ৰমানন্দন বৰা
দহ
আস্.... এটা আৰ্তনাদ৷
বেণুৰ পিঠিত জোং লগা গধূৰ বস্তু
এটাই প্ৰচণ্ড জোৰত ঢকা মাৰিলে৷ সি হামখুৰি খাই পৰিল৷ ঝাউবনৰ গুৰিত পৰি তাৰ মুখৰ
পৰা তেজ ওলাবলৈ ধৰিছে৷ পিঠিখন কিবা এটাই ফালি পেলাইছে৷ হোৰাহোৰে তেজ ওলাইছে৷
বস্তুটো আঁতৰাবলৈ সি জোৰ কৰিব পৰা নাই৷ সি জোৰ দি দি একোবাৰত মেকুৰীৰ নিচিনা
জন্তুটোক তাৰ কাষলৈ টানিব পাৰিলে৷ তাৰ সৰ্ব শক্তিৰে জন্তুটোৰ ডিঙিটোত চেপা মাৰিছে৷
কিন্তু সাংঘাটিক জোৰী এইটো...
“বে...ণু” পুহিৰামে চিঞৰ মাৰি প্ৰাণ টাকি দৌৰিলে৷ আহোঁতে সি পাছ পৰিছিল৷
পুহিৰামে তাৰ হাত দাখনেৰে এটা পূৰ্ণহতীয়া
কোব মাৰিলে৷ জন্তুটো কঁকালতে দুছেও হ’ল৷ আন এটা কোব মূৰত মাৰি
তাৰ জীৱ বাজ কৰিলে৷ লতামাকৰী৷
বেণু মুক্ত হ’ল৷
কিন্তু পিঠিত সাংঘাটিক বিষ৷ তেজ গৈ আছে৷ গামোচা দুখনেৰে বেণুৰ পিঠিটো বান্ধি দিলে৷
নাই তেজ ৰোৱা নাই৷ পুহিৰাম সমস্যাত পৰিল৷ মৰা লতামাকৰীটোৰ কাষতে বেণু তলমূৰকৈ
মাটিতে পৰি আছে৷ সি এটাই জানে তেজ ৰাখিবলৈ কচু ভাল৷ ওচৰতে পোৱা কলীয়া কচুৰ মূঢ়া
কেইটামান আনি সি বগৰী শিপাতে খুন্দিলে৷ বান্ধি থোৱা গামোচা খুলিলে৷ সি ভালদৰে চালে
বেণুৰ পিঠিত বাঘটোৰ ছটা নখ বহিছে৷ বাকী কেইটাই আঁচুৰি গৈছে৷ কিমান দ’লৈ বহিছে জনাৰ উপায় নাই৷ জগটোত বাকী থকা পানীৰে সি ঘাঁখিনি ভালদৰে ধুৱাই
কলীয়া কচুৰ মূঢ়াৰ লেপনটো দি আকৌ গামোচাৰে বান্ধি দিলে৷
“চিন্তা নকৰিবি৷ চব ঠিক হৈ
যাব৷”
কথা ক’বলৈ,
কিবা চিন্তা কৰিবলৈ যেন বেণুৰ শক্তি নাইকিয়া হৈ গৈছে৷ তাক বাঘে
ধৰিছিল বুলি জনাৰ পিছত সি ভাবিব নোৱাৰা হৈছে৷ মূৰটো আচন্দ্ৰাই কৰিছে৷ তথাপি সৰ্বশক্তিৰে
সি উঠি বহিবলৈ যত্ন কৰিলে৷
“নুঠিবি, এনেকৈ অলপ সময় পৰি থাক৷ তেজ ৰওক৷”
সময় খৰকৈ পাৰ হৈছে৷ মাঘমহীয়া বেলি
বুৰ গ’ল৷ আন্ধাৰ নামি আহিছে৷ লগে লগে চেঁচা বতাহে কোবাইছে দুয়োটাকে৷ পুহিৰামে
অনুভৱ কৰিছে তাৰ ঠাণ্ডা লাগিছে৷ বেণুক ঠাণ্ডাৰ কথা সুধিবলৈ তাৰ সত নগ’ল৷ বহুত তেজ গ’ল৷ এতিয়া অলপ ৰৈছে৷ কিন্তু ভয় হৈছে৷
লৰচৰ কৰিলে কিজানি আকৌ তেজৰ নৈখন বৈ আহে৷
“ব’ল
পুহি, যেনেতেনে যাওঁ৷”
বেণুৱে মুখেৰে ক’লেও
এনেকৈ যোৱাটো সম্ভৱ নহ’ব বুলি পুহিৰামে বুজি পাইছে৷ সমস্যাটো
বুজি এটা উপায়হে আচলতে বেণুৱে চিন্তা কৰিছে৷ যাব খোজা নাই৷ তথাপি তাক মনোবল দি সি
ক’লে, “পাৰিবি৷ প্ৰথমে অলপ বহচোন বাৰু৷
মই চাই লওঁ৷”
বেণুৱে কষ্টেৰে উঠি বহিবলৈ যত্ন
কৰিলে৷ কিন্তু পিঠিখন পোনাব নোৱাৰে বিষ৷
পুহিৰামে বেণুৰ বেগৰ পৰা খুচৰি জুইশলা বাহটো উলিয়ালে৷
“ৰ’বি৷
অলপ গৰম লগাই লওঁ৷” সি শুকান ঝাউ গছ পাত এখিনি গোটাই জুই
একুৰা ধৰিলে৷ অলপ উম লাগিল৷ কমকৈ হ’লেও জুইৰ পোহৰত পুহিৰামে
দেখিলে বেণুৱে মুখতো দুখ পাইছে৷ কপালত, থুঁতৰিত তেজৰ দাগ,
খমলা বান্ধিছে৷
এনেকৈ দুমাইল দূৰ বেণুক কেনেকৈ
ঘৰলৈ নিব?
আন্ধাৰ গহীন হৈ আহিবলৈ ধৰিলে৷ খেৰনিৰ নিশাচৰবোৰ সাৰ পাই ওলাই আহিছে৷
ফেউৰাই মাতিছে৷ বগৰী খাবলৈ বাদুলিবোৰ আহিছে৷ চাপৰিৰ বগৰীয়নিৰ তলত, এই চেঁচা সন্ধিয়াটোত সিহঁত দুটা বৰ বিপদত পৰিল ৷ যদি আকৌ বনৰ ৰজা কোনোবা
এটা ওলায়হি৷ বগৰী এজোপাৰ গুৰিতে বেণুক আউজাই বহুৱাই পুহিৰামে আকাশ-পাতাল ভাবি
থাকিল৷ ইয়াত ৰাতিটো কটাব নোৱাৰি৷ অথচ আগবাঢ়িবও নোৱাৰি৷ ঘৰৰ পৰা কোনোবা বিচাৰি
নহালৈকে এনেকৈ খেৰনি-বগৰীয়নিৰ মাজত জাৰত কঁপি থকাৰ বাহিৰে কোনো উপায় নাই৷
ইফালে আন কালৰ সময়তকৈ দেৰীলৈকে
বেণুহঁত ঘূৰি নহা দেখি পাহিতা-সোণ জেঠাইৰ উচপিচনি বাঢ়িবলৈ ধৰিলে৷ আন্ধাৰ ঘন হৈ
অহা লগে লগে এটা আশংকা, এটা ভয়ে ঘৰখনক ঘেৰি পেলালে৷ সিহঁতৰ কিবা
এটা হৈছে৷ নহ’লে ইমান দেৰী কেতিয়াও নহয়৷ পুহিৰামৰ ডাঙৰটো ল’ৰা টেপু দেউতাকৰ পলম হোৱাৰ বাৰ্তা ল’বলৈ সিহঁতৰ ঘৰ
পালেহি৷ বলেন, বীৰেন আৰু টেপুক লগত লৈ বোপাৰাম বিষয়াই
বেণুহঁতক বিচাৰি ওলাল৷ বলেনৰ হাতত এটা জোৰ জ্বলাই ল’লে৷
নজ্বলোৱা জোৰ এটা টেপুৰ হাতত৷ চাপৰিৰ খেৰণিৰ কথা৷ একোখনকৈ কপিদা কঁকালত গামোছাৰে
বান্ধি ল’লে৷
গাঁৱৰ সীমা পাৰ হোৱাৰে পৰা সিহঁতে
ডাঙৰ ডাঙৰকৈ কথা পাতি মাজে মাজে ‘বেণু বেণু’ ‘পুহিৰাম
পুহিৰাম’ চিঞৰি যাবলৈ ধৰিলে৷ নাই৷ কোনো সহাঁৰি নাই৷ সিহঁতৰ
আশংকা বাঢ়ি যাবলৈ ধৰিলে৷ শেষলৈ লাহে লাহে
আশংকা আৰু হতাশা বাঢ়ি আহিল৷ চিঞৰবোৰ কঁপিবলৈ ধৰিলে৷
যিডৰা খেৰনিলৈ সিহঁতে খেৰ কাটিবলৈ
গৈছে বুলি কথা-বতৰাৰ পৰা ঘৰৰ মানুহে গম পাইছে, সেই বাটেৰে গৈ দলটো খেৰ
কটা ঠাই পালেগৈ৷ খেৰ কাটি থোৱা আছে মানুহকেইটাৰ উমঘাম নাই৷ ক’লৈ গ’ল? বলেন, বীৰেন, টেপুৱে ৰৈ ৰৈ ডাঙৰ কৈ চিঞৰিবলৈ ধৰিলে৷ ফেউকাৰ
ৰাও, বনৰীয়া চৰাই-চিৰিকটি, কীট-পতংগৰ
মাত, ম’হৰ ডিঙিৰ ঘণ্টাৰ শব্দৰ উপৰি
ঝাউবনৰ বতাহৰ সোঁ-সোঁ শব্দৰ মাজত সিহঁতৰ চিঞৰবোৰ যেন ক’ৰবাত
হেৰাই গৈছে৷ আৰু আগবাঢ়ি যাবনে? ক’লৈ
যাব?
‘বেণু ভিনি’... ‘পুহিৰাম কাই’
‘ভি..নি... পু.. হি...
কা..ই
সঁহাৰি নাই৷
হঠাৎ যেন ক’ৰবাৰ
পৰা এটা মাত আহিছে৷ কিবা এটা সহাঁৰি নেকি?
‘বেণু ভিনি... পুহিৰাম
কাই...’
“আমি আছোঁ, তহঁত আহ৷” সিফালৰ পৰা ৰিঙিয়াই মাতি দিছে পুহিৰামে৷
“ক’ত
আছে?”
“বগৰী গছৰ ফালে আহ,
ভটিয়াই আহ৷”
দলটো সেইফালেই আগবাঢ়িল৷ অলপ দূৰ
যোৱাৰ পিছত সৰুকৈ একুৰা জুই সিহঁতে দেখিলে৷ ওচৰ চাপি গ’ল৷
মাতৰ সঁহাৰি চলি থাকিল৷
বেণুৰ অৱস্থা দেখি বীৰেনে ফেঁকুৰি
উঠিল৷ পুহিৰামে ঘটনাৰ সবিশেষ জনালে৷ বেণুৱে নিজে খোজকাঢ়ি যাব নোৱাৰে৷ দাং কোলা
কৰিবলৈ অসুবিধাটো হ’ল যে এনেকৈ আনোতে পিঠিত জোৰ পৰে৷ তাৰ আঘাতো
পিঠিতেই৷ অৱশেষত এটা উপায় উলিওৱা হ’ল- এটাই বেণুক বোকোচাত তুলি নিব আৰু আন এটাই বেণুৰ পিঠিত আলফুলকৈ ধৰি নিব৷
এনেকৈয়ে বহুবাৰ বোকোচা সলাই বকুল চাপৰি গাঁৱৰ সীমা পোৱালেগৈ৷ অলপ নিৰাপদ যেন পাই,
তাতে অলপ ৰৈ বলেন আৰু টেপু মাটি কঢ়িওৱা বাঁহৰ চাঙী এখন আনিবলৈ
কুকুৰ লৰত ঘৰলৈ গ’ল৷
নিশা এডোখৰত দলটো ঘৰ পালেহি৷
(ক্ৰমশঃ)