অন্যযুগ/


সাহিত্য সমাজৰ দাপোণ

 মনমী ভট্টাচাৰ্য


 

আনুষ্ঠানিক শিক্ষাৰ মাধ্যমিক স্তৰত ভাৱ বহলাই লিখিবলগীয়া এটা শাৰী, “সাহিত্য সমাজৰ দাপোনসমাজৰ আবেগ অনুভূতি, আশা নিৰাশা, হা- হুতাশ হেনো প্ৰতিফলিত হয় সাহিত্যত সেই বয়সত সমাজ মনত ৰাখিবলগীয়া সংজ্ঞা মাথোঁ,  তেনেস্থলত কথাষাৰৰ যথাৰ্থতা বুজাৰ সামৰ্থ্য ক! লাহে লাহে নিয়ম আৰু বাধ্য-বাধকতাৰ মাধ্যমেৰেই সমাজ মূৰ্ত হৈ উঠে মানসপটত তেনে সাহিত্য পঢ়াৰ সৌভাগ্য ঘটে, ত সমাজ প্ৰতিবিম্বিত হয়, সমাজ আৰু সাহিত্যক ৰিজাই চোৱাৰ সামান্য প্ৰয়াস কৰোঁ কেতিয়াবা সাহিত্যৰ ছাত্ৰী হিচাপে আৰু প্ৰায়ে সাধাৰণ পঢ়ুৱৈ হিচাপে ভাষা-সাহিত্যৰ ছাত্ৰী হিচাপে বৌদ্ধিক অথবা কলাত্মক দিশ গমি চোৱাৰ প্ৰৱণতা জাগে কিন্তু এগৰাকী সাধাৰণ পাঠকৰ অনুভৱক কিছুমান সৃষ্টিয়ে জোঁকাৰি যায়, বাৰে বাৰে আহি টোকৰ দিয়ে জ্ঞানেন্দ্ৰিয়ত, কোনো উপন্যাসৰ প্ৰতিখিলা পাতে মনলৈ আনে সাহিত্য সমাজৰ দাপোন তেনে উপন্যাসত পূৰ্ণাংগ জীৱনচিত্ৰিত হয় 

মোৰ পাৰিপাৰ্শ্বিকৰ সমসাময়িক পৃথিৱীঅংকিত কৰা উপন্যাস গীতিকা শইকীয়াৰ সৰা ফুলে কথা কলে”( ২০২০), পঢ়িলোঁ উপন্যাসখন পঢ়ি উঠি হোৱা কিছু অনুভৱ কাপত নিগৰাব খুজিছোঁ 

সৰা ফুলে কথা কলেউপন্যাসখনত জীৱন্তৰূপত প্ৰতিবিম্বিত হৈছে বহুকেইখন সমাজ, উন্মোচিত হৈছে বহু স্তৰৰ বহু দিন; যেন পাঠকৰ চাক্ষুষ অভিজ্ঞতা সাংবাদিকতাৰ ৰঙীন গতিশীল জগতৰ পৰা বিধৱাৰ উকা স্তব্ধ জগতখনলৈ, বাহ্যিকতাৰ প্ৰৰোচনাত পিছলিব খোজা অসমীয়া সমাজখনৰ পৰা ৰক্ষণশীল উত্তৰ ভাৰতৰ সমাজলৈ, দাৰিদ্ৰৰ কবলৰ নিচলা সমাজৰ পৰা বিলাসিতাৰ ভৰত দোঁ খোৱা অভিজাত সমাজলৈ; বহু মুখাৰ আঁৰৰ মুখ, বাহ্যিকতাৰ আঁৰৰ অনুভৱ আন্ধাৰৰ বাট বুলি পোহৰলৈ বেঙা মেলিছে 

আন্ধাৰৰ পৰা পোহৰলৈ, নিৰাশাৰ পৰা আশালৈ মাথোঁ বৈপৰীত্যৰ সোঁত নবয়, ইপাৰৰ পৰা সিপাৰ হব পৰাকৈ এখন অদৃশ্য সাঁকো থাকে, সদৰ্থক দৃঢ়তা আৰু অধ্যৱসায়ৰ সাঁকো সৰা ফুলে কথা কলেআশাবাদৰ ৰেঙণি মাথোঁ নহয়, সুস্থ বৈষম্যহীন ভৱিষ্যতৰ বলিষ্ঠ সপোন পংকিলতাৰ জীৱনক সমাধিস্থ কৰি প্ৰোজ্জল পৰিচয় আদৰি লোৱাৰ আলাপ, নখে মাটি লেখা সৰলতাক সময়ৰ ৰদে পুৰি প্ৰগতিশীল সত্তালৈ উত্তৰণ ঘটোৱাৰ কথকতা সৰা ফুলে কথা কলে 

উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰৰ পটভূমি বৃন্দাবনৰ অচিনাকি পৃথিৱীখন সেই পৃথিৱীখনৰ সতে প্ৰথম চিনাকি মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজ(১৯৭৬) জৰিয়তে সামগ্ৰিক দৃষ্টিত উপন্যাস দুখনৰ কিছু সামঞ্জস্য আছে; উভয়ে বাস্তৱধৰ্মী, নাৰীকেন্দ্ৰিক উপন্যাস, অসমৰ ভৌগোলিক সীমা নেওচা পটভূমি, সমাজৰ বিভিন্ন দিশৰ ভণ্ডামি আৰু ভ্ৰষ্টাচাৰৰ নিৰ্ভীক অংকন ইত্যাদিঅথচ সৰা ফুলে কথা কলেউপন্যাসখনত নীলকণ্ঠী ব্ৰজৰ কোনো সুস্পষ্ট চাপ পৰিলক্ষিত নহয় মামণি ৰয়ছমৰ কাপৰ সেই বৌদ্ধিক, ইতিহাস সংপৃক্ত বৰ্ণনা আৰু গীতিকা শইকীয়াৰ জীৱনমুখী শব্দৰাজিক তুলনা কৰাৰ ধৃষ্টতাও নাই এই সাধাৰণ পাঠকৰ এয়া মাথোঁ উভয়তে অণুৰনন ঘটা জীৱন চুই যোৱা কিছু সংবেদনশীলতাৰ উনুক 

দশকৰ ব্যৱধানে  সংস্কাৰজীৰ্ণ সমাজৰ ৰক্ষণশীল ভুৱা  নৈতিকতাৰ ভেঁটিক সজোৰ ঢকা দিব পৰা নাই নাৰীৰ হিয়া মনৰ চাকনৈয়া যেন চিৰন্তন বৃন্দাবনৰ গলিবোৰত সেই ৰংহীন যৌৱন, অস্থি চৰ্মসাৰ প্ৰৌঢ়ত্ব,  নিৰ্বাক বাৰ্ধক্য একেইতো আছে নীলকণ্ঠী ব্ৰজত চিত্ৰিত হৈছে  খুপৰিৰ ক্ষুধাতুৰ ৰাধেশ্যামী, প্ৰেতাত্মাসদৃশ ভিক্ষাৰীৰ দল, কুষ্ঠৰোগীৰে ভৰা কংকালসাৰ বৃন্দাবন মানৱতা আৰু জীৱনৰ প্ৰতি ভ্ৰূকুটি দেখুৱাই থকামৃত্যুৰ নগ্নতা অথচ এই বিধ্বস্ততাৰ মাজতো প্ৰতিধ্বনিত হয় প্ৰাচীন মন্দিৰৰ অন্তঃকৰণ স্পৰ্শ কৰিব পৰা ভাষা সৰা ফুলে কথা কলে’-ত নৈতিক অৱক্ষয়ৰ দিশটো মূখ্যভাৱে উন্মোচিত হৈছে হয়তো অধিক সক্ৰিয় হৈছে দুষ্টচক্ৰ, অধিক নিৰ্লজ্জ হৈছে সময় 

দশকৰ ব্যৱধানত টাঙ্গা, হৰ গাড়ীক নেওচা দি সুচল হৈছে যাতায়ত জীৱনৰ পৰিবহনো সলনি হৈছে তৰান্বিত হৈছে জীৱনক সদৰ্থক পথেৰে চালিত কৰি সময়ক জিনি যোৱাৰ মানসিকতা নীলকণ্ঠী ব্ৰজ’-সৌদামিনীহাৰি যায় জীৱনৰ ওচৰত আৰু সৰা ফুলে কথা কলেৰাধিকা কৃষ্ণননতুন আভাৰে উদ্ভাসিত হয় 

সৰা ফুলে কথা কলেউপন্যাসখনত আশাবাদৰ সঞ্চাৰণ ঘটিছে আশাবাদ সঞ্চাৰণৰ প্ৰতিটো প্ৰক্ৰিয়াত মূখ্য অনুঘটক এগৰাকী দায়িত্বশীল নিকা সাংবাদিক, জোনালী উপন্যাসখনৰ প্ৰেক্ষাপটত সাংবাদিকতাৰ ভিতৰচৰা, বহু কাহিনী উপকাহিনী জঁট নলগাকৈ গুঠি যোৱা হৈছে সমান্তৰাল আৰু সাৱলীলভাৱে নীলা আভৰণ পিন্ধি থাকে আকাশৰ শূন্যতা, অনন্য আধুনিক ৰূপচৰ্চ্চাৰ আঁৰত থাকে একোখন কুন্ধচ মুখ, মিঠা মাতে ঢাকিব খোজে তিতা মন ৰক্ষণশীল ধৰ্মপ্ৰাণ সমাজৰ পশ্চাৎ প্ৰতিবেশী হৈ থাকে একোখন নিষিদ্ধ জগত সংস্কাৰৰ দৈন্যত পিষ্ট, কদৰ্য, পংকিল সেই জগত সেই পংকিলতাত পদুম ওপজাব খুজিছে লেখকে 

সৰা ফুলে কথা কলেকোনো কল্পিত কাহিনী নহয় উপন্যাসখনৰ ভেঁটি লেখকৰ স্বআৰ্জিত বাস্তঅভিজ্ঞতা লেখকে অনুসন্ধানমূলক সাংবাদিকতাৰ অভ্যন্তৰ আপোচবিহীনভাৱে উদঙাই দিছে জোনালীৰ মাধ্যমেৰে সংবেদনশীল জোনালীৰ বাবে খবৰৰ বিক্ৰী জীৱন নহয়; জোনালী জীৱনৰ খবৰ ৰাখিব পৰা, অনুভৱৰ দাম দিব জনা সাংবাদিক সমগ্ৰ উপন্যাসখন দৰাচলতে এক সংবেদনশীল অনুভৱৰ কথকতাউপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ ৰাধিকা কৃষ্ণন জীৱনৰ খলা বমাৰ উজুটিত নিজকে চম্ভালি প্ৰজ্ঞাৰ আলোকেৰে উদ্ভাসিত হৈছে 

উপন্যাসখনত অন্তঃসলিলা হৈ বৈ ৰৈছে এগৰাকী সাংবাদিকৰ উত্তৰণ, দৃঢ়ৰ পৰা দৃঢ়তৰ ব্যক্তিত্বলৈ, প্ৰেমিকাৰ পৰা স্বাভিমানী নাৰীলৈ ৰাধিকাক সাহসৰ বৰ্ম পিন্ধাই ৰাধিকা কৃষ্ণন সজাবলৈ একোগৰাকী জোনালীৰ প্ৰয়োজন প্ৰয়োজন নেগীজীৰ লেখীয়া স্থিতপ্ৰজ্ঞ বটবৃক্ষৰ যিয়ে সংকটকালত উশাহ আৰু ছাঁ যোগান ধৰে উপন্যাসখন যদিও নাৰীকেন্দ্ৰিক, সবল পুৰুষ চৰিত্ৰৰ সুদৃঢ় স্থিতি মন কৰিবলগীয়া উপন্যাসখনত নাৰী-পুৰুষ উভয়ৰ ভিন্ন চৰিত্ৰ অংকিত হৈছে 

সৰা ফুলে কথা কলেভণ্ড কুটিল সমাজব্যৱস্থাৰ বুকুত সোধোৱা এক প্ৰচণ্ড গোৰ দুই দশক জুৰি উত্তৰ ভাৰতৰ সতে এই পাঠকৰ অন্তৰংগ চিনাকি সাংবাদিকতাৰ শেনচকু অবিহনেও সংবেদনশীলতাৰ বিতচকুৱে বহু কথা প্ৰত্যক্ষ কৰে পৰিসংখ্যাইও সাক্ষ্য দিয়ে দ্ৰৌপদীৰ দোহাই দি হাৰিয়ানাৰ কিমান ঘৰত বহু ভ্ৰাতৃয়ে এগৰাকী পত্নী ভগাই লয় তেজ মঙহৰ সেই পুতলা অত্যাচাৰত বিধ্বস্ত হয়, অথচ চিৰাচৰিত পুৰুষতন্ত্ৰৰ বিৰুদ্ধাচৰণ কৰাৰ শক্তি গোটাব নোৱাৰেমাথোঁ উশাহৰ নাম জীৱন হয়, ক্ষুধাপূৰ্তিৰ নাম জীয়াই থকা ২০০১ চনত হাৰিয়ানাত প্ৰতি এহেজাৰ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা আছিল ৮৬১ ২০১১ চনৰ পিয়লত সেই অনুপাত ১০০০:৮৭৯ সমগ্ৰ ভাৰততে এই অনুপাত সৰ্বনিম্ন বৰ্তমান পৰিসংখ্যা হয়তো কিছু উন্নত হৈছে, কিন্তু মানসিকতাৰ বিশেষ পৰিৰ্তন লক্ষ্যণীয় হোৱা নাই যিসকল অভিভাৱকে ভ্ৰূণ হত্যা নকৰে( যি কাৰণেই নহওঁক) তেওঁলোকেও বেছি দিনলৈ জীয়ৰীৰ বোজা সহিব নোৱাৰে এয়া যেন জয়াল অৰণ্যৰ হিংস্ৰ নৰখাদকৰ মাজত হৰিণা প্ৰতিপালন কৰাৰ মানসিক চাপ সেই ভৰ সহিব নোৱাৰি ( বা নুখুজি) জন্মদাতা কিম্বা অভিভাৱকে যৌতুকেৰে চুক্তি কৰে সেই হৰিণাৰ দীঘল ওৰণিৰে ঢকা এটি তেজ মঙহৰ দেহ, কেঁচা উপভোগৰ দেহ ওৰণিৰ ফাঁকেৰে কোনে জুমি চাব এহাল ৰুক্ষ চকুৰ অদাহ্য কথকতা! বিদ্ৰোহৰ স্ফুলিংগ হয়তো থাকে কিছুপৰ, সময়ে নুমাই যায় 

হাৰিয়ানা মাথোঁ এক সাক্ষ্য উত্তৰ ভাৰতৰ প্ৰতিখন প্ৰদেশত নাৰীৰ অৱমাননা নিতান্তই সাধাৰণ কদৰ্যতা শিপাই গৈ থাকে সন্তৰ্পণে, ভিন্ন স্তৰত চৌদিশে কিছু স্তৰত মাথোঁ দামী বিলাসী আৱৰণে লোকচক্ষুৰ আঁৰত কৰি ৰাখে সেই কদৰ্যতা কিছু বাস্তৱ মনে স্বীকাৰ কৰিব নোৱাৰি পলাতক হব খোজে উপন্যাসখনৰ পটভূমি মূলতঃ উত্তৰ ভাৰত, কিন্তু পংকিল শিপাৰ বিস্তৃতি অসমলৈ প্ৰসাৰিত হৈছে অনুখুড়ীৰ লেখীয়া চৰিত্ৰৰ মাধ্যমেৰে নাৰী দেহৰ দৰদামৰ স্খলিত সমাজখন সৰা ফুলে কথা কলে’-ত বলিষ্ঠভাৱে উদঙাই দিছে লেখকে কঁচাইখানাৰ বিধৱাক ঢাকি ৰখা ভক্তিৰ চাদৰখন সাহসেৰে ফালি নেফানেফ কৰিছে যেতিয়াই বৃন্দাবনলৈ যাওঁ উকা মুখমণ্ডলত সৌম্যতাৰ বিপৰীতে এক ৰুক্ষতা প্ৰত্যক্ষ কৰি আহিছোঁ কিছুমান দৃষ্টিত যেন পুঞ্জীভূত জুই থাকে, আত্মাক তাপে স্পৰ্শ কৰিব পৰা জুই জীৱনৰ প্ৰতি বীতশ্ৰদ্ধ সেই চকুত ভক্তিৰ ভাবলেশ বিচাৰি নাপালোঁ কাহানিও সেই জগতৰ ভিতৰচৰা জুমি চোৱাৰ প্ৰয়াস কৰি বিফল হৈছোঁ সেই নিষিদ্ধ পৃথিৱীত সাধাৰণ লোকৰ প্ৰৱেশত কাঢ়া নিষেধাজ্ঞা সেই উকা নেপথ্যত ৰং ছটিয়াইছে লেখকে বৃন্দাবনত সকলোৱে ফাকু খেলিছে

২০১৭ চনৰ পৰা বৃন্দাবনৰ উকা জীৱনে ফাকু খেলাৰ খবৰবোৰ সংবাদ মাধ্যমতো প্ৰচাৰিত সেই ৰং মাথোঁ বাহ্যিকতা নহৈ আভ্যন্তৰলৈ শিপাবলৈ ৰাধিকাৰ দৰেই কিছু চৰিত্ৰৰ প্ৰয়োজন যি পংকিলতাৰ আৱেষ্টনীতো উদণ্ড, ব্যভিচাৰী নহয়; সমাজৰ প্ৰতি জীৱনৰ প্ৰতি অনুগত হয় 

কিছুমান প্ৰতিযোগিতাত দুগৰাকী প্ৰতিযোগীৰ মাজত থকা সামান্যতম ব্যৱধানক ফটো ফিনিছ আখ্যা দিয়া হয়, যি ব্যৱধান হয়তো বহু সময়ত খালী চকুৰে প্ৰত্যক্ষ কৰা অসম্ভৱ জীৱনৰ বহু যুঁজত সাফল্য আৰু বিফলতাৰ অন্তৰালত আবেগৰ ফটো ফিনিছ থাকে, সহজে অনুমেয় নোহোৱা একো একোটা সূক্ষ্ম ব্যৱধান এই ব্যৱধান হব পাৰে প্ৰয়োজন আৰু বিলাসিতাৰ, গৌৰৱ আৰু অহংকাৰৰ, আত্মমৰ্যাদা আৰু আত্মাভিমানৰ, স্বাধীনতা আৰু উচ্ছৃংখলতাৰ, সংস্কাৰ মুক্তি আৰু উদণ্ডতাৰ, যৌন সমতা আৰু ব্যভিচাৰৰ ব্যৱধানবোৰ লাহে লাহে প্ৰসাৰিত হয়, আৰু পংকিলতাৰ শিপাই বিস্তৃতি লাভ কৰে সূক্ষ্ম ব্যৱধান প্ৰত্যক্ষ কৰিব পৰা সংবেদনশীলতাই মাথোঁ উত্তৰণ ঘটাব পাৰে, জীৱনৰ আৰু সমাজৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ