অন্যযুগ/


নোবোলো তোক সোণৰ অসম…

 পুলিন কলিতা

 

বহুপ্ৰচলিত আৰু খুবেই জনপ্ৰিয় অভিধা ‘সোণৰ অসম’ ধাৰণাৰ প্ৰতিপক্ষে বীণ ব’ৰাগী কবি পাৰ্বতিপ্ৰসাদে তাহানিতে লিখিছিল এটি গীত — ‘নোবোলো তোক সোণৰ অসম /মাটিৰ অসম আই/ সোণতকৈও চ’ৰা যে এই মাটি/ মোৰ ওপজা ঠাই৷’ গীতিকবি পাৰ্বতিপ্ৰসাদে তেওঁৰ ওপজা ভূমিক কিয় সোণৰ অসম বুলিবলৈ টান পাইছিল জনা নাযায়৷ তেওঁৰ ধাৰণাক সুৰেৰে সজাই শ্ৰোতাক শ্ৰৱণসুখ দিছিল গীতিকবিয়ে গীতটো লিখাৰ কেইটামান দশকৰ পাছত আন এগৰাকী বীণব’ৰাগী ভূপেন হাজৰিকাই৷ বিশ্বাস কৰা ধৰণে অসম সোণৰ আছিল নে দুই বীণব’ৰাগীয়ে আমাক ক’ব বিচৰাৰ দৰে এইখন মাটিৰ আছিল, সেই কথা বুজিবৰ বাবে আমি এখন গ্ৰন্থৰ ভিতৰ সোমাব লাগিব৷ গ্ৰন্থখনৰ নাম— প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস, লেখক ডঃ ৰক্তিম ৰঞ্জন শইকীয়া৷

 

 

৷৷ অৰ্থনৈতিক ইতিহাস৷৷




 

ইতিহাস আৰু/বা বুৰঞ্জী সম্পৰ্কে আমাৰ সকলোৰে সাধাৰণ ধাৰণা একোটা আছে৷ এইমতে কোনোবাই ইয়াক অতীতত ঘটি যোৱা সকলো ঘটনাৰ হুবহু বৰ্ণনা বুলি আৰু আন কোনোবাই ইয়াক ঘটনাবোৰৰ বিশ্লেষণ বুলি মানি লয়৷ বহুতৰ মতে ইতিহাস হ’ল ৰজা-মহাৰজাৰ কাম-কাজৰ বিশুদ্ধ আৰু ধাৰাবাহিক বিৱৰণি৷ এই ধাৰণাৰ সম্পূৰ্ণ বিপৰীত ধাৰণা এটাৰো প্ৰচলন বৌদ্ধিক সমাজত আছে৷ 

ইতিহাসৰ বিভিন্ন সংজ্ঞা থকাৰ দৰে অৰ্থনৈতিক ইতিহাসৰো আছে বহুত সংজ্ঞা৷ সাধাৰণভাবে অতীত কালৰ অৰ্থনীতিৰ বিচাৰ-বিশ্লেষণেই হ’ল অৰ্থনৈতিক ইতিহাস৷ পিছে অৰ্থনীতি বুলি সাধাৰণতে যি বুজা যায় সেয়া অৰ্থনৈতিক ইতিহাসত নাথাকে : ই  কেতিয়াও অৰ্থনীতিৰ ঐতিহাসিক বিৱৰণ নহয়৷ ক্ৰিচ গডেনৰ মন্তব্য এই ক্ষেত্ৰত আমি মনত পেলাব পাৰো— Economic history is neither a branch of mainstream economics nor a branch of intellectual history relating to the history of economic thought.৷ প্ৰকৃততে অৰ্থনৈতিক ইতিহাস হ’ল মানুহৰ অৰ্থনৈতিক হেঁপাহৰ বিৱৰণ—  economic history is the historical study of the economic aspects of human existence ( Chris Godden), যি সামৰি লয় যাপিত জীৱনৰ মান, বিজ্ঞান, প্ৰযুক্তি,শিক্ষা ব্যৱস্থা, সামাজিক ৰূপান্তৰণ আদি সম্ভাব্য সকলো মানৱিক দিশকে৷ অৰ্থনৈতিক ইতিহাস মানে অৰ্থনীতিৰ ইতিহাস নহয়, ইতিহাসৰ বা ইতিহাসক প্ৰভাৱিত কৰা অৰ্থনৈতিক কাম-কাজৰহে ইতিহাস৷ ইয়াৰ অধ্যয়নৰ আৰম্ভণি ঊনৈশ শতিকাত, সেই সময়ৰ কেইবাগৰাকী প্ৰখ্যাত সমাজবিজ্ঞানীৰ জৰিয়তে৷ সমাজৰ ক্ৰমবিকাশ অধ্যয়ন কৰিবলৈ যাওঁতে যি এটা নতুন ধাৰাৰ উদ্ভৱ হৈছিল এই সমাজবিজ্ঞানীসকলৰ জৰিয়তে, সেয়েই অৰ্থনৈতিক ইতিহাস৷ 

ঊনৈশ শতিকাত উদ্ভৱ হোৱা ইতিহাস অধ্যয়নৰ এই ধাৰাটোৱে ইতিমধ্যে কেইবাটাও পৰ্যায় পাৰ কৰিছে৷ এই ধাৰাটোৰ উদ্ভৱ যিহেতু সমজবিজ্ঞানীৰ হাতত, সেয়ে ইয়াত সমাজবৈজ্ঞানিক চিন্তাৰ প্ৰভাৱ বেছি; কিন্তু ই যিহেতু ইতিহাস, সেয়ে ইয়াত ইতিহাসবিদৰো প্ৰভাৱ আছে৷ গেভিন ৰাইটে ( Gavin Wright) সঠিক ভাবেই কৈছে যে অৰ্থনৈতিক ইতিহাস হ’ল অতীতকালৰ বিবিধ অভিলেখ আৰু অৰ্থনৈতিক সংঘটন অধ্যয়নৰ এবিধ সংকৰ বাগধাৰা৷ চমুকৈ ক’বলৈ হ’লে অৰ্থনৈতিক ইতিহাস মানৱ সভ্যতাত অৰ্থনৈতিক চিন্তাৰ বিকাশৰ ইতিহাস নহয়, ই হ’ল এবিধ আন্তঃবৈষয়িক অধ্যয়ন— যি একে সময়তে সামৰি লয় ‘অৰ্থনীতি, প্ৰযুক্তি, ভূগোল, ভূতত্ত্ব, ৰসায়ন, জলবায়ু, জনসংখ্যা, ব্যৱসায়, নগৰীকৰণ, ৰাজনীতি, ব্যৱস্থাপনা আদি’ বিবিধ বিষয়৷ এচাম অৰ্থনীতিবিদে ইতিহাস অধ্যয়ন কৰিবলৈ লৈ ইয়াক অৰ্থনীতিৰ শাখাৰূপে ব্যাখ্যা কৰিবলৈ যত্ন কৰিলেও ই এতিয়াও ইতিহাসৰে শাখা হৈ আছে আৰু ইয়াৰ নিজস্ব চৰিত্ৰৰ বাবেই এনেকৈয়ে থাকিবলৈ বাধ্য৷

 

৷৷ অসমৰ অৰ্থনৈতিক ইতিহাস ৷৷

বিশ্ব বা ভাৰতৰ প্ৰেক্ষাপটত চালে অসমৰ অৰ্থনৈতিক ইতিহাসৰ আলোচনাৰ অৱস্থাটো ভাল বুলিয়েই ক’ব লাগিব৷ ভাৰতৰ প্ৰথমখন অৰ্থনৈতিক ইতিহাস গ্ৰন্থ বুলি কোৱা হয় ১৯৪৯ চনত প্ৰকাশ পোৱা ‘ইণ্ডিয়া : ফ্ৰম প্ৰিমিটিভ টু শ্লেভাৰি’ক ( India: From Primitive to Slavery)৷ ইয়াৰ ৰচক শ্ৰীপদ অমৃত দাঙ্গে বা চমুকৈ এছ এ দাঙ্গে ( S A Dange)৷ আমাৰ বাবে গৌৰৱৰ কথা যে একেটা বছৰতে প্ৰকাশ হৈছিল প্ৰথমখন অৰ্থনৈতিক ইতিহাস গ্ৰন্থ ‘এংলো এছামিজ ৰিলেচনছ’ ( Anglo-Assamese Relations), লেখক ডঃ সূৰ্য্য কুমাৰ ভূঞা৷ বহুতো সমালোচকে এই দুখনক অৰ্থনৈতিক ইতিহাস গ্ৰন্থ বুলি ক’ব নিবিচাৰে৷ এইটো ঠিক যে দুয়োখন গ্ৰন্থৰে কিছু সীমাবদ্ধতা আৰু নাটনি আছে৷ পিছে, প্ৰথম প্ৰচেষ্টাত এনে হোৱাটো অস্বাভাৱিক নহয়৷ অৰ্থনৈতিক ইতিহাস চৰ্চাই ইউৰোপত তেতিয়ালৈ এশ বছৰ গৰকিলেও ভাৰত বা অসমত এই ধাৰাটোৰ চৰ্চা একেবাৰেই নাছিল৷ ভাৰত/অসমত ইতিহাস চৰ্চাই তেতিয়াও চালুকীয়া অৱস্থাত আছিল৷ দাঙ্গে আছিল এগৰাকী কমিউনিষ্ট নেতা আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ( Communist Party of India, CPI) এগৰাকী প্ৰতিষ্ঠাতা৷ আলোচ্য গ্ৰন্থখন তেওঁ দলীয় সংগঠন গঢ়িবলৈ ভাৰতীয় সমাজখন বুজাৰ প্ৰচেষ্টাত ৰচিত৷ আনহাতে ভূঞাৰ গ্ৰন্থখন আহোম ৰাজ্যৰ বৈদেশিক সম্পৰ্ক বুজাৰ চেষ্টাত ৰচিত৷ অৰ্থাৎ দুয়োগৰাকী লেখকৰে উদ্দেশ্য অৰ্থনৈতিক ইতিহাস ৰচনা কৰা নাছিল৷ ভাৰতৰ পটভূমিত ৰচিত প্ৰথমখন পূৰ্ণাংগ অৰ্থনৈতিক ইতিহাস গ্ৰন্থ হ’ল  ইতিহাসবিদ দামোদৰ ধৰ্মানন্দ কৌশাম্বীৰ ‘ইণ্ট্ৰ’ডাকচন টু দি ষ্টাডী অব ইণ্ডিয়ান হিষ্টৰী’( Introduction to the Study of Indian History, 1958)৷ ডঃ সূৰ্য্য কুমাৰ ভূঞাৰ পাছত অসমৰ পটভূমিত, অসমীয়া আৰু ইংৰাজী ভাষাত কেইবাখনো অৰ্থনৈতিক ইতিহাস গ্ৰন্থ ৰচিত হৈছে৷ পিছে এইবোৰৰ বেছি সংখ্যকেই মধ্যযুগ আৰু আহোম ৰাজ্য কেন্দ্ৰিক৷ এই সময়ছোৱাৰ আৰু এই ৰাজ্যখনৰ তথ্যৰ সুলভতাকে গৱেষকসকলৰ অধ্যয়নক  মধ্যযুগ আৰু আহোম ৰাজ্যতে সীমাবদ্ধ ৰখাৰ কাৰণ বুলি অনুমান কৰা হয়৷ অৱশ্যে যতীন্দ্ৰ কুমাৰ বৰগোহাঞিয়ে ‘অসমৰ সামাজিক ৰূপান্তৰ আৰু মধ্যশ্ৰেণীৰ বিকাশ’ (২০০৫, অসম সাহিত্য সভা) গ্ৰন্থখনত প্ৰাচীন, মধ্য আৰু ঔপনিৱেশিক কালৰ বৰ্তমানৰ ৰাজনৈতিক সীমাই আৱৰা অসমখনৰ এটা সামগ্ৰিক আৰু ধাৰাবাহিক অৰ্থনৈতিক ৰূপৰেখা দাঙি ধৰিবলৈ যত্ন কৰিছে৷

 

৷৷ প্রাক-ঔপনিবেশিক অসমৰ অর্থনৈতিক ইতিহাস ৷৷ 

অৰ্থনৈতিক ইতিহাসত ৰজা-মহাৰজাৰ জয়-পৰাজয় বা যুদ্ধ-বিগ্ৰহৰ কথা লিখাৰ সুযোগ নাথাকে, থাকে সমাজ বা আলোচ্য সময়ৰ দেশ/ৰাজ্যৰ মানুহৰ, অধিবাসীৰ বাবে ৰজা-মহাৰজাই গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিৱৰণ আৰু প্ৰভাৱৰ আলোচনা৷ ৰজা-মহাৰজাৰ জয়-পৰাজয় বা যুদ্ধ-বিগ্ৰহৰ কথা লিখাটো সহজ, কাৰণ ইয়াৰ বাবে লিখিত সমল প্ৰত্যক্ষভাবে থাকে৷ কিন্তু অৰ্থনৈতিক কথা-বতৰা লিখিবলৈ প্ৰত্যক্ষ সমল নাথাকেই, বা কমকৈ থাকে৷ ইয়াৰ বাবে পৰোক্ষ উৎসৰপৰা সমল সংগ্ৰহ কৰিব লগীয়া হয়৷ খণ্ডিত হ’লেও অসমৰ অৰ্থনৈতিক ইতিহাস গ্ৰন্থ কেইবাখনো এতিয়ালৈকে প্ৰকাশ হৈছে৷ অৱশ্যে বিভিন্ন কাৰণত অসমৰ প্ৰাচীন আৰু মধ্যযুগ সামৰি এখন গৱেষণামূলক গ্ৰন্থৰ বাবে অসমে ২০২২চনলৈ বাট চাব লগীয়া হ’ল৷ সেই বছৰটোত প্ৰকাশ পালে ডঃ ৰক্তিম ৰঞ্জন শইকীয়াৰ ‘প্ৰাক ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস’ নামৰ গ্ৰন্থখন৷ এই গ্ৰন্থখনে আলোচনাৰ বাবে সামৰি লৈছে অসমৰ প্ৰায় দুহেজাৰ বছৰৰ অৰ্থনৈতিক কাম-কাজক৷

অসমৰ পৰিসৰ  : এইখিনিতে এটা বিষয় স্পষ্ট কৰিবলগীয়া হয়— অসমৰ পৰিসৰৰ বিষয়টো৷ বৰ্তমানৰ ৰাজনৈতিক মানচিত্ৰই সামৰি লোৱা অসমখনৰ বয়স আধা শতিকাৰ অলপহে বেছিঃ ১৯৭১ চনৰ ৩০ ডিচেম্বৰত এইখন অসমৰ জন্ম— এই তাৰিখতে সংসদত গৃহীত  The North-Eastern Areas (Reorgansation) Act, 1971 আইনখনৰ জৰিয়তে৷ এই আইনখনৰ জৰিয়তে পূৰ্বোত্তৰ ভাৰতৰ ৰাজ্য কেইখনৰ আকাৰ-আকৃতি নিৰ্ধাৰণ হৈছিল৷ কিন্তু কোনো ঐতিহাসিক ঘটনা বা বিষয়ৰ আলোচনা কৰিবলৈ লওঁতে এইখন অসমতে সীমাবদ্ধ থাকিব পৰা নাযায়৷ সেইবাবেই এনে আলোচনাৰ আগেয়ে অসমৰ পৰিসৰ নিৰ্ধাৰণ কৰি ল’ব লগীয়া হয়, অন্যথা আলোচনা অন্যপথে যোৱাৰ আৰু সিদ্ধান্ত ভুল হোৱাৰ আশংকা থাকি যায়৷ ডঃ শইকীয়া এই ক্ষেত্ৰত সচেতন, সেয়ে আলোচনা আৰম্ভ কৰাৰ আগতেই তেওঁ এই কাম কৰি লৈছে৷ এই সম্পৰ্কে ডঃ শইকীয়াই কৈছে— “আমি আলোচনাৰ বাবে 'অসম' অভিধাটোৰ এক নিজস্ব সংজ্ঞা আৰু পৰিসৰ তৈয়াৰ কৰি লৈছোঁ। সেয়া হ'ল স্বাধীনোত্তৰ কালত ১৯৭২ খ্রীষ্টাব্দত হোৱা শেষলানি বিভাজনৰ পাছত যিটো অঞ্চলক অসম বুলি অভিহিত কৰা হয়, সেই অঞ্চলটোত প্রাক্-ঔপনিৱেশিক কালত বিকাশ হোৱা স্তৰীভূত ৰাজ্যসমূহৰ অৰ্থনৈতিক ইতিহাসহে আমাৰ আলোচনাৰ পৰিসীমা। কোনো কোনো ক্ষেত্রত যদি এই অঞ্চলটোক কেন্দ্র কৰি প্ৰাক্‌-ঔপনিৱেশিক কালত বিকাশ হোৱা ৰাজ্যসমূহৰ বৰ্ধিত সীমা যদি বিশেষ অঞ্চলটোৰ বাহিৰলৈও গুচি গৈছে তেন্তে তাকো আলোচনাত সামৰি লোৱা হৈছে। সেই সিদ্ধান্ত মর্মেই সূত্র মতে কোচবিহাৰ অঞ্চল আমাৰ অধ্যয়নৰ পৰিসীমাত সোমাইছে।” (পৃঃ ২৫) আলোচ্য গ্ৰন্থখনত দুটা খণ্ড আছে। প্রথম খণ্ডত প্রাক-ঔপনিৱেশিক কালত উপৰ্যুক্ত পৰিসৰৰ অসমে সামৰি লোৱা অঞ্চলটোত বিকাশ লাভ কৰা ভৌত-সংস্কৃতিৰ ( matterial culture) আলোচনা আৰু দ্বিতীয় খণ্ডত আছে আলোচ্য সময়ছোৱাত এই অঞ্চলটোত প্ৰতিষ্ঠা হোৱা ঐতিহাসিক ৰাজ্য কেইখনৰ বিকাশৰ ইতিহাস আৰু ইবোৰৰ অৰ্থনৈতিক প্ৰেক্ষাপট৷ আমি প্ৰথমে দ্বিতীয়টো খণ্ডত আলোকপাত কৰিম৷

ঐতিহাসিক অসমৰ ৰাজ্যবোৰ  : অসমৰ পৰিসৰত ঐতিহাসিক সময়ত কেইবাখনো ৰাজ্য/ৰাষ্ট্ৰ প্ৰতিষ্ঠা হৈ বিকাশৰ চৰম স্থানত উপনীত হৈছিল৷ এই ৰাজ্য/ৰাষ্ট্ৰ কেইখন কালানুক্ৰমে— ‘প্ৰাগজ্যোতিষ-কামৰূপ, ভূঞা, কমতা, চুতীয়া, কছাৰী, আহোম, কোচ আৰু মটক ৰাজ্য’ (পৃঃ ২৭)৷

বৰ্তমানৰ অসম বোলা ভূখণ্ডত ঐতিহাসিক সময়ত গঢ় লৈ উঠা প্ৰথম ৰাজ্য/ৰাষ্ট্ৰখনৰ নাম আছিল প্ৰাগজ্যোতিষ৷ অৱশ্যে পৌৰাণিক যুগৰেপৰা এই ৰাজ্য/ৰাষ্ট্ৰখনৰ উপস্থিতিৰ ধাৰাবাহিকতা পোৱা যায়৷ এই ৰাজ্য/ৰাষ্ট্ৰখনৰ উৎপত্তি বা আদিকালটোৰ বিষয়ে আজিও স্পষ্টকৈ একো জনা নাযায়৷ এই বিষয়ে সুনিৰ্দিষ্টকৈ ক’বলৈ প্ৰত্নসমলো পৰ্যাপ্ত নহয়৷ এইকালৰ ৰজাসকলে প্ৰদান কৰা ভূমিদানৰ বিভিন্ন অভিলেখৰ হাত ধৰি যিমানখিনি তথ্য উলিয়াব পৰা যায়, সি এখন সুস্পষ্ট ছবি আঁকিবলৈ যথেষ্ট নহয়৷ সমলৰ নাটনিৰ এই বাস্তৱতাৰ ভিত্তিত যদি আমি পৰ্যলোচনা কৰো, তেতিয়া আমি দেখিম যে ডঃ শইকীয়াই আমাক ভালেখিনি তথ্য দিছে৷ ‘প্ৰাচীন প্ৰাগজ্যোতিষ-কামৰূপৰ অৰ্থনীতি’ শিৰোনামৰ এইটো এটা বেছ দীঘল অধ্যায়৷ মন কৰিবলগীয়া কথাটো হ’ল প্ৰাগজ্যোতিষ-কামৰূপৰ অৰ্থনীতিৰ কথা ক’বলৈ গৈ লেখক গুৱাহাটীৰ ওচৰে-পাঁজৰেই ৰৈ থকা নাই, এই ৰাজ্যখনে সামৰি লোৱা সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে মানস- ভ্ৰমণ কৰিছে৷ প্ৰাগজ্যোতিষ-কামৰূপে সামৰি লোৱা সময় পৌৰাণিক কালছোৱা বাদ দিয়েই প্ৰায় এটা সহস্ৰাব্দজোৰা আৰু এই সময়ত অঞ্চলটো শাসন কৰিছিল তিনিটাকৈ ৰাজবংশই৷ অৱশ্যে শাসক-বংশ সলনি হ’লেও এই এহেজাৰ বছৰত প্ৰাগজ্যোতিষ-কামৰূপৰ প্ৰশাসন সলনি হোৱা নাছিল, একেদৰেই সলনি হোৱা নাছিল অৰ্থনৈতিক নীতিও৷ ইয়াৰ কাৰণ হিচাপে আমি আজিৰ ভাষাত আমোলাসকল সলনি নোহোৱাকে ধৰিব পাৰো— সম্ভৱতঃ আমোলা অৰ্থাৎ প্ৰশাসকসকল আছিল বংশানুক্ৰমিক আৰু তেওঁলোকে ৰজা-নিৰ্বিশেষে একেই অৰ্থনৈতিক নীতিৰ প্ৰয়োগ কৰিছিল আৰু ৰজাসকলে ধাৰাবাহিকভাবে সমৰ্থন দি গৈছিল৷ এয়া অৱশ্যে পৃথক প্ৰসংগ— আমি গ্ৰন্থলৈ আহো৷ আমি দেখোঁ যে প্ৰাগজ্যোতিষ-কামৰূপৰ অৰ্থনীতি বিষয়ক অধ্যায়টো যথেষ্ট  দীঘলীয়া, আলোচনাও পুংখানুপুংখ৷ এইখন সাম্ৰাজ্য সম্পৰ্কে ডঃ শইকীয়াই কেইবাটাও নতুন কথা কৈছে৷ ইয়াৰ ভিতৰত আমাক চিন্তাৰ বিশেষ খোৰাক দিছে ‘বৰুণ ছত্ৰ’ সম্পৰ্কীয় ডঃ শইকীয়াৰ মন্তব্যটোৱে৷ বৰুণ বা আভোগ ছত্ৰৰ দীঘলীয়া বৰ্ণনা আৰু প্ৰশংসা ‘হৰ্ষচৰিত’ত আছে৷ ইয়াৰ বিপৰীতে শইকীয়াই কৈছে যে ‘... অনুমান কৰিব পাৰি যে 'বৰুণ ছত্র' এটা মাত্র ছাতি নহয়। ই হ'ল বিশেষ ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি তৈয়াৰ কৰা এটা ছাতি নিৰ্মাণ কৰা শৈলীহে। বৰুণ ছত্ৰটো সম্ভৱতঃ বৰষুণনিৰোধী য়াকৰ নোমেৰে তৈয়াৰী এটা ছাতি’(পৃঃ ২০০)৷ এই দিশত অধিক চিন্তাৰ প্ৰয়োজন আছে৷ একাদশ শতিকাত হোৱা এটা ডাঙৰ ভূমিকম্পৰ ফলত উজনি অসমত ব্ৰহ্মপুত্ৰৰ গতি সলনি হৈছিল বুলি ডঃ শইকীয়াই দৃঢ়তাৰে কোৱা আৰু এই ভূমিকম্প, নদীৰ গতি সলনি আৰু তৎজনিত প্ৰলংকৰী বানে প্ৰাগজ্যোতিষ-কামৰূপ সভ্যতা ধবংস কৰাৰ তত্ত্বটো মানি ল’ব পাৰি৷ অৱশ্যে ডঃ শইকীয়াই ভাস্কৰ বৰ্মনক শেষ বৰ্মন ৰজা বুলি কোৱাটোহে মানিব পৰা নগ’ল৷

ভূঞাসকলৰ যুগ আৰু অৰ্থনীতিঃ গ্ৰন্থখনৰ এটা মূল্যবান অধ্যায় হ’ল ‘প্রাক্‌-ঔপনিৱেশিক অসমৰ ভূঞাসকলঃ অৰ্থনীতিৰ ৰূপকাৰ’৷ ভূঞাসকলৰ বিষয়ে আমাৰ অধ্যয়ন চণ্ডীবৰ-শংকৰদেৱতে সীমাবদ্ধ৷ ডঃ শইকীয়াই স্বল্পআলোচিত বিষয়টোৰ এটা পূৰ্ণাংগ আলোচনা আগবঢ়াই মধ্যযুগৰ অসমৰ সমাজ আৰু অৰ্থনীতিৰ বিষয়ে আমাক ভালেমান আগেয়ে নুশুনা কথা কৈছে৷ ডঃ শইকীয়াৰ ভূঞা-চিন্তাৰ আভাস দিবলৈ মাত্ৰ এটা মন্তব্য তুলি দিয়া হ’ল—'মধ্যযুগৰ ব্ৰহ্মপুত্ৰ উপত্যকাত দীর্ঘ দূৰত্বৰ নৌ বাণিজ্যৰ অভিজ্ঞতা অকল ভূঞাসকলৰেই আছিল। নৌবাণিজ্যক ভিত্তি কৰিয়েই ভূঞাসকলৰ মাজৰ পৰা এই মধ্যযুগৰ অসমৰ একমাত্ৰ সদাগৰ গোষ্ঠীটোৰ উৎপত্তি হৈছিল’(পৃঃ ২৩০)৷ একেদৰে ‘কমতাপুৰ ৰাজ্য : গঠন, স্তৰীভৱন আৰু অৰ্থনীতি’ শিৰোনামৰ অধ্যায়টোতো লেখকৰ স্বনিৰ্বাচিত বিষয়টোক যথোপযুক্ত মৰ্যাদা দিয়া দেখা যায়৷ ‘চুতীয়া ৰাজ্যঃ গঠন, স্তৰীভৱন আৰু অৰ্থনীতি’ শিৰোনামৰ অধ্যায়টোও গভীৰ গৱেষণাৰ স্বাক্ষৰ৷ চুতীয়া ৰাজ্য সম্পৰ্কীয় কেইবাটাও মীথৰ ব্যাখ্যা আগবঢ়াই ডঃ শইকীয়াই ভালেমান নতুন সিদ্ধান্ত আমাক শুনাইছে৷ ইয়াৰে আটাইতকৈ আকৰ্ষণীয় সিদ্ধান্তটো হ’ল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা বীৰপাল সম্পৰ্কীয়৷ ডঃ শইকীয়াৰ মতে বীৰপাল চুতীয়া নাছিল, ইতিমধ্যে ধ্বংসমুখী হোৱা পালৰাজ্যৰ এজন ভাগ্যাণ্বেষী ৰাজকুমাৰহে আছিল (পৃঃ ২৭৫)৷ গ্ৰন্থখনৰ ইয়াৰ পাছৰ অধ্যায়টোৰ শিৰোনাম ‘কছাৰী ৰাজ্যঃ গঠন, স্তৰীভৱন আৰু অৰ্থনীতি’৷ সমগ্ৰ মধ্যযুগটো সামৰি থকা বৰ্তমানৰ অসমৰ সীমাৰো বাহিৰৰ বেছ ব্যাপক অঞ্চল জুৰি এখন শক্তিশালী ৰাজ্য আছিল কছাৰী ৰাজ্য৷ কছাৰী কোন? অধ্যায়টোৰ আৰম্ভণিতে ইয়াৰ ব্যাখ্যা দিছে ডঃ শইকীয়াই— ‘কছাৰী শব্দটোৰ ব্যৱহাৰ আহোম বুৰঞ্জীত পোৱা যায়। আহোমসকলে কছাৰী শব্দটো তেওঁলোকে ব্রহ্মপুত্র উপত্যকালৈ আহোঁতে লগ পোৱা একাংশ তিব্বত চীন ভাষাৰ বর্মী উপভাষা কোৱা মংগোলীয় লোকক সূচিত কৰিবলৈ ব্যৱহাৰ কৰিছিল। চুকাফাই লগ পোৱা আন দুটা তিব্বত চীন ভাষাৰ বৰ্মী উপভাষা কোৱা মংগোলীয় গোষ্ঠীৰ লোকসকল আছিল বৰাহী আৰু মৰাণ সকল। ৰাজ্য গঠনৰ স্তৰলৈ উন্নীত নোহোৱা বৰাহী আৰু মৰাণসকলক আহোমসকলে আত্মীকৰণ কৰিলে যদিও ৰাজ্যগঠনৰ স্তৰলৈ নিজকে উন্নীত কৰা কছাৰীসকলে সদায়েই আহোমসকলৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্রাম চলাই গ'ল আৰু তেওঁলোকৰ ৰাজ্য আহোম সকলতকৈও দীর্ঘস্থায়ী হ'ল’(পৃঃ ২৮৫)৷ এই নিবন্ধটোত ডঃ শইকীয়াই কছাৰী, যাক আজিকালি ডিমাচা বুলি জনা যায়, ৰাজ্যৰ বিকাশ আৰু পতনৰ ব্যাখ্যা বহলাই আৰু নতুন ধৰণে কৰিছে৷ তেওঁ ভূতাত্ত্বিক সমলৰ সহায়ত ক’ব বিচাৰিছে যে একাদশ শতিকাপৰ্যন্ত এইখন ৰাজ্যৰ ৰাজধানী আছিল আজিৰ যোৰহাট; কিন্তু সেই সময়তে এটা প্ৰবল ভূমিকম্পত অঞ্চলটো বহি যায়, ফলত ইয়াত পানী জমা হৈ বসবাসৰ অনুপযোগী হৈ পৰে৷ নিৰুপায় কছাৰী অৰ্থাৎ ডিমাচাসকলে ৰাজধানী ডিমাপুৰৰলৈ তুলি নিয়ে৷ ডঃ শইকীয়াই এখন শদিয়া কেন্দ্ৰিক কছাৰী ৰাজ্যৰ অৱস্থিতিৰ কথাও ক’ব বিচাৰিছে, যদিও এইক্ষেত্ৰত তেওঁ দৃঢ়মত প্ৰকাশ কৰা নাই৷ ডিমাপুৰ কেন্দ্ৰিক কছাৰী ৰাজ্যখনৰ বৰ্ণনাৰপৰা ইয়াৰ পতনলৈকে ডঃ শইকীয়াৰ বিৱৰণ পুংখানুপুংখ আৰু বিশ্বাসযোগ্য৷ কিন্তু মাধৱ কন্দলিৰ পৃষ্ঠপোষক ৰজা মহামাণিক্যক একেষাৰে কছাৰী/ডিমাচা বুলি ডঃ শইকীয়াই কোৱাৰ ধৰণে মানি ল’বলৈ দ্বিধা কৰিব লগীয়া হয়৷ আমাৰ মতে চুকাফাই লগ পোৱাসকল বৰাহী আৰু মাধৱ কন্দলিৰ পৃষ্ঠপোষক বৰাহীসকল জাতিগতভাবে একেই; মাথো বিকাশৰ দুটা ভিন্ন পৰ্যায়ত আছিল তেওঁলোক৷ গাছতলৰ যুদ্ধৰ পাছত কপিলীপৰীয়া বৰাহী ৰাজ্যখনৰ পতন হয় আৰু সেই ঠাই ধনশিৰিপৰীয়া কছাৰসকলৰ অধীন হৈ পৰে বুলিহে আমাৰ ধাৰণা৷ গ্ৰন্থখনত সংকলিত ‘আহোম ৰাজ্যৰ অৰ্থনীতি: ৰজাঘৰীয়া অর্থনৈতিক প্রশাসন বনাম আমোলাতান্ত্রিক অর্থনৈতিক প্রশাসন’ এটা উচ্চস্তৰৰ গৱেষণামূলক নিবন্ধ৷ আহোম সমাজ আৰু ইয়াৰ অৰ্থনীতি সম্পৰ্কীয় কেইবাটাও প্ৰচলিত ধাৰণা বা মতবাদক এই নিবন্ধটোৰ জৰিয়তে ডঃ শইকীয়াই প্ৰত্যাহ্বান জনাইছে৷ ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্যটো হ’ল মোমাই তামুলী বৰবৰুৱাৰ গাঁও-সংগঠনৰ আৰ্হিটোক পশ্চাদপদ আৰু ৰাজ্যখনৰ অৰ্থনীতিৰ সময়োপযোগী বিকাশৰ প্ৰধান বাধা বুলি কৰা মন্তব্যটো৷ আহোম ৰজাসকল বাণিজ্যবিৰোধী আছিল বুলি কৰা মন্তব্যটোও ভাবিবলগীয়া৷ আহোম ৰাজ্য ধনে-ধানে ওপচা, সমৃদ্ধিশালী ৰাজ্য আছিল বুলি থকা ধাৰণাটোৰো বিৰোধিতা কৰিছে ডঃ শইকীয়াই৷ নিজৰ মতৰ পক্ষত যথেষ্ট যুক্তি-প্ৰমাণ দাঙি ধৰিছে ডঃ শইকীয়াই৷ আৰ্থিক সমৃদ্ধিৰ ক্ষেত্ৰত আহোম ৰাজ্যৰ বিপৰীত অৱস্থা আছিল কোচ ৰাজ্যৰ, আৰু অসমৰ সৰ্বাধিক আধুনিক আৰু বিকশিত ৰাজ্যও আছিল কোচসকলৰেই— এই মত ডঃ শইকীয়াই প্ৰকাশ কৰিছে ‘কোচ ৰাজ্য: গঠন, স্তৰীভৱন আৰু অৰ্থনীতি’ নিবন্ধটোত৷ আমাৰ বুৰঞ্জীবিদসকলে সততে এৰাই যোৱা মটক ৰাজ্যখনৰ বিষয়ে এটা সৰু কিন্তু গুৰুত্বপূৰ্ণ নিবন্ধ গ্ৰন্থখনত সংকলন কৰা হৈছে৷ ‘মটক ৰাজ্য’খনৰ অস্তিত্ব সততে পাহৰি আৰু বহুক্ষেত্ৰত উপেক্ষা কৰি থকা হয়৷ অথচ মোৱামৰীয়া বিপ্লৱৰ আটাইতকৈ ইতিবাচক ফচল এই ৰাজ্যখনে অসমত ঔপনিৱেশিক শাসনৰ আৰম্ভণি কালত প্ৰজাতান্ত্ৰিক শাসনৰ আৰ্হি এটা স্থাপন কৰিছিল৷ এয়া আছিল অবিভক্ত ভাৰতবৰ্ষ বৃটিছৰ পদানত হোৱাৰ সময়৷ মটক ৰাজ্য পূৰ্ণবিকশিত ৰাজ্য নাছিল, ইয়াৰ প্ৰকৃতি জনজাতীয় শাসনপ্ৰণালীতকৈ সামান্য উচ্চস্তৰৰ আছিল মাত্ৰ আৰু ই প্ৰবল প্ৰতাপী বৃটিছৰ দখলদাৰী আগ্ৰাসনৰপৰা বেছি দিন নিজক বছাই ৰাখিবও পৰা নাছিল; কিন্তু ঊনবিংশ শতিকাতে প্ৰজাতান্ত্ৰিক আৰ্হিৰ শাসনব্যৱস্থা এটা ইয়াত প্ৰতিষ্ঠিত হৈছিল— ঐতিহাসিকভাবে এইটো বৰ গুৰুত্বপূৰ্ণ কথা৷ ডঃ শইকীয়াৰ নিবন্ধটোৰ প্ৰতিপাদ্য এই দিশটো নহয়৷ আমি কথাষাৰ উনুকিয়ালো এই দিশৰ গৱেষণাৰ প্ৰয়োজন অনুভৱ কৰি৷

 

৷৷ ভৌত সংস্কৃতিৰ কথা ৷৷

গ্ৰন্থখনৰ প্ৰথম খণ্ডটোত অসম অঞ্চলত প্রাক-ঔপনিৱেশিক কালত বিকাশ লাভ কৰা ভৌত সংস্কৃতিৰ (material culture) আলোচনা কৰা হৈছে। ভৌত সংস্কৃতি কি?  ভৌত সংস্কৃতি হ'ল জনজীৱনৰ লগত সংপৃক্ত হৈ থকা শিল্প, উৎপাদিত সামগ্রী, স্থাপত্য আৰু ভাস্কর্য আদিত প্রোথিত হৈ থকা সামাজিক বাস্তৱতা… ইয়াৰ পৰিসৰত পৰ নিত্য ব্যবহাৰ্য সামগ্ৰীৰ উৎপাদন-বিপণন-উপভোগৰ বিবৰণ আৰু এই সম্পর্কিত আচাৰ-ব্যৱহাৰ, প্ৰমূল্য আৰু বিধিসমূহ। ভৌত সাংস্কৃতিক উপাদান বোৰ মানৱসৃষ্ট হ’বই লাগিব— প্রাকৃতিকভাৱে সৃষ্টি হোৱা সামগ্ৰীসমূহক ভৌত সাংস্কৃতিক উপাদান বুলি গণ্য কৰা নহয়।’(Material culture is the Aspect of Social reality grounded in the objects and architecture that surrounded people. It includes the usage, consumption, creation and trade objects as well as the behaviours, norms and rituals that the objects create or take part in.’৷) ডঃ শইকীয়াই material culture-ৰ অসমীয়া প্ৰতিশব্দ ‘ভৌত সংস্কৃতি’ কৰিছে; আমাৰ মতে প্ৰতিশব্দটো ‘বস্তু সংস্কৃতি’ হ’লেহে উপযুক্ত আৰু সহজবোধ্য হয়৷ সি যি কি নহওক,এই দিশ আগত ৰাখি গ্ৰন্থখনত আলোচিত হৈছে লোণ, সোণ, ৰূপ,লো, অলৌহ তথা মিশ্ৰ ধাতু, পোৰামাটিৰ পাত্ৰ, ইটা, খাৰ আৰু সূতাৰ উৎপাদন, বিতৰণ-বিপণন আৰু ব্যৱহাৰৰ বিভিন্ন মাত্ৰাৰ কথা৷ এই প্ৰতিটো আলোচনাই নতুনৰ সন্ধান কৰিছে, একে সময়তে বহু পুৰণি ধাৰণাক প্ৰত্যাহ্বান জনাইছে৷ লোণ সম্পৰ্কীয় অধ্যায়টোত ডঃ শইকীয়াৰ বিষয়ৰ গভীৰলৈ যোৱাৰ প্ৰতি পৰিশ্ৰম দ্বিধাহীনভাবে প্ৰশংসনীয়৷ সোণ আৰু ৰূপ সম্পৰ্কীয় অধ্যয়ন দুটাই ‘সোণৰ অসম’ৰ ধাৰণাটোৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন বহুৱাই দিছে৷ কেতবোৰ জাতীয় আবেগ ভাঙি পেলোৱাত আৰু অসমীয়া মানুহক নিজৰ আচল চেহেৰা ভালকৈ চোৱাতন সহায় কৰিব৷ বস্ত্ৰশিল্প অধ্যায়টোৰ বৃন্দাৱনী বস্ত্ৰ আৰু গামোচা বিষয়ক উপ অধ্যায় দুটা প্ৰতিজন অসমীয়াৰে অৱশ্যপাঠ্য হোৱা উচিত৷

 

৷৷ উপসংহাৰ ৷৷ 

‘প্রাক-ঔপনিবেশিক অসমৰ অর্থনৈতিক ইতিহাস’’ গ্ৰন্থখন গভীৰ অধ্যয়নৰ ফচল আৰু অসমৰ সমৃদ্ধ অতীতৰ বিশেষকৈ সমৃদ্ধ মধ্যযুগৰ ধাৰণাটোলৈ এটা ডাঙৰ প্ৰশ্ন আনিছে৷ আনহাতে এই গ্ৰন্থখনে অৰ্থনৈতিক নীতিৰ ফালৰপৰা আহোম ৰাজ্যতকৈ কোচ ৰাজ্যক বেছি উন্নত আৰু প্ৰজতিশীল বুলি প্ৰমাণ কৰিছে৷ আকৌ, কোনো দিনে কাৰো চকুত নপৰা ভূঞাসকলৰ অৰ্থনৈতিক ভূমিকাতো গ্ৰন্থখনে পোহৰ পেলাইছে৷ চুতীয়া ৰাজ্যৰ অৰ্থনৈতিক ভিত্তিটোৰ কথাও গ্ৰন্থখনে কৈছে৷ গ্ৰনথখনে আমাক এই কথাও কৈছে যে অতীত অসম সোণ-ৰূপে ওপচা নাছিল, সেয়া আছিল মাথো কবিৰ কল্পনা৷ হয়তো পাৰ্বতিপ্ৰসাদেই শুদ্ধ৷ এই আটাইকেইটাই নতুন কথা৷ গ্ৰন্থখনে প্ৰাচীন আৰু মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ এটা বিস্তৃত ৰূপৰেখা আমাক দিব পাৰিছে৷ ই অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক ইতিহাসৰ এটা অংশ৷ ইয়াৰ ধাৰাবাহিক বিৱৰণ আৰু সামগ্ৰিকীকৰণৰ প্ৰয়োজন থাকি গৈছে৷ গ্ৰন্থখনৰ বাবে কৰা গৱেষণাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰতি আগ্ৰহে আমাক পতিয়ন নিয়াইছে যে অসম অঞ্চলৰ অৰ্থনীতিৰ সামগ্ৰিক, ধাৰাবাহিক আৰু পূৰ্ণাংগ ইতিহাস এখন এদিন আমি ডঃ শইকীয়াৰপৰা পাম৷

 ***

লেখকৰ ফোন : ৮৬৪৮৪৫৮৭৪৮

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ