অন্যযুগ/


বচা বকুল

  ৰমানন্দন বৰা

একৈছ

 

বান শুকালত মানুহবোৰ বছা গাঁৱলৈ ঘূৰিল যদিও গৰু-গাইবোৰ বকুলতে ৰল৷ নতুন ঘাঁহ নোলোৱালৈকে চাপৰিৰ মাজত থকাই মঙ্গল৷ সমস্যা বুলিবলৈ বিশেষ নাই৷ বেণু আৰু সোণ জেঠাইৰ নিচিনা দুঘৰ পোতন থকা মানুহ থাকিলে বহুত কথাই সহজ হৈ পৰে৷ তদুপৰি নাচনী দলনি আৰু কাম চৰাই দলনিৰ দল ঘাঁহ এইবাৰ বছা গাঁৱৰ গৰু-মহৰ ভাগ্যত নহব৷ আগলৈও কোনোবা দিনা হবগৈ বুলিব নোৱাৰি৷ দুখন বৃহত্তৰ দলনি বালি-পলসে পুতি পেলাইছে৷

বছা গাঁৱৰ গৰিমা হেৰাল৷ মাথাউৰি এটাই কাল মাতি আনিলে৷ কোনোবা দিনা মথাউৰি গুচাই দিব বুলি ভবাও অবান্তৰ৷ গতিকে নদীৰ কি বিশ্বাস! কোন দিনা আকৌ পাৰ ভাঙি সোমাই আহে! গাঁওখনৰ ৰোৱতী মাটিৰ আধাভাগ ধুপধুপীয়া বালিয়ে পুতিলে৷ বাৰীবিলাক উদং হল৷ ভঁৰালবিলাক শূন্য হল৷ এটা ভয়ংকৰ সমস্যাৰ দিশে মানুহখিনি আগবাঢ়ি গৈ আছে৷

আনে যিমানকৈ সমস্যাটো বুজিছে, জন্মি মহাজন আৰু কলাই মহাজনে তাতকৈ অলপ হলেও বেছিকৈ বুজিছে৷

                                                            *      *      * 

বেণুক প্ৰথমে খবৰটো দিছিল ভোগায়ে৷ তাক জনাইছিল কিনাৰামে৷ সিহঁত দুয়োটাই নিজ চকুৰে দেখি অহা কথা৷ বকুল চাপৰিৰ গাতে লগি থকা নতুন চাপৰি৷ মাজত সৰু সুঁতি এটা৷ খৰালি হলে পানী শুকাই আঁঠুৱনীয়া হয়৷ তাতে ঝাওবনৰ মাজে মাজে এশাৰী নতুন জুপুৰি৷ নতুনকৈ গজি উঠিছে৷ বাঁহৰ বেৰ, শণ খেৰৰ চাল৷

ৰাতিটোৰ ভিতৰতে কেনেকৈ কৰ পৰা আহিল মানুহখিনি? দুদিন আগতে কিনাৰাম সেইটো চাপৰিৰ পৰা আহিছিল৷ তাৰ মহ এজনী হেৰাইছিল৷ তাইক বিচাৰি চাপৰি চলাথ কৰিছিল৷ তেতিয়া সি তাত ঝাওবন, বৰতা, বিৰিণা, শণ খেৰ, কঁহুৱাৰ বাদে কোনো মানুহ দেখা নাছিল৷ সিটো চাপৰিৰ পৰা গাখীৰৰ বেপাৰ কৰা বদৰ আৰু চুলতানক বাটতে পাইছিল৷ সিহঁতে এঁৱা গাখীৰৰ ঢোঙোৰা ভাৰ বান্ধি কঢ়িয়াই আনিছিল৷ কিনাৰামৰ লগত যোৱা মোলোকা, বদৰ আৰু চুলতানে মিলি এখন্তেক ৰৈ বদৰৰ লুঙীৰ খোচনিৰ পৰা উলিয়াই দিয়া বিড়ি একোটা হুপিছিল, সিমানেই৷ আন কাকো সিহঁতে লগ পোৱা নাছিল৷

গতিকে ৰাতিটোৰ ভিতৰতে জুপুৰি সাজি এটা চুবুৰী কৰ পৰা বহিলহি! ভোগাই, কিনাৰাম, মোলোকা আৰু বেণু - চাৰিওটাই মিলি এটা অনুসন্ধান কৰিবলৈ থিৰাং কৰিলে৷ কৰ মানুহ, কি কথা৷ উৰহী গছৰ ওৰ উলিয়াবই লাগিব৷ কথাটো বৰকৈ বিয়পিবলৈ নিদিয়াকৈ ৰখাই ভাল৷

দিনটো সিহঁতে উত্তেজনাটো নিজৰ মাজতে দমাই ৰাখিলে৷ বেলি ডুবাৰ পিছত জোনৰ পোহৰত সিহঁত নতুন চাপৰিবলৈ ওলাল৷ হাতে হাতে নগা দা৷ মোলোকাৰ হাতত এটা জোৰ আৰু দিয়াশলাই আছে৷ কিবা অঘটন ঘটোৱা সিহঁতৰ উদ্দেশ্য নহয়৷

ঝাউবনৰ মাজে মাজে চাৰিজনীয়া দলটো আগবাঢ়িল৷ হাত নাৱেৰে সুঁতিটো পাৰ হৈ সিহঁতে চুপি চুপি সন্তৰ্পণে আগবাঢ়িল৷ গোপনে ইমান ডাঙৰ কাম কৰা মানুহৰ কি বিশ্বাস আছে৷ কৰবাত লুকাই থাকিবও পাৰে৷ নিজকে যিমান পাৰে লুকুৱাই সিহঁতে দুটা খান্দা পাৰ হৈ লাহে লাহে জুপুৰীৰ শাৰীটোৰ ফালে আগবাঢ়িল৷

জোনৰ পোহৰত মায়াময় হৈ উঠা কঁহুৱা বিৰিণাৰ মাজে মাজে লুংলুঙীয়া বাটেৰে গৈ থাকোঁতে, কেতিয়াবা বাট শেষ হয়৷ মানুহ ঢাকি ধৰা হাবিডৰাৰ মাজেদি সিহঁতে নতুন বাটেদি আগ বাঢ়ে৷ মনৰ ভিতৰত এটা শিহৰণ৷

লাহে লাহে চাৰিজনীয়া দলটো জুপুৰী শাৰীটোৰ ওচৰ পালেগৈ৷ বাহিৰত এটা চৌকা জ্বলাই থৈছে৷ বাহিৰত জোনৰ পোহৰতে ৰন্ধা-বঢ়া কৰিছে৷ আটাইবোৰে একেলগে খাব৷

বঢ়িয়া, সিহঁতে বাহিৰতে একে লগে খাব৷ কেইটা মানুহ আছে গণ্টি কৰিবি৷জুপ মাৰি লুকাই থকাৰ পৰা ফুচ্‌ফুচাই বেণুৱে ভোগাইক কলে৷

সিহঁতে সুযোগটোৰ সদ্ব্যৱহাৰ কৰিলে৷ মানুহখিনিক সিহঁতে যিমান পাৰি পুংখানুপুংখকৈ লক্ষ্য কৰি থাকিল৷ সিহঁতে জুপুৰীকেইটা বাঁহৰ জেওৰাৰে ভালকৈ ঘেৰি ৰাখিছে৷ মজবুত জেওৰা৷ সম্মুখৰ ঠাইডোখৰ হাবি-বন কাটি মুকলি কৰি লৈছে৷ যত সিহঁতে ৰন্ধা-বঢ়া কৰিছে৷ কিমান মানুহ হব পাৰে?

দীঘলীয়া সময় তেনেদৰে পৰি থাকি দলটোৱে মানুহখিনিৰ ভাত খোৱা সময়ছোৱাত হিচাপ কৰিব পাৰিলে৷ মানুহৰ মুঠ সংখ্যা ডেৰ কুৰি দুটা৷ আটাইবোৰ মানুহ ডেকা, ডেকা-আদহীয়া৷ কাম কৰা মানুহ, বৰ হিংস্ৰ যেন নালাগিল৷ ছটা জুপুৰীত থাকিলেও খোৱা-লোৱা একেলগে কৰে৷ উদ্দেশ্যও একে বুলি ধৰিব পাৰি৷ নতুন মাটি ভাঙি দখল কৰিব লাগে৷ মানুহবোৰৰ মাতবোৰ বুজিব নোৱাৰি, সৰু সৰুকৈ কৈছে কাৰণে৷ কিন্তু ডাঙৰকৈ ভাহি অহা শব্দকেইটাও বেণুহঁতৰ দলটোৰ বাবে অচিনাকি৷ লুঙী আৰু দাঢ়িলৈ চাই মানুহখিনি বদৰ-চুলতানহঁতৰ লগৰ হব৷

পাছদিনা বকুল চাপৰিত খবৰটো প্ৰথমে গুণ গুণকৈ, চেপা-চেপা মাতেৰে বতাহত উৰি ফুৰিল৷ আগবেলা, পিছবেলা উজনি চুকৰ আৰু নামনি চুকৰ আটাইবোৰ ডেকা লৰা গোট খালেহি আঁহত জোপাৰ তলত৷

বিস্ময়, ক্ৰোধ, উত্তেজনা প্ৰত্যেকৰে মাতে মাতে উফৰি ফুৰিল৷ কৰ মানুহ? কেনেকৈ আহিল? কিবা এটা কৰিবই লাগিব৷ নতুন চাপৰিত নতুনকৈ মানুহ বহিবহি৷ বকুল চাপৰিৰ মানুহে গম নাপাব৷ ডেকা তেজ গৰম হোৱাৰে কথা৷

এই শনিপতীয়াসোপাক খেদিবই লাগিব৷ যি মন যায় সিয়েই আহি মাটি দখল কৰিব৷ আমি চাই থাকিব নোৱাৰোঁ৷

সিহঁতৰ জুপুৰিবোৰ জ্বলাই দিব লাগে৷

সিহঁতক কচু কটা দিব লাগে, বাপেকহঁতক চিনি পোৱা নাই৷

দাবোৰ ধৰাই থ৷ তেজৰ নৈ বোৱাম৷

চুলতানহঁতৰে কাম৷ সিয়েই নিজৰ মানুহ আনিছে৷ তাকো খেদিব লাগিব৷ চোঁৱৰৰ বাচ্ছা৷ গাখীৰৰ বেপাৰ কৰে৷

ডেকাহঁতৰ আঙঠা আঙঠা কথাবোৰ বুঢ়াসকলে অলপ শাম কটালে৷ সেইবোৰ কাম নকৰিবিহঁক৷ মানুহ মৰা, ঘৰ জ্বালি কেচ সাংঘাতিক৷ কেবাপুৰুষলৈ উদ্ধাৰ নেপাবি৷ পুলিছে আহি হালে হালে সাঙুৰিব৷ এতিয়া যি এসাজ খাইছোঁ, শান্তিৰে খাইছোঁ৷ তাৰো মুদা মৰিব৷ প্ৰথমে তহঁত যা, মানুহকেইটাৰ পৰা পোনপটীয়াকৈ জানি আহ৷ সিহঁত কেনেকৈ আহিল? কিয় আহিল? তাৰ পিছত পিছৰ কথা চিন্তা কৰা হব৷ ” -বোপাৰাম বিষয়াৰ কথাতে সিদ্ধান্তটো হল৷

এবাৰ গৈ অহা বেণু-ভোগাইহঁতৰ দলটোৰ লগত আৰু চাৰিটা যোগ হল৷ চাৰিটাই গৈ মানুহখিনিৰ লগত কথা পাতিব, চাৰিটা আলেখ-লেখ চাই লুকাই থাকিব৷ দা-লাঠি লগত থাকিব৷ ব্যৱহাৰ নকৰে৷ যদি কিবা কথাত তথিবাদ হয়, লুকাই থকা চাৰিটাই গা দেখা দিব আৰু এনেকুৱা ইংগিত দিব যেন সিহঁতৰ লগত আৰু এশমান মানুহ আছে৷

কথা মতেই কাম৷ পিছদিনা আগবেলাতে বকুল চাপৰিৰ পৰা ডেকা লৰাৰ দলটো নতুন চাপৰিৰ নতুন মানুহখিনিৰ ওচৰলৈ গল৷ বিদ্বেষৰ ভাব এটা সকলোৰে মনত সোমাই আছে৷ ঘৰৰ মাটি কোনোবাই দখল কৰিবলৈ আহিলে সুদাই এৰিব নোৱাৰি৷ ইয়াত আন মানুহক মাটি দিব নোৱাৰি৷ ব্যতিক্ৰম মাথোঁন বোপাৰাম বিষয়া৷ পানী ভগনীয়া মানুহ কিজানি, আশ্ৰয় বিচাৰি আহিছে৷

বেণুৰ মনটোত অলপ কোমলতা আছে৷ সিনো কি? সিয়ো ভগনীয়া হৈ বকুল চাপৰিলৈ আহিছে৷ কিন্তু গাঁৱৰ মানুহৰ সমূহীয়া মনটোৰ বিপৰীতে সি যাব নোৱাৰে, নাযায়৷ বকুল চাপৰি তাৰ ধাত্ৰী নহয়, তাৰ মাতৃ৷

সিহঁতৰ দলটো গৈ মানুহখিনি থকা ঠাই পালেগৈ৷ জুপুৰি কেইটাৰ দুৱাৰত দাং দি মানুহবোৰ কামে কামে গৈছে৷ অৱশ্যে কামৰ পৰাই জুপুৰি কেইটালৈ সিহঁতৰ এটা নজৰ আছে৷ এটা এটাকৈ সিহঁতৰ আটাইকেইটা চোতালত আহি গোট খালেহি৷ হাতত দীঘল দা আৰু কোৰ৷ নতুনকৈ মাটি ভাঙিছে৷

বেণুৱে আৰম্ভ কৰিলে, গহীন অলপ হুটা মাতত৷

ৰ পৰা আহিছ? ”

নতুন মানুহ চামৰ মাজত অলপ আঁহ-পাহ মুকলি মানুহ এটাই হেনাহুচাকৈ উত্তৰ দিলে৷ এটা শব্দৰ উত্তৰ ঃ নগাঁও৷

কেলেই আহিছ? তাত মাটি নাই? ”

আমাকে আনছে৷

কোনে? ”

নামটো নাই জানমু৷ মহাজন মানু আছে৷

নাম নাজান৷ মাটি দখল কৰিবলৈ আহিছ৷ ” - মোলোকাই ধমকি দিলে৷

না না আমি দখল কৰ্‌বো না৷ এইটা মহাজনেৰ মাটি আছে৷ আমাকে খেতি কৰবা জন্য আন্‌ছি৷ মানুহটোৰ নৰম মাত৷

বাপেৰৰ মাটি? কোন মহাজন? নাম কভোগায়ে টোকোনডালেৰে জেওৰাখনত কোব এটা শোধাই গৰজি উঠিল৷

না মহাজন, আমি গৰীব মানু৷ কাম কৰিম৷ পইচা পাম, খাম৷

মানুহটোৱে ভোগাইকে মহাজন বুলি মতাত কেউটাৰে মনে মনে হাঁহি উঠিল৷ লগতে খেলি মেলি বঢ়ালে৷ বছা গাঁৱৰ মানুহে দুটা মানুহক মহাজন বোলে তেওঁলোক ধনী হোৱা কাৰণে৷ কলাই মহাজন আৰু জন্মি মহাজন৷ এই মানুহকেইটাৰ কাৰণে মহাজনটো তেনেকুৱা নহয়৷ সন্মানেৰে জনোৱা এটা সম্বোধনহে৷ অতএৱ ইহঁতক আমদানি কৰা মহাজন কোন অনুমান কৰিবলৈ জটিল হল৷

ইয়াৰ মাটি তহঁতে পাবি৷

না না৷ দুচ্‌ৰাৰ মাটি আছে৷ মহাজনৰ মাটি৷ আমি কেন্‌কে পাম, আমি কম্‌লা৷

সেইবোৰ নাজানো৷ তহঁত ইয়াৰ পৰা যাবিনে? ” কিনাৰামে অধিক কথা পাতিব নিবিচাৰি চিধাই টোকোন দাঙিলে৷ মানুহকেইটা থিৰ হৈ তলমূৰকৈ ৰল৷

আমি কৈছোঁ৷ তহঁতে ভালে ভালে ইয়াৰ পৰা গুচি যা৷ কোন মহাজন কৈ দে৷ টকা লআৰু যা৷ ” - বেণুৱে সিদ্ধান্ত দিলে৷

নহলে এইখন দেখিছ (শ্লী)৷ ব্ৰহ্মপুত্ৰত উটাই দিম৷ কেইটা আছ? আমি হেজাৰটা৷ মোলোকাই দীঘল দাখন কথা পতা মানুহটোৰ ফালে টোঁৱাই চকু ৰঙা কৰিলে৷ তাকে দেখি লুকাই থকা ডেকাকেইটাই হাবিৰ পৰা গৰ্জন কৰি উঠিল৷

নেবাচ৷ এটাও নেবাচ (শ্লী)৷ কৈ থলো৷

সিহঁতক আৰু বহুত মানুহে ঘেৰি আছে বুলি জানি মানুহকেইটাই ভয় খালে৷ সিহঁতে থূপ বান্ধিলে৷

তাকে দেখি কিনাৰামৰ মাতত আৰু জোৰ আহিল৷

যাবিনে নেযাৱ ক৷

যাম৷

কেতিয়া যাবি? ”

আজিয়েই যাব লাগিব৷

মহাজন, টকা পাবলৈ আছে৷

বাপেৰৰ পৰা টকা ল আৰু যা৷ নহলে টুকুৰা-টুকুৰ কৰিম৷

অধিক দীঘলীয়া হলে গৰমাগৰমি, উখুনা-উখুনি আৰু বঢ়িব৷ বেণুৱে আটাইকে উভতিবলৈ কলে৷ যেই যেনেকৈ পাৰে ধমকি দি মানুহকেইটাক ভয় খুওৱাৰ সবল প্ৰচেষ্টা সাৰ্থক কৰি উভতি আহিল৷

সন্ধিয়া বুঢ়াসকলৰ সৈতে মেলত কথাবোৰ সবিশেষ আলোচনা হল৷ ভোগাই মহাজনেই কওকচোন৷ ভোগাইৰ নামৰ লগত মহাজন যোগ হোৱা কাহিনী শুনি আটাইৰে হাঁহি উঠিল৷ পিছলৈও তাৰ নামৰ সৈতে মহাজন উপাধিটো কঁঠাল এটা লগা দি লাগিল৷

সিদ্ধান্ত তহঁতে দিয়েই আহিছ৷ ঠিকেই আছে৷ কিন্তু এই মহাজনটো বিচাৰ ক? কোন চুৱা খোৱাৰ মাটিৰ খক লাগিছে৷

ৰাতি শুবলৈ লৈ বেণুৱে চিন্তা কৰিলে মাটিৰ লোভ বৰ বেয়া৷ মাটিত কলি থাকে৷ কলি মানেই দ্বন্দ্ব্ব-খৰিয়াল, অপায়-অমঙ্গল, কটা-মৰা৷ কোনোবা এটা মানুহে এটা চাপৰি গ্ৰাস কৰিব৷ কাম্‌লা লগাই মাটি ভাঙিব৷ আনে হাড় ভাঙি খেতি কৰিব, মুনাফা তেওঁৰ হব৷ এই কথা হব নোৱাৰে৷ বকুল চাপৰি, নতুন চাপৰি যতেই নহওক নিজে খেতি কৰিব নোৱাৰাকৈ বেছি মাটি ৰখাটো এটা পাপ৷ নতুন চাপৰিক মাটি খকুৱাৰ শেন চকুৰ পৰা ৰক্ষা কৰিবই লাগিব৷

কিন্তু এই মহাজন কোন?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ