অন্যযুগ/


অসমত আজিৰ তাৰিখৰ শিল্পচৰ্চা

সপোনজ্যোতি ঠাকুৰ

(অন্যযুগ বক্তৃতা, ২০২৩)


            মই পণ্ডিত মানুহ নহয়৷ পণ্ডিতসকলেহে ভাষণ দিব পাৰে বা এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শোভাবৰ্ধন কৰিব পাৰে৷ মই শৃংখলাৱদ্ধ, অকাডেমিক (বিদ্যায়তনিক) কথা ক’ব নোৱাৰোঁ৷  সেই ধৰণৰ চৰ্চা মোৰ নহ’ল৷ পাণ্ডিত্যপূৰ্ণ শৃংখলাৱদ্ধ ভাষণবিলাক একোখন পেইণ্টিঙৰ দৰে৷ মোৰ কথাবোৰ ৰঙৰ ব্ৰাছ এডাল জেঙত আচাৰ মাৰি দিয়াৰ দৰে হ’ব৷ মই আচলতে কাহিনী কোৱা মানুহহে৷ আগতে আমি দেখিছিলোঁ ঘৰে ঘৰে টোকাৰী একোখন লৈ মানুহ একোজন আহে আৰু গীত একোটা জোৰে৷ শিৱ-পাৰ্বতীৰ কাহিনী শুনায়৷ গৃহস্থই  চাহ এটোপা দিয়ে৷ পাৰিলে  সিকি একোটাও দিয়ে৷  সিজনে আশীৰ্ৱাদ দি যায়গৈ৷  দেউতাই  তেনে গায়ক একোজনক কেতিয়াবা  মোৰ হতুৱাই সেৱাও কৰাইছিল৷ বৰ আথে-বেথে তেখেতক বহুৱাইছিল৷ মায়ে বটা এটাত তামোল-পাণ এটাৰ সৈতে কিবা দক্ষিণা এটা আগবঢ়াই  দিছিল৷ সেই বৈৰাগীজনে গীত গাই কাহিনী কোৱাৰ দৰে ময়ো মানুহৰ চোতালে চোতালে নাটকৰ যোগেদি কাহিনী কৈ ফুৰোঁ৷ মানুহে কেতিয়াবা চাহ এটোপা– কেতিয়াবা এসিকি-দুসিকি দিয়ে৷ আপোনালোকে সেইজন তেনেই চুৰ্চুৰীয়া মানুহক এনে ভব্য-গব্য অনুষ্ঠানত ভাষণ দিবলৈ মাতি আনিছে, গতিকে কাহিনীয়েই শুনিব লাগিব৷ মোৰ গাত দোষ নাই৷

        কাহিনী : নাটক এখন কৰোৱাবৰ বাবে মোক এখন ঠাইলৈ মাতি নিলে৷ সেই মৰ্মে এটা ভিতৰুৱা ঠাইৰ আই. বি.ত মোৰ থকাৰ বন্দবস্ত হ’ল৷ এদিন আখৰা শেষ কৰি বাহিৰতে খাই-বৈ ৰাতি এঘাৰমান বজাত শুবলৈ বুলি নিজৰ কোঠালৈ আহিছোঁ৷ তেনেতে আই. বি.ৰ দায়িত্বত থকাজন দৌৰি আহি ক’লেহি যে “আপোনাৰ কোঠাৰ অন্যখন বিছনাত এজন অতিথি ৰাখিব লগা হৈছে৷ ৰাতিটোৰ বাবে৷” মই ক’লোঁ যে পূৰ্বতেই চৰ্ত আছিল কোঠাটো  মোৰ এদনীয়া হ’ব৷ তেতিয়া তেওঁ ক’লে, – ‘উপায় নাই৷ চৰকাৰী মানুহ৷ ৰাতি তিনি বজাত তেখেত ডিউটিত যাবগৈয়ে৷ এতিয়া শুলে৷ এইকণ সময় আপুনি সহযোগ কৰক’৷ মই আৰু কি কৰিব পাৰোঁ! অতি সাৱধানে শুই থকা মানুহজনে অসুবিধা নোপোৱাকৈ শব্দ কম উৎপাদন কৰি সৰু লাইটটো জ্বলাই ভৰি-হাত ধুই লাইট অফ কৰি বিছনাত পৰিলো৷ মই অলপ ভয়ো খাইছোঁ৷ তিনি বজাতে  যাবগৈ৷ চৰকাৰী ডিউটিত৷ ওচৰত ট্ৰেইন ষ্টেশ্যনো নাই, ইলেকচন হ’বৰো সময় নহয়। তেনেহ’লে কি ডিউটি?  ৷ এইজন কাষত বাঘেই নে ঘোঙেই  একো ধৰিব পৰা নাই৷  খাই মাৰিলেও মৰা ৷ তথাপি ভাগ্যত যি আছে বুলি দিনটোৰ ভাগৰ পলুৱাবলৈ গা এৰি দিলো৷ বিছনাত পৰি দিনটোৰ আখৰাৰ কথাবোৰ মনত পেলাবলৈ লওঁতেই কাষৰ বিছনাখনৰ পৰা মাত এষাৰ আহিল, ‘আহিলে?’ মই বোলোঁ ‘হয়’৷ সিজনে ক’লে ‘শুই থাকক৷ মই তিনি বজাত যামগৈয়ে৷’ শুবলৈ ক’লেহে  হয়, কিন্তু তেখেতে মোৰ লগত কথা পাতিবলৈহে ধৰিলে৷ বিভিন্ন কথা কোৱাৰ পাছত তেখেতৰ বহুমাত্ৰিক প্ৰেম কাহিনী বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিলে৷ মোৰ শুনাৰ আগ্ৰহ থকা যেন তেখেতে অনুভৱ কৰিলে হ’ব পায় আৰু তেখেতৰ কাহিনীত এক প্ৰকাৰ প্ৰেমিকাৰ সমদলৰে সৃষ্টি হ’ল৷ আৰু অৱশেষত তেখেতে এগৰাকী মোৰ পৰিচিত ছোৱালীৰ কাহিনী ক’লে৷ কিন্তু তেখেতে নাজানে যে সেই গৰাকীক মই চিনি পাওঁ৷  সেইগৰাকীৰ ঘৰে ঘৰোৱাহে জয়-জয় ময়-ময় কাৰবাৰ৷ সেইগৰাকী ছোৱালীয়ে তেখেতক কেনেদৰে ঠগিলে তাৰ বেদনাদায়ক  কাহিনীও তেখেতে বৰ্ণনা কৰিলে৷ সেইগৰাকী ছোৱালীৰ প্ৰবঞ্চনাৰ বাবেই তেখেতে এটা ভাল চাকৰি কৰিবই লাগিব বুলি সিদ্ধান্ত ল’লে আৰু অৱশেষত এই চাকৰি ল’লে৷ বহুত দুখত তেখেত কান্দো কান্দো হৈ অৱশেষত মোক শুবলৈ ক’লে৷ ইমানবোৰ প্ৰেমিকাই মোৰ চৌদিশত প্ৰেমৰ সমবেত সংগীত গাই থকা অৱস্থাত মই কেনেকৈ সহজে টোপনি যাওঁ! তথাপি কিন্তু এসময়ত টোপনি গ’লোঁ৷ সদায় পুৱা চাৰি বজাতে সাৰ পোৱাৰ অভ্যাস মোৰ৷ সেইমতে  সাৰ পালোঁ৷ কিন্তু কোঠাৰ অন্যখন বিছনাৰ লোকজন ডিউটি কৰিবলৈ গ’লগৈ৷ এটা ফেণ্টাচী, ৰহস্যৰ নিশা মই পাৰ কৰিলোঁ৷ মুখ নেদেখা মানুহ এজনে ইমানবোৰ কাহিনী কৈ গ’ল৷ তেখেতেও মোক নেদেখিলে, ময়ো তেখেতক নেদেখিলোঁ৷ কেতিয়াও চিনি নাপাম তেওঁক৷ ৰহস্য...

        এতিয়া মই আজিৰ তাৰিখৰ নাট্যকাৰ-পৰিচালকসকলক সমবেদনা জনাব লাগিব৷ কিয় জনাব লাগিব কৈছোঁ৷ সেইদিনা ৰাতি সেই  ৰহস্যময়  চৰকাৰী মানুহজন আছিল আবকাৰী বিভাগৰ এজন বিষয়া৷ তেখেত আহিছিল চুলাই মদৰ অবৈধ কাৰাখানা উচ্ছেদ কৰিবৰ বাবে৷ সেই উচ্ছেদ পুৱতি নিশা, তেনে সময়তে গোপনে কৰিব লাগে– নহ’লে গাড়ী অহা গম পাই গ’লেই বেপাৰীয়ে বস্তু-বাহানি লুকুৱাই দিয়ে৷ সেয়ে এই অভিযান৷  পিছে আজি দুদিনমানৰ আগতে মোলৈ বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাৰ নিউজ কাটিং দুটামান আহিল৷ তাত লিখা আছে যে ডিব্ৰুগড়ত জিলা প্ৰশাসনৰ উদ্যোগত চুলাই মদ তৈয়াৰ কৰাৰ কৰ্মশালা অনুষ্ঠিত কৰিছে৷ গতিকে নতুন নাট্যকাৰ-পৰিচালকৰ সমুখত নতুন প্ৰত্যাহ্বান উপস্থিত হৈছে৷ তেওঁলোকে আৰু মোৰ দৰে মায়াৱী নিশা কটাবলৈ নাপায়৷ কাৰণ চুলাই মদ এতিয়া ৰাজকীয় ব্যৱহাৰযোগ্য উপাদান৷ 

        এনে পৰিস্থিতিত আজিৰ তাৰিখত শিল্প সাধনাই নতুন বাটৰ সন্ধান কৰিবই লাগিব৷ পিছে কেনে হ’ব সেই বাট ?

        শিল্প বা সাহিত্যৰ মূল বিষয় হৈছে ৰহস্য৷ বেঁকা-বেকিকৈ কোৱা কথাই শিল্প৷ মানুহৰ ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰিব পৰা, কল্পনাৰ জগতলৈ, সৃষ্টিৰ জগত এখনলৈ লৈ যাব পৰা বস্তুটোৱেই হৈছে শিল্প৷ পোনা-পুনি কথাবোৰ শিল্প নহয়৷ সেইবোৰ বাস্তৱ৷ মানুহে অতি সহজতে কৈ দিব পাৰে,‘মই তোমাক ভালপাওঁ’৷ কিন্তু নকয়৷  কিমান যে বেঁকা-বেকি কথা! সেই বেঁকা-বেকি কথাবোৰেই কিমান চিনেমা- কিমান গীত, কিমান চিত্ৰ, কিমান কবিতা৷ 

        এতিয়া শিল্প চৰ্চা কৰা লোকসকলৰ সমুখত এক প্ৰত্যাহ্বান আহি উপস্থিত হৈছে৷ সেয়া হৈছে এনে ৰহস্যৰ ওৰ পৰাতো৷ মোৰ এখন নাটক আছে নামটো ‘চাৰ্কাচ’৷ কিবা মহৎ সৃষ্টি বা সেই নাটকখন সকলোৱেই পঢ়িবই লাগিব তেনে কোনো কথা নাই৷ মই মাত্ৰ প্ৰয়োজনত উল্লেখহে কৰিছোঁ৷ সেই নাটকখনত এজন ৰহস্য সাহিত্যিকৰ চৰিত্ৰ আছে৷ সেই সাহিত্যিকজন এটা আই. বি.ত থাকিবলৈ আহে৷ কিছুদিনৰ আগতে সেই অঞ্চলত এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল আৰু হত্যাকাৰী চিনাক্ত কৰিব পৰা হোৱা নাছিল৷ সেয়ে সেই হত্যাকাণ্ডটোৰ বিষয়ে কিছু কথা জানি ল’বলৈ লেখকজনে তাত বাহৰ পাতি আছিলহি৷ কিন্তু আই. বি.টোৰ দায়িত্বত থকা চকীদাৰজনৰ পত্নীয়ে লেখকজনক জনায় যে “অলপ আগতে যে পুলিচ বিষয়া এজনৰ সৈতে আপোনালোকে হাঁহি-মাতি কথা পাতি আছিল, তেওঁৰ লগত যে আছিল সিজন মানুহ, সেইজনেই হত্যাকাৰী৷ সকলোৱে চিনি পায়৷ সকলোৱে জানে।” তেতিয়া লেখকজন হতাশ হৈ পৰে৷ ৰহস্য সাহিত্যৰ ভৱিষ্যৎ সম্বন্ধে সন্দিহান হৈ উঠে৷ সকলোৱে হত্যাকাৰীক চিনি পায়৷ কোনো ৰহস্যই নাই৷ সকলোৱে অপৰাধীৰ সৈতে আনন্দৰে কথা পাতি থাকিব পাৰে৷ কোনো ৰহস্য নাই৷ এই ৰহস্যহীনতাৰ কথা কৈছোঁ মই৷ এই ৰহস্যহীনতাই শিল্প চৰ্চাৰ দিশ নিৰ্ণয় কৰি পেলাইছে৷

        অসম, ভাৰত কিম্বা সমগ্ৰ বিশ্বতে দেখা গৈছে যে সমস্ত সম্পদ মাত্ৰ কেইজনমান মানুহৰ কুক্ষিগত হৈ পৰিছে৷ সম্পদ কুক্ষিগত হৈ পৰাৰ লগে লগে তেওঁলোক সৰ্বশক্তিমান হৈ পৰিছে৷ শিল্পৰ দিশ নিৰ্ণয় কৰি দিব পাৰিছে এই শক্তিশালী লোকসকলে৷ তাত এটা নতুন  ৰহস্য সৃষ্টি কৰিব লগা হৈছে৷ গৰিষ্ঠসংখ্যক সম্পদ কেইগৰাকীমানৰ হাতত যে  জমা হৈ গৈছে, এই সত্যটো সকলোৱে জানে৷ শিল্প কৰাসকলে আৰু ভালকৈ জানে৷ প্ৰকৃত শিল্প কৰাসকল সমাজৰ এণ্টেনাৰ দৰে৷ সকলো ছিগনেল তেওঁলোকে আগতে পায় – আগতে বিলায়৷ কিন্তু এই সত্যটো বিলাই দিয়া কঠিন হৈ পৰিছে৷ শিল্পত প্ৰযোজকৰ প্ৰয়োজন৷ কোনে প্ৰযোজনা কৰিছে সেয়া চালেই শিল্প কেনে হ’ব তাৰ আগতীয়া বাৰ্তা দিব পাৰি৷ সম্প্ৰতি বিহুনাচ বোকালৈ গতি কৰাৰ কাৰণো একেই৷ দলি মাৰি দিয়া ধন কেইটামানেৰে শিল্প কৰিব লাগিব৷ নহ’লে শিল্প কেনেদৰে হ’ব! সত্য প্ৰকাশ কৰাৰ ভয় আৰু শঙ্কাই, সত্যক গোপন কৰাৰ শৈল্পিক প্ৰচেষ্টাই কেৱল শিল্পলৈকে নহয়, সমাজৰ সকলো স্তৰতে এক হতাশা বা ডিপ্ৰেশ্যনৰ জন্ম দিছে৷ এক সামূহিক ডিপ্ৰেশ্যন৷ সকলো গোমোঠা মাৰি একঘেঁয়ামিত লীন যাবলৈ আৰম্ভ কৰিছে৷  ৰজা-প্ৰজা সকলোকে ডিপ্ৰেচ কৰি পেলাইছে৷ অপৰিসীম ধন-সম্পদ ঘটি পেলোৱাৰ কাৰণো এক ডিপ্ৰেশ্যনেই৷ কাৰণ তেওঁলোকৰ আন কোনো লক্ষ্য নাই৷ লক্ষ্যহীনভাৱে অহৰহ ধন ঘটাটোও এক ডিপ্ৰেশ্যনৰ লক্ষণ৷ এই ডিপ্ৰেশ্যন শিল্পত প্ৰতিফলিত হয়৷ নিজৰ বাহিৰে আন কাকো চিনিব নোখোজা বা নোৱাৰা  জাতৰ শিল্প কেৱল হতাাশাইহে  জন্ম দিব পাৰে৷ নাটক, চিনেমা, গান এইবোৰত শিল্প কৰাজন কেৱল নিজেহে পৰিস্ফুট হৈ উঠা দেখা গৈছে৷ সেয়া হতাশাৰ বাবেহে হৈছে৷ ষ্টেনিশ্লাভ্স্কিয়ে কৈছিল, শিল্পী দুবিধ৷ এবিধে নিজৰ মাজত শিল্প দেখে অন্যবিধে শিল্পৰ মাজত কেৱল নিজক দেখে৷ নিজক দেখাটো কেৱল হতাশাৰ পৰিচায়ক৷ কোনোবাই কয় আত্মকেন্দ্ৰিকতা৷ কিন্তু এই আত্মকেন্দ্ৰিকতাৰ জন্ম হৈছে হতাশাৰ পৰা৷ এই  হতাশাৰ বাবেই সামাজিক মাধ্যম নিজৰ অৰ্থহীন বিজ্ঞাপনেৰে ভৰি থাকে কেৱল বুঢ়া আঙুলি এটাৰ আশাত৷

        আজিৰ তাৰিখৰ শিল্প চৰ্চা বুলিলে প্ৰথমে আজিৰ তাৰিখটোক অলপ মই বুজিবলৈ যত্ন কৰোঁ৷ মই যিবোৰ কথা কৈ আছোঁ সেইবোৰ মই আজিৰ তাৰিখটোক বুজিবলৈ যত্ন কৰা কথাহে৷ প্ৰকৃততে এইবোৰ সকলোৱে জনা তেনেই মামুলী কথা৷ কোনো মহৎ কথা নহয়েই৷

        আজি কিছুদিন ধৰি চাগৈ আপোনালোকে সকলোৱে লক্ষ্য কৰিছে যে ল’ৰাবিলাকৰ চুলি কটা ষ্টাইলটো সলনি হৈ গ’ল৷ কিছু অংশ বেছিকৈ কাটে৷ কোনো কোনোৱে পূৰা চাফা কৰি দিয়ে৷ ফেশ্বন সলনি হৈ থাকে- ই নিয়ম৷ কিন্তু চুলি কটাৰ এই ধৰণটোৰ সৈতে জড়িত হৈ আছে এটা মেচিনৰ ব্যৱহাৰ৷ চুলি কটা এটা মেচিনৰ দ্বাৰা মূৰৰ বাহ্যিক সজ্জা কৰা হয়৷ বৃহৎ ষ্টাৰ একোজনৰ হতুৱাই চুলিৰ নতুন সজ্জা কৰা হ’ল আৰু বিশ্বব্যাপি সেই ষ্টাইলৰ ব্যাপক প্ৰচলন হ’ল৷  মেচিনৰ বাবেই  মূৰৰ বাহ্যিক সজ্জা সালসলনি হৈ গ’ল৷ কোনোবা এখন দেশত মেচিনৰ আবিস্কাৰ হ’ল আৰু বিশ্বব্যাপি মেচিনৰ প্ৰচলন হ’ল৷ মেচিনৰ বাবেই চুলি কটাৰ বিজ্ঞাপন হ’ল আৰু অসমৰ পথ নাইকিয়া গাঁৱতো সেই মেচিন অনলাইন ডেলিভাৰী হৈ গ’ল৷ মূৰৰ বাহিৰৰ সজ্জা যদি সালসলনি কৰাই দিব পাৰি তেনে মূৰৰ ভিতৰৰ সজ্জা  সলনি কৰিব  পাৰিনে নোৱাৰি৷ শিল্প সম্বন্ধে মানুহৰ  চিন্তা আনে সলনি কৰিব নোৱাৰিবনে! মেচিন এটাৰ বজাৰ চলি থাকিবলৈ যদি মূৰৰ বাহিৰৰ সজ্জাৰ ষ্টাইল সলনি হৈ যাব পাৰে তেনে সম্পদ এক মুঠ কৰা সেই শক্তিশালী মানুহবোৰে নিজৰ সুৰক্ষাৰ বাবে শিল্পৰ এটা ষ্টাইল নিৰ্মাণ কৰিব নোৱাৰিবনে? শিল্পবোধৰ  নতুন ষ্টাইল এটা  প্ৰচলন কৰিব নোৱাৰিবনে? আজিৰ তাৰিখৰ অসমৰ শিল্প চৰ্চাৰ কথা ভাবিলে এনেবোৰ কথাৰেই ভবাটো চলাই যাওঁ৷ শিল্পচৰ্চাৰ দিশ নিৰ্ণয় কৰিবলৈ  এই ৰাস্তাৰেই বাট বুলি খা-খবৰ লওঁ, বা নিজেও শিল্পচৰ্চা  কৰোঁ৷ ৷

            চুলি কটা যন্ত্ৰৰ কথা কওঁতে হয়তো এনে লাগিব পাৰে যে যন্ত্ৰৰ ব্যৱহাৰক মই নস্যাৎ কৰিছোঁ৷ নাই কৰা৷ যন্ত্ৰই মানুহক বহু সন্মান প্ৰদান কৰি আহিছে৷ মানুহৰ মাজৰ বহু বিভেদ নাইকিয়া কৰি সমতাৰ ভাব আনিছে৷ এসময়ত কেৱল ৰজা-মহাৰজাইহে নিজৰ প্ৰতিচ্ছবি অংকন কৰাই নিজক চাব পাৰিছিল৷ সাধাৰণ মানুহৰ সেই সুবিধা লাভ কৰাৰ সক্ষমতা নাছিল৷ কিন্তু ফটোগ্ৰাফিৰ আৱিষ্কাৰে নিজক চোৱাৰ সামৰ্থ্য সকলোলৈকে মুকলি কৰি দিলে, সহজ কৰি দিলে৷ সেইদৰে সংগীত বা চিনেমা ডাঙৰ ডাঙৰ গোষ্ঠীবিলাকৰ হাতৰ মুঠিত আছিল৷ কিন্তু সাধাৰণ সঁজুলিৰে সংগীত বাণীবন্ধন বা চুটি ছবি কৰাৰ সুবিধা, আৰু Youtube-অৰ দৰে ব্যৱস্থাৰ ফলস্বৰূপে যিকোনো লোক সমৰ্থ হ’ল, সৰু সৰুকৈ হ’লেও কাম কৰাৰ বাবে৷ বহু সাধাৰণ লোকে আত্মবিশ্বাস লাভ কৰিলে আৰু সৃষ্টিশীল হৈও থাকিব পাৰিছে৷ কিন্তু লগে লগে বহু জাবৰৰো সৃষ্টি হৈছে৷ গন্ধমাদনৰ মাজত বিশল্যকৰণী হেৰাই যাবলৈ ধৰিছে৷ 

        অসমত সকলোৰে ঢৌ উঠে৷ চুটি ছবিৰো ঢৌ উঠিল আৰু খনে খনে চুটি ছবিয়ে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ ধৰিলে৷ গোটেইবোৰ ছবি বেয়া বা চাব নোৱাৰি তেনেও নহয় – কিন্তু ক’ত কেনেকৈ কিয় পুৰস্কাৰ পালে তাৰ বৰ হিচাপ নোলায়৷ ক’ৰ’নাকালিন  লক্‌ডাউনৰ সময়ত মই ৰচনা এখন লিখিছিলোঁ– জে. চি. বি. বুলি৷ ‘সাতসৰী’য়ে বিচাৰি আছিল৷ ছপা কৰি দিলে গল্প বুলি৷ মই গল্প বুলি লিখাই নাছিলোঁ সেইখন৷ সেইখনত মই লিখিছিলোঁ যে জে.চি.বি.য়ে এফালৰ মাটি কাটি সমান কৰি যায়– ওখ-চাপৰ চিন নাইকিয়া কৰি যায়– পায়খানাৰ গাঁত আৰু গোঁসাই ঘৰৰ ভেঁটি একাকাৰ কৰি পেলায়৷ এক সমতলৰ সৃষ্টি কৰে৷ এতিয়া শিল্পচৰ্চাৰ গোটেই কাৰবাৰটো তেনে হ’বলৈ ধৰিছে৷ কোনো মান নিৰ্ধাৰণ নহয়৷ যেতিয়াৰ পৰা সকলো কথাই বিক্ৰীযোগ্য বোলা তত্ত্ব প্ৰতিষ্ঠা হ’বলৈ ধৰিলে তেতিয়াৰ পৰা শিল্পচৰ্চাত মানুহ গোটোৱাটোৱেই শিল্পৰ গুণগত মাপকাঠী হ’বলৈ ধৰিছে৷ পক্কা দগাবাজ একোটায়ো  ভোটত জিকি প্ৰমাণ কৰি দিব পাৰে যে তেওঁ বৈধ আৰু শুদ্ধ,  ঠিক একেদৰে ৰাউচি একোটাও সংগীতলৈ ৰূপান্তৰিত হ’ব ধৰিছে৷ বহু মানুহ গোট খাই প্ৰমাণ কৰি দিছে সেয়া বৃহৎ, মহৎ শিল্প৷ (এই ক্ষেত্ৰত বিজ্ঞানীসকললৈ সমবেদনা জনাব লাগিব৷ তেখেতসকল জনপ্ৰিয় নহয়৷)

        গোষ্ঠী গোষ্ঠী মনোভাবৰ বাবে অসমত শিল্পচৰ্চাত বহুতো বাধাৰ সৃষ্টি হয়৷ নিজৰ বাহিৰে অন্য সকলোবোৰ বেয়া- এই  মনোভাবৰ বাবে শিল্পই মূল্য ভৰিব লগা হৈছে৷ অন্যৰ সৃষ্টিকৰ্ম চাই নিজক উত্তৰণ ঘটোৱাৰ প্ৰচেষ্টা দেখিবলৈ পোৱা টান৷ বিজ্ঞানীসকলে আনৰ আৱিষ্কাৰেৰে  নিজৰ  শ্ৰম লাঘৱ কৰাৰ দৰে শিল্পচৰ্চাতো যদি আনৰ সৃষ্টিৰে নিজক শক্তিশালী কৰিব নোৱাৰি তেনেহ’লে শিল্পচৰ্চা কঠিন হৈ পৰে৷  আনৰ শিল্পক প্ৰশংসা কৰিবলৈ অপাৰগ হোৱা, চিত্ৰশিল্প, পটাৰি , ভাস্কৰ্য আদি শিল্পক এক প্ৰকাৰ অবুজ বুলি অৱজ্ঞা কৰাৰ মানসিকতাটো  অসমত  মহামাৰীৰ দৰে বিয়পি পৰিছে ৷ প্ৰতিষ্ঠাৰ বাবে কৰা যুঁজখনৰ বাবে মানুহ অহৰহ বজাৰত সুলভ হৈ থাকিব লগা হৈছে৷ পৃষ্ঠপোষকতা লাভৰ যুঁজত তিষ্ঠি থাকিবলৈ আনক হেয় প্ৰতিপন্ন কৰিবলৈ যত্ন কৰি থকাৰ যি প্ৰচেষ্টা,  সেই প্ৰচেষ্টাই শিল্পচৰ্চাৰ সামগ্ৰিক পৰিৱেশটো বিনষ্ট কৰিছে৷ মধ্যম আৰু নিম্ন শ্ৰেণীৰ প্ৰতিভাই  প্ৰতিষ্ঠাৰ যুঁজত যিকোনো  পযাৰ্য়লৈ নামি যাবলৈ ধৰাত সমগ্ৰ পৰিস্থিতি সম্প্ৰতি সৃষ্টিশীল হৈ ৰোৱা নাই৷ এই ক্ষেত্ৰত সমালোচকসকলৰ এক ভূমিকা থাকে৷ অসমত কলা সমালোচকৰ অভাৱ৷ আৰু  সমালোচনাৰ ধাৰাবাহিকতা নাই৷ যিদৰে  হীৰেন গোঁহায়ে সমালোচনা কৰি কিবা ক’লে সেয়া মান বুলি বিবেচিত হয় ঠিক সেইদৰে শিল্পৰ ক্ষেত্ৰত ধাৰাৱাহিক সমালোচনা নাই৷ বিক্ষিপ্তভাৱে ওলোৱা সমালোচনাই যোগ্যজনক তুলি ধৰি  শিল্পৰ সামগ্ৰিক মানৰ উত্তৰণ ঘটাব  নোৱাৰে৷ সেয়ে অসমত ৰাতিটোতে মহৎ শিল্পৰ সৃষ্টি হয় আৰু পুৱালৈ কোনো চিন-চাব নাথাকে৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ