অন্যযুগ/


কথামালিতা : ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ নামত

অনুভৱ তুলসী


পেবলো নেৰুডাই স্পেইনৰ গৃহযুদ্ধৰ বিভীষিকাৰ বিষয়ে লিখা কবিতা ‘আই এম এক্সপ্লেইনিং আ ফিউ থিংচ’ নামৰ কবিতাত ৰাউল, ৰাফেল, আৰু ফেডেৰিক’ৰ নামৰ উল্লেখ আছিল, এনেকুৱাকৈ :

            'Remember Raul?

            Eh, Rafel? Federico, do you remember,

            from under the ground?'

            ...

            'And one morning all that was burning

            one morning the bonfires

            leapt out of the earth

            devouring human beings ...

            and from then on fire,

            gunpowder from then on,

            and from then on blood. 

ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ জীৱনৰ পাতনি মৃত্যুৰে, ১৯৩৬ চনত, স্পেইনৰ গৃহযুদ্ধ কালত৷ স্পেইনৰ, ফেডেৰিক’ৰ প্ৰিয় চহৰ গ্ৰাণাডাৰ উপকণ্ঠৰ এক অখ্যাত স্থানত নিচেই ওচৰৰপৰা গুলীয়াই মৰা হৈছিল তেওঁক৷ বিশ্বজুৰি হৈ চৈ লাগি গৈছিল৷ ‘পিস্তলেৰে নহ’লেও হাতৰ কলমটোৰেই তেওঁ দেশৰ প্ৰভূত ক্ষতি কৰিছে৷ তেওঁ দেশদ্ৰোহী, মানসিক বিকাৰগ্ৰস্ত, গৰ্হিত ৰুচিৰ লোক৷ এয়া হ’ল তেওঁৰ যথাযোগ্য পুৰস্কাৰ৷’ চেভিয়াস্থিত সামৰিক প্ৰধানলৈ গ্ৰাণাডাৰ ৰাজ্যপালে ফোন কৰিছিল ১৮ আগষ্টৰ দিনা : 

‘কি কৰা উচিত হ’ব এই বিশেষ বন্দীজনক’৷ 

সিফালৰপৰা উত্তৰ আহিছিল, 

‘এইটো আক’ সুধিবলগীয়া কথা নেকি? কফি খুৱাই দিয়া তাক, টেঁটুৰ গুৰিলৈকে৷’ 

এই সংলাপৰ কফি সাংকেতিক – কফিৰ অৰ্থ হ’ল, উপৰ্যুপৰি গুলী, ৰাইফলৰ গুলী৷ হয় তেনেকৈয়ে, তেনেকৈয়ে ফেডেৰিক’ৰ জীৱনৰ অন্ত হৈছিল, নে আৰম্ভ হৈছিল? বহুতে ক’ব খোজে যে অকালতে হোৱা এই বিনাশৰ ফলতে ফেডেৰিক’ বিশ্বজুৰি ৰাতিৰ ভিতৰতে জনাজাত হৈ পৰিল – আৰু সেয়ে তেওঁৰ কৃতিত্বক নাকচ কৰিব খোজে এই ঘটনাৰ গইনা লৈ৷ এইয়া নিন্দুকৰ দৃষ্টিভঙ্গী৷ আমি এই বিশেষ দৃষ্টিকোণ আওকাণ কৰি ফেডেৰিক’ৰ চুটি জীৱনৰ পিনে দৃষ্টি নিক্ষেপ কৰিব খোজোঁ৷

স্পেইনৰ কবিসকলৰ ভিতৰত ‘সাতাইশৰ পীৰি’ বুলি কবিৰ এটা গোট আছিল৷ ১৯২৭ চনত লুই ডি গঙৰা নামৰ কবিজনৰ তৃতীয় মৃত্যু শতবৰ্ষ পালন কৰা হৈছিল৷ শতবৰ্ষ পালনত আগভাগ লোৱা কবিসকল আছিল– জৰ্জ গিলেন, পেড্ৰ’ চেলিনাছ, ডাম’জ’ এলনচ’, জেৰাৰ্ড’ ডিয়েগ’, ৱিচেন্তে আলেকচেন্দ্ৰে, লুই চাৰ্নুডা, ৰাফেল আলৱেৰ্তি, মেনুৱেল আল্ট’লাগীৰ, হোহে বাৰ্গামিন আৰু ফেডেৰিক’ লৰ্কা৷ এইসকল কবিয়ে স্পেইনৰ লোক পৰম্পৰাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিছিল; পোনপটীয়াকৈ লোকগীত-মাত সংগ্ৰহত এওঁলোক নামি পৰিছিল; প্ৰয়োজনীয় বিচাৰ-বিশ্লেষণ-গৱেষণা কৰিছিল৷ এই ধৰণৰ কৰ্মসূচীৰ দ্বাৰা সমৃদ্ধ আৰু অনুপ্ৰাণিত হৈছিল এই গোটৰ কবিসকল; তেওঁলোকৰ লেখনীলৈ এই অধ্যয়নৰ নিৰ্যাস আহিছিল আৱেগ অথবা মননসিক্ত সতেজ ৰূপক হৈ৷ লৰ্কাৰ লেখনীলৈও আহিছিল ফল্গু লেখীয়াকৈ সেই সমৃদ্ধি৷ 

ফেডেৰিক’ ডেল চেগ্ৰেড’ ক’ৰাজ’ ডি যেজায গাৰ্চিয়া লৰ্কা, চমুকৈ যাক আমি ফেডেৰিক’ গাচিয়া লৰ্কা বুলি জানো তেওঁৰ জন্ম হৈছিল স্পেইনৰ চিয়েৰা নেভেডা পৰ্বতৰ নামনিৰ আন্দালুচিয়া প্ৰদেশৰ ফুয়েণ্টে ৱেকুৱৰ্চৰ নামৰ গাঁৱত ১৮৯৮ চনৰ ৫ জুন তাৰিখে৷ পিতাক আছিল ফেডেৰিক’ গাৰ্চিয়া ৰড্ৰিগুয়েজ আৰু মাক ৱিচেন্তে লৰ্কা ৰ’মাৰ’৷ ফেডেৰিক’ৰ বাহিৰেও তেওঁলোকৰ আৰু চাৰি সন্তান আছিল যাৰ নাম , যথাক্ৰমে (পো) লুই, আৰু ফ্ৰান্সিস্ক’, (জী) কঁচা, আৰু ইজাবেল৷ তেওঁলোকৰ পৰিয়ালটো আছিল সেই অঞ্চলৰ সবাতোকৈ আঢ্যৱন্ত; অগাধ ভূসম্পত্তিৰ গৰাকী আছিল ফেডেৰিক’ৰ পিতাক আৰু মাক আছিল শিক্ষয়িত্ৰী আৰু সুদক্ষ শিপিনী৷ তেওঁলোকৰ পৰিয়ালত বহু কেইজনৰ সঙ্গীতৰ সৈতে সক্ৰিয় সম্পৰ্ক আছিল, বহু কেইজন আকৌ আছিল ৰেহা লগাই লোককথা-সাধু কওতা আৰু পৰিয়ালৰ উছৱ-পাৰ্বনৰ সময়ত সকলো একগোট হৈছিল আৰু পৰিয়ালৰ এই দিশটোৰ যোগেদি ফেডেৰিক’ৰ সৃজনশীল মনটো যথেষ্ট উদ্দীপিত-উজ্জীৱিত হৈছিল৷

ফুয়েণ্টে ৱেকুৱৰ্চৰ সবাতোকৈ প্ৰতিপত্তিশীল ঘৰখনৰ এজন হোৱাৰ পিছতো সেই অঞ্চলৰ দুখী-সুখী সকলো অৱস্থাৰ লোকৰ সৈতে ফেডেৰিক’ৰ আন্তৰিক যোগাযোগ আছিল৷ ধনী ঘৰৰ সন্তান হোৱাৰ গপত ওফন্দি নাথাকি তেওঁ দুখীয়া-নিছলাসকলৰ বিলায়-বিপত্তিৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিছিল আৰু তেনে লোকৰ সংস্পৰ্শৰ্লৈ আহি তেওঁৰ মন গভীৰভাৱে ব্যথিত হৈও পৰিছিল৷ ১৯১৮ চনমানত লিখা চমু আত্মজীৱনীত তেওঁ এনেকৈ লিখিছিল– এটা অধ্যায়ত ফেডেৰিক’ই তেওঁৰ এক বন্ধুৰ মাকৰ মুখৰ কথা উল্লেখ কৰিছে, ‘কাইলৈ আমাৰ ঘৰলৈ নাহিবা দেই, কাইলৈ আমাৰ সাজ-পোছাক ধোৱাৰ দিন৷’ এইখিনিৰ কথাৰ জেৰ টানি তেওঁ লিখিছিল, 

'What deep, mute tragedy! I couldn't visit them because they were naked. Trembling in the cold, they wash their rags – the only clothes they had ... And when I return home and look at my closet, full of clean, fragrant clothings, I felt a great uneasiness, a cold weight in my heart.'

আন্দালুচিয়াৰ সংস্কৃতি-সমৃদ্ধিৰ সম্পৰ্কে ফেডেৰিক’ আছিল পূৰাকৈ অৱহিত; আন্দালুচিয়াবাসীৰ মনৰ অন্তৰ্গূঢ় ৰহস্যৰ কথা জানিবলৈ-বুজিবলৈ তেওঁ প্ৰয়াস কৰিছিল – আন্দালুচিয়া আছিল ভিন্ন সংকৃতিৰ সঙ্গমথলী – টাৰ্টেচীয়, ফিনীচীয়, গ্ৰীক, কাৰ্থেজীয়, ৰোমান আৰু ইছলামিক – বহু সংস্কৃতিৰ লোকৰ বাসভূমি এই আন্দালুচিয়া৷ মুৰসকলেতো এই অঞ্চলত বহু শতিকা ধৰি বাস কৰিছিল; পঞ্চদশ শতিকাত ইয়ালৈ জীপ্‌ছীসকলৰো আগমন ঘটিছিল আৰু চিয়েৰা নেভেডা পৰ্বতৰ আশে-পাশে বসতি পাতিছিল৷ তেওঁলোকে লগতে লৈ আহিছিল প্ৰাচ্যৰ সুপ্ৰাচীন সাংস্কৃতিক পৰম্পৰা৷ আন্দালুচিয়াৰ আদিবাসীৰ সৈতে নানান সম্পৰ্ক হৈছিল এই প্ৰব্ৰজনকাৰীসকলৰ আৰু ফলত নতুন গঢ়েৰে গঢ় লৈছিল আন্দালুচিয়াৰ মন-প্ৰাণ৷ ফেডেৰিক’ই নিজা ৰচনাত এই সাংস্কৃতিক জটিল পৰিমণ্ডলৰ শৈল্পিক ৰূপ ফুটাই তুলিবলৈ যত্নপৰ হৈছিল৷ লৰ্কাৰ আন্দালুচিয়াৰ এই ধৰণৰ চিন্তা-চৰ্চা আৰু কাম-বনত তেওঁৰ বন্ধু চালভাডৰ ডালি আৰু লুই বুনুৱেল ইমানেই অতিষ্ঠ হৈ পৰিছিল যে লৰ্কাক এশিকনি দিবলৈকে দুয়ো মিলি ‘দ্য আন্দালুচিয়ান ডগ’ নামৰ এখন চিনেমাই নিৰ্মাণ কৰি উলিয়াইছিল৷

১৯১৬ চন মানৰপৰা তেওঁ ৰাতি ৰাতি লিখিবলৈ আৰম্ভ কৰিছিল কবিতা, নাটিকা নামৰ ৰচনাবোৰ; গদ্য ৰচনাতো তেওঁ মাজে সময়ে তেতিয়াই হাত দিছিল৷ তেওঁৰ শিক্ষক মাৰ্টিন ডমিনগুজ বেৰুটা আছিল সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ প্ৰেৰণাৰ থলী৷ সাহিত্যৰ বাহিৰেও তেওঁ এইখিনি সময়তে অ’ত-ত’ত সঙ্গীতৰ পাঠো গ্ৰহণ কৰিছিল৷ দেউতাকৰ অৰ্থসাহায্যতআৰু সঙ্গীত শিক্ষক আণ্টনিঅ’ চেগুৰা মেচাৰ নামত উছৰ্গিত তেওঁৰ প্ৰথম গদ্য ৰচনাৰ পুথি ‘ইম্প্ৰেছনছ্ এণ্ড লেণ্ডস্কেইপছ্’ ১৯১৮ চনত প্ৰকাশ পায়৷ ১৯২৮ চনত ‘জীপচী বেলাডচ’ নামৰ পুথি প্ৰকাশৰ লগে লগে ফেডেৰিক’ৰ খ্যাতি দেশে-বিদেশে বিয়পি পৰে৷ এই পুথিৰ কবিতাবোৰৰ সকলো কথাই পঢ়ুৱৈৰ বোধগম্য নহ’লেও কবিতাবোৰত ব্যৱহৃত মেটাফৰ আৰু কল্পছবিবোৰ আছিল আছিল অতিকে বাঙ্ময় আৰু পঢ়ুৱৈৰ স্নায়ুমণ্ডলীত প্ৰবল জোকাৰণি দিব পৰা৷ কবিতাবোৰৰ বৌদ্ধিক দিশটোতকৈ আনুভূতিক দিশটোৱে পঢ়ুৱৈক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল আৰু এই ক্ষেত্ৰত কবিয়ে ব্যৱহাৰ কৰা সূক্ষ্ম সাঙ্গীতিক স্পন্দন আৰু চাৰুকৃত কাব্যভাষাই পঢ়ুৱৈক বান্ধি পেলোৱাত সহায়ক হৈছিল৷ ‘জীপছী বেলাডছ’ৰ কবিতাবোৰত তেওঁ তূৰীয়ৰ সৈতে মথিছিল ধূলি-মাটিৰ জৈৱিক স্থুলতাৰ উপাাদন, মীথৰ লগত মিহলাইছিল বাস্তৱৰ বস্তুজগতৰ অভিঘাত আৰু এই ধৰণৰ বিস্ময়কৰ সংমিশ্ৰণৰ ফলতে সাৰ পাই উঠিছিল এখন যাদুজগত আৰু এয়া আছিল এক কথাতেই চমৎকাৰ৷ পুঢ়ুৱৈৰ সঁহাৰি ইমানেই উদ্দীপনাময় আছিল যে অতি কম দিনৰ ভিতৰতে এই পুথিৰ প্ৰথম সংস্কৰণ আৰু এই পুথিয়ে ফেডেৰিক’ক কবি হিচাপে দৃঢ়ভাৱে প্ৰতিস্থিত কৰিছিল৷ প্ৰতিষ্ঠা আৰু খ্যাতিৰ প্ৰতি ফেডেৰিক’ আছিল খুবেই সন্দিহান আৰু তেওঁ খ্যাতিক 'stupid Fame' বুলি আখ্যা দি 'four white walls and a silence where the poet's voice can weep and sing' – এনেকৈ ক’বলৈ তেওঁৰ মন-প্ৰাণ ব্যাকুল হৈ উঠিছিল৷

১৯২১-২৪ এই কালছোৱাত লিখা ‘গীতাৱলী’ ১৯২৭ চনত মালাগাৰ লিট’ৰেল প্ৰেছৰপৰা প্ৰকাশ পায়৷ সেই সময়ত লৰ্কা আছিল ডালিহঁতৰ ফিগুৰেছৰ ঘৰত৷ প্ৰেছৰপৰা কিতাপখন পোনে পোনে তালৈকে আহিল৷ এই পুথিৰ গীতসমূহ আনা মাৰিয়া ডালিৰ নামত উছৰ্গা কৰা হৈছিল, উছৰ্গা লিপিত লিখা হৈছিল এনেকৈ – 'All at the precious feet of Anna Maria' ৷ কিতাপখন কবিয়ে নিজ হাতে আনাক দিব বুলি মনস্থ কৰি দুপৰীয়াৰ ভোজনৰ পৰত আহিব বুলি খবৰ পঠিয়ালে৷ যথা সময়ত টেক্সি আহি পালেহি, কিন্তু তাত কবি অহা নাই, আহিছে এটা পুতলা ভালুক৷ আনা কান্দি-কাটি হায়ৰাণ৷ কিন্তু কিছুপৰ পিছতে তেওঁ নিজেই আহি সোঁশৰীৰে আনাৰ আগত হাজিৰ হ’ল৷ আনাক কন্দনামুৱা অৱস্থাত দেখি লৰ্কাই পৰাণখোলা হাঁহিৰে আনাক বুৰাই পেলালে৷ভোজন পৰ্ব সাং কৰি দুয়ো কিতাপখন লৈ সাগৰ বলুকা পালেগৈ আৰু সেইখন তাতে কেইবাবাৰো পঢ়ি শেষ কৰাৰ পাছতহে বেছ পলমকৈ ঘৰলৈ উভতিল৷ আনা আৰু লৰ্কাৰ এই সম্পৰ্ক সুগভীৰ, প্ৰেমৰ, কেনেকুৱা প্ৰেমৰ – সেই কথাটোহে কাৰো বোধগম্য নহ’ল৷ 

লৰ্কা ছালভাডৰ ডালিৰ প্ৰতিও আসক্ত হৈছিল, যদিও ডালিয়ে লৰ্কাক লৰ্কাই বিচৰা ধৰণে সঁহাৰি দিয়া নাছিল৷ 

লৰ্কাই এবাৰ আন এক ভাস্কৰ্য শিল্পী এমিলিঅ’ আলাড্ৰেনৰ সতে সুগভীৰ সম্পৰ্কত নিকপকপীয়াকৈ বান্ধ খাই পৰি বেছ হাবু-ডুবু খাইছিল৷ এই সম্পৰ্কও খুব বেছি দিন টিকি থকা নাছিল৷ 

লৰ্কাৰ সুদীৰ্ঘ স্থায়ী সম্পৰ্ক আছিল প্ৰাণৰ চহৰ গ্ৰাণাডাৰ সৈতে৷ এই চহৰতে তেওঁলোকৰ গ্ৰীষ্মনিৱাস আছিল ১৯২৬-১৯৩৬ চনলৈ৷ ১৯৩৩-১৯৩৪ চনৰ ভিতৰত তেওঁ তিনিখন প্ৰধান নাটক ‘ব্লাড ৱেডিং’, ‘য়াৰ্মা’, আৰু ‘দ্য হাউচ অব বাৰ্নাড’ আলবা’ লিখি উলিয়ায়৷ তেওঁৰ নিজা নাট্য কোম্পানী ‘লা বাৰাকা’ৰ শিল্পীসকলৰ দ্বাৰা ‘ব্লাড ৱেডিং’ নাটকখন অভিনীত হোৱাৰ লগে লগে ই হৈ পৰে অতিকে সফল আৰু বিশ্বৰ বিভিন্ন ঠাইৰপৰা এই নাট মঞ্চায়নৰ বাবে অনুৰোধ আহিবলৈ ধৰে৷ ব্ৰাজিলৰ বুয়েনেছ আয়াৰ্চৰ সুবিশাল মঞ্চত এই নাট মঞ্চস্থ হয়৷ শুনামতে সাম্প্ৰতিক বিশ্বত বাৰ্টল্ট বেশ্‌টৰ নাটকতকৈ লৰ্কাৰ নাটকহে বেছিকৈ অভিনীত হয়৷ ১৯৩৬ চনত মাড্ৰিডৰ থিয়েটাৰ ইস্পানলত লৰ্কাৰ নাটকৰ ধাৰাৱাহিক অভিনয় চলিবলৈ ধৰে৷  

১৯৩৬ চনৰ ১৭ জুলাই তাৰিখে জেনেৰেল ফ্ৰাঞ্চিস্ক’ ফ্ৰাংক’ৱে স্পেইনত সামৰিক অভ্যুত্থানৰ ঘোষণা কৰে৷ পাছ দিনাৰেপৰা স্পেইনত সামৰিক শাসন প্ৰৱৰ্তন কৰা হয়৷ ১৬ জুলাই তাৰিখে পিতাক আৰু নিজৰ ‘ছেইণ্টছ ডে’ পৰিয়ালবৰ্গৰ সৈতে উদযাপনৰ উদ্দেশ্যে লৰ্কা মাড্ৰিডৰ পৰা ৰে’লযোগে গ্ৰাণাডালৈ ৰাওনা হয়৷ ৬ আগষ্টৰ দিনা ফ্ৰাংক’ৰ সমৰ্থক মেনুৱেল ৰ’জাচৰ নেতৃত্বত অহা এটা দলে লৰ্কাহঁতৰ গ্ৰাণাডাৰ হুৱাৰ্টে ডি চেন ৱিচেণ্টেস্থিত ঘৰত ফেডেৰিক’ক বিচাৰি তালাচী চলায়৷ সেই সময়ত কবি তাত নাছিল৷ তিনিদিন পিছত আকৌ আন এটা দল আহিল তেওঁক বিচাৰি৷ এইবাৰো তেওঁলোকে কবিক তাত নাপালে৷ ফ্ৰাঞ্চিস্ক’ এষ্টেভেজ নামৰ এজন বিষয়াৰ নেতৃত্বত আন এটি দল লৰ্কাক কৰায়ত্ত কৰাৰ লিখিত আদেশ লৈ আকৌ আহি ওলালহি৷ 

সেই কেইদিন লৰ্কাক নিৰাপদ স্থানত ৰখা হৈছিল – নিৰাপদ বুলি ভবা ঠাইখিনিও জানো নিৰাপদ আছিল? গ্ৰাণাডাৰ ৰজালেছ পৰিয়ালৰ ঘৰত লৰ্কাই শেষবাৰৰ বাবে পিয়ানো বজাইছিল আৰু ১৯ তাৰিখৰ ৰাতিপুৱাতেই চহৰৰ উপকণ্ঠৰ আইনাডামাৰ (অশ্ৰুজুৰি) নামৰ নিজৰাৰ পাৰত নিৰ্দোষ-নিৰপৰাধী¸ স্বদেশক বুকুভৰি ভালপোৱা স্বাধীনতাপ্ৰিয় কবিজন বিনাবিচাৰে, মাথোন আঠত্ৰিছ বছৰ বয়সতে, চিৰদিনৰ বাবে শুই পৰিছিল ঠিক পুৱাবেলাতেই, সময় ঘড়িত তেতিয়া ৫ বাজিছিল৷

১৯৩৪ চনৰ চাৰি নৱেম্বৰত লিখি শেষ কৰা লৰ্কাৰ ৰচনা ‘লেমেণ্ট ফৰ ইগ্‌নাচিও ছাঞ্চেজ মেজিয়াছ’ নামৰ কবিতাৰ কেইটিমান পংক্তিৰ উল্লেখেৰে এই লেখা সামৰিম৷ ছাঞ্চেজ মেজিয়াছে মাটাডৰৰ জীৱন সামৰিছিলেই যদিও মৃত্যুৰ আহ্বান মানি লৈয়ে হ’বলা ষাঁড় যুঁজৰ সেই দুঃসাহসী জীৱনলৈ পুনৰ ঘূৰি আহি মৃত্যুকেই আঁকোৱালি লৈছিলহি৷ লৰ্কায়ো মাড্ৰিডৰ ব্যস্ত কাৰ্যসূচীৰ মাজতে গ্ৰাণাডালৈ ঘূৰি আহিছিল, মৃত্যুৰ আহ৩ান মানিয়েই বোধকৰো – চাঞ্চেজ মেজিয়াছৰ বিষয়ে লিখা হ’লেও এই কবিতা যেন লৰ্কাৰ নিজ হাতে লিখা নিজৰে মৃত্যু কবিতা৷ আহক প্ৰিয় কবিজনাৰ ১২৫ বছৰীয়া জন্মবাৰ্ষিকীত তেওঁক সুঁৱৰি আওৰাওঁ তেওঁৰেই কবিতাৰ কেইটিমান মৰ্মন্তুদ পংক্তি–

At five in the afternoon.

Exactly five in the afternoon.

A boy fetched a white sheet

at five in the afternoon.

...    ...    ...

I will not see it!

Tell the moon to come

for I donot want to see the blood

Ignacio on the sand.

        No.

I will not see it!

ত্ত্বপ্স chalice can contain it,

no swallows can drink it,

no frost of light can cool it,

nor song nor deluge of white lilies,

no glass can cover it with silver

No.

I will not see it!


****

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ