অন্যযুগ/


ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প : এক তুলনামূলক অধ্যয়ন

অংকুৰণ আৰ্ফ

       ওচৰা-উচৰি দুটা ভাষাৰ দুই শক্তিশালী সাহিত্য পৰম্পৰাৰ দুজন কৰ্ণধাৰ ৰবীন্দ্ৰনাথ আৰু লক্ষ্মীনাথ৷ দুয়োজনেই হ’ল ভাৰতীয় সাহিত্যত সাৰ্থক চুটিগল্পৰ স্ৰষ্টা আৰু ইয়াৰ সুনিপুণ ৰূপকাৰ৷ চুটিগল্প ঘাইকৈ পাশ্চাত্য সাহিত্যৰ সৃষ্টি হ’লেও তাৰ আংগিকৰ বৈচিত্ৰ্য সম্পূৰ্ণৰূপে আয়ত্ত কৰি দুইজন গল্পকাৰে ভাৰতীয় জীৱনৰ পটভূমিত তাক প্ৰস্ফুটিত কৰি তুলি গভীৰ আৱে‍দনযুক্ত কৰি তুলিছে৷ অৱশ্যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পত সততে লক্ষ্য কৰিব পৰা বৈশিষ্ট্যটো হ’ল জীৱনৰ গভীৰলৈ সোমাই গৈ দেশ-কাল-জাতিৰ পৰিধি পাৰ হৈ এক মহৎ বাণী তাৰ মাজত তেওঁ প্ৰকাশিত কৰিছিল৷ আনহাতে বেজবৰুৱাই চৰিত্ৰবোৰৰ দোষ-ত্ৰুটিৰ পৰা ফুটি উঠা হাস্য-ব্যংগ মাজত ডুব গৈ থাকি বহু সময়ত জীৱনৰ গভীৰ অৰ্থৰ ব্যঞ্জনা পাঠকক দিব পৰা নাছিল৷ গল্পৰ কথকতাৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথে যি পৰিমিতিবোধ দেখুৱাইছে, বেজবৰুৱাই সেই বৈশিষ্ট্য ভালকৈ আয়ত্ত কৰিব পৰা নাছিল৷ (সেয়ে তেওঁৰ গল্পৰ কাহনীবস্তু বক্তব্যৰ মাজত হেৰাই গৈছিল৷) 

       দুয়োজন লেখকৰ ৰচনাত বিশেষভাৱে মন কৰিবলগীয়া আন এক বৈশিষ্ট্য হ’ল— জাতীয় জীৱনৰ প্ৰাণস্পন্দন দুয়োৰে গল্পৰ মাজত সুন্দৰভাৱে অনুভূত হয়৷ বেজবৰুৱাই সাধুকথাও লিখি উলিয়াইছিল৷ এই সাধুকথাবোৰৰ মাজত জাতীয় জীৱনৰ আশা-আকাংক্ষা, বিশ্বাস, অন্ধবিশ্বাস আদি সকলো সাঙোৰ খাই আছিল৷ সাধুকথাবোৰে তেওঁৰ গল্পৰ টেক্‌নিক, কাহিনী, চৰিত্ৰৰ ওপৰত প্ৰভাৱ পেলোৱাৰ উপৰি তেওঁৰ মন ৰোমান্তিক কৰি তুলিছিল৷ ইয়াৰ উপৰি দেউতাক চাকৰিৰ প্ৰয়োজনত ঘূৰি ফুৰোঁতে তেৱোঁ দেউতাকৰ লগত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ফুৰিছিল৷ সেই অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত তেওঁৰ প্ৰত্যক্ষ সম্পৰ্ক ঘটিছিল৷ তদুপৰি পৰিণত বয়সত তেওঁ অসমৰ বাহিৰত থাকিবলগা হৈছিল আৰু সেই সময়ত তেওঁ উৰিষ্যা, বংগদেশ আদিৰ বিভিন্ন জনগোষ্ঠীৰ সংস্পৰ্শলৈ গৈছিল৷ এইবোৰ প্ৰভাৱৰ ফলতে তেওঁৰ গল্পত আমি অন্য সমাজৰ ছবিও দেখা পাওঁ৷ 

       জনজীৱনৰ লগত এনে গভীৰ সম্পৰ্কৰ সূত্ৰ ধৰিয়েই সৃষ্টি হৈছিল ৰবীন্দ্ৰনাথৰ অমৰ গল্পসমূহ৷ তেওঁৰ গল্পতো জনজীৱনৰ সুখ-আশা-আকাংক্ষা নিজ মাটি-পানীৰে সিক্ত হৈ পাঠকৰ অন্তৰত গভীৰ আৱেদন সৃষ্টি হৈছে৷ বেজবৰুৱাৰ দৰে ৰবীন্দ্ৰনাথেও বিশালৰ লগত মিলি যোৱাৰ সুযোগ পাইছিল৷ 

       দুইজন লেখকৰ গল্পৰ মাজত সময়ে একেই সুৰধ্বনি অনুৰণিত হোৱাৰ অন্য এক কাৰণ হ’ল, দুয়ো ভাৰতীয় আধ্যাত্মিক আদৰ্শৰ পৰিপুষ্ট লেখক৷ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ লগত বেজবৰুৱাৰ সম্পৰ্ক  প্ৰতিষ্ঠা হৈছিল বৈবাহিক সূত্ৰৰে৷ ঠাকুৰ পৰিয়ালৰ ভাবাদৰ্শ, ধ্যান-ধাৰণাৰ সৈতে এই সূত্ৰে তেওঁ প্ৰত্যক্ষ সংযোগ ঘটিছিল৷ ৰবীন্দ্ৰনাথ তথা তেওঁৰ পৰিয়ালৰ লগত বেজবৰুৱাৰ এনে প্ৰত্যক্ষ সংযোগ ঘটাৰ ফলতে তেওঁলোকৰ মাজত কেতিয়াবা ভাব বিনিময় আৰু কেতিয়াবা হয়তো আদৰ্শগত সংঘাতো হৈছিল৷ এই কাৰণতো কেতিয়াবা বেজবৰুৱাৰ গল্পত ৰবীন্দ্ৰনাথৰ গল্পৰ অনুৰূপ অথবা প্ৰতিৰূপ দৃষ্টিভংগী প্ৰকাশ পোৱা দেখা যায়৷ 

       গল্পৰ কলা-কৌশলৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথে যি কুশলতা দেখুৱাইছে, সেয়া বহু সময়ত বেজবৰুৱাৰ গল্পত অনুপস্থিত৷ বেজবৰুৱাই প্ৰায়ে সাধুকথা কোৱাৰ দৰে মুখৰোচকভাৱে কাহিনী কৈ যোৱাৰ চেষ্টা কৰিছে৷ তেওঁ গল্পৰ আংগিকৰ প্ৰতি বিশেষ সচেতনতা দেখুৱাবলৈ চেষ্টা কৰা নাই৷ 

       বেজবৰুৱা আৰু ৰবীন্দ্ৰনাথ দুয়ো আলোচনীৰ চাহিদা পুৰাবলৈ গল্প ৰচনা কৰিছিল৷ সেয়ে চুটিগল্পৰ প্ৰধান গুণ সংক্ষিপ্ততাৰ প্ৰতি তেওঁলোক সচেতন আছিল৷ কিন্তু ৰবীন্দ্ৰনাথৰ দুই-এটি গল্পৰ দৈৰ্ঘ্য কেতিয়াবা সৰু উপন্যাসৰে ওচৰ পাইছিলগৈ৷ তথাপি তাত চুটিগল্পৰ প্ৰধান লক্ষণ ব্যঞ্জনাধৰ্মিতা সুন্দৰ ৰূপত প্ৰকাশিত হৈছিল৷ 

       দুয়োজন লেখকৰ কাব্যিক লালিত্যই গল্প ৰচনাৰ ক্ষেত্ৰত ইন্ধন যোগাইছে৷ বেজবৰুৱাৰ বহুতো গল্প যুক্তিবাদ, তৰ্ক, সমালোচনাৰে পূৰ্ণ হৈ কাব্যিক মহিমা হেৰুৱালেও ‘নকওঁ’, ‘জলকুঁৱৰী’ আদি গল্পত সুন্দৰ কাব্যিক পৰিৱেশ মূৰ্ত হৈ উঠিছে৷ ৰবীন্দ্ৰনাথৰ ‘লিপিকা’-ৰ গল্পবোৰতো গীতিকাব্যিক অনুৰণন স্পষ্ট৷ 

       দুয়োজন গল্পকাৰৰ গল্পৰ ধাৰা অনুসৰি তুলনামূলক অধ্যয়ন কৰিব পাৰি৷ ইয়াৰ যোগেদিয়ে দুয়োৰে গাল্পিক প্ৰতিভা তথা দুয়োৰে দৃষ্টিভংগী আৰু আদৰ্শৰ সাদৃশ্য আৰু বৈসাদৃশ্য সম্পৰ্কে ধাৰণা কৰিব পৰা যায়৷ এনে অধ্যয়নৰ সুবিধাৰ কাৰণে দুয়োৰে গল্পসমূহক এইদৰে ভাগ কৰিব পাৰি— 

    ক) ৰাজনৈতিক গল্প,

    খ) আৰ্থসামাজিক গল্প,

    গ) পাৰিবাৰিক গল্প,

    ঘ) ৰোমাণ্টিক গল্প,

    ঙ) হাস্য-ব্যংগ গল্প৷ 

 

ৰাজনৈতিক গল্প: ৰবীন্দ্ৰনাথ আৰু বেজবৰুৱাৰ গল্পৰ সেই সময়ৰ ৰাজনৈতিক অৱস্থাৰ চিত্ৰ ফুটি উঠিছে৷ ৰবীন্দ্ৰনাথৰ ‘পণৰক্ষা’ গল্পত স্বদেশী তাঁত শিল্পৰ প্ৰসাৰৰ প্ৰসংগ অনা হৈছে৷ ‘সংস্কাৰ’ গল্পত দেশব্ৰতীৰ খদ্দৰবিলাসক উপহাস কৰা হৈছে তীব্ৰ ব্যংগৰ যোগেদি৷ সেইদৰে ‘নষ্টনীড়’ গল্পত স্বদেশী আন্দোলনৰ সময়ত উদাৰনৈতিক সংবাদসেৱীৰ চৰিত্ৰ ভূপতিৰ মাজেদি ফুটাই তোলা হৈছে৷ ৰাজনৈতিক আন্দোলনৰ কথা কোৱা হৈছে৷ ইয়াৰ উপৰি ‘নামঞ্জুৰ’ গল্পতো অহিংস অসহযোগ আন্দোলনৰ চিত্ৰ অংকন কৰা হৈছে৷ 

       ৰবীন্দ্ৰনাথৰ দৰে বেজবৰুৱাৰ গল্পতো বিভিন্ন ৰাজনৈতিক প্ৰসংগ উত্থাপিত হৈছে৷ ‘পাতমুগী’ গল্পত অসহযোগ আন্দোলন আৰু সেই আন্দোলনত পাতমুগীয়ে অংশগ্ৰহণ কৰিবলৈ স্থিৰ কৰিছে পুৰুষৰ লোভ আৰু বাসনাৰ ৰূপ প্ৰত্যক্ষ কৰাৰ পিছত৷ ‘ছাইমন’ গল্পতো ‘ছাইমন উভতি যোৱা’ ৰাজনৈতিক  শ্ল’গানৰ উল্লেখ কৰা হৈছে৷ ইয়াৰ উপৰি ‘শিৱপ্ৰসাদ’ গল্পত সেই সময়ৰ ৰাজনৈতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত ডেকা শক্তিৰ মাজত বিয়পি পৰা ভণ্ডামিৰ চিত্ৰ ফুটাই তুলিছে বেজবৰুৱাই৷ সেইদৰে ‘ভোকেন্দ্ৰ বৰুৱাৰ অন্তঃলীলা’ গল্পত সমাজৰ বহু মানুহৰ ভণ্ড দেশপ্ৰেমৰ চিত্ৰ অংকিত কৰিছে৷ 

       ৰবীন্দ্ৰনাথৰ গল্প-উপন্যাসত স্বাধীনতা আন্দোলনৰ গঠন পৰ্বৰ কাহিনী আৰু সেই সময়ৰ সেই উন্মাদনা অতি বিশ্বস্ত ৰূপত অংকিত হৈছে। ৰবীন্দ্ৰনাথৰ গল্পৰ প্ৰেক্ষাপট সেয়েহে বহল৷ বেজবৰুৱাই এইদৰে বহল প্ৰেক্ষাপটত গল্প ৰচনা কৰা নাই যদিও তেওঁ জাতীয় জীৱনৰ মুক্তিৰ স্বপ্ন তেওঁৰ গল্পত সমুজ্জ্বল হৈ উঠা দেখা যায়৷ 

আৰ্থসামাজিক গল্প:  ৰবীন্দ্ৰনাথ হ’ল প্ৰথম আৰ্থসামাজিক দিশৰ প্ৰতি বিশেষভাৱে সচেতনতা প্ৰকাশ কৰা ব্যক্তি৷ সৰ্বসাধাৰণ মানুহৰ সেই শোষণত পীড়িত হোৱাৰ জীৱন্ত ৰূপ তেওঁ তেওঁৰ গল্পসমূহৰ মাজত স্পষ্ট কৰি তুলিলে। তেওঁৰ গল্পত সমকালীন অৰ্থলোভী আৰু ক্ষমতালোভী জমিদাৰসকলে প্ৰজাৰ লগতে আপোন মানুহকো কেনেকৈ শোষণ-বঞ্চনা কৰিছিল তাৰ চিত্ৰ ফুটাই তুলিছে৷ তেনে কেইটামান গল্প হ’ল ‘হালদাৰ গোষ্ঠী’, ‘স্ত্ৰীৰ পত্ৰ’, ‘জীৱিত ও মৃত’ আদি৷ ‘মেঘ ও ৰৌদ্ৰ’, ‘উলুখেৰৰ শাস্তি’ আদি গল্পতো জমিদাৰশাসিত গাঁৱলীয়া জীৱনৰ নানা সমস্যা প্ৰকট কৰি তোলা হৈছে৷ ‘সমস্যাপুৰণ’ গল্পত শোষণৰ বিৰুদ্ধে থুপ খোৱা পুঞ্জীভূত বিক্ষোভ উদ্‌গীৰিত হৈছে৷ ‘দুৰ্বুদ্ধি’-ত বিষয়া শ্ৰেণীয়ে সাধাৰণ মানুহৰ ওপৰত কৰা শোষণ আৰু অত্যাচাৰৰ চিত্ৰ দাঙি ধৰিছে৷ 

       লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পতো আৰ্থ-সামাজিক দিশৰ চিত্ৰ ফুটি উঠিছে৷ মৌজাদাৰসকলে গ্ৰাম্যাঞ্চলত ব্ৰিটিছ প্ৰভুত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিল৷ তদুপৰি জাতিভেদ, অন্ধ সংস্কাৰ আৰু ধৰ্মীয় গোড়ামি আিদৰ ধাৰণা জাপি দি তেওঁলোকে জনসাধাৰণক নানা ধাৰণে হাৰাশাস্তি কৰি সমাজ জীৱন পংকিল কৰি তুলিছিল৷ বেজবৰুৱাৰ ‘ভেমপুৰীয়া মৌজাদাৰ’ গল্পত মৌজাদাৰ চলোৱা এই উৎপীড়ণৰ চিত্ৰ পৰিস্ফুট হৈছে৷ সত্ৰাধিকাৰসকলে তেওঁলোকৰ শিষ্যৰ ওপৰত চলোৱা অত্যাচাৰ-উৎপীড়ণৰ চিত্ৰ তেওঁ দুই-এটা গল্পত ফুটাই তুলিছে৷ ‘জুৰমন ৰাইদঙীয়া’ গল্পত ধৰ্মীয় গুৰুৱে জুৰমনৰ ওপৰত অত্যাচাৰ কৰিছে তাৰ অতি‍ সাধাৰণ মুদ্ৰাদোষৰ বাবে৷ সেইদৰে ‘সামাজিক’ গল্পত শিষ্যসকলৰ ওপৰত অত্যাচাৰ কৰা কাৰণে স্বৰ্গত গুৰুৱে শাস্তি ভোগ কৰিব লগা হৈছে৷ বেজবৰুৱাৰ ‘পাটমুগী’ গল্পত কুটীৰ শিল্পৰ লগত জড়িত লোকসকলৰ জীৱনলৈ মেচিনৰ প্ৰসাৰে বিপৰ্যয় নমাই অনাৰ উল্লেখ কৰিছে৷ সেইদৰে ‘ভদৰী’ গল্পত কৃষক জীৱনৰ ছবি পোৱা যায় যদিও শোষণৰ চিত্ৰ তাৰ মাজত সমুজ্জ্বল নহয়৷ অন্যহাতে ৰবীন্দ্ৰনাথে কৃষক জীৱনৰ বেদনা তেওঁৰ গল্পত গভীৰ আৱে‍দনপুষ্ট ৰূপত অঙ্কন কৰিছে৷ তেনেকৈ শ্ৰমিকৰ জীৱনলৈ অহা নানা সংঘাতৰ চিত্ৰও তোওঁৰ গল্পত ফুটি উঠিছে৷ বেজবৰুৱা আৰু ৰবীন্দ্ৰনাথ এই দুইজন সমাজসচেতন লেখকে স্বকীয় দৃষ্টিভংগীৰে দুইখন সমাজৰ ছবি অঙ্কন কৰাত গল্পকাৰ দুয়োজনৰ গল্পই সেই সময়ৰ সমাজ ইতিহাস স্পষ্ট কৰি তোলে৷ 

পাৰিবাৰিক জীৱনৰ গল্প: ৰবীন্দ্ৰনাথ আৰু লক্ষ্মীনাথ দুয়োৰে গল্পত পাৰিবাৰিক জীৱনৰ মূল বিন্দু নাৰীৰ বিভিন্ন অৱস্থানৰ চিত্ৰ পোৱা যায়৷ দাম্পত্য জীৱনত নাৰীয়ে কেনেকৈ নানা ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’বলগা হৈছিল, তাৰ প্ৰতি দুয়ো সচেতন আছিল৷ ৰবীন্দ্ৰনাথৰ ‘জীৱিত ও মৃত’ গল্পত জমিদাৰ পৰিয়ালৰ নাৰী কাদম্বিনীৰ প্ৰতি দেখুওৱা নিষ্ঠুৰ অৱজ্ঞাৰ কাহিনী দেখা যায়৷ ‘স্ত্ৰীৰ পত্ৰ’ গল্পতো জমিদাৰ পৰিয়ালৰ উপেক্ষিতা নাৰী হৃদয়ৰ প্ৰতিবাদৰ তীব্ৰ সুৰ স্পষ্ট৷ ‘হালদাৰ গোষ্ঠী’ গল্পত আকৌ জমিদাৰ পৰিয়ালত নিজৰ ব্যক্তি স্বতন্ত্ৰ্যৰ মূল্য হেৰুৱাই পেলাইছে বানোৱাৰীয়ে৷ ‘দান-প্ৰতিদান’ গল্পতো জমিদাৰৰ ঘৰত আশ্ৰিত মানুহেই অৱশেষত জমিদাকৰ প্ৰবঞ্চনা কৰিছে৷ 

       বেজবৰুৱাই মৌজাদাৰ শ্ৰেণীৰ নাৰী সংঘটিত কাহিনী দাঙি ধৰা হৈছে ‘ভেমপুৰীয়া মৌজাদাৰ’ গল্পত৷ উচ্চ শ্ৰেণীৰ পৰিয়ালবোৰৰ লগতে নিম্ন শ্ৰেণীৰ মানুহৰ পৰিয়ালবোৰত নাৰীৰ কৰুণ অৱস্থিতিৰ চিত্ৰ দুইজন গল্পকাৰে স্পষ্ট কৰি তুলিছে৷ ৰবীন্দ্ৰনাথৰ এনে এটা গল্প হ’ল ‘শাস্তি’৷ বেজবৰুৱাৰ গল্পতো নিম্নশ্ৰেণীৰ মানুহৰ পৰিয়ালত নাৰী নিৰ্যাতনৰ চিত্ৰ পোৱা যায়৷ ‘ভদৰী’ এনে এটা গল্প৷ জাতি-ভেদ, সামাজিক নীতি-নিয়ম, মিছা গুজৱ আদিয়ে কেনেদৰে পাৰিবাৰিক জীৱনলৈ অশান্তি নমাই আনিব পাৰে তাকো ৰবীন্দ্ৰনাথ আৰু বেজবৰুৱা এই দুইজন লেখকেই লক্ষ্য কৰিছিল৷ ৰবীন্দ্ৰনাথৰ ‘ত্যাগ’ আৰু বেজবৰুৱাৰ ‘সেউতী’ এনে শ্ৰেণীৰ গল্প৷ 

       জাত-পাতৰ বিচাৰৰ ক্ষেত্ৰত নাৰীৰ ৰক্ষণশীলতাই কেনেকৈ পাৰিবাৰিক জীৱনত অশান্তিৰ দাবানল জ্বলায়, তাক বেজবৰুৱাই অতি সুন্দৰভাৱে দাঙি ধৰিছে৷ ‘ভোমকেৰেলা’ গল্পত পণপ্ৰথা, ধন-সম্পত্তিৰ লালসা আদিয়ে পাৰিবাৰিক জীৱনক কেনেদৰে বিষময় কৰি তোলে, তাৰ প্ৰতিফলন ঘটাকৈ ৰবীন্দ্ৰনাথে কেইবাটাও গল্প লিখিছিল৷ তাৰে এটা হ’ল ‘দেনা পাওনা’৷ সেইদৰে তেওঁলোকৰ সময়ত বালবিধৱা সমস্যাটো দুয়োখন সমাজৰে এক উল্লেখযোগ্য সমস্যা আছিল৷ ৰবীন্দ্ৰনাথৰ ‘বিচাৰক’, ‘প্ৰতিবেশিনী’ আদি আৰু বেজবৰুৱাৰ ‘বাপিৰাম’ গল্প এই শ্ৰেণীৰ গল্পৰ উদাহৰণ৷ ‘নষ্টনীড়’ গল্পত নাৰী মনস্তত্ত্বৰ ভিন্ন ৰূপ প্ৰকাশ কৰিছে ৰবীন্দ্ৰনাথে৷ বেজবৰুৱায়ো তেখেতৰ ‘পাতমুগী’ গল্পত স্বকীয় ব্যক্তিত্বপ্ৰসূত নাৰী মনস্তত্ত্ব প্ৰকাশ কৰিছে৷ ৰবীন্দ্ৰনাথৰ ‘স্ত্ৰীৰ পত্ৰ’-ত নাৰী ব্যক্তিত্বৰ চিত্ৰ যিদৰে প্ৰকাশ পাইছে, সেইদৰে বেজবৰুৱাৰ গল্প ‘ৰচিত’, ‘লালতি কাকতি’ আদিত নাৰীৰ ব্যক্তিত্বৰ প্ৰতিফলিত হোৱা দেখা যায়৷  

       এনেদৰেই দুয়োজন গল্পকাৰৰ গল্পত পাৰিবাৰিক জীৱনৰ গল্পবোৰ মানৱীয় আদৰ্শৰ প্ৰকাশেৰে সমুজ্জ্বল হৈ পৰিছে৷ 

ৰোমাণ্টিক গল্প: লক্ষ্মীনাথ আৰু ৰবীন্দ্ৰনাথ উভয়ে ৰোমান্তিক যুগৰ লেখক আছিল৷ প্ৰকৃতিৰ সৌন্দৰ্যত তন্ময়তা, প্ৰকৃতিৰ স’তে এক পৰিপূৰ্ণ একাত্মবোধ, প্ৰাকৃতিক জগতৰ পৰা বিচ্ছেদৰ লগে লগে সৃষ্টি হোৱা তীব্ৰ যন্ত্ৰণাবোধ আদিৰ প্ৰকাশেৰে দুয়োৰে গল্পসমূহ পৰিপূৰ্ণ৷ ৰবীন্দ্ৰনাথৰ গভীৰ প্ৰকৃতি চেতনাৰ প্ৰকাশ দেখা যায় ক্ৰমে ‘সুভা’, ‘ছুটি’, ‘অতিথি’ আদি গল্পত৷ সেইদৰে বেজবৰুৱাৰ গল্পতো এনে ৰোমান্তিক দৃষ্টিভঙ্গী দেখা যায়৷ ‘কেঁহোকলি’, ‘জলকুঁৱৰী’ আদি এনে ধৰণৰ গল্প৷ প্ৰকৃতিৰ পৰা মানৱীয় সত্তাৰ বিচ্ছেদে মৃত্যুমুখী কৰি তোলা কিশোৰৰ জীৱন-যন্ত্ৰণা বেজবৰুৱাৰ ‘মুক্তি’ গল্পত প্ৰকাশ পাইছে৷ সেই একে দিশ প্ৰকাশ পাইছে ৰবীন্দ্ৰনাথৰ ‘সমাপ্তি’ গল্পত৷ বেজবৰুৱাৰ তেনে কেইটামান আন গল্প হ’ল— ‘ৰতনমুণ্ডা’, ‘নকওঁ’ আদি৷  ৰবীন্দ্ৰনাথৰ ‘একৰাত্ৰি’ আৰু লক্ষ্মীনাথৰ ‘কন্যা’ গল্পত প্ৰকৃতি মনোমোহা ৰূপ  প্ৰকাশ পাইছে৷ 

       এই ধৰণৰ অতিপ্ৰাকৃতিক তথা ৰহস্যময়তাৰ মায়াজাল ৰচনা কৰি ৰোমান্তিক পৰিমণ্ডল ৰচনাত দুইজন গল্পকাৰে কৃতিত্ব দেখুৱাইছে৷ 

 

হাস্য আৰু ব্যংগ গল্প: নিৰ্দোষ হাস্যৰস আৰু ব্যংগ উপস্থাপনত ৰবীন্দ্ৰনাথ সিদ্ধহস্ত আছিল৷ কিন্তু ব্যংগৰ মাজতো তেওঁৰ মানৱতাবাদী সহানুভূতি প্ৰচ্ছন্ন হৈ আছিল৷ বেজবৰুৱাৰ ব্যংগ আছিল অতিশয় চোকা৷ মানুহৰ দোষ দুৰ্বলতাবোৰক তেওঁ নিৰ্মমভাৱে ব্যংগ কৰিছিল আৰু বহু সময়ত চৰিত্ৰবোৰ তেওঁৰ সহানুভূতিৰ পৰা বঞ্চিত হৈ পৰিছিল৷ নিৰ্দোষ হাস্যৰস প্ৰয়োগতো বেজবৰুৱাই কুশলতা দেখুৱাইছিল৷ 

       ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ ‘ৰাজটিকা’ গল্পত নবেন্দশেখৰৰ ভুৱা দেশপ্ৰেমক ব্যংগ কৰা হৈছে৷ দেশৰ প্ৰতি অন্তঃসাৰশূন্য প্ৰেম, খদ্দৰৰ প্ৰতি আকৰ্ষণ, কথা আৰু কামৰ মাজত সামঞ্জস্যহীনতা আদিক ব্যংগ কৰা হৈছে প্ৰায়বোৰ ৰাজনৈতিক গল্পত৷ ‘সংস্কাৰ’, ‘নামাঞ্জুৰ’ এই ধৰণৰ চুটিগল্প৷ নতুন অভিজাত শ্ৰেণীৰ ব্ৰিটিছ তোষামোদৰ ধৰণ-কৰণকো তেওঁ কেইবাটাও গল্পত ব্যংগ কৰিছে৷ ‘মেঘ ও ৰৌদ্ৰ’ এনে ধৰণৰ গল্প৷ বেজবৰুৱায়ো উচ্চ শ্ৰেণীৰ এই চাহাব শোষণৰ প্ৰৱণতাক কেইবাটাও গল্পত ব্যংগ কৰিছে৷ ‘মাউৰা’, ‘ভেমপুৰীয়া মৌজাদাৰ’ আদি গল্পত ব্ৰিটিছ প্ৰভুৰ ওচৰত তেওঁলোকৰ অতি বিনম্ৰ নিৱেদনে হাস্যৰসৰ সৃষ্টি কৰিছে৷ ৰবীন্দ্ৰনাথৰ দৰে বেজবৰুৱায়ো ভুৱা সমাজসেৱী, দেশপ্ৰেমিক আদিক তীব্ৰভাৱে ব্যংগ কৰিছে ‘ভোকেন্দ্ৰ বৰুৱা’ গল্পত৷ 

       সেইদৰে নিৰ্মল হাস্যৰস প্ৰয়োগেৰে দুইজন গল্পকাৰে গল্প লিখিছে৷ ‘মূলাখোৱা বুঢ়া’, ‘ঘৰপতা ককা’ আদি গল্প এই ধৰণৰ৷ সহজ-সৰল দম্পতিৰ পাৰিবাৰিক জীৱন চিত্ৰ ফুটাই তুলি হাস্যৰসৰ সৃষ্টি কৰিছে বেজবৰুৱাই ‘জগৰা মণ্ডলৰ প্ৰেমাভিনয়’ গল্পত৷ ৰবীন্দ্ৰনাথেও হাস্য-মধুৰতাৰ যোগেদি পাৰিবাৰিক জীৱন চিত্ৰ তেওঁৰ ‘তাৰা প্ৰসন্নেৰ কীৰ্ত্তি‍’ গল্পত ফুটাই তুলিছে৷ 

       এইদৰেই দুয়োজন গল্পকাৰেই নিৰ্মল ব্যংগৰে গল্প ৰচনা কৰি গল্প প্ৰতিভাৰ প্ৰমাণ দি গৈছে৷

 

সহায়ক গ্ৰন্থপঞ্জী :

বাংলা:

১) গুপ্ত, অজয়।মহাশ্বেতা দেৱী শ্ৰেষ্ঠ গল্প,  সুধাংশুশেখৰ দে। কলকতা পুস্তকমেলা,  ২০০৪৷

২) মুখোপাধ্যায়, তরুণ (সম্পা)। বাংলা ছোটগল্পপৰ্ব-পৰ্বান্ত, অজিত কুমার জানা, অপৰ্ণা বুক ডিষ্টি˜বিউটাৰ্স, জানুয়ারি, ২০০৫৷

৩) সিকদাৰ, অশ্ৰুকুমাৰ (সম্পা)৷ বাংলা গল্প সংকলন (তৃতীয় খণ্ড), সাহিত্য আকাদেমি, ২০০০৷ 

৪) সেন, সুকুমাৰ। বাংলা সাহিতের ইতিহাস (পঞ্চম খণ্ড), প্ৰথম প্ৰকাশ ১৩৬৫ (১৯৫৮), প্ৰথম আনন্দ সংস্করণ — জানুয়ারি-১৯৯৯৷ 

৫) সেন, সুকুমাৰ। বাংলার সাহিত্য ইতিহাস, সাহিত্য অকাদেমি, ২০০৩৷ 

অসমীয়া: 

১) গোস্বামী, ত্ৰৈলোক্যনাথ। আধুনিক গল্প সাহিত্য, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, গুৱাহাটী, ১৯৬৫৷ 

২) দেৱী, শেৱালী। গল্প-ঐতিহ্য, অন্যপথ গোষ্ঠী, গোলাঘাট, ২০০৩৷ 

৩) বৰুৱা, প্ৰহ্লাদ কুমাৰ। অসমীয়া চুটিগল্পৰ অধ্যয়ন, বনলতা, ২০১২৷ 

৪) ভট্টাচাৰ্য, পৰাগ কুমাৰ। ৰবীন্দ্ৰনাথ আৰু অসমীয়া চুটিগল্প, বনলতা, ডিব্ৰুগড়, ১৯৯৪৷ 

৫) শইকীয়া, চন্দ্ৰপ্ৰসাদ (সম্পা)। অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস, অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উদ্‌যাপন সমিতি, ১৯৯৮৷ 

৬) শৰ্মা, সতেন্দ্ৰনাথ। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, গুৱাহাটী,  ২০১৩৷ 

 

 

ঠিকনা:

শিৱসাগৰ, ভ্ৰাম্যভাষ: ৮৬৩৮০৭৪২৭৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ