অন্যযুগ/


অপু ভৰদ্বাজৰ গল্পত সমাজ-ৰাজনৈতিক বাস্তৱতা

  অসীম চুতীয়া

 

সমকালীন অসমীয়া গল্পসাহিত্যত যিসকল গল্পকাৰে দৈনন্দিন জীৱনৰ আপাত-সাধাৰণ বিষয়বস্তুৰ মাজেৰে বৃহত্তৰ সমাজ-ৰাজনৈতিক বাস্তৱতা উন্মোচন কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰত অপু ভৰদ্বাজ বিশেষভাৱে উল্লেখযোগ্য৷ ভৰদ্বাজৰ গল্প পঢ়িলে এইটো স্পষ্ট হয় যে তেওঁ গল্পৰ কাহিনীক সমালোচনামূলক পদ্ধতি হিচাপে ব্যৱহাৰ কৰিছে৷ সমকালীন সমাজ-ৰাজনৈতিক ব্যৱস্থাৰ অন্তৰ্নিহিত বৈষম্য, নৈতিক দ্বিচাৰিতা, ক্ষমতাৰ অপপ্ৰয়োগ, সাংস্কৃতিক ভণ্ডামি আৰু মানৱ-অস্তিত্বৰ সংকট– এই সকলো বিষয় তেওঁৰ সৃষ্টিত সুসংহত ৰূপত প্ৰতিফলিত হয়৷ সৰল ভাষা, সংযত উপস্থাপন আৰু তীক্ষ্ণ ব্যংগৰ সমন্বয়েৰে তেওঁ সময়ৰ অন্তঃসলিলা গতি-বিধিক দৃশ্যমান কৰি তুলিবলৈ সক্ষম হৈছে৷

অপু ভৰদ্বাজৰ গল্পৰ মূল কেন্দ্ৰবিন্দু হৈছে সমাজ-ৰাজনৈতিক বাস্তৱতাৰ অন্তৰালত লুকাই থকা কিছুমান ভণ্ডামি৷ আপাতদৃষ্টিত স্বাভাৱিক বা স্বীকৃত বুলি ধৰা বহু সামাজিক আচাৰ, মূল্যবোধ আৰু মানসিকতাক তেওঁ প্ৰশ্নৰ আওতালৈ আনিছে৷ আধুনিক গণমাধ্যমৰ চাঞ্চল্যসন্ধানী মনোভাৱ, ৰাজনীতিৰ সুবিধাবাদী কৌশল, পুঁজিবাদী সংস্কৃতিৰ চকচকীয়া মোহ আৰু সামাজিক স্বীকৃতিৰ কৃত্ৰিম মানসিকতা– এইবোৰ বিষয়ক তেওঁ সমগ্ৰ সমাজ-ৰাজনৈতিক বাস্তৱতাৰ অংশ হিচাপে পৰ্যবেক্ষণ কৰিছে৷ সেয়েহে তেওঁৰ গল্পত ব্যক্তিগত জীৱন আৰু সমাজ ব্যৱস্থাৰ মাজৰ সূক্ষ্ম সম্পৰ্ক উদ্ভাসিত হয়৷ ফলত গল্পৰ কাহিনীসমূহ ব্যক্তিগত অভি:তাৰ সীমা অতিক্ৰম কৰি সময়-সচেতন বৌদ্ধিক অনুসন্ধানত পৰিণত হৈছে৷

ভৰদ্বাজৰ গল্পৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে–অন্তঃসাৰশূন্যতাৰ উন্মোচন৷ চাঞ্চল্য, নাটকীয়তা বা আৱেগঘন উত্তেজনা সৃষ্টি কৰাৰ পৰিৱৰ্তে যিবোৰ বিষয় সমাজে স্বাভাৱিক বুলি গ্ৰহণ কৰি আহিছে, সেইবোৰৰ ভিতৰত নিহিত দ্বন্দ্ব আৰু বৈপৰীত্য উদঙাই দিয়াটোৱেই তেওঁৰ গল্পৰ প্ৰধান বিশেষত্ব৷ ভৰদ্বাজৰ প্ৰতিটো গল্পৰ অন্তৰালত নিহিত হৈ আছে গম্ভীৰ দাৰ্শনিক আৰু সমাজতাত্ত্বিক মূল্যবোধ৷ গল্পকাৰ হিচাপে তেওঁ কোনো গল্পতে সৰ্বশেষ সিদ্ধান্ত জাপি দিয়া নাই; বৰঞ্চ পাঠকক চিন্তাৰ এখন ক্ষেত্ৰ প্ৰদান কৰিছে৷ এইখিনিতেই তেওঁৰ গল্পৰ শক্তি নিহিত হৈ আছে৷ পাঠকক সাbLনা নিদি তেওঁ কিছুমান অস্বস্তিকৰ পৰিৱেশ-পৰিস্থিতিৰ মুখামুখি কৰাইছে৷ স্বীকৃত সত্যৰ অন্তৰালত লুকাই থকা কেতবোৰ প্ৰশ্ন পাঠকৰ সন্মুখত তুলি ধৰিছে৷ এই অস্বস্তিয়েই তেওঁৰ গল্পসমূহত এক প্ৰকাৰৰ নৈতিক জাগৰণৰ সূচনা কৰিছে৷

সমকালীন সমাজত ব্যৱস্থাত য’ত তথ্য বাণিজ্যিক পণ্যত পৰিণত হৈছে, বিশ্বাস ৰাজনৈতিক অস্ত্ৰ ৰূপে ব্যৱহৃত হৈছে আৰু ব্যক্তি-অস্তিত্ব বহু সময়ত পৰিসংখ্যাৰ মাজত সীমাবদ্ধ হৈ ৰৈছে, তেনে পৰিস্থিতিত অপু ভৰদ্বাজৰ গল্পই বিশেষ তাৎপৰ্য বহন কৰিছে৷ গল্পকাৰে গল্পসমূহক বাস্তৱতাক বিশ্লেষণ কৰাৰ, প্ৰশ্ন কৰাৰ আৰু পুনৰব্যাখ্যা কৰাৰ এক শক্তিশালী মাধ্যম হিচাপে বিবেচনা কৰিছে৷ সাহিত্যৰ এই সমালোচনামূলক ভূমিকা তেওঁ দৃঢ়ভাৱে গল্পসমূহৰ মাজেৰে প্ৰতিষ্ঠা কৰিছে৷

সেই অৰ্থত অপু ভৰদ্বাজ সমকালিন অসমীয়া গল্পসাহিত্যৰ সময়-সচেতন, সমাজ-সচেতন আৰু নৈতিক সজাগতাৰ বাহক এজন চিন্তাশীল গল্পকাৰ৷ তেওঁৰ সৃষ্টিৰ মাজেৰে অসমীয়া গল্পসাহিত্যই একধৰণৰ নতুন বৌদ্ধিক গভীৰতা আৰু সমাজ-ৰাজনৈতিক সংবেদনশীলতা লাভ কৰিছে৷

অপু ভৰদ্বাজৰ দাৰ্শনিক আৰু ৰাজনৈতিক পটভূমিত ৰচিত এটা গল্প হৈছে ‘মাংস’৷ এই গল্পটোত লেখকে আদিম মানৱৰ জীৱন, ধৰ্মৰ সৃষ্টি, খাদ্যাভ্যাস আৰু আধুনিক সমাজৰ সাম্প্ৰদায়িক ৰাজনীতি প্ৰাসংগিক কৰি তুলিছে৷ গল্পটোৰ বিষয়বস্তু অতি সংবেদনশীল আৰু বাস্তৱমুখী৷ এই গল্পটোত কোৱা হৈছে– আদিম মানুহৰ বাবে মাংস কেৱল জীয়াই থাকিবলৈ গ্ৰহণ কৰা প্ৰয়োজনীয় আহাৰ আছিল৷ তেতিয়া ধৰ্ম, পাপ-পুণ্য বা বিধি-নিষেধ বুলি কোনো কথা নাছিল৷ কিন্তু সময়ৰ লগে লগে মানুহে ধৰ্ম গঢ়ি তুলিলে আৰু খাদ্যকো ধৰ্মৰ লগত জড়িত কৰিলে৷ এই সময়ত ‘মাংস’ ৰাজনৈতিক কাৰণত সমাজ বিভাজনৰ এক আহিলা হৈ উঠিছে৷ গল্পটোত আধুনিক সমাজত ধৰ্মৰ নামত খাদ্যক লৈ কেনেকৈ মানুহৰ মাজত ঘৃণা, দ্বন্দ্ব আৰু হিংসা সৃষ্টি কৰিব বিচৰা হৈছে, সেই কথা সহজ ভাষাৰে গল্পটোত বৰ্ণনা কৰা হৈছে৷ ধৰ্মীয় বিধি-নিয়মবোৰ সময় আৰু সুবিধা অনুসাৰে কেনেকৈ পৃথক পৃথক ৰূপত ব্যাখ্যা কৰা হয়, সেই কথাও গল্পকাৰে কৌশলেৰে উপস্থাপন কৰিছে৷

গল্পটোৰ আৰম্ভণিতে নিয়েণ্ডাৰথেলৰ খাদ্যাভ্যাসৰ বিৱৰ্তন দেখুওৱা হৈছে৷ নিয়েণ্ডাৰথেলটোৱে প্ৰাকৃতিক বিপৰ্যয়ৰ ফলত উদ্ভিদভিত্তিক আহাৰৰ অভাৱ আৰু তাৰ পৰা মাংসভোজনলৈ ধাৱমান হওঁতে গল্পকাৰে স্পষ্ট কৰি দিছে যে মাংসৰ জন্ম নৈতিকতা বা ধৰ্মৰ পৰা হোৱা নাছিল; বৰঞ্চ ভোক আৰু জীয়াই থকাৰ তাড়নাৰ পৰা মাংস আৱিষ্কাৰ কৰা হৈছিল৷ এই অংশত ডাৰউইনৰ বিৱৰ্তনবাদ আৰু আধুনিক পুষ্টিবিজ্ঞানৰ প্ৰসংগও গুৰুত্বপূৰ্ণ হৈ উঠিছে৷ গল্পকাৰে উল্লেখ কৰা ‘‘More dead grazing animal means more meat.’’ উদ্ধৃতিটোৱে খাদ্য-শৃংখলৰ এক নিষ্ঠুৰ কিন্তু স্বাভাৱিক সত্য উন্মোচিত কৰিছে৷

নিয়েণ্ডাৰথেলটোৱে সময়ৰ বগুৱা বাই আধুনিক সমাজত আহি উপস্থিত হওঁতে গল্পটোৰ প্ৰকৃত দ্বন্দ্বটো আৰম্ভ হয়৷ এই মুহূৰ্ততেই গল্পটো এটা শক্তিশালী ৰূপক হৈ উঠিছে৷ আদিম মানৱৰ দৃষ্টিত মাংস মানে মাথোঁ খাদ্য, জীয়াই থকাৰ এটা সাধাৰণ উপায়৷ কিন্তু আধুনিক সমাজত মাংস হৈ পৰিছে ধৰ্ম, সমাজ আৰু ৰাজনীতিৰ বিষয়৷ ভোকত আতুৰ হৈ নিয়েণ্ডাৰথেলটোৱে গাহৰি বা গৰু খাব খোজোঁতেই ‘‘ধৰ্ম’’ নামৰ এটা অদৃশ্য কিন্তু প্ৰবল শক্তিয়ে তাক বাধা দিছে৷ আধুনিক সমাজত মানুহৰ ভোকক সমাজ, ধৰ্ম আৰু ক্ষমতাই নিয়ন্ত্ৰণ কৰিবলৈ লৈছে৷ কি খাব, কি নাখাব –এইবোৰ সিদ্ধান্ত মানুহৰ ব্যক্তিগত নহৈ সমাজে নিৰ্ধাৰণ কৰিবলৈ লোৱাটোৱেই তাৎপৰ্যপূৰ্ণ! গল্পটোত ‘দেউ’ আৰু ‘মৌলবী’ চৰিত্ৰ দুটাৰ জৰিয়তে গল্পকাৰে ধৰ্মীয় শাস্ত্ৰসমূহৰ পৰস্পৰ-বিৰোধিতাৰ প্ৰসংগ উত্থাপন কৰিছে৷ দুয়ো নিজৰ নিজৰ ধৰ্মৰ শাস্ত্ৰৰ উদ্ধৃতি দি নিজৰ কথায়েই সঠিক বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে৷ কিন্তু নিয়েণ্ডাৰথেলৰ সৰল আৰু নিৰ্দোষ প্ৰশ্নবোৰে এই যুক্তিবোৰৰ ভণ্ডামি উদঙাই দিছে৷ ‘‘গৰু মৰা পাপ যদি গৰুৰ চামৰাৰ পাদুকা তেওঁলোকে পিন্ধিবই নালাগে৷ গৰুৰ চামৰাৰ ঢোলটো বজাবই নালাগে৷ ঢোল বজোৱা হাতখন ভুলতো মুখত নালাগেনে?’’ এইবোৰ প্ৰশ্নৰ কোনো সহজ উত্তৰ নাই৷ অৰ্থাৎ বহু ধৰ্মীয় নৈতিকতা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, ই সুবিধা, অভ্যাস আৰু ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল৷

‘‘বুৰঞ্জী শিল’’ শব্দাংশ গল্পটোৰ আটাইতকৈ অৰ্থৱহ প্ৰতীক৷ এই শিলটো হাজাৰ বছৰীয়া ইতিহাসৰ জীৱন্ত সাক্ষী৷ এই শিলৰ বুকুত একে সময়তে বিপৰীত কথা শুনা যায়– ক’ৰবাত গো-ভক্ষণ পুণ্য, ক’ৰবাত আকৌ মহাপাপ৷ ঋষি যা:ব্যই গো-মাংস ভক্ষণৰ কথা উল্লেখ কৰা, প্ৰাচীন কালত ৰজা ৰন্তিদেৱৰ ৰন্ধনশালাত গৰু বধ হোৱাৰ কাহিনী আৰু আধুনিক সময়ৰ সাম্প্ৰদায়িক সংঘৰ্ষ– এইবোৰ প্ৰসংগৰ পৰা অনুধাৱন কৰিব পাৰি যে ধৰ্মীয় বিধান কোনো চিৰস্থায়ী বা অবিচলিত সত্য নহয়৷ সময়ৰ পৰিৱৰ্তন, সমাজ-ৰাজনৈতিক স্বাৰ্থ অনুসাৰে এই বিধানবোৰৰ ব্যাখ্যা আৰু অৰ্থ যুগে যুগে সলনি হৈ আহিছে৷

গল্পটোৰ শেষৰফালে ‘‘মাংস’’ ক্ষমতা আৰু ৰাজনীতিৰ প্ৰতীক হৈ ধৰা দিছে৷ ‘‘মাংস হ’ল– ধন, ক্ষমতা, ভোট’’ এই বাক্যাংশতে উন্মোচিত হৈছে এই সময়ত খাদ্যক কেনেকৈ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ মাংসৰ নামতেই মানুহক ‘‘আমি’’ আৰু ‘‘সিহঁত’’ বুলি ভাগ কৰা হৈছে, ধৰ্ম আৰু পৰিচয়ৰ দেৱাল নিৰ্মাণ কৰা হৈছে৷ এই বিভাজনৰ মূল লাভালাভ হয় শাসকশ্ৰেণীৰ, কিন্তু ঘৃণা, হিংসা আৰু ৰক্তপাতৰ জৰিয়তে সাধাৰণ মানুহে ইয়াৰ মূল্য দিবলগীয়া হয়৷ গল্পটোৱে ‘মাংস’ৰ আঁৰত লুকাই থকা এক ভয়ংকৰ সামাজিক আৰু ৰাজনৈতিক সত্য আৱিষ্কাৰ কৰিছে৷

নিয়েণ্ডাৰথেলটোৰ মৃত্যু গল্পটোৰ গভীৰ প্ৰতীকী ব্য?না৷ এই জীৱটোৱে কেৱল জীৱন ৰক্ষা কৰিবলৈ, ভোক নিবাৰণৰ বাবে মাংস খাইছিল, সেই একেটা জীৱই আধুনিক মানুহৰ ধৰ্মীয় কটাক্ষ, ৰাজনৈতিক কূটনীতি আৰু বৌদ্ধিক ভণ্ডামিৰ সন্মুখত পৰাস্ত হৈছে৷ আদিম মানৱৰ ভোক আছিল স্বাভাৱিক আৰু নিষ্পাপ; কিন্তু আধুনিক সমাজত সেই একে মাংসেই ঘৃণা, বিভাজন আৰু হিংসাৰ অস্ত্ৰ হৈ উঠিছে৷ এইখিনিতেই গল্পটোৰ গভীৰ ব্যংগ নিহিত হৈ আছে– সভ্যতা আগবাঢ়িল বুলি ভবা মানুহ আচলতে আদিম জীৱটোৰ তুলনাতো অধিক নিষ্ঠুৰ আৰু অমানৱীয় হৈ পৰিছে৷ ‘‘জীয়াকহে লাগে, মৰাক ধৰ্ম নালাগে’’– এই বাক্যটোৱে গল্পটোক এক কৰুণ কিন্তু তীক্ষ্ণ সমালোচনাত্মক পৰিসমাপ্তি দিছে৷ জীৱনৰ মৌলিক প্ৰয়োজন খাদ্য যেতিয়া মতাদৰ্শৰ বলি হয়, তেতিয়াই মনুষ্যত্বৰ মৃত্যু ঘটে৷

মূলতঃ ‘‘মাংস’’ এটা শক্তিশালী সমাজ-ৰাজনৈতিক সমালোচনামূলক গল্প৷ ই খাদ্যাভ্যাসৰ কথা ক’বলৈ গৈ ধৰ্ম, ইতিহাস আৰু ৰাজনৈতিক ভণ্ডামি উন্মোচিত কৰিছে৷ ইতিহাসচেতন দৃষ্টিভংগীৰ সফল সংমিশ্ৰণে এই গল্পটোতসাম্প্ৰতিক সময়ৰ অস্বস্তিকৰ কিন্তু অত্যন্ত প্ৰাসংগিক বিষয় উপস্থাপন কৰিছে৷

অপু ভৰদ্বাজৰ বহুচৰ্চিত এটা গল্প হৈছে ‘‘নীতা আম্বানী’’৷ গল্পটোত আধুনিক সমাজৰ শ্ৰেণীবৈষম্য, পুঁজিবাদী চিন্তাধাৰা, কল্যাণমূলক চৰকাৰী আঁচনিৰ ফোপোলা স্বৰূপ আৰু মিডিয়াৰ নিষ্ঠুৰ মনোভাৱক সহজ কিন্তু তীক্ষ্ণ ব্যংগাত্মক ভাষাৰে উপস্থাপন কৰা হৈছে৷ গল্পটোৰ কেন্দ্ৰত আছে দুজন প্ৰান্তীয় মানুহ– ড॰ পাপু আৰু দুখীয়া কলম-বিক্ৰেতা নীতা আম্বানী৷ এই দুয়োজনৰ জীৱনৰ মাজেদি সমাজৰ অসাম?স্য আৰু অন্যায়বোৰ স্পষ্ট হৈ উঠিছে৷

॰ পাপু একালৰ সমাজতত্ত্বৰ অধ্যাপক৷ কিন্তু ব্যৱস্থাৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ তেওঁ আজিৰ সমাজৰ হতাশাগ্ৰস্ত ব্যক্তি এজন হৈ উঠিছে৷ তেওঁ বহু কথা জানে, বহু অন্যায় দেখিছে, বুজিছে৷ কিন্তু সেইবোৰ সলনি কৰিব পৰা শক্তি তেওঁৰ নাই৷ তেওঁৰ প্ৰতিবাদ, লেখা আৰু ভাষণ বেছিভাগ সময়তেই আৱেগেৰে ভৰা হয়; ফলত সমাজ ব্যৱস্থাক প্ৰকৃতাৰ্থত প্ৰত্যাহ৩ান তেওঁ জনাব নোৱাৰে৷ এই চৰিত্ৰটোৰ জৰিয়তে গল্পকাৰে ক’ব খুজিছে যে কেৱল তত্ত্ব, :ান বা আদৰ্শ থাকিলেই সমাজ সলনি নহয়; যদিহে সেইবোৰ সুসংগঠিত কৰ্মত কাৰ্যকৰী কৰিব পৰা নাযায়, তেন্তে সেয়া ক্ষোভ আৰু ব্যংগতেই আৱদ্ধ হৈ থাকি যায়৷

‘নীতা আম্বানী’ গল্পটোৰ নাম-ভূমিকাৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ৷ বাস্তৱিকতে ভাৰতবৰ্ষৰ এগৰাকী ধনাঢ্য মহিলাৰ নাম নীতা আম্বানী৷ এই প্ৰান্তত একে নামৰ হোৱাৰ বাবেই এজনী দৰিদ্ৰ, অসহায় নাৰী সমাজৰ উপহাস আৰু ঠাট্টা-মস্কৰাৰ পাত্ৰ হৈ পৰিছে৷ ধনী নীতা আম্বানীৰ নামটো দুখীয়া নীতা আম্বানীৰ গাত ভেজা দি সমাজে যি হাঁহি-তামাচাৰ পৰিৱেশ সৃষ্টি কৰিছে, সেয়া আচলতে ধনী-দুখীয়াৰ মাজৰ ভয়ংকৰ ব্যৱধানৰেই প্ৰকাশ৷ ইয়াত নীতা আম্বানী নামটো প্ৰাচুৰ্য্যতা আৰু অভাৱৰ মাজৰ নিষ্ঠুৰ পাৰ্থক্যৰ প্ৰতীক হৈ ধৰা দিছে৷

গল্পটোত তথাকথিত চৰকাৰী কল্যাণমূলক আঁচনিবোৰৰো সমালোচনা কৰা হৈছে৷ নীতা আম্বানী ‘‘হিতাধিকাৰী’’ হ’লেও তেওঁৰ জীৱনৰ প্ৰকৃত উন্নতি নঘটে৷ চাউল, আঁঠুৱা বা সামান্য সহায়ে মানুহৰ দৰিদ্ৰতা আঁতৰাব নোৱাৰে; বৰঞ্চ এইবোৰে মানুহক পৰনিৰ্ভৰশীল কৰিহে ৰাখে আৰু প্ৰশ্ন কৰাৰ মানসিকতা নোহোৱা কৰে৷ গল্পটোত বৰ্ণিত নীতা আম্বানীৰ কান্দোনখিনি হৈছে এই ব্যৱস্থাগত শোষণৰ মানৱীয় ৰূপ৷

মিডিয়াৰ ভূমিকাও গল্পটোত কঠোৰভাৱে সমালোচিত হৈছে৷ দুখীয়া মানুহৰ দুখ মিডিয়াৰ বাবে সহানুভূতিৰ বিষয় নহয়, ই মাথোঁ ‘‘কণ্টেণ্ট’’ আৰু ‘‘এণ্টাৰটেইনমেণ্ট’’৷ এই আচৰণে আধুনিক মিডিয়াৰ নৈতিক ভণ্ডামিক স্পষ্ট কৰি তুলিছে৷ শেষত ‘‘নীতা আম্বানীয়ে নাম সলাওক’’ বুলি উঠা দাবীটোৱে গভীৰ অৰ্থ বহন কৰিছে৷ সমস্যাটো নামটোত নহয়, সমাজ ব্যৱস্থাতহে৷ কিন্তু ব্যৱস্থা সলনি কৰিব নোৱাৰি সমাজে সহজ-সৰল মানুহকেই দোষী সাব্যস্ত কৰে৷ এই ব্যৰ্থ প্ৰতিবাদেই গল্পটোৰ কৰুণ সত্য৷

‘‘নীতা আম্বানী’’ গল্পটোৰ ভাষা সহজ কিন্তু গভীৰভাৱে অৰ্থৱহ৷ ব্যংগ আৰু ঠাট্টাৰ আড়ালত এই গল্পটো আচলতে দুখীয়া মানুহৰ বেদনা, শোষণ আৰু অপমানৰ এখন কৰুণ ছবি দাঙি ধৰা হৈছে৷ সাৱলীল আৰু পঠনযোগ্য গল্পটোৱে পঢ়ুৱৈক হাঁহিৰ মাজেৰে চিন্তাৰ খোৰাকো যোগাইছে৷

অপু ভৰদ্বাজৰ অন্য এটা উল্লেখযোগ্য গল্পৰ শিৰোনাম ‘‘থুঃ’’৷ ‘থুঃ’ এক প্ৰকাৰৰ প্ৰতীকমূলক উচ্ছাৰণ৷ য’ত ঘৃণা, বিৰক্তি, প্ৰতিবাদ আৰু আত্মসমালোচনা একেলগে বিস্ফোৰিত হয়৷ গল্পটো মূলতঃ এজন সৃষ্টিশীল মানুহৰ মানসিক সংকট, সামাজিক হতাশা আৰু নৈতিক ক্ষোভৰ বহুমাত্ৰিক দলিল৷ শিশিৰদা নামৰ গল্পকাৰজনৰ ‘থু’ উচ্ছাৰণ সমাজ-ব্যৱস্থা, সাহিত্য-জগত, সংবাদ-মাধ্যম, ৰাজনীতি আৰু সাংস্কৃতিক ভণ্ডামিৰ বিৰুদ্ধে তেওঁৰ অসহায় প্ৰতিবাদৰ বহিপ্ৰৰ্কাশ৷

গল্পৰ আৰম্ভণিতে আত্মহত্যাৰ প্ৰসংগ উত্থাপন কৰা হৈছে৷ শিশিৰদাই কয়– ‘আত্মহত্যা’ শব্দটো সাৰমৰ্মহীন; পৰিস্থিতিয়েই মানুহক মাৰে৷ এই বক্তব্যৰ মাজতে তেওঁৰ বিশ্বদৃষ্টিভংগী স্পষ্ট হয়৷ তেওঁ ব্যক্তি-অপৰাধত বিশ্বাসী নহয়; তেওঁ ব্যৱস্থাটোকহে দোষী সাব্যস্ত কৰিছে৷ ‘‘circumstances are killer’’– এই উপলব্ধিয়েই তেওঁৰ মানসিক অৱস্থাৰ মূল সংকট৷ এই পৰিস্থিতিটো হৈছে একধৰণৰ বিষাক্ত সামাজিক বায়ু, যি সৃষ্টিশীলতাক নিঃশেষ কৰি দিব খুজিছে৷

শিশিৰদাৰ ‘‘থু’’ সমস্যা দ্বৈত স্তৰত ব্যাখ্যাযোগ্য৷ বাহ্যিকভাৱে এইটো Psychosomatic symptoms লক্ষণ– অতিসচেতনতা, উদ্বেগ, দমন কৰা ক্ষোভৰ শাৰীৰিক বহিপ্ৰৰ্কাশ৷ কিন্তু গভীৰভাৱে চালে ই নৈতিক ঘৃণাৰ প্ৰতীক৷ তেওঁ য’তে-ত’তে থুৱায়; যেন সমাজৰ প্ৰতি তেওঁৰ বিতৃষ্ণা ‘থুঃ’ৰ মাজেৰে ওলাই আহিছে৷ সংবাদ-মাধ্যমৰ অসততা, ৰাজনীতিকৰ ভণ্ডামি, সাহিত্যিক বঁটা-বাণিজ্য, পপুলাৰ সংস্কৃতিৰ অশালীনতা– এই সকলো বিষয় তেওঁৰ কথাত সঘনাই উচ্চাৰিত হয়৷ তেওঁ অনুভৱ কৰে যে সৎ মানুহ, সৃষ্টিশীল লেখক, সততা –এইবোৰ বৰ্তমান উপহাসৰ বিষয় হৈ পৰিছে৷ ফলত তেওঁৰ ভিতৰত জন্ম লোৱা তীব্ৰ বিৰক্তি ‘‘থুঃ’’লৈ পৰ্যবসিত হৈছে৷

সৃষ্টিশীলতাৰ ক্ষেত্ৰত শিশিৰদাৰ স্থবিৰতাও এই হতাশাৰেই ফল৷ তেওঁ লেখে হে লেখে? লেখিবলৈ মন যায়, কিন্তু ‘পাঠক’ৰ সংখ্যা, ‘স্বাৰ্থযুক্ত প্ৰশংসা’, বঁটা-বাণিজ্য, সম্পাদকীয় ৰাজনীতি– এইবোৰ কথা ভাবিলেই তেওঁৰ সৃজনশক্তি স্তব্ধ হয়৷ সাহিত্যৰ মূল্য কমি যোৱা, জনপ্ৰিয়তাৰ ৰাজনীতি, মিডিয়াৰ চাঞ্চল্যসন্ধানী মনোভাৱ– এইবোৰে তেওঁৰ আত্মবিশ্বাসক ধবংস কৰে৷ তেওঁ অনুভৱ কৰে যে তেওঁৰ কলমৰ মূল্য নাই৷ এই হীনমন্যতা আৰু ক্ষোভৰ মাজতে তেওঁৰ মানসিক অস্থিৰতা বাঢ়ি যায়৷

পিষ্টলৰ কাহিনীটো গল্পটোৰ অন্তৰ্নিহিত ৰূপক৷ পিষ্টলটো যেন তেওঁ দমন কৰা ক্ৰোধৰ প্ৰতীক৷ শিশিৰদাৰ ‘বন্ধুজন’ মূলতঃ তেওঁৰ নিজৰেই প্ৰতিবিম্ব৷ আত্মহত্যাৰ চিন্তা কৰা, কিন্তু তাৰ সলনি হত্যা কৰাৰ সিদ্ধান্ত লোৱা– এইটো সামাজিক ন্যায়ৰ ব্যৰ্থতাৰ ফল৷ মানুহজনৰ প্ৰতিশোধস্পৃহা সমাজৰ অন্যায়, তোষামোদ, মিথ্যাচাৰ আৰু অপমানৰ ফল৷ কিন্তু শেষত সি ধৰা পৰে; পিষ্টলটো কাঢ়ি লোৱা হয়; সি নিৰস্ত্ৰ হয়৷ এই পৰিণতি যেন সৎ মানুহৰ পৰাজয়ৰ কাহিনী৷

ডাক্তৰ পৰমানন্দৰ ভূমিকাই গল্পটোক অন্য মাত্ৰা দিছে৷ তেওঁ চিকিৎসক, কিন্তু একে সময়তে পাঠক, সমালোচক আৰু বন্ধু৷ তেওঁ শিশিৰদাক মানসিক সংকটৰ পৰা মুক্তিৰ পথ দেখুৱাবলৈ চেষ্টা কৰিছে৷ তেওঁ পিষ্টলৰ গুলীৰ সলনি ‘থু’ক অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিছে– এইটোৱেই গল্পটোৰ মূল টুইষ্ট৷ ‘‘I have no gun, but I can spit’’–এই উদ্ধৃতিটোৰ এইখিনিতেই অতি প্ৰাসংগিক হৈ পৰিছে৷ সশস্ত্ৰ প্ৰতিশোধৰ সলনি নৈতিক অৱ:া, ঘৃণাৰ প্ৰকাশ, সামাজিক নিন্দা– এইবোৰেই সৃষ্টিশীল মানুহৰ অস্ত্ৰ৷ গুলী শেষ হ’ব পাৰে; কিন্তু থু, অৰ্থাৎ প্ৰতিবাদৰ ভাষা– চিৰন্তন, নিৰৱধি৷

গল্পটোৰ শেষাংশত ডাক্তৰজনে যিসকল লোকৰ ফটো বেৰত আঁৰি থৈছে, সেইবোৰৰ মুখত থু পেলাবলৈ শিশিৰদাক আহ৩ান জনাইছে৷ এই দৃশ্যটো অত্যন্ত প্ৰতীকমূলক৷ ই সশস্ত্ৰ হিংসাৰ বিকল্প ৰূপে সাংকেতিক প্ৰতিবাদৰ আহ৩ান৷ থু পেলোৱা মানে নৈতিক বিচাৰ৷ শিশিৰদাৰ মুখত পুনৰ পোহৰ দেখা যায়; যেন তেওঁ বুজি পায় যে তেওঁৰ কলমেই তেওঁৰ অস্ত্ৰ৷ বন্দুকৰ গুলীৰে সমাজ সলনি নহয়; কিন্তু তীক্ষ্ণ ব্যঙ্গ, সৎ সমালোচনা আৰু নৈতিক ‘থু’ৱে সমাজক সচেতন কৰিব পাৰে৷

সমগ্ৰ গল্পটোত প্ৰকাশ পোৱা সামাজিক সমালোচনা তাৎপৰ্যপূৰ্ণ৷ সাহিত্যৰ অৱমূল্যায়ন, মিডিয়াৰ বাণিজ্যিকতা, ৰাজনৈতিক ভ্ৰষ্টাচাৰ, সাংস্কৃতিক অৱক্ষয়– এই সকলো বিষয়ে প্ৰতিজন সৃষ্টিশীল মানুহৰ মানসিক সংকটৰ পটভূমি তৈয়াৰ কৰিবলৈ লৈছে৷ শিশিৰদাৰ ‘বেমাৰ’ শাৰীৰিক নহয়, সামাজিকহে৷

‘‘গুটি ৰুটী ভ্ৰূকুটি’’ শীৰ্ষক গল্পটো আধুনিক ভোক আৰু ভোগবাদী সমাজৰ মাজৰ এক তীব্ৰ দ্বন্দ্বৰ কাহিনী৷ গল্পটোৰ এফালে আছে আমূল গাৰ্ল– এই আমূল গাৰ্লগৰাকী হৈছে বুদ্ধিদীপ্ত বিজ্ঞাপনেৰে সমসাময়িক ৰাষ্ট্ৰীয় ঘটনাৱলীক তীব্ৰভাষাৰে ব্যঙ্গ কৰা এক সাংস্কৃতিক আইকন; আনফালে আছে গুটি– গুটি হৈছে ফুটপাথতে শুই দিন-ৰাতি পৰা কৰা, ডাষ্টবিনত খাদ্য বিচাৰি জীৱন নিবাহ কৰা, অন্নবস্ত্ৰহীন এক শিশুৰ প্ৰতিনিধি৷ এই আমূল গাৰ্ল আৰু গুটি একেখন চহৰৰ বাসিন্দা যদিও পৰস্পৰে পৰস্পৰৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন৷ গল্পটো এই বৈষম্যৰেই নিৰ্মম চিত্ৰ৷

মূলতঃ আমূল গাৰ্ল এক সাংস্কৃতিক পৰিঘটনা৷ গুজৰাটৰ কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনৰ উদ্যোগত ৬০-ৰ দশকৰ পৰা আমূলে ভাৰতীয় ৰাজনীতি, ক্ৰীড়া, চলচ্ছিত্ৰ আৰু সাম্প্ৰতিক ঘটনাৱলীক লৈ শব্দৰ খেল খেলি আহিছে৷ ‘Pranab, Makhan ji’, ‘Hazare khwaishein Aisi’, ‘Faceblock.com’ আদিৰ দৰে সংলাপে প্ৰমাণ কৰে যে বিজ্ঞাপন কেৱল পণ্য সামগ্ৰী বিক্ৰীৰ মাধ্যম নহয়; ই সমকালীন ৰাজনৈতিক ব্যঙ্গৰো বাহক৷ কিন্তু গল্পকাৰে এই ব্যঙ্গক অন্য দৃষ্টিকোণৰ পৰা নিৰীক্ষণ কৰিছে– যিটো বিজ্ঞাপনৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘটনাৱলীৰ ওপৰত বুদ্ধিদীপ্ত মন্তব্য প্ৰদান কৰে, সেয়া গুটিৰ দৰে ভোকাতুৰ শিশুৰ বাবে কেৱল উপহাসহে!

গুটিৰ দৃষ্টিভংগী গল্পটোৰ কেন্দ্ৰবিন্দু৷ সি আমূল গাৰ্লক আপোন কৰি লয়, তাইৰ সৈতে সপোন দেখে, তাইৰ সান্নিধ্যত সুখৰ কাৰেঙ সাজে৷ এই সপোনত সি মিঠাই খায়, গাড়ীত উঠে, টিভি চায়– অৰ্থাৎ ভোগবাদী মধ্যবিত্ত জীৱনৰ অংশ হয়৷ কিন্তু সপোন ভাঙে সদায় বাস্তৱত– মদাহী বাপেকটোৱে ঘেকেৰ্‌ ঘেকেৰ্‌কৈ মৰা কাঁহত, ভোক আৰু দুৰ্গন্ধময় ডাষ্টবিনৰ মাজত৷ ইয়াত সপোন আৰু বাস্তৱৰ সংঘাত যথাৰ্থতে তীব্ৰ আৰু নিৰ্মম৷

গল্পটোৰ অন্যতম শক্তিশালী প্ৰতীক হৈছে ‘‘মাখন।’’ মাখন একে সময়তে পুষ্টিকৰ খাদ্য, ভোগবাদী সামগ্ৰী আৰু ৰাজনৈতিক ৰূপক৷ দ্বিতীয়জন বৃদ্ধ কোৱা ‘‘মাখন লগাই লগাই আমাৰ মন্ত্ৰীয়ে বাজেট শুনাই যাব, ৰাইজক ভাল পোৱাই যাব, দলক জনপ্ৰিয় কৰিবলৈ জাল মেলিব...’’–এই কথাষাৰ যোগেদি উন্মোচিত হৈছে যে ‘মাখন’ মানে তোষামোদ, ৰাজনৈতিক লালসা৷ আমূল গাৰ্লে মাখন বিক্ৰী কৰে; ৰাজনীতিবিদে মাখন লগায়; কিন্তু গুটিৰ বাবে মাখন হৈছে একপ্ৰকাৰৰ দুষ্প্ৰাপ্য বিলাস৷ সি মাখন পায়, কিন্তু ৰুটী নাপায়৷ এইখিনিতে গল্পটোৰ কেন্দ্ৰীয় ব্যঞ্জনা স্পষ্ট– বজাৰ অৰ্থনীতিয়ে চকচকীয়া পণ্য সামগ্ৰী আগবঢ়ায়, কিন্তু মৌলিক আহাৰৰ নিশ্চয়তা নিদিয়ে৷

গল্পটো ৰাজনৈতিক ব্যঙ্গৰ স্তৰতো তাৎপৰ্যপূৰ্ণ৷ বাজেট, ডলাৰৰ উত্থান-পতন, শ্বেয়াৰ মাৰ্কেট–এইবোৰ জাতীয় আলোচ্য বিষয়৷ কিন্তু গুটিৰ জীৱনত এইবোৰৰ কোনো তাৎপৰ্য নাই৷ তাৰ একমাত্ৰ সমস্যাটো হৈছে ভোক৷ সুতৰাং জাতীয় অৰ্থনৈতিক আলোচনাৰ গৌৰৱ আৰু ফুটপাথৰ শিশুৰ বাস্তৱতাৰ মাজৰ ব্যৱধানটো ভয়ংকৰ৷ আমূল গাৰ্ল যি নিজৰ ভাষাত ৰাষ্ট্ৰীয় ঘটনাক ব্যঙ্গ কৰে, সেই ভাষা গুটিৰ বাবে বোধগম্য নহয়৷ বি:াপন-সংস্কৃতিৰ এই ভাষা এক বিশেষ শ্ৰেণীৰ বাবে; বঞ্চিতসকল তাৰ বাহিৰত৷

শিৰোনামৰ ব্য?নাও গভীৰ৷ ‘‘গুটি’’–ক্ষুদ্ৰ, অৱহেলিত, উপেক্ষিত; ‘‘ৰুটী’’–মৌলিক আহাৰ; ‘‘ভ্ৰূকুটি’’–অসন্তোষ, সামাজিক কটাক্ষ৷ গল্পটো যেন ৰুটীৰ অভাৱত কোঁচখোৱা ভ্ৰূকুটি৷ গুটিৰ ভ্ৰূকুটি  মানে এক সামাজিক ভ্ৰূকুটি– যি চকচকীয়া বিজ্ঞাপন আৰু বাস্তৱৰ অনাহাৰৰ মাজৰ দ্বন্দ্বক প্ৰতিনিধিত্ব কৰিছে৷

শেষৰ দৃশ্যটো বিশেষভাবে তাৎপৰ্যপূৰ্ণ৷ গুটিৰ আঁঠুৰ তলত মাখন, ওপৰত আমূল গাৰ্লৰ হাঁহি৷ ৰুটী নাপাই সি পৰুৱাই খোৱা মাখনখিনি গিলি থয়৷ এইখিনিতে গল্পকাৰ দেখুৱাইছে যে পুঁজিবাদ চকচকীয়াত হাঁহি থাকে, কিন্তু তলত ক্ষুধা৷ আমূল গাৰ্লৰ হাঁহি চিৰস্থায়ী; গুটিৰ ভোকো চিৰস্থায়ী৷ পণ্য আছে, পুষ্টি নাই; বিজ্ঞাপন আছে, অন্ন নাই৷ এই দ্বৈত বাস্তৱতাই আধুনিক সমাজৰ নৈতিক সংকটক প্ৰতিনিধিত্ব কৰিছে৷

সমাজ-ৰাজনৈতিক বাস্তৱতাৰ অন্য এক প্ৰতিনিধি ‘‘পিঁয়াজচৰিত’’ গল্পটো৷ এই গল্পটোত এডাল পিঁয়াজৰ গছৰ সামান্য চুৰিৰ ঘটনাই কেনেদৰে ৰাজনীতি, গণমাধ্যম আৰু জনমতৰ বহুস্তৰীয় নাটকত পৰিণত হয়, তাৰ কাহিনী আছে৷ শিৰোনামত থকা ‘‘চৰিত’’ শব্দটোৱে ইঙ্গিত দিয়ে– এয়া সময়ৰ আখ্যান৷ আৰু লুক টেইলৰৰ উদ্ধৃতি (‘‘Writers are like onions...’’) আৰম্ভণিতে দি লেখকে আগজাননী দিছে যে গল্পটোৰ তৰপ বহুত; পিঁয়াজৰ দৰে একোটা তৰপ গুচালে আকৌ আন এটা তৰপ ওলায়৷

প্ৰথম তৰপ– স্থানীয়, সামান্য, প্ৰায় হাস্যকৰ৷ গোলোকৰ পুৰণা টেমাত গজা পিঁয়াজ গছ এডাল উধাও হৈছে৷ সন্দেহ জোলোকৰ ওপৰত৷ গালি-গালাজ, দা নচোৱা, মূত্ৰত্যাগ– বস্তিৰ দৈনন্দিন উত্তেজনা৷ এই পৰ্যায়ত ঘটনাটো কেৱল ব্যক্তিগত অহং, ইজ্জত আৰু সামান্য সম্পত্তি-সংকটৰ বিষয়৷ গোলোকৰ পিঁয়াজ ৩০০ গ্ৰাম ওজনৰ হ’ব বুলি দাবী কৰাটোও একপ্ৰকাৰৰ প্ৰহসনমূলক অতিশয়োক্তি–যি স্থানীয় আড্ডাৰ স্বাভাৱিক বৈশিষ্ট্য৷

দ্বিতীয় তৰপ– পণ্যৰ ৰাজনীতি৷ বজাৰত পিঁয়াজৰ দাম ঊধবৰ্গামী৷ একে সময়তে পিঁয়াজ এটা সূচক– অৰ্থনীতি, মুদ্ৰাস্ফীতি, চৰকাৰৰ ক্ষমতাৰ৷ এই পটভূমিত গোলোক-জোলোকৰ কাজিয়াখন হঠাৎ ‘‘প্ৰাসংগিক’’ হৈ উঠিছে৷ সামান্য পিঁয়াজ চুৰিৰ ঘটনাক বৃহত্তৰ মূল্যবৃদ্ধিৰ সংকটৰ সৈতে জোৰা লগোৱা হৈছে৷ এইখিনিতে গল্পকাৰে স্পষ্ট কৰি দিছে যে ঘটনা নিজে ডাঙৰ নহয়; প্ৰেক্ষাপটহে তাক ডাঙৰ কৰে৷

তৃতীয় তৰপ– গণমাধ্যমৰ নাটকীয়তা৷ ইউটিউব ভিডিঅ’ ভাইৰেল৷ নিউজ চেনেলত বুলেটিন৷ ৰঙা বৃত্ত, জুম-ক্ৰপ, ব্লাৰ– ভিজুৱেল নাটকীয়তা৷ তথ্যৰ তুলনামূলক দৃশ্যই গুৰুত্ব পায়৷ পিঁয়াজৰ পুষ্টিগুণ, বিশ্ব উৎপাদন, গীনিজ ৰেকৰ্ড –এইবোৰ জোৰা লগাই এক মুখৰোচক কাহিনী সৃষ্টি কৰা হয়৷ একেবাৰে সামান্য ঘটনাকো ‘‘এক্স’ক্লুছিভ’’, ‘‘মৰ্মস্পৰ্শী’’, ‘‘অৰ্থনীতিৰ কৰুণ পৰিহাস’’ আদি ভাষাৰে উচ্ছবাচ্য কৰা হয়৷ সংবাদমাধ্যমৰ এই প্ৰৱণতা গল্পটোৰ মূল সমালোচ্য বিষয়৷

চতুৰ্থ তৰপ– টক্‌ শ্ব’ ৰাজনীতি৷ পিঁয়াজ হৈ উঠে বিতৰ্কৰ কেন্দ্ৰবিন্দু৷ অৰ্থনীতিবিদ, কৃষক নেতা, বিৰোধী ৰাজনীতিক– সকলোয়ে নিজৰ নিজৰ ব্যাখ্যা আগবঢ়ায়৷ তথ্য, ইতিহাস, শতাংশ, সমীক্ষা–এইবোৰে আলোচনাক বুদ্ধিদীপ্ত ৰূপ দিয়ে যদিও শেষত কথোপকথন হৈ উঠে অনৰ্থক চিঞৰ-বাখৰ৷ যুক্তি হেৰাই যায়, বি:াপনৰ বিৰতি আহে৷ অৰ্থাৎ, বিতৰ্কও এখন নাটক– পণ্য হিচাপে বিক্ৰী হয়৷

পঞ্চম তৰপ– পথৰ ৰাজনীতি৷ পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ৷ প্লেকাৰ্ডত গোলোক-জোলোকৰ ফটো৷ ব্যক্তিগত কাজিয়া হৈ পৰে ৰাজনৈতিক অস্ত্ৰ৷ পণ্য সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ জনঅসন্তোষ সংগঠিত কৰাৰ ক্ষেত্ৰত হৈ পৰে পথৰ ৰাজনীতি৷ গোলোকৰ বিনা অনুমতিত তাৰ ব্যক্তিগত জীৱন ৰাজনৈতিক নাটকৰ অংশ হৈ উঠে৷

ষষ্ঠ তৰপ– বাস্তৱতাৰ উন্মোচন৷ সাংবাদিেক গোলোকৰ পৰা ‘‘হাইলাইট’’ বিচাৰে৷ কিন্তু গোলোকৰ উত্তৰ সৰল– ‘‘পিঁয়াজ নাথাকিলে নাই, চলি যায়৷’’ এইখিনিতে গল্পটোৰ ব্যঙ্গই চূড়ান্ত পৰ্যায় পায়গৈ৷ যাক লৈ দেশজুৰি হট্টগোল, টক্‌ শ্ব’, শ্লোগান –তাৰ নিজৰ জীৱনত তেনে পিঁয়াজৰ কোনো গুৰুত্ব নাই৷ ‘‘পিঁয়াজৰ দাম? বেছি হৈছে নেকি? মাংচ কিনিলে কিনি নিওঁ দুটা৷ এক পোৱা কিনিলে এমাহ চলি যায় ছাৰ৷ কি ক’ম গৰীব মানুহ৷ মৰিচ দি কিনি খাওঁ৷’’ অৰ্থাৎ, গণমাধ্যমে যি সংকটক ‘‘জাতীয় ট্ৰেজেডি’’ৰ স্বীকৃতি দিছে, সেয়া গোলোকৰ জীৱনৰ কোনো মূল্য নাই৷

এইখিনিতে ‘‘পিঁয়াজ’’ৰ ৰূপকটো স্পষ্ট হৈ পৰে৷ পিঁয়াজ কাটিলে চকুপানী ওলায়– গল্পটোও তেনে; তৰপ খুলি গৈ থাকিলে সমাজৰ ভণ্ডামি ওলাই পৰে৷ মূল্যবৃদ্ধিৰ প্ৰসংগটো বাস্তৱ, কিন্তু তাৰ ওপৰত গঢ় লৈ উঠা বেলুন-আলোচনা অধিক৷ গল্পটোত পিঁয়াজৰ সমান্তৰালভাৱে সংবাদ-মাধ্যম আৰু ৰাজনীতি দুয়োটাই পণ্য বুলি ক’ব বিচৰা হৈছে৷ অসন্তোষৰ, ক্ষমতাৰ, টিআৰপি-ব্যৱসায়ৰ পিঁয়াজ হৈছে একোটা প্ৰতীক৷

‘পিঁয়াজচৰিত’ গল্পটোৱে জনমত গঠনৰ প্ৰক্ৰিয়াকো প্ৰাধান্য দিছে৷ ভাইৰেল ভিডিঅ’– বুলেটিন– টক্‌ শ্ব’– প্ৰতিবাদ– আন্তৰ্জাতিক তথ্য উল্লেখ– এই শৃংখলাত এক সামান্য ঘটনা ‘‘জাতীয় ইভেKI×’’লৈ পৰিণত হৈছে৷ তথ্যৰ তুলনামূলক ব্যাখ্যা শক্তিশালী হৈ উঠিছে৷ গোলোক-জোলোকৰ নাম ‘‘হাইলাইট’’ হৈছে, কিন্তু তেওঁলোকৰ জীৱন অপৰিৱৰ্তিত হৈয়ে ৰৈছে৷ এই বৈপৰীত্যই গল্পটোৰ সামাজিক ব্যঙ্গক আৰু গভীৰ কৰি তুলিছে৷

‘‘পিঁয়াজৰ দাম এটা খুহুটীয়া কাহিনী–মুখৰোচক৷ বাকীবোৰ বেলুন’’–এই বক্তব্যই গল্পটোৰ মূল সাৰাংশ৷ মূল্যবৃদ্ধি সত্য; কিন্তু তাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা অতিনাটকীয় ব্যাখ্যা, ৰাজনৈতিক সুবিধাবাদ, মিডিয়াৰ চতুৰালি– এইবোৰেই বেলুন৷ পিঁয়াজৰ দৰে অৰ্থনীতি, ৰাজনীতি, মিডিয়া, জনমতৰো বহু তৰপ আছে৷ কিন্তু শেষত কোনোবাখিনিত পৰি ৰৈছে গোলোকৰ সৰল স্বীকাৰোক্তি–‘‘কি ক’ম গৰীব মানুহ৷’’ এই সৰলতাই গল্পটোৰ তীক্ষ্ণ ব্যঙ্গক প্ৰতিনিধিত্ব কৰিছে৷

অপু ভৰদ্বাজৰ ‘‘আৱৰ্জনা’’ শীৰ্ষক গল্পটো এক সৰল দৃশ্যৰ বৰ্ণনাৰে আৰম্ভ হৈছে– ‘‘সন্ধিয়া হ’ব– আয়োজন সেই একেই৷ ৰঙা-হালধীয়া চোকা পোহৰ, সেন্দুৰবুলীয়া মেঘৰ বুলনি৷ জাকপখীৰ ওভতনি উৰণ৷ দীঘল দীঘল ছায়া আৰু শ্লথ গতি-বিধি, আৰামউন্মুখ৷ এতিয়া মহো ওলাব, তৰাও ওলাব৷ মানুহে খিৰিকী  মাৰিব, লাইটৰ ছুইচবোৰ দিব৷ মছকিট’ কইল ;লাব৷ ধূপ ;লিব, ভাল লাগিব৷ এনেকৈয়ে সন্ধিয়া হ’ব– আয়োজন সেই একেই৷’’ কিন্তু এই শান্ত নান্দনিক দৃশ্যৰ অন্তৰালত লুকাই আছে এক কঠোৰ সামাজিক বাস্তৱতা৷ গল্পটোৰ কেন্দ্ৰবিন্দু আছমান কাৰ্জি– এজন বেকাৰ যুৱক, যাক বাপেকে ‘‘ঘৰগোনা, আৱৰ্জনা’’ বুলি গালি দিয়ে৷ এই ‘‘আৱৰ্জনা’’ শব্দটোৱেই গল্পটোৰ মুখ্য ৰূপক৷ বস্তুগত জাৱৰ আৰু সামাজিকভাবে অস্বীকৃত মানুহ– দুয়োটাকে একেডাল সূঁতাৰে ইয়াত গাঁথি পেলোৱা হৈছে৷

আছমানৰ দৈনন্দিন জীৱন উদ্দেশ্যহীন৷ মালৱিকা ষ্ট’ৰৰ বেঞ্চত বহি চিগাৰেট টানি সময় কটোৱা, বন্ধুবৰ্গৰ সৈতে ম’বাইলত গান শুনি পৰ্ণ চায়þ এইবোৰতেই মৰ্জি থাকি ভাল পায়৷ আধুনিক সমাজত উৎপাদনশীল নহ’লেই মানুহ ‘‘অলাগতিয়াল’’ হৈ পৰে৷ বাপেকৰ গালিয়ে পুঁজিবাদী মানসিকতাৰ প্ৰতিফলন ঘটাইছে–য’ত কাম নকৰা মানেই জীৱন মূল্যহীন৷

গল্পটোৰ তাৎপৰ্যপূৰ্ণ অংশটো হৈছে পৌৰ নিগমৰ ডাষ্টবিন আৰু তাৰ চৌপাশৰ বিস্তৃত আৱৰ্জনাঞ্চল৷ ডাষ্টবিন কেৱল নগৰীয় ময়লা পেলোৱাৰ স্থান নহয়; ই এক সামাজিক-দাৰ্শনিক ক্ষেত্ৰ৷ মানুহৰ ঘৰত যত্নেৰে ব্যৱহৃত বস্তুবোৰ, স্মৃতি-বিজড়িত সামগ্ৰীসমূহ, এসময়ত আৱৰ্জনাত পৰিণত হয়৷ গৰাকীৰ পুতৌ, মৰম, প্ৰয়োজন– সকলো শেষ হ’লে বস্তুবোৰ ‘‘জাৱৰ’’ হৈ উঠে৷ এই ৰূপান্তৰ অস্তিত্ববাদী দৰ্শনৰ প্ৰতিনিধি৷ যেতিয়া বস্তুবোৰ অদৰকাৰী হয়, তেতিয়া সিহঁত মানৱ-স্মৃতিৰ পৰাও বহিষ্কৃত হয়৷

মনময়ূৰীৰ ঘৰৰ আৱৰ্জনাৰ তালিকাই এই ৰূপকক অধিক বিস্তৃত কৰে৷ নালভগা কাপ, ফিউজ বা{£, খালী নেইল পলিশ, এক্স’পায়াৰ্ড টেবলেট– এইধৰণৰ প্ৰতিটো বস্তুৰ আঁৰত আছমানৰ কল্পনা গঢ় লৈ উঠে৷ এই কল্পনাই গল্পটোক এক অনন্য মনস্তাত্ত্বিক গভীৰতা দিছে৷ আছমান, যাক সমাজে আৱৰ্জনা বুলি কয়, সিয়ে সেই আৱৰ্জনাৰ মাজত জীৱনৰ গল্প বিচাৰে৷ আৱৰ্জনাবোৰ তাৰ বাবে সম্ভাৱ্য কাহিনী৷ জিকাৰ বাকলি মানে দুপৰীয়াৰ আ?; ভেঁকুৰা ব্ৰেড মানে ঘৰৰ অশান্তি; এক্স’পায়াৰ্ড টেবলেট মানে হয়তো বেমাৰ ভাল হোৱাৰ খবৰ৷

এইখিনিতে দুখন জগতৰ বৈপৰীত্য স্পষ্ট হয়– এপাৰে আৱৰ্জনাৰ দ’ম, সিপাৰে মনময়ূৰীৰ মনোৰম গৃহ৷ ধন-সম্পদ, সুশোভিত বেলকনি, কুকুৰ, ফুলৰ টাব– এইবোৰ একপ্ৰকাৰৰ সামাজিক স্তৰৰ প্ৰতীক৷ আনফালে ডাষ্টবিনৰ কাষত বহি থকা আছমান৷ কিন্তু আছমানৰ দৃষ্টিয়ে এই ব্যৱধান অতিক্ৰম কৰে৷ সি আৱৰ্জনাৰ জৰিয়তে সেই ঘৰখনৰ সৈতে অন্তৰঙ্গতা অনুভৱ কৰে৷ ই এক ধৰণৰ প্ৰতীকি অনুপ্ৰৱেশ– য’ত সামাজিকভাৱে বহিষ্কৃত ব্যক্তিয়ে কল্পনাৰ জৰিয়তে ‘‘উচ্ছবৰ্গীয়’’ জীৱনত প্ৰৱেশ কৰিছে৷

গল্পটো ক্ৰমাi¤য়ে দাৰ্শনিক স্তৰত উপনীত হয়৷ পুৰণা বেটাৰী, ফিউজ বা{£, টুথপেষ্টৰ খালী টিউব–এইবোৰৰ ক্ষয় মানে সময়ৰ অগ্ৰগতি৷ আছমানৰ চিন্তাই বিশ্বজনীন ৰূপ পায়– টৰ্চ আৱৰ্জনা হ’ব, ঘৰ ধবংসস্তূপ হ’ব, মনময়ূৰী মৰি যাব, নগৰ, দেশ, পৃথিৱী– সকলো এদিন জাৱৰত পৰিণত হ’ব৷ এই বিস্তৃত উপলব্ধি অস্তিত্ববাদী দৰ্শনৰ জীৱনৰ অনিত্যতা আৰু বস্তুগত সভ্যতাৰ ক্ষণস্থায়িত্বক প্ৰতিনিধিত্ব কৰে৷

গল্পটোৰ চূড়ান্ত বক্তব্যটো আৰু গভীৰ৷ আছমানে নিজেক ‘‘এচামুচ আৱৰ্জনা’’ বুলি স্বীকাৰ কৰি লৈছে৷ বাপেকৰ গালি অস্তিত্ববাদী উপলব্ধিত পৰিণত হৈছে৷ যদি সকলো বস্তু এদিন জাৱৰ হ’বই, তেন্তে আছমানো তাৰ ব্যতিক্ৰম নহয়৷ কিন্তু এই উপলব্ধিত এক অদ্ভুত শান্তি আছে৷ চিগাৰেটৰ জুইয়ে আঙুলি পুৰিলে সি চক খায়, তথাপি কিবা এটা ভাল লাগে৷ এই ‘‘ভাল লগা’’ মানে আত্মস্বীকৃতি৷ সমাজে যাক আৱৰ্জনা বুলি আখ্যা দিয়ে, সি নিজকে সেই মহাজাগতিক আৱৰ্জনাৰ অংশ হিচাপে গ্ৰহণ কৰে৷

গল্পটোত নগৰ সভ্যতাৰ কৃত্ৰিমতা আৰু ভণ্ডামিকো প্ৰাধান্য দিয়া হৈছে৷ ‘‘ইয়াত জাৱৰ নেপেলাব’’ ফলকখন আঁৰি থ’লেও আৱৰ্জনা অন্ধকাৰত ওখ হৈ যায়৷ বাহ্যিক শৃংখলাৰ অন্তৰালত লুকাই থাকে অব্যৱস্থাপনা৷ তেনেদৰে বাহ্যিক আভিজাত্যৰ অন্তৰালত লুকাই থাকে এক অনিত্য, ক্ষয়িষ্ণু বাস্তৱ৷ গল্পটোৱে তাকেই প্ৰতিপন্ন কৰিছে৷

‘‘চিকাডা’’ গল্পটো মূলতঃ ‘সাধাৰণতা’ক কেন্দ্ৰ কৰি ৰচিত এক তীক্ষ্ণ ব্যঙ্গ-আখ্যান৷ বাহ্যিকভাৱে ই এজন মানুহৰ অঘটনহীন, নীৰস জীৱনৰ বিৱৰণ যেন লাগিলেও গভীৰভাৱে চালে ই আধুনিক সমাজত ব্যক্তি-অস্তিত্ব, খ্যাতি, চাঞ্চল্য আৰু সামাজিক স্বীকৃতিৰ মানসিকতাক লৈ গঢ়ি উঠা এক তাৎপৰ্যপূৰ্ণ বিশ্লেষণ৷ গল্পটোত ঘটনাহীনতাই ঘটনাৰূপে প্ৰতিষ্ঠিত হৈছে৷

গল্পটোৰ আৰম্ভণিতেই ৰঘু কোঁৱৰৰ জন্মক ইচ্ছাকৃতভাৱে ‘মামুলি’ কৰি তোলা হৈছে৷ কোনো ঐতিহাসিক তাৎপৰ্য, কোনো অঘটন, কোনো স্মৰণীয় প্ৰসঙ্গ– একোৱেই তাৰ সৈতে জড়িত নহয়৷ যেন জন্ম ক্ষণটোৱেই সংবাদযোগ্য নহয়৷ এই উপস্থাপনাই সমগ্ৰ গল্পটোৰ মূল বক্তব্যটো নিৰ্ধাৰণ কৰিছে– ৰঘুৰ জীৱনত ‘‘বিশেষ’’ একো নঘটিল৷ শৈশৱ, কৈশোৰ, যৌৱন– প্ৰত্যেক পৰ্যায়ত লেখকে সম্ভাৱ্য নাটকীয় ঘটনাৰ এখন দীঘল তালিকা আগবঢ়াইছে [অতুলনীয় প্ৰতিভা, কেলেংকাৰি, বিদ্ৰোহ, প্ৰেম, নিৰুদ্দেশ হোৱা, আত্মহননৰ চেষ্টা] কিন্তু প্ৰতিটো সম্ভাৱনাৰ অন্তত একে সিদ্ধান্ত– ‘‘নহ’ল’’৷ এই পুনৰাবৃত্তিৰ মাজেৰে এখন ব্যঙ্গাত্মক ছবি প্ৰকাশ পাইছে৷ জীৱন যেন অসংখ্য সম্ভাৱনাৰে ভৰা, কিন্তু ৰঘু প্ৰতিটো সম্ভাৱনাৰ বাহিৰত ৰৈ যায়৷

এইখিনিতেই গল্পটোৰ সামাজিক তাৎপৰ্য উন্মোচিত হয়৷ সমাজে মানুহক তেতিয়াহে মন কৰে, যেতিয়া তেওঁ অসাধাৰণ কিবা এটা কৰে– সুকীয়া কৃতিত্ব বা কুখ্যাত কেলেংকাৰিৰ গৰাকী হয়৷ যদি ৰঘুয়ে চিনেমাৰ হিৰো হ’বলৈ পালেহেঁতেন, যদি বৃহৎ দুৰ্নীতিত জড়িত হ’লহেঁতেন, যদি কোনো অঘটনৰ কেন্দ্ৰবিন্দু হ’লহেঁতেন– তেন্তে তেওঁ আলোচ্যৰ বিষয় হ’লহেঁতেন৷ অৰ্থাৎ সামাজিক স্বীকৃতি আৰু সংবাদমাধ্যমৰ দৃষ্টি নাটকীয়তা-নিৰ্ভৰ৷ নীৰৱ, নিয়মমাফিক, সৎ জীৱন আলোচ্যৰ বিষয় নহয়৷ অসংখ্য ৰঘুৰ দৰে মানুহে সমাজ বৰ্তাই ৰাখে, কিন্তু সমাজৰ কাহিনীত তেওঁলোকৰ স্থান নাথাকে৷

ৰঘুৰ জীৱন আধুনিক মধ্যবিত্ত নাগৰিকৰ প্ৰতিচ্ছবি৷ চাকৰি পাবলৈ কিছু ধন ব্যয় কৰা, সৰু-সুৰা অতিৰিক্ত আয়, কোনো বৃহৎ কেলেংকাৰিত জড়িত নহোৱা, ৰাজনৈতিক বা সাংস্কৃতিক ক্ষেত্ৰত অদৃশ্য–এইবোৰে এক যান্ত্ৰিক, স্থবিৰ সামাজিক জীৱনৰ ছবি আঁকে৷ তেওঁ কোনো মিটিঙলৈ নাযায়, কোনো সমিতিৰ পদ নাপায়, দান-চান্দাত বিশেষ আগ্ৰহী নহয়৷ ফলত সামাজিক পুঁজি-যোগাযোগ, প্ৰভাৱ, জনসংযোগ একোৱেই গঢ়ি নুঠে৷ তেওঁ সমাজতে বাস কৰে, কিন্তু দৃশ্যমান নহয়৷ এই ‘অদৃশ্য নাগৰিক’ আধুনিক নগৰ সমাজৰ এক গভীৰ বাস্তৱ৷

গল্পটোত ‘‘যদি’’ শব্দটোৰ পুনৰাবৃত্তি বিশেষভাৱে তাৎপৰ্যপূৰ্ণ৷ যদি ৰঘুৱে অমুক কৰিলেহেঁতেন, যদি ৰঘু জীৱনত তমুক ঘটিলেহেঁতেন– এই সম্ভাৱনামূলক বাক্যবোৰে জীৱনৰ এক দাৰ্শনিক ব্য?না সৃষ্টি কৰে৷ মানুহৰ জীৱন অসংখ্য সম্ভাৱনাৰে গঠিত; কিন্তু অধিকাংশ জীৱনেই কোনো চমক নোহোৱাকৈ পাৰ হৈ যায়৷ সম্ভাৱনা থাকে, বাস্তৱায়ন নাথাকে৷ এই অসম্পন্ন সম্ভাৱনাই গল্পটোৰ কেন্দ্ৰীয় ভাব৷

অন্তিম অংশত ‘‘চিকাডা’’ৰ উপমাই গল্পটোৰ কাহিনীক গভীৰতা প্ৰদান কৰিছে৷ চিকাডা দীঘলীয়া সময় সুপ্ত অৱস্থাত থাকে, মাথোঁ অলপ সময়ৰ বাবে সজীৱ হৈ উঠে, তাৰ পিছত পুনৰ বিলীন হয়৷ ৰঘুৰ জীৱনো যেন ঠিক তেনেকুৱাই– দীৰ্ঘ সময় পাৰ হ’ল, কিন্তু কোনো উজ্জ্বল উত্থান নাই, কোনো নাটকীয় পতন নাই৷ তেওঁ জন্মে, সংসাৰ কৰে, সন্তান ডাঙৰ কৰে আৰু এদিন নীৰৱে তেওঁৰ মৃত্যু হয়৷ ইতিহাসত তেওঁৰ নাম নাথাকে, সংবাদ-মাধ্যমত স্থান নাপায়৷ তেওঁ জীৱন আৰু মৃত্যু দুয়োটাই সাধাৰণ৷

গল্পটোত ব্যঙ্গ আছে, কিন্তু তাৰ অন্তৰত একধৰণৰ মৃদু বেদনাও নিহিত আছে৷ গল্পকাৰৰ প্ৰশ্নটো হ’ল– অসাধাৰণ নহ’লেই কি জীৱন অৰ্থহীন নেকি? নে সমাজেই অৰ্থৰ মূল্যায়ন ভুলভাৱে নিৰ্ধাৰণ কৰিছে? ৰঘুৰ জীৱন কেলেংকাৰিমুক্ত, কুখ্যাতিমুক্ত, চাঞ্চল্যহীন; তথাপি সেয়া স্মৰণীয় বিষয় নহয়৷ এই দ্বন্দ্বই গল্পটোক গভীৰ দাৰ্শনিক স্তৰত লৈ গৈছে৷

সামগ্ৰিক আলোচনাৰ পৰা ক’ব পাৰি– অপু ভৰদ্বাজৰ গল্পসমূহ সমকালীন অসমীয়া সমাজ-ৰাজনৈতিক বাস্তৱতাৰ বহুমাত্ৰিক দলিল৷ তেওঁ সামান্য ঘটনাৰ আড়ালত লুকাই থকা ক্ষমতাকেন্দ্ৰিক ব্যৱস্থা, মতাদৰ্শগত কৌশল আৰু সামাজিক ভণ্ডামিক উন্মোচন কৰিছে৷ খাদ্য, নাম, পণ্য, সংবাদ, আৱৰ্জনা বা একেবাৰে ‘সাধাৰণ’ জীৱন– এইবোৰ উপাদানে তেওঁৰ হাতত ৰূপ লৈছে সময়ৰ সংকটৰ শক্তিশালী প্ৰতীক ৰূপে৷

আলোচিত গল্পসমূহে এইটো প্ৰতিপন্ন কৰে যে আধুনিক সমাজত বহু বিষয় আপাতদৃষ্টিত স্বাভাৱিক যেন লাগিলেও, তাৰ অন্তৰালত লুকাই থাকে বিভাজন, বৈষম্য, চাঞ্চল্য-নিৰ্ভৰ মানসিকতা আৰু নৈতিক শূন্যতা৷ তেওঁৰ গল্পই প্ৰতিনিধিত্ব কৰিছে– ধৰ্মীয় মেৰুকৰণৰ কৌশল, মিডিয়াৰ বাণিজ্যিকীকৰণ, পুঁজিবাদী মোহৰ নিষ্ঠুৰতা, অস্তিত্বহীনতাৰ বেদনা আৰু সাধাৰণ নাগৰিকৰ জীৱন৷

অপু ভৰদ্বাজ কেৱল এজন গল্পকাৰ নহয়;  তেওঁ সময়-সচেতনাৰ প্ৰত্যক্ষ সাক্ষী আৰু তীক্ষ্ণ সমালোচক৷ তেওঁৰ সৃষ্টিয়ে অসমীয়া গল্পসাহিত্যক একধৰণৰ গভীৰ সমাজ-দাৰ্শনিক আলোচনাৰ ক্ষেত্ৰলৈ উন্নীত কৰিছে৷ এই দিশৰ পৰা তেওঁৰ গল্পসমূহ সমকালীন সময়ৰ অন্তৰ্নিহিত সত্য অেi¤ষণৰ এক শক্তিশালী মাধ্যম হিচাপে চিৰস্মৰণীয় হৈ থাকিব৷

 

ফোন: ৭০০২৯-৬৬১৯৯

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ