অন্যযুগ/


প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ : ভাৰতীয় অৰ্থনীতিৰ গাঁথনিগত পৰিৱৰ্তন হৈছেনে?

ৰাতুল কুমাৰ লাহন 


        গ্যেট চুক্তি স্বাক্ষৰিত হোৱাৰ পৰৱৰ্তী সময়ত বিশ্বৰ অৰ্থনৈতিক প্ৰেক্ষাপটত এক ব্যাপক গাঁথনিগত পৰিৱৰ্তনৰ সূচনা হৈছিল৷ গ্যেট চুক্তিৰ এক অন্যতম স্বাক্ষৰকাৰী দেশ হিচাপে ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাতো এক যুগান্তকাৰী পৰিৱৰ্তনৰ আৰম্ভ হৈছিল৷ একেসময়তে অৰ্থনৈতিক মন্দাৱস্থা আৰু খাদ্যদ্ৰব্যৰ নাটনিৰ মোকাবিলা কৰিবলৈ ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ ওচৰত হাত পতাৰ বিকল্প নাছিল৷ এনে এক পৰিস্থিতিত পৰি বিগত শতিকাৰ শেষ দশকৰ শেষৰফালে ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ কঠোৰ চৰ্ত মানি লৈ উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰিবলৈ এক প্ৰকাৰ বাধ্য হৈছিল৷ তাৰ পৰৱৰ্তী দশকটোত পৰ্যায়ক্ৰমে অৰ্থনৈতিক মুক্তিৰ দিশলৈ দেশখনে গতি কৰিছিল৷ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা চমুকৈ নতুন অৰ্থনৈতিক নীতিৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন মতামত প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন চামে সময়ে সময়ে চেষ্টা কৰি আহিছে৷ অৱশ্যে দেশখনৰ আৰ্থসামাজিক আৰু আন্তঃৰাষ্ট্ৰীয় ভূ-ৰাজনৈতিক পৰিমণ্ডলত কোনো এটা মতকে উলাই কৰাটো উচিত নহব৷ তাৰ পৰিৱৰ্তে নতুন অৰ্থনৈতিক নীতিৰ তিনিটা দশক অতিক্ৰম কৰি যোৱাৰ পাছত লাভ কৰা ফলাফল আৰু আগন্তুক সময়ত ইয়াৰ প্ৰভাৱ বিশ্লেষণ কৰাটোহে অধিক গুৰুত্বপূৰ্ণ আৰু আমাৰ কৰণীয় হব৷

        গোলকীকৰণ বা বিশ্বায়ৰ অভিধা দুটা ভাৰতবৰ্ষৰ শৈক্ষিক সামাজিক আলোচনাসমূহত বহুলভাৱে আলোচিত বিষয় হোৱা সত্ত্বেও গোলকীকৰণে সাঙুৰি লোৱা বা লব পৰা বহু বিষয় আজিও বিশেষ আলোচনা হোৱা দেখা নাযায়৷ আমাৰ প্ৰচলিত ধাৰণাৰে গোলকীকৰণ বুলি কলে এতিয়াও দ্ৰব্য সামগ্ৰীৰ আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত বাধা-নিষেধ দূৰ কৰাটোকে বুজি লওঁ৷ প্ৰকৃততে গোলকীকৰণৰ পৰিসৰ ব্যাপক - দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি আচলতে সমগ্ৰ গোলকীকৰণ ব্যৱস্থাটোৰ এটা ক্ষুদ্ৰ অংশহে৷ গোলকীকৰণে দ্ৰব্য সামগ্ৰীৰ মুক্ত প্ৰৱাহৰ লগতে শ্ৰমশক্তিৰ প্ৰৱাহ, প্ৰযুক্তিবিদ্যাৰ আদান-প্ৰদান আৰু মূলধনৰ আহ-যাহৰ বিষয়বোৰো অন্তৰ্ভুক্ত কৰে৷ উল্লেখযোগ্য যে এখন দেশৰ বৈদেশিক লেনদেনৰ এক বৃহৎ অংশ মূলধনৰ প্ৰৱাহে অধিকাৰ কৰি আহিছে৷ সেয়েহে মূলধনৰ প্ৰৱাহৰ বিষয়ে আলোচনা নকৰাকৈ গোলকীকৰণ তথা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ কথাও আধৰুৱা হৈ পৰে৷ তদুপৰি ভাৰতবৰ্ষৰ দৰে মূলধনৰ ঘাটিত থকা দেশসমূহৰ বাবে বৈদেশিক পুঁজিৰ প্ৰয়োজনীয় আন্তঃপ্ৰৱাহ এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰে৷ বৈদেশিক পুঁজিৰ আগমন তথা উক্ত পুঁজি দেশখনতে ৰাখিবলৈ  চৰকাৰে পাৰ্যমানে চেষ্টা কৰিবলগীয়া হয়৷ বৈদেশিক পুঁজিক আকৰ্ষিত কৰা আৰু এই পুঁজিক ধৰি ৰাখিবলৈ এক অনুকূল পৰিৱেশ সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় যাৰ বাবে দেশখনৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আৱহাৱা অনুকূল হোৱাটো অতি প্ৰয়োজনীয়৷

 

বৈদেশিক মূলধন কিদৰে আহে?

        এখন দেশলৈ বৈদেশিক পুঁজিৰ আন্তঃপ্ৰৱাহ বিভিন্ন মাধ্যমেৰে হোৱা দেখা যায়৷ এই মাধ্যমসমূহৰ কিছুমান স্বকীয় বৈশিষ্ট্য আৰু সুবিধা-অসুবিধা আছে৷ বৈদেশিক পুঁজিৰ আন্তঃপ্ৰৱাহৰ প্ৰধান উৎস হৈছে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (Foreign Direct Investment)৷ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগত বহিঃদেশীয় বিনিয়োগকাৰীসকলে আমাৰ দেশৰ উৎপাদন ব্যৱস্থাত প্ৰত্যক্ষভাৱে বিনিয়োগ কৰে৷ যিহেতু উৎপাদন ব্যৱস্থাত তেওঁলোকে প্ৰত্যক্ষভাৱে বিনিয়োগ কৰে সেয়ে সামগ্ৰিক ব্যৱস্থাটোত তেওঁলোকৰ আনুপাতিক অধিকাৰ থাকে৷ উৎপাদন বা বিতৰণৰ যিকোনো ধৰণৰ সিদ্ধান্তত তেওঁলোকৰ মতামতক গুৰুত্ব দিবলৈ ঘৰুৱা প্ৰতিষ্ঠানটো বাধ্য হৈ পৰে৷ কিন্তু ইয়াৰ বিপৰীতে আন এক জনপ্ৰিয় বৈদেশিক বিনিয়োগৰ মাধ্যম হৈছে বৈদেশিক পৰ্টফলিঅ বিনিয়োগ (Foreign Portfolio Investment) ত বিনিয়োগকাৰী সংস্থাটোৱে ঘৰুৱা প্ৰতিষ্ঠানটোৰ ব্যৱসায়িক ক্ষেত্ৰত হস্তক্ষেপ কৰিব নোৱাৰে৷ সাধাৰণতে বিভিন্ন বিত্তীয় আহিলা যেনে ইকুইটি, বণ্ড বা ডিবেঞ্চাৰত বৈদেশিক পৰ্টফলি’ বিনিয়োগ কৰা হয়৷ এনে বিনিয়োগ মূলতঃ হ্ৰস্বকালীন বা দীৰ্ঘকালীন লাভ আহৰণৰ উদ্দেশ্যে পৰিচালিত হয়৷ এই দুটা জনপ্ৰিয় মাধ্যমৰ উপৰি বৈদেশিক বিত্তীয় সহযোগিতা, আন্তঃচৰকাৰী ঋণ, বৈদেশিক বাণিজ্যিক ঋণ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা যেনে আন্তঃৰাষ্ট্ৰীয় মূদ্ৰানিধি, বিশ্ব বেংক, এছিয়ান উন্নয়ন বেংক আদিৰ পৰাও যথেষ্ট পৰিমাণৰ বৈদেশিক পুঁজিৰ আগমন ঘটে৷ আলোচ্য মাধ্যমসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্ত্বপূৰ্ণ মাধ্যম দুটা হৈছে - প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ, বৈদেশিক পৰ্টফলি’ বিনিয়োগ৷ বৈদেশিক পৰ্টফলি’ বিনিয়োগে ঘৰুৱা প্ৰতিষ্ঠানবোৰৰ সিদ্ধান্ত  গ্ৰহণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ নকৰে বাবে দেশখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনত প্ৰত্যক্ষ বিনিয়োগৰ গুৰুত্ত্ব সৰ্বাধিক৷ সেয়ে আমাৰ আলোচনাতো ভাৰতীয় অৰ্থনীতিৰ প্ৰেক্ষাপটত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ গতিধাৰা আৰু প্ৰভাৱৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে৷ 

ভাৰতবৰ্ষলৈ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ গতিধাৰা :

        ১৯৯১ চনত নৰসিংহ ৰাও চৰকাৰে গ্ৰহণ কৰা নতুন অৰ্থনৈতিক নীতিৰ পৰৱৰ্তী সময়তহে ভাৰতলৈ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ প্ৰৱাহ ত্বৰান্বিত হৈছিল৷ বিগত তিনিটা দশকত ভাৰতবৰ্ষলৈ ব্যাপক হাৰত প্ৰত্যক্ষ বৈদেশিক পুঁজিৰ আগমন হোৱা দেখা গৈছে৷ ১৯৯১ চন অৰ্থাৎ অৰ্থনৈতিক সংস্কাৰৰ আৰম্ভণিৰ সময়ছোৱাত বৈদেশিক পুঁজিৰ আগমনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান বিশ্বত ৬৪ সংখ্যক আছিল৷ আনকি পাকিস্তান, ট্ৰিনিদাদ আৰু টবেগৰ দৰে দেশলৈও ভাৰততকৈ অধিক পুঁজিৰ প্ৰৱাহ ঘটিছিল৷ ইয়াৰ বিপৰীতে বৰ্তমান সময়ত প্ৰত্যক্ষ বৈদেশিক পুঁজিৰ আগমনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান হৈছে পঞ্চম৷ যোৱা তিনিটা দশকৰ কেন্দ্ৰীয় চৰকাৰে বিনিয়োগৰ অনুকূল সামাজিক-ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰাত সফল হোৱাৰ ফলস্বৰূপে দেশখনত প্ৰত্যক্ষ বিনিয়োগৰ পৰিমাণ বহুলাংশে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ১৯৯১-৯২ চনত ভাৰতলৈ হোৱা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ মাত্ৰ ১২৯ নিযুত আমেৰিকান ডলাৰ হোৱাৰ বিপৰীতে ২০২০-২১ চনত এই পৰিমাণ প্ৰায় ৮২ বিলিয়ন আমেৰিকান ডলাৰ হৈছে৷ এই বৃহৎ পৰিমাণৰ বিনিয়োগ বৃদ্ধিয়ে প্ৰমাণ কৰে যে ভাৰতবৰ্ষ বিদেশী বিনিয়োগকৰ্তাৰ বাবে এক অগ্ৰাধিকাৰপ্ৰাপ্ত লক্ষ্যস্থান৷ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ দশকীয় পৰিৱৰ্তন আলোচনা কৰিলে দেখা যায় যে অৰ্থনৈতিক সংস্কাৰৰ প্ৰথমটো দশকত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পোৱা নাছিল আৰু পুঁজিৰ আগমনৰ এক স্থায়ী গতিধাৰা নাছিল৷ উক্ত বছৰসমূহত বিনিয়োগকৰ্তাসকলৰ শংকা তথা দেশখনত দেখা দিয়া ৰাজনৈতিক অস্থিৰতাৰ বাবেও পুঁজিৰ আগমনৰ ক্ষেত্ৰত তাৰতম্য ঘটিছিল৷ উল্লেখযোগ্য যে উক্ত দশকৰ ১৯৯৫-৯৬ বৰ্ষত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ ২১৪৪ নিযুত আমেৰিকান ডলাৰ হোৱাৰ বিপৰীতে তাৰ পৰৱৰ্তী বৰ্ষত এই পৰিমাণ মাথোঁ ২৮৪ নিযুত আমেৰিকান ডলাৰহে আছিল৷ এই তাৰতম্যৰ মূল কাৰণ হৈছে দেশখনত সেই সময়ত দেখা দিয়া ৰাজনৈতিক অস্থিৰতা৷ আকৌ উক্ত দশকৰ শেষৰটো বৰ্ষত অৰ্থাৎ ১৯৯৯-২০০০ চনত এই পৰিমাণ আছিল ২১৫৫ নিযুত আমেৰিকান ডলাৰ৷

        চলিত শতিকাৰ প্ৰথমটো দশক ভাৰতলৈ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আগমণৰ ক্ষেত্ৰত এক যুগান্তকাৰী সন্ধিক্ষণ হিচাপে পৰিগণিত হৈছে৷ এই দশকটোত দেশখনলৈ প্ৰত্যক্ষ বৈদেশিক পুঁজিৰ আগম দ্ৰুত গতিত বৃদ্ধি পোৱাৰ উপৰি পুঁজিৰ আগমনৰ ক্ষেত্ৰত এক সুস্থিৰতাও দেখা গৈছিল৷ ২০০০-০১ বৰ্ষত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ ৪০২৯ নিযুত আমেৰিকান ডলাৰৰ পৰা অতি দ্ৰুতগতিত বৃদ্ধি হৈ দশকটোৰ শেহৰটো বছৰত এই পৰিমাণ ৩৭.৭৬ বিলিয়ন ডলাৰ হৈছিল৷ দেশখনৰ ৰাজনৈতিক-সামাজিক সুস্থিৰতাৰ বাবেই বিনিয়োগকৰ্তাসকল শেহতীয়াকৈ ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী হোৱা দেখা গৈছে৷ সমান্তৰালভাৱে এই সময়ছোৱাতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থাসমূহেও ভাৰতৰ আৰ্থিক বাতাৱৰণ তথা ভৱিষ্যৎ সম্পৰ্কে ইতিবাচক চৰ্চা কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে৷ একে সময়তে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বৈদেশিক বিনিয়োগৰ বাবে নতুন নতুন ক্ষেত্ৰ মুকলি কৰি দিয়াৰ উপৰি ইতিপূৰ্বে মুকলি থকা খণ্ডসমূহতো প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ উৰ্ধ্বতম সীমা বৃদ্ধি কৰাৰ ফলতো দেশখনলৈ পুঁজিৰ সোঁত বৃদ্ধি হয়৷ উল্লেখযোগ্য যে এইটো দশকতে দেশখনৰ বিত্তীয় খণ্ডত বৃহৎ বৈদেশিক বিনিয়োগ হোৱা পৰিলক্ষিত হৈছিল৷ সমগ্ৰ দেশজুৰি আনকি মফচলীয় অঞ্চলসমূহতো ব্যক্তিগত খণ্ডৰ বেংক আৰু বীমা কোম্পানীৰ উপস্থিতি চকুত পৰা বিধৰ হৈছিল৷ ইয়াৰ উপৰিও বিভিন্ন বৃহৎ উদ্যোগতো যথেষ্ট পৰিমাণৰ বৈদেশিক বিনিয়োগ হোৱা দেখা গৈছিল৷

        ইয়াৰ পৰৱৰ্তী দশকতো প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ আগমনৰ গতি স্থবিৰ হোৱা নাছিল৷ বৰঞ্চ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন NDA চৰকাৰ শাসনত অধিষ্ঠিত হোৱাৰ পৰৱৰ্তী বছৰবোৰত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ দ্ৰুত গতিত বৃদ্ধি হৈছিল৷ ২০১৪-১৫ বৰ্ষত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ ১৪.৮৭ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা দ্ৰুতগতিৰে বৃদ্ধি হৈ ২০২১-২১ চনত প্ৰায় ৯১ বিলিয়ন আমেৰিকান ডলাৰ হৈছে৷ মূলতঃ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ উদাৰ অৰ্থনৈতিক নীতি আৰু বৈদেশিক নীতিৰ ফলস্বৰূপেই দেশখনলৈ বৃহৎ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি বৰ্তমানেও বহু নতুন নতুন অৰ্থনৈতিক ক্ষেত্ৰ বৈদেশিক পুঁজিৰ বাবে মুকলি কৰি দিয়া হৈছে৷ দেশখনৰ অতি গুৰুত্বপূৰ্ণ আৰু কৌশলগত ক্ষেত্ৰসমূহক বিদেশী বিনিয়োগকাৰীৰ বাবে মুকলি কৰি দিয়াত বিতৰ্কৰ অৱকাশ (ইতিমধ্যে এই নীতিৰ ব্যাপক বিৰোধ দেখা গৈছে) আছে যদিও পুঁজিৰ আন্তঃপ্ৰৱাহৰ ক্ষেত্ৰত এই নীতি বহুলাংশে সফল বুলি কব লাগিব৷ বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বহুকেইটা খণ্ডত এশ শতাংশ বৈদেশিক বিনিয়োগৰ অনুমতি আছে৷ এই খণ্ডসমূহ হৈছে- কৃষি আৰু আনুষংগিক খণ্ড, কয়লা খনন ক্ষেত্ৰ, বিমান বন্দৰ, দূৰ সংযোগ, একক ব্ৰেণ্ডৰ খুচুৰা বজাৰ খণ্ড ইত্যাদি৷ এইবোৰৰ উপৰি ব্যক্তিগত খণ্ডৰ বেংকত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ উচ্চতম সীমা ৭৪ শতাংশ নিৰ্ধাৰণ কৰা হৈছে৷ উল্লেখযোগ্য যে কোনো এটা প্ৰতিষ্ঠানত কোনো এক বিনিয়োগকাৰীৰ বিনিয়োগ ৫০ শতাংশ অতিক্ৰম কৰিলে উক্ত প্ৰতিষ্ঠানটোৰ নীতি নিৰ্ধাৰণৰ অধিকাৰ বিনিয়োগকাৰী প্ৰতিষ্ঠানটোৰ হাতলৈ গুচি যায়৷ সেয়েহে ৫০ শতাংশতকৈ অধিক বৈদেশিক বিনিয়োগক অনুমতি দিয়াটো আত্মঘাতী হব পাৰে বুলি এচাম অৰ্থনীতিবিদে মত পোষণ কৰে৷ আনকি প্ৰতিৰক্ষাৰ দৰে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ খণ্ডতো বৈদেশিক বিনিয়োগক উৎসাহিত কৰাটো দেশখনৰ নিৰাপত্তাৰ বাবে শুভ লক্ষণ বুলি কব নোৱাৰি৷

ভাৰতীয় অৰ্থনীতিত বৈদেশিক বিনিয়োগৰ প্ৰভাৱ :

        বিশ্বায়ণৰ বতাহ বলা সাম্প্ৰতিক সময়ত বিশ্বৰ কোনো অৰ্থনীতিয়েই অকলশৰে বৰ্তি থাকিব পৰা পৰিৱেশ এটা নাই৷ ৰুদ্ধ অৰ্থনৈতিক নীতিৰ কট্টৰ সমৰ্থকসকলেও লাহে লাহে মুক্ত অৰ্থনৈতিক নীতিক মানি লবলৈ বাধ্য হৈছে৷ ভাৰতবৰ্ষৰ দৰে মূলধনৰ নাটনি তথা শ্ৰমৰ প্ৰাচুৰ্য থকা দেশৰ বাবে বৈদেশিক মূলধনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কাৰো দ্বিমত নাই বা থাকিব নোৱাৰে৷ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ বৃদ্ধিয়ে দেশখনৰ অৰ্থনৈতিক বৃদ্ধিৰ গতি ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছিল৷ নতুন অৰ্থনৈতিক নীতিৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ মূলধনৰ ক্ষেত্ৰত দেখা দিয়া নাটনি বহু পৰিমাণে দূৰ হোৱা পৰিলক্ষিত হৈছে৷ তদুপৰি বৈদেশিক মূলধনৰ সমান্তৰালভাৱে দেশখনলৈ আগমন ঘটা বৈদেশিক উন্নত প্ৰযুক্তি আৰু পৰিচালনা কৌশলে ঘৰুৱা মূলধনৰ উৎপাদনশীলতাও বৃদ্ধি কৰে৷ একে সময়তে জনমুৰি আয় বৃদ্ধি হোৱাৰ বাবে বজাৰৰ পৰিসৰো সম্প্ৰসাৰিত হৈছে৷ বজাৰৰ পৰিসৰ বৃদ্ধি পোৱাৰ ফলত বিদেশী বিনিয়োগকাৰীসকলৰ লগতে দেশীয় বিনিয়োগকাৰীসকলৰো আয় আৰু লাভৰ হাৰ বৃদ্ধি হৈছে৷ উল্লেখযোগ্য যে বৈদেশিক বিনিয়োগকাৰীসকলৰ আটাইতকৈ পচন্দৰ খণ্ডটো হৈছে বেংক আৰু বিত্তীয় খণ্ড৷ বেংক আৰু বিত্তীয় খণ্ডলৈ বৈদেশিক পুঁজিৰ আগমনে দেশখনৰ বিত্তীয় খণ্ডটোক শক্তিশালী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ এক শক্তিশালী বিত্তীয় খণ্ডই আভ্যন্তৰীণ সঞ্চয়ক প্ৰৱাহিত কৰি মূলধন গঠন প্ৰক্ৰিয়াক গতিশীলতা প্ৰদান কৰে৷ বিগত দশকটোত আমি দেখি আহিছোঁ যে ব্যক্তিগত খণ্ডৰ বেংক আৰু বীমা প্ৰতিষ্ঠানসমূহৰ আগমনৰ ফলত দেশীয় আৰু চৰকাৰী বেংক আৰু বীমা কোম্পানীসমূহৰো কাৰ্যদক্ষতা আৰু ব্যৱসায় পূৰ্বৰ তুলনাত ক্ষিপ্ৰ হাৰত বৃদ্ধি পাইছে৷ ফলস্বৰূপে সঞ্চয়ৰ প্ৰৱাহ মূলধন গঠনৰ দিশেৰে আগবাঢ়িছে৷

        প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পোনপটীয়া বা পৰোক্ষ প্ৰভাৱত দেশত মূলধন গঠনৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত উৎপাদন খণ্ডসমূহৰ ক্ষমতাৰ সম্প্ৰসাৰণ হৈছে৷ দেশখনৰ উৎপাদন খণ্ডৰ ক্ষমতাৰ বিস্তাৰৰ লগে লগে নিয়োগ সুবিধাও সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ বৰ্তমান সময়ত বৃহৎ বৃহৎ বহুজাতিক প্ৰতিষ্ঠানসমূহত ভাৰতীয় লোকৰ নিয়োগ তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি হৈছে৷ বিশেষকৈ সেৱা খণ্ডত ভাৰতীয়সকলৰ দপদপনি চকুত পৰা বিধৰ৷ নতুন নতুন ব্যৱসায়ৰ সম্ভাৱনাই দেশখনত অনাগত দিনত নিয়োগ সুবিধাৰ অধিক সম্প্ৰসাৰণ কৰাটো নিশ্চিত৷

      প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু সততে আলোচিত নোহোৱা ইতিবাচক দিশ হৈছে উপভোক্তাসকলে উপভোগ কৰা দ্ৰব্য আৰু সেৱাৰ মানৰ উন্নতি৷ যোৱা তিনিটা দশকত ভাৰতীয় উপভোক্তাসকলে উন্নত মানৰ দ্ৰব্য আৰু সেৱা উপভোগ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি বৰ্তমান সময়ত উপভোক্তাসকলৰ সন্মুখত উপভোগৰ বাবে উপলব্ধ সামগ্ৰীৰ বৈচিত্ৰ্য আছে যাৰ বাবে উপভোক্তাসকলে সচেতনভাৱে দ্ৰব্য আৰু সেৱা বাচনি কৰিব পাৰে৷ উদাৰ অৰ্থব্যৱস্থাই প্ৰদান কৰা এটা ডাঙৰ সুবিধা হৈছে উপভোক্তাৰ সাৰ্বভৌমত্ব (Consumer Sovereignty)৷ উপভোক্তাৰ ভাৰসমতাৰ ধাৰণাটো হৈছে এনে এক অৱস্থা যত উপভোক্তা এজনে তেওঁৰ সন্মুখত থকা বিভিন্ন দ্ৰব্য বা সেৱাৰ জোঁটৰ পৰা তেওঁৰ পচন্দৰ দ্ৰব্য বা সেৱা কোনা ধৰণৰ বাহ্যিক হস্তক্ষেপ নোহোৱাকৈ উপভোগ কৰিব পাৰে৷ আজিৰ পৰা দুই দশকৰ পূৰ্বে আমাৰ হাতত বাচনিৰ সুবিধা নাছিলেই বা অতি সীমিত আছিল৷ আজিৰ দিনত প্ৰত্যন্ত গাঁও এখনৰ উপভোক্তা এজনেও বহুজাতিক কোম্পানীৰ দ্ৰব্য বিশেষ অসুবিধা নোহোৱাকৈ উপভোগ কৰিব পৰা হৈছে৷ আজিৰ দিনত বৃহৎ মহানগৰেই হওক বা জকাইচুকৰ গাঁও এখনতেই হওক বৃহৎ বহুজাতিক কোম্পানী যেনে Nestle বা Hindustan Unilever-ৰ দ্ৰব্য অতি সহজতে উপলব্ধ৷ এয়াও প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ সুবাদতে হৈছে৷

        ইয়াৰ উপৰি ভাৰতৰ মূলধনী বজাৰ বা মূলতঃ শ্বেয়াৰ বজাৰৰ পৰিচালনা বৈদেশিক পুঁজিয়েই কৰে বুলি কলেও ভুল কোৱা নহব৷ বিদেশী পুঁজিৰ বিনিয়োগ বা নিৰ্বিনিয়োগৰ ওপৰতে ভাৰতৰ শ্বেয়াৰ বজাৰৰ উত্থান-পতন পৰিচালিত হোৱা দেখা যায়৷ দেশীয় বৃহৎ পুঁজিৰ সীমাৱদ্ধতাৰ বাবে শ্বেয়াৰৰ দৰ বিদেশী বিনিয়োগৰ দ্বাৰা অধিক প্ৰভাৱিত হৈ আহিছে৷

বৈদেশিক পুঁজিৰ বিকল্প নাই নেকি?  

        বৈদেশিক পুঁজিৰ বিকল্প নাই নেকি?- এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ যোৱাৰ পূৰ্বে আমি আলোচনা কৰিব লাগিব বিদেশী পুঁজিৰ বিকল্প আমাক লাগে কিয়? বৈদেশিক পুঁজিয়ে আমাৰ ঘৰুৱা অৰ্থনীতিক ক্ষতি কৰিব নেকি? বা ক্ষতি কৰি আছে নেকি? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ একেডাল সুঁতাৰেই বন্ধা আৰু এই প্ৰশ্নসমূহৰ উত্তৰ বিতৰ্কহীনভাৱে দিয়াটো সম্ভৱো নহয়৷ বৈদেশিক প্ৰত্যক্ষ বিনিয়োগৰ বিপক্ষে প্ৰথম যুক্তিটোৱেই হৈছে বৈদেশিক প্ৰত্যক্ষ বিনিয়োগে দেশখনৰ উৎপাদন ব্যৱস্থাটোৰ পৰিচালনাৰ কৰ্তৃত্ব আংশিকভাৱে হলেও বিদেশীৰ হাতত তুলি দিয়ে৷ ইয়াৰ ফলস্বৰূপে ঘৰুৱা অৰ্থনীতিৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা দুৰ্বল হৈ পৰে আৰু কোনো কোনো ক্ষেত্ৰত সিদ্ধান্ত দেশখনৰ প্ৰতিকূলেও যাব পাৰে ৷ আনকি বহুক্ষেত্ৰত এনে বিনিয়োগকাৰীয়ে নিজৰ স্বাৰ্থত কোম্পানীটোৰ পৰিচালনাত হস্তক্ষেপ কৰাৰো অজস্ৰ উদাহৰণ আছে৷ অৰ্থনীতিৰ যিবোৰ খণ্ডত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ হাৰ পঞ্চাশ শতাংশতকৈ অধিক তেনে খণ্ডসমূহত দেশখনৰ প্ৰতিকূলে সিদ্ধান্ত গ্ৰহণ কৰাৰ আশংকাও নথকা নহয়৷ সেয়েহে প্ৰতিৰক্ষাৰ দৰে অতি গোপনীয় খণ্ডত অধিক পৰিমাণৰ বৈদেশিক বিনিয়োগ কেতিয়াও কাম্য নহয়৷ তদুপৰি বৈদেশিক পুঁজিৰ আগমনে যিদৰে দেশখনৰ উৎপাদন ব্যৱস্থাটোক শক্তিশালী কৰি তোলে তেনেদৰে এনে পুঁজিৰ বহিঃগমনেও থলুৱা উদ্যোগটোক নিশকতীয়া কৰি তুলিব পাৰে৷ লাভৰ আশাত অহা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগসমূহ লাভৰ লক্ষ্য পূৰণ হলে বা লোকচানৰ শংকা দেখিলে এনে বিনিয়োগ ঘূৰি যোৱাটো একেবাৰে অস্বাভাৱিক নহয়৷ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ ঘূৰি গলে থলুৱা উদ্যোগটো যে নিশকতীয়া হৈ পৰে সেয়া ধুৰূপ৷

        বিগত তিনিটা দশকত ভাৰতবৰ্ষলৈ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ ৰূপত বিদেশী প্ৰযুক্তি আৰু পৰিচালনা কৌশলৰ আমদানি হৈছে বুলি ইতিপূৰ্বে আলোচনা কৰা হৈছে৷ আপাততঃ বিদেশী প্ৰযুক্তি আৰু পৰিচালনা কৌশল দেশখনৰ বাবে সুফলদায়ক যেন অনুভৱ হলেও প্ৰকৃততে ইয়াৰ এটা ঋণাত্মক দিশো নথকা নহয়৷ বিগত দশকটোত আমাৰ চকুৰ আগতে আমাৰ থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় বৃহৎ পুঁজিপতি গোষ্ঠীৰ হাতলৈ গুচি গৈছে৷ বৃহৎ পুঁজিপতিসকলৰ ব্যৱসায় মূলধন প্ৰৱল হোৱাৰ বিপৰীতে আমাৰ দেশসমূহৰ উৎপাদন কৌশল শ্ৰম প্ৰৱল হোৱা দেখা যায়৷ সেয়ে যিকোনো এটা ব্যৱসায় থলুৱাৰ হাতৰ পৰা বহিৰাগত পুঁজিপতিৰ হাতলৈ গুচি যোৱাৰ লগে লগে এক বুজন পৰিমাণৰ শ্ৰম শক্তিয়ে নিয়োগৰ সুবিধা হেৰুৱাব৷

     ভাৰতবৰ্ষৰ দৰে মূলধন আৰু প্ৰযুক্তিৰ নাটনি থকা দেশত বৈদেশিক বিনিয়োগৰ প্ৰয়োজনীয়তাৰ কথা দোহৰাৰ প্ৰয়োজন নাই৷ ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বৰ্তমানৰ পৰিৱেশত এখন দেশ অকলশৰীয়াকৈ থকাটোও সম্ভৱ নহয়৷ অৱশ্যে ইয়াৰ অৰ্থ এইটোও নহয় যে বিদেশী পুঁজিৰ লালসাত আমি আমাৰ দেশৰ অৰ্থনৈতিক আৰু সিদ্ধান্ত গ্ৰহণৰ স্বতন্ত্ৰতা আনৰ হাতত সঁপি দিম৷ সেয়েহে বিদেশী বিনিয়োগৰ নিয়ন্ত্ৰণ আৰু দিশ নিৰূপণত চৰকাৰ তথা দেশীয় পুঁজিপতিসকলৰ দায়িত্ব আছে৷ অনাগত দিনত জনসাধাৰণে এই দায়িত্বক সুক্ষ্ম দৃষ্টি নিক্ষেপ কৰিব৷


ঠিকনা :
সহকাৰী অধ্যাপক, অৰ্থনীতি বিভাগ
নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বতন্ত্ৰ)
লখিমপুৰ, অসম
ভ্ৰাম্যভাষ : ৯৯৫৪৮৩২০৪০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ