অন্যযুগ/


বচা বকুল

 ৰমানন্দন বৰা

আঠাইছ

 

নতুন চাপৰিত জুই লগা ৰহস্যটো তেনেকৈয়ে থাকিল৷ কোনে এই দুষ্কাৰ্য কৰিলেসেই বিষয়ে নানা ঋষি নানা মত৷ কাৰোবাৰ মতেবকুল চাপৰিৰ মোলোকাহঁতৰ কামকাৰোবাৰ মতে বছা গাঁৱৰ বিপিনহঁতৰ কাম৷ এটা একেবাৰে আচৰিত যেন লাগিলেওএকেবাৰে পেলাই দিব নোৱাৰা মত হল টেপুৰ হতুৱাই জন্মি মহাজনে নিজে এই কাম কৰাইছে৷ তেওঁৰ প্ৰথম চিন্তা আছিল নতুন চাপৰিত সমানে মাটি বিচৰা কেলেহুৱা কেইটাক এটা গহীন কেছত পেলোৱা৷ পিছে ঘটনাৰ গঢ়-গতি দেখি তেওঁ পুলিচলৈ নগল৷ এই ডেকালৰাহঁত বেছিকৈ বাঢ়িছেএশিকনি দিবলৈ তেওঁৰ মন আছিল যদিও মনৰ আশা মনতে ৰাখিলে৷ কামটো তেওঁ নিজে নকৰোৱা হলে ঘৰ জ্বলাৰ আগে আগে নগঞা মানুহকেইটা নোহোৱা হব কেনেকৈট্ৰেক্টৰখন কিয় সদায় থোৱা ঠাইত নাথাকি কঁকিলা পালেহি৷

সেইবোৰ উৰহী গছৰ ওৰ সহজে বিচাৰি পোৱা টান৷ সেয়ে যেই যেনেকৈ মন তেনেকৈয়ে কাহিনীটো সাজি লৈছে৷ সদ্যহতে নতুন চাপৰিত কাৰো নাঙল নচলিল৷ আবাদী মাটি আবাদী হৈ পৰি ৰল৷


*      *      * 

নতুন চাপৰিত নতুন খেতি হল বা নহবকুল চাপৰিত কিন্তু নতুন খেতিয়ে ভুমুকি মাৰিলে৷

নতুন চাপৰিত পুনৰ কঁহুৱাবিৰিণাৰ হাবি গজিব৷ মাটি চহোৱাশইচ গজোৱা মানুহবোৰ আঁতৰতে ৰল৷ আৰু কিমান বছৰলৈ বা ইয়াত হাল নচলিব! বেণুৰ মনটো বেয়া লাগিল৷ এই কথাৰ কাৰণে সিও বাৰু জগৰীয়া নেকি? সি নিজকে বুজায়হোৱাটো হৈ গল৷ গতস্য শোচনা নাস্তি৷

বকুল চাপৰিৰ খেতিত নতুন বতাহ এছাটি বৈ আহিল এজন মানুহৰ কাৰণে৷ মানুহজন পোনতে মহেনৰ লগতে চাইকেল কোবাই কঁকিলাৰ পৰা বকুললৈ আহিছিল৷ বোপাৰাম বিষয়াৰ ঘৰতে প্ৰথমে কথা পাতিছিল, চাহ-তামোল খাইছিল৷  বোপাৰাম বিষয়াৰ বাৰীখন চাই প্ৰশংসা কৰিছিল৷ তামোলৰ বাৰীনেমুৰ বাৰীজালুক-জলকীয়াওলকচুপচতীয়া, দহিকচুকাঠআলুৰঙা আলু আদিৰ বাৰীখন চাই মানুহজনে বিষয়াক ভুৰি ভুৰি প্ৰশংসা কৰিছিল৷ মাজে মাজে দুই-এটা খেতিত লগা পোক আৰু বেমাৰৰ বিষয়েও তেওঁ বুজাইছিল৷

মানুহজন ইফ্‌টিকাৰ হুছেইন৷ খেতিৰ সম্পৰ্কে জ্ঞানৰ আঁকৰ৷ কিবা টেইলিং নে কিবা লোৱা মানুহ৷ পোনপটীয়াকৈ চৰকাৰী মানুহ নহয়৷ কোম্পানীৰ মানুহ৷ কিন্তু চৰকাৰী মানুহতকৈ এখোপ চৰা৷ তেওঁ খেতিয়কক যিমান বস্তু বিনামূলীয়াকৈ দিছেসেইবোৰ বকুলৰ খেতিয়কে আজিলৈকে দেখাতো নায়েই, আনকি শুনাও নাই ৷ আমাৰ দেশ আৰু বাহিৰৰ ব্ৰিটেইন বোলা দেশখনৰ মাজত হোৱা কিবা চুক্তি অনুসৰি এটা কোম্পানীয়ে ভাৰতৰ খেতিয়কক উন্নত পদ্ধতিত খেতি কৰিবলৈ শিকোৱাৰ বাবে গা খাইছে৷ ইফ্‌টিকাৰ হুছেইন সেইটো কোম্পানীৰেই মানুহ হেনো৷

কিছুমান কথা বকুল চাপৰিৰ মানুহে কথা বুলিয়ে ধৰা নাছিল৷ অকল তেওঁলোক বুলিয়েই নহয় কোনো খেতিয়কৰ কাৰণে সেইটো এটা সমস্যা বুলি ভবা নাছিল৷ হৈছেবই৷ এনে ধৰণে ভাবিছিল৷ নেমু টেঙাত কেৰোণ ধৰিবইবেঙেনাজোপাৰ আগ কিছুমান মৰহি আহেআহিবইতামোল ধেনা হয়পাণত গান্ধী পোক পৰি খায়৷ কোনো বছৰ কোনোবাখন পথাৰৰ ধান পতনুৱা হয়দুবছৰ লগাৰ পাছতে কলগছে জাত এৰেঅমিতাজোপা কলি পেলাই সৰি পৰে ... এইবোৰ নিত্য নৈমিত্তিক ঘটিবলগীয়া ঘটনা বুলি বকুল চাপৰিৰ খেতিয়ক মানুহৰ ধাৰণা৷ এতিয়া এই হুছেইন ছাৰেহে কথাবোৰ নতুনকৈ কৈছে৷ 

নগৰৰ পৰা অহা এনেকুৱা মানুহক গাঁওখনৰ লৰাৰ পৰা বুঢ়ালৈ আটায়ে ছাৰ’ বুলি মাতিবলৈ নতুনকৈ শিকিছে৷

নেমু পুলিটো লহপহকৈ বাঢ়ি আহোঁতে আমাৰ দেখি ভাল লাগে৷ সি কেৰোণটো তাৰ মাজত লৈ নাহেকেৰোণটো বাহিৰৰ পৰা আহে৷ নেমু ডালটোৰ আগটো মৰহি গৈছে বা বেঙেনাজোপাৰ আগটো মৰহিছে৷ আগটো কাটি আনি ফালি চাওক এটা দীঘলীয়া পোক তাৰ ভিতৰত আপুনি পাব৷ অমিতাই হওকআমেই হওককঁঠালেই হওককলিবোৰ এনেয়ে সৰি নপৰে৷ সিহঁতৰ কি হয় জানেনে, সিহঁতৰ কাৰণে খোৱাবস্তুৰ অভাৱ হয়পুষ্টিৰ অভাৱ হয়৷ কলগছৰ ক্ষেত্ৰতো একেই কথা৷” - এই আটাইবোৰ সমিধান হুছেইনে নিজেই শিকাইছে৷

ৰাসায়নিক সাৰকীটনাশকডি এ পিপটাছবৰাক্স আদি শব্দবোৰ তেওঁৰ মুখত শুনি মানুহবোৰৰ দুই-একৰ মুখেদি ফুটিবলৈ লৈছে৷ পুলিটোৰ চাৰিওফালে পাতলীয়াকৈ খাল কৰি সাৰখিনি তাত ছটিয়াই আকৌ মাটিৰে পুতি দিবলৈ শিকাইছে৷ গাঁওখনত তিনিটা দৰব ছটিওৱা মেচিন দিছে৷ ৰাসায়নিক দৰব পানীৰ লগত মিহলাই মেচিনত ভৰাই লব লাগে৷ মেচিনটো ফিটাৰ সহায়ত বাউঁসীৰে পিঠিত ওলমাই লৈ বাওঁহাতেৰে পাম্প কৰিব লাগেসোঁহাতেৰে নলী ডালত থকা ঘোঁৰাটো টানি দিলেই দৰবখিনি ফিচ্ফিচ্কৈ ওলায়৷ প্ৰথম প্ৰথম ব্যৱহাৰ কৰোঁতা মানুহ আটাইকেইজন বৰ ৰোমাঞ্চিত হল৷ 

কিন্তু দৰব দিয়াৰ নিয়ম আছে৷ হুছেইন ছাৰৰ কাঢ়া নিৰ্দেশমুখখন ভালদৰে ঢাকি লব লাগিবহাত দীঘল চোলা পিন্ধিব লাগিব আৰু বতাহৰ দিশে মানুহটো ৰৈ দৰৱ দি আহিব লাগিব যাতে বতাহে গালৈ দৰব বোৱাই নানে৷ তাৰ পাছত চাবোনেৰে হাত-ভৰি ধুব লাগিব৷ চাবোন নাথাকিলে ওপৰৰ এচাম আঁতৰাই তলৰ মাটি ভালদৰে ঘঁহি তাৰ পাছত নেমুটেঙা ঘঁহিব লাগিব৷ নতুন বিধানবোৰ মানিবই লাগিব বুলি বকুল চাপৰিৰ মানুহবোৰে ভাবি লৈছে৷

এটা কথাতহে মানুহখিনিৰ হাঁহি উঠে৷ হুছেইনে শাৰী কৰি কৰি আহু-শালি ধানৰ কঠীয়া ৰুবলৈ কয়৷ গৰু এৰাল দিয়া পঘাৰে শাৰী পোনাই মাটি ৰুবআই-বোপাই মৰি গএতিয়া আকৌ কঠীয়া ৰুবলৈ শিকিব লগীয়া হএইটো ব্যৱস্থা বকুলত ইফ্‌টিকাৰ হুছেইনে কৰাব পৰা নাই৷

শেহতীয়াকৈ তিনিটা স্প্ৰে মেচিন বিতৰণ কৰিবলৈ লওঁতে তেওঁতো এখন মহাসমৰতে সোমাবলগীয়া হল৷ আগৰ তিনিটা মেচিন খেতিয়কক চমজাই দিওঁতে অসুবিধা নাছিল৷ কিন্তু শেহতীয়া এই তিনিটা মেচিন বিচৰা মানুহেই ওলাল পোন্ধৰটা৷ কাক দিবকোনেও নেৰে৷ সুবিধাবোৰ সিহঁতে পালেই নহব৷ আমিও পাব লাগিব৷” তুমি-আপুনিৰ পৰা তয়া-হঞা পাইছিলগৈ৷ ভাগ্যে মৰামৰি নহল৷ অৱশেষত চুক অনুসৰি ভগাই দিয়া হল৷

খেতিৰ নতুন পদ্ধতি শিকাৰ উপৰি বকুল চাপৰিৰ মানুহে এটা নতুন অভিজ্ঞতা হুছেইন ছাৰৰ পৰা পাইছে৷ সেইটো হল ডকুমেণ্টৰী চোৱা৷ গাঁওখনৰ দুই-এজনে টাউনলৈ গৈ কেতিয়াবা চিনেমা চাইছিল৷ সেইবোৰ কথা তেওঁলোকে ঘূৰি আহি গাঁৱত কৈছিলহি৷ চিনেমাৰ দুটামান গান বা বচনো তেওঁলোকেই সলসলীয়াকৈ গাব বা কব পাৰিছিল৷ মহেনৰ ৰেডিঅটোত তেনেকুৱা গান দেওবাৰে দুপৰীয়া আহে৷ মানুহবোৰে নুশুনো বুলিও কাণ পাতে৷ ভাল লাগে৷

এতিয়া খেতিৰ শিক্ষা আৰু ডকুমেণ্টৰী চিনেমাই ডেকা-গাভৰু আৰু কণ কণ লৰা-ছোৱালীকে নহয় বুঢ়া-বুঢ়ীকো ভালকৈয়ে নিচা লগাইছে৷ বোপাৰাম বিষয়াৰ আহল-বহল চোতালত সন্ধিয়া ভগাৰ পাছতে ডকুমেণ্টৰী দেখুওৱা হয়৷ এখন বগা কাপোৰৰ পৰ্দা আৰু এটা মেচিন৷ পৰ্দাখনৰ সম্মুখত মানুহবোৰ বহে আৰু মানুহখিনিৰ পিছফালে পৰ্দাখনৰ পৰা অলপ দূৰতে মেচিনটো থাকে৷ মাহত দুবাৰকেতিয়াবা তিনিবাৰো ডকুমেণ্টৰী দেখুওৱা হয়৷ সেই দিনকেইটাত ইফটিকাৰ হুছেইনৰ লগত বাবুল বোলা লৰা এটাও আহে৷ আচলতে বাবুলেই ডকুমেণ্টৰীৰ কামবোৰ কৰে৷ সেই কাৰণে গাঁৱৰ মানুহৰ ওচৰত তাৰো কদৰ বাঢ়িছে৷ ডকুমেণ্টৰী আৰম্ভ হোৱাৰ আগে আগে হুছেইনে খেতিৰ বিষয়ে কয়৷ সেইদিনা কোনটো বিষয়ত ডকুমেণ্টৰী দেখুৱাব সেইটোও ভালদৰে বুজাই দিয়ে৷ চাবলৈ অহা মানুহখিনিৰ একাণে সোমাই আনখন কাণেৰে তেওঁৰ কথাবোৰ ওলাই যায়৷ ৰাইজে মাথোন মানুহজনে বেয়া পাব বুলিয়ে তেওঁৰ কথাবোৰ শুনি থাকে৷

 হুছেইনৰ কথাৰ পাছত বাবুলে ডকুমেণ্টৰী দেখুওৱা আচল কামটো আৰম্ভ কৰে৷ প্ৰথমে যিবোৰ ওলায়সেইবোৰক হেনো এডভাটাইচ বোলে৷ পলিঅ’ খুৱাবলৈ কয়লেঙেৰা লৰা এটাৰ ছবি ওলায়৷ শৌচ-প্ৰস্ৰাৱ কৰা ঠাই পৰিষ্কাৰ কৰি ৰাখিবলৈ কয়কেনেকৈ চাফা কৰিব লাগে দেখুৱায়৷ বিড়ি-চিগাৰেট নাখাবলৈ কয়৷ পৰিয়াল সীমিত কৰিবলৈ কয়৷ সৰু পৰিয়াল সুখী পৰিয়াল৷ এইবোৰ বকুল চাপৰিৰ মানুহৰ কাৰণে কোৱা কথা নহয় বুলি সকলোৱে ভাবি লয়৷ বিড়ি-চিগাৰেট একো নেখাই খাবা কিতামোলখনৰ লগতে ইয়াৰে কিবা এটা চাহবাটিৰ লগতে আলহীৰ আগত দিব পাৰিলেই গৃহস্থৰ মানটো ৰয় যেন লাগে৷ মানুহবোৰে ভাবে- দেশ চাই ভেশ৷ যি দেশৰ যি ভেশ৷ 

আনহাতে বকুল চাপৰিৰ মানুহৰ পায়খানা চাফা কৰাৰো কোনো দৰকাৰ নাই৷ পায়খানা কৰাটো কাৰো বাবেই একো সমস্যা নহয়৷ বাঁহনিকাঠনি বা যিকোনো এখন হাবিলৈ সোমাই গলেই হয়৷ ঘৰৰ সৰু লৰা-ছোৱালীবয়সীয়া মহিলা বা ন-বোৱাৰীৰ বাবে এটা ব্যৱস্থা কৰা হয়৷ কোনো ঘৰত গাঁত খান্দে বা কোনোবা ঘৰৰ বাৰীৰ সীমাৰ ডাঙৰ খাল হলেও হয়৷ গাঁতটো বা খালটোত পথালিকৈ দুডাল বাঁহেৰে সাকোঁ পাৰি লোৱা হয়৷ সাকোঁ ডালৰ মাজলৈ গৈ তাত থিয়কৈ পুতি থোৱা হাতনি মাৰিডালত ধৰি বহিব লাগে আৰু কামটো কৰিব লাগে৷ তলত পায়খানাই দম বান্ধে৷ এইবোৰতনো আৰু কি পা-পৰিষ্কাৰৰ কথা থাকিব৷ চিনেমাত দেখুওৱাৰ নিচিনা শৌচ কৰা ঘৰ কোনেনো সাজিবঅৱশ্যে সোণ জেঠাই আৰু বেণুৰ ঘৰৰ কথা সুকীয়া৷ তেওঁলোকে গাঁত খান্দি ওচৰতে এটা ঘৰ বেৰা দি তাতহে পায়খানা কৰে আৰু পায়খানাখিনি পানী ঢালিলে উটি গৈ গাঁতত পৰেগৈ৷ গাঁতটো মাটিৰে ঢাক খাই থাকে কাৰণে গোন্ধ-ভাপ নোলায়৷ 

গতিকে সকলো কথা সকলোৰে কাৰণে নহয়৷

নিজে ধঁপাত কুটি পেপৰে কাগজেৰে পকাই লোৱা চুৰটৰ ধোঁৱা উৰুৱাই সোণ জেঠায়েও ডকুমেণ্টৰী চায়৷ মান্য অনুসৰি তেওঁৰ বটাৰ চুৰটতামোলৰ ভাগ সমৱেতসকলে পায়৷ তেওঁলোকৰ চোতালত ডকুমেণ্টৰী দেখুৱাইছে যেতিয়া ৰাইজক সোধন-পোচনৰ ভাৰো তেওঁলোকৰে বুলিয়ে সোণ জেঠায়ে ভাবে৷ ৰাইজে খালে নুঢুকায়৷ গাঁওখনৰ ইমানবোৰ মানুহৰ ভিতৰত বোপাৰাম বিষয়াৰ চোতালতহে ডকুমেণ্টৰী দেখুওৱা কথাটোত পৰিয়ালটোৰ প্ৰতিজন মানুহেই গৰ্ব কৰে৷ ভিতৰি ভিতৰি মুখ ফুটাই নকয়৷ কবলগীয়া কথাও নহয়৷

ডকুমেণ্টৰীত খেতি-বাতি দেখুৱায়৷ ডাঙৰ ডাঙৰ ট্ৰেক্টৰ চলায়চকুৰে মনিব নোৱৰালৈকে ডাঙৰ ডাঙৰ ঘেঁহু খেতিৰ পথাৰবোৰ ওলায়৷ মানুহ কিছুমান ওলায়কথা কয়৷ কি ভাষাত কয় বকুল চাপৰিৰ মানুহে নুবুজে৷ বুজাৰ দৰকাৰো নাই৷ কিবা বুজিবলৈ থাকিলে ছাৰে কবই নহয়৷ ক বুলিব নজানি ৰত্নাৱলী চাবলৈ গলে নহব নহয়৷ আনে কি ভাবে কব নোৱাৰি৷ জেতুকী বুঢ়ীৰ বাবে এইবোৰ চব মানুহৰ পুতলা৷ কেৰকনৰ মতে এইবোৰ সঁচা নহয়৷ চব ভেল্‌কি৷ সতাইৰ মতে এইবোৰ চব মোহিনী বাণ৷

যিয়ে নহওকডকুমেণ্টৰীৰ চূড়ান্ত পৰ্যায়ত চিনেমা ওলায়৷ ৰাইজখনৰ চিকমিক বিজুলী’, সোণমইনা’, ‘ঘৰ-সংসাৰ’, ‘চামেলি মেমচাব’ আদি বহুত চিনেমা চোৱাৰ অভিজ্ঞতা হল ডকুমেণ্টৰীৰ যহতে৷ হুছেইন ছাৰৰ যশস্যা বাঢ়িল৷


*      *      * 

অপযশৰ কামটো কৰিলে মহেনে ৷ মাৰিয়াক পলুৱাই আনিলে ৷ পোনে পোনে ঘৰলৈ নানি বেণুৰ ঘৰতে সুমুৱালে ৷ বেণুৰ বুকু কঁপিলপাহিতাৰ হাত-ভৰি কঁপিল ৷

বোপাৰাম বিষয়া-সোণ জেঠাইৰ ঘৰত বৰষুণ দিয়াৰ আগৰ গোমা আকাশ ৷ বেণুৱে ভয়ে ভয়ে খবৰটো দিলেগৈ ৷ পিছে বিজুলী-ঢেৰেকনি যেনেকৈ হব বুলি সি ভাবিছিলতেনেকৈ নহল ৷ জেঠাই মানুহজনী থিতাতে কথাটো শুনি থৰ লাগছিল অলপ সময় ৷ আগৰ পৰাই তাৰ মতটোহে ৰজে ৷ ডাঙৰ লৰাবৰ অগৰুৱা ৷ তাক সইধতে মহৰ খুঁটিতে ঘৰ একোঠালি কৰি লবলৈ কবা ৷ পাছৰ চিন্তা পাছত হব ৷” বোপাৰাম বিষয়াই সিদ্ধান্ত দিলে ৷ মানুহজন বিপাঙত পৰিছে ৷ অজাতি ছোৱালী এজনী চপাই ললে সমাজে বা কি বোলে ৷ মানুহৰ মতি-গতি গমি চোৱাৰ বাবে সময় পাবলৈকে তেওঁ এই ব্যৱস্থা লবলৈ কৈছে৷ বেণুৱে বুজিলে ৷

কিন্তু নুবুজিলে মহেনে৷

মই ঘৰৰ লৰা হওঁ যদি ছোৱালী ঘৰলৈহে নিম ৷ চাপৰিৰ এমূৰে ব্ৰহ্মপুত্ৰৰ পানীৰ লগত অকলশৰীয়াকৈ ছোৱালীজনী কেনেকৈ ৰাখিম ?”

বেণুৱে সোণ জেঠাইক কোৱাৰ ছলেৰে বোপাৰাম জেঠপেহাককো তাৰ কথা শুনালে৷

ছোৱালী কত ৰাখিব সি আগতেই চিন্তা কৰিব লাগিছিল ৷” জেঠপেহাকৰ কাঢ়া উত্তৰত বিপদ বাঢ়িল বেণুৰহে ৷ দুই মহৰ যুঁজত এতিয়া বিৰিণাৰ মৰণ নহলেই হৈছে৷

বেণুৰ মাধ্যমেৰে দুয়ো পক্ষৰ কথা-বাৰ্তা চলিল ৷ নতুন দাবীৰ ওচৰত পুৰণিয়ে সদায় হাৰ মানে ৷ কথা হল মূল ঘৰটোৰ পৰা টানি এটা নতুন কোঠা সাজি মহেনে ন-ছোৱালী আনি ৰাখিব ৷ তেতিয়ালৈকে ন-ছোৱালী ন-দৰা বেণুৰ ঘৰত থাকিব ৷

পূৰ্বৰ উপকাৰৰ এটা প্ৰতিদান দিবলৈ পাই বেণুৰ বেয়া নালাগিল ৷ বেয়া লাগিল ফটিক শইকীয়াকমল নেওগ আৰু মিনেশ্বৰ গগৈৰ ৷

বোপাৰাম বিষয়াৰ দৰে মানুহে এনেকুৱা কাম কৰা উচিত নাছিল ৷ লৰাই ভুল কৰিছে৷ তেওঁ ভুল কৰিব নালাগিছিল ৷ লৰাই পানী পেলায় বুঢ়া পিছলি পৰে ৷ কিৰিচতানি এজনীক লৈ কেনেকৈ খাবা ?”

বিষয়াই পাৰিব পাৰে ৷ পুত্ৰ মোহ ৷ আমি পিছে নোৱাৰোঁ ৷ পুত্ৰ মোহত ধৰ্মক বিধৰ্ম হবলৈ দিব নোৱাৰি ৷

তেওঁলোকৰ কথাৰ এটা উত্তৰ দিবলৈ যত্ন কৰিছিল বেণুৱে, “নৰকৰ কইনা উধাৰিলে শুচি নহব জানো ?”

তীক্ষ্ণ উত্তৰ আহিল - 

নৰকৰ পৰা অহা নাই ৷ নৰকখনকে লৈ আহিছে ৷ গাঁৱলৈ প্ৰথম আহোঁতেই মই ঠিক বুজিছিলোঁএইজনীয়ে যে কেণা লগাব ৷ লগালেই নহয় ৷ যত কূটৰ ঘাই তোমাকে বুলিও বহুতে কয় ৷ এতিয়া বোপাৰামৰ সৈতে মিলি কি কৰি খোৱাঁ খাই থাকাঁ ৷ আমাক নামাতিবা ৷

বেণুৱে একো উত্তৰ নিদিলে ৷ সি বুজিলে, বোপাৰাম বিষয়া আৰু লগতে তাৰ ঘৰখনো এঘৰীয়া হল ৷ সমাজে সিহঁতখনক এৰিলে ৷

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ