকক বেংকে কাবুলী কৰিছে৷” সুৰটো অলপ টান হ’ল৷

“আপোনালোকৰ গোটবিলাকত এই পাঁচ বছৰত কমেও পাঁচ লাখ মানকৈ টকা সোমাল৷ কি উৎপাদনমুখী কাম কৰিলে কওকচোন৷ কি নীতিৰ ভিত্তিত আপোনালোকে এই মানুহকেইজনক ঋণ দিলে? কি যোগ্যতা আছিল তেওঁলোকৰ? এজন মানুহ কেইটা ঋণৰ গেৰাণ্টৰ হ’ব পাৰে? জানেনে? নাজানে৷ নজনা কাৰণেই এই পয়মাল৷ চৰকাৰৰ মুখলৈ ভিক্ষাৰ জোলোঙা লৈ ৰৈ থকা দিনবোৰ সলনি নহ’ল৷”

“আপোনালোকে যিমান ঘূৰাই পাইছে মানুহকেইটা আচলতে সিমান টকাহে ঋণ পাবৰ বাবে উপযুক্ত৷ তাতকৈ অধিক টকা দিয়াৰ সাধ্য সিহঁতৰ নাই৷ গতিকে আৰু টকা আশা নকৰিব৷”

“তেতিয়া হ’লে খুৰশ্বিদ আলমে ঘূৰাই দিব লাগে৷” মহিলাখিনি সমস্বৰে কেংকেঙাই উঠিল৷ পৰশুৱে বুজিলে সি কোদো বাহত জুই দিছে৷ লাগক, জুই নলগালে এই আলান্ধুবোৰ নোপোৰে৷

“খবৰদাৰ, খুৰশ্বিদ আলম ছাৰৰ নাম নলব৷ তেখেতক বা তেখেতৰ ঘৰৰ কাৰোবাক এই বিষয়ে কিবা ক’লে মই ৰৈ নাথাকোঁ৷ বেংকক আপোনালোকৰ স্বৰূপ জনাম, ডি.চি.ক জনাম আৰু কি কৰিব লাগে কৰিম৷ দৰকাৰ হ’লে আইনৰ কাষ চাপিম৷ তেতিয়া মিলিজুলি, জিলিমিলি আৰু সহযাত্ৰী আত্মসহায়ক গোটে বে-আইনীভাৱে ধনৰ লেনদেন কৰাটো প্ৰমাণ হ’ব৷ আপোনোলাকৰ জেইল হ’ব৷ ”

তিৰোতাখিনিয়ে নিজৰ মাজতে কাউলা-কাউলি কৰিবলৈ ধৰিলে৷ পৰশু তাৰ পৰা উঠি আহিল৷

সি এই অন্যায়ৰ প্ৰতিবাদ কৰিব৷ কাম নকৰা গোটবোৰ সি বন্ধ কৰাব৷ ধনৰ ক’লা ব্যৱসায় সি বন্ধ কৰাব৷

***

(আগলৈ)


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ