মূল : চিলভিয়া প্লাথ (ইং. Mad Girl's Love Song, Sylvia Plath)
অনুবাদ : ড° ৰঞ্জিত দত্ত
চকুদুটি মুদি দিলোঁ
মৃত হৈ পৰিল
পৃথিৱীৰ সকলো,
মেলি দিলোঁ চকুৰ-পতাদুখন
প্ৰাণ পাই উঠিল সকলো।
মই ভাবিছোঁ
জগাই তুলিলোঁ তোমাক
মোৰ মগজুৰ ভিতৰতে।
ৰঙা-নীলাৰ পৰিধি ভাঙি
বৃত্তাকাৰে নাচিছে তৰাবোৰে,
ঢাপলি মেলি আহিছে
নিৰন্ধ্ৰ অবাধ এন্ধাৰে,
চকুযুৰি মুদি দিলোঁ
মৃত হৈ পৰিল
পৃথিৱীৰ সকলো।
সপোনত দেখিছোঁ
মোৰ মন ভুলাই তুমি
লৈ গৈছা মোক বিচনাখনলৈ,
উদভ্ৰান্ত কৰিছা পলকতে,
চুমা খাইছা উন্মাদৰ দৰে
মোক বাৰে বাৰে,
মই ভাবিছোঁ
সুমুৱাই ললোঁ তোমাক
মোৰ মগজুৰ ভিতৰতে।
ভগৱানেহে যেন বৰষিছে
আকাশৰ পৰা এই সকলোবোৰ,
স্তিমিত হৈ পৰিছে
নৰকৰ জ্বলি থকা জুইকুৰা,
আঁতৰি পলাইছে
সৰগৰ দেৱদূতবোৰ,
চকুদুটি মুদি দিলোঁ
মৃত হৈ পৰিল
পৃথিৱীৰ সকলো।
মই ভাবিছিলোঁ
কথা দিয়াৰ দৰেই তুমি
এদিন ঘূৰি আহিবা ।
কিন্তু বৃদ্ধ হলোঁ এতিয়া মই,
পাহৰিলোঁ তোমাৰ নামটোও ,
মই ভাবিছোঁ মাথোঁ
জগাই তুলিছোঁ তোমাক
মোৰ মগজুৰ ভিতৰতে।
ভাল পাব লাগিছিল মই
এটি নিনাদ পক্ষীক,
কিজানি সি কেতিয়াবা
চিঞৰি উঠিল হয় বজ্ৰকণ্ঠে
বসন্ত অহাৰ সময়তে,
চকুদুটি মুদি দিলোঁ
মৃত হৈ পৰিল
পৃথিৱীৰ সকলো,
মই ভাবিছোঁ
জগাই তুলিছোঁ তোমাক
মোৰ মগজুৰ ভিতৰতে।