মূল : লিও টলষ্টয়ৰ What is Art?
অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস
(৫)
একে
ধৰণেৰেই সৌন্দৰ্যক সংজ্ঞাৱদ্ধ কৰিছে কাণ্টৰ অনুগামীসকলেও, যাৰ ভিতৰত এগৰাকী আছিল শ্বিলাৰ (১৭৫৯-১৮০৫)। নন্দনতত্ত্ব
সম্পৰ্কে বহু লিখামেলা কৰা শ্বিলাৰৰ মতে, কাণ্টে
কোৱাৰ দৰেই কলাৰ লক্ষ্য হৈছে সৌন্দৰ্য, যাৰ
উৎস হ’ল ব্যৱহাৰিক সুবিধাৰহিত আমোদ। গতিকে কলাক এটা খেল বুলিও ক’ব পাৰি, অৱশ্যে গুৰুত্বহীন কাৰ্যৰ অৰ্থত নহয়, কেৱল এই অৰ্থতেই যে ই জীৱনৰ
সৌন্দৰ্যসমূহৰ প্ৰকাশ, যাৰ
সৌন্দৰ্যৰ বাহিৰে আন একো লক্ষ্য নাই।
শ্বিলাৰৰ
বাহিৰে নন্দনতত্ত্বৰ ক্ষেত্ৰখনত কাণ্টৰ অনুগামীসকলৰ ভিতৰত আটাইতকৈ উল্লেখনীয় আছিল
উইলহেল্ম হামব’ল্ডট, যিয়ে
সৌন্দৰ্যৰ সংজ্ঞাত একো সংযোজন নঘটালেও ইয়াক বিভিন্ন প্ৰকাৰে ব্যাখ্যা কৰিছিল -
নাটক, সংগীত, কমিক ইত্যাদি।
কাণ্টৰ
পাছত, নিম্নমানৰ দাৰ্শনিকসকলৰ বাহিৰেও, নন্দনতত্ত্বৰ লেখকসকল আছিল ফিষ্টে, শ্বেলিং, হেগেল, আৰু
তেওঁলোকৰ অনুগামীসকল। ফিষ্টে (১৭৬২-১৮১৪)-ই কৈছে যে সুন্দৰৰ ধাৰণাটো ইয়াৰপৰা আগ
বাঢ়ে - পৃথিৱীৰ - অৰ্থাৎ প্ৰকৃতিৰ - দুটা ফাল আছে। এটা হ’ল আমাৰ সীমাৱদ্ধতাৰ
যোগফল, আৰু আনটো হ’ল আমাৰ মুক্ত আদৰ্শবাদী
কাৰ্যাৱলীৰ যোগফল। প্ৰথমটো ক্ষেত্ৰত পৃথিৱীখন সীমিত, দ্বিতীয়টো ক্ষেত্ৰত ই মুক্ত। প্ৰথমটো ক্ষেত্ৰত প্ৰতিটো
বস্তুৱেই সীমিত, বিকৃত, সংকুচিত, আৱদ্ধ
- আৰু আমি ইয়াত বিকলাংগতা দেখোঁ; দ্বিতীয়টো
ক্ষেত্ৰত আমি ইয়াৰ আভ্যন্তৰীণ সম্পূৰ্ণতা, প্ৰাণৱন্ততা, পুনৰুজ্জীৱন উপলব্ধি কৰোঁ - আৰু আমি
সৌন্দৰ্য দেখিবলৈ পাওঁ। গতিকে, ফিষ্টেৰ
মতে এটা বস্তুৰ বিকৃতি অথবা সৌন্দৰ্য নিৰ্ভৰ কৰে দ্ৰষ্টাৰ দৃষ্টিভংগীৰ ওপৰত। সেয়ে
সৌন্দৰ্য পৃথিৱীত নহয়, সুন্দৰ
আত্মাতহে (schöner Geist) বিদ্যমান। কলা হৈছে এই সুন্দৰ আত্মাৰ প্ৰকাশ, আৰু ইয়াৰ লক্ষ্য হৈছে শিক্ষা, কেৱল মনৰ নহয় - এয়া পণ্ডিতৰ (savant) কাম; কেৱল হৃদয়ৰো নহয় - এয়া নৈতিক প্ৰচাৰকৰ কাম; এই শিক্ষা হ’ল
সম্পূৰ্ণ মানুহজনৰ। আৰু সেয়ে সৌন্দৰ্যৰ বৈশিষ্ট্য কোনো বাহ্যিক বস্তুত নিহিত
নাথাকে, থাকে কলাকাৰৰ মাজত এটা সুন্দৰ আত্মাৰ উপস্থিতিত।
ফিষ্টেক অনুসৰণ কৰি, আৰু একে দিশতেই, ফ্ৰিডৰিখ শ্লেগেল
আৰু আদাম মুলাৰেও সৌন্দৰ্যৰ সংজ্ঞা দিছিল। শ্লেগেল (১৭৭২-১৮২৯)-ৰ মতে কলাত
সৌন্দৰ্য বৰ অসম্পূৰ্ণভাৱে, একপক্ষীয়ভাৱে আৰু অসংবদ্ধভাৱে বুজা যায়।
সৌন্দৰ্য কেৱল কলাতেই নাথাকে, প্ৰকৃতি আৰু প্ৰেমতো থাকে; গতিকে প্ৰকৃততে সুন্দৰখিনি প্ৰকাশিত হয় কলা, প্ৰকৃতি আৰু
প্ৰেমৰ মিলনৰ মাজেৰে। সেয়ে শ্লেগেলে নন্দনতাত্ত্বিক কলাৰপৰা অবিচ্ছিন্ন হিচাপে নৈতিক আৰু দাৰ্শনিক কলাকো স্বীকৃতি দিছে।
আদাম মুলাৰ (১৭৭৯ - ১৮২৯)-ৰ মতে সৌন্দৰ্য দুই প্ৰকাৰৰ; এটা হ’ল সাধাৰণ সৌন্দৰ্য, যিয়ে সূৰ্যটোৱে গ্ৰহক আকৰ্ষণ কৰাৰ
নিচিনাকৈ মানুহক আকৰ্ষণ কৰে - এয়া সাধাৰণতে পোৱা যায় পুৰাতন কলাৰ মাজত - আৰু আনটো হৈছে গাইগুটীয়া সৌন্দৰ্য, যাৰ সৃষ্টি হয়
সৌন্দৰ্যক আকৰ্ষণ কৰা এটা সূৰ্যত পৰিণত হোৱা দ্ৰষ্টাৰ নিজৰ পৰাই - এয়া হ’ল
অৰ্বাচীন কলাৰ সৌন্দৰ্য। সকলো অসঙ্গতিৰ মাজত ঐকতানৰ সৃষ্টি হোৱা এখন পৃথিৱীয়েই
হৈছে সৰ্বোচ্চ সৌন্দৰ্য। প্ৰতিটো কলাত্মক কৰ্ম হৈছে এই সাৰ্বজনীন ঐকতানৰ
পুনৰুৎপাদন। সৰ্বোচ্চ কলা হৈছে জীৱনৰ কলা।
ফিষ্টে আৰু তেওঁৰ অনুগামীসকলৰ ঠিক পাছতেই আহে তেওঁৰ এগৰাকী
সমকালীন দাৰ্শনিক শ্বেলিং (১৭৭৫-১৮৫৪), আমাৰ সময়ৰ
নন্দনতাত্ত্বিক ধাৰণাসমূহৰ ওপৰত যিজনৰ ডাঙৰ প্ৰভাৱ আছে। শ্বেলিঙৰ দৰ্শন অনুসৰি কলা
হৈছে বস্তুসমূহৰ সেই ধাৰণাৰ উৎপাদন বা ফল যাৰ জৰিয়তে কৰ্তা ইয়াৰ নিজৰে কৰ্ম হৈ
পৰে, অথবা কৰ্ম ইয়াৰ নিজৰে কৰ্তাত পৰিণত হয়। সৌন্দৰ্য হৈছে সসীমৰ
মাজত অসীমৰ উপলব্ধি। আৰু কলাত্মক কৰ্মসমূহৰ মুখ্য বৈশিষ্ট্য হৈছে অচেতন অসীম। কলা
হৈছে বিষয়নিষ্ঠতাৰ সৈতে বস্তুনিষ্ঠতাৰ, প্ৰকৃতিৰ সৈতে যুক্তিৰ, অচেতনৰ সৈতে সচেতনৰ একত্ৰিকৰণ, আৰু সেয়ে কলা হৈছে জ্ঞানৰ সৰ্বোচ্চ উপায়।
সৌন্দৰ্য হৈছে বস্তুবোৰৰ আদিৰূপত (In den Urbildern) বিদ্যমান হোৱা অৱস্থাত এইবোৰৰ নিজৰ ভিতৰতে বস্তুবোৰক পৰ্যৱেক্ষণ কৰা।
কলাকাৰগৰাকীয়ে নিজৰ জ্ঞান অথবা দক্ষতাৰে সুন্দৰ বস্তুৰ সৃষ্টি নকৰে, এই কাম কৰে তেওঁৰ মাজত নিহিত সৌন্দৰ্যৰ ধাৰণাই।
শ্বেলিঙৰ অনুগামীসকলৰ মাজত আটাইতকৈ লক্ষ্যণীয় আছিল চোলগাৰ
(১৭৮০-১৮১৯ - Vorlesungen über Aesthetik) । তেওঁৰ মতে সৌন্দৰ্যৰ ধাৰণা হৈছে প্ৰত্যেক
বস্তুৰে মৌলিক ধাৰণা। পৃথিৱীত আমি কেৱল মৌলিক ধাৰণাৰ বিকৃতি দেখিবলৈ পাওঁ, কিন্তু কলাই কল্পনাৰ মাধ্যমেৰে নিজকে এই ধাৰণাৰ শিখৰলৈ উত্থিত কৰিব পাৰে। কলা
সেয়ে সৃষ্টিৰ সদৃশ ।
শ্বেলিঙৰ আন এগৰাকী অনুগামী ক্ৰাউজ (১৭৮১ - ১৮৮২) -ৰ মতে
সঁচা, ধনাত্মক সৌন্দৰ্য হৈছে গাইগুটীয়া ৰূপত ধাৰণাৰ প্ৰকাশ; কলা হৈছে মানুহৰ মুক্ত সত্তাৰ পৰিমণ্ডলত থকা সৌন্দৰ্যৰ বাস্তৱায়ন। কলাৰ
সৰ্বোচ্চ পৰ্যায় হৈছে জীৱনৰ কলা, যিয়ে ইয়াৰ কৰ্মক জীৱনৰ অলংকৰণৰ পিনে
পৰিচালিত কৰে, যাতে ই এগৰাকী সুন্দৰ মানুহৰ বাবে এটা সুন্দৰ আবাস হ’ব পাৰে।
শ্বেলিং আৰু তেওঁৰ অনুগামীসকলৰ পাছত আহিছিল হেগেলৰ
নন্দনতত্ত্ব বিষয়ক নতুন মতবাদ, যাক আজিলৈকে বহুতে জানি-বুজি মানি আহিছে, কিন্তু গৰিষ্ঠ সংখ্যকেই মানিছে নজনাকৈয়ে। এই শিক্ষণ আগৰবোৰতকৈ বেছি স্পষ্ট বা
অধিক ভালকৈ সংজ্ঞাৱদ্ধতো নহয়েই, বৰং, যদি সম্ভৱ, অধিক অস্পষ্ট আৰু ৰহস্যময়হে।
হেগেল (১৭৭০ - ১৮৩১)-ৰ মতে, ঈশ্বৰে প্ৰকৃতি
আৰু কলাৰ মাজত সৌন্দৰ্যৰ ৰূপত নিজকে প্ৰকাশ কৰে। দুই ধৰণেৰে ঈশ্বৰে
নিজক প্ৰকাশ কৰে : কৰ্তাত আৰু কৰ্মত, প্ৰকৃতিত আৰু আত্মাত। সৌন্দৰ্য হ’ল
পদাৰ্থৰ মাজেৰে ধাৰণাৰ স্ফূৰণ। কেৱল আত্মা, আৰু যি ইয়াৰ সৈতে জড়িত সেয়া, প্ৰকৃততে সুন্দৰ; আৰু সেয়ে প্ৰকৃতিৰ সৌন্দৰ্য কেৱল আত্মাৰ প্ৰাকৃতিক
সুন্দৰতাৰ প্ৰতিফলনহে - সুন্দৰ বস্তুৰ কেৱল এটা আত্মিক সন্তুষ্টি থাকে। কিন্তু
আত্মিক বস্তুও এটা ইন্দ্ৰিয়গ্ৰাহ্য ৰূপত ওলাব লাগে। আত্মাৰ ইন্দ্ৰিয়গ্ৰাহ্য প্ৰকাশ
হৈছে কেৱল বাহ্যিক অৱস্থা (schein),
আৰু এই বাহ্যিক অৱস্থাটো সুন্দৰৰ একমাত্ৰ
বাস্তৱতা। এনেকৈয়ে কলা হৈছে ধাৰণাৰ এই বাহ্যিক অৱস্থাটোৰ উৎপাদন, আৰু ধৰ্ম আৰু দৰ্শনৰ সৈতে এটা পথ, মানৱতাৰ গভীৰতম
সমস্যাসমূহ আৰু আত্মাৰ উচ্চতম সত্যবোৰ চেতনালৈ অনাৰ আৰু প্ৰকাশ কৰাৰ।
হেগেলৰ মতে, সত্য আৰু সৌন্দৰ্য একেটাই বস্তু। প্ৰভেদ
কেৱল এইটোৱেই যে সত্য হৈছে ধাৰণা নিজেই, যিহেতু ই নিজৰ মাজতেই থাকে, আৰু ই চিন্তাযোগ্য। বাহ্যিকভাৱে প্ৰকাশিত ধাৰণা বোধশক্তিৰ বাবে কেৱল সত্যই নহয়, সুন্দৰো। সুন্দৰেই হৈছে ধাৰণাৰ প্ৰকাশ।
হেগেলৰ পাছত আহে তেওঁৰ অজস্ৰ অনুগামী, ৱাইছ, আৰ্নল্ড ৰুজ, ৰোজেনক্ৰেণ্ট্জ, থিয়’ড’ৰ ভিছাৰ আৰু অন্যসকল।
ৱাইছ (১৮০১-১৮৬৭) -ৰ মতে কলা হৈছে সৌন্দৰ্যৰ পৰম আত্মিক
বাস্তৱতাৰ বাহ্যিক, মৃত, নিৰ্বিকাৰ বস্তুৰ মাজত প্ৰৱৰ্তন (Einbildung), যাৰ উপলদ্ধিয়ে
সৌন্দৰ্য ব্যতিৰেকে ইয়াৰ মাজলৈ অনা সমস্ত অস্তিত্বকে অস্বীকাৰ কৰে (Negation alles Fürsichseins).
ৱাইছে ব্যাখ্যা কৰিছে যে সত্যৰ ধাৰণাত জ্ঞানৰ বিষয়গত আৰু
বস্তুগত ফাল দুটাৰ মাজত সংঘাত আছে, যাৰ বাবে এগৰাকী ব্যক্তিয়ে সাৰ্বজনীনক
উপলব্ধি কৰিব পাৰে। এই সংঘাতক আঁতৰ কৰিব পাৰি এটা ধাৰণাৰে যিয়ে আমাৰ সত্যৰ ধাৰণাত
দুভাগত বিভক্ত হৈ থকা ব্যক্তি আৰু সাৰ্বজনীনতাক একত্ৰিত কৰে। এনে এটা ধাৰণা হৈছে
পুনৰ্মিলিত (aufgehoben) সত্য । সৌন্দৰ্য
হৈছে এনেকুৱা এটা পুনৰ্মিলিত সত্য।
হেগেলৰ গোড়া অনুগামী ৰুজৰ মতে, নিজকে প্ৰকাশ কৰা ধাৰণাই হৈছে সৌন্দৰ্য। আত্মাই নিজকে পৰ্যবেক্ষণ কৰি নিজকে হয়তো সম্পূৰ্ণৰূপে প্ৰকাশ কৰা অৱস্থাত পায়, আৰু নিজৰ সেই সম্পূৰ্ণ প্ৰকাশেই হৈছে সৌন্দৰ্য; অথবা
অসম্পূৰ্ণভাবে, আৰু নিজৰ এই ত্ৰুটিপূৰ্ণ প্ৰকাশক পৰিৱৰ্তন কৰাৰ
প্ৰয়োজনীয়তা ই অনুভৱ কৰে, আৰু সৃষ্টিশীল কলাত পৰিণত হয়।
ভিছাৰ (১৮০৭-১৮৮৭)-ৰ মতে সৌন্দৰ্য হৈছে এটা সসীম প্ৰপঞ্চৰ
ৰূপত থকা ধাৰণা। ধাৰণা নিজে অবিভক্ত নহয়, কিন্তু ই ধাৰণাসমূহৰ এটা পদ্ধতি গঢ়ি তোলে, যি বৰ্ণিত হয় উৰ্ধ্বমুখী বা অধোমুখী ৰেখাৰে। ধাৰণা যিমানেই উচ্চ হয়, সিমানেই অধিক সৌন্দৰ্য ই বহন কৰে; কিন্তু আনকি সৰ্বনিম্ন ধাৰণাটোৰো
সৌন্দৰ্য থাকে, কাৰণ ই পদ্ধতিটোৰ মাজত এটা অত্যাৱশ্যকীয় সংযোগ গঢ়ি তোলে।
ধাৰণাৰ সৰ্বোচ্চ ৰূপটো হৈছে ব্যক্তিত্ব, আৰু সেয়ে সৰ্বোচ্চ কলা হৈছে এনেকুৱা এটা
বস্তু যাৰ বিষয়বস্তু হিচাপে থাকে সৰ্বোচ্চ ব্যক্তিত্ব।
হেগেলৰ পথেৰে যোৱা জাৰ্মান নন্দনতাত্ত্বিকসকলৰ তত্ত্ববোৰ
এনেকুৱাই আছিল, কিন্তু তেওঁলোকে নন্দনতাত্ত্বিক তত্ত্বালোচনাবোৰ কুক্ষিগত
কৰা নাছিল। হেগেলপন্থী তত্ত্ববোৰৰ কাষে কাষে আৰু একে সময়তে সৌন্দৰ্য সম্পৰ্কীয় এনে
কিছু তত্ত্ব ওলাইছিল, যিবোৰ কেৱল হেগেলৰ অৱস্থানৰপৰা (যে সৌন্দৰ্য হৈছে ধাৰণাৰ
প্ৰকাশ) স্বাধীনেই নাছিল, বৰং পোনপটীয়াকৈ এই অভিমতৰ বিৰোধীয়ও আছিল, ইয়াক অস্বীকাৰ কৰাৰ লগতে বিদ্ৰুপো কৰিছিল। হাৰ্বাৰ্টে, আৰু বিশেষভাৱে
শ্বপেনআৱাৰে এনেকুৱা পথকেই লৈছিল।
হাৰ্বাৰ্ট (১৭৭৬-১৮৪১)-ৰ মতে, সৌন্দৰ্য বুলি
স্বতন্ত্ৰ অস্তিত্বসম্পন্ন কোনো বস্তু নাই, আৰু থাকিব নোৱাৰে। যিটো আছে, সেয়া আমাৰ অভিমতহে, আৰু এই অভিমতৰ ভিত্তি (Ästhetisches Elementarurtheil) কি, সেয়া উলিওৱাটো প্ৰয়োজনীয়। এনেকুৱা
ভিত্তিবোৰ আমাৰ প্ৰতীতিৰ সৈতে সংযুক্ত। নিৰ্দিষ্ট কেতবোৰ সম্পৰ্ক আছে, যিবোৰক আমি সুন্দৰ বুলি কওঁ; আৰু কলা গঢ় লৈ উঠিছে এই সম্পৰ্কবোৰৰ
সন্ধানৰদ্বাৰা, যিবোৰ চিত্ৰকলা, প্লাষ্টিক কলা আৰু স্থাপত্যত সমকালীন, সংগীতত ধাৰাবাহিক আৰু সমকালীন, আৰু কবিতাত বিশুদ্ধভাৱে ধাৰাবাহিক।
পূৰ্বৱৰ্তী নন্দনতাত্ত্বিকসকলৰ বিপৰীতে গৈ হাৰ্বাৰ্টে মত প্ৰকাশ কৰিছে যে যিবোৰ
বস্তুৱে একো প্ৰকাশ নকৰে সেইবোৰ সুন্দৰ হয়, যেনে, উদাহৰণ স্বৰূপে
ৰামধেনু, যি ইয়াৰ ৰেখা আৰু ৰংবোৰৰ বাবেহে সুন্দৰ, আইৰিছ বা নোৱাৰ ৰামধেনুৰ সৈতে পুৰাকথামূলক সংযোগৰ বাবে নহয়।
হেগেলৰ আন এগৰাকী প্ৰতিপক্ষ আছিল শ্বপেনআৱাৰ, যিয়ে হেগেলৰ গোটেই ব্যৱস্থাটোকে, তেওঁৰ নন্দনতত্ত্বকে ধৰি, অস্বীকাৰ কৰিছিল।
শ্বপেনআৱাৰ (১৭৮৮-১৮৬০) -ৰ মতে, ইচ্ছাই এই
পৃথিৱীত বিভিন্ন পৃষ্ঠত নিজকে মূৰ্ত কৰে; আৰু যদিও ইয়াক মূৰ্ত কৰা পৃষ্ঠটো যিমানেই
উচ্চ হয় ই সিমানেই সুন্দৰ হয়, তথাপি প্ৰতিটো পৃষ্ঠৰেই নিজা সৌন্দৰ্য
থাকে । নিজৰ ব্যক্তিসত্তাৰ বিসৰ্জন আৰু ইচ্ছাৰ প্ৰকাশৰ এই পৃষ্ঠবোৰৰ এটাৰ চিন্তনে
আমাক সৌন্দৰ্য সম্পৰ্কে এটা উপলব্ধি দিয়ে। শ্বপেনআৱাৰে কৈছে যে সকলো মানুহেই
ধাৰণাক বিভিন্ন পৃষ্ঠত মূৰ্ত কৰাৰ সক্ষমতা ৰাখে। কলাকাৰৰ প্ৰতিভাই এই সক্ষমতা
উচ্চতৰ মাত্ৰাত বহন কৰে, আৰু সেয়ে উচ্চতৰ সৌন্দৰ্যক প্ৰকাশিত হ’বলৈ দিয়ে।
অনুবাদকৰ ঠিকনা :
অধ্যক্ষ, বৰপেটা ছোৱালী মহাবিদ্যালয়
ভ্ৰাম্যভাষ : + ৯১৭০০২১৪৩৩২৫