অন্যযুগ/


সম্পাদকীয়

উচ্চশিক্ষাৰ সংস্কাৰ আৰু কিছুমান এৰাব নোৱৰা প্ৰসঙ্গ


        আধুনিক পৃথিৱীৰ শিক্ষাব্যৱস্থাৰ মানচিত্ৰত আমেৰিকান বিশ্ববিদ্যালয়সমূহৰ এক বিশেষ স্থান আছে৷ বিশেষকৈ আমেৰিকান বিশ্ববিদ্যালয়সমূহে মৌলিক গৱেষণাৰ দিশত স্বতন্ত্ৰভাৱে আগ বাঢ়িব পাৰে কাৰণেই বিভিন্ন দেশৰ প্ৰতিভাশালী শিক্ষাৰ্থী আৰু শিক্ষাৱিদ-বিজ্ঞানীৰ বাবে আমেৰিকা আগ্ৰহৰ স্থান৷ এই কথাটোৰ বাবেই আমেৰিকাই ‘শিক্ষা’ক ‘সেৱা’ হিচাপে বহিৰ্বিশ্বৰ সম্মুখত দাঙি ধৰিছে আৰু জাতীয় আয়ৰ এক বুজন অংশ বিদেশী শিক্ষাৰ্থীৰপৰা আহৰণ কৰিছে৷ কিন্তু ভাৰতৰ দৰে দেশত অনেক পাকচক্ৰই শিক্ষাব্যৱস্থা নিয়ন্ত্ৰণ কৰে বাবে মৌলিক গৱেষণা আৰু যুগোপযোগী বিষয়ৰ শিক্ষাৰ দিশত আমাৰ বিশ্ববিদ্যালয়সমূহ এতিয়াও পিছ পৰিয়ে ৰৈ আছে৷ ইপিনে বিশ্বায়নে ভাৰতৰ দৰে দেশবোৰক আমেৰিকাৰ অন্ধ অনুকৰণকাৰীলৈ ৰূপান্তৰ কৰাৰ ফলত ভাৰতবৰ্ষৰ দৰে দেশে শিক্ষাখণ্ডৰ সংস্কাৰ সাধন কৰিবলৈ যত্ন কৰি অহা হৈছে৷ যোৱা শতিকাৰ শেষৰ ফালে আৰম্ভ হোৱা মুক্ত অৰ্থনীতি বোলা ধাৰণা তথা ব্যৱস্থাটোৱে ভাৰতীয় শিক্ষাব্যৱস্থাত আমেৰিকাৰ আৰ্হি এক প্ৰকাৰ দৃঢ় কৰি তুলিলে ৷  

        ভাৰতবৰ্ষৰ শিক্ষাব্যৱস্থা পৃথিৱীৰে অন্যতম প্ৰাচীন আৰু ঐশ্বৰ্যশালী শিক্ষাব্যৱস্থা৷ ঔপনিৱেশিক কালত ব্ৰিটিছ বিষয়া লৰ্ড মেক’লেই ভাৰতত চিৰন্তন গোলাম প্ৰস্তুতিৰ উদ্দেশ্যে যি নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিছিল সেই নীতিৰ কুফল দেশখনে ভুগিবলৈ আৰু বাকী নাই৷ স্বাধীন ভাৰতত মাজে-সময়ে সংস্কাৰৰ নামত যেনিবা সেই নীতিকে আধাৰ কৰি তাতে আমেৰিকান উপকৰণ কিছুমান সানি-পুটকি নতুন ধৰণৰ খিচিৰি একোবিধ প্ৰস্তুত কৰি থকা হৈছে৷ এনে প্ৰস্তুতিবোৰ পিছে দৃষ্টান্তমূলকভাৱে ব্যৰ্থ হৈছে বাৰম্বাৰ৷ সাম্প্ৰতিক সময়ত ভাৰতত শিক্ষাক 'মানৱ সম্পদ' প্ৰস্তুতিৰ পথ হিচাপে প্ৰক্ষেপ কৰা হৈছে। পৰিতাপৰ কথা যে এই প্ৰক্ষেপণ মতে 'মানৱ সম্পদ' বুলি সকলো মানৱীয় গুণ-বিশেষত্বৰে পৰিপূৰ্ণ, পূৰ্ণবিকশিত ব্যক্তি হিচাপে মানুহক ধৰা হোৱা নাই, বৰং 'উপাৰ্জনশীল মানুহ' বুলিহে ধৰা হৈছে।

        শেহতীয়াকৈ ভাৰতবৰ্ষত নতুন শিক্ষানীতি বলৱৎ কৰিবলৈ আগ বঢ়া হৈছে৷ ইয়াৰে পূৰ্বৰঙ্গ হিচাপে কেই বছৰমানৰ পূৰ্বেই বিশ্ববিদ্যালয় অনুদান আয়োগে বাধ্যতামূলকভাৱে দেশৰ কলেজসমূহত স্নাতক পৰ্যায়ত চি বি চি এছ পদ্ধতি প্ৰয়োগ কৰিবলৈ বিশ্ববিদ্যালয়সমূহক নিৰ্দেশ দিছিল৷ মন কৰিবলগীয়া যে চি বি চি এছ হৈছে যথেষ্ট সংখ্যক শিক্ষক আৰু কম সংখ্যক শিক্ষাৰ্থীৰ মাজত সুকলমে চলাব পৰা এটা ব্যৱস্থা৷ ই আমেৰিকাৰ দৰে কম জনসংখ্যাৰ দেশত হয়তো সফল৷ কিন্তু ভাৰতৰ দৰে জনবহুল দেশত ই কিমান দূৰ সফল সেয়া প্ৰশ্নৰ স্তৰতে ৰৈ গৈছে৷ দেশৰ বিশ্ববিদ্যালয়ে এনে নতুন পদ্ধতি আৰম্ভ কৰি কোনো সুফল লাভ নকৰাটো ইতিমধ্যে প্ৰমাণ হৈছেই৷ 

        এই ব্যৱস্থাটোৱে সুফল নিদিয়াৰ একাধিক কাৰণৰ ভিতৰত অসমৰ বিভিন্ন সমস্যাসংকীৰ্ণ কলেজসমূহৰ আৰ্থিক অৱস্থাই প্ৰধান৷ বিশ্ববিদ্যালয় অনুদান আয়োগে সকলো বিষয়ৰে পাঠ্যক্ৰম প্ৰস্তুত কৰি দি বিশ্ববিদ্যালয়সমূহক নিৰ্দেশ দিছিল যে এই কেন্দ্ৰীয় পাঠ্যক্ৰমৰ মাত্ৰ কুৰি শতাংশহে সংশ্লিষ্ট বিশ্ববিদ্যালয়ে নিজৰ কলেজসমূহৰ বাবে সলনি কৰিব পাৰিব৷ এইখিনিতে আচল কেনাবোৰ লুকাই আছিল৷ সেইবোৰ এনে :

        (ক) নতুন চি বি চি এছ পাঠ্যক্ৰমত পুৰণি পাঠ্যক্ৰমৰ আমূল পৰিৱৰ্তন ঘটোৱা হ’ল৷ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমৰ বিশেষকৈ ব্যৱহাৰিক অংশটো আমাৰ কলেজসমূহৰ কাৰণে দাঙিব নোৱৰা শিল যেন হৈ উঠিল৷ উদাহৰণস্বৰূপে উদ্ভিদবিজ্ঞানৰ ব্যৱহাৰিক পাঠ্যক্ৰমত স্কেনিং ইলেকট্ৰন মাইক্ৰ’স্ক’প নামৰ যন্ত্ৰটো বাধ্যতামূলক কৰা হ’ল৷ এই যন্ত্ৰটোৰ নূ্যনতম মূল্য প্ৰায় এক কোটি ত্ৰিছ লাখ টকা৷ এতিয়া প্ৰশ্ন উঠে, এনে বুজন পৰিমাণৰ ধন কলেজসমূহে পাব ক’ত? এনে যন্ত্ৰ নোহোৱাকৈ নতুনপাঠ্যক্ৰম কিন্তু চলাই ৰখা হৈছে৷

        (খ) চি বি চি এছ পাঠ্যক্ৰম ক্ৰেডিট বা সপ্তাহ হিচাপত পাঠদান কৰা শ্ৰেণীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰশীল৷ অসমৰ দৰে এখন বন্ধবহুল ৰাজ্যৰ শিক্ষানুষ্ঠানত ক্ৰেডিট সম্পূৰ্ণ কৰিব নোৱাৰে৷ কাৰণ, ইয়াত বাৰিষাৰ দিনত ভালেসংখ্যক কলেজৰ পাঠদান ব্যাহত হয়৷ অন্যান্য উৎসৱ-পাৰ্বণ, বিভিন্ন আন্দোলনকাৰী সংগঠনে আহ্বান জনোৱা বন্ধ, চৰকাৰীভাৱে হঠাতে ঘোষণা কৰা বন্ধবোৰ আছেই৷ এনে অৱস্থাত শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত নূ্যনতম ক্ৰেডিট আহৰণ কৰাটো অসম্ভৱ বুলি জানিয়েই কোনো ক্ৰেডিটৰ হিচাপ নোহোৱাকৈয়ে এই ব্যৱস্থাত পৰীক্ষাও পতা হৈ আছে, ফলাফলো ওলায়েই আছে৷

        (গ) চি বি চি এছ ব্যৱস্থাত পাঠদান কৰা শিক্ষকেই প্ৰশ্নকাকত প্ৰস্তুত কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ণ কৰাৰ সুবিধা পাব লাগে৷ আন বিশ্ববিদ্যালয়ৰ কথা নাজানো, কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত পাঠ্যক্ৰমত এনে সুবিধা নাই৷

       (ঘ) চি বি চি এছ ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীয়ে সৰ্বাধিক পাঠ্যক্ৰম নিজৰ ইচ্চা অনুসৰি নিৰ্বাচন কৰাৰ সুবিধা পাব লাগে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰস্তাৱিত পাঠ্যক্ৰমত এনে সুবিধা ৰখা হোৱাই নাই৷ বিপৰীতে ইয়াত কলেজ একোখনেহে নিজৰ সুবিধা অনুসৰি শিক্ষাৰ্থীক বিষয় জাপি দিয়াৰ ব্যৱস্থা চলি আছে৷

      (ঙ) নিয়মীয়া পাঠদান আৰু পাঠগ্ৰহণৰ ওপৰত নিৰ্ভৰশীল এই নতুন ব্যৱস্থাটো বৰ্তাই ৰাখিবলৈ যথেষ্ট সংখ্যক শিক্ষকৰ প্ৰয়োজন৷ অসমত এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰাৰ পাছত সেইটো পদত নতুন শিক্ষক একোজন মকৰল কৰিবলৈ আজিৰ তাৰিখত বছৰেকতকৈও অধিক সময় লাগে৷ এনে অৱস্থাত কলেজসমূহে তদৰ্থভিত্তিক বা ঠিকাভিত্তিক শিক্ষক নিযুক্তি দি কাম চলায়৷ পিছে শিক্ষকতা কেৱল এটা ‘কাম চলোৱা’ ধৰণৰ ‘চাকৰি’ হ’ব নোৱাৰে৷ ঠিকাভিত্তিক শিক্ষক একোজনে নামমাত্ৰ দৰমহাৰ বিনিময়ত আগ বঢ়োৱা পাঠদানৰ মানৰ পাৰ্থক্য থাকিবই৷ লগতে, ভাল সুবিধা পালে তেনে অস্থায়ী শিক্ষকে কলেজৰ চাকৰি এৰি হঠাতে গুচি যোৱাটো এটা সাধাৰণ ঘটনা৷ 

      (চ) নতুন ব্যৱস্থাত বহু বিষয়ৰ পাঠ্যক্ৰম আমূল পৰিৱৰ্তিত কৰা হ’ল৷ উদাহৰণস্বৰূপে অৰ্থনীতি বিষয়ত গণিত হৈ পৰিল বাধ্যতামূলক৷ বহু কলেজতে পূৰ্বৰেপৰা কৰ্মৰত অৰ্থনীতিৰ শিক্ষকৰ গণিতৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাই, কাৰণ তেওঁলোক পুৰণি অৰ্থনীতিৰ পাঠ্যক্ৰম অধ্যয়ন কৰা লোক৷ এনে অৱস্থাত কলেজসমূহে গণিতৰ জোৰা কেনেকৈ মাৰিছে সি এক সাঁথৰ৷ যিবোৰ কলেজত অৰ্থনীতি আৰু গণিত দুয়োটা বিষয় আছে তাত বাৰু জোৰা মৰা হৈছে বুলি ধৰিব পাৰি৷ কিন্তু বহু কলেজত অৰ্থনীতি বিষয়টো আছে কিন্তু¸ গণিত নাই৷ তেনে কলেজবোৰে কি কৰিছে নিশ্চয় উধ্বৰ্তন কতৃৰ্পক্ষয়ো জানে৷

       (ছ) অসমৰ বিশ্ববিদ্যালয় একোখনে নিজৰ স্নাতকোত্তৰ মহলাত চি বি চি এছ ব্যৱস্থা চলোৱাত বিশেষ অসুবিধা নাই৷ কাৰণ সেইটো স্তৰত শিক্ষক-শিক্ষাৰ্থীৰ সংখ্যাকে ধৰি বাকীবোৰ সমস্যাৰ সৃষ্টি নহয়৷ কিন্তু অসমৰ কলেজসমূহত উচ্ছতৰ মাধ্যমিক শ্ৰেণীৰপৰা (বছৰেকীয়া ব্যৱস্থা) স্নাতক পৰ্যায়লৈকে (ষান্মাষিক ব্যৱস্থা) যথেষ্টখিনি সমস্যাৰ মাজেদি সমান্তৰালভাৱে চলি আছে৷ বাস্তৱিকতে পুৰণি ষান্মাষিক ব্যৱস্থাটোৱেই অসমৰ কলেজসমূহৰ স্নাতক পৰ্যায়ত এশ শতাংশ শুদ্ধৰূপত চলাব পৰা হোৱা নাছিল৷ 


                  এনে প্ৰশ্নবোৰ সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ একাধিক উধ্বৰ্তন স্তৰত আলোচনা হোৱা উচিত৷ শৈক্ষিক পৰিষদ, প্ৰশাসনিক সংসদ আদিয়ে এই সকলো দিশ বিৱেচনা কৰি কলেজসমূহৰ বাস্তৱিক পৰিস্থিতি উপলব্ধি কৰি সমস্যাবোৰ সমাধানৰ উপায় উলিওৱা উচিত৷ বিভিন্ন ছাত্ৰ-শিক্ষকৰ সংগঠনসমূহেও আগন্তুক দিনবোৰৰ সমস্যাৱলী উপলব্ধি কৰিবলৈ যত্ন কৰিব লাগে৷ 

            কিন্তু বিশ্ববিদ্যালয় পৰ্যায়ত কি ঘটি আছে? শেহতীয়াকৈ অসমৰ এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক দুৰ্নীতিৰ অভিযোগত প্ৰথমে নিলম্বনৰ শাস্তি বিহি পাছত বৰ্খাস্ত কৰা হ’ল৷ আন এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজন এতিয়াও নিলম্বিত হৈ আছে বিভিন্ন অনিয়মৰ অভিযোগত৷ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে মাজে মাজে যৌন অপৰাধৰ অভিযোগ উঠে, গৱেষণা পত্ৰ বা গৱেষণাগ্ৰন্থ চুৰি কৰাৰ অভিযোগ উঠে৷ 

                    এইবোৰে কি সূচায়? যিসকল লোকে আমাৰ শিক্ষা ব্যৱস্থাটোৰ শিখৰত বহি সমগ্ৰ ব্যৱস্থাটো পৰিচালনা কৰিব লাগে সেইসকলে তুচ্চ ব্যক্তিগত স্বাৰ্থ চৰিতাৰ্থ কৰিবলৈ বা মানসিক বিকৃতি প্ৰকাশ কৰিবলৈ অকণো কুণ্ঠিত নহয়৷

                কলেজৰ শিক্ষকসকলে কি কৰি আছে? বিশ্ববিদ্যালয় অনুদান আয়োগে শৈক্ষিক প্ৰদৰ্শনৰ সূচক [Academic Performance Index, API] ব্যৱস্থা প্ৰৱৰ্তন কৰাৰেপৰা পাঠদানতকৈ নিজৰ এ. পি. আই. চহকী কৰিবলৈহে সৰহ সংখ্যক কলেজ শিক্ষক আগ্ৰহী হৈ উঠা দেখা গৈছে৷ তদুপৰি কলেজসমূহত যিহেতু বিষয়া পৰ্যায়ৰ কোনো পদ নাথাকে, গতিকে কাৰ্যালয় সংক্ৰান্তীয় বহু কাম শিক্ষকসকলেই কৰিবলগীয়াত পৰে৷ এইটো কাৰণতো কিছু সংখ্যক শিক্ষকে নিয়মীয়াকৈ পাঠদান কৰিব নোৱৰাটো সকলোৱে জানিও নজনাৰ ভাও দিয়া সত্য৷ তাতৈও ডাঙৰ কথা, বহু কলেজ শিক্ষকে মোটা দৰমহা আদায় কৰিও নিজৰ শিক্ষানুষ্ঠান বা শিক্ষাৰ্থীসকলৰ প্ৰতি অকণো দায়ৱদ্ধতা অনুভৱ নকৰা যেন লাগে৷ 

           ইয়াৰো কিছুমান কাৰণ নথকা নহয়৷ অসমৰ কলেজ শিক্ষকসকলৰ পদোন্নতিৰ বেলিকা কেইবা খলপীয়া সাক্ষাৎকাৰৰ সম্মুখীন হ’বলগীয়া হয়৷ এনে সাক্ষাৎকাৰসমূহত শিক্ষকসকলে সকলো খৰচ বহন কৰিবলগীয়া হয়৷ কাৰণ কলেজৰ কতৃৰ্পক্ষৰ হাতত তেনে সাক্ষাৎকাৰৰ বাবে কোনো পুঁজি নাথাকে৷ তাৰ পাছতো শিক্ষকসকলে উচ্চশিক্ষা বিভাগৰ সঞ্চালকালয়ৰপৰা পদোন্নতিত চৰকাৰী অনুমোদনৰ কাৰণে বছৰৰ পাছত বছৰ অপেক্ষা কৰি থাকিবলগীয়া হোৱাৰ উদাহৰণ আছে৷


       দেখা গৈছে, আমাৰ গোটেই উচ্চশিক্ষা ব্যৱস্থাটো চলি আছে অনেক বেমেজালি আৰু পৰস্পৰবিৰোধৰ মাজত৷ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব বিশ্ববিদ্যালয়ে অথচ সেই পাঠ্যক্ৰমৰ শিক্ষাদান কৰিবলৈ শিক্ষক নিযুক্তি দিব চৰকাৰে৷ এটা বিষয়ৰ পাঠ্যক্ৰম চলাবলৈ কেইজন শিক্ষকৰ প্ৰয়োজন সেইটো চৰকাৰী উচ্ছশিক্ষা সঞ্চালকালয়ে চিন্তা নকৰে বা বিশ্ববিদ্যালয়েও চৰকাৰক নজনায়৷ আকৌ, কলেজবোৰৰ কাৰ্যালয় চলোৱাৰ খৰচ বুলি কোনো পুঁজি নাথাকে৷ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পইচাৰপৰাই ইফাল-সিফাল কৰি সেই খৰচ উলিওৱা হয়৷ চৰকাৰীভাৱে আজিকালি কলেজসমূহত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া কৰিবলৈ আৰু আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশনা দিয়ে৷ এনে অৱস্থাতো কলেজসমূহ যথেষ্ট বিপদত পৰে৷ 

            এনে অসুবিধাবোৰ আঁতৰ নকৰাকৈ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি বলৱৎ কৰিবলৈ গ’লে যে আকৌ এক খেলিমেলি আৰম্ভ হ’ব সি ধুৰূপ৷ এই ক্ষেত্ৰত ব্যৱস্থাটোৰ শিখৰত বহি থকা বিশ্ববিদ্যালয়ৰ দায়িত্বপ্ৰাপ্ত লোকসকলৰ সততা আৰু পৰিচ্চন্ন চিন্তা আটাইতকৈ বেছি প্ৰয়োজনীয়৷ কাৰণ, চৰকাৰে নিৰ্দেশনাহে দিয়ে, ব্যৱস্থাটোৰ বলৱৎ কৰাৰ দায়িত্ব বিশ্ববিদ্যালয়সমূহৰ৷ লগতে যিকোনো স্তৰৰ শিক্ষকৰ বাবে শিক্ষকতা কেৱল এটা ‘বৃত্তি’ (Profession) হ’ব নালাগে, ‘তাড়না’ (Passion) হ’ব লাগে৷ এই তাড়না কৃত্ৰিমভাৱে হ’লেও সৃষ্টি কৰিবৰ কাৰণে নিয়মীয়াকৈ শিক্ষকসকলৰ বাধ্যতামূলক প্ৰশিক্ষণ আৰু পৰীক্ষণৰ ব্যৱস্থা কৰা উচিত হ’ব৷ তেনে প্ৰশিক্ষণ নিজা নিজা শিক্ষানুষ্ঠানতে বছৰত অন্ততঃ চাৰিবাৰমানকৈ গ্ৰহণ কৰি, বছৰি অন্ততঃ এবাৰকৈ পৰীক্ষণৰ সম্মুখীন হ’লেহে শিক্ষকসকল অধিক শিক্ষাৰ্থীপ্ৰাণ হৈ উঠিব বুলি আশা কৰিব পাৰি৷ 


মানুহ যদিহে নহয় মানুহ...

        যোৱা ঊণত্ৰিছ নৱেম্বৰৰ দিনা যোৰহাট নগৰৰ মাজ মজিয়াত মানুহৰূপী কেইটামান দানৱে এজন উদীয়মান যুৱক অনিমেষ ভূঞাক শাৰীৰিকভাৱে অত্যাচাৰ কৰি হত্যা কৰিলে।কেই বছৰমানৰ পূৰ্বে দেউতাকৰ চকুৰ সম্মুখতে কেইজনমান উত্তেজিত অট’ৰিক্সা চালকে কেৱল দহ টকাৰ কাৰণে নিৰ্দয়ভাৱে হত্যা কৰিছিল ঝংকাৰ শইকীয়া নামৰ চেমনীয়া এটিক৷। তাৰ পাছত কাৰ্বি আংলং জিলাৰ ডকমকাত কিছু সংখ্যক অবিৱেচক লোকৰ জিঘাংসাৰ বলি হৈছিল নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুজন সম্ভাৱনাময় ডেকা৷ 

        এই হেন একবিংশ শতিকাৰ সভ্য মানুহৰ সমাজত এই তালিকাখন দীঘল নোহোৱাকৈ কোনে ৰাখিব পাৰে? কি কি কাৰণে মানুহৰ সমাজত এনে এখন তালিকাৰ সৃষ্টি কৰিলে? মানুহৰ প্ৰতি মানুহৰ ঘৃণা ইমান বেছিনে?

        মানুহে মনৰ মাজত বহন কৰি থকা তীব্ৰ জিঘাংসাৰ প্ৰতিফলন ঘটিছে এইবোৰ উদাহৰণত৷ মানুহ ইমান জিঘাংসু কিয় হয়? প্ৰচণ্ড হতাশাবোধৰ ফলত মানুহৰ মনত ওপজা বিভিন্ন নেতিবাচকতাৰ ফলতে এনে জিঘাংসাৰ জন্ম হয় বুলি আমি ভাবোঁ৷ এনে মানসিকতাৰ সংক্ৰমণত পৰোক্ষভাৱে সহায় কৰি আহিছে হিংসাৰ বিৰুদ্ধে হিংসা প্ৰদৰ্শিত হোৱা অবান্তৰ কাহিনীবিন্যাসৰ কিছুমান চিনেমাই ৷ চিনেমাৰ ভাৰ্চুৱেল জগতত অজস্ৰজনক হত্য কৰিও নায়কজন ধোৱা তুলসীৰ পাত হৈ থকা বুলি যে দেখুওৱা হয়, সেইদৰেই প্ৰচণ্ড হিংসাত্মক কাণ্ডত আংশ গ্ৰহণ কৰি বীৰত্ব প্ৰকাশ কৰিলে গ্লেমাৰাছ্‌ ইমে’জ একোটাৰ অধিকাৰী হ’ব পৰা যাব বুলি অৰ্ধশিক্ষিত আৰু অশিক্ষিত মনবোৰত একোটা ধাৰণা সোমাই থাকে৷ তদুপৰি মাদক দ্ৰব্যৰ অনিয়ন্ত্ৰিত সেৱনৰ সুবিধাই এচাম মানুহক নিজৰ নিয়ন্ত্ৰণত নাৰাখে। তেনে লোকো উপৰি উক্ত ধৰণৰ ঘটনাবোৰত জড়িত হোৱা দেখা যায়। সাম্প্ৰতিক সময়ত বিশেষ বিশেষ ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা বহু লোকে মূৰে-ভৰি কাঢ়ি সকলো ক্ষেত্ৰতে মৰেল পুলিচৰ ভূমিকা লোৱাৰ ঘটনাও সুলভ হৈ পৰিছে। তেনে বহু লোকে মানুহক হত্যা কৰিবলৈও কুণ্ঠিত নহয়।

        কাৰণ যিয়েই নহওক, মানুহ কিন্তু মানুহ হৈ থকা নাই। অনিমেষৰ হত্যাত জড়িত তেৰজন লোকক গ্ৰেপ্তাৰ কৰাৰ খবৰ ওলাইছে। সংখ্যাটোৰ লগত জড়িত আটাইতকৈ ডাঙৰ প্ৰশ্নটো ঃ সেই তেৰজনৰ কেউজনৰে মনত একে সময়তে অকাৰণ জিঘাংসাৰ জন্ম হৈছিল কিয়?  কিয় তেওঁলোকৰ এজনৰো মনত ভাব হোৱা নাছিল যে তেওঁলোকে কৰি থকা কামটো ঋণাত্মক? 

           ঘটনা একোটাক কেন্দ্ৰ কৰি অনেক প্ৰশ্ন সৃষ্টি হয়। সকলো প্ৰশ্ন উত্থাপন কৰাৰ সময় এইটো নহয়। সহজে উত্তেজিত হৈ সোনকালে কথা পাহৰা জাতি অসমীয়া। নহলেনো ঝংকাৰ, অভিজি আৰু নীলোৎপলৰ হত্যাকাৰীসকলৰ ভৱিতব্য নিৰ্ণয় হোৱাৰ পূৰ্বেই আকৌ এনে এটা কাণ্ড সংঘটিত হয়নে?

        'অন্যযুগ'ৰ পক্ষৰপৰা যোৰহাট কাণ্ড- ২০২১-ক তীব্ৰ ভাষাৰে গৰিহণা দিওঁ আৰু দোষীয়ে উচিত শাস্তি পোৱাটো কামনা কৰোঁ।



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ