অন্যযুগ/


বচা বকুল

 ৰমানন্দন বৰা


এঘাৰ

 

পুৱাতে খবৰটো বকুল চাপৰিত ৰজন্‌জনাই গল৷ বোপাৰাম বিষয়াৰ চোতালত মানুহে জুম বান্ধিলে৷

নিশাটো কাৰো চকুত চকু নালাগিল৷ পাহিতাই প্ৰথমে চিঞৰি কান্দিছিল যদিও, পাছলৈ চকুপানী টোকা নাই৷ মানুহটো যে ঘূৰি আহিছে, সেইটোৱেই ডাঙৰ কথা৷ গাত লগা ঘা এদিন ভাল হব৷ কিন্তু কেতিয়াবা মনটো পতিয়াবলৈ টান৷

পৰিয়ালৰ সৰু লৰা বীৰেনে কাউৰীপুৱাতে মুলুক বুঢ়াৰ ওচৰলৈ গল৷ বুঢ়াই বাহিমুখেৰেই দৰৱ গোটাই দিলে৷

ৰাতি এবাৰ তেল পোৰা হ, এবাৰ কেটাহি পোৰা হল আৰু জালুকৰ গুৰি ঘাত ঘঁহি দিয়া হল৷ ঘা যাতে নপকে, বহলি নাযায় তাৰ বাবে এই ব্যৱস্থা৷ শুকনি দৰৱ মুলুক বুঢ়াইহে দিব পাৰে৷

বেণুক বাঘে ধৰা খবৰটো মহেনৰ মহৰ খুঁটি পালেগৈ৷ সি নৰেনক লৰালৰিকৈ ঘৰলৈ পঠিয়াই নিজে ককিলা চাৰিআলিত বহা কম্‌পান্‌দাডাক্টৰৰ ওচৰলৈ চাইকেলখন লৈ কোবতে গল৷ এবছৰমান হৈছে- চাৰিআলিত জন্মি মহাজনৰ খেৰ মহলৰ দাঁতিতে দুকোঠলীয়া ঘৰ এটাত ডাক্টৰ এজন বহে৷ তেওঁৰ নাম-ধাম সঠিককৈ নাজানিলেও ককিলাৰ মানুহে বৰা কম্‌পান্‌দা নাইবা কম্‌পান্‌দা ডাক্টৰ বোলে৷ মহেনে মানুহজনকে নহয়, তেওঁৰ কামৰ নমুনাও দেখিছে৷ যোৱা মাঘত বৰআলিৰ মঙলাক মহে খুঁচি থকা-সৰকা কৰোঁতে মানুহে তাৰ আশা এৰি দিছিল, এই বৰা কম্‌পান্‌দা ডাক্টৰে চিকিৎসা কৰি ভাল কৰিলে৷ সেইটো মঙলাই এতিয়া হাল বাই খেতি কৰি খাই আছে৷ সাধাৰণ জ্বৰ নৰিয়াতো বাদেই নাৰেঙী হোৱা শিশুৱাৰ ঘৈণীয়েকক তেৱেঁই বচাই থৈছে৷ ককিলা অঞ্চলত বৰা কম্‌পান্‌দাৰ নাম ৰৈ-বৈ গৈছে৷ বাঘে আঁচুৰি যোৱা বেণুৰ চিকিৎসাও এইজনৰ হতুৱাই কৰোৱালে সোনকালে আৰোগ্য হব৷ এই বিশ্বাসতে মহেন বৰা কম্‌পান্‌দাৰৰ ওচৰ পালেহি৷ সি তেওঁক সবিশেষ ভাঙি কলে, সি যিমান শুনিছে সিমানখিনি৷

ওখ-পাখ, শকত-আৱত, বহল মুখৰ বৰা ডাক্টৰৰ মুখত এটা হাঁহি অনবৰত লাগি থাকে৷ সেইটোকে দেখি এলাপেচা ৰোগৰ পিলাই চমকি যায়৷ বিষ্ণু দূতৰ আগমনত যমদূতে অজামিলক এৰি থৈ যোৱাৰ দৰে বৰা ডাক্টৰৰ আগমনত বেমাৰে ৰোগী এৰি পলাই পত্ৰং দিয়ে৷

ডাক্টৰক লগত লৈ মহেন ঘৰ পায়হি মানে মুলুক বুঢ়াই দিয়া ঔষধ বেণুক খুওৱা হৈছে৷ কানি অকণমান ঘাবিলাকত ঘঁহি দিয়া হৈছে৷ গোট খোৱা মানুহবোৰে চোতালতে ৰদ লগাই বহি তামোলৰ বঁটাটোৰ সদ্ব্যৱহাৰ কৰি কথা পাতি আছে৷

বলৈহে, লতামাকৰী বাঘে চল পালে হাতীও চিকাৰ কৰে৷ বেণুৰ ভাগ্য ভাল কাৰণেহে...” সেয়া দেবেন৷ কথাৰ মাজত জোৰ দিবলৈ অবাইচটো সুমুৱাই কয়৷

বাঘৰ আঁচোৰ বৰ বেয়া দেই৷ ঘা শুকালেও ঘাটি থাকি যায়৷” - সেয়া কেৰকণ বিশেষজ্ঞৰ মন্তব্য৷

আমাৰ মুলুক কাইৰ দৰবে একেবাৰে জনি মৰি দিব পাৰে, চাই থাকিবি৷” - দীঘলাৰ কথা৷

বেণু জোৰী মানুহ কাৰণেহে...

ঘৰখন সাজিবলৈ লওঁতেই মানুহটোৰ এনেকুৱা অথন্তৰ হোৱাত আটায়ে দুখ পাইছে৷ ইফালে মানুহজনী হৈছে গা-ভাৰী৷ জেঠায়েকৰ পৰিয়ালটোয়ে আৱৰি আছে কাৰণেহে৷ বৰ ভাল মানুহ দেই৷ নহলে আজিকালি কোনে কালৈ চায়৷ বেণু মানুহটো কামিলা, মতি-গতি ভাল৷ তাৰ ভাল দিন আহিব৷

ডাক্টৰ এজন অহাটো বৰ সৰু কথা নহয়৷ চাপৰিয়াল মানুহৰ বেমাৰ-আজাৰ হলে গাঁৱলীয়া ঔষধ, তন্ত্ৰ-মন্ত্ৰই ঘাই ভাৰসা৷ মুলুক বুঢ়াই এইবোৰ কথাত ৰাইজখনক ইমান দিনে তাৰি আছে৷ বকুল চাপৰিয়েই নহয়, পূবে ককিলা, পশ্চিমে বাঁহবাৰীলৈকে তেওঁৰ খিয়াতি আছে৷ বকুল চাপৰিৰ অকল এজনী মানুহকেই চিভিললৈ নিয়া হৈছিল, গোলাপৰ মাকক৷ বৰ বেমাৰে পাইছিল৷ চিভিলতো নাবাচিল৷ এনেয়ে মানুহজনীয়ে মৰিবৰ সময়ত কষ্টখন খালে৷ টকা-সিকাও ভালেখিনি খৰচ হল৷ ডাক্টৰে বেমাৰ ভাল কৰা উদাহৰণ বকুল চাপৰিত নাই৷ তথাপি মহেনে ডাক্টৰ মাতি আনিছেগৈ৷ সেই কাৰণে কথাটো উলাই কৰিব পৰা বিধৰ নহয়৷

 মহেন লৰাটো অলপ বেলেগ গঢ়ৰ৷ নতুন কিবা এটা পালে, সেইটোৰ কাৰণে সি বৰ হাবিয়াস কৰে৷ পুৰণাবোৰৰ ওপৰত তাৰ বৰ বিশ্বাস নাই৷ আগতেও ঘৰখনত তাৰ এই স্বভাৱটোক লৈ কেবাবাৰো উখনা-উখনি হৈছে৷ প্ৰতিবাৰেই তাৰ কথাহে ৰজে৷ তাক চাইকেল এখন লাগে, নহলে খুঁটিলৈ অহা-যোৱা কৰিবলৈ বহুত সময় লাগে৷ মাক-বাপেকৰ মতে চাইকেল নালাগে, কিন্তু সি ললে৷ মহৰ গাখীৰ বেচা পইচাৰেই তিনিশ টকা দি টাউনৰ নিৰ্মল চাইকেল মাৰ্টৰ পৰা নতুন হাৰকিউলিছ্ চাইকেল এখন কিনি ললে৷ একে কথা এটা ৰেডিঅকিনোতেও৷ দেশৰ বাতৰি পাবলৈ ৰেডিঅটো লব বিচাৰিছোঁ, গান-বাজনা শুনি সময় খৰচ কৰিবলৈ নহয়৷ অআজৰি সময়ত গান-বজনাও শুনিলোঁ যেনিবা, কিনো ৰামায়ণখন অশুদ্ধ হ?” অৱশ্যে দুয়োটা বস্তু পাছলৈ ঘৰখনৰ সম্পদেই হল৷ সি মোনা এটাত ভৰাই চাইকেলৰ হেণ্ডেলত ওলমাই ৰেডিঅটো লগত লৈ ফুৰে৷ সি খুঁটিলৈ অহা-যোৱা কৰোঁতে বাটৰ দাঁতিৰ ৰাইজে বিনামূলীয়াকৈ ৰেডিঅৰ গীত-মাত শুনিবলৈ পায়৷ ঘৰত থকা সময়তো ঘৰৰ আটাইখনে শুনে৷ কোনেও বেয়া পাইছোঁ বুলি নকয়৷ ৰেডিঅটো মহেনৰ উপস্থিতিৰ সংকেত হৈ পৰিল৷ ঘৰত ৰেডিঅবাজি আছে মানে মহেন ঘৰত আছে, ৰাস্তাত ৰেডিঅৰ মাত শুনিছা মানে মহেন আহিছে বা মহেন গৈছে৷ জাৰ দিন, জহৰ দিনৰ কথা নাই, পুৱা পাঁচ পঞ্চলিছ বাজিল মাত্ৰক মহেনৰ ৰেডিঅৰ মাত ওলাল৷ আঘোণ মহীয়া মৰণাৰ ধানৰ মুঠি কাটোঁতে, ঘূৰাওঁতে, ওখোনিয়াওঁতে ৰেডিঅবন্ধ নহয়, পথাৰত হাল বাওঁতেও গছৰ ডালত নাইবা বাঁহৰ খুঁটিত ওলমি মহেনৰ ৰেডিঅবাজি থাকে৷ ঘৰলৈ এটা দেৱাল ঘড়ী সিয়েই আনিছে৷ চৌবিছ ঘণ্টাত এবাৰ চাবি দিব লাগে৷ কাঁটা কেইডালৰ উপৰি ঘণ্টা মতে টং টং কৈ বেল বাজে৷ ঘড়ীৰ কাঁটাকেইডাল কেনেকৈ থাকিলে কিমান বাজে ঘৰৰ মানুহক মহেনে শিকাইছে৷

বোপাৰাম বিষয়াই ডাক্টৰজনক আথে-বেথে ভিতৰলৈ নিলে৷ ডাক্টৰক মাতিব লাগিব বুলি তেওঁ নিজে ভবা নাছিল, মহেনে ভাবিছে যেতিয়া উপায় নাই৷ তদুপৰি ঘৰলৈ অহা অতিথি৷ যিয়েই হওক সন্তুষ্ট মনেৰে বিদায় দিব লাগিব৷ সোণ জেঠায়ে চাহ-তামোলৰ যা-যোগাৰ কৰিবলৈ খৰখেদা কৰা দেখি বৰা কম্‌পান্‌দাই কলে, “চাহ-তামোল পাছতো হ, ৰোগী ক? এবাৰ চাই লওঁ৷

নিজৰ কোঠাত বেণু শুই আছিল৷ বোপাৰাম বিষয়াই তেওঁক সেইফালে আগবঢ়াই নিলে, পিছে পিছে পাহিতা৷ মহেনো সোমাই গল৷ বোপাৰাম বিষয়া দুৱাৰ মুখত ৰল৷ ডাক্টৰে প্ৰথমে তেওঁৰ দুখন কাণত কিবা আগ দুটা সুমুৱাই পিঠিত ঘিলা এটাৰ নিচিনা পাইপ লগা যন্ত্ৰ এটা বেণুৰ পিঠিত লগাই কিবা শুনিবলৈ যত্ন কৰিছে৷ প্ৰথমে পিঠিৰ ফালে, তাৰ পিছত বুকুৰ ফালে৷ বাঁও হাতত কিবা এটা নলিচা লগা যন্ত্ৰেৰে মেৰিয়াই ফুচ ফুচ কৰি চালে, কিবা কিবি লিখিলে৷ বেণুক মাজে মাজে সুধিলে, “উশাহ লওঁতে কষ্ট পাইছা নেকি?” হাতেৰে হেঁচা দি সোধে, “এইখিনিত বিষাইছে নেকি?” বেণুৱেই নাই নাইবুলি উত্তৰ দি গল৷

তাৰ পিছত তেওঁ গামোচা ফালি বান্ধি থোৱা বেণুৰ পিঠিৰ ঘা কেইটুকুৰা চালে৷ শেষত মহেনৰ ফালে চাই মন্তব্য দিলে, “ভাগ্য ভাল, ঘা বিশেষ হোৱা নাই৷ হাওঁফাওঁ, লিভাৰ, কিডনি কতো আঘাত লগা নাই৷ বাঘৰ নখে মাংসহে ফালিছে৷ সোনকালে ভাল হব৷ কিন্তু দুটা নখ বহলকৈ বহিছে, চিলাব লাগিব৷

মহেনে কি চিন্তা কৰিলে জানিবৰ উপায় নাই৷ বোপাৰাম আৰু পাহিতাৰ চিন্তাত আউল লাগিল৷ চিলাব লাগিব মানে? কি চিলাব? বেণুৰ পিঠিটো? বেজী সুমুৱাই কেথা চিলোৱাৰ নিচিনাকৈ মানুহ চিলাব পাৰেনে? চিলোৱা উচিতনে?

মানুহখিনিৰ মনৰ ভাৱটো বৰা কম্‌পান্‌দাৰে ভালকৈ বুজিলে৷ তেওঁৰ অভিজ্ঞতা আছে৷ সকলোকে বুজোৱাৰ সুৰত তেওঁ কলে, “চিন্তা কৰিব নালাগে৷ দুডোখৰ ঘাত চাৰিটা গাঁঠি দিম৷ অকণো দুখ নাপায়৷ মঙহখিনি আঁতৰি থাকিলে সোনকালে নুশুকায়৷ বাঘৰ নখত বিষ থাকে৷ আমাৰ চাৰিওফালে চকুৰে নেদেখাকৈ বহুত বীজাণু আছে৷ ঘা বহলি থাকিলে বাহিৰৰ বীজাণু ভিতৰলৈ সোমাই বেমাৰ বেছি কৰে৷ তাক চপাই আনিব লাগিব৷ তেহে নতুন মঙহ ধৰি আহিব৷

বেণু ডাক্টৰৰ কথাত প্ৰত্যয় গল৷ ঠিক আছে, আপুনি যি ভাল দেখে কৰক৷ মুঠতে সোনকালে ভাল হব লাগে৷

লা চামৰাৰ পেটী লগোৱা ডাঙৰ বেগটোৰ পৰা বস্তুবোৰ উলিয়াই ডাক্টৰে কম সময়ৰ ভিতৰতে ঘা দুডোখৰ চিলাই বাকী আঁচোৰবোৰো ধুই পখালি বগা পাউডাৰ সানি বগা সেৰেঙাকৈ বোৱা ছটিযেন কাপোৰেৰে ভালকৈ বান্ধি দিলে৷ বাউসীত বেজী এটা দিলে৷ বেণু কেঁকাই উঠিল৷ এই ৰঙা-নীলাটো দেখিছা, এইটো কেপচুল৷ ভাত খোৱাৰ পাছত দিনে দুবাৰ আৰু এই পিলটো ৰাতি শোৱাৰ সময়ত খাব লাগিব৷এইবুলি পাহিতাৰ হাতত ঔষধ দুবিধ দিলে৷

কাম শেষ কৰি ডাক্টৰে নেমুটেঙা ঘঁহি হাত ধুই চৰা ঘৰত বহিলহি৷ বেগটো সামৰি-সুতৰি টেবুলখনতে থলে৷ সোণ জেঠায়ে চাহ এটুপি লবলৈ তেওঁক ভিতৰলৈ মাতিলে৷ আদৰেৰে আগবঢ়াই নিলে বোপাৰাম বিষয়াই৷ ৰঙা মাটিৰে মচি পকাই থোৱা পাকঘৰৰ মজিয়াত ঢৰা পাৰি এভাগ জলপান সজাই থোৱা আছে৷ ভজা বৰা চাউল, দৈ আৰু গুৰ৷ এনে অভ্যৰ্থনাৰ সৈতে আগৰে পৰা পৰিচিত কাৰণে ডাক্টৰে বিশেষ আপত্তি নকৰিলে৷

এঃ এইবোৰ নকৰা হলেও হলহেঁতেন৷তথাপি ভদ্ৰতাৰ খাতিৰত তেওঁ কথাষাৰ কলে৷

নাই নাই তেনেই অকণমানহে দিছোঁ৷ পাৰিব লব৷

ঘটিৰ পৰা পানী লৈ চৰিয়াত হাতখন তিয়াই সুধিলে, “মই অকলে খামনে? গৃহস্থকো...

এই অলপতে লোৱা হৈছে৷ মই আপোনাৰ সঙ্গ দি বহিছো বাৰু৷

আটাইখিনি ঘৰৰ নে?”

হয় ঘৰৰে৷ প্ৰভুৰ কৃপাত৷

জলপান খাই থাকোঁতে ডাক্টৰে বুজাই গ, “আপোনালোকে যিখিনি কৰিছে ঠিকেই আছে৷ তেল পুৰিছে, কেতাহি পুৰিছে ভাল কথা৷ এইবোৰে বাহিৰৰ পৰা নতুন ৰোগৰ বিজাণু সোমোৱাত বাধা দিছে৷ কিন্তু ইতিমধ্যে তেজত সোমোৱা বীজাণুবোৰ ধবংস কৰিবলৈ মই দিয়া ঔষধকেইটা নিয়মীয়াকৈ খুউৱা বৰ দৰকাৰী৷ দহ দিনৰ পাছত মই আহি চিলাই কাটি যামহি৷

জলপান খোৱাৰ পাছত এটা বাটিত এবাটি চাহ আৰু গুড় সোণজেঠায়ে ডাক্টৰলৈ আগ বঢ়ালে৷ শেষত তামোলৰ বটাটোতে গোটা তামোল দুটা, পাণ দুখিলাৰে সৈতে ৰূপ কুৰি টকা তেৱেঁই আগবঢ়ালে৷

আপোনালোকে জা-জলপান খুৱালে, চাহ-তামোল খুৱালে৷ এইখিনি আপোনালোকৰ পৰা ললোঁ৷ কোনো ফিজ মোক নালাগে৷ চৰকাৰে মোক আপোনালোকৰ চিকিৎসাৰ কাৰণে ৰাখিছে৷ দৰৱ-জাতিও চৰকাৰৰ৷ মই মানুহটোও চৰকাৰৰ৷

তথাপি ইমান দূৰ আহিলে৷

মহেনে আনিছে, আহিলোঁ৷ মহ খুঁটিৰ দৈৰ ঘট এটা মোক খুৱালেই হ, যেতিয়া সুবিধা হয়৷

বেৰৰ আঁৰ লৈ কথাবোৰ পাহিতাই শুনি আছিল৷ মানুহজনে সঁচাকৈ বেণুক সোনকালে ভাল কৰিব বুলি তাইৰ ধাৰণা হল৷

বেণুক পুনৰ এবাৰ দেখা কৰি সকলোৰে পৰা বিদায় লৈ ডাক্টৰ গলগৈ৷

ডাক্টৰী দৰৱৰ অসাধাৰণ গুণ বেণুৱে নিজে পাইছে৷ বিষ কমি আহিল৷ ঘা শুকাই আহিল৷

দহ দিনৰ দিনা বৰা ডাক্টৰ কথা মতেই বকুল চাপৰি পালেগৈ৷ বেণুৰ চিলাই কাটিলে৷ দুই এটা সৰু-সুৰা পৰীক্ষা কৰি কলে, “বাঘনখৰ বিপদ আৰু নাই৷ দুৰ্বল হৈ আছা৷ দুদিন মান ভালদৰে খাই-বৈ জিৰোৱাঁ৷ জোৰ কৰি কাম নকৰিবা৷ পিঠিত হেঁচা নেপেলাবা৷

বাধ্য ছাত্ৰৰ দৰে বেণুৱে মূৰ দুপিয়াই তেওঁৰ কথাবোৰ শুনি গল৷ মানুহজনৰ প্ৰতি তাৰ শ্ৰদ্ধা উপজিছে৷

গাঁৱৰ মানুহৰ ডাক্টৰী চিকিৎসাৰ ওপৰত এতিয়াও আস্থা জন্মা নাই৷ বেণুৰ আৰোগ্য হোৱা ঘটনাই হয়তো বকুল চাপৰিৰ মানুহবোৰক নতুনকৈ ভবাব পাৰে৷ বৰা ডাক্টৰে কথাবোৰ ভাবি চালে৷ তেওঁৰ কৰিব লগা বহুত কাম আছে৷ বেণুৰ পত্নীৰ কথাও তেওঁ চিন্তা কৰি চালে৷ এই মানুহজনীয়ে প্ৰয়োজনীয় পুষ্টি পাইছেনে? স্বাভাৱিক প্ৰসৱ হবনে? কেঁচুৱাটো সুস্থ-সবল হবনে? মহিলাগৰাকীৰ মনত হয়তো কেতিয়াবা এনেকুৱা দুই এটা কথা খেলাব পাৰে, তাৰ বাহিৰে আন কোনো মানুহজনীক লৈ চিন্তিত নহয়৷ শুভ ফল হওক বা অশুভ ফল হওক সকলোখিনি ভগৱানৰ ওপৰত জাপি দিয়াই গাঁৱৰ মানুহৰ কাম৷ বীজাণুৰ আক্ৰমণৰ কথা এওঁলোকক কেনেকৈ বুজাব পাৰি৷ প্ৰসৱকালিন সমস্যা, প্ৰসূতিৰ মৃত্যু আদি কথাবোৰ এই মানুহবোৰে ভগৱন্তৰ লীলা বুলিয়েই ধৰি লয়৷

বেণুৰ সুস্থতাত সন্তুষ্ট হৈ বোপাৰাম বিষয়া, সোণ জেঠাই ডাক্টৰৰ সৈতে দুৱাষাৰ কথা বেছিকৈ পাতিবলৈ মন কৰিলে৷ বহল চোতালখনত আটাইকেইজন গোলাকাৰে বহি কথা পাতি থাকোঁতে বৰা ডাক্টৰে সোণ জেঠাইলৈ উদ্দেশ্য কৰি প্ৰসঙ্গটো উলিয়ালে, “আপোনাৰ ভতিজীৰ ভাল হোৱা দিন ওচৰ চাপিছে হবলা৷

ছমাহ চলিছে, ছাৰ৷ডাক্টৰক ছাৰবুলি কবলৈ মহেনেই শিকাইছে৷

বলগীয়া সাৱধানতাবোৰ লৈছেনে?”

পাঁচ মাহত এদিন পঞ্চামৃত দিয়া হল৷

মাথো এদিন কিয়?”

প্ৰশ্নটো সোণ জেঠাইৰ কাৰণে অবান্তৰ আছিল৷ সংসাৰখনৰে এইটো নিয়ম৷ ডাক্টৰে আকৌ কয় কি?

পঞ্চামৃতত যিকেইটা বস্তু তেওঁক খুৱালে সেইকেইটা এই সময়ছোৱাত সদায় নহলেও নিয়মীয়াকৈ খুৱাই থাকিব লাগে৷ তেহে সন্তানে গা কৰিব, শক্তিশালী হব৷ বুদ্ধি-বৃত্তি ভাল হব৷

পাহিতাইও ডাক্টৰৰ কথাবোৰ শুনি আছিল৷ মানুহজনে কোৱা কথাবোৰ তাইৰ বৰ ভাল লাগিল৷ গছে ভালকৈ সাৰ-পানী পালেহে ফল ভাল দিব৷

সেইদিনা বৰা কম্‌পান্‌দা যোৱাৰ পিছত পাহিতাৰ মনটো নানান চিন্তাত থৌকি-বাথৌ হল৷ সিহঁত আটাইবোৰ জাকত গৈ থকা গৰুৰ দৰে৷ নিজৰ কথাই ভালকৈ নাজানে, আনৰ কথাতো নাজানেই৷ তাইৰ দেহাটোৰ ভিতৰত কি ঘটি আছে তাকে তাই নাজানে৷ মাথোন মাজে মাজে দুই এটা লক্ষণ, দুই এটা উপসৰ্গই জনাই আছে যে কিবা এটা ঘটি আছে৷ তাইৰ মনটোৱে জানিছে এটা জীৱন তাইৰ গৰ্ভত একলা-দুকলাকৈ বাঢ়ি আহিছে৷ তাতকৈ বেছি তাই একো নাজানে৷ জনাৰ দৰকাৰ নাই বুলিয়েই ভাবি আহিছে৷ কিন্তু; ডাক্টৰৰ কথা শুনি তাই চিন্তা কৰিছে অদৰকাৰী বুলি ভবা বহু কথাই দৰকাৰী, নাজানিলেও হব বুলি ভবা বহু কথাই জনা দৰকাৰ৷ তাইৰ গৰ্ভৰ সন্তানটি পৃথিৱীলৈ আহোঁতে যদি বাধা পায় কোনে তাক সেই পথ দেখুৱাব? কোনে জানে জীৱনৰ এই বেদনা আৰু মধুৰতা মিহলি সময়কণতে বহুত মাইকী মানুহে চিৰদিনলৈ চকু মুদে, কেতিয়াবা সন্তানটো হানি হয়, কেতিয়াবা দুয়োটা৷ বছা গাঁৱত এনেকুৱা ভুৰি ভুৰি উদাহৰণ আছে৷ তাত বগীবাই আছে৷ ইয়াত? বকুল চাপৰিত? দুকুৰি ঘৰ মানুহৰ এই নতুন চাপৰিয়াল গাঁৱত এনেকুৱা মাইকী মানুহ আছে বুলি তাই নাজানে৷ জেঠায়েকৰ মুখতো শুনা নাই৷ তেনেহলে? আন গাঁৱৰ পৰা কাৰোবাক মাতি আনিব লাগিব? নে ইয়াৰ মাইকী মানুহ কেইজনীমানেই তাইৰ জীৱন-মৰণৰ সংগ্ৰামখনত সাক্ষীগোপাল হৈ থাকিব? কিবা এটা অঘটন ঘটিলে তেওঁলোকে কি কৰিব? - পাহিতাই মনে মনে বৰ ভয় খালে৷

(ক্ৰমশঃ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ