অন্যযুগ/


ভূপেন মহন্ত সম্পাদিত ‘প্ৰান্তিক’ (১৯৬১,১৯৬২) -ৰ মেটমৰা সম্ভাৰ আৰু সুধাকণ্ঠৰ এটা গীতৰ অন্যতম ৰূপ

টিকেন্দ্ৰজিৎ গগৈ‍

০১.     ধৰা হওক এনে ধৰণৰ এটা প্ৰশ্নৰ অৱতাৰণা হৈছে— পাৰ্বতি প্ৰসাদ বৰুৱাৰ ‘কণ্ঠহীন : উদং পিয়লা’ আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ ‘কাৰ্টুন’ নামৰ কবিতা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ‘আকাশী গঙ্গা’ আৰু লক্ষহীৰা দাসৰ গীত ‘সুধাৰ সাগৰ সাবটি বুকুত...’; কুমাৰ কিশোৰৰ ‘অবাঞ্ছিত’, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ ‘এক্‌চিডেণ্ট’ আৰু নিৰোদ চৌধুৰীৰ ‘বিষ’ নামৰ গল্প; প্ৰমোদ ভট্টাচাৰ্য্যৰ প্ৰবন্ধ ‘শব্দৰ পম খেদি : কথিত ভাষাত এভুমুকি’, অমূল্য বৰুৱাৰ ‘সমসাময়িক বতৰা : আন্তৰ্জাতিক সমস্যা’ শীৰ্ষক ৰাজনৈতিক বিশ্লেষণৰ লগতে শিল্পী শোভা ব্ৰহ্মৰ  ‘এইয়া প্ৰাণ : এইয়া মৰম’ আৰু ‘তাঁতশালত ডিমাছা গাভৰু’ নামাংকিত চিত্ৰ আদি একেলগে কোনখন আলোচনীৰ কোনটো সংখ্যাত আৰু কিমান চনত প্ৰকাশ পাইছিল? এই প্ৰশ্নৰ উত্তৰত এই লেখাসমূহ ১৯৬২ চনত ‘প্ৰান্তিক’ আলোচনীৰ দ্বিতীয় সংখ্যাত একেলগে প্ৰকাশ পাইছিল বুলি ক’লে সাম্প্ৰতিক অৱস্থাত নতুন চামৰ কোনো কোনো পাঠক বিমোৰতেই পৰিব৷ কিয়নো বৰ্তমানৰ অসমীয়া পঢ়ুৱৈ‍-সমাজত পৰিচিত আৰু ডঃ ভবেন্দ্ৰ নাথ শইকীয়াই মুখ্য সম্পাদক হিচাপে প্ৰতিষ্ঠা কৰা ‘প্ৰান্তিক’ নামৰ পষেকীয়া আলোচনীখন ১৯৮১ চনৰ ডিচেম্বৰ মাহৰ পৰাহে প্ৰকাশ হৈ আহিছে৷ সেইদৰে ১৯৮০ চনত উমেশচন্দ্ৰ চেতিয়াৰ সম্পাদনাত প্ৰকাশিত ‘প্ৰান্তিক’ নামৰ আলোচনী আৰু তাৰো আগতে ১৯৭৭ চনত যতীন্দ্ৰ কুমাৰ চৌধুৰীৰ সম্পাদনাত যোৰহাটৰ পৰা প্ৰকাশিত ‘প্ৰান্তিক’ নামৰ ছমহীয়া আলোচনী দুখনতো এই লেখাসমূহ প্ৰকাশৰ কথা নাহে৷ 

আমি উল্লিখিত প্ৰশ্নৰ উত্তৰ হিচাপে ১৯৬২ চনৰ যিখন ‘প্ৰান্তিক’ নামৰ আলোচনীৰ কথা উল্লেখ কৰিছোঁ সেইখন  এখন চাৰিমহীয়া আলোচনী হিচাপে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ পৰা প্ৰকাশ হৈছিল৷ প্ৰথমতে আলোচনীখনৰ দ্বিতীয় সংখ্যাটোহে দেখাৰ সৌভাগ্য হৈছিল৷ এই সংখ্যাটো হাতত লৈয়েই প্ৰত্যক্ষ কৰিছিলোঁ ইয়াত থূপ খাই থকা অসমীয়া সাহিত্য আৰু শিল্পৰ এক মেটমৰা সম্ভাৰ৷ ইতিমধ্যে আমি উল্লেখ কৰা পাৰ্বতি প্ৰসাদ বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, ভূপেন হাজৰিকা, লক্ষহীৰা দাস, কুমাৰ কিশোৰ, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্য, নিৰোদ চৌধুৰী, প্ৰমোদ ভট্টাচাৰ্য্য, অমূল্য বৰুৱা আৰু শোভা ব্ৰহ্মৰ অনন্য সৃষ্টিসমূহৰ উপৰি আলোচনীখনৰ উক্ত সংখ্যাটোত অন্য ভালেকেইজন ব্যক্তিৰ লেখা আৰু অন্য অনুপম সৃষ্টি প্ৰকাশ পাইছিল৷ মনকুমাৰীৰ ‘নতুন বছৰৰ উপহাৰ’ শিৰোনামৰ লেখাৰে আৰম্ভ হোৱা  আলোচনীখনৰ অন্যান্য কবিতাসমূহ আছিল ক্ৰমে ৰত্ন ওজাৰ ‘লাজুকী লতা’, চৈয়দ মেৰাছ হুচেইনৰ ‘ৰাজপথ মহাশূন্যতাৰ’, ফানোৱাৰা বেগমৰ ‘ৰাজ মিস্ত্ৰী’, দিনেশ গোস্বামীৰ ‘অন্ধকাৰ অকলে’  আৰু  বাণী বৰুৱাৰ ‘দুঃখী পুত্ৰ : দুঃখুনী মা’৷ অন্যান্য প্ৰবন্ধসমূহ আছিল— হেমন্ত কুমাৰ শৰ্মাৰ ‘অসমীয়া ফঁকৰা-যোজনাত বোৱা-কটা’, পুৰুষোত্তম ভট্টাচাৰ্য্যৰ ‘অসমত জ্যোতিষ’, কমলেশ্বৰ শৰ্মাৰ ‘ওৱাৰ্ডচ্‌ৱাৰ্থ আৰু ফৰাচী বিপ্লৱ’৷ লগতে আছিল নাৰায়ণ বেজবৰুৱাৰ নাটক ‘মকবুলৰ মহব্বত’।  অন্য এটা গল্প আছিল  ৰমা দাশৰ ‘সোণফুলী’ আৰু আছিল কিৰন্ময়ী ভূঞাৰ অনুবাদ গল্প ‘তৃষ্ণাতুৰা’৷ ‘মহা মহাপুৰুষৰ চানেকীৰে জীৱনৰ’ শিতানত ৰঙীন চিত্ৰসহ প্ৰকাশ পাইছিল ‘পণ্ডিত ধীৰেশ্বৰাচাৰ্য্য’ শীৰ্ষক এটি লেখা৷ আলোচনীখনত কমল গগৈৰ লেখা ‘অপ্ৰকাশ্য’-ৰ উপৰি আছিল পৰীক্ষিত হাজৰিকাৰ ব্যঙ্গ ৰচনা ‘অসম বুৰঞ্জী (বৰ্তমান যুগ)’ আৰু  ৰাজ জ্যোতিষীৰ ‘১৮৮৪ শকৰ ৰাষ্ট্ৰৰ আৰু ব্যক্তিগত ৰাশিফল’৷ সেইদৰে  ‘সংস্কৃতিৰ সঁচা খবৰ’, ‘সমকালীন সাহিত্য সংবাদ’ আৰু ‘মানৱতাৰ প্ৰতি : এটি আবেদন’ শীৰ্ষক লেখাৰ উপৰি অন্যান্য লেখাসমূহ আছিল ক্ৰমে সুন্দৰ বায়নৰ ‘পুথি সমালোচনা’, বোলছবি শিতানত ‘বাতৰি দি কি হ’ব? ষ্টুডিঅ’ নহ’লে...’, অশ্বঘোষৰ লেখা ‘ছবি বিশ্বাস’ আৰু প্ৰশ্নোত্তৰ শিতান ‘আমাৰ উত্তৰ’৷ একেবাৰে শেষত আছিল সম্পাদকীয় শিতানৰ লেখা- ‘সাহিত্য, সাহিত্যিক, অসমীয়া সাহিত্যৰ সমস্যা’৷ আলোচনীখনৰ বিশেষভাৱে উল্লেখযোগ্য সংযোজন আছিল শোভা ব্ৰহ্মৰ শিল্পকৰ্মৰ লগতে অন্য দুজন শিল্পীৰ শিল্পকৰ্ম— মনীন্দ্ৰ ভট্টাচাৰ্য্যৰ ‘প্ৰসাধনত- এইয়া লাস্যময়ী গাভৰু’,  আদ্য শৰ্মাৰ অংকন— ‘এক বুঢ়ীৰ দুই কাম : ধান বানে চোহে আম’ আৰু ‘‘বহাগ মাহৰ কামৰূপীয়া ‘ভঠেলী’ উৎসৱ’’৷ বেটুপাতৰ ছবি আঁকিছিল শিল্পী আদ্য শৰ্মাই৷  আলোচনীখনৰ সম্পাদক আছিল ভূপেন মহন্ত আৰু প্ৰকাশক আছিল ডুমডুমাৰ ‘প্ৰাক্তন ছাত্ৰ সাংস্কৃতিক অনুষ্ঠান’, ডুমডুমা  অসম৷ 

     এইখন ‘প্ৰান্তিক’-ৰ প্ৰথম সংখ্যটো প্ৰকাশ হৈছিল ১৯৬১ চনৰ ডিচেম্বৰ মাহত৷ প্ৰকাশক ‘প্ৰাক্তন ছাত্ৰ সাংস্কৃতিক অনুষ্ঠান’-ৰ সম্পাদকে ‘আমাৰ এষাৰ’-ত লিখিছিল—  ‘জীৱিকা উপাৰ্জন আৰু উচ্চ শিক্ষা লাভৰ অভিপ্ৰায়ে অসমৰ ভিতৰ-বাহিৰত থকা ডুমডুমাৰ শিক্ষাব্ৰতীসকলৰ অনুষ্ঠিত ‘প্ৰাক্তন ছাত্ৰ সাংস্কৃতিক  অনুষ্ঠান’-ৰ দ্বাৰাই প্ৰকাশিত ‘প্ৰান্তিক’-ক পঢ়ুৱৈ সমাজৰ আগত দাঙি ধৰিবলৈ পাই আমি কৃতাৰ্থ হৈছোঁ৷ ছাত্ৰ-সমাজত সম্প্ৰীতি স্থাপন কৰি সাংস্কৃতিক ঐক্যৰে অসমৰ ভাষা-জননীক সাহিত্য সম্ভাৰেৰে বিভূষিত কৰি অসমীয়া ভাষাক চহকী কৰিবলৈ অন্যান্য প্ৰচেষ্টাৰ দৰে কিছু পৰিমাণে ইন্ধন যোগোৱাটোও প্ৰান্তিকৰ প্ৰধান উদ্দেশ্য৷ প্ৰান্তিক প্ৰতি চাৰি মাহৰ মূৰকত অসমৰ ন-পূৰণি লেখকৰ সৌহাৰ্দ্যত নিয়মীয়াকৈ উলিয়াবলৈ স্থিৰ কৰা হৈছে৷’ আলোচনীখনৰ প্ৰথম সংখ্যাৰ লেখক আৰু লেখাসমূহ আছিল এনে ধৰণৰ— সৰ্বশ্ৰী লীলা গগৈৰ ‘বনঘোষা’, যোগেশ দাসৰ ‘সোণৰ হৰিণা’, গগণ চন্দ্ৰ সোনোৱালৰ ‘কিম্বদন্তী : সোনোৱাল কছাৰী’, হৰি বৰকাকতিৰ ‘ক’লা নিশাৰ কথাবোৰ’, হোমেন বৰগোহাঞিৰ ‘চন্দ্ৰ ভস্ম’,  নৱকান্ত বৰুৱাৰ ‘নীলকণ্ঠ’, কেশৱ মহন্ত— ‘আত্মত্ৰাণ’, উজ্জল শইকীয়াৰ ‘নিলাজী বন’, দেবেন্দ্ৰপতি গোস্বামীৰ ‘এক নদী ৰাতিৰ পোহৰ’,  ভোলা দাসৰ ‘আমাৰ কিহলৈ ভয় লাগে’, নিৰোদ চৌধুৰীৰ ‘নিৰ্মেঘ’, পৰীক্ষিত হাজৰিকাৰ ‘অসমত দেৱী-পূজা আৰু ৰজাঘৰীয়া পৃষ্ঠপোষকতা’, ৰবীন চৌধুৰীৰ ‘অমৰাজুলিৰ চকুলো’, ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘বাৰান্দা’, সৰোজ দত্তৰ ‘ৰেয়োঁ’,  ৰত্ন ওজাৰ ‘তাইৰ হৰিণী চাৱনীত’, হেমন্ত কুমাৰ শৰ্মাৰ ‘আধুনিক অসমীয়া সাহিত্যত পাশ্চাত্য প্ৰভাৱ’ আৰু মহেন্দ্ৰ বৰঠাকুৰৰ ‘মৰমৰ ভুল’৷ ইয়াৰ লগতে আছিল সমকালীন সাহিত্য সংবাদ, বোলছবি, সম্পাদকীয় শিতান আৰু ‘হুতাশন’-ৰ পুথি-পৰিচয়৷ বেটুপাতৰ ছবি আঁকিছিল শিল্পী মনীন্দ্ৰ ভট্টাচাৰ্য্যই৷  ভূপেন মহন্তৰ সম্পাদকীয় শিতানত  দুটা সমকালীন গুৰুত্বপূৰ্ণ বিষয়ে ঠাই পাইছিল৷ এটা আছিল ‘চীন-ভাৰত-গোৱা’ বিষয়ক আৰু আনটো আছিল ‘আণৱিক পৰীক্ষা : বিশ্বশান্তি’ বিষয়ক৷ দুয়োটা সংখ্যাৰ বিষয়বস্তুত চকু ফুৰালেই সম্পাদক হিচাপে ভূপেন মহন্তৰ দক্ষতাৰ উমান পাব পাৰি৷

দুবছৰমানৰ আগতে আলোচনীখনৰ দ্বিতীয় সংখ্যাটোৰ লগত পৰিচয় হোৱাৰ পাছৰে পৰা  ইয়াৰ অন্যান্য সংখ্যা আৰু সম্পাদকৰ বিষয়ে জানিবলৈ চেষ্টা কৰি আহিছিলোঁ৷ শেহতীয়াকৈ সম্পাদক ভূপেন মহন্তৰ জ্যেষ্ঠা কন্যা ৰুবী মহন্ত চৌধুৰী আৰু জোঁৱাই টুমন চৌধুৰীৰ যোগে আলোচনীখনৰ প্ৰথম সংখ্যাটোৰ লগত পৰিচয় হোৱাৰ লগতে সম্পাদক ভূপেন মহন্ত (১৯৩৯-২০০৮)-ৰ বিষয়েও কিছু কথা জনাৰ সৌভাগ্য হৈছে৷ নলবাৰী জিলাৰ মৰোৱা সত্ৰত জন্ম লাভ কৰা ভূপেন মহন্তৰ পিতৃ আছিল মাণিক চন্দ্ৰ মহন্ত৷ ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়, কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত (ৰাজনীতি বিজ্ঞান) শিক্ষা লাভ কৰা ভূপেন মহন্তই ডুমডুমাৰ হুনলাল উচ্চ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই হাতেলিখা সাপ্তাহিক বাতৰি কাকত ‘দীনতা’ সম্পাদনা কৰি খ্যাতি অৰ্জন কৰিছিল৷ ‘প্ৰান্তিক’, ‘ৰণাঙ্গন’  আদিকে ধৰি কেইবাখনো আলোচনীৰ সম্পাদক আৰু ‘চীনা যুদ্ধ’, ‘বিজয়ী কোন’ আদি উপন্যাস আৰু বহু প্ৰবন্ধৰ লেখক ভূপেন মহন্তই কলিকতা (কলকাতা)-ত ‘বি.বি.চি.’ প্ৰতিষ্ঠানৰ চাকৰি কৰিছিল৷  অসমৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই মহন্তক ‘দৈনিক অসম’ কাকতৰ সহকাৰী সম্পাদকৰ পদ দিছিল আৰু এই পদত থাকোঁতেই তেখেত ‘ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অব্‌ ৱৰ্কিং জাৰ্ণেলিষ্ট (I.F.W.J.) ইণ্ডিয়া’-ৰ সম্পাদকৰূপে নিৰ্বাচিত হৈ তিনি বছৰ কাৰ্যনিৰ্বাহ কৰিছিল৷ সাংবাদিক হিচাপে ইউৰোপ, আমেৰিকা আদিৰ সোতৰখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিবলৈ সুবিধা পোৱা ভূপেন মহন্তৰ চেষ্টা আৰু উদ্যমতে গাঁৱৰ পৰা প্ৰকাশিত অসমৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকত ‘জন বাতৰি’ প্ৰকাশ পাইছিল৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰিৰ সম্পাদক হিচাপেও কাম কৰা ভূপেন মহন্তই সুদীৰ্ঘ কাল ‘দৈনিক অসম’ কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল৷



০২. এইবাৰ আলোচনীখনৰ দ্বিতীয় (বিশেষ) সংখ্যাত প্ৰকাশিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ‘আকাশী গঙ্গা’ শীৰ্ষক গীতটোৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আগ বাঢ়িছোঁ৷ 

‘আকাশী গঙ্গা’ বা ‘আকাশী গঙ্গা বিচৰা নাই’  গীতটো সুধাকণ্ঠ  ভূপেন হাজৰিকাৰ অন্যতম জনপ্ৰিয় গীত৷ এই গীতটো ডঃ দিলীপ কুমাৰ দত্তই তেখেতৰ গ্ৰন্থ ‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ (১৯৯০)-ত ‘প্ৰেম গীত’ অধ্যায়ত অন্তৰ্ভুক্ত কৰিছে আৰু প্ৰসঙ্গক্ৰমে লিখিছে— ‘‘তেওঁ (ডঃ ভূপেন হাজৰিকাই) এনে এগৰাকী নাৰীৰ সান্নিধ্য বিচাৰিছিল যাৰ মৰমৰ মাতে নিষ্ঠুৰ জীৱনৰ সংঘাতত অৱসন্ন হোৱা মনটোক আনন্দেৰে ভৰপূৰ কৰিব’’৷ এই গীতটোৰ বিষয়ত সুধাকণ্ঠৰ মনৰ কথাখিনি  ‘মই এটি যাযাবৰ’ গ্ৰন্থত এনেকৈ প্ৰকাশ পাইছে— ‘‘মোৰ মৰমৰ সকলোকে হেৰুৱাই ১৯৬৩ চনত মই যেতিয়া একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ, তেতিয়া মোৰ সেই একাকিত্ব দূৰ কৰিবৰ কাৰণে গীতৰ মাজতেই ডুবি থাকিলোঁ৷ নিষ্ঠুৰ জীৱন-সংগ্ৰামত কাৰোপৰাই একো নিবিচাৰিলোঁ— অকল নিচেই আপোন বুলি ভবাজনৰপৰাহে বিচাৰিলোঁ এষাৰি মৰমসনা মিঠা মাত৷  অন্তৰৰ এই অনুভূতিক মই গীতেৰে প্ৰকাশ কৰি লিখিলোঁ— ‘‘আকাশীগঙ্গা বিচৰা নাই...’’৷ তদুপৰি, সূৰ্য্য হাজৰিকাই সম্পাদনা কৰা ‘ডঃ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ (গীতাৱলী)’ (২০০৮) গ্ৰন্থত গীতটোৰ শিৰোনামৰ তলতে ইয়াক ‘অতি আপোনজনৰ প্ৰতি গীতিকাৰৰ সন্মান’ বুলি সুধাকণ্ঠই নিজ হাতে লিখি থৈ যোৱা বাক্যটো ছপা কৰা হৈছে৷ ‘জীৱনৰথ’ আৰু ‘গীত সমগ্ৰ’-ত অন্তৰ্ভুক্ত আৰু  চৌবিছটা শাৰী আৰু পঁচাশীটা শব্দযুক্ত এই গীতটোৰ আঠটা শব্দৰ অমিল থকা এটা ৰূপ ভূপেন মহন্ত সম্পাদিত ‘প্ৰান্তিক’-ত প্ৰকাশ হৈছিল৷ পঢ়ুৱৈ‍সকলৰ জ্ঞাতাৰ্থে গীতটোৰ ১৯৬২ চনৰ প্ৰকাশিত ৰূপটো  ইয়াত তুলি দিয়া হ’ল৷ (১৯৬৩ চনত ৰচনা কৰা বুলি পৰিচিত গীতৰ লগত মিল নথকা শব্দকেইটা হেলনীয়া আখৰেৰে তলত আঁচ টানি লিখাৰ লগতে কাষত বন্ধনীৰ ভিতৰত ১৯৬৩ চনৰ গীতটোত ব্যৱহৃত শব্দকেইটা দিয়া হৈছে)

        আকাশী গঙ্গা

            -ভূপেন হাজৰিকা

        আকাশী গঙ্গা বিচৰা নাই

        নাই বিচৰা স্বৰ্ণ অলংকাৰ৷

        নিষ্ঠুৰ জীৱনৰ সংগামত

        মাথো মৰমৰে  মাত এষাৰ ৷৷ (বিচাৰোঁ মৰমৰ)

        মহা মহা সাগৰৰে

        কতনা লহৰ লেখিলোঁ৷

        মহা মহা নগৰীৰে (নগৰীতে)

        কতনা বাট হেৰুৱালোঁ৷৷

        মৰম জ্যোতিৰ পম খেদি খেদি

        বোৱালো গুপুতে অশ্ৰুধাৰ৷

        নিষ্ঠুৰ...

        হয়তো নিতৌ হেজাৰজনৰ

        হেজাৰ মৰম পাওঁ (শৰাই)

        তথাপি কিয় বিশেষজনৰ 

        মৰম বিচাৰি যাওঁ৷৷

        মহা মহা নাট ঘৰে ঘৰে

        কণ্ঠ শোণিত নিগৰালোঁ

        মহা মহা শ্ৰোতা জনতাৰে (জনতাৰ/ জনতাৰে)

        মুখত হাঁহি বিৰিঙালো৷৷

        ক্ষণিক মৌন পৰতে মোৰ (পৰত কোনেনো) 

        পাতলাব কোনে  দুখৰে ভাৰ (মোৰ)

        নিষ্ঠুৰ ...

‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ’  আৰু  ‘ডঃ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ’ গ্ৰন্থ দুখনত গীত দুটাৰ মাজতো এটা সামান্য পাৰ্থক্য দেখা যায়৷ ঊনবিংশ শাৰীত থকা ‘জীৱনৰথ’-ৰ ‘জনতাৰ’ শব্দটো ‘গীত সমগ্ৰ’-ত ‘জনতাৰে’ ৰূপত আছে৷ ১৯৬৩ চনত ৰচিত বুলি উল্লিখিত আৰু এই দুয়োখন গ্ৰন্থত প্ৰকাশিত গীতটোৰ লগত ১৯৬২ চনত ‘প্ৰান্তিক’-ত প্ৰকাশিত গীতটো তুলনা কৰিলে দেখা যায় যে, গীতৰ চতুৰ্থ, সপ্তম, চতুৰ্দশ, একবিংশ আৰু দ্বাবিংশ শাৰীৰ ক্ৰমে ‘বিচাৰোঁ মৰমৰ’, ‘নগৰীতে’, ‘শৰাই’, ‘পৰত কোনেনো’ আৰু ‘মোৰ’-ৰ ঠাইত ১৯৬২ চনৰ গীতটোত ক্ৰমে  ‘মাথো মৰমৰে’, ‘নগৰীৰে’,  ‘মৰম’,  ‘পৰতে মোৰ’ আৰু ‘কোনে’ বুলি ছপা হৈছিল৷ 

সুধাকণ্ঠৰ ‘আকাশী গঙ্গা বিচৰা নাই’ গীতটোৰ বিষয়ে এইখিনি কথা আলোচনা কৰাৰ পাছত আমি সন্মুখীন  হোৱা প্ৰশ্নটো হৈছে— সুধাকণ্ঠই এই গীতটো প্ৰকৃততে কেতিয়া লিখিছিল? ১৯৬৩ চনত? নে  ১৯৬২ চনত বা তাৰো আগতে?  ‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ’  আৰু  ‘ডঃ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ’ এই দুয়োখন গ্ৰন্থতে গীতৰ তলতে অক্তাবৰ ১৯৬৩ বুলি ৰচনা কাল উল্লেখ আছে৷ তদুপৰি, আমি ইতিমধ্যে উল্লেখ কৰা  ‘মই এটি যাযাবৰ’ গ্ৰন্থৰ পৰা তুলি দিয়া সুধাকণ্ঠৰ নিজা কথাকেইষাৰেও সেইটোকে সমৰ্থন কৰে৷ ইয়াৰ পৰা আমি এইটো ধাৰণা কৰিব পাৰোঁ নেকি যে, সুধাকণ্ঠই এই গীতটো ১৯৬২ চনতে ৰচনা কৰিছিল কিন্তু ১৯৬৩ চনত ইয়াৰ শেষ ৰূপটো প্ৰদান কৰা সময়কহে গীতটোৰ ৰচনা কাল বুলি গণ্য কৰা হৈ আহিছে৷ সুধাকণ্ঠৰ জীৱন আৰু কৰ্মৰ লগত ভালদৰে পৰিচিত কোনো ব্যক্তিৰ ওচৰত নিশ্চয় ইয়াৰ সদুত্তৰ থাকিব৷

তথ্য উৎস:

অসম ডায়েৰী, প্ৰথম খণ্ড (২০০৭) নৃপেন বৰা সোঁৱৰণী ন্যাস, ডিব্ৰুগড়৷

ডঃ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ, গীতাৱলী (২০০৮) সম্পা. সূৰ্য্য হাজৰিকা,  বাণী মন্দিৰ, ডিব্ৰুগড়৷

‘প্ৰান্তিক’ (প্ৰথম সংখ্যা— ডিচেম্বৰ, ১৯৬১; দ্বিতীয় সংখ্যা— বিশেষ সংখ্যা জুন, ১৯৬২), সম্পা. ভূপেন মহন্ত, প্ৰাক্তন ছাত্ৰ সাংস্কৃতিক অনুষ্ঠান, ডুমডুমা৷  

ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ (১৯৯০) ডঃ দিলীপ কুমাৰ দত্ত, শ্ৰীভূমি পাবলিচিং কোম্পানী, কলিকতা৷ 

মই এটি যাযাবৰ, ডঃ ভূপেন হাজৰিকাৰ অনুলিখিত আত্মজীৱনী (২০১১) সূয্য হাজৰিকা (অনুলেখক), বাণী মন্দিৰ, ডিব্ৰুগড়৷

ৰুবী মহন্ত চৌধুৰী আৰু টুমন চৌধুৰী (২০১৮), ডুমডুমা৷ ব্যক্তিগত যোগাযোগ৷

ঠিকনা :

প্ৰাণীবিজ্ঞান বিভাগ,
ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়৷
ডিব্ৰুগড়, ৭৮৬০০১, অসম৷
e-mail: tikendrajitgogoi@gmail.com
ভ্ৰাম্যভাষ: ৯৪০১৯৪৭১৩৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ