অন্যযুগ/


অনুকম্পা


মূল (ইং.) :  পল লৰেঞ্চ ডানবাৰ (Paul  Laurence   Dunber)-ৰ Sympathy 

অনুবাদ   :  ড° ৰঞ্জিত দত্ত


সজাত বন্দী চৰাইজনীয়ে

কি  অনুভৱ কৰে

সেয়া মই জানো,

যেতিয়া 

পাহাৰৰ হেলনীয়াখিনিত

সূৰ্যৰ প্ৰখৰতা

অধিক তীব্ৰতৰ হয়,

যেতিয়া বতাহজাকে জোকাৰি যায়

বসন্তৰ সেউজীয়া ঘাঁহনিডৰা

আৰু 

নৈখন বৈ যায়

এখন আইনা সদৃশ এটি নিজৰাৰ দৰে,

যেতিয়া 

চৰাইবোৰে প্ৰথম  গীত গায় 

আৰু এপাহ ফুলৰ

প্ৰথম কলিটো ফুটে,

সেই পাহিটিৰ

ম্লান হৈ পৰা সুগন্ধিখিনি

নিগৰি নিগৰি সৰে,

মই জানো

সজাত বন্দী চৰাইটোৱে

কি নো অনুভৱ কৰে!


মই জানো

সজাত বন্দী চৰাইটোৱে

কিয়নো ডেউকা কোবায়,

যেতিয়ালৈকে  সজাটোৰ কাঠি

তেজেৰে ৰাঙলী  নহয়।

সিটো এদিন যাবই লাগিব উৰি,

ওখ গছৰ ডালটোত  জোৰেৰে খামুচি

সি হালিব জালিব,

তেতিয়াই উক  দিব

 সেই পুৰণি বিষটোৱে,

সজীৱ হ'ব আকৌ সেই ঘাডোখৰ

বুকুত বেদনাৰ ঢৌ তুলি,

মইতো  জানো

 সজাত বন্দী চৰাইজনীয়ে

কিয়নো ডেউকা কোবায়!


মই জানো

সজাত বন্দী চৰাইজনীয়ে

গীত  কিয় গায় !

তাইৰ ডেউকা যেতিয়া

আঘাতপ্ৰাপ্ত হয় আৰু

ভৰি  পৰে হিয়াখন অসংখ্য  ঘাৰে,

মুকলি হোৱাৰ আশাৰে

আঘাত যেতিয়া কৰে সজাৰ কাঁঠীবোৰত

সেয়াতো নহয় তাইৰ

কোনো সংকীৰ্তন জীৱনৰ,

নহয় কোনো কিৰিলি

অপৰিসীম  উল্লাসৰ,

হয়তো ই এক প্ৰাৰ্থনা

হৃদয়ৰ নিভৃত  কোণৰ

কিম্বা এটি অজুহাত সৰগীয় লৱণু প্ৰেমৰ ,

মই জানো

সজাত বন্দী চৰাইজনীয়ে

গীত গায়  কিয়নো

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ