নীলিম কুমাৰ
বহু বছৰ হ’ল দেউতাই আমাক এৰি থৈ যোৱাৰ৷
ওহোঁ! এৰি যোৱা বুলি ভাবিছিলোঁহে! এৰা নাছিল৷ কিয়নো
আজিকালি মই অকলে গাড়ী চলাই থাকিলে
মোৰ কাষৰ ছীটটোত আহি বহি থাকে দেউতা৷
একো নকয়৷ মই ভাবোঁ
দেউতাৰ মাতটো বৰফ হৈ গৈছে৷ কিন্তু
মোৰ কথাবোৰ বৰ মনোযোগেৰে শুনি থাকে দেউতাই৷
মোৰো এনে লাগে যেন ইমান বছৰে
কোনো কথাই পতা হোৱা নাছিল দেউতা আৰু মোৰ!
কেতিয়াবা কেতিয়াবা ভিৰ থকা বজাৰৰ মাজতো
হঠাৎ দেখা পাই যাওঁ দেউতাক৷ কেতিয়াবা
চিটিবাছত মই গৈ থাকিলে হঠাৎ দেখা পাওঁ
মোৰ পিনে এবাৰো নোচোৱাকৈ
হেণ্ডেলত ধৰি থিয় হৈ থকা দেউতাক৷
মই ভাবোঁ মোক চাবলৈয়ে দেউতা আহে
নে মোক লক্ষ্য কৰিবলৈ!
কেতিয়াবা বহুদিন নুখুৰোৱা দাঢ়িৰে সৈতে
দেউতাৰ মুখখন দেখি মোৰ এনে লাগে
দেউতাৰ যেন পিয়াহ লাগিছে৷
আৰু মই দেউতাক দেখুৱাই ঘোটঘোটকৈ পানী খাওঁ
দেউতাই কিন্তু পানী নোখোজে৷ তৃষ্ণাহীন দেউতা৷
কেতিয়াবা মোৰ গাড়ীত মোৰ কাষৰ ছীটটোত
দেউতা বহি থাকিলে মই তেওঁৰ ভিতৰলৈ চাওঁ
দেখা পাওঁ তেওঁৰ বুকুৰ তিনিআালি চাৰিআালিত
অনাই-বনাই ফুৰা এজন ল’ৰা৷ কপালত এটা কটা দাগ৷
মই মোৰ কপাল খেপিয়াই চাওঁ – মোৰ চিনাক্তকৰণৰ দাগটো৷
দেউতাই ভাবে মই হেৰাইছোঁ৷
মোক বিচাৰিয়েই দেউতাই চাগে এনেকৈ ঘূৰি ফুৰে৷
তেওঁ মোক দেখিও বিচাৰি নাপায়৷
কেৱল চিনাক্ত কৰে হয়তো মোক!
বহু বছৰ হ’ল দেউতাই আমাক এৰি যোৱাৰ৷
তাৰ পাছতো বহু বছৰলৈ সকলো আছিল ঠিকেই৷
কিন্তু এতিয়া কিবা এটা হৈছে –
মোক বিচাৰি ফুৰে দেউতাই নে মই বিচাৰি ফুৰোঁ তেওঁক!
অন্যমনস্কতাত মই পাহৰি যাওঁ গাড়ীৰ ষ্টিয়াৰিং
অৰু ঠিক তেতিয়াই দুৰ্ঘটনাৰ পৰা বচাবলৈ
মোৰ ষ্টিয়াৰিং পোনাই দিয়ে দেউতাই৷
ক’ত গতি সলাব লাগে আৰু বঢ়াব লাগে
ক’ত মাৰিব লাগে ব্ৰে’ক দেউতাই কয়৷
দেউতাই এতিয়া মোক গাড়ী চলাবলৈ শিকাইছে
(স্মৃতিবোৰৰ মাজে মাজে)৷ জীয়াই থাকোঁতে
তেওঁ জনা নাছিল গাড়ী চলাবলৈ।