অন্যযুগ/


দুটা কবিতা

 অনুভৱ তুলসী


 দিনলিপি


মোৰ সমুখত কালিৰ দিনটোৰ মৃতদেহ

বাহী শ ৰখীয়া হৈ বহি আছোঁ

সমুখৰ কলমডাল মৃতদেহৰ অন্য এক সংস্কৰণ যেন

আৰু এই কাগজখিলা মৃত আকাশৰ এটি পাত যেন

আজি হয়তো আকৌ উদয় হৈছে সূৰ্য

আজি কি কালিৰ স্মৃতি? নে নতুন সেউজৰ বতাহ?

মই একো ধৰিব পৰা নাই৷ নিজৰ শটো টানি টানি আনি

সদায় বহা ঠাইতে বহিছোঁ৷ সাৰ পোৱা নাই৷ মই অচল

সময় গতিশীল নে একে ঠাইতে স্থবিৰ

ৰপৰা পাম গতিৰ নিশ্চয়তা? কাৰ প্ৰাণ আছে জনাৰ উপায় কি?

সমুখৰ চাহকাপৰ হাতবাউলিক মই বিশ্বাস কৰিব পৰা নাই

কোন কত আছা হয়নে, আহাচোন, শ নিয়া গাড়ীক খবৰ দিয়া

সতী জয়মতী নগৰ, পাতসিয়া-২৫, ৬ নং উপপথ, এই ঠিকনা দিবা

এই ঠিকনাতে একাধিক মৃতদেহ গোট খাইছে, চব নিব লাগিব

গা ধুবলৈ গ’লোঁ, চেম্পু কৰিলোঁ, গোটেই গাত চাবোন সানিলোঁ

শ্বাৱাৰ খুলি নিজকে ভালকৈ পখালিলোঁ, যদিও একোতেই

মোৰ গাৰপৰা মৃতদেহৰ গোন্ধটো গুচাব নোৱাৰিলোঁ

 


আবৃত্তি

 

সৌ সিদিনা গেৰুকামুখত কি দেখিছিলোঁ

কংক্ৰীটৰ গ্ৰাসত সোৱণশিৰি নামে এক নদীৰ মৃত্যু

নে নিজ চকুৰে দেখিছিলোঁ নিজ মৃত্যুৰ প্ৰতিৰূপ

এটা মুহূৰ্তত ঠন ধৰি উঠিছেনে এই মৃত্যু

নে তিলে তিলে লগ লাগি গোট মাৰিছে

আৰু এতিয়া হৈছে চুই চাব পৰা

নিজহাতে নিজ মৃত্যু চুই চোৱাটো অৱধাৰিত নেকি

এই উপলব্ধি আনন্দৰ নে বেদনাৰ,

নে আনন্দ আৰু বেদনা দুটা বস্তু নহয়েই

গছজোপা উভালি এক যন্ত্ৰই ক’ৰবালৈ লৈ যোৱা

নিজ চকুৰে গছজোপাই নিজ মৃত্যুৰ ভাস্কৰ্য চোৱা

দুয়োৰো মাজত মিল কিমান কিমান অমিল

এই পৰুৱাক উভালিবলৈ সূক্ষ্মাতিসূক্ষ্ম কি যন্ত্ৰ কামত লগাইছে মৃত্যুৱে

মোৰ খিৰিকী কাষলৈ নিতৌ অহা

কণমানি চৰাইটোৱেও হয়তো দেখা পাইছে

প্ৰতিনিয়ত মোৰ আৰু মৃত্যুৰ কৰমৰ্দন

হয়তো শুনিছেও দুয়োৰে মাজত হোৱা কথাবতৰা

এই নিবিড়তাও এক যন্ত্ৰ নেকি

মৃত্যুৱে হয়তো জুখি চাইছে মই কিমান পানীৰ মাছ

মাছ নে ব্ৰঞ্জৰ পুতলা পানীত খলবলাই থকা

পৰিস্থিতি পৰিৱেশৰ বৰশীৰে মৃত্যুৱে মোক ধৰিছে

নে পৰিৱেশ পৰিস্থিতিও মোৰ লগতে

মৃত্যুৱে পতা জালত পৰিছে

ইমানৰ পিছতো মই বুজা নাই

নিজ হাতেৰে মই মৃত্যুক ধৰিম

নে মৃত্যুৰ হাততহে মই ধৰা পৰিম

যি সময়ত মোক সকলোৱে এৰিছে

সেই সময়ত মৃত্যুৱে মোক কিয় ধৰিছে

যিমান দূৰ মনত পৰে মৃত্যুক মই ভাল পাওঁ বুলি কোৱা নাই

মোৰ আৰু মৃত্যুৰ মাজত বিনিময় হোৱা নাই কোনো প্ৰেম বাৰ্তা

তাৰ পাছতো পৰস্পৰ পৰস্পৰৰ এই ওচৰা ওচৰি

এজাৰ ফুলৰ বতৰত আমাৰ মিলন অৱধাৰিত নেকি

নে তলসৰা বকুলৰ লগত দুয়ো উমলি থাকোঁতে

অনিবাৰ্যভাৱে ইটোৱে সিটোক গবা মাৰি ধৰিম

জীৱনক বিদায় বুলি ক’বলৈ মোক মৃত্যুৱে সুযোগেই নিদিব

কিনো বেয়া হ’ব কোৱাঁচোন সোৱণশিৰি

প্ৰকৃতিৰ লালিতা পালিতা হৈও তুমি বাচিব পৰা নাই

মইনো কোন কুটা, ভাগ্যে কুটাই কান্দিব নোৱাৰে

নিজ মৃত্যুত নিজে চকুলো পেলোৱাটো

প্ৰকৃতিৰ সন্তানৰ নিয়তি নেকি

খিৰিকীমুখৰ অ’ সৰু চৰাই শুনিছা নে

এইফাঁকি ‘লেট আছ গ’, ইউ এণ্ড আই’

মই লিখা নাই মৃত্যুৱে লিখিছে

(মই অসমীয়াতহে লিখোঁ তুমিতো জানাই,

যিয়েই নিলিখক যি ভাষাতে নিলিখক)

শুনা শুনা সমাপ্তি পৰৰ মধুৰ আবৃত্তিহে এয়া

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ