অন্যযুগ/


বচা বকুল

 ৰমানন্দন বৰা


(যোৱা সংখ্যাৰ পাছৰপৰা)


(দহ) 

বগা কুঁৱলিৰ মাজেৰে বগা ধূলিয়ৰি ৰাষ্টাটোৰে পৰুৱাৰ নিচিনা লানি নিছিগা শাৰী পাতি বেপাৰীবোৰ আহে৷ সিহঁতে চাইকেলত এক-ডেৰ মোন শাক-পাচলি কঢ়িয়াই আনে৷ চাইকেলৰ আগফালে হেণ্ডেলত চিমেণ্টৰ বেগেৰে চিলাই লোৱা মোনাত বিছ কিলোকৈ চল্লিছ কিলো, পিছফালে কেৰিয়াৰত বাঁহ বান্ধি ওলোমাই বিছ বিছ কিলোকৈ চল্লিছ কিলো৷ কেৰিয়াৰৰ ওপৰত বিছ কিলো ওজন লৈ চাইকেলখনৰ পেডেল ঘূৰাই ঘূৰাই সিহঁত কুঁৱলি ফালি আহে৷ ঠেঁটুৱৈ লগা জাৰতো সিহঁতৰ গাৰ কেঁচা ঘাম বাজ হয়৷ জাৰ নালাগে, মাথোন হাতৰ আঙুলিকেইটা শিয়ামূৰিয়ে ধৰে৷

শেহনিশা তিনিমান বজাৰ পৰা বগা ধূলিয়ৰি বাটটোৱে সাৰ পায়৷ দুকাষৰ গাঁওবোৰ তেতিয়াও শুই নিঃপালি দি থাকে৷ বুঢ়ী মানুহৰ শেঁতা পৰা মুখৰ নিচিনাকৈ জোনটো আকাশত ওলমি থাকে, যেনেতেনে বাটটোহে পোহৰাব পাৰে৷ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা চেঁচা বতাহ এছাটি বৈ থাকে৷ নিশাচৰ চৰাইৰ জাকবোৰে আকাশখনক টোপনিৰ পৰা জগায়৷ ধূলিয়ৰি বাটটোত নিশাটো অকলশৰে কটোৱা চাকৈ-চকোৱা কেইটামানে লাহেকৈ বাট এৰি দি কাষৰ বননিত লুকায়৷ মেকুৰী যে বাঘৰ মাহীয়েক, তাৰ সাক্ষী দি ট টকৈ জ্বলি থকা চকুকেইটা দেখুৱাই এন্দুৰ ধৰিবলৈ খাপ পাতি থকা বোন্দাকেইটা আঁতৰি যায়৷ ঘৰতে খাই অহা আপংটুপিৰ উছাহত সিহঁতে ঐনিঃতম একোফাকি জোৰে৷ চাইকেলীয়া লানিটোৰ যিকোনো এটাই জোৰা ঐনিঃতমটো আগৰ আৰু পাছৰ চাইকেলীয়ালৈ বিয়পি যায়৷ একেবাৰে আগৰটোৱে একেবাৰে পিছৰটোক নেদেখে৷ গাওঁতাজন বগা কুঁৱলিৰ মাজত বিলীন হয়, সুৰটো অক্ষয়-অব্যয় হৈ মুখ বাগৰি উৰি থাকে৷ যেন কুঁৱলিৰ মাজেৰে লানি পাতি গৈ থাকে এটা সুৰ - ঐনিঃতমৰ জীৱনৰ৷

এই সুৰতে পৰশুৱে সাৰ পায়৷ বিছনাতে বাগৰ সলায়৷ উঠি নাহে, গৰজ নাথাকে কাৰণেই শুই থাকে৷ তাৰ নিজা সুৰত সি বিভোৰ হয়৷ তথাপি এই চাইকেলীয়া পাচলি বেপাৰীবিলাকৰ হাড়ভঙা পৰিশ্ৰম, অমানুষিক কষ্টই তাক দুখ দিয়ে৷ সিহঁত কেৱল বেপাৰী নহয়, খেতিয়কো৷ নিজৰ বাৰীৰ পাচলি নিজে বজাৰলৈ নিয়ে৷ কিন্তু এনেকৈ কিমান দিন? কিমান দিন ইমান কষ্ট কৰিব পাৰিব এই মানুহবোৰে৷ সিহঁতৰ পৰিশ্ৰম-জৰ্জৰ শৰীৰবোৰ অকালতে বুঢ়া হ’ব আৰু অকালতে মাটিত মিহলি হ’ব৷

ৰাতিৰ এন্ধাৰ খেদি খেদি এশাৰী সুৰ হৈ গৈ থকা এই মানুহখিনিৰ সুৰটো শেষ হয় শিমলুতলৰ চাহৰ দোকানকেইখনত৷ চাৰি-পাঁচখন চাহ দোকান তাত গঢ় লৈ উঠিছে৷ সিহঁতে বাটটোত দীঘলীয়াকৈ নিৰ্দিষ্ট ঠাইত বাঁহৰ খুঁটি পুতি থয়৷ তাতে গৈ পাচলি বেপাৰীহঁতে চাইকেলবোৰ আঁওজাই ৰাখে৷ নহ’লে ষ্টেণ্ডডালৰ ওপৰত ভৰসা কৰি চাইকেল এৰিব নোৱাৰি৷ শিমলুতলৰ দোকানকেইখন পায়গৈ মানে পূবফালে সেন্দূৰীয়া আকাশখন আৰু বেছি পোহৰ হৈ উঠে৷ বেলিটোৱে দেখা নিদিলেও নিজৰ আগমনৰ সূচনা দিয়ে৷ গৰম চাহ একোগিলাছ আৰু একপ্লেটকৈ ৰুটি খাই সিহঁতে পুনৰ যাত্ৰা আৰম্ভ কৰে৷

যোৰহাট নগৰৰ নিউভিল ৰোড, জে.বি ৰোড আৰু ষ্টেচন বজাৰত সিহঁত বহেগৈ৷ বজাৰ বাৰত ৰৰৈয়া, চিনামৰা, তিতাবৰ, মৰিয়নিলৈকেও সিহঁতে পাচলি লৈ যায়৷ সোনকালে নগ’লে বহিবলৈ ঠাই নাপায়৷ ভাল ঠাই নাপালে গ্ৰাহক নাপায়৷ বস্তু বাকী ৰৈ যায়৷ ঘূৰি আহোঁতে পানীৰ দৰত নিউভিল ৰোডৰ পাইকাৰী দোকানীকেইটাক যাচি দি আহিব লাগে৷ যাচি দিলে সোণৰো মূল্য নাই৷

খেতিয়ক বেপাৰীকেইটাৰ কাৰণে পাইকাৰীকেইটাৰ সমান দুষ্ট বুদ্ধিৰ মানুহ এই পৃথিবীত নাই৷ যি সময়ত বকুল চাপৰি আৰু নতুন চাপৰিত পাচলিৰ উৎপাদন তুঙ্গত উঠে, সেই সময়ত সিহঁতে খাৰুপেটীয়া, মেৰাপানী আদিৰ পৰা ট্ৰাকে ট্ৰাকে পাচলি আনি বজাৰ ওপচাই দিয়ে৷ ফলত বজাৰ চেঁচা পৰে৷ পানী দৰত পাচলি বিক্ৰী কৰিব লগা হয়৷ কপালৰ ঘাম মাটিত পেলাই খেতি কৰি, তেজ পানী কৰি সেইবোৰ কঢ়িয়াই নি, ৰ’দ-বৰষুণকো গণিতা নকৰি ৰাষ্টাৰ দাঁতিত ভোকে-লঘোণে পৰ দি গ্ৰাহকৰ আশাত ৰৈ থকা এই কৃষক-বেপাৰীখিনিৰ আশা ভাগি-ছিগি গুৰি হয়৷ কেতিয়াবা খঙতে ৰাষ্টাৰ দাঁতিত, খালত পাচলি পেলাই থৈ ঘৰলৈ উভতি আহে৷ ঘাই বতৰতে এনেকুৱা হ’লে সিহঁত কেনেকৈ চলে৷ সিহঁতৰ পঁজাঘৰবিলাক, চাংঘৰবিলাক এটা এটা হুমুনিয়াহে হেঁচা মাৰি ধৰে৷

তেনেকৈয়ে চলি থাকে৷ আকৌ খেতিৰ বতৰ আহে৷ খেতিয়ক মানুহবোৰ ৰৈ থাকিব নোৱাৰে৷ সিহঁতক মাটিয়ে মাতে৷ আকৌ হাল জোৰে সিহঁতে৷

এইটো এযুগৰ আগৰ কাহিনী৷ পোনপটীয়া কাহিনীটোত এটা ভাঁজ দিলে পৰশুৱে - সেউজীয়া পাম সমবায় সমিতিয়ে৷

এতিয়া পামৰ খেতিয়কে চাইকেলেৰে পাচলি নিব নলাগে৷ সৰু সৰু মাল টনা গাড়ী সুঁতিটোৰ ইপাৰে সিপাৰে দুয়োপাৰে থাকে৷ বাৰীৰ পৰা এখন গাড়ীত তুলি পাচলিৰ বস্তাবোৰ আনে৷ সুঁতিটোৰ পাৰত তাৰ পৰা নমাই হাতনাৱত তোলে, তাৰ পাছত ইপাৰৰ গাড়ীত তুলি নগৰলৈ নিয়ে৷ গাড়ী ভাড়া, নাৱৰ ভাড়া সাপ্তাহিক বন্দোবস্তি হিচাপত দিয়া হয়৷ এই ব্যৱস্থাটোৰ বাবে যাৱতীয় যোগাযোগ কৰি দিছে সমবায় সমিতিখনে৷ ভাড়াক লৈ কিবা খেলিমেলি হ’লে, পাচলি বাৰীলৈ আনিবলৈ যোৱা সময়ৰ খেলিমেলি হ’লে বা অন্য কিবা কাৰণত বিবাদ হ’লে তাৰ মীমাংসাৰ দায়িত্বও সমবায়ৰে৷ এতিয়া পুৱা-গধূলি পখীৰ কাকলি তল পেলাই মাল টনা গাড়ীৰ ঢকঢকনি বেছিকৈ শুনি৷ পৰশুৰ বেয়া নালাগে৷ মানুহৰ শ্ৰম কমাই সিহঁতৰ জীৱনৰ গানটো দি বেসুৰা নোহোৱাকৈ ৰাখিব পাৰি, তেনেহ’লে যন্ত্ৰ ব্যৱহাৰ কৰা উচিত৷ কেতিয়াবা এখন বাৰীতে এখন গাড়ী ভৰ্তি হয়, কেতিয়াবা দুখন বাৰীৰ পাচলি একেখন গাড়ীতে নিয়ে৷

এতিয়া এই পাচলিবোৰ শিৱসাগৰ, নাজিৰা পৰ্যন্ত পায়গৈ৷ ওচৰৰ বজাৰ বেয়া হ’লে দূৰৰ বজাৰলৈ নিয়ে৷ তাত দুপইচা পায়৷ কেতিয়াবা তাতো বেয়া বজাৰ, তথাপি লাভ বুলি কিবা এটা থাকে৷ এইখিনি ৰিক্স লৈ সিহঁতে বেয়া নাপায়৷

এইটো সমস্যাৰ সমাধানৰো এটা ব্যৱস্থা পৰশুৱে কৰিছে৷ বেলেগ বেলেগ বজাৰৰ ওচৰত থকা তাৰ বন্ধুবোৰক লৈ হোৱাটছ এপত ‘বজাৰ বতৰা’ নামেৰে এটা গোট খুলিলে৷ সেই বন্ধুকেইজনে প্ৰতিদিনে ওচৰৰ বজাৰখনৰ পাচলিৰ চলি থকা দৰৰ আপডেট দিয়ে৷ কৃষক-বেপাৰীসকলো ইয়াত জড়িত হৈ থাকে৷ গতিকে কোন বজাৰলৈ গ’লে লাভ হ’ব নিজেই হিচাপ কৰিব পাৰে৷ পাচলিৰ দৰে আপডেট দিয়া বন্ধুকেইজনৰ সেৱাও বিনামূলীয়া নহয়৷ কাৰণ বিনামূলীয়া সেৱা নিয়মীয়া নহয়৷ সেই কাৰণে মাহৰ শেষত তেওঁলোকৰ একাউণ্টত এহেজাৰকৈ টকা গুগল পে এপৰ যোগেদি সুমুৱাই দিয়া হয়৷ এইখিনি টকা সেউজীয়া কৃষি পামৰ হিচাপৰ পৰা দিয়া হয়৷ কাৰণ দৈনিক দহ-বাৰখন গাড়ীয়ে পামখনৰ পৰা পাচলি টানে৷

                           *      *      * 

পামৰ কাৰ্যালয়ত মানুহৰ জুমটো ডাঙৰ হৈ আহিছে৷ হৰেন আৰু বিশ্বজিত আজি নাই৷ প্ৰায়খিনি মহিলা গোটৰ মানুহ৷ তেওঁলোকক আজি সহায় কৰিব পৰা নহ’ব৷ এনেয়ে এইকেইদিন কাম একেবাৰে কমি আহিছিল৷ গোটবিলাকে কামৰ হিচাপ-পত্ৰ কৰাবলৈ অহা নাই৷ আহিবলৈ বন্ধ কৰিছে৷ কাৰণ আঁচনিমতে কাম নকৰা গোটৰ হৈ সমিতিয়ে কাম নকৰে বুলি জনাজাত হৈছে৷ তাৰ ফলত সেউজীয়া পামৰ বদনাম গাই ফুৰিছে এচাম মানুহে৷

পৰশু আগবাঢ়ি অহাৰ লগে লগে মহিলাৰ গোটবিলাকে চিঞৰিবলৈ ধৰিলে, “আমাক প্ৰাপ্য লাগে, আমাক বঞ্চিত নকৰিব, আমাক কৰা অন্যায় সহ্য নকৰোঁ৷”

সমস্বৰে চিঞৰি উঠা মহিলাখিনিক উদ্দেশ্যি পৰশুৱে বাৰে বাৰে শান্ত হ’বলৈ অনুৰোধ কৰিলে৷ কিন্তু তাৰ মাত ৰাজহুৱা চিঞৰত তল পৰি ৰ’ল৷ সি অনুভৱ কৰিলে- এই মানুহখিনিক কোনোবাই পৰিকল্পনা কৰি ইয়ালৈ পঠিয়াইছে৷ ফেচবুকত সেইবোৰ মানুহ নীৰৱ, আজিও সিহঁতে মুখ নেদেখুৱায়৷

কোন মুহূৰ্তত কেনেকৈ সি চিঞৰি থকা মহিলাখিনিৰ মাজলৈ সোমাই পৰিল বা কোন মুহূৰ্তত মহিলাখিনিয়ে তাক আগুৰি ধৰিলে সি উৱাদিহ নাপালে৷ তাৰ কাণৰ কাষত তাক তিৰস্কাৰ কৰি শ্ল’গান, ধৰ্ণা দিয়া শব্দবোৰে তাৰ স্নায়ুত ধাৰাল ছুৰী এখনৰ দৰে খুঁচিবলৈ ধৰিলে৷ “আমাৰ প্ৰাপ্য আমি ল’মেই, কাৰো দাদাগিৰি আমি নামানো, সেউজীয়া পাম সমিতি মুৰ্দাবাদ, পৰশু শইকীয়া মুৰ্দাবাদ, খেতিয়কৰ তেজ শুহি খোৱা পৰশু, দুখীয়াৰ তেজ শুহি খায় কোনে? - পৰশু শইকীয়াই৷ ঋণ দিয়াৰ নামত ভণ্ডামি কৰে কোনে? - পৰশু শইকীয়াই” - এই তিৰোতাগালে তাৰ মুখৰ আগত, তাৰ কাণৰ কাষত ডিঙি ফুলাই ফুলাই তাক তিৰস্কাৰ কৰিছে৷ তাৰ এনেকুৱা লাগিল এইজাক এজাক ৰাংকুকুৰ৷ তাৰ মঙহ বখলিয়াই খাব খুজিছে৷ যিকোনো প্ৰকাৰে নিজকে বচাব পৰা নাই৷ সি নিঃস্বাৰ্থভাৱে কৰা কামবোৰৰ প্ৰতিফল এয়াই তেন্তে৷ তাৰ মনটো মোচৰ খাই আহিল৷ যাৰ বাবে ইমান ত্যাগ কৰিছে, সেইখিনি মানুহেই তাক এনেকৈ হানিব বুলি সি সপোনতো ভবা নাছিল৷ হঠাৎ এই ৰাংকুকুৰজাকৰ চিঞৰ দুগুণে বাঢ়িল৷

পৰশুৱে দেখিলে এখন বাইকত সাংবাদিক আৰু কেমেৰামেন পামত উপস্থিত হ’লগৈ৷ পাছৰখিনি সি ভালদৰেই বুজি পালে৷ পামত আজি আলুত মাটি চপোৱাৰ দায়িত্বত থকা গকুললৈ বাৰ্তা পঠিয়ালে - গোটেই ঘটনাবোৰ তাৰ মবাইলত ৰেকৰ্ডিং কৰিবলৈ৷

কেমেৰা অন হ’ল৷ মাইক্ৰ’ফোন সন্মুখত লৈ সাংবাদিকে জোৰকৈ হাত জোকাৰি জোকাৰি কিবাকিবি কৈ গ’ল৷ মহিলাখিনিয়ে আঙুলি জোকাৰি জোকাৰি পৰশুৰ ওচৰলৈ খেদা মাৰি মাৰি আহিল৷ শ্ল’গান দুগুণ জোৰত চলি থাকিল৷ পৰশুৰ মূৰত এইবোৰ একো সোমোৱা নাই৷ চিঞৰবোৰ তাৰ মূৰত চক্ৰাকাৰে ঘূৰিবলৈ লাগিল “দাদাগিৰি, তেজ শোহা, ভণ্ডামি, শোষণ...” সি একো চিন্তা কৰিব নোৱৰা হ’ল৷ কিন্তু সি ভাগি নপৰিল৷ মনৰ মাজত আন কোনো দিনেই অনুভৱ নকৰা দৃঢ়তা এটা অনুভৱ কৰিলে৷ এই দৃঢ়তা পৰশুধাৰী ৰামৰ দৃঢ়তা, ক্ষত্ৰিয়ক নিক্ষত্ৰিয় কৰা দৃঢ়তা৷ সি যেন ধ্যানস্থ নিৰ্লিপ্ততাত মগ্ন হ’ল৷ সমাজৰ এই বিচাৰৰ সি মুণ্ডপাত কৰিব৷ সি কুঠাৰৰ সলনি কোৰ হাতত লৈছে৷ এই জাক কাৰ্তবীৰ্য অৰ্জুনৰ সৈন্য৷ ইহঁতক নিপাত কৰিব লাগিব৷ প্ৰাণেৰে নহয় কামেৰে৷ সি পৰশুৰাম হ’ব৷ সি পৰশুৰাম৷ সি দৃঢ়৷ সি জানে সি কি কৰিব লাগে... তাৰ কৰ্তব্য আজি পৃথিৱীখন সলনি কৰাৰ৷ মানুহৰ চিন্তাৰ প্ৰদূষিত সোঁতৰ কুণ্ডটো ছিঙি নতুন চিন্তাৰ সোঁত বোৱাই অনা৷

কিমান দেৰী হুলস্থুল হ’ল, কিমান দেৰী কেমেৰা চলিল তাৰ হিচাপ পৰশুৰ মনত নাথাকিল৷ এসময়ত কেমেৰা সামৰ খালে৷ সাংবাদিকৰ বাইক উভতিল৷ মানুহবোৰ পামৰ বাহিৰ ওলাল৷ যেন চিনেমাৰ শ্বুটিং চলিল৷ কেমেৰাত অভিনয়ৰ বাবে আটাইবোৰ আহিছিল৷ তাৰ অত্যন্ত ভাগৰ লাগিছিল৷ ধুমুহাই ডাল-পাত ভাঙি থৈ যোৱা এজোপা জীৰ্ণ-শীৰ্ণ গছৰ দৰে সি থিয় হৈ থাকিল৷

“পৰশু দা, পৰশু দা৷”

গকুলৰ মাতত তাৰ চেতনা ঘূৰি আহিল৷

“গকুল, বিচিত্ৰক ক ৷ একাপ স্পেচিয়েল চাহ খাম৷ তই মোৰ কোঠালৈ আহিবি৷”

অলপ সময়ৰ পাছতে গকুল তাৰ কোঠালৈ আহিল৷

“আজিৰ চিনেমাখনৰ শ্বুটিং কেনে হ’ল? ৰ’ এতিয়া আমাৰ ফালৰ পৰা শ্বুটিং আৰম্ভ কৰিম৷ মোৰ ম’বাইল কেমেৰাত তই শ্বুটিং কৰিবি মই কৈ যাম...৷”

গহীন, দৃঢ় কণ্ঠেৰে, তাৰ অন্তৰাত্মাৰ কণ্ঠৰে পৰশুৱে কৈ গ’ল, সেউজীয়া কৃষি পাম সমবায় সমিতিৰ লক্ষ্য, উদ্দেশ্য, বৰ্তমানৰ কৰ্ম, ভৱিষ্যতৰ কৰ্ম আঁচনি, আত্মসহায়ক গোটৰ কাৰ্যপ্ৰণালী সম্পৰ্কে স্থিতি... আদি সকলো কথা, আজিৰ ঘটনাৰ আঁতিগুৰি...

দহ মিনিট ন ছেকেণ্ডৰ এটা ভিডিঅ’৷ লগতে আজিৰ ঘটনাৰ দুটামান ভিডিঅ’৷

পৰশুৱে তাৰ ফেচবুকত শ্বেয়াৰ কৰিলে, আটাইবোৰ গ্ৰুপতে পঠিয়ালে৷ সকলোকে শ্বেয়াৰ কৰিবলৈ অনুৰোধ একোটাও লিখি পঠালে৷ “গকুল, শ্বেয়াৰ কৰ৷ আমাৰ চিনেমা আমি নিৰ্মাণ কৰিম৷”

দৃঢ় খোজেৰে পৰশু কাৰ্যালয়ৰ কোঠাৰ পৰা ঘৰলৈ ওলাই আহিল৷

 

এঘাৰ 

সন্ধিয়া পৰশু টিভিটোৰ সন্মুখত বহি ৰিমট টিপি ইটোৰ পিছত সিটো চেনেল সলাই থাকিল৷ আনকালে সি এনেদৰে একান্তমনে টিভিৰ সন্মুখত এনেকৈ নবহে৷ আজি বা কি হ’ল? মাক পাহিতাই তাক কিবা এটা সুধিব বুলি ভাবিও নসুধিলে৷

বাতৰিৰ সময় পাৰ হৈ গ’ল৷ সাংবাদিকটো কোনটো চেনেলৰ আছিল সি নাজানে৷ জনাৰ উপায়ো নাছিল৷ কেনেবাকৈ সি নেদেখাকৈ পাৰ হৈ গ’ল নেকি? ভিতৰি ভিতৰি উদ্বিগ্ন হ’ল সি৷ ওহোঁ, তেনেকৈ পাৰ হ’ব নোৱাৰে৷ একেটা বাতৰি চেনেলবিলাকত চাৰিবাৰকৈ কয়৷ ব্ৰেকিং নিউজত দিনৰ দিনটো জনায়ে থাকে৷ ঢৌটোকে ৰৌটো কৰা, চৰাইৰ কণীকে উৰুৱাই পঠোৱা কামত সিদ্ধহস্ত এইবোৰ সাংবাদিক-সম্পাদকে আজিৰ দৰে গৰম খবৰ এটা ইমান সহজে এৰি দিবনে? এজাক মহিলাই এজন পুৰুষক আগুৰি ধৰি ধৰ্ণা দিছে, শ্ল’গান দিছে - এনেকুৱা এটা ঘটনা চেনেলবিলাকৰ বাবে কেইবা ঘণ্টীয়া খবৰ৷ তেনেহ’লে সি বাতৰিটো নাপালে কিয়?

ফেচবুক খুলি সি মন কৰিলে তাৰ পষ্টটো ইতিমধ্যে বাইছজনে শ্বেয়াৰ কৰিছে৷ ছশটা ভিউ৷ চৰিশৰো ওপৰত কমেণ্ট৷ আটাইবোৰ ইতিবাচক, উৎসাহজনক৷ পৰশুৱে মনত সাহস পালে৷ সামাজিক মাধ্যমবোৰ বেয়া যিমান, ভালো সিমান৷ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে৷

ইতিমধ্যে ৰাতি গহীন হৈ আহিছিল৷ খাই-বৈ মাক-দেউতাক শুইছে৷ কল খাবলৈ অহা বাদুলী জাকটোৰ নিজৰ মাজতে খেকখেকনি, কাজিয়া৷ ঝিলিৰ ঝাঁই বাদুলীৰ কাজিয়াখন তল পেলাইছে৷ ঘাঁহনিত কোঢ়া এটাই বৰ গহীন মাতেৰে নিজৰ আধিপত্য ঘোষণা কৰিছে৷

ফোনটো নিস্তব্ধ কৰি পৰশু বিছনাখনত চিৎ হৈ শুই পৰিল৷ দিনটোৰ ঘটনাটোৱে টোপনিত দিগদাৰি নিদিবলৈ সি নামঘোষা এফাঁকি আওৰালে৷ প্ৰহ্লাদে নৰসিংহক তুতি কৰি গোৱা কীৰ্তনভাগ মনতে আওঁৰালে-

ভয়ংকৰ কোপ দেখিয়া তোমাৰ

       প্ৰভু মোৰ ভয় নাই৷

সংসাৰ চক্ৰৰ নিকাৰ দেখিয়া

        সদায়ে ধাতু উড়ায়৷৷

 

*      *      * 

এটোপাল তেজ... তাৰ পাছত আৰু এটোপাল তেজ বাগৰি আহিছে, ওখ পাহাৰৰ শিলৰ কঠিন বুকুত দাগ কাটি তললৈ নামি আহিছে- দুটোপাল তেজ৷ তললৈ নামি আহি তাৰ সন্মুখত মাটিত পৰিলহি৷ তেজ নহয় দুটোপাল ঘাম, ঘাম নহয় জুই শিখা, শিখা নহয় শস্যৰ বীজ৷ মাটিত অংকুৰিত হ’ল৷ মেল খালে বীজপত্ৰ৷ তীব্ৰ আস্ফালন, যেন আকাশখন ফালি চিৰাচিৰ কৰিব৷ চাৎ চাৎ বিজুলী, যেন আকাশখন জ্বলাই পৃথিৱীক ভষ্ম কৰিব৷ হাজাৰ পক্ষীয়ে একেলগে কান্দি উঠিল, হাজাৰ পশুৱে আত্ৰাহি পাৰিলে৷ তীব্ৰ ধুমুহাত ওখ ওখ গছবোৰৰ আগ চিগি মাটিত পৰিলহি৷ মাটিৰ বুকুত কঁপনি উঠিল৷

কঠিন শিলৰ বুকুত বাৰম্বাৰ বজ্ৰাঘাত, বিজুলী, ঢেৰেকনি, বজ্ৰনিনাদ - মই পৰশুৰাম৷

বজ্ৰাঘাত - বিজুলী সম্পাত।

মই মাতৃৰ শিৰচ্ছেদ কৰা নাই – বজ্ৰঘাত - বিজুলী সম্পাত ৷

মই যুযুৎসু ক্ষত্ৰিয়ৰ মুণ্ডপাত কৰোঁ, কাৰণ সিহঁতে মাতৃক অপমান কৰে৷

মই চিৰন্তন ধনলিপ্সু ৰাজন্যবৰ্গৰ মুণ্ডপাত কৰোঁ, কাৰণ সিহঁতে নিজৰে মাতৃক বলাৎকাৰ কৰে৷

বিজুলী সম্পাত - অগ্ন্যুৎপাত।

অগ্ন্যুৎপাত ভষ্মই ছানি লয় দশোদিশ ।

মই মাতৃৰ শিৰচ্ছেদ কৰা নাই ।

মই সেই পৰম্পৰা পৰিত্যাগ কৰিছোঁ ৷

যি ক্ষণিক সুখৰ লালসাত মগ্ন, যি পৰাশ্ৰয়ী৷

যি শোষণৰ পথ আঁকি যায়, যি আই পৃথিৱীক ধৰ্ষণ কৰে,

যাৰ জীৱনৰ অৰ্থ কেৱল জীয়াই থাকে সীমাবদ্ধতাত...

অগ্নিবৃষ্টি উদ্‌গীৰণ ভষ্ম দশোদিশ সূৰ্যবিহীন বতাহ স্তব্ধ ...

শব্দ তৰঙ্গ ভূমিত শায়িত ...

“মই লালন কৰোঁ নতুন সভ্যতা নতুন পোহৰ

অস্ত্ৰৰ ঝনঝননি তাত নাই, কামনাৰ আৱাহন নাই,

বৰ্ণভেদ নাই, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ সকলো কৃষক হওক,

ন ন উপত্যকা শস্যশ্যামলা হওক,

নতুন পৰম্পৰা হওক,

ভূমিৰ উৎপাদিকা শক্তি মোৰ মাতৃ - জী উঠক ।

মই মুক্ত হওঁ - পৃথিৱী পৰ্যটন, মোৰ অভিযান

ক্ষত্ৰিয়ক কৰিম খেতিয়ক ...

বজ্ৰাঘাত - বিজুলী সম্পাত।

অগ্ন্যুৎপাত - আকাশৰ বুকু জ্বলি উঠে

মহাকাশ কঁপাই যেন মহাদেৱে নাচে ডুগ্‌ ডুগ্‌ ।

জ্যোতিচক্ৰত ঘূৰিছে ভূমণ্ডল ।

হঠাৎ কঠিন শিলৰ বিদীৰ্ণ বক্ষইদি বাগৰি আহিল জলধাৰা, বিজুলী সঞ্চাৰে আকাশলৈ ঢৌ উঠিল। থৰথৰে পৃথিৱী কঁপিল...। জলধাৰা- ৰুদ্ধ জলধাৰা - মহাশক্তিৰে নিম্নলৈ ধাৱমান...। 

নতুন উপত্যকা - নতুন সভ্যতা ।

আজি মই মুক্ত ৷ নতুন সৃষ্টি - শস্য শ্যামলা ।

*      *      * 

খক্‌মকাই পৰশুৱে সাৰ পালে ৷ সি অনুভৱ কৰিলে যে সি ঘামিছে ৷ তাৰ ভিতৰৰ পৰা কেঁচা ঘাম বাহিৰ হৈছে ৷

সপোন দেখিলে ! কি সপোন ! সেই বজ্ৰকণ্ঠ ! এতিয়াও তাৰ অন্তৰত বাজি আছে ৷ যেন তাৰ সমগ্ৰ সত্ত্বা ছানি ধৰিছে ৷

নতুন সভ্যতা, নতুন চিন্তা । ক’ৰ পৰা আহিছিল শব্দকেইটা ! আঃ তাৰ সমগ্ৰ শৰীৰ জিকাৰ খাই উঠিল ৷

বিছনাৰ পৰা উঠি সি পানী এগিলাছ খালে ৷ বাহিৰলৈ ওলাই আহিল সি ৷ এছাটি কোমল বতাহ৷ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা বৈ আহি তাৰ গাত লাগিল ৷ আকাশলৈ মূৰ তুলি চালে সি। ধ্ৰুৱ তৰাটো উজ্জ্বল হৈ জিলিকি আছে ৷

*      *      *

(বাৰ) 

থমা দৈ আৰু গুৰেৰে সৈতে পুৱাৰ জলপান ভাগ খাওঁ বুলি লওঁতেই সিটো কোঠাত থকা তাৰ ফোনটো বাজি উঠিল৷ কাঁহৰ বাটিটো মজিয়াতে থৈ সি ফোনটো ৰিচিভ কৰিলে ৷ অচিনাকী নম্বৰ ৷

“পৰশু দা !”

“কোনে কৈছে বাৰু ?”

“মই দুৰ্লভ ৷ দুৰ্লভ চেতিয়া ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৷”

“আৰে দুৰ্লভ ! তই ক’ত, ক’ৰ পৰা কৈছ ?”

দুৰ্লভ চেতিয়া নামৰ তজবজীয়া ল’ৰাটোৰ চেহেৰাটো পৰশুৰ মনলৈ হঠাৎ আহিল ৷ আকস্মিকভাৱেই তাৰ মাতত আনন্দ ফুটি উঠিল ৷ দুৰ্লভ তাৰ জুনিয়ৰ আছিল ৷ শিৱসাগৰৰ ডিমৌত ঘৰ ৷

“আপোনাৰ পামৰ পৰা কৈছোঁ ৷”

“আমাৰ পামৰ পৰা ? কেতিয়া আহিলি ? খবৰ নিদিয়াকৈ আহিলি ? মই বকুল চাপৰিৰ ঘৰত আছোঁ ৷ অকণমান ৰ । মই গৈছো ৷ বিছ মিনিটতে পামগৈ ৷”

“খৰখেদা কৰিব নালাগে দাদা ৷ মই পামখনৰ শ্বুটিং লৈছোঁ ৷ ইয়াত ৰাতিপুৱাটো বৰ ধুনীয়া ৷ ব্ৰহ্মপুত্ৰখনৰ মাজত সূৰ্যোদয়ৰ ছবি লৈছোঁ ৷ ইমানবোৰ চৰাই ইয়ালৈ আহে ৷ সঁচা কথা কৈছোঁ, ইমান ওচৰৰ পৰা কামচৰাই মই আজিহে দেখিলোঁ ৷ সেই কাৰণে কৈছোঁ, আপুনি লাহে ধীৰে আহক ৷ আপোনাৰ লগত পাতিবলৈ বহুত কথা আছে ব...হু...ত...৷”

“ঠিক আছে, দুপৰীয়া ভাতকিটা তাতে খাবি ৷” জলপানৰ বাটিটো সি খৰখেদাকৈ শেষ কৰিলে৷

পামত গৈ যিটো ল’ৰাক লগ পালেগৈ তাৰ চেহেৰা সি ভাবি যোৱাতকৈ বহুত বেলেগ ৷ আগৰ হৃষ্ট-পুষ্ট ল’ৰাটো এতিয়া তেনেই ক্ষীণ-মীন ৷ মুখত পাতলকৈ দাঢ়ি ৷ অৱশ্যেই সি স্মাৰ্ট ৷ লগত তাতকৈ কম বয়সৰ কেমেৰা চলোৱা ল’ৰা এটাও ৷ কালি এনেকুৱা ল’ৰা দুটাই আহিছিল নেকি বাৰু সাংবাদিকৰ ৰূপত ?

পৰশুৱে দুৰ্লভক সাবটি ধৰিলে ৷

“তেনেই খীণাই গলি যে!”

“সন্নিপাতে চেপিলে ৷ তদুপৰি আমাৰ কামবোৰো বৰ স্বাস্থ্যকৰ নহয় ককাই৷”

“দেখিয়েই বুজিছোঁ ৷ তই সাংবাদিক, কোনটো চেনেলৰ ?”

চাহৰ কাপত সোহাটো মাৰি নিৰুদ্বিগ্ন হৈ উত্তৰ দিলে দুৰ্লভে -

“উজ্জীৱিত অসম ৷ কালি আহিছিলোঁ ৷”

 তাৰ কথাত পৰশুৱে চক খালে ৷

“তেনেহ’লে...”

“কালি আপোনাক পৰিচয় নিদিলোঁ ৷ পৰিৱেশটো বেলেগ আছিল ৷ সেইকাৰণে আজি ব্ৰহ্মপুৱাতে আহিলোঁ ৷ সাধাৰণতে সাংবাদিকবোৰ ন দহ বজালৈকে শোৱে ৷”

কি ক’ব ভাবি নাপাই পৰশুৱে সুধিলে, “নিউজটো নবজালি যে?”

“নাবাজে ৷”

“কিয় ?”

“আমাৰ বহুত বাজিব লগা নিউজ সম্পাদকে নবজায় ৷ নবজা নিউজেই তেওঁলোকলৈ খম্‌খমীয়া নোট আনি দিয়ে ৷ কালিৰ বাতৰিটো সম্পাদকৰ বাবে হট নিউজ আছিল ৷ তেওঁৰ কাৰণে বিগ ব্ৰেকিং নিউজ আছিল ৷ কিন্তু মোৰ বাবে বাজিব নলগা নিউজ ৷ বছ সিমানেই ৷”

শোহাটো মাৰি কাপটো মেজত থৈ দুৰ্লভে কৈ গ’ল -

“ভাগ্য ভাল ৷ কালিৰ মানুহখিনিয়ে মোৰ সৈতে যোগাযোগ কৰিলে ৷ ইয়ালৈ আহি থাকোঁতে বাটত উৎপাদনমুখী কামৰ নমুনা দেখি আহিলোঁ ৷ এজনক সুধি জানিলোঁ ইয়াৰ মূলতে বোলে পৰশু শইকীয়া ৷ আপোনাক আঁতৰৰ পৰাই চিনি পালোঁ ৷ ইংলিছৰ ছিনিয়ৰ, গতিকে...”

“পৰশু দা আপুনি আদৰ্শনীয় কাম কৰিছে ৷ এইবোৰ কামেহে দেশখন ৰাখিবগৈ ৷ এদল সেউজ সৈনিক আমাক লাগিবই ৷ ইয়াৰ প্ৰকৃতি মই ইতিমধ্যে কেমেৰাত বন্দী কৰিছোঁ ৷ এতিয়া আপোনাৰ সাক্ষাৎকাৰ এটা ল’ম, দীঘলীয়াকৈ ৷ মাজতে ভাত-পানীও খাম ৷ ইমান দিনৰ মূৰত আপোনাক পাইছোঁ ৷”

“আচ্ছা পৰশু দা, ইয়াত পক্ষী নিৰক্ষণ কৰিব পাৰি, কৃষি পৰ্যটন কৰিব পাৰি...”

এটা হুমুনিয়াহ কাঢ়ি পৰশুৱে উত্তৰ দিলে -

“পাৰি পাৰি, সকলো কৰিব পাৰি ইয়াত ৷ কিন্তু কাক লৈ আগবাঢ়োঁ ? যাকে বিশ্বাসত লওঁ সিয়েই আঁতৰি যায় ৷”

“সংগঠনত এনেবোৰ সাধাৰণ কথা ককাই ৷ এজন গৈছে যদি আন এজন আহিব ৷”

“ময়ো বুজি পাওঁ ৷ কিন্তু কেতিয়াবা বৰ অকলশৰীয়া অনুভৱ কৰোঁ অ’ ৷ তোক ক’ব পাৰি ৷ আমাৰ মানুহবোৰলৈ চাচোন, এসময়ত অসমীয়া মানুহ আত্মনিৰ্ভৰশীল আছিল ৷ এতিয়া কিন্তু আমাৰ মানুহবোৰ তেনেই চৰকাৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল ৷ এই কামটো প্ৰকাৰান্তৰে চৰকাৰ চলোৱা দলটোৱে কৰাইছে ৷ টোপ দি, লোভ দি ভোট বিচাৰে সিহঁতে ৷ পাঁচ বছৰ ধৰি মানুহবোৰক টু-টুৱাই থাকে ৷ মানুহবোৰক দৰিদ্ৰ কৰি তুলিবলৈহে এই আঁচনিবোৰ কৰে ৷ নাম দিয়ে হিতাধিকাৰী ৷ মানুহক চৰকাৰে একেবাৰে ভিক্ষাৰী কৰি তুলিছে ৷ মানুহক নিজে কৰি খাব পৰাৰ পৰিৱেশ সৃষ্টি নকৰে, আন্তঃগাঁথনি উন্নত নকৰে ৷ মাহেকত ত্ৰিছকেজি চৰকাৰী চাউল বিনামূলীয়াকৈ দিব ৷ মোৰ কথা হ’ল, তেওঁলোকক খেতিপথাৰ ঠিক কৰি দিয়াঁ, জলসিঞ্চনৰ ব্যৱস্থা কৰাঁ, জমা পানী ওলাই যোৱাৰ ব্যৱস্থা কৰাঁ ৷ মাটি নথকাক মাটি দিয়াঁ ৷ তেতিয়া তেওঁলোকক মাহে ত্ৰিছ কিলো চাউল দি, দুকুঠলীয়া ঘৰ একোটা দি চৰকাৰে পুতৌৰ পাত্ৰ নকৰিলেও হ’ব ৷ তাতকৈ  বহুত বেছি তেওঁলোকে নিজেই কৰি ল’ব ৷ তেওঁলোকৰ দক্ষতাক এনেকৈ চৰকাৰে অপচয় কৰিছে ৷ এই সাধাৰণ মানুহৰ প্ৰয়োজন মাত্ৰ চাউল কেইটাহে নেকি ?’

‘আৰু চা, অসমীয়া নাৰীৰ এটা সুকীয়া মৰ্যাদা আছে৷ বিহাৰ, উত্তৰ প্ৰদেশৰ মহিলাৰ দৰে নহয়৷ অসমীয়া নাৰীৰ হাতত থকা তাঁতশালখন, বাৰীৰ হাঁহ-পাৰ, তামোল-পাণৰ মৰ্যাদাপূৰ্ণ ঠাইখনৰ পৰা চৰকাৰে উলিয়াই আনি মজদুৰ সৃষ্টি কৰিছে ৷ আজি গাঁৱৰ অসমীয়া মহিলাই হাতত কোৰ, মূৰত টুকুৰী লৈ মাটি কঢ়িয়াই ৰাষ্টা বান্ধে ৷ চা কি লাজৰ কথা৷ হেৰ’ এৰী পলু পুহিলেও তাতকৈ বেছি টকা পাবি ৷ তাঁত দুজুতি লগাই সন্মানেৰে নগদ ধন উপাৰ্জন কৰিব পাৰিবি ৷ হাঁহ-কুকুৰা, গৰুকে পোহহঁকচোন ৷ ৰাষ্টাৰ শ্ৰমিক হ’বলৈ নাযাবি ৷ কিন্তু মানুহবোৰে মূৰত টুকুৰী ল’বলৈ যাবই, তই ৰখিব নোৱাৰ ৷ মূৰত টুকুৰী লোৱা মানুহবোৰক মই অসন্মন নকৰোঁ ৷ কিন্তু তাক গ্লৰিফায়ো নকৰোঁ ৷ আমাৰ মহিলাই টুকুৰী মূৰত লৈ বাট বান্ধিবলৈ যোৱাটো মই সহ্য কৰিব নোৱাৰোঁ ৷ ইয়াৰ মূল কাৰণটো চিন্তাৰ ভুল ৷ বছৰ বছৰ ধৰি হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰে এইবোৰ উন্নতিকে কৰিছেনে ? মহিলাৰ হতুৱাই বাট বন্ধাই মহিলাক সবল কৰে ? পুৰি খাবলৈও লাজ নাই ৷ কামৰ নমুনা কি চাবি ? সাত পুৰুষত নকৰা কাম একোটা কৰিবলৈ গৈ থিয়দঙা দি কোৰৰ নালত ধৰি হাজিৰাটো লিখায় ৷ চাহ খাওঁতে, তামোল খাওঁতে, মেল মাৰোঁতেই দিনটো যায় ৷ তাতে আকৌ হাজিৰাৰ চান কঢ়া জাত এটা আছেই নহয় ৷”

একেৰাহে কথাখিনি কৈ, দীঘল হুমুনিয়াহ এটা কাঢ়ি পৰশু ৰ’ল ৷ “বৰ অকলশৰীয়া অনুভৱ কৰোঁ ৷ কেতিয়াবা ভাবোঁ মইহে ভুল কৰিছোঁ নেকি ?”

“নহয় পৰশু দা, আপুনি সম্পূৰ্ণ শুদ্ধ কথা কৈছে ৷ এদিন আপোনাৰ কথা সকলোৱে বুজি পাব ৷ এতিয়াই আপুনি থমকি নৰ’ব ৷ এটা কথা, এই যে মহিলাখিনি আজি চৰকাৰী সাহায্য নাপাম বুলি ভয় খাই গুজৰি আছে, তেওঁলোকক লৈ কি ভাবিছে ?”

“তেওঁলোক আমাৰেই সম্পদ ৷ কিবা এটা কৰিব লাগিব ৷ চাপৰিলে মেঘ নেৰায় ৷”

বাঁহীয়াই তিনিওকে ভাত খাবলৈ মাতিলেহি ৷ নিজৰ ফিছাৰীৰ বাহু মাছৰ টেঙা আঞ্জা ৷

“বল, খাবৰ হ’ল৷ সাক্ষাৎকাৰ পাছত হ’ব ৷”

 

(তেৰ) 

কামটো উজু নাছিল৷ পৰশুৰ জীৱনৰ এটা ডাঙৰ প্ৰত্যাহ্বান৷ মানুহৰ মনৰ চাল-চলনৰ ৰেহা লগোৱা আৰু থিয় পৰ্বত বগোৱা একে কথা ৷ ঘনে ঘনে পিছলি পৰাৰ আশংকা এটা ওলমিয়ে থাকে ৷ তথাপি পৰশু সফল হ’ল ৷

সত্যপ্ৰকাশ দত্ত আৰু তেওঁ প্ৰলোভন দি সেউজীয়া পামৰ পৰা আঁতৰাই নিয়া হৰেন আৰু বিশ্বজিতৰ বাবেও কথাটো পৰম বিস্ময়কৰ হৈ ৰ’ল ৷ চৰকাৰী সাহায্যৰ বাবে হামৰাও কাঢ়ি ফুৰা এই মহিলাখিনিৰ এনেকুৱা পৰিৱৰ্তন কেনেকৈ ঘটিল ?

“আপোনাৰ বাৰীত কেইবাজোপা ভীমকলৰ গছ দেখিছোঁ ৷ বছৰেকত আপুনি কিমান টকা পায় ?”

“ক’ৰনো পাওঁ ? বাদুলিয়েই খাই শেষ কৰে ৷ তাৰ পাছত দুআখিমান ঘৰত খাই দুআখিমান বিক্ৰী হয় ৷  চল্লিছ টকামান পাওঁ হবলা ৷”

“অংকটো ভালকৈ কৰক বাইদেউ৷ এই দহজোপা ভীমকলৰ পৰা আপুনি চল্লিছ হাজাৰ টকা ঘটিব পাৰে৷ অংকটো চাওক, ধৰি ললোঁ এঠোকাত চাৰি কুৰি কল ৷ এটা ভীমকলৰ বজাৰ দাম দহ টকা ৷ আমি পাঁচ টকাকৈ ধৰিলে একুৰিত এশ, চাৰিকুৰিত চাৰিশ টকা ৷ কমেও চাৰিটা পুলি এজোপা কলগছৰ পৰা ওলায় ৷ তাৰে এটা পুলি ৰাখি দুটা পচলা হিচাপে বেছক, এশকৈ দুশ টকা ৷ কল কাটি পাছত গা-গছ আৰু মধুনাৰ পৰা কমেও পয়ত্ৰিছ-চল্লিছ লিটাৰ কলাখাৰ ওলাব, অতি কমেও লিটাৰত এশ টকাকৈ তিনি হাজাৰ পাঁচশ টকা ৷ এটা কলডিলত পঞ্চাছ টকা ৷ মুঠ চাৰি হাজাৰ এশ পঞ্চাছ টকা ৷ দহজোপাত কিমান ? চল্লিছ হাজাৰ টকাৰ বেছি হ’লনে? ভীমকলত দৰব-জাতি দিব লাগেনে ? নেলাগে ৷ চোতাল সৰা বন-বাতবোৰেই ভীমকলৰ সাৰ ৷ কলাখাৰ ভৰাবলৈ বটল কেইটাতনো কেই টকা খৰছা ? চিন্তা বদলাব লাগিব বাইদেউ ৷ চৰকাৰে গোটৰ দহগৰাকীৰ ভিতৰত দিব বিছ হাজাৰ টকা ৷ আপুনি এনেকৈ অকলেই চল্লিছ হাজাৰৰ মালিকনী ৷ গোটৰ টকাৰে এইবোৰ কাম কৰক ৷ কলৰপৰা চিপ্‌ছ প্ৰস্তুত কৰা মেচিন এটা দিবলৈ বেংকক কওক, চৰকাৰক কওক ৷ কলাখাৰৰ বটলিং মেচিন এটা বিচাৰক ৷ তেতিয়াহে আপুনি আৰু আপোনালোকৰ গোটটো মালিক হৈ পৰিব ৷ তেতিয়া আপুনি আৰু চৰকাৰৰ সাহায্য বিচৰা ভিক্ষাৰী হৈ থাকিবলগা নহবগৈ ৷”

“আপোনাৰ গোহালিত পোৱালিৰে সৈতে দহোটা গৰু ৷ ৰাতিটো গোহালিতে থাকে ৷ আটায়ে কমেও দুচপৰাকৈ হাগে ৷ দুই কেজি ৷ দহটা গৰু বিছ কেজি গোবৰ ৷ মাহেকত ছয় কুইণ্টল ৷ গোহালিৰ কাষত গোবৰৰ ভেৰ হৈছে, অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিছে ৷ কেঁচু সাৰ কৰক ৷ ছয় কুইণ্টল গোবৰ আৰু চাৰি কুইণ্টল জাৱৰ-জোথৰ মিলাই মুঠ দহ কুইণ্টল সাৰ উৎপাদন হ’ব ৷ প্ৰতি কেজিত অতি কম দামত পোন্ধৰ টকাকৈ বিক্ৰী কৰিলে পোন্ধৰ হাজাৰ টকা তিনি মাহত ৷ বছৰত ষাঠি হাজাৰ টকা ৷ কম টকানে ? মাটি বেছি পোৱা ধন ৷ ভাবক, নিজাকৈ ভাবক ৷ আপোনাৰ ঘৰৰ ছালখনত টিনপাত লগাব পাৰিব একে বছৰতে ৷ চৰকাৰলৈ আশা কৰি ৰৈ নাথাকিব ৷”

“পেহীদেউ, আপোনাৰ বাৰীত আৰু এই বাটটোত যিমানবোৰ এৰাগছ  এনেয়ে গজি আছে৷ চাৰি বাহ এৰী পলুৰ পাত আছে৷ নুপুহে কিয়? এক কেজি এৰী সূতাৰ দাম পাঁচ হাজাৰ টকা৷ এক কেজি লেটাৰ দাম পোন্ধৰশ টকা৷ চাৰি বাহত কমেও ছয় সাত কিলো সূতা ওলাব৷ ছয় কিলো সূতাৰে যদি এড়ী চাদৰ বয় তেন্তে ছখন ওলাব৷ এখনত অতি কমেও ছহেজাৰ টকাকৈ বিকিব পাৰিব৷ ছখনত ছয়ত্ৰিছ হাজাৰ টকা৷ বছৰত তিনিবাৰ এড়ী পোহক৷ তিনি ছয়ত্ৰিশ একলাখ আঠ হাজাৰ টকা ঘটি লওক বছৰত৷ চৰকাৰে দিয়াতকৈ বেছিনে? চিন্তাবোৰ তেনেকৈ কৰক৷ মুগা বা পাত পলুৰ কথা নকৱেঁই৷”

“তেনেহ’লে আমি কিয় ভিক্ষাৰীৰ দৰে হাত পাতিম ? কিয় টিকাফটা ৰ’দত টুকুৰী মূৰত লৈ মাটি কাটিবলৈ যাম ? আৰামত থাকিম ৷ উপাৰ্জন কৰিম ৷”

প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ পৰশুৱে অৰ্থনীতিৰ এনেকুৱা অঙ্কবোৰ বুজাবলৈ ধৰিলে ৷ উৎপাদিত বস্তুবোৰৰ বজাৰৰ দায়িত্ব সেউজীয়া সমবায় সমিতিয়ে ল’লে - গামোচা, চাদৰৰ পৰা কলডিল, কলাখাৰ, কেঁচুসাৰ বিক্ৰী কৰালৈকে ৷ ইতিমধ্যে মজুত হৈ থকা গামোচা, চাদৰবোৰৰ লগতে দুখন এড়ী চাদৰ সমবায়ৰ হৈ সংগ্ৰহ কৰি বিক্ৰী কৰি তাৰ ধন উৎপাদনকাৰীসকলক দিলে৷  যাতে মানুহবোৰৰ বিশ্বাস হয় ৷ কামবোৰ গোট অনুসৰি ভগাই দিয়া হ’ল - বৰা চাউল, জহা চাউলৰ গোট বেলেগ, পিঠাপনা সজা গোট বেলেগ ৷ প্ৰথম গোটৰ পৰা দ্বিতীয় গোটে কেঁচা মাল বৰা চাউল কিনিব ৷ দ্বিতীয় গোটে পিঠাপনা, আখৈ, হুৰুম তৈয়াৰ কৰি সমবায়ক বেছিব৷ কেঁচু সাৰবোৰ সমবায় পামতে সমুদায় খাটিব ৷

কথামতে কাম৷ মানুহখিনিয়ে লগে লগে প্ৰমাণ পালে এনেকৈও পইচা পাব পাৰি ৷

মানুহৰ উদ্ভাৱনী শক্তিৰ উন্মেষ ঘটিলে কোনো প্ৰতিবন্ধকতাই তাক প্ৰতিহত কৰিব নোৱাৰে ৷ মাথোন তাক উন্মোচন কৰিব পাৰিব লাগে ৷ নতুন চিন্তাৰ ঢৌৱে মনবোৰ জোকাৰি গ’লে নতুন নতুন কুঁহিপাত মেলে ৷

নতুন চাপৰি, বকুল চাপৰি, ককিলা আদিত কৰ্ম-চঞ্চলতাই নতুন ঢৌ সৃষ্টি কৰিলে ৷ পথাৰবোৰে প্ৰাণ পালে, বাৰীবোৰ সজাল সজীৱ হ’ল, মেৰণিবিলাকত তলমূৰ কৰি কাম কৰি থকা মানুহৰ সংখ্যা বাঢ়িল ৷ হাঁহ, পাৰ, ছাগলী, গাহৰিৰ গঁৰালবোৰ ডাঙৰ আৰু মজবুত হ’ল ৷ ঘৰেপতি তাঁতশাল হ’ল, পুখুৰীবোৰ চাফা হ’ল ৷ পাৰবোৰ মজবুত হ’ল, ৰ’দ ঘাই বতৰত মাছে খেলিবলৈ ধৰিলে ৷ যেন কিবা এটা স্পৰ্শৰ বাবে এই আটাইবোৰ ৰৈ আছিল ৷ শীতত মুজুৰা পৃথিৱীলৈ যেন বসন্ত আহিবলৈ ৰৈ আছিল ৷ অপেক্ষা আছিল মাথোন উদ্বোধনৰ ৷ এতিয়া মানুহৰ মনত উলাহৰ ফাগুন - ব’হাগ আহোঁ আহোঁ ৷

*      *      * 

ফাগুনৰ আৱেগ অস্থায়ী ৷ বহাগৰ আঁচনিহে দৃঢ় আৰু স্থায়ী ৷ কিন্তু বহাগক আদৰিবলৈ পৰশু এতিয়াও শক্তিশালী নহয় ৷ আৱেগৰ আৱেশত সৃষ্টি হোৱা এই কৰ্মস্পৃহা দুদিনত মাৰ যাব যদিহে নগদ টকাৰ সোঁতটো বন্ধ হয় ৷ বাৰিষা-খৰালি দুয়োটা কালতে ইয়াৰ সোঁত ৰুদ্ধ হ’বলৈ দিব নোৱাৰি ৷

বজাৰ লাগে - উৎপাদন আৰম্ভ গৈছে ? বজাৰ ক’ত ?

নিউভিল ৰোডত, ৰৰৈয়া, কে.বি ৰোডত, মৰিয়নি ষ্টেচন ৰোডত ? নহয় ৷

কৃষক ইমান সন্মানহীন হ’ব নোৱাৰে ৷ উৎপাদকসকলৰ নিজা মৰ্যাদা পাব লাগিব ৷ কিন্তু ক’ত ? কেনেকৈ ?

ফে’চবুকে সেউজীয়া কৃষি পামক আশা কৰাতকৈ বেছিকৈ সহায় কৰিছে ৷ পামৰ কাম-কাজবোৰৰ বিষয়ে বহুল প্ৰচাৰ হৈছে ৷ ফচলবিলাকৰ বজাৰ এখন ফেচবুকৰ জৰিয়তে সৃষ্টি হৈছে ৷ সতেজ শাক-পাচলিৰ উপৰি আন আন উৎপাদনবিলাকৰ দাম তালিকাৰ লগতে যোগাযোগ নম্বৰ ফেচবুক পেজত দিয়া হয় ৷ গ্ৰাহকে উৎসাহ দেখুৱায় ৷ প্ৰতিপুষ্টিত তেওঁলোকে দিয়া মন্তব্যবোৰে নতুন নতুন গ্ৰাহকক আকৰ্ষণ কৰে, সেউজীয়া পামতো অধিক উন্নত উৎপাদনৰ বাবে সচেতন কৰে৷ এটা সুন্দৰ ব্যৱস্থা ৷

হোৱাট্‌ছ এপৰ ‘আমাৰ বজাৰ’ৰ জৰিয়তে সজোৱা শৃংখলাটোৱে ভালদৰে কাম কৰি আছে ৷

এয়াই নহয় ৷ আৰু কিবা এটা লাগে৷ ফেচবুক, হোৱাটছ এপৰ আভাসী জগতখনৰ বিপৰীতে বস্তুগত এটা অৱস্থিতি ৷

যোৰহাট নগৰত এখন দোকান, এটা ষ্টল - এইটোও এটা দূৰণিৰ সপোন হৈ ৰৈ গৈছে ৷

দুবছৰৰ আগৰ কথা ৷ সেউজীয়া পামৰ লগতে তাৰ ওচৰ-পাজৰৰ সৰু সৰু কৃষি পামবোৰ চাবৰ কাৰেণ যোৰহাট জিলাৰ উপায়ুক্তজন আহিছিল ৷ সমবায়ৰ সভাপতিকে ধৰি সকলোৱে তেখেতক অনুৰোধ কৰিছিল যোৰহাট নগৰত এটা ষ্টলৰ যোগাৰ কৰি দিবলৈ ৷

উপায়ুক্তয়ো কথা দিছিল ৷ কথা মতে কামো কৰিছিল ৷ এবছৰৰ আগতে তৰাজানত প্ৰশাসনে নতুনকৈ নিৰ্মাণ কৰা ‘আমাৰ বজাৰ’ নামৰ প্ৰায় দুহেজাৰ বৰ্গমিটাৰৰ বজাৰখনত দুটা কোঠা সেউজীয়া পামৰ নামত দিছিল ৷ চাইন বৰ্ডত লিখা আছিল - জৈৱিক কৃষি আৰু আত্মসহায়ক গোটৰ বিক্ৰী কেন্দ্ৰ ৷ বৰ উৎসাহেৰে গাঁৱৰ খেতিয়কসকলে তাত পাচলি বেছিবলৈ নিছিল ৷ কিন্তু এসপ্তাহৰ ভিতৰতে সেই ঠাই অধিকাৰ কৰিলেহি গুণ্ডা কিছুমানে ৷ পাইকাৰী পাচলি বেপাৰীবোৰৰ ভেৰোণীয়া গুণ্ডা আছিল নিশ্চয় সিহঁত ৷ সামান্য কথাতে মাৰপিট কৰি গাঁৱৰ খেতিয়কক খেদি পঠিয়ালে সিহঁতে ৷ কাজিয়া কৰি মাৰ খাই পাচলি বেছিবলৈ খেতিয়কবিলাক তালৈ দ্বিতীয় বাৰৰ বাবে নগ’ল ৷ উপায়ুক্তক আপত্তি দিয়া হৈছিল যদিও কোনো ফল নধৰিলে ৷ সেই কোঠা দুটাৰ কৰ্তৃত্ব হস্তান্তৰ কৰা কাগজ-পত্ৰ এতিয়াও সেউজীয়া পামতে আছে ৷ কামটোহে নহ’লগৈ ৷

এবাৰ পৰশুৱে উপায়ুক্তগৰাকীক কৈছিল - “ছাৰ যোৰহাটলৈ অন্য ঠাইৰ পাচলি অনা বন্ধ কৰি আমাক দায়িত্ব দিয়ক ৷ আমি সতেজ পাচলি খুৱাম যোৰহাটবাসীক ৷”

উপায়ুক্তই হাঁহিছিল, “প্ৰস্তাৱটো ভাল, কিন্তু বহুত ফেক্টৰ আছে ৷ সম্ভৱ নহ’ব ৷ আমাৰ পৰা এটা আদেশ যোৱাতকৈ আপোনালোকে মুকলি প্ৰতিযোগিতাৰে বজাৰ দখল কৰাহে বেছি ভাল হ’ব ৷”

প্ৰতিযোগিতালৈ সিহঁতৰ ভয় নাই ৷ ভয় কেৱল অসাধু প্ৰতিদ্বন্দ্বীলৈ ৷ তথাপি সততাৰে সেউজীয়া পাম আৰু গাঁৱৰ খেতিয়কসকলে নিজৰ কাৰণে এখন বজাৰ উলিয়াবগৈ পাৰিছে ৷ লাগি থাকিলে মাগি নাখায় ৷

পৰশু সন্তুষ্ট নহয় ৷ কেৱল খাই-বৈ জীয়াই থকাতে খেতিয়কৰ সপোন শেষ হ’ব নেকি ? তাতকৈ ওপৰ খলপাত খেতিয়কৰ প্ৰৱে নিষিদ্ধ নেকি ? কোনে খেতিয়কক ঊৰ্ধ্বলৈ যাবলৈ বাধা দিয়ে ? কোনে ?

 

(চৈধ্য)

দুয়োখন ঘৰতে গোমোঠা মৰা বতৰ ৷ অৱশ্যেই দুখন ঘৰকে এখন বুলিবই পাৰি ৷ বোপাৰাম বিষয়া আৰু বেণু শইকীয়াৰ ঘৰ এখন ৷ বেণুক বোপাৰাম বিষয়াই বকুল চাপৰিত সংস্থাপন দিয়াৰ দিন ধৰি আজিলৈকে দুখন ঘৰৰ মাজত কাঁহীপাতেও গা কটা নাই ৷ বিষয়াৰ ল’ৰাকেইটাৰ ভিতৰত মহেনৰ বাদে বাকী নৰেন, বলেন আৰু বীৰেনে সুকীয়াকৈ ঘৰ-ভেটি কৰিলে ৷ নৰেনে জলসিঞ্চন বিভাগৰে কেৰাণী চাকৰিত সোমাল ৷ বাকীদুটাই খেতিৰ উপৰি সুকীয়া উপাৰ্জনৰো উপায় কৰি লৈছে ৷ বলেনে ধানকলটো আৰু বীৰেনে চাৰিজনী জাৰ্চি গৰু চম্ভালে ৷ কোনো আকাল নাই ৷ ক’ব পাৰি ওৱাদানি কৰি আটাইকেইটাই পৰিয়াল পোহপাল দিছে, গুৰু ভকতক সুধিছে, ৰাইজৰ হক কামলৈও দুপইচা বৰঙণি দিছে ৷ মহেন ম’হ-গৰুৰ খুঁটিতে ব্যস্ত ৷ তাৰেই উপাৰ্জন আটাইতকৈ বেছি ৷ খেতিটো অৱশ্যে চাৰিওটাই উমৈহতীয়াকৈ কৰে ৷ ডাঙৰি ঘৰলৈ আনি, গুটি ধান ভগাই লয় ৷ বেছিকৈ খেতিত লাগিবলগীয়া হোৱাৰ কাৰণে বলেন আৰু বীৰেনে সমানতকৈ একো একো ভাগ বেছিকৈ পায় ৷

বোপাৰাম বিষয়া ঢুকোৱাৰ পাছতহে পৰিয়ালকেইটা ভাগ হৈছে- হ’লেও এক ৷ মহেনে মাৰিয়াক বিয়া কৰোৱাৰ কাৰণেহে ঘৰখনক সমাজে এৰিছিল ৷ বোপাৰাম বিষয়াই কথাটোত ভিতৰি দুখ পাইছিল যদিও দেখুৱাই কথাটোত গুৰুত্ব নিদিয়াকৈয়ে থাকিল ৷ দুবছৰত মাৰিয়াৰ ডাঙৰজনী ছোৱালী জন্ম হ’ল, অশৌচ লাগিল ৷ বিষয়াই ককিলাৰ পৰা ভকত আনি নাম-প্ৰসঙ্গৰে চুৱা ভাঙিলে ৷ তাৰ পাছত এবছৰৰ ভিতৰতে ধৰ্মৰ গুৰি ধৰোঁতা ফটিক শইকীয়া, কমল নেওগ আৰু মিনেশ্বৰ গগৈৰো খুঁটি লৰিল ৷ এজনৰ ল’ৰাই সম্বন্ধত ছোৱালী আনিলে, এজনৰ সম্বন্ধত গ’ল আৰু এজনৰ ছোৱালী বদনামত পৰিল ৷ সাতে-সোতৰ মিলি বোপাৰাম বিষয়াৰ বিৰুদ্ধে এই কেইজনে ধৰ্মৰ বৰঘৰত তৰি থোৱা মোকৰ্দমাখনো আপোনা আপুনি খাৰিজ হ’ল ৷ আকৌ মানুহবোৰ এক হ’ল ৷ দুছটা ফটা বাঁহ লগ লাগিল ৷

ক’লাই মহাজনৰ সৈতে বেণুৰ সম্পৰ্কটো বানপানীৰ পাছৰ পৰা অলপ সহজ হৈ উঠিছিল ৷ বছাগাঁৱলৈ সি বছৰত দুই-চাৰিবাৰ যায় ৷ তাৰ বাবে ক’লাই মহাজনৰ ঘৰতকৈ ভালীৰামৰ ঘৰটোহে মূলঘৰ হ’ব লাগিছিল ৷ কাৰণ সি সেইখন ঘৰৰে জোঁৱাই ৷ একমাত্ৰ জোঁৱাই ৷ কিন্তু সম্পৰ্কটো শতৰু যেন হৈয়ে ৰ’ল ৷

হ’লেও দিন একেদৰে নাযায় ৷ ঘৰৰ অমতত পলাই যোৱা জীয়েকক গৰুও মৰিল পোক সৰিল বুলি বিদায় দিও, সময়ত সেই জী-জোঁৱাই নহ’লে বিহুৰ ভাতসাঁজ পেটলৈ নোযোৱা শহুৰ কেৱল ভালীৰামেই নহয় ৷ শয়ে শয়ে গণ্ডাই গণ্ডাই ওলাব ৷ পট পৰিৱৰ্তন এনেকৈয়ে ঘটিল ৷ ভালীৰাম শইকীয়াৰ নাতিনী-প্ৰীতি আৰু পৰশু জে. বি কলেজত পঢ়ে ৷ মোমায়েকৰ জীয়েক, মাহীয়েকৰ পুতেক হিচাপেই দুয়োটাই সম্পৰ্কিত ৷ কেতিয়াবা প্ৰীতিয়ে কলেজৰ পৰা ঘূৰি আহোঁতে পৰশুৰ বাইকতে উঠি আহে ৷ বছাগাঁৱৰ চাৰিআলিত তাইক নমাই থৈ পৰশু বকুল চাপৰি পায়হি ৷

এদিন প্ৰীতিয়ে জোৰ দি ধৰিলে -

“তোৰ মোমায়েৰৰ ঘৰলৈ যাবলৈ মন নাই নে সাহস নাই ?”

“মইতো মোমাইৰ ঘৰলৈ দিনে দুই-তিনিবাৰকৈ যাওঁ৷”

“আৰে সেইটো ডুপ্লিকেট ৷ ৰিয়েল মোমায়েৰৰ ঘৰৰ কথা কৈছোঁ ৷”

“চা, মোমাই-ভাগিনৰ সম্পৰ্ক কেতিয়াও ঠিক নাছিল- কংস আৰু কৃষ্ণ, দুৰ্যোধন আৰু শকুনি, শাল্ব আৰু পঞ্চপাণ্ডৱ আৰু এতিয়া৷ ”

“বাদ দে, ভয়পদুৰাটো  ব’ল, আজি তোৰ মোমায়েৰৰ চোতালতে ঘাঁচ কৈ বাইকখন ৰখাই দেগৈ ৷”

পৰশুৱেও তাকেই কৰিলে ৷ প্ৰীতিক পিছ ছীটত তুলি ভালীৰাম শইকীয়াৰ চোতালত বাইকখন ৰখাই দিলেগৈ ৷ আগচোতালত সেই সময়ত কোনো নাছিল ৷ তাই তাক চ’ৰাঘৰত বহুৱাই পোনে পোনে মাকক ক’লেগৈ ৷ মাকে একো সিদ্ধান্ত ল’ব নোৱাৰি গিৰীয়েকৰ ওচৰ পালেগৈ ৷

নাতিনীজনীক আগ বাঢ়িবলৈ দি ককাক ভালীৰাম আৰু আইতাক আইধনী কোঠাটোলৈ সোমাই আহিল ৷ কাষৰ চোফাখনতে ভালীৰাম বহিল ৷

“বোপাই, চব শুনি আছোঁ ৷ চব জানি আছোঁ ৷ তেজ ধুলে উটে, মঙহ ধুলে নুটে৷  সিহঁতকনো ইয়াত কোনে কিটো কৰিলেহেঁতন...৷” পৰশুৱে ককাকৰ ভৰি চুই সেৱা কৰাত তেওঁ বাক্যটো শেষ কৰিব নোৱাৰিলে ৷ শোক এটা উজাৰ খাই আহিল ৷ আইতাকক সেৱা কৰিবলৈ লওঁতে তাক বুকুত সাবটি এসোঁতা কান্দি পেলালে ৷ শব্দ নোহোৱাকৈয়ে বহু সময় পাৰ হ’ল ৷ চটফটীয়া প্ৰীতিয়েহে পৰিৱেশটো পাতল কৰিলে ৷

 “থ’ থ’ এতিয়া বৰনাতি পাই লেনচেলাব নালাগে ৷ এতিয়া খোৱা-বোৱা কি হৈছে তাৰহে  গম ল’ব লাগে ৷”

সেয়া আৰম্ভণি ৷ মাহীয়েক-মহাকৰ ঘৰলৈ পৰশুৰ লগতে প্ৰীতিও আহিল ৷ আটাইকে মুহি পেলালে ছোৱালীজনীয়ে ৷ তাই নেৰানেপেৰাকৈ লাগি থকাত মাহীয়েক-মহাকে তাইক বছা গাঁৱত থৈ আহিব লগা হ’ল৷ আহিল মানে গোটেই এৰাতি থাকি হাঁহৰ মঙহৰ জুতি লৈহে ঘূৰি আহিল ৷ বোপাৰাম বিষয়া আৰু সোণমাই শইকীয়াৰ অন্তৰখন বাৰিষা কালৰ পথাৰৰ লডি এটাৰ দৰে কুমলি আহিছিল ৷ কিন্তু এটা অনামী জেদ এটাই বিধি পথালি দিলে ৷ “ইমান দিন তহঁতে এদিনো বিচাৰি নাহিলি ৷ এতিয়া মৰিবৰ সময়ত তহঁতৰ মৰমফেৰা নহ’লেও চলিব ৷”

তেওঁলোক নোযোৱাৰ সিদ্ধান্ততে অটল থাকিল ৷ কিন্তু নাতিহঁতৰ উৎপাতত ভালীৰাম শইকীয়া আৰু আইধনী শইকীয়া দিনতীয়াকৈ জী-জোঁৱাইৰ ঘৰলৈ আহিল ৷ চাহ-তামোলৰ পাছত ভাত-পানী হয়গৈ মানে ‘ভনীজনীৰ’ ঘৰৰ পৰাও পাক এটা মাৰি আহিলগৈ ৷ চকু উখহি ৰঙা পৰাকৈ ওলোৱা চকুপানীৰ ধলে বাধাৰ জেওৰা-জপনা আটাইবোৰ উটুৱাই নিলে ৷ ইয়াৰ কৃতিত্ব ল’বৰ বাবে পৰশু আৰু প্ৰীতিৰ মাজত হেতা-ওপৰা লাগে, আজিও ৷

দুইখন ঘৰতে আজি গোমা বতৰৰ কাৰণটো জানিবলৈ পৰশুৰ বেছিপৰ নালাগিল ৷ দেউতাকে সংক্ষেপে গহীনাই ক’লে -

“হ’লি বিলিভা ইচকুল বন্ধ হ’ব ৷ ল’ৰা-ছোৱালীবোৰ এতিয়া নিগমে মৰিব ৷”

“হ’লি বিলিভাৰছ হাইস্কুল’ - পৰশুৱে নিজে পঢ়া বিদ্যালয় ৷ অষ্ট্ৰেলিয়াৰ মিছনেৰীয়ে চলায় ৷ মিছনেৰীৰ শিক্ষক-শিক্ষয়িত্ৰী কেৰেলিয়ান, নগা আৰু মিজো ৷ অসমীয়া তিনিজন ৷ তাৰে ভিতৰত মাৰিয়া এম. ইৰ প্ৰধান শিক্ষয়িত্ৰী ৷ ইংৰাজী মাধ্যমৰ স্কুল ৷ অঞ্চলটোৰ প্ৰথম স্কুল ৷ বোপাৰাম শইকীয়াৰ মাটিত তেওঁৰ ছত্ৰছায়াত গঢ় লোৱা অনুষ্ঠান ৷ এখন বিদ্যালয় পতা তেওঁৰ সপোন আছিল ৷ সেইটো সফল হ’ল ৷ ইংৰাজী মাধ্যম হোৱাত তেওঁৰ আপত্তি নাছিল ৷ বৰং ভাল পাইছিল ৷ “আমাৰ ল’ৰা-ছোৱালীয়ে অসমীয়া জানেই ৷ ইংৰাজী শিকিলে আৰু হে ভাল ৷” স্কুলখনৰ লগতে গীৰ্জাঘৰটোৰ ভূমিদাতা হিচাপে তেওঁৰ নামফলক খোদাই কৰা আছে৷

বেণুৰ সপোনটো লাহে লাহে ফলিয়াবলৈ লৈছে ৷ বোপাৰাম জেঠপেহাৰ সপোনৰ এনে দশা হ’বলৈ কেনেকৈ এৰি দিব পাৰি ? তাকে ভাবি বেণু বিমৰ্ষ ৷ ল’ৰা-ছোৱালবিলাকে এইহেন পিছপৰা ঠাইত এটকা নভৰাকৈ পঢ়িবলৈ পাইছে ৷ জোতা-মোজা, টাই, ইউনিফৰ্ম চোলা, কিতাপ নিয়া বেগ চব বস্তু স্কুলৰ পৰাই দিয়ে ৷ সেই হেন স্কুলখন বন্ধ হ’বলৈ হ’লে কেনেকৈ হ’ব? এনেকৈ এৰি দিব পাৰিনে ?

গাঁৱৰ এদল মানুহ গৈ ফাদাৰক কথাটো ক’লেগৈ, “আপোনলোকে আমাক এনেকৈ এৰি গুচি গ’লে কেনেকৈ হ’ব? আমাৰ ল’ৰা-ছোৱালীবোৰৰ কি হ’ব? ইচকুলখন বন্ধ নকৰিব৷”

ফাদাৰে এষাৰ কথাই ক’লে, “মোৰ মনতো বৰ দুখ আছে। কিন্তু কি কৰিম ? বৰ্ডৰ কথা হৈছে আমিলোক ইয়াৰ পৰা যাব লাগে ৷”

“কেলেই যাব? আপোনালোক আমাৰ লগত থাকিব ৷ আমি ৰাখিম ৷”

“বেয়া নাই পাব৷ বৰ্ডৰ কথাটো হুনিব লাগিব৷ আমিলোক একো কৰিব নাই পাৰিম ৷”

মায়েকৰ পৰাও পৰশুৱে একেখিনি কথাকে শুনিলে ৷

“মাই, স্কুলখন বন্ধ হোৱাৰ আন কিবা কাৰণ আছে নেকি?”

“মই বিশেষ ক’ব নোৱাৰিম৷ এই এন. জি.টোৱে খ্ৰীষ্টান ল’ৰা-ছোৱালীহে ফ্ৰিতে পঢ়ুৱায় ৷ আমাৰ ইয়াত তেনে ল’ৰা-ছোৱালী বঢ়াই দেখুৱাব নোৱাৰিলে।”

পানীৰ তলৰ কাঁইট পৰশুৰ চকুত জলজল পটপট হ’ল ৷

পাছদিনাই পৰশু ফাদাৰৰ ওচৰলৈ গ’ল ৷ ফাদাৰ মানুহজন ভাল ৷ প্ৰাক্তন ছাত্ৰ হিচাপে পৰশুহঁতকো মৰম কৰে, গুৰুত্ব দিয়ে ৷

“ইটছ নট মাই ডিচিছন মাই চাইল্ড ৷ ৱি আৰ হেল্পলেছ ৷ ইউ য়াংমেন, অল এলুমনাইজ, টেক কেয়াৰ অফ দিছ স্কুল, প্লিজ৷” ফাদাৰৰ চকুকেইটা সেমেকি উঠিছিল ৷ নিজে স্থাপন কৰা স্কুলখনৰ শেষ দশা নিজেই দেখি মানুহজনৰ অন্তৰখন ভাগি পৰিছে ৷

“ৱি ৱিল কেৰি নাথিং ৱিড্‌ আছ, একচেপ্ট মেম’ৰিজ... চুইট মেম’ৰিজ... মাই চাইল্ড...”

ফাদাৰক সি এটা সেৱা কৰিলে ৷ সেমেকা চকুৰে সি স্কুলৰ পৰা মোমায়েকৰ ঘৰলৈ আহিল ৷

“বাৰু মাই, কওকচোন৷ দৰমহাৰ বাবদ কিমান খৰচ হয় মাহে?”

“মই সঠিককৈ নাজনো ৷ আমাৰ আটাইৰে দৰমহা বাৰ হাজাৰৰ পৰা পাঁচ হাজাৰৰ ভিতৰত ৷ বাৰ হাজাৰ আমি তিনিগৰাকী ৷ বাকীবোৰো তেনেকৈয়ে আৰু ৷”

“বেছি দৰমহা নাপায়চোন ৷”

“নাপায়, খাটনি বহুত বেছি ৷ সেৱাৰ মনোভাৱেৰেই সকলো চলে ৷”

“ষ্টাফ কিমান?”

“ওঠৰ গৰাকী৷ এতিয়া আমি তিনিগৰাকীহে থাকিমগৈ ৷”

“তাৰ মানে নতুন মানুহ লাগিব ৷”

সি এটা অংক কৰিলে ৷ ষ্টাফৰ সংখ্যা ওঠৰ ৷ গড়ে পাঁচ হাজাৰকৈ মাহে নব্বৈ হাজাৰ... ছাত্ৰ-ছাত্ৰী সংখ্যা তিনিশ...৷

 

পৰশু, নবীন, জিতেন, বিপুলকে ধৰি দহোটামানে এখন ৰাজহুৱা সভা আহ্বান কৰিলে ৷ চিঠি ছপাই মানুহ মাতিলে ৷ প্ৰায়বোৰ অভিভাৱকেই গোট খালে ৷ কোনেও বিদ্যালয়খন মৰিবলৈ এৰি নিদিয়ে, যিকোনো প্ৰকাৰে জীয়াই ৰাখিবলৈ সংকল্পবদ্ধ ৷ ফাদাৰক পৰশুৱে পোনপটীয়াকৈ ৰাজহুৱা প্ৰশ্ন কৰিলে -

“এই মাটি, এই ঘৰ-দুৱাৰ, আচবাব আপোনালোকে আমাক দিবনে ? যদি আমি এখন স্কুল চলাওঁ ?”

ফাদাৰে তাক কোৱা কথাকে দোহাৰিলে -

“আমিলোক কিছু নিনিব ৷ আপনাকে দিব ৷ মাটিখান যি মানুহ দিছে বোপাৰাম বিহয়া স্কুলৰ কাৰণে দি আছিল ৷ এগ্ৰিমেণ্টত কথা আছে ৷ স্কুল বন্ধ হ’লে ফিৰাই হইকীয়া এই মাটি পাব ৷ দা প্লট অফ লেণ্ড ছেল বি ৰিট্ৰাইভড্‌ টু দা ডনাৰ ইফ দা ছেকণ্ড পাৰ্টি ফেইলছ টু এষ্টাব্লিছ চাচ এন এডুকেশ্যনেল ইন্‌ষ্টিটিউট ৷”

সি ফাদাৰক ধন্যবাদ দিলে ৷

“ৰাইজ আপোনালোকে টকা ভৰি পঢুৱাবনে ? মাহে মাহে মাচুল দিব লাগিব ৷ শ্ৰেণী অনুসৰি দুশৰ পৰা চাৰিশ টকাৰ ভিতৰত ৷ স্পষ্টকৈ কওক ৷ ৰাইজে বলে পাৰিলেহে স্কুলখন ৰ’ব ৷ নহ’লে যাব ৷”

আটায়ে মত দিলে - “আমাৰ আচল সম্পদ ল’ৰা-ছোৱালীকেইটা ৷ সিহঁতৰ কাৰণে খৰচ কৰিম ৷”

“তেনেহ’লে স্কুল হ’ব ৷ আমি নতুন পৰিচালনা সমিতি কৰি নতুন শিক্ষক-শিক্ষয়িত্ৰী নিয়োগ কৰিম ৷ অসমীয়া মাধ্যমত পঢ়িব ৷ জাতীয় ভাষা-সংস্কৃতিৰ শিক্ষাৰে শিক্ষিত হৈ ইংৰাজী ভাষাতো পাৰ্গত হ’ব ৷”

নবীনে প্ৰস্তাৱ দিলে -

“স্কুলৰ নামটো সলনি কৰিব লাগিব ৷ ভূমিদাতাৰ নামেৰে ‘বোপাৰাম বিষয়া জাতীয় বিদ্যালয়’ হওক ৷ সকলোৱে সমৰ্থন কৰিছিনে ? কাৰোবাৰ আপত্তি আছে নেকি ?”

উলাহেৰে হাত চাপৰি বজাই সমজুৱাসকলে নবীনৰ প্ৰস্তাৱটো সমৰ্থন কৰিলে ৷

সভাৰ শেষত উদ্যোক্তা আটাইকেইটাই ডেকাই মাৰিয়াই সজাই দিয়া ভজা বৰা চাউলৰ জলপানটো আঠা দৈ আৰু গুৰেৰে পেট পূৰাই খালে ৷

“এটা কথা অ’ জান ৷ আমাক প্ৰধান শিক্ষক এজন লাগিব বিশেষকৈ ৷”

“কেলেই প্ৰধান শিক্ষয়িত্ৰীৰে কাম নচলিব নেকি ? তুমি চলাবা ৷”

“মোৰ শিক্ষাৰে নোৱাৰিম ৷ এতিয়া যেনেতেনে চলিছিল ৷ নতুন স্কুলত নহ’ব ৷ বি.এড পাছ কোনোবা লাগিব ৷”

“হয় নেকি ?” পৰশুৱে থুঁতৰিত তৰ্জনী আঙুলিটো চাপ দি চিন্তা কৰিলে ৷ হঠাৎ সমাধান ওলাল -

“হৈ যাব চিন্তা নাই ৷ অৰুন্ধতী... তুমি মাক কৈ দিবা ৷ অৰুন্ধতী আহিব ৷”

“নবৌক কিয় ক’ব লাগে ?”

“কেলেই ছোৱালীজনীক থাকিবলৈ ঘৰ এখন নালাগিব ?”

“অ’ তাৰ মানে...?”

“যি বুজিছা বুজিলা আৰু ৷ হ’লতো, মই যাওঁ ৷”

সি লগৰকেইটাৰ সৈতে খৰধৰকৈ বাহিৰলৈ ওলাই আহিল ৷

ৰাতি সি অৰুন্ধতীলৈ বাৰ্তা পঠিয়ালে -

“তোমাক বোপাৰাম বিষয়া জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদ দিয়া হৈছে ৷ সোনকালে যোগ দিবহি লাগে ৷ থকা-খোৱা ফ্ৰি ৷ বেণু শইকীয়াৰ ঘৰৰ পৰশুৰ কোঠাতে থকাৰ ব্যৱস্থা, ৰন্ধা-বঢ়া মিলিজুলি চলিব৷ দৰমহা কিমান হ’ব এতিয়াই ক’ব পৰা নাই ৷ নিগচিয়েবল”

 

(পোন্ধৰ)

“সি কৈছে, ঠিকেই কৈছে ৷ কিন্তু সমাজখন, ছোৱালীজনীৰ ঘৰখনৰ কথাও আছে ৷ আগলৈকে মিতিৰ ঘৰ লাগে ৷ তাক ক’বা- আমিনো কি আপত্তি কৰিম ৷ নীতি-নিয়ম মতে কামটো হওক ৷ তাৰ যি স্বভাৱ কোনোবা দিনা ভুটুংকৈ ছোৱালী এজনী ঘৰ নুসুমুৱালেই ৰক্ষা ৷”

পাহিতাই মাৰিয়াক কথাখিনি ক’লে ৷ এটা মিঠা দায়িত্ব ৷ দুয়োজনী মহিলা আগতকৈ যেন বেছি বুজন হ’ল ৷ মাক হোৱাটোৱেই ডাঙৰ কথা ৷ ল’ৰাৰ মাক হৈ বোৱাৰী এজনী অনাটো তাতকৈও ডাঙৰ কথা ৷ সিহঁতৰ নতুন জীৱনটো গত লগাই, দৰকাৰ মতে নিজকো সলাই লোৱাটো তাতকৈও ডাঙৰ কথা ৷

ভাবী দৰা-কইনাৰ ঘৰে ঘৰে কথা হ’ল ৷ প্ৰীতিয়েই বৰোৱাৰী হ’ল৷ ঘৰ চাহিনি হ’ল, তামোল-পাণ পেলোৱা হ’ল ৷ ব’হাগৰ প্ৰথমটো বিয়াৰ তাৰিখতে বিয়াখন ঠিক হ’ল ৷

বিয়াখন পাতিবলৈ বৰ চিন্তা নাই বেণুৰ ৷ চাউল-পাত, গাখীৰ-দৈ, কলে-কুঁহিয়াৰে উভৈনদী হৈ আছে ৷ সাঁচতীয়া ধন বৰ বেছি নাথাকিলেও ৰভাখন তৰি ৰাইজক এসাজ ভালদৰে খুৱাবলৈ অথবা ছোৱালীজনীক সোণৰ বস্তুকেইপদ আৰু কাপোৰ কেইযোৰ দিব পৰা সামৰ্থ্য তাৰ আছে ৷ কইনাঘৰো সিহঁতৰ দৰেই খেতিৰ ধনী ৷ কৰঙাৰ নামজ্বলা বৰুৱা পৰিয়ালৰ ৷ তেওঁলোকৰো অভাৱ-অনাটন বুলিবলৈ বিশেষ নাই ৷ ল’ৰা-ছোৱালীৰ মনৰ মিলক গুৰুত্ব দিয়া মানুহ ৷

পৰশুৱে নিজে একোতে মাত আৰু মত দিয়া নাই ৷ দুইখন ঘৰৰ ডাঙৰবোৰে ভাবি-চিন্তি যি কৰে কৰক ৷ বিয়াখন মাঘত নলৈ ব’হাগত লোৱাত সি ভাল পালে ৷ ভাদৰ পৰা চ’তলৈকে সেউজীয়া পামত খেতিৰ ভৰপক দিন ৷ আন কথা ভাবিবলৈ সময় নাই ৷ ফচলবোৰ বজাৰত উচিত দামত খটুৱাবলৈ সি বৰ কষ্ট কৰিব লাগে ৷ বাম খেতিৰ ফচলবোৰ সংৰক্ষণ কৰিব পৰাকৈ এটা শীতল গৃহৰ বৰ দৰকাৰ হৈছে ৷ তেতিয়াহে খেতিয়কে উচিত মূল্য পায় ৷ আমাৰ বিনামূলীয়া চাউল, আঁঠুৱা-কম্বল বিলোৱা চৰকাৰৰ মন্ত্ৰী-বিধায়কবিলাকে কেতিয়াযে এই কথাবোৰ বুজি উঠিব ৷ দহ মিটাৰ দীঘল এখন দলং সাজিবলৈ লৈও এইসকলে এদিন আধাৰশিলা কৰিবহি, দুবছৰ মান সময়ত সাজি হ’বগৈ ৷ তাৰ পিছত এদিন উদ্বোধন কৰিবহি ৷ তাৰ এবছৰমানৰ পাছৰ পৰা দলঙত ফাঁট মেলিব, খপলা-খপলে এৰাব- এইবোৰ দেখি দেখি বিতৃষ্ণা লাগে পৰশুৰ ৷ নিজে নিজক সংস্থাপন দিব পাৰি সি যিমান সুখী, আন দহজনক উপাৰ্জন মুখ দেখুৱালৈ পাই তাতকৈ বেছি সুখী ৷

*      *      *

 

এটা নতুন প্ৰত্যাহ্বান এনেদৰে আহিব বুলি পৰশুৱে ভবা নাছিল ৷ পৰশুৱেই নহয়, পৃথিৱীৰ কোনো মানুহেই ভবা নাছিল ৷ দেশে দেশে লাখ লাখ মানুহ মৰিছে ৷ সকলো কাম-কাজ বন্ধ হৈ গৈছে ৷ কেৱল জীৱন ৰক্ষাৰ তাড়নাত মানুহ ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হৈছে ৷ চীন দেশত মৃত্যুৰ কিৰিলি পাৰি ক্ৰমে ইটালী, ফ্ৰাঞ্চ, জাৰ্মানী, আমেৰিকাকে ধৰি ধনী ধনী দেশত হাহাকাৰ তুলি বেমাৰটো ভাৰত পালেহি ৷ তাৰ পাছত অসম ৷ বেমাৰ নহয়, মহামাৰী অতিমাৰী ৷ এটা চকুৰে নেদেখা ভাইৰাছৰ ভয়ত ত্ৰষ্টমান সমগ্ৰ পৃথিৱী ৷ মানুহৰ বিজয় গৰ্ব যেন খৰ্ব কৰিবলৈ প্ৰকৃতিয়ে সৃষ্টি কৰিছে এই ৰোগ ৷ টিভিত চৌবিছ ঘণ্টা এই মহামাৰীৰ বাতৰি, ইয়াৰ বাবেই বহুত ম’বাইল এপ তৈয়াৰ হ’ল, ফেচবুক, হোৱাটছ এপ, টুইটাৰত মহামাৰী সম্পৰ্কীয় লেখা, ভিডিঅ’ আদি ব্যাপক ৰূপত প্ৰচাৰ হৈছে ৷ সৰ্বত্ৰ ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশ ৷ যুদ্ধতকৈও ভয়ঙ্কৰ ৷ কোনেও কাকো বিশ্বাস কৰিব নোৱাৰে ৷ কাৰ গাত মহামাৰীৰ বীজাণু লাগি আহে ঠিকনা নাই ৷ অবিশ্বাস, সন্দেহে সামাজিক পৰিৱেশ আন্ধাৰ কৰিছে ৷

ৰ’না ভাইৰাছ - ক’ভিদ - ১৯ ৷ যেন কল্কী অৱতাৰ ৷ কাকো ৰক্ষা দিয়া নাই ৷ ভাৰততো লক ডাউন ৷ ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ, আইন-আদালত সকলোতে তলা বন্ধ ৷ ঘৰতে থাকক, নিৰাপদে থাকক ৷ বাহিৰলৈ নোলাব, সাৱধানে থাকিব, সামাজিক দূৰত্ব বজাই ৰাখক, কমেও দুজন ব্যক্তিৰ মাজত এক মিটাৰ দূৰত্ব বজাই ৰাখক- অনবৰত এইবোৰ মন্ত্ৰ ৷ আনকি ম’বাইলত ফোন এটা কৰোঁতেও একেই কথা ৷

ঘৰৰ পৰা বাহিৰলৈ ওলালেই পুলিচে ধৰি কোবায় ৷ ৰাষ্টা-ঘাট জনশূন্য ৷ প্ৰথমে চৈধ্য দিন লকডাউন ঘোষণা কৰিছিল ৷ তাৰ পাছত ক্ৰমে লক ডাউনৰ ম্যাদ বঢ়িবলৈ ধৰিলে ৷ লক্ষ লক্ষ কাৰখানাৰ শ্ৰমিকে জেপত থকা খুচুৰা পইচাকেইটাও শেষ হোৱাত, খাবলৈ নাপাই মৰাতকৈ ঘৰলৈ বুলি হাজাৰ মাইল খোজ কাঢ়িছে ৷ কোনোবা বাটতে মৰিছে, কাৰোবাক ট্ৰেনে কাটিছে ৷ চৰকাৰৰো কোনো আঁচনি নাই এই মানুহবোৰক লৈ ৷ সৰু সৰু বেপাৰী, ৰাষ্টা দাঁতিৰ দোকানী, পদপথ বেপাৰীবোৰৰ পানীত হাঁহ নচৰা অৱস্থা ৷ কি হ’ব ? কেনেকৈ পৰিত্ৰাণ পাব কোনো উত্তৰ কাৰো হাতত নাই ৷ ক’ৰ’না বিৰোধী যুঁজখনত প্ৰথম শাৰীৰ যুঁজাৰু হিচাপে শ শ ডাক্তৰ, নাৰ্চে প্ৰাণাহুতি দিছে ৷ কোনো কোনো নগৰ-মহানগৰ কনাৰ হটস্পট হৈছে ৷ নগৰৰ পৰা গাঁওবিলাকলৈও মহামাৰীটো বিয়পিছে ৷ ঘাইকৈ বয়সীয়া লোকসকলক যদি এই ৰোগে লগ পাইছে, তেন্তে তেওঁৰ জীৱন ৰক্ষা কৰাটো অতি জটিল হৈ উঠিছে ৷ এতিয়া কোনো কাৰো ঘৰলৈ নোলায় ৷ আলহী নাহে, আহিলেও গৃহস্থই পদূলি মুখৰ পৰা বিদায় দিয়ে ৷ মাক্স-ছেনিটাইজাৰ যেন জীৱনৰ অঙ্গ হৈ পৰিল ৷ কোনোবাই হাঁচি-কাহ এটা মাৰিলেও মানুহে চক্‌ খায় ৷ তৎক্ষণাৎ দূৰলৈ আঁতৰে ৷ হয়তো মানৱ বুৰঞ্জীত এইটো অভাৱনীয় দুযোৰ্গ হিচাপে চিৰকাললৈ ৰৈ যাব ৷

সাংঘাতিক ভয়ঙ্কৰ পৰিস্থিতিয়ে বছা গাঁও, বকুল চাপৰি, নতুন চাপৰিক চুবহি পৰা নাই ৷ গাঁৱৰ মানুহবোৰৰ শিপাডাল নগৰৰ মানুহতকৈ শক্তিশালী ৷ গাঁৱত এতিয়াও একোখন বাৰী আছে, আগ চোতাল-পিছ চোতাল আছে ৷ তাত লাগনি গছবোৰ আছে, পথাৰখন আছে, পথাৰত ফচল আছে ৷ গতিকে দুটা বা চাৰিটা কোঠাৰ ভিতৰত দিনৰ পাছত দিন, সপ্তাহৰ পাছত সপ্তাহ সোমাই থাকিব লগা নগৰীয়া মানুহবোৰৰ যন্ত্ৰণা তেওঁলোকে অনুভৱ কৰা নাই ৷ ফুটপাথত দোকান দিয়া মানুহবোৰৰ জীৱন নচলা হৈ উঠিছে ৷ চৌকা নজ্বলা হৈছে ৷ সৰু বৰ আটাইবোৰ দোকানীৰে ব্যৱসায়ত ৰঙাবাতি জ্বলিছে ৷ মাহচেৰেক বন্ধ হোৱাৰ আশংকা কৰি অত্যাৱশ্যকীয় বস্তুৰ দোকানবোৰ বিভিন্ন নীতি-নিয়মেৰে খুলিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে ৷ কিন্তু ঘৰলৈ খোৱাবস্তু কেইটা গোটাই আনিবলৈ যোৱা মানুহৰ ভিৰ লাগে ৷ পুলিচে লাঠিৰে কোবাই মানুহ ঘূণীয়া কৰে ৷ আটাইতকৈ দুষ্প্ৰাপ্য বস্তু হ’ল পাচলি ৷ ৰাজ্যজুৰি আন্তঃৰাজ্যিক পৰিৱহন সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ ফলত অন্যান্য বস্তুৰ লগতে পাচলিৰ অভাৱ মানুহে বাৰুকৈ অনুভৱ কৰিলে ৷

ইফালে নতুন চাপৰিৰ পামবোৰত, সেউজীয়া পামত পাচলি পকি সৰি গৈছে ৷ ফেচবুকত হাজাৰ হাজাৰ কিলো বিলাহী, কবি, বেঙেনা, ভাতকেৰেলা, বিন, লেচেৰা মাহ গেলি নষ্ট হ’বলৈ ধৰা ছবি আৰু কৃষকৰ বেদনা ভৰা মুখৰ ছবি উপচি পৰিছে ৷ সেউজীয়া পামৰে প্ৰায় তিনিশ টন পাচলি এইদিনবোৰত ছিঙিব পৰা হৈ আছে ৷ যদি লক ডাউন সোনকালে নোখোলে, তেনেহ’লে কৃষকসকলো নিগমে মৰিব ৷ এটা জ্বলন্ত সমস্যাই মুখ মেলি খাওঁ খাওঁ কৰি যেন পামবিলাকৰ পিনে হুমিয়াই আছে ৷ ৰক্ষাৰ পথ ক’ত? এইবাৰ বানেহে বান৷ শেনৰ এজাত ৷

পাচলি বিচাৰি নগৰৰ মানুহবোৰে পুলিচৰ চকুত ধূলি দি, গাঁও অঞ্চলত থকা শিথিলতাৰ সুযোগ লৈ নতুন চাপৰিলৈ আহিবলৈ আৰম্ভ কৰিলে ৷ প্ৰথমে দুই এজন লাহে লাহে শ শ মানুহ আহিল৷ পামৰ পৰা নিজে সতেজ বস্তু কিনি নিলেহি ৷ পৰশুৱে দেখিলে কথাটো ভাল হোৱা নাই ৷ এই মানুহবোৰৰ গাত মহামাৰীৰ বীজাণু নাই বুলিতো একো প্ৰমাণ নাই ৷ সিহঁতৰ পৰাই খেতিয়কৰ গালৈ ৰোগ বিয়পিব পাৰে ৷ সেই কাৰণে, ঠাইতে পোৱা দুই চাৰিজনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ল যে, ব্ৰহ্মপুত্ৰৰ সুঁতি পাৰ হৈ কোনো লোক নতুন চাপৰিলে আহিব নোৱাৰিব ৷ এজাৰনি ঘাটতে মানুহবোৰ ৰ’ব ৷ ইয়াৰ পামবিলাকৰ পৰা পাচলি নাও পাৰ কৰি এজাৰণি ঘাটত গ্ৰাহকক দিয়া হ’ব ৷ মাক্স, ছেনিটাইজাৰ, সামাজিক দূৰত্ব আদি বাধ্যতামূলক ৷ এইখিনি কথাৰে এখন জাননী ঘাটত আঁৰি দিয়া হ’ল ৷ নাৱৰীয়াকেইটাক সাৱধান কৰি দিয়া হ’ল ৷

তেনেকুৱাতে ডি চি অফিচৰ পৰা এটা ফোন আহিল পৰশুলৈ ৷ উপায়ুক্তই নিজে কথা পাতিব বিচাৰিলে তাৰ সৈতে৷

“শইকীয়া, আপোনাৰ পামবোৰ ঠিকেই আছেনে ? উৎপাদন কিমান ?”

পৰশুৱে যথাযথ সম্ভ্ৰমেৰে উত্তৰবিলাক দিলে ৷

“তেনেহ’লে সেউজীয়া পামে যোৰহাট নগৰত পাচলি যোগান দিয়াৰ ব্যৱস্থা কৰাৰ দায়িত্কব লওক ৷ নগৰৰ বিছটা পইণ্ট ছিলেক্ট কৰা হৈছে ৷ ভেণ্ডৰবোৰে সেই ঠাইত নিৰ্দিষ্ট সময়ত বিয়লি সদায় পাচলি বেছিব ৷ ভেণ্ডৰ আৰু ঠাইৰ তালিকা আমি নিৰ্ধাৰণ কৰি দিম ৷ সেউজীয়া পামৰ খেতিয়কেও সুবিধা থাকিলে ভেণ্ডৰ হ’ব পাৰিব ৷”

পৰশুৱে যেন হাততে সৰগ ঢুকি পালে ৷ অতদিনে সি এইটো সপোনকে দেখি আছিল ৷ যোৰহাট নগৰত পাচলি যোগানৰ সমুদায় দায়িত্ব সি আগতেও বিচাৰিছিল ৷ আজি নিজে আহি এই সুযোগ দেখা দিছে ৷

“ছাৰ, পাচলিৰ লগতে আমি ৰাইজক মাছৰ যোগানো ধৰিব পাৰিম ৷ আপুনি অনুমতি দিলেই হ’ল ৷”

“বৰ ভাল কথা৷ মই অৰ্ডাৰ এটা উলিয়াই দিম ৷”

এটা সমস্যা এনেদৰে সমাধান হোৱাত পৰশুৰ মনটো নাচি উঠিল ৷

 

(ষোল)

 

তাৰ পাছদিনাৰ পৰা নতুন পদ্ধতি আৰম্ভ হ’ল ৷

পামৰ খেতিয়কবোৰে নতুন চাপৰিৰ ব্ৰহ্মপুত্ৰৰ সুঁতিটো নাৱেৰে পাৰ কৰি সিপাৰে ৰৈ থকা বেপাৰীহঁতক বিক্ৰী কৰে ৷ আগতকে দুটকা বেছি দাম পাইছে ৷ চাপৰিৰো আঠটা ল’ৰাই নগৰত বিক্ৰী কৰাৰ লাইচেন্স পাইছে ৷ বাকীবোৰ নগৰৰে পাইকাৰী বেপাৰী ৷ সিহঁতৰে কেইবাটাকো পৰশুৱে চিনি পায় ৷ সিহঁতে এতিয়া পৰশুক বেছ খাতিৰ কৰে ৷

“দাদা আপোনাৰ কাৰণেই আজি আমাৰ ব্যৱসায় চলিছে ৷”

“দাদা, দামতো অলপ চাই দিবনা ৷”

“দাদা, এক কুইণ্টল মাছ কাইলৈ মোক দিবই লাগিব ৷ দাম চিন্তা নকৰিব ৷”

“দাদা, কাইলৈ অলপ সৰহকৈ ছাপ্লাইটো দিবনা, মই চাৰিটা ট্ৰিপ মাৰিম ৷”

 

এজাৰণি ঘাটত পাচলিৰ এখন বৃহৎ পাইকাৰী বজাৰ গঢ় লৈ উঠিছে ৷ তাতে টিনপাতৰ চালি, খাগৰিৰ বেৰৰ সৰু কোঠা এটাত সেউজীয়া পামৰ অস্থায়ী কাৰ্যালয় সাজি পৰশুৱে চৰকাৰী নীতি যাতে কোনেও ভঙ্গ নকৰে তাক পৰীক্ষা কৰে ৷ দৈনিক কিমান কুইণ্টল পাচলি কোনখন গাড়ীয়ে টানিলে তাৰ হিচাপ ৰাখে ৷ সকলোকে সমানে সুযোগ দিছে ৷ নহ’লে কোনোবা ঠাইত কৃত্ৰিম নাটনি কৰিবলৈ পাইকাৰীহঁতৰ বেছি সময় নালাগে ৷ প্ৰতিদিনে যোগান বিভাগলৈ তাৰ হিচাপ পঠিয়াইছে হোৱাটছ এপৰ যোগে ৷  খেতিয়কৰ উপস্থিতিত দৰ নিৰ্ণয় হৈছে ৷ ক’তো কাকো আঁৰত ৰাখি মুনাফা লুটাৰ ব্যৱস্থা কৰা নাই ৷

পৰশুৱে সপোন দেখিছে -

নগৰৰ পৰা এজাৰণি ঘাটলৈকে পকী পথ হৈছে৷ তালৈ ডাঙৰ ডাঙৰ ট্ৰাকবোৰ আহিছে৷ পাচলি বোজাই কৰি লৈ গৈছে৷ এজাৰণি ঘাটত এখন নগৰ বহিছে নতুনকৈ ৷ পাইকাৰী বিক্ৰীৰ কাৰণে গুদাম ঘৰ হৈছে ৷ পাচলি সংৰক্ষণৰ কাৰণে শীতল গৃহ স্থাপন হৈছে ৷ নতুন বিজুলী সংযোগেৰে চাপৰিৰ পামবোৰ পোহৰাই তুলিছে ৷ জলসিঞ্চনৰ ব্যৱস্থা চৰকাৰে বিনামূলীয়াকৈ দিছে ৷ ড্ৰিপ জলসিঞ্চন ৰেহাই মূল্যত যোগান ধৰিছে ৷ খেতি চাবৰ বাবে, খন্তেক জিৰাবৰ কাৰণে, মুকলিত খেলিবৰ বাবে দলে দলে মানুহে সৰু সৰু গাড়ী লৈ নতুন চাপৰিলৈ আহিছে ৷ বোপাৰাম বিষয়া হাইস্কুলত স্মাৰ্ট ক্লাছ ৰূমবোৰত নতুন নতুন শিক্ষিত ডেকা-গাভৰুৱে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছে ৷

বেণুৱে বন্ধোৱা তুলিকাত, নিজে অঁকা সপোনৰ ৰংবোৰৰ মাজে মাজে পৰশু ঘূৰি ফুৰিছে৷ তাৰে একাজলি ৰং সি অৰুন্ধতীৰ গালে-মুখে সানি দিছে ৷

কেঁচা ঘাম মাটিৰ সপোন

ৰ’দৰ ছোৱালী মেঘৰ ল’ৰা

নতুন শৃংখলাৰ নতুন ৰূপত জিলিকিল

পৃথিৱীৰ মহত্তম খেতিয়ক পৰশুৰামৰ নতুন ছবি৷

তুলসী তলৰ বন্তি গছি আকাশ পোহৰাই জ্বলি উঠিছে৷

 

(সমাপ্ত)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ