অন্যযুগ/


নামঘৰত যজ্ঞ : শাক্তৰ বৈষ্ণৱ ধৰ্মৰ আগ্ৰাসন নে বহি:শক্তিৰ অসমীয়াত্ব নিৰ্মূল?

 ৰিপুঞ্জয় গগৈ

(১)

   নামঘৰ” মানেই যাগ-যজ্ঞৰ প্ৰতিমুখে থিয় দিয়া, গতি কৰা, কেৱল হৰিনাম চৰ্চা কৰা, নাম-কীৰ্তনপ্ৰধান এটা সুসংহত আনুষ্ঠানিক বৈষ্ণৱ প্ৰতিষ্ঠান। বৈদিক যাগ-যজ্ঞক লঘু কৰি অথবা বহুখিনি নিষিদ্ধতাৰে উপেক্ষা কৰি শংকৰদেৱকে ধৰি আন অনেকজন বৈষ্ণৱ ধৰ্ম প্ৰচাৰকে ষোল শতিকাত যি সহজ নামধৰ্ম প্ৰচাৰ কৰিছিল তাৰ পৰিণতিতেই জন্ম লভিছিল নামঘৰ অথবা হৰিমন্দিৰে। ইয়াৰ সৈতে আমাৰ সত্ৰবোৰৰ নাম ললেও পূজা-যজ্ঞধৰ্মী ব্ৰাহ্মণ্যবাদী প্ৰৱল পৰম্পৰাক প্ৰকৃততে প্ৰতিৰোধ নকৰাকৈয়ে বা কবলৈ গলে ইচ্ছাকৃতভাৱে তাৰ ভাৱ-চিন্তাৰ সৈতে আন্তৰিক লিপ্ততাৰে সৰহভাগে সত্ৰবোৰতেই নামঘৰৰ কেন্দ্ৰীয় চিন্তা-চৰিত্ৰৰ বিপৰীতে পূজা-পাতল, যাগ-যজ্ঞ চলাই থাকিলে। আৰু ধৰ্মৰ (বিশেষকৈ হিন্দু ধৰ্মৰ) অনেক আভ্যন্তৰীণ দুৰ্বলতা উদঙাই, হাস্যাস্পদ বুলি কব পৰা অন্তহীন স্ববিৰোধ দেখুৱাই নামঘৰৰ অনুগত একশৰণধৰ্মী বৈষ্ণৱৰে অনেকে নামঘৰৰ চিন্তাৰ প্ৰতিমুখে থকা, বাস্তৱিকতে বৈৰী আদৰ্শ বুলিব পৰা সত্ৰবোৰৰো শৰণীয়া ভজনীয় শিচ হবলৈ ধৰিলে!! 

পঢ়ুৱৈয়ে কথাটো, মানে আমাৰ অভিযোগটোৰ তত্ ধৰিবলৈ, তাৰ তাৎপৰ্য অনুধাৱন কৰিবলৈ নিজৰেই বাস্তৱ অভিজ্ঞতা এটা ইয়াত দাঙি ধৰিব বিচাৰিছো। এইটো কথা পিছে কিবা একক ব্যতিক্ৰম উদাহৰণহে, অভিজ্ঞতা নহয়৷ এই নিবন্ধটো আজি মই মোৰ যিটো পৈত্ৰিক গৃহত থাকি প্ৰস্তূত কৰিছোঁ মোৰ এই ঘাইঘৰটো হৈছে শিৱসাগৰৰ বুৰঞ্জী প্ৰখ্যাত ৰংঘৰ ৰূপহী পথাৰ সংলগ্ন মঠাদাং গাৱঁৰ৷ আমাৰ মঠাদাং গাৱঁৰ ৰুদ্ৰসিংহ নিৰ্মিত দুবৰণি আলিৰ সংলগ্ন দিখৌ নৈৰ মতামৰীয়া ঘাটটোতেই ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে আহোম ৰাজতন্ত্ৰক বিনষ্ট কৰিব বিচৰা “শনাহী” বুলি ভবা মটক মায়ামৰীয়া বিদ্ৰোহীৰ সৈতে তেওঁলোকৰ সহযোগী এচাম “জ্ঞাতিদ্ৰোহী” আহোমক মাতি আনি দিখৌৰ দ ডুবিলৈ গঁতিয়াই গঁতিয়াই হত্যা কৰিছিল। এই ঠাইৰ অদুৰতেই দুবৰণি আলিৰ মূৰত বাসস্থান আছিল পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ৷ (তথ্যঃ সৰ্বানন্দ ৰাজকুমাৰ, “ইতিহাসে সোঁৱৰা ছশ বছৰ” ) 

আহোম ৰাজতন্ত্ৰৰ অনেক উত্থান পতনৰ সাক্ষী  আমাৰ এই মঠাদাং গাৱঁত মূলতঃ ৰজাঘৰীয়া আহোম মানুহ থাকিলেও (মোমাই তামূলীৰ আদৰ্শ গাৱঁত কোচ-কলিতাও আছে) আমাৰ মঠাদাঙৰ এই আহোমখিনিয়ে আন অনেক আহোমৰ দৰেই আৰাধ্য চোমদেও, লেংডন, জাচিংফা আদিক এৰি আন কোচ, কলিতা, কায়স্থ, কৈৱৰ্ত, বামুণ, নাথ-যোগী আদিৰ দৰে কীৰ্তন ভাগৱতেৰে বৈষ্ণৱ অথবা শংকৰী হৈ পৰিল৷ বৈষ্ণৱ আহোম শাল, শিঙি, কুকুৰা, গাহৰি এৰি দুৰ্বল, নিশকতীয়া হল! এইবোৰৰ বিপৰীতে মোৰ অশৰণীয়া অভকতীয়া দেউতাই যুক্তিৰে থিয় দিয়াত আমাৰ পৰিয়ালটোক মাজে-মধ্যে সমাজচ্যুত কৰি এঘৰীয়া কৰা হল! (আজি এযুগৰ পূৰ্বে সাদিন কাকতত আমি এই এঘৰীয়া হোৱাৰ গ্লানি আৰু গৌৰৱৰ কথা বিস্তৃতভাৱে লিখিছিলোঁ৷) 

পিছে আমাৰ প্ৰৱল বৈষ্ণৱী, বামুণতকৈ এখোপ চৰা মঠাদাঙৰ আহোম জ্ঞাতিসকল হৈছে কুখ্যাত দক্ষিণপাট সত্ৰৰ গৌৰৱান্বিত (?) শিচ!! শংকৰদেৱৰ কীৰ্তন-ভাগৱতত চলা আন অনেক নিষ্ঠাবান (?) বৈষ্ণৱৰ দৰে আমাৰ মঠাদাঙৰ একান্ত বৈষ্ণৱসকলে যি দক্ষিণপাট সত্ৰত শৰণ লয় সেইখন দক্ষিণপাট সত্ৰ পিছে মুঠেও শংকৰী বৈষ্ণৱ নহয়!! আন অনেক সত্ৰৰ দৰেই এই দক্ষিণপাট সত্ৰখনত পূজা-যজ্ঞ চলে!! তাত শালগ্ৰাম মূৰ্তি পূজে, ধোৱে!! সত্ৰবোৰৰ এই মূৰ্তিপূজা, যাগ-যজ্ঞকাণ্ডবোৰ বাস্তৱিকতে শংকৰৰ বৈষ্ণৱ ধৰ্মৰ বিৰুদ্ধে প্ৰচণ্ড বিদ্ৰুপ, শ্লেষ বা পৰম প্ৰত্যাহ্বান৷ কিয়নো শংকৰদেৱৰ কীৰ্তন-ভাগৱতত হৰিনামৰ মহিমা প্ৰতিষ্ঠা কৰি যাগ-যজ্ঞ, পূজা-পাতাল এই সকলোবোৰক পৰিহাৰ্য, তলতীয়া কৰিছে। কীৰ্তন-ভাগৱতৰ অনেক পদতেই হৰিনামৰ শ্ৰৱণ-কীৰ্তনেৰে পূজা-পাতল, যাগ-যজ্ঞক প্ৰায় অলাগতিয়াল কৰিছে। (অকণমান সময়লৈ কীৰ্তনখন পঢ়ি চাওকচোন) যিবোৰক “আমাৰ গুৰু” শংকৰদেৱে অসাৰ, অলাগতিয়াল কৰি নামঘৰত হৰিনাম চৰ্চাৰ সহজ পন্থা দিলে সেইবোৰ যাগ-যজ্ঞ, পূজা-পাতল কৰা সত্ৰৰেই শিচ হবলৈ গল আমাৰ নামঘৰমুখী বৈষ্ণৱ! এই স্ববিৰোধক আমি সচেতন ভণ্ডামি বুলি নকওঁ৷ কম অসীম অজ্ঞতা৷ এই অজ্ঞতাৰ বাবেই আহোম ৰাজত্বৰ খলনায়ক চুলিকফা ওৰফে লৰাৰজাৰ নিৰ্লজ্জ পক্ষ লোৱা দক্ষিণপাট সত্ৰৰ শৰণ লবলৈ যায় আমাৰ মঠাদাঙৰ আহোম জ্ঞাতিয়ে!! (এই দক্ষিণপাট সত্ৰৰ খলনায়কী ভূমিকা সম্পৰ্কে কাশীনাথ তামুলীফুকন অথবা সদৰামিনৰ “আসাম বুৰঞ্জী” দ্ৰষ্টব্য ) 

এনে দ্বিমুখী, খিচিৰি ধৰ্ম-চৰ্চাৰ বাটত পিছে আমাৰ মঠাদাং একক ব্যতিক্ৰম নহয়৷ বিশ্বৰ সকলো ধৰ্মই এনে অনেক স্ববিৰোধিতা বা অজ্ঞতাজনিত ভণ্ডামিত আক্ৰান্ত৷ 

(২)

আমাৰ ধৰ্মবোৰৰ এনে বিপৰীত মেৰুৰ দ্বিমুখী খিচিৰি চৰ্চাৰ বাটত আমি আজি বিতৰ্কত সোমাইছোঁগৈ অলপতে গোলাঘাটৰ আঠখেলীয়া নামঘৰত যজ্ঞ কৰা অপকাণ্ডক লৈ। এয়া হিন্দী গোবলয়ৰ ধৰ্ম সংস্কৃতিৰ প্ৰসাৰ কৰোঁতা ব্ৰাহ্মণ্যবাদী বিজেপি-আৰ এছ এছৰ কাণ্ড বুলিয়েই সৰৱ চৰ্চা হৈছে৷ 

এই অবৈষ্ণৱ ,অশংকৰী কাণ্ডৰ বিৰুদ্ধে বাস্তৱিকতে জ্বলি-পকি উঠিব লাগে শংকৰপন্থীসকল৷ পিছে এইসকল আজিৰ তাৰিখত হিতাধিকাৰীৰ মায়াজালত বন্দী হোৱাৰ বাবে এওঁলোকে চকুত মোহাঞ্জন সানি বহি আছে! বৰঞ্চ বিপৰীতে বহু সময়ত বাওঁপন্থী অধৰমী বুলি পৰিচিত ডঃ হীৰেন গোহাঁইকে ধৰি অসমৰ সংখ্যালঘু ফৈদটোৱেহে হৈছে ইয়াৰ বিৰূদ্ধে সৰৱ!! কোনোবাই ভৱিষ্যতে আমাৰ ধৰ্মৰ বুৰঞ্জী লিখিলে এই ঘটনাটোৱে বুৰঞ্জীবিদক নিশ্চিতভাৱে অবাক বা বিভ্ৰান্ত কৰিব। আঠখেলীয়া নামঘৰৰ বৈষ্ণৱ ধৰ্মীয় পৱিত্ৰতা ৰক্ষা কৰিবলৈ আগ বাঢ়ি আহিব লাগে কোন আৰু বাস্তৱিকতে আহিছে কোন!! আজি অসম, অসমীয়া বিৰোধী বুলি প্ৰচাৰ কৰি প্ৰতিষ্ঠিত কৰিব বিচৰা ডঃ হীৰেন গোহাঁয়ে “কীৰ্তন পুথিৰ ৰসবিচাৰ” লিখি পাছত “অসমীয়া সমাজ জীৱনত মহাপুৰুষীয়া পৰম্পৰা” নামৰ গ্ৰন্থ লিখি সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ পাছতো এইজন ডঃ হীৰেন গোহাঁইক কোনবোৰ তথাকথিত অসমীপ্ৰেমীয়ে চুৱনীৰ কুকুৰৰ দৰে খেংখেঙাই উঠে তাক লক্ষ্য কৰিব লাগে৷ 

আজি অসমত ত্ৰিছ  লাখ শংকৰী ভকত থকা বুলি দাবী কৰা তথাকথিত প্ৰভাৱশালী কিবা এটা বৃহৎ সংঘ অনুষ্ঠান থাকিলেও পূজা-যজ্ঞধৰ্মী তলসুতীয়া ব্ৰাহ্মণ্যবাদী শাক্ত পৰম্পৰাটোৱে বহিৰাগত বণিয়াৰ স্বাৰ্থৰক্ষাকাৰী ৰাজকীয় শক্তিবোৰৰ হাতত ধৰি বৈষ্ণৱ, শংকৰদেৱ আদি স্থানীয়, অসমীয়াত্বৰ অবিভাজ্য মত-পৰম্পৰাক উটুৱাই নিবলৈ বিচাৰিছে৷ ইতিমধ্যে শংকৰী বৈষ্ণৱী মাস্ক্ পিন্ধা সত্ৰ, সত্ৰাধিকাৰসকলে ৰাজ পৃষ্ঠপোষকতা লাভ কৰি আজি নিৰ্ভয়ে স্বমূৰ্তি ধাৰণ কৰিছে! শংকৰ সংঘয়ো বহিৰাগত ব্ৰাহ্মণ্যবাদী বিকাৰৰ আগ্ৰাসনক ভেটা দিয়াক চাৰি ইয়াৰ পৃষ্ঠপোষক ৰাজশক্তিৰ ওচৰত পাৱে পৰিহৰি কৰি আছে!!  (জীয়া উদাহৰণবোৰ বিতৰ্কলৈ আহিলে দিম৷) অসমীয়াৰ বহুখিনি আত্মপৰিচয়ৰ স্মাৰক শংকৰদেৱৰ ধৰ্ম সংস্কৃতিক আজি বহিৰাগত বঙালৰ পূজা-যজ্ঞধৰ্মী স্থূল, আদিম, অযৌক্তিক পৰম্পৰাই গ্ৰাস কৰিছে। আজি এই বাটতেই আঠখেলীয়া নামঘৰত যজ্ঞ চলিছে৷ কাইলৈ আমাৰ মঠাদাঙৰ নামঘৰত বা পৰহিলৈ বৰপেটা সত্ৰৰ কীৰ্তনঘৰতো যে পূজা-যজ্ঞ নচলিব তাৰ কি ভৰসা আছে ? ৰজাৰ ধৰ্ম বহু সময়ত প্ৰজাৰ ধৰ্ম হয়। তাতে আমাৰ শংকৰী বৈষ্ণৱ ধৰ্মৰ কেতবোৰ দুৰ্বলতাৰ সুযোগ লৈ আজিৰ তাৰিখত অনেক অসমীয়াই সত্ৰ, শাক্ত-বৈষ্ণৱৰ খিচিৰি পকাই আছে৷ অনেক অসমীয়া নিজেও আজি হৈছে নানা কিছিমৰ হাইব্ৰিড্ ধৰ্মৰ ভক্ত!!

(৩)

আন এটা অকটা সত্য কব বিচাৰিছোঁ৷ আজি ডেৰকুৰি পাঁচ বছৰমানৰ আগতে আমি গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ ফালে সহপাঠী বন্ধুৰ বায়েকৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে হাবিৰ মাজত সৰু সৰু নামঘৰ দুটা দেখিছিলোঁ৷ পাছত অজন্তা নেওগ মন্ত্ৰী হৈ তেতিয়াৰ গোলাঘাটৰ পৌৰপতি ডাঃ অজিত বৰুৱাকে ধৰি আনসকলৰ সৈতে লগ লাগি এই হাবিতলীয়া আঠখেলীয়াক পৰ্যটন স্থল কৰি তাত বৃহৎ বাছ টাৰ্মিনাছ্ নিৰ্মাণ কৰাত ক্ষুদ্ৰ হাবিতলীয়া নামঘৰ গৈ প্ৰখ্যাত আঠখেলীয়া নামঘৰ হৈ পৰে। পৰৱৰ্তী সময়ত এই ডাঃ বৰুৱা আদিসকলৰ বিৰুদ্ধেই এচামে অনিয়মৰ অভিযোগেৰে মোকৰ্দমা তৰে! এয়াই আঠখেলীয়াৰ মহাত্ম্যা!! ( এই বিষয়ে সবিশেষ আমি কাকতৰ নিয়মীয়া স্তম্ভত লিখিছিলোঁ৷   ) 

আকৌ, সৌ সিদিনা শংকৰদেৱৰ গৃহজিলাখনতে শাসকৰ ধৰ্মীয় আদৰ্শৰে, শংকৰদেৱৰ ধৰ্মীয় আদৰ্শৰ প্ৰতিমুখে কিবা এটা মহা বিষ্ণু যজ্ঞ, লিংগৰ মহামন্দিৰ নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী সময়ত এই যজ্ঞ মন্দিৰে আজিৰ আঠখেলীয়াৰ দৰেই বিভিন্ন প্ৰচাৰেৰে, প্ৰবাদেৰে অলৌকিক মহাত্ম্যা লাভ কৰিব!!

যিসময়ত সভ্যতাৰ জখলাত বগোৱা উন্নত সভ্য দেশে ধৰ্ম নামৰ আদিম, সামন্তীয় অযৌক্তিক চিন্তা-চৰ্চাক হেলাৰঙে বিসৰ্জন দিছে সেই সময়ত আমাৰ ক্ষমতাৰ ৰাজনীতিৰ স্বাৰ্থত আৰু দেশ-সমাজৰ বিভিন্ন হতাশা, ব্যৰ্থতাৰ গ্লানি ঢাকিবৰ বাবে আমাৰ এচামে ধৰ্ম  ধৰ্ম, মন্দিৰ-নামঘৰ, যাগ-যজ্ঞ কৰি আছে৷ এই একেটা বাটত ইছলাম, খ্ৰীষ্টান আদিয়েও বিভিন্ন বিড়ম্বনাৰে বাট বুলিছে ...।

 ***

ভ্ৰাম্যভাষ :  ৯৮৫৪৮৪৬২৭২ 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ