ড॰ অসীম
চুতীয়া
যোৰহাট
জগন্নাথ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়া সমসাময়িক অসমীয়া চুটিগল্পৰ এগৰাকী শক্তিশালী
গল্পকাৰ৷ তেখেতৰ গল্পসমূহত জীৱনৰ বাস্তৱতা, মানুহৰ মনোজগত
আৰু সামাজিক পৰিৱৰ্তনৰ এখন জীৱন্ত ছবি অংকিত হৈছে৷ তেখেতে কল্পনাৰ জগতত বিচৰণ
কৰাতকৈ সমাজৰ মাজতে থিয় হৈ মানুহৰ জীৱনক নিৰীক্ষণ কৰে৷ সাধাৰণ মানুহৰ সুখ-দুখ,
আশা-আকাংক্ষা,
ব্যৰ্থতা
আৰু জীৱন-সংগ্ৰাম তেখেতৰ গল্পৰ মূল বিষয়৷ সেইবাবে তেখেতৰ গল্পসমূহ সমসাময়িক অসমীয়া
সমাজৰ একপ্ৰকাৰৰ মূল্যৱান দলিল৷
তেখেতৰ
গল্পত সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহে স্থান লাভ কৰিছে৷ চৰকাৰী কৰ্মচাৰী, শিক্ষক,
কৃষক,
গৃহিণী,
বৃদ্ধ,
নিৱনুৱা
যুৱক, শিশু আৰু মধ্যবিত্ত পৰিয়ালৰ সদস্যসকল তেখেতৰ গল্পৰ জীৱন্ত চৰিত্ৰ৷ এই
চৰিত্ৰসমূহৰ মাজেৰে গল্পকাৰে অৰ্থনৈতিক অনিশ্চয়তা, পাৰিবাৰিক সংকট,
সামাজিক
বৈষম্য, মূল্যবোধৰ অৱক্ষয়, আধুনিক জীৱনৰ নিঃসংগতা আৰু মানুহৰ
মানসিক অস্থিৰতাক শিল্পসন্মত ৰূপ দিছে৷ তেখেতে গল্পসমূহত ঘটনাতকৈ মানুহৰ মন আৰু
সমাজৰ অন্তৰ্লীন সত্যক অধিক ওচৰ চপাই আনিছে৷
এই
আলোচনাত জ্যোতিপ্ৰসাদ শইকীয়াৰ নিৰ্বাচিত গল্পসমূহ সমাজতাত্ত্বিক আৰু মনস্তাত্ত্বিক
দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হ’ব৷ সমাজতাত্ত্বিক আলোচনাত শ্ৰেণীচেতনা, অৰ্থনৈতিক
বৈষম্য, মধ্যবিত্ত সমাজৰ সংকট, নাৰীৰ অৱস্থান, পিতৃতান্ত্ৰিক
সমাজ, সাম্প্ৰদায়িকতা, আধুনিকতা, বিশ্বায়ন,
শিক্ষা,
ক্ষমতা
আৰু সামাজিক প্ৰতিষ্ঠানৰ ভূমিকা মূল্যায়ন কৰা হ’ব৷ আনহাতে মনস্তাত্ত্বিক বিশ্লেষণত
চৰিত্ৰসমূহৰ মানসিক সংঘাত, নিঃসংগতা, আত্মপৰিচয়ৰ সংকট,
অৱচেতন
মন আৰু জীৱনৰ অন্তদ্বৰ্ন্দ্বৰ ব্যাখ্যা আগবঢ়োৱা হ’ব৷ এই অধ্যয়নৰ মূল লক্ষ্য হৈছে
জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পৰ অন্তৰ্নিহিত সামাজিক আৰু মানসিক তাৎপৰ্য অনুধাৱন কৰা৷
তেখেতৰ গল্পসমূহে এই সময়, এই সমাজ আৰু সংস্কৃতিৰ কথাও উপস্থাপন
কৰিছে৷ সমাজৰ পৰিৱৰ্তন, মানুহৰ মূল্যবোধ আৰু জীৱনৰ জটিল বাস্তৱতাক
তেখেতে সংবেদনশীলতাৰে ৰূপায়ণ কৰিছে৷ সেই দৃষ্টিকোণৰ পৰা তেখেতৰ গল্পসমূহ সমাজ আৰু
মানুহক বুজিবলৈও প্ৰয়াস কৰা এক গুৰুত্বপূৰ্ণ সমল বুলিব পাৰি৷
১.০০
জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পচিন্তাৰ বৈশিষ্ট্য
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পৰ মূল কেন্দ্ৰত থাকে মানুহ৷ মানুহৰ জীৱন, সমাজ আৰু সময়–
এই তিনিওটাৰ সমন্বয়তেই তেখেতৰ গল্পৰ জগত গঢ় লৈ উঠিছে৷ তেখেতৰ গল্পৰ প্ৰথম
বৈশিষ্ট্য হৈছে বাস্তৱবাদী দৃষ্টিভংগী৷ তেখেতে সমাজ-জীৱনক গল্পৰ মাজত অকৃত্ৰিমভাৱে
উদঙাই দিছে৷ সমাজৰ সুখ-দুখ, আশা-হতাশা, লাভ-লোকচান,
সফলতা-ব্যৰ্থতা
আৰু সম্পৰ্কৰ জটিলতাক স্বাভাৱিক ৰূপত উপস্থাপন কৰিছে৷ তেখেতৰ গল্পৰ চৰিত্ৰসমূহ
আমাৰ সমাজ-ব্যৱস্থাৰ অতি চিনাকি একো একোখন মুখ৷ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে
মানুহৰ মনোজগতৰ সূক্ষ্মতাৰ অনুসন্ধান৷ একাকীত্ব, হতাশা, অপূৰ্ণতা,
আত্মগ্লানি,
নীৰৱতা
আৰু অন্তদ্বৰ্ন্দ্ব তেখেতৰ চৰিত্ৰসমূহৰ অন্যতম বৈশিষ্ট্য৷ এই মানসিকতাৰ প্ৰকাশেই
তেখেতৰ গল্পসমূহক বিশেষ তাৎপৰ্য প্ৰদান কৰিছে৷
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পত মধ্যবিত্ত সমাজৰ জীৱন-বাস্তৱতা বিশেষভাৱে প্ৰতিফলিত হৈছে৷ সীমিত আয়,
অসীম
সপোন, সামাজিক প্ৰতিযোগিতা, আত্মসন্মান আৰু পাৰিবাৰিক দায়িত্বৰ
মাজত মধ্যবিত্ত মানুহে কেনেকৈ জীৱন অতিবাহিত কৰিছে, সেয়া
বাস্তৱিকভাৱে বৰ্ণনা কৰিছে৷ মধ্যবিত্তৰ বাহ্যিক স্থিৰতাৰ আঁৰত লুকাই থকা মানসিক
অস্থিৰতাকো তেখেতে সুন্দৰভাৱে প্ৰকাশ কৰিছে৷ তেখেতৰ গল্পত নাৰীজীৱনৰ বাস্তৱ
ছবিখনেও সমানে গুৰুত্ব লাভ কৰিছে৷ নাৰী কেৱল পৰিয়ালৰ সদস্য নহয়– নাৰী এক স্বতন্ত্ৰ
ব্যক্তিও৷ এই নাৰীসত্তাৰ অনুভৱ, আত্মমৰ্যাদা, ত্যাগ, নিঃসংগতা
আৰু জীৱন-সংগ্ৰামৰ ছবিখন গল্পসমূহত মৰ্যাদাসহকাৰে স্থান পাইছে৷ পিতৃতান্ত্ৰিক
সমাজৰ বৈষম্য আৰু নাৰীৰ মনোবেদনাক গল্পসমূহত সহানুভূতিৰে স্থান দিয়া হৈছে৷
সামাজিক
মূল্যবোধৰ পৰিৱৰ্তন তেখেতৰ গল্পৰ আন এটা উল্লেখযোগ্য বিষয়৷ আধুনিকতা, নগৰীয়া
জীৱন, ভোগবাদ, সম্পৰ্কৰ বিচ্ছিন্নতা আৰু আধুনিক মানুহৰ
নিঃসংগতা তেখেতৰ গল্পৰ বিষয়বস্তুলৈ আহিছে৷ গল্পকাৰৰ মতে বস্তুগত উন্নতিয়ে সদায়ে
মানুহক মানসিক শান্তি দিব নোৱাৰিবও পাৰে৷ মানৱীয় সম্পৰ্কৰ অৱক্ষয় হৈছে আজিৰ আধুনিক
সমাজৰ ভয়ংকৰ সমস্যা৷
তেখেতৰ
গল্পৰ ভাষা সহজ, সংযত আৰু ব্য?নাময়৷ সাধাৰণ
শব্দৰ মাজেৰেই তেখেতে অসাধাৰণ জীৱন-সত্য প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ অতিৰ?ন
বা নাটকীয়তাৰ সলনি সংযমী বৰ্ণনাশৈলীৰ আশ্ৰয় লৈছে৷ প্ৰতীক, নীৰৱতা আৰু
সূক্ষ্ম সংলাপৰ ব্যৱহাৰে তেখেতৰ গল্পসমূহক অধিক হৃদয়স্পৰ্শী কৰি তুলিছে৷ তেখেতৰ
গল্পত মানৱতাবাদী দৃষ্টিভংগীও প্ৰকাশ পাইছে৷ তেখেতে মানুহক বিচাৰ কৰা নাই– মাত্ৰ
বুজিবলৈ চেষ্টা কৰিছে৷ এই মানৱীয় দৃষ্টিভংগীয়েই তেখেতৰ গল্পসমূহক কালজয়ী কৰি
তুলিছে৷
২.০০
জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পৰ সমাজতাত্ত্বিক বিশ্লেষণ
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পসমূহ সমাজতাত্ত্বিক দৃষ্টিকোণৰ পৰা বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ তেখেতৰ
গল্পত ব্যক্তি আৰু সমাজ পৰস্পৰৰ পৰা পৃথক নহয়৷ সমাজে মানুহক গঢ়ি তোলে, আকৌ
মানুহেও সমাজক সলনি কৰে৷ এই পাৰস্পৰিক সম্পৰ্কই তেখেতৰ গল্পৰ মূল ভিত্তি৷ তেখেতে
গল্পত কেৱল ঘটনা বৰ্ণনা কৰা নাই৷ সমাজৰ অন্তৰ্লীন সত্যকো গল্পৰ মাজেৰে উন্মোচন
কৰিছে৷ অৰ্থনৈতিক বৈষম্য, সামাজিক অসমতা, মধ্যবিত্তৰ সংকট,
নাৰীৰ
অৱস্থান আৰু মূল্যবোধৰ অৱক্ষয় তেওঁৰ গল্পৰ উল্লেখযোগ্য বিষয়৷ সেইবাবে তেখেতৰ
গল্পসমূহ সমসাময়িক অসমীয়া সমাজৰ এক বাস্তৱ দলিল হিচাপে বিবেচিত হ’ব পাৰে৷
২.০১ শ্ৰেণীচেতনা আৰু অৰ্থনৈতিক বৈষম্য
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পত শ্ৰেণীচেতনা আৰু অৰ্থনৈতিক বৈষম্য সুস্পষ্টভাৱে প্ৰতিফলিত হৈছে৷
কাৰ্ল মাক্সৰ্ৰ মতে অৰ্থনৈতিক বৈষম্যই সমাজত শ্ৰেণী বিভাজন সৃষ্টি কৰে৷ এই
বাস্তৱ-সত্য তেখেতৰ বহু গল্পত লক্ষ্য কৰা যায়৷ এয়া চৰিত্ৰসমূহৰ ব্যক্তিগত সমস্যা
নহয়৷ সমাজৰ অৰ্থনৈতিক গাঁথনিয়েও তেওঁলোকৰ জীৱন নিয়ন্ত্ৰণ কৰে৷ এই প্ৰসংগত
‘ডায়েবেটিছ’ গল্পটো উল্লেখ কৰিব পাৰি৷ ‘ডায়েবেটিছ’ এটা ৰোগ৷ ই কেৱল শাৰীৰিক অসুখ
নহয়৷ ই মধ্যবিত্ত মানুহৰ মানসিক উদ্বেগ, চিকিৎসাৰ ব্যয় আৰু আৰ্থিক অনি(য়তাৰ
প্ৰতিফলন৷ একেদৰে ‘পানীৰ তলৰ শিল’ গল্পত সমাজৰ অদৃশ্য বৈষম্যৰ ছবি অংকিত হৈছে৷
বাহ্যিকভাৱে সকলো স্বাভাৱিক যেন লাগে৷ কিন্তু এই বাহ্যিকতাৰ অন্তৰালত শোষণ,
অসমতা
আৰু ক্ষমতাৰ প্ৰভাৱ ক্ৰিয়াশীল হৈ থাকে৷ গল্পকাৰে জীৱনৰ বাস্তৱ অভি:তাৰ মাজেৰেই এই
বৈষম্যক প্ৰকাশ কৰিছে৷
২.০২ মধ্যবিত্ত সংকট
অসমীয়া
মধ্যবিত্ত সমাজ জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পৰ অন্যতম কেন্দ্ৰীয় বিষয়৷ তেখেতৰ দৃষ্টিত
মধ্যবিত্ত এক মানসিক অৱস্থা৷ এই শ্ৰেণীৰ মানুহ সদায় অনি(য়তাৰ মাজত বাস কৰে৷
তেওঁলোকে সন্মান ৰক্ষা কৰি জীয়াই থাকিব বিচাৰে৷ কিন্তু অৰ্থনৈতিক সীমাবদ্ধতা,
সামাজিক
প্ৰতিযোগিতা আৰু পাৰিবাৰিক দায়িত্বই তেওঁলোকক মানসিকভাৱে ক্লান্ত কৰি তোলে৷ ‘অন্য
আলাপ’, ‘হৃদয়ত সেউজীয়া ঘৰ’ আৰু ‘ফৰ লাষ্ট শ্লিপিং’ গল্পত এই বাস্তৱতা স্পষ্ট৷
এই গল্পসমূহত আছে নিঃসংগতা, শূন্যতা আৰু আত্মিক অশান্তিৰ একো একোটা
ছিকুৱেল৷
২.০৩ নাৰী আৰু পিতৃতান্ত্ৰিক সমাজ
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পত নাৰী এক সচেতন আৰু সংবেদনশীল সত্তা৷ এই নাৰী কেৱল গৃহিণী অথবা
এগৰাকী মাতৃ নহয়৷ এই নাৰীৰ নিজস্ব অনুভৱ, সপোন আৰু আত্মমৰ্যাদাবোধ আছে৷ কিন্তু
সমাজে সেই সত্তাক বহু সময়ত স্বীকৃতি নিদিয়ে৷ ‘অমিয়া পেহীৰ কথা’ গল্পত এই সত্য
স্পষ্টভাৱে ফুট উঠিছে৷ অমিয়া পেহী এই সমাজৰ এগৰাকী নাৰীৰ প্ৰতিনিধি৷ তেখেতে জীৱনত
ত্যাগ কৰিছে, দায়িত্ব পালন কৰিছে আৰু সকলোৰে কথা ভাবিয়েই
জীৱনটো অতিবাহিত কৰি আহিছে৷ কিন্তু তেওঁৰ নিজৰ জীৱন, ইচ্ছা আৰু
অনুভূতি অৱহেলিত হৈ থাকে৷ পিতৃতান্ত্ৰিক সমাজে নাৰীক দায়িত্ব দিয়ে, কিন্তু
সমানে মৰ্যাদা প্ৰদান নকৰে৷ গল্পকাৰে এই বৈষম্যৰ বিৰুদ্ধে কোনো প্ৰতিবাদ কৰা নাই৷
তেখেতে নাৰীৰ নীৰৱ জীৱন-সংগ্ৰামকেই প্ৰতিফলিত কৰিছে৷ এই নীৰৱতাই গল্পটোক অধিক
নিৰ্মম কৰি তুলিছে৷ গল্পসমূহৰ মাজত উদ্ভাসিত হৈ উঠিছে নাৰীৰ জীৱন সংগ্ৰাম কেৱল
অৰ্থনৈতিক নহয়– এই সংগ্ৰাম মানসিক, সামাজিক আৰু সাংস্কৃতিকো৷ সেইবাবে
তেখেতেৰ গল্পসমূহে নাৰীবাদী দৃষ্টিকোণৰ পৰাও বিশেষ তাৎপৰ্য বহন কৰিছে৷
২.০৪ সাম্প্ৰদায়িকতা আৰু ৰাজনীতি
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পৰ ৰাজনীতি হৈছে সমাজৰ ক্ষমতা, ভয় আৰু বিভাজনৰ আন এক বাস্তৱ ৰূপ৷
তেখেতে সাম্প্ৰদায়িক উত্তেজনাকো কেৱল সংঘৰ্ষ হিচাপে উপস্থাপন কৰা নাই৷ ইয়াৰ
সামাজিক আৰু মানসিক অভিঘাতকহে প্ৰাধান্য দিছে৷ ‘ব্ৰেকিং নিউজ’ গল্পত সংবাদ-মাধ্যম,
ৰাজনীতি
আৰু জনমতৰ জটিল সম্পৰ্ক স্পষ্টভাৱে ফুট উঠিছে৷ বাতৰি কেৱল তথ্যৰ বাহক হৈ নাথাকে৷
বহু সময়ত ই মানুহৰ চিন্তা আৰু বিশ্বাসো নিৰ্মাণ কৰে৷ সত্য আৰু প্ৰচাৰৰ মাজৰ
সীমাৰেখা ক্ৰমাৎ অস্পষ্ট হৈ পৰে৷ জনমত ধীৰে ধীৰে পৰিচালিত মতত পৰিণত হয়৷ সেইদৰে
‘সভাপতিৰ মন্তব্য’ গল্পতো ক্ষমতাৰ আন এক ৰূপ দেখা যায়৷ পদবী আৰু প্ৰতিষ্ঠানে
কেনেকৈ ব্যক্তিক বিশেষ মৰ্যাদা প্ৰদান কৰে, গল্পকাৰে এই কথা
সূক্ষ্মভাৱে প্ৰকাশ কৰিছে৷ ক্ষমতাৰ ভাষাই যেতিয়া নৈতিকতাৰ ভাষাক অতিক্ৰম কৰে;
একোজন
ব্যক্তিয়ে তেতিয়া নিজৰ বিবেকতকৈ প্ৰতিষ্ঠানৰ স্বাৰ্থক অধিক গুৰুত্ব দিবলৈ আৰম্ভ
কৰে৷ মূলতঃ জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পসমূহৰ ৰাজনীতি মানুহৰ দৈনন্দিন জীৱন, চিন্তা,
সম্পৰ্ক
আৰু মূল্যবোধৰ মাজতো সমানে ক্ৰিয়াশীল৷
২.০৫ আধুনিকতা, বিশ্বায়ন আৰু নিঃসংগতা
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পত আধুনিকতা আন এক বৈপৰীত্য৷ এই আধুনিকতাই মানুহৰ জীৱনক সহজ কৰি
তুলিছে৷ কিন্তু মানুহক সুখী কৰিব পৰা নাই৷ যোগাযোগ বৃদ্ধি পাইছে৷ অথচ আন্তৰিকতা
কমি আহিছে৷ বৈষয়িক উন্নতি হৈছে৷ কিন্তু মানসিক শূন্যতাও সমান্তৰালভাৱে বৃদ্ধি
পাইছে৷ ‘হৃদয়ত সেউজীয়া ঘৰ’, ‘অমানুহৰ পৃথিৱী’ আৰু ‘ফৰ লাষ্ট
শ্লিপিং’ গল্পত এই সংকট স্পষ্ট৷ এই গল্পকেইটাৰ চৰিত্ৰসমূহে মানুহৰ মাজত থাকিও
একাকীত্ব অনুভৱ কৰে৷ সম্পৰ্কৰ মাজতে আছে, কিন্তু উষ্ণতাৰ পৰশ পোৱা নাই৷ ক’বলগীয়া
বহু কথা আছে, কিন্তু সেই কথা প্ৰকাশ কৰিব পৰাকৈ পৰিৱেশ নাই৷
ঘৰ আছে, কিন্তু আপোনপৰ বুলিবলৈ কোনো নাই৷
বিশ্বায়নৰ
ফলত মানুহৰ জীৱনযাত্ৰা সলনি হৈছে৷ সেইদৰে সলনি হৈছে মানুহৰ মূল্যবোধো৷ ভোগবাদ,
প্ৰতিযোগিতা
আৰু আত্মকেন্দ্ৰিকতাই মানৱীয় সম্পৰ্কক ক্ৰমাi¤য়ে দুৰ্বল কৰি
তুলিছে৷ গল্পকাৰে দেখুৱাইছে যে আধুনিকতাৰ আটাইতকৈ ডাঙৰ সংকট বস্তুৰ অভাৱ নহয়–
মানুহৰ অভাৱহে৷ এই নিঃসংগতা ব্যক্তিগত নহয়৷ ই সমগ্ৰ সমাজেৰ এক সাংস্কৃতিক সংকট৷
২.০৬ শিক্ষা, ক্ষমতা আৰু প্ৰতিষ্ঠান
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পত শিক্ষা কেৱল :ানৰ বিষয় নহয়৷ ই সামাজিক ক্ষমতাৰো উৎস৷ শিক্ষা,
সংবাদ-মাধ্যম,
চৰকাৰী
কাৰ্যালয় আৰু বিভিন্ন প্ৰতিষ্ঠানে একোখন সমাজৰ সামাজিক আচৰণ গঢ়ি তোলে৷ একে সময়তে
এই প্ৰতিষ্ঠানসমূহ ক্ষমতাৰ বাহকো৷ ‘ব্ৰেকিং নিউজ’ আৰু ‘সভাপতিৰ মন্তব্য’ গল্পত এই
বাস্তৱতা স্পষ্ট৷ সংবাদ-মাধ্যমে জনমত গঢ়ি তোলে৷ প্ৰতিষ্ঠানে ব্যক্তিৰ পৰিচয়
নিৰ্ধাৰণ কৰে৷ পদবী বহু সময়ত ব্যক্তিত্বতকৈ অধিক শক্তিশালী হৈ পৰে৷ ক্ষমতা কেৱল
শাসনৰ মাধ্যম নহয়– ই ভাষা, নিয়ম আৰু আচৰণৰ মাজেৰেও ক্ৰিয়াশীল হৈ
থাকে৷
গল্পকাৰে
শিক্ষিত সমাজৰ ভূমিকাকো প্ৰশ্ন কৰিছে৷ শিক্ষা কেৱল চাকৰি লাভৰ উপায় হ’ব নোৱাৰে৷
ইয়াৰ লক্ষ্য সামাজিক দায়িত্ববোধ সৃষ্টি কৰা৷ নৈতিকতা, সহমৰ্মিতা আৰু
যুক্তিবোধ গঢ়ি তোলাও শিক্ষাৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য৷ এই বাৰ্তাই তেখেতৰ
গল্পসমূহক গভীৰ সামাজিক তাৎপৰ্য প্ৰদান কৰিছে৷
৩.
০০ জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পৰ মনস্তাত্ত্বিক বিশ্লেষণ
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পৰ অন্যতম শক্তি হৈছে মানুহৰ অন্তৰ্জগতৰ সূক্ষ্ম অনুসন্ধান৷ তেখেতে
চৰিত্ৰৰ মনোবিশ্লেষণত অধিক গুৰুত্ব দিছে৷ তেখেতৰ গল্পৰ মাজলৈ স্মৃতি, নিঃসংগতা,
অপূৰ্ণতা,
আত্মগ্লানি,
দমন
কৰা অনুভূতি আৰু অস্তিত্বৰ সংকট সঘনাই ঘূৰি আহে৷ বাহিৰত সাধাৰণ যেন লগা চৰিত্ৰসমূহ
ভিতৰি গভীৰ মানসিক সংঘাতৰ মাজেৰে অতিক্ৰম কৰে৷ এই দিশৰ পৰাই তেখেতৰ গল্পসমূহ
মনস্তাত্ত্বিক সাহিত্য-সমালোচনাৰ এক গুৰুত্বপূৰ্ণ বিষয়৷
৩.০১ অৱচেতন মনৰ প্ৰতিনিধি
মনোবিজ্ঞানী
ফ্ৰয়েডৰ মতে মানুহৰ আচৰণৰ মূল উৎস কেৱল সচেতন মন নহয়– অৱচেতন মনো সমানে সক্ৰিয়৷
দমন কৰা ইচ্ছা, অপূৰ্ণ আকাং¸ক্ষা আৰু অতীতৰ
অভি:তাই মানুহৰ বৰ্তমান জীৱনটোক নিয়ন্ত্ৰণ কৰে৷ জ্যোতিপ্ৰসাদ শইকীয়াৰ ‘অমিয়া পেহীৰ
কথা’ গল্পত এই দিশ স্পষ্ট৷ অমিয়া পেহীয়ে নিজৰ ব্যক্তিগত ইচ্ছা কেতিয়াও মুকলিকৈ
প্ৰকাশ নকৰে৷ পৰিয়ালৰ বাবে কৰা ত্যাগ আৰু দায়িত্ববোধেই অমিয়া পেহীৰ জীৱনক আৱৰি
ৰাখে৷ কিন্তু তেওঁৰ নীৰৱতা, একাকীত্ব আৰু অন্তৰ্দহেন অৱচেতন মনৰ
গভীৰ যন্ত্ৰণাৰ পৰিচয় দিয়ে৷ একেদৰে ‘ডায়েবেটিছ’ গল্পতো চৰিত্ৰৰ মানসিক উদ্বেগ,
ভয়
আৰু অপ্ৰকাশিত চাপ শাৰীৰিক ৰোগৰ লগত ওতপ্ৰোতভাৱে জড়িত৷ ইয়াত ৰোগ কেৱল শাৰীৰিক
নহয়– ই দমন কৰা মানসিক উদ্বেগৰো প্ৰতীক৷
৩.০২ ব্যক্তিত্ব আৰু Archetype
কাৰ্ল
য়ুঙৰ মতে মানুহৰ মনত কিছুমান চিৰন্তন মানসিক ৰূপ বা Archetype বাস
কৰে৷ এই ৰূপসমূহে ব্যক্তিৰ আচৰণ আৰু সমাজৰ সৈতে তেওঁৰ সম্পৰ্ক নিৰ্ধাৰণ কৰে৷
জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পৰ বহু চৰিত্ৰ এই দিশৰ প্ৰতিনিধি৷ অমিয়া পেহীৰ কথাৰ অমিয়া
পেহী কেৱল এগৰাকী নাৰী নহয়– তেওঁ ত্যাগী মাতৃসুলভ নাৰীৰ এক সামূহিক প্ৰতিমূৰ্তি৷
‘হৃদয়ত সেউজীয়া ঘৰ’ৰ চৰিত্ৰসমূহ আশ্ৰয়, মমতা আৰু মানসিক নিৰাপত্তাৰ সন্ধান কৰা
আধুনিক মানুহৰ প্ৰতীক৷ ‘অমানুহৰ পৃথিৱী’ গল্পত মানুহৰ অন্তৰত লুকাই থকা মানৱীয়তা
আৰু অমানৱীয়তাৰ দ্বন্দ্বও এক প্ৰকাৰৰ Archetype-ধৰ্মী ৰূপত
প্ৰকাশ পাইছে৷
৩.০৩ বিচ্ছিন্নতাবোধ
মনোবিদ
এৰিক ফ্ৰমৰ মতে আধুনিক সমাজত মানুহ নিজৰ পৰা, পৰিয়ালৰ পৰা আৰু
সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰে৷ এই বিচ্ছিন্নতাই মানসিক নিঃসংগতা সৃষ্টি কৰে৷ এই
অনুভূতি ‘হৃদয়ত সেউজীয়া ঘৰ’ গল্পত গভীৰভাৱে প্ৰকাশ পাইছে৷ চৰিত্ৰসমূহে নিজাকৈ এখন
ঘৰ বিচাৰে৷ কিন্তু সেই ঘৰ কেৱল শিল-বালি-ইটা-চিমেণ্টৰ নহয়– ই মানসিক আশ্ৰয়ৰ
প্ৰতীক৷ ‘ফৰ লাষ্ট শ্লিপিং’ গল্পতো মানুহৰ নিঃসংগতা আৰু সম্পৰ্কৰ দূৰত্ব স্পষ্ট৷
মানুহে ইজনে সিজনৰ ওচৰত থাকিও মানসিকভাৱে বহুদূৰ আঁতৰি যায়৷ ‘অন্য আলাপ’ গল্পত
কথোপকথনৰ অভাৱ আৰু মানসিক দূৰত্বই আধুনিক জীৱনৰ বিচ্ছিন্নতাক অধিক তীব্ৰতৰ কৰি
তুলিছে৷
৩.০৪ পৰিচয়ৰ সংকট
মনোবিদ
এৰিক এৰিকচনৰ মতে মানুহে জীৱনৰ প্ৰতিটো স্তৰত নিজৰ পৰিচয় বিচাৰি ফুৰে৷ বহু সময়ত
সমাজৰ আশা আৰু ব্যক্তিগত আকাংক্ষাৰ সংঘাতত পৰিচয়ৰ সংকটৰ সৃষ্টি হয়৷ ‘অন্য আলাপ’
গল্পত চৰিত্ৰসমূহে নিজৰ জীৱনৰ অৰ্থ বিচাৰি ফুৰিছে৷ কিন্তু তেওঁলোকে নিজৰ অনুভৱ
স্পষ্টভাৱে প্ৰকাশ কৰিব পৰা নাই৷ ‘ডায়েবেটিছ’ গল্পৰ মধ্যবিত্ত চৰিত্ৰই সামাজিক
মৰ্যাদা আৰু বাস্তৱ জীৱনৰ সীমাবদ্ধতাৰ মাজত নিজৰ পৰিচয় ৰক্ষা কৰিবলৈ সংগ্ৰাম
কৰিছে৷ ‘অমিয়া পেহীৰ কথা’ গল্পত নাৰীৰ ব্যক্তিগত সত্তা পাৰিবাৰিক দায়িত্বৰ তলত
চেপা খাই সোমাই পৰিছে৷ এই সকলো চৰিত্ৰই নিজৰ প্ৰকৃত সত্তাৰ সন্ধানত নিৰৱে জীৱন
অতিবাহিত কৰিছে৷
৩.০৫ মানসিক আঘাত আৰn অস্তিতগত উদ্বেগ
মানসিক
আঘাত বা Trauma ই মানুহৰ জীৱনত ব্যাপক প্ৰভাৱ পেলায়৷ বহু আঘাত
বাহ্যিকভাৱে ধৰা নপৰে৷ কিন্তু সেইবোৰ স্মৃতিৰ ৰূপত মানুহৰ মনত সজীৱ হৈ থাকে৷
আনহাতে Existential Anxiety হৈছে জীৱনৰ অৰ্থ, নিঃসংগতা,
মৃত্যু
আৰু অপূৰ্ণতাক লৈ সৃষ্টি হোৱা গভীৰ উদ্বেগ৷ ‘অমানুহৰ পৃথিৱী’ গল্পত মানুহৰ
মূল্যবোধৰ সংকট আৰু মানৱীয় সম্পৰ্কৰ অৱক্ষয়ে অস্তিত্বগত উদ্বেগৰ সৃষ্টি কৰে৷ ‘ফৰ
লাষ্ট শ্লিপিং’ গল্পত সময়, মৃত্যু আৰু জীৱনৰ ক্ষণস্থায়িত্বৰ
অনুভূতিয়ে চৰিত্ৰসমূহক গভীৰ আত্মবিশ্লেষণৰ ফালে লৈ যায়৷ ‘পানীৰ তলৰ শিল’ গল্পত
বেদনা আৰু অতীতৰ অভি:তাই চৰিত্ৰসমূহৰ মানসিক জীৱনক নিয়ন্ত্ৰণ কৰে৷ তেওঁলোকে অতীতৰ
পৰা মুক্ত হ’ব বিচাৰে, কিন্তু স্মৃতিৰ বন্ধনৰ পৰা ওলাই আহিব নোৱাৰে৷
৩.০৬ নেৰেটিভ নিৰ্মাণ
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পৰ অন্যতম বৈশিষ্ট্য হৈছে তেখেতৰ সংযত আৰু বাস্তৱধৰ্মী নেৰিটিভ
নিৰ্মাণ৷ তেখেতে গল্পৰ কাহিনীক কৃত্ৰিম নাটকীয়তাৰে আগুৱাই নিয়া নাই৷ জীৱনৰ
স্বাভাৱিক গতিয়েই গল্পসমূহক গঢ়ি তুলিছে৷ সামান্য ঘটনাৰ মাজেৰেই তেখেতে বৃহত্তৰ
জীৱন-সত্য উদঙাই দিছে৷ তেখেতে নেৰেটিভ নিৰ্মাণত অতীত আৰু বৰ্তমানৰ মাজত স্বাভাৱিক
যাতায়াত সৃষ্টি কৰিছে৷ স্মৃতিয়ে বহু সময়ত বৰ্তমানক ব্যাখ্যা কৰে৷ ফলত কাহিনী কেৱল
ঘটনাৰ বৰ্ণনা হৈ নাথাকে– জীৱনৰ গভীৰ অনুভৱৰ দলিলত পৰিণত হয়৷
তেখেতৰ
গল্পৰ সমাপ্তিও সাধাৰণতে উন্মুক্ত৷ গল্পকাৰ হিচাপে পাঠকৰ বাবে সকলো উত্তৰ দি থৈ
নাযায়৷ কিছুমান প্ৰশ্ন ইচ্ছাকৃতভাৱে অপূৰ্ণকৈ ৰাখিছে৷ এই অপূৰ্ণতাই পাঠকক চিন্তা
কৰিবলৈ বাধ্য কৰে৷ গল্প শেষ হোৱাৰ পিছতো তাৰ অনুৰণন মনত দীঘলীয়া সময় ধৰি জীয়াই
থাকে৷ তেখেতৰ নেৰিটিভ নিৰ্মাণৰ ভাষা তেনেই সহজ, সংযত আৰু ব্য?নাময়৷
সাহিত্যিক অলংকাৰতকৈ অনুভৱৰ গভীৰতাক তেখেতে অধিক গুৰুত্ব দিছে৷ সেইবাবে তেখেতৰ
গল্প পঢ়োঁতে ভাষাতকৈ জীৱনকহে অধিক অনুভৱ কৰা যায়৷
৩.০৭
প্ৰতীকধৰ্মিতা
জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পত প্ৰতীকৰ ব্যৱহাৰ অতি সংযত, কিন্তু গভীৰভাৱে অৰ্থৱহ৷ তেখেতে গল্পত
কেতিয়াও জোৰকৈ প্ৰতীক সৃষ্টি কৰা নাই৷ দৈনন্দিন জীৱনৰ সাধাৰণ বস্তু, পৰিৱেশ
অথবা ঘটনাকেই গভীৰ জীৱন-অৰ্থৰ বাহক কৰি তুলিছে৷ ‘ডায়েবেটিছ’ গল্পত ৰোগক শাৰীৰিক
ব্যাধিতকৈও আধুনিক মধ্যবিত্ত জীৱনৰ উদ্বেগ, মানসিক চাপ আৰু
সামাজিক অনি(য়তাৰ প্ৰতীক ৰূপত উপস্থাপন কৰিছে৷ শৰীৰৰ অসুস্থতাৰ আঁৰত মানসিক
ক্লান্তিৰ ইতিহাস লুকাই থাকে৷ ‘হৃদয়ত সেউজীয়া ঘৰ’ গল্পত ‘‘সেউজীয়া ঘৰ’’ কেৱল এটা
বাসগৃহ নহয়৷ ই মানসিক আশ্ৰয়, নিৰাপত্তা, স্নেহ আৰু হেৰাই
যোৱা আপোনত্বৰ প্ৰতীক৷ মানুহে ঘৰ বিচাৰে, কিন্তু আচলতে বিচাৰে এখন শান্ত হৃদয়৷
‘পানীৰ তলৰ শিল’ গল্পত শিল অদৃশ্য বাস্তৱতাৰ প্ৰতীক৷ ওপৰৰ পানী শান্ত যেন লাগে৷
কিন্তু তলত লুকাই থাকে বিপদ৷ ঠিক তেনেদৰে মানুহৰ জীৱনৰ স্বাভাৱিকতাৰ আঁৰত বহু
অব্যক্ত যন্ত্ৰণা, বৈষম্য আৰু সংকট লুকাই থাকে৷ ‘অমানুহৰ পৃথিৱী’
গল্পত ‘‘অমানুহ’’ শব্দটোৱে কেৱল নিষ্ঠুৰ মানুহক বুজোৱা নাই৷ ই মানৱীয় মূল্যবোধ
হেৰুৱাই পেলোৱা এখন সমাজৰ প্ৰতীক৷ বাহ্যিকভাৱে মানুহ থাকিলেও অন্তৰত মানৱতা ক্ৰমে
ক্ষয়িষ্ণু হৈ পৰাৰ সত্য ইয়াত প্ৰকাশ পাইছে৷ তেখেতৰ গল্পত নীৰৱতাও এক শক্তিশালী
প্ৰতীক৷ বহু সময়ত চৰিত্ৰই যি নকয়, সেই কথাই অধিক তাৎপৰ্য বহন কৰে৷
অব্যক্ত অনুভূতি, অসম্পূৰ্ণতা আৰু দীঘলীয়া নীৰৱতাই চৰিত্ৰৰ
অন্তৰ্জগত মুকলি কৰি দিয়ে৷
মূলতঃ জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পৰ প্ৰতীকধৰ্মিতা কেতিয়াও কৃত্ৰিম নহয়৷ ই জীৱনৰ বাস্তৱ অভি:তাৰ পৰাই জন্ম লয়৷ সেইবাবেই তেখেতৰ প্ৰতীকসমূহ জটিল নহয়, অথচ গভীৰ৷ পাঠকৰ মনত ই একাধিক স্তৰৰ অৰ্থৰ দুৱাৰ মুকলি কৰি দিয়ে৷
সামৰণি :
সাহিত্যৰ
প্ৰকৃত শক্তি কেৱল জীৱনৰ প্ৰতিচ্ছবি অংকনত নহয়, বৰঞ্চ পাঠকক
নিজৰ সমাজ আৰু নিজৰ অস্তিত্বক নতুনকৈ চাবলৈ উদ্বুদ্ধ কৰাতহে নিহিত থাকে৷ সেই
দৃষ্টিৰে চালে জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পসমূহে এক গভীৰ চিন্তাৰ পৰিসৰ সৃষ্টি
কৰিছে৷ তেখেতৰ গল্পত বাহ্যিক ঘটনাৰ তুলনাত মানুহৰ অভ্যন্তৰীণ অভি:তা, নীৰৱ
যন্ত্ৰণা আৰু সম্পৰ্কৰ সূক্ষ্ম পৰিৱৰ্তনে অধিক গুৰুত্ব লাভ কৰিছে৷ এই বৈশিষ্ট্যই
তেখেতৰ গল্পক ক্ষণস্থায়ী সামাজিক দলিলৰ সীমা অতিক্ৰম কৰি এক চিৰন্তন মানৱীয়
অভি:তাৰ শিল্পৰূপত প্ৰতিষ্ঠা কৰিছে৷
এই
অধ্যয়নে স্পষ্ট কৰে যে জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্পসমূহ একমাত্ৰ কোনো এটা
সমালোচনামূলক দৃষ্টিভংগীৰে ব্যাখ্যা কৰিব নোৱাৰি৷ সমাজ, ইতিহাস, সংস্কৃতি,
মনস্তত্ত্ব
আৰু ব্যক্তি-অভি:তা– এই সকলো উপাদানৰ সমন্বয়ত তেখেতৰ গল্পজগত গঢ় লৈ উঠিছে৷ সেয়েহে
তেখেতৰ গল্পসমূহৰ গভীৰতা উপলব্ধি কৰিবলৈ বহুমাত্ৰিক পাঠৰ প্ৰয়োজন৷ এনে অধ্যয়নে
কেৱল তেখেতৰ সাহিত্য-অৱদানক অধিক সুস্পষ্ট কৰি তোলাই নহয়, সমসাময়িক অসমীয়া
চুটিগল্পৰ গতি-প্ৰকৃতি, মূল্যবোধৰ ৰূপান্তৰ আৰু মানৱ-জীৱনৰ জটিল
বাস্তৱতাকো নতুন দৃষ্টিৰে অনুধাৱন কৰাৰ সুযোগ প্ৰদান কৰিব৷ এই কাৰণেই জ্যোতিপ্ৰসাদ
শইকীয়াৰ গল্পসমূহ ভৱিষ্যতেও সাহিত্য-গৱেষণা আৰু সমালোচনাৰ ক্ষেত্ৰত এক
গুৰুত্বপূৰ্ণ আলোচ্য বিষয় হৈ থাকিব৷
ফোন : ৭০০২৯-৬৬১৯৯
