অন্যযুগ/


বছা বকুল

ৰমানন্দন বৰা

তিনি

বছা মোৰ নিজৰ গাঁও৷ ওপজা গাঁও৷ পলসুৱা মাটি বিচাৰি থাওকাল এদল মানুহে লুইতৰ দাঁতিৰ জাৰণি, হাবি ভাঙি পাতি লোৱা গাঁওখন আজিৰ পৰা ডেৰশ বছৰ পুৰণি৷

সময়ৰ হিচাপটো বৰ দৰকাৰী নহয়৷ কাৰণ গাঁওখনক সময়ৰ সোঁতে বৰকৈ সলনি কৰিব পৰা নাই৷ সেই পাতনিৰে পৰা মানুহখিনিয়ে যি বিচাৰি ইয়ালৈ আহিছিল আজিও সেইবোৰকে বিচাৰে - মাটি, ভেটি, খেতি৷

মাটিত সোণৰ সোলেং বিচৰা মানুহবোৰে হয়তো সময়ৰ গতি বুজি পোৱা নাছিল, নতুবা সময়ক প্ৰত্যাহ্বান জনায়ে ইয়ালৈ আহিছিল৷ ইয়াৰ পলসুৱা মাটিত জীৱনৰ মাদকতা বিচাৰিছিল৷ মানুহবোৰ বেলেগ বেলেগ ঠাইৰ পৰা আহিছিল৷ বেলেগ বেলেগ সময়ত আহিছিল৷ পূৰ্বৰ ঠাইৰ নামেৰে নিজৰ চুকটোৰ নাম দি লৈছিল - কৰঙা চুক, চৰাইবহীয়া, চাৰি গঞা, টীয়কীয়া, তিতাবৰীয়া৷

গাঁওখনৰ কাষেদিয়ে বৈ গৈছে ভোগদৈ৷ আহোম স্বৰ্গদেউৰ মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ভোগ দি বোৱাই অনা নৈ৷ বুকু বৰ বাম৷ সদায় ঘোলা পানী৷ পাহাৰৰ ৰঙা মাটিৰ মৰমখিনি ভৈয়ামৰ দুয়োপাৰে সিঁচি যোৱা নৈখনে কোনো বাধা মানিব নোখোজে৷ বছা গাঁৱৰ মানুহখিনিক লৈ ভোগদৈৰ আজলমথ ধেমালিৰ অন্ত নাই৷ কেনি পাতে, কেনি ভাঙে উৱাদিহ পোৱাই টান৷ তথাপি কাৰো একো আক্ষেপ নাই৷ ভোগদৈয়ে পাতেহেমানুহৰ মুখে মুখে৷ প্ৰতি বছৰে বানে দ মাটি পুতি বাম কৰে৷ ভোগদৈৰ পলসত খেতি লহপহকৈ বাঢ়ে৷ গোজ মাৰিলেই গছ-বন দাও দাওকৈ বাঢ়ি আহে৷ এনে মাটি আৰু কত পাবা? ভোগদৈৰ পলসনিৰ পৰা ব্ৰহ্মপুত্ৰৰ কঁহুৱা জাৰণিলৈকে বহুত মাটি আবাদী পৰি আছিল৷ যিয়ে যিমান পাৰিলে ভাঙিলে৷ মৌজাদাৰ আৰু লাট চাহাবৰ ওচৰলৈ গৈ নিজৰ নামত লিখোৱাই ললে৷ নিজৰ বাহুবলৰ ওপৰতে সকলো নিৰ্ভৰ কৰিলে৷ এহেজাৰ এক নম্বৰৰ টাটা কোম্পানীৰ কোৰ অকমাণ, দেহীহঁতৰ বাহুৰ জোৰত বুটী হল৷

মাটি ওলাল৷ অগাধ কাঠনি ভাঙি গাঁও পাতিলে, ন-ভাঙনি মাটিৰ গোন্ধে সকলোকে মতলীয়া কৰিলে, যেনেকৈ পাট গাভৰু পাহিতাৰ দেহাৰ গোন্ধে বাউল কৰিছিল বেণুক৷

চৰাইবহীয়া চুবুৰীৰ কলাই ধানে ধানে ইমানেই আতন্তিয়াৰ হৈ উঠিছিল যে তেওঁক আন মানুহে কলাই মহাজন বুলিয়েই মাতিবলৈ ল’লে৷ গাঁওখনৰ আনজন জন্মি মহাজনৰ লগত ফেৰ মাৰিব পৰা মানুহ কলাই মহাজন৷ কলাইৰ উদ্‌গতিৰ আঁৰত আছিল বেণু৷ সি তেওঁৰ দূৰ সম্বন্ধীয় মাহীয়েক নে জেঠায়েকৰ লৰা৷ পেটে-ভাতে খাই থাকিবলৈকে টান পৰিয়াল এটাৰ পৰা পেট এটা আঁতৰিলেও বহুত উশাহ পোৱা যায়৷ সেয়ে বেণু কলাই মহাজনৰ ঘৰত বনকৰা সোমালহি৷

বেণু প্ৰথম আহোঁতে কলাই মহাজন হোৱা নাই৷ তাৰ মনটোৱে পাখি মেলিবলৈ আৰম্ভ কৰিছিলহে মাথোন৷ কিন্তু এখন ডেউকাৰে উৰিব পাৰি জানো? লাই নিজে এখন ডেউকা৷ বাৰী পাতিব লাগে, নতুন মাটি ভাঙিব লাগে, নতুন মাটিত শইচ লগাব লাগে, ৰোৱা-তোলা কৰিব লাগে৷ আকৌ নতুন মাটি নিজৰ নামত লগাবলৈ লাট মণ্ডলৰ অফিচলৈ অহা-যোৱাখন আছেই৷ গতিকে স্বপ্নবিলাসী কলাই এখন ডেউকাৰে কেৱল ঢপ্‌ঢপাই থকাৰ দৰেহে হৈছিল৷ দূৰ সম্পৰ্কীয় লটা-পটা লৰা এটাক লগত পালে, যদি লৰাটো সৎ, কৰ্মী আৰু সাহসী হয় তেন্তে উৰিবলৈ বিচৰা কলাইৰ আনখন ডেউকা সিয়েই হোৱাটো স্বাভাৱিক৷ কলায়ে বেণুক লগত লৈ আনোতে নিজৰ ভাই বুলিয়েই আনিছিল৷ আনকো তেনেদৰেই কৈছিল৷

বেণু মো ভাই, মো সোঁহাত৷মানুহৰ আগত বেণুৰ বিষয়ে যেতিয়া মহাজনে এনেকৈ কয় তেতিয়া তাৰ বুকুখন গৰ্বত ফুলি উঠে৷ সি দুগুণ উৎসাহেৰে কামত ধৰে৷ এক কথাত মহাজনে তাক এটা সন্মান প্ৰদৰ্শন কৰে৷ কলায়ে আনবোৰ কাম কৰা মানুহক কৰা আচৰণ বেণুৰ লগত কেতিয়াও নকৰে, আমা বেণুবুলিহে কয়৷ তথাপি বেণুৱে সদায় এটা সীমা মানি চলে৷ বেণুক নিজৰ ভাই বুলিলেও কলাই মহাজন যে তাৰ মালিক সেই কথা সি কোনোদিনে পাহৰা নাছিল৷ অৱশ্যে সম্বোধনটো সদায় ককাইদেউআছিল৷ সোনকালেই সি মহাজনৰ খেতি-খোলাৰ মূল তদাৰকী মানুহটো হৈ পৰিছিল৷

এই বেণুকে মুহিলে পাহিতাৰ পাটগাভৰু চঞ্চলতাই৷ বেণু-পমিলাৰ কথা বছা গাঁৱৰ ইতিহাসৰ লগত এনেকৈ জড়িত হৈ আছে যে নোকোৱাকৈ পাৰ হব নোৱাৰি৷

পাহিতা হল কলাই মহাজনৰ ককায়েক ভালীৰামৰ নুমলীয়া জীয়েক৷ তেতিয়া তাইৰ ভোগদৈৰ পলসে জীপাল কৰা মনটো ফাগুনৰ পছোৱাত লিহিৰি বনৰ দৰে হালি জালি উৰণীয়া হোৱা বয়স৷ নৈ ঘাটলৈ কাপোৰ ধুবলৈ যাওঁতে সিপাৰৰ বাঁহজোপালৈ এনেয়ে তধা লাগি চাই থকা, মুনিচুনি বেলিকা উৰি যোৱা বগলী জাকলৈ চাই বিভোৰ হোৱা বয়স তেতিয়া৷ কাৰোবাৰ কথা এনেয়ে ভাবি ভাল লগা, লগৰ কেইজনীৰ লগত কাৰোবাৰ কথা পাতি ভাল লগা, কথাৰ মাজে মাজে দুই এটা মন ভাল লগা খোচ নিজলৈ সাঁচি লোৱা বয়স পাহিতাৰ৷

খেতিয়কৰ ছোৱালী পাহিতা৷ দেউতাক ভালীৰামৰ মৰম আৰু শাসন দুয়োটাৰে মাজত, দুজনীকৈ বায়েক আৰু দুটাকৈ ককায়েকৰ সৈতে ডাঙৰ হোৱা পাহিতাৰ পাটগাভৰু মনটোত খোপনি পুতিবলৈ গাঁৱৰ লৰাবোৰে বৰ আসৈ নাপাইছিল৷ তায়ো সহজে নিজক পাতলাই দিয়া বিধৰ ছোৱালী নহয়৷ আবুৰ ৰাখি চলিব জানে তাই, মান ৰাখি কথা কব জানে৷ তথাপি তাৰ মাজতো সপোনৰ ৰাজকুমাৰৰ ছবি এখনে তাইৰ মনৰ মাজত অগা-ডেৱা নকৰা নহয়৷ শুকুলা পাখি লগা ঘোঁৰাত অহা ৰাজকুমাৰৰ সপোন তাই কোনো দিন দেখা নাই৷ ভোগদৈ পাৰৰ কোনোবা এখন গাঁৱৰ পলসুৱা পথাৰত গুটীয়া মহৰ হাল বোৱা, আটিল পূৰঠ কলাফুল, কোৰ মাৰোঁতে ফুলি উঠা বহল বাহুৰে পাহোৱাল কোনোবা খেতিয়ক ডেকাৰ সপোনেই তাই দেখে৷ মৰমিয়াল সেই ডেকাৰ বহল বুকুৰ মাজত সোমাই নিজকে সকলো বিপদ-বিঘিনিৰ পৰা ৰক্ষা পাবলৈ বিচাৰে তাই৷ কল্পনাৰ সাগৰত নাও মেলে তাই আৰু সেই নাও আহি লাগেহি বেণুৰ ঘাটত৷

বেণু তেতিয়া চফল ডেকা৷ পাহিতাৰ প্ৰতি তাৰ কোনো বিশেষ ভাৱ নাছিল৷ মালিক ককাইদেউৰ ককায়েক ভালীৰাম ককাইদেউৰ ছোৱালী পাহিতা তাৰ বাবে ভনীয়েক৷ দূৰ সম্বন্ধীয় লগা-ভগা হোৱাৰ সূত্ৰে সি ভালীৰামকো ডাঙৰ ককাইদেউ বুলি মাতিছিল৷ কলাইৰ পৰা পোৱা আদৰৰ মাত সি ভালীৰামৰ পৰাও পাইছিল৷ কিন্তু সুন্দৰকৈ চলি থকা সমধবোৰ, নিজা গতিত চলি থকা তাৰ কাম-কাজবোৰ এজাক বৰদৈচিলাই তেনেই থানবান কৰিলে৷ বতাহছাটি সি নভবাকৈয়ে আহিছিল৷ পমিলাই আগতে ভাবিছিলেনে নাই, সি নাজানে৷

বছা গাঁৱৰ ইতিহাসৰ মনত ৰাখিব লগীয়া এটা ঘটনা৷ এটা লেখৰ কাম...

বছা গাঁৱৰ মানুহে যুগে যুগে খেতি কৰিছে৷ কেৱল এই গাঁৱেইনে? চৌফালে নাম শুনা, চকুৰে দেখা নেদেখা, যিমান গাঁও এই মুলুকত আছে সকলোতে মানুহে খেতিয়েই কৰে৷ গাঁও মানেই খেতি৷ বিভিন্ন ঠাইৰ পৰা মানুহবোৰে লুইত আৰু ভোগদৈৰ মাজৰ এই ঠাইডোখৰত নিগাজীকৈ বাস কৰিবলৈ লোৱাৰ মূল কথা হল খেতি৷ পলসুৱা মাটিৰ আঠা৷ কোনোবাই এহাল বলধেৰে যদি খেতি চপাইছে আন কোনোবাই তিনি-চাৰিহালেৰে৷ সোমাল বহাগত মাটি চহাবলৈ আৰম্ভ কৰি শাওনত ৰোৱা শেষ আকৌ আঘোণৰ শেষ নাইবা পুহৰ পহিলাতে ধান চপোৱা অন্ত৷ এই পৰিক্ৰমাৰে চলি থকা কৃষিকৰ্ম কোনো সালসলনি নোহোৱাকৈ চলি থাকে৷ কিন্তু পৰিৱৰ্তন আহিল৷ তাৰ প্ৰথমটো খোজ কলাই মহাজনৰ পৰাই আৰম্ভ হল৷

*       *       *

 

তৰ বিহুলৈ চাৰি দিন বাকী আছিল৷ মন উৰোঁ উৰোঁ কৰা বতৰত কলাই মহাজনৰ মনটোও থৌকি-বাথৌ৷ পুৱাতে তেওঁ নিজে হাম্বাৰ চাইকেলখন লৈ যোৰহাট নগৰলৈ ওলাল৷ বেণু আৰু ৰজিতক গুণেশ্বৰৰ বাছত উঠি আহিবলৈ দিলে৷ বেণুৰ হাতত এটা টোপোলা৷ তাত কি আছে সি নাজানে৷ মাথোন সাৱধানে ৰাখিবলৈ বাৰে বাৰে সঁকিয়াই মহাজন আগবাঢ়িল৷ নগৰলৈ যোৱা বাটটো তেনেই ওখোৰা-মোখোৰা৷ মাজে মাজে শিল দিয়া৷ মাজে মাজে একো একো ঠাইত প্ৰকাণ্ড গাঁত৷ ইঞ্জিনটোৱে প্ৰকাণ্ড বাছখন টানি নিওঁতে বেগ লব নোৱাৰে৷ ইফালে পাণ জপাদি মানুহ জাপি নিয়ে৷ চাৰিআলিত উঠিলে বহিবলৈ পোৱা টান৷ ভিতৰত যিমান যাত্ৰী, বডীৰ ওপৰতো সিমান৷ ভাগ্যে বেণু আৰু ৰজিতে বহিবলৈ পালে৷ গুণেশ্বৰৰ হেলৌ-হেচৌ বাছখন নগৰ পায়গৈ মানে হাম্বাৰ চাইকেলত যোৱা কলাই মহাজনো একে সময়তে নগৰ পালেগৈ৷ শংকৰ চিনেমা হলৰ কাষতে বাছখন ৰয়৷ ওচৰতে থকা বৰা চাহ দোকানত চাহ-চিংৰাৰ জুতি লৈ মানুহবোৰ ইফালে সিফালে যায়৷ কবই লাগিব, বছা গাঁৱৰ মানুহে টাউন গৈ পায়েই বৰা হোটেলৰ চাহ-চিংৰা খায় আৰু কাম-বন সামৰি বাছত ঘূৰি অহাৰ আগে আগেও খায়৷ ঘৰলৈ মিঠাইৰ টোপোলা একোটাও আনে৷ বছা গাঁৱৰ প্ৰতিজন মানুহক বৰা চাহ দোকানীয়ে চিনি পায়, খবৰ ৰাখে, খাতিৰ কৰে৷ বহুতৰ বাবে যোৰহাট হেন নগৰত বৰাদানিজৰ মানুহ৷ বাৰু সেই অনা কথা পাছলৈ থৈ কলাই মহাজনৰ নগৰ যাত্ৰাৰ কথালৈ আহোঁ৷

আনে নাজানিলেও হাতীবৰুৱাই জানে মহাজনৰ বিশেষ উদ্দেশ্য৷ এমাহমানৰ আগতে কলাই মহাজন তেওঁৰ ওচৰলৈ আহিছিল৷

‘‘মাচ্‌ট’, কাম এটা কৰোঁ বুলি ভাবিছো৷’’

‘‘কি কাম ককাইদেউ?’’

‘‘টেক্‌টা এখন লওঁ বুলি ভাবিছোঁ৷ এগেলিকেছাৰপা মানুহজন কেবাদিনো আহিছিল৷ এই কাগজ কেইখন দি গৈছে পূআই দিব লাগে৷ সস্তাতে দিব বুলিছে৷ আধা দামতে কিবা চাপচিটি দিব বোলে৷’’

মানুহজনৰ মুখখন উজ্জ্বল হৈ উঠিছিল৷ হাতীবৰুৱাই তেওঁৰ কথাত নতুন উৎসাহ আৰু উদ্যমৰ বুজ পালে৷

‘‘বৰ ভাল কথা ককাইদেউ৷ কেঁকোৰা নাঙলেৰে আৰু কিমান দিন খেতি কৰিবা৷ যুগৰ লগত চলিব লাগে৷’’

 শলাগনিত তেওঁ বৰ ভাল পালে৷ এই অঞ্চলত এতিয়ালৈকে খেতি কৰাৰ সেই সাধন কাৰো নাই৷ তেৱেঁই ইয়াৰ প্ৰথম অধিকাৰী হোৱাৰ গৌৰৱ লব খুজিছে৷ তেওঁৰ অঘোষিত প্ৰতিদ্বন্দ্বী জন্মেজয় শইকীয়া ওৰফে জন্মি মহাজনৰ পৰা এইবোৰ কথা লুকুৱাই ৰাখিছে৷ হাতীবৰুৱাৰ ওচৰলৈ আহি চৰকাৰী কাগজ-পত্ৰবোৰ ঠিক কৰোঁতে কলাই মহাজনৰ ঘৰৰ জেঠীটোৱেও গম পোৱা নাছিল৷ যোৰহাট নগৰলৈ গৈ তেওঁ নিজে কৃষি বিভাগৰ জিলা বিষয়া দামোদৰ শৰ্মাৰ লগত কথা পাতিছে৷ গ্ৰামসেৱক ভূৱন গোস্বামীকো তেওঁ শপত খুৱাই লৈছে - যদি টেক্‌টাখন লবই লাগে, আনে গম পাব নোৱাৰিব৷ আনে জুঠা কৰা বস্তু তেওঁ নলয়, কামত নলগায়৷ ভূৱন গোস্বামীয়েও সেই শপত আখৰে আখৰে পালন কৰিছে৷ কাৰণ, তেওঁ জানে ট্ৰেক্টৰ এখন লোৱাৰ দৰে ডাঙৰ কাম এটা কলাই শইকীয়াৰ দ্বাৰাহে সম্ভৱ, তাৰ বাবে তেওঁ যোত্ৰৱান - ধনেৰে আৰু মনেৰে৷ জন্মেজয় শইকীয়া ভাল খেতিয়ক, ধনাঢ্যও, কিন্তু মনটো হল পুৰণিক সাবটি থকা৷ এইবোৰ পৰিৱৰ্তন তেওঁ সহজে আদৰি নলব৷ এতেকে কলাই শইকীয়াকে উৎসাহিত, প্ৰোৎসাহিত, লোভিত, প্ৰলোভিত কৰিবলৈ ভূৱন গোস্বামীয়ে বহুদিন যত্ন কৰিলে৷ যাৰ সুফলত কলাই শইকীয়া বা আমাৰ কলাই মহাজন আহি হাতীবৰুৱাৰ ওচৰত উপস্থিত৷ এইবোৰ কাগজ-পত্ৰ লিখালিখি কামত হাতীবৰুৱাৰ বাদে দ্বিতীয় এজন নাই৷

হাতী মাচটৰে ঠিক-ঠাক কৰি দিয়া কাগজ-পত্ৰ লৈ এগেলিকেছাৰত জমা দিয়াৰ এসপ্তাহ-দহদিনমানৰ পিছত গ্ৰামসেৱক গোস্বামীয়ে কাম সম্পূৰ্ণ হল বুলি জনালেহি৷ তাৰ পাছতহে কলাই মহাজনে কথাটো ঘৈণীয়েকক জনালে৷ কলেজত পঢ়ি থকা পুতেকক তেওঁ এইবোৰৰ পৰা সাত মাইল নিলগত ৰাখে৷

আজিয়েই সেই শুভ দিনটো আহিল৷ নগদ চল্লিছ হাজাৰ টকা বেংকত জমা দি, তাৰ কাগজ এগেলিকেছাৰত দি এখন কবুটাটেক্‌টাৰৰ গৰাকী হল কলাই শইকীয়া মহাজন৷ গাড়ীখন চমজি লওঁতে লওঁতে বিয়লিয়ে হলগৈ৷ তথাপি সিমান সমস্যা নহল৷ বেণু আৰু ৰজিতক লগত নিয়াৰ কাৰণ সেইটোৱেই৷ ট্ৰেক্টৰখন ঘৰলৈ আনোতে সমস্যা হব পাৰে বুলি তেওঁ চিন্তা কৰিছিল৷ হওঁতে এইখন চলাই আহিব পৰা মানুহ এটা অফিচৰ পৰাই দিব বুলি গোস্বামীয়ে আগতেই কৈছিল৷ কিন্তু কামখিনি কৰোঁতে দেৰি হব পাৰে৷ ৰাতি-বিয়লি ইমানখন ৰাষ্টা অকলে কেনেকৈ আহিব? জীৱন বৰা নামৰ এজন কৰ্মচাৰীক দায়িত্ব দিয়া হল৷ ট্ৰেক্টৰখন বছা গাঁৱৰ লাই শইকীয়াৰ ঘৰত থৈ আহিব৷ জীৱন বৰাৰ বাবে গাড়ীখন থৈ অহাটো ডাঙৰ কথা নহয়, টাউনৰ পৰা বিছ কিলোমিটাৰ বাট ৰাতি-বিয়লি অহাটোহে ডাঙৰ কথা৷ বছাৰ পৰা যাতায়াতৰ একমাত্ৰ ব্যৱস্থা গুণেশ্বৰৰ বাছখন পুৱা ন বজাত টাউনলৈ যায়, বিয়লি তিনি বজাত ঘূৰি আহে৷ কলাই শইকীয়াই কলে, “বআদেউ, মো ঘঅত থাকিব৷ ঘঅলৈ ন-লখিমী লৈ যাব শুদা মুখেএ ঘূৰাই পঠিয়াম নে? এআতি থাকি এসাজ খাই পিছদিনা পুৱাই ঘূইব৷ভাবি-চিন্তি জীৱন বৰা মান্তি হল৷ কেছাৰীৰ সন্মুখত পাণ-তামোল বেছা একে গাঁৱৰে লৰা এটাৰ আগত তেওঁ খবৰ দি পঠিয়ালে, ‘আজি ঘৰলৈ যোৱা নহব৷ ডেলিভাৰী আছে৷

আগে আগে চাইকেলত কলাই শইকীয়া মহাজন, পিছত জীৱন বৰা ট্ৰেক্টৰ চালক, বেণু আৰু ৰজিত ট্ৰেইলাৰৰ পিঠিত বহি সমদলে যাত্ৰা আৰম্ভ কৰিলে নতুন ট্ৰেক্টাৰ লৈ বছা গাঁৱলৈ৷ ইমানকেইটা মানুহ থাকিলে বাটতে আন্ধাৰ হলেও ভয় নাই৷

সমদলটো আহি আহি আধা বাট পাৰ হল৷ নগৰৰ হেমগেম নোহোৱা হল৷ ট্ৰেক্টাৰখন এবাৰ চলাই চাবলৈ বেণুৰ মনটোৱে লিক্‌লিকাই আছিল৷ ইতিমধ্যে সি সুধি সুধি, দেখি দেখি গাড়ীখন চলোৱাৰ বহুখিনি কথা জানি লৈছেই৷ সেইখিনি প্ৰয়োগ কৰি চাবলৈও তাৰ মনটোৱে উচ্‌পিচাই আছে৷ মহাজন অলপ আগবঢ়াৰ সুবিধা বুজি ড্ৰাইভাৰ জীৱন বৰাক তাৰ অভিপ্ৰায় জনালে৷ প্ৰথমে অলপ কেৰ্‌ঘেৰ কৰিছিল যদিও তেওঁ বেণুক সুযোগটো দিলে৷ তথাপি তাৰ ওপৰত সম্পূৰ্ণ এৰি নিদি নিজে তাৰ ওচৰতে বহি ললে৷

হেণ্ডেল দুডালত ধৰি বেণুৰ বুকুখনে ধপ্‌ধপাবলৈ ধৰিলে৷ ট্ৰেক্টৰৰ ইঞ্জিনৰ ঢপ্‌ঢপনিতকৈ তাৰ বুকুখনহে চৰিল৷ কিলাচডাল এৰি দিওঁতে দুবাৰ ইঞ্জিনটো বন্ধ হৈ গৈছিল৷ তাৰ পিছত সহজ হল৷ সোঁফালে বাওঁফালে ঘূৰোৱাত দিগ্‌দাৰ নাই৷ পোন ৰাষ্টা, কিন্তু খলা-বমা৷ কলাই মহাজনে ড্ৰাইভাৰ সলনি হোৱা কথাটো টং কৰে মানে বেণুৱে ইতিমধ্যে প্ৰায় তিনি কিলোমিটাৰ চলোৱাৰ অভিজ্ঞতাৰে পূৰ্ণ হৈ উঠিছিল৷

ইতিমধ্যে দিনটোৰ ভিতৰত খবৰটো পাই বছা গাঁৱৰ মানুহবিলাকৰ মনবোৰ বৰকৈ কামত লগাব পৰা নাছিল৷ একো নাচাওঁ বুলিও বাৰে বাৰে বাটলৈ চাইছিল৷ খবৰ এটা কৰোঁগৈ বুলি মহাজনৰ বহল চোতাল আৰু বাৰান্দাত এজুম মুনিহ-তিৰোতা গোট খাইছিলগৈ৷ ৰামচন্দ্ৰই লংকা জয় কৰি সীতাক লক্ষ্মণৰ সহিতে চৈধ্য বছৰীয়া বনবাসৰ পৰা ঘূৰি আহোঁতে অযোধ্যাবাসীৰ মনত যি অধীৰ আনন্দ লাগিছিল, বছা গাঁৱৰ মানুহৰ আনন্দ ঠিক সিমান নহলেও উৎসুকতা কিন্তু কোনো গুণে কম নাছিল৷

অৱশেষত ঢক্‌ ঢক্‌ শব্দ কৰি ট্ৰেক্টৰখন গাঁও পালেহি৷ তাৰ পিছত কলাই মহাজনৰ চোতাল৷ মহাজনৰ ঘৈণীয়েক সাবিত্ৰীয়ে এবাল্টি পানীৰে চকাকেইটা ধুলে, এখন নতুন গামোচাৰে ইঞ্জিনটো মচিলে৷ শৰাই এখনত চাকি এগছি লগাই ট্ৰেক্টৰখনৰ সন্মুখত ঘূৰালে৷ কেইটামান চাউল গাড়ীখনলৈ ছটিয়ালে আৰু থিয়ৈ থিয়ৈ প্ৰণাম জনাই আদৰণি জনালে৷

টাউনলৈ যোৱা কাপোৰ সলাই গা-পা ধুই কলাই শইকীয়া আহি ট্ৰেক্টৰখনৰ মুখামুখিকৈ বাৰান্দাতে আৰামত বহিলহি৷ জীৱন বৰাকো হাত-মুখ ধুই পৰিষ্কাৰ হবলৈ দিলে৷ তাৰ পিছত সমবেত গঞাৰ আগত টেক্‌টা পুৰাণমহাজনে আৰম্ভ কৰিলে৷ ৰাইজে আগে-পাছে নেদেখা বস্তুটো লিৰিকি বিদাৰি চালে৷ আমাৰ বেণুও কম নহয় দেই৷ এফাল বাট সিয়েই চলাই আনিলে৷’’ মহাজনৰ বিস্ময়ভৰা প্ৰশংসাত বেণুৰ বুকুখন ফুলি উঠিছিল৷

ৰাতিলৈ আলহী আৰু চুবুৰীয়াক লগত লৈ কুকুৰা মাংসৰ ভোজ চলিল৷ তেতিয়াই মহাজনে ঘোষণা কৰিলে- পৰহিলৈ ঈশ্বৰৰ নাম এষাৰ পাতিহে গাড়ী কামৰ বাবে মুকলি কৰা হব৷ কথা যেনে কাম তেনে৷ উৰুকাৰ এদিনৰ আগত এইবোৰ নীতি-নিয়ম শেষ কৰা হল৷ ট্ৰেক্টৰৰ সম্পূৰ্ণ দায়িত্ব পৰিল বেণুৰ ওপৰত৷

বেণু, তো ভঅষাতহে মই টেক্‌টা লৈছোঁ৷ নহলে বুআ বয়সত শালিকীয়ে মাত লবলৈ নাযাওঁ৷ সম্পূৰ্ণ দায়িত্ব তো৷ মই তেল ভওৱাৰ দায়িত্বহে ললোঁ৷

মহাজনে দিয়া মৰ্যাদাত বেণুৰ বুকুখন ভৰি গল৷ বিহুটো এইবাৰ আৰু ৰমক-জমক হব৷ নতুন এখন ট্ৰেক্টৰৰ সম্পূৰ্ণ দায়িত্ব পোৱাটো কি সৰু কথা৷ হুঁচৰিত এইবাৰ তাৰ গুৰুত্ব আৰু বাঢ়িব৷

বছা গাঁৱতে সি যোৱা দহ বছৰে বিহু দেখিছে, হুঁচৰি গাইছে, ঢোল বজাইছে৷ বিহু উৰুৱাইছে৷ চান্দা, বৰঙণি নামঘৰলৈ থৈ হুঁচৰিত উঠা গামোচা একোখন ভাগত সিও পাইছে৷

কিন্তু এইবাৰ উৰুকাৰ দিনাখনেই গণ্ডগোলটো লাগিল৷ কৰ জানো এজাক ধুমুহা-বৰষুণে তাক তিয়াই যোৱাই নহয়, তাৰ পঁজা ঘৰটো চেলিয়াই বখলিয়াই গ

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ